যশোৱন্ত নিপুণ



যিমান মনোৰম হ’লেও

জংঘলখনে আমাক ভুলাব পৰা নাছিল,

সেয়েহে তাৰ ভাঁজে ভাঁজে লুকাই থকা

নিৰ্মমতাবোৰৰ পৰা আমি পলাই আহিছিলোঁ ৷

আমি বুদ্ধিমান আছিলোঁ,

হয়তো ঈশ্ৱৰে সেইটো বিচৰা নাছিল ৷





কিন্তু আমি যদিও জংঘলখন

ক’ৰবাত এৰি থৈ অহা বুলি ভাবিছিলোঁ,

জংঘলখন আমাৰ লগে লগেই আহিছিল

আমাৰ কংক্ৰিটৰ ঘৰবোৰলৈ আৰু 

আকাশ আৰু মহাশূন্যলৈ হাত মেলি দিছিল ৷





এদিন আমি জংঘলখনত আছিলোঁ

এতিয়া জংঘলখন আমাৰ মাজত আছে,

তৃণভোজী আৰু মাংসভোজী জন্তুবোৰ

আৰু গছবোৰ কংক্ৰিটত গজি উঠিছে ৷