আশাবাদী সমীকৰণ Poem February 2026

অঞ্জুমণি ভৰালী

এখন “নাম্মা য়াত্ৰি” অট’লৈ অপেক্ষা
এডাল ধূলিৰে ঢাক খোৱা বগেনভেলিয়া
একাপ ফিল্টাৰ কফি.. গৰম
…
যিমান দূৰলৈ চাব পাৰি
গোটেই বাটতো লানি পাতি থকা গাড়ীবোৰ
ৰৈ থকাৰ বিচিত্ৰতা..বিভিন্নতা
মোৰ পদাৰ্থ বিজ্ঞানৰ অংকবোৰলৈ মনত পৰিছে
KE = ½mv²
আৰু ফ্ৰিকচন
আমি যে ইয়াত ৰৈ থাকিও গৈ আছোঁ আচলতে
হিচাপ কৰাঁচোন স্থিতি শক্তি ..গতি শক্তি
এবাৰ তোমাৰ
এবাৰ মোৰ
এবাৰ আমাৰ
সমীকৰণবোৰ সহজ আৰু জীৱনতো
সহজ যেন লগাটো নাই !
…
মনত আছেনে পঢ়িছিলো “পলায়ন বেগ”
কিমান বেগেৰে গুছি গলে আমি
আকৰ্ষণৰপৰা মুক্ত হৈ পৰিম !
মানুহৰ আকৰ্ষণ
পৃথিৱীৰ মধ্যাকৰ্ষণ
…
সকলোৰে কেন্দ্ৰবিন্দু থাকে
প্ৰায় সকলোৰে
তুমি কি ভাবাঁ…
…
কফিকাপ শেষ হ’ল
অ’টখন যে আহিব পাৰিব
তাৰ আশাও প্ৰায় নোহোৱা হ’ল
…
শুনা, এইবাৰ মোক লগ পাবলৈ
এই অনিশ্চিত বাটেৰে নাহিবা
সুনিশ্চিতহৈ আহিবা..
আৰু লগপোৱাৰ পিছত
মোৰ ডায়েৰিত..তোমাৰ কলমেৰে
আমি কেন্দ্ৰবিন্দু আৰু কক্ষপথৰ
এটা নতুন সমীকৰণ প্ৰমাণ কৰিবলৈ চেষ্টা কৰিম
আশাবাদী ..

***
ঠিকনা : বাংগালোৰ, কৰ্ণা’ক