দাদুল ভূঞা
ধৰ্মৰ অঁৰিয়াঅঁৰিত উদং হোৱা
সভ্যতাৰ উলম্ব আকূতিত জাহ যাবলৈ ধৰা ঘোঁৰা এটাক
সিদিনা মিছাকৈয়ে পিন্ধাইছিল স্বাধীনতাৰ লেকাম
অস্তাবলত হিঁ-হিঁয়নি তুলি ঘোঁৰাটোৱে চিঞৰিলেও
নিমাতে টোপনি গৈছিল ৰজা
চন্তৰীয়ে জাগি থকা মানুহৰ বিপক্ষে অপৰাধনামা লিখি
হুকুমলৈ বাট চাই ৰৈছিল— পোতাশালত |
হয় বন্দিত্ব
নহয় বলিশালত
মূৰ সুমুৱাই গাবলৈ দিছিল— স্বাধীনতাৰ জয়গান
নিমাতে, নিজানত বহি চাই থকা কবিয়ে ভাবিছে
কবিতাটোৰ শিৰোনাম দিওঁনো কি ?
স্বাধীনতা
নে
সহস্ৰ শতিকাৰ পৰাধীনতা !
***
ফোন-৮৬৩৮৭১১৯৭৯