পোৰণি Poem April 2026

 জয়ন্ত দত্ত

দেহা : অসমশ্ৰী জিনা

পেছা : অভিযন্তা

সোঁহাতৰ যিমান অৰ্জন

বাওঁহাতৰ তাৰ কুৰি গুণ

বিশেষজ্ঞৰ পৰামৰ্শত খোৱা

শোৱা…

দৈনিক তিনিঘণ্টাকৈ কছৰৎ

সঁচাকৈয়ে ষাঠিৰ বাট এটাৰে গৈ থকা দত্তদা

যেন চল্লিছৰ বাটত

দুজনী ছোৱালী আৰু পত্নী 

ফুল যেন দেহা

হাত মেলিলেই চুব পাৰে দিগন্ত 

চাওঁ বুলিলেই অনন্তলৈকে চাব পাৰে

ইফালে বকুল

মূৰ তুলি যায়

কাৰো ওচৰত খাতিৰ নাই

কামতো নাই ফাং ফুং..

তিনিঘৰত ভাত ৰান্ধে

গিৰীয়েকেও দুহাতেৰে আঁজুৰি গোটায়

ল’ৰা-ছোৱালী হালকে ঈংৰাজী স্কুলত

পঢ়ায়…

আৰু পৰহি দত্তদাৰ পত্নীৰ 

লাওপাত কচুপাত মুখৰ তীক্ষ্ণতাই তাইক

কলিজালৈকে কাটে

আৰু তাই জুইৰ ওপৰতে এৰে আখলৰ কেৰাহি 

বাটতো লগৰ তিনিজনীমানক

পিন্ধাই থৈ আহে…

এতিয়া দত্তদাৰ পৰিয়ালৰ পেটত পোৰণি

ঘৰৰ বাহিৰে ভিতৰে ফাগুনৰ অগাইধনি

***

ঠিকনা : 

দগাঁও নলনিখাত

ডাক : গৰখীয়াদ’ল

যোৰহাট ১৫

ফোন :  ৯৩৬৫৪৫৭৭৫১