দিগন্ত শইকীয়া

 

টোপনি আহিছিল চিলমিল

তেনেকৈয়ে পাৰ হলো
সুদীৰ্ঘ সেঁতু

 

কম্পিত খিৰিকিৰ উচ্চতাৰে নৈ ছবি

অচিন চীনৰ বৈৰী বতাহ

বঞ্চিত বিৰল লহমা ক্ষণ স্বৰ্গত
ডুবি

 

ময়েই প্রথম নে?

 

শতিকা সিপাৰৰ শিল সময়ত

নামহীন দেহাবোৰৰ বিকাৰ কি!

নে টোপনিৰ আইনাত জিলিকি উঠিছিল

মটিয়া মুখবোৰৰ সিপাৰৰ জুই!

নিৰ্বাক নিস্পন্দন স্বপ্নহীন
হাড়মাটি তেজপানী বিকাশ বিকাৰ

নীড়হাৰা দিশহাৰা বাস্তহাৰা
মানুহৰ নি
ৰ্বাণ

শংকাহীন ভীতিহীন হেৰুৱাবলেএকো নাই চোন!

 

(
খোজা কথাটো হ
ল –

টোপনিও এক উত্তম মাধ্যম কলা
পতাকাৰ বাবে)