কুশল
দত্ত
আহাৰ–শাওণে জাগল পাতিছে
আটাইবোৰ সেউজীয়া কজলা হৈ তিতি আছে শোকত
ঘাঁহ বন জোপোহা লতাবোৰ তিতি আছে শোকত
পুনি মেটেকা ভেঁট পদুমবোৰ তিতি আছে শোকত
কলমৌ কেঁহেৰু চেঁচুৰ শেলুকবোৰ
তিতি আছে শোকত
ইকৰা খাগৰি উলূ বৰতাবোৰ তিতি আছে শোকত
পাটীদৈ তৰাপাত কৌপাত কলপাতবোৰ তিতি আছে শোকত
বাঁহ বেত শাল শলখ মজ পূজাৰ আঁহত আজাৰ আটাইবোৰ
হোলোং ওদাল শিমলু মদাৰ উৰি–আম হিজল আটাইবোৰ
আৰু
আটাইৰে বেজাৰত চকুপানীৰ বৰষুণত
আয়ুসৰ চাউল গণি গণি ঘৰৰ মূধচত
চৌকাৰ জুইত উতলা পানীৰ দৰে উতলি
অনন্ত কালৰ অপেক্ষাৰে মই মাথোঁ ৰৈ আছোঁ
এখন নাৱৰ বাবে
কাইলৈও যদি পানী নকমে
নাহৰণি টিলা ডুবি গাভিনী গঁড়জনী উটি যাব
বন দেৱতাৰ সখী জলকুঁৱৰীৰ ঘৰলে’
গঁড়জনীৰ দৰেই দুখত কজলা হৈ
অলপ দূৰৈৰ আন এটা ঘৰৰ মূধচৰপৰা
ভাহি আহিছে এফাকি অকলশৰীয়া ঘোষা
তাতোকৈও দূৰৈৰপৰা শুনি কি নুশুনি পানী ভেদি
বতাহ ভেদি আকাশ ভেদি তিনিজাঁই গুলী—
বিকট–বিবৰ্ণ–মৰ্মান্তিক…
***
২৫-০৭-২৫