জয়ন্ত দত্ত


সেইদিনা বাপেক পুতেকৰ খকাখুন্দাখনত

গধুৰ হৈ পৰিছিল দুপৰীয়াটোৰ বুকু…

 

আমি বাপেকৰ ফালৰ
পৰা চাই  বাপেকক শুদ্ধ দেখিছিলোঁ আৰু 

পুতেকৰ ফালৰ পৰা  পুতেকক

 

এদিন হাতৰ চাকিটো আন এজনক দি

আন্ধাৰে – মুন্ধাৰে আহোঁতে উজুটিত ছিগা বুঢাআঙুলিটো দেখি 

বাপেকে হেৰুৱাই পেলাইছিল বিশ্বাস নামৰ ৰদঘাই চোতালখন

 

নিজৰ পানীখোৱা পুখুৰীটো চেঙালুটি পাৰি থকা দুজনী মাছক দি
সাতটা খৰালি পিয়াহত

থকা কথাটো মানুহটোৱে পাহৰিব পৰা নাছিল..

 

সেইদিনা পুতেকে ঢুকি নোপোৱা ওখত কৰ্কৰীয়া মাৰি থকা ভোল
এটাৰ পেটত চিপ টানি থকা জীৱ এমুঠিক জীয়ন দিবলৈ গৈ 
ৰঙা-ৰাঙলী কৰি আনিছিল বুকু…

 

যিটো বাটেৰে আহি আহি এইখিনি পাইছিলহি সেই একেটা বাটততে
পুতেকে ভৰি দিয়া দেখি পিলাই চমকি গৈছিল মানুহটোৰ…

 

খঙৰ ভমকত পুতেকক কৈছিল

ওখ হৈ ল ওখ হৈ ল তাৰ পাছত ছাঁ দিবি...”

 

পুতেকে মুখতে কৈছিল ওখ গছৰ ছাঁ নাথাকে

 

                               

ঠিকনা :                                  

দ গাঁও নলনি
খাত

ডাক : গৰখীয়া দল 

যোৰহাট ৭৮৫০১৫

ভ্ৰাম্যভাষ :৯৩৬৫৪৫৭৭৫১