নৃত্যৰতা পৃথিৱীৰ কবিলৈ

জোনমণি দাস

 

দুপৰীয়াটোৰ ডেউকা গজিলত

মই পানীৰ পোছাকযোৰ খুলি থলোঁ

আৰু আৱাহনী মন্ত্ৰৰে বোধন কৰিলোঁ

বসন্তক

 

শিলবোৰ নৈ হৈ বৈ গ

পখিলাৰ পাখিত ৰঙা হৈ ৰৈ গল ৰ

 

মই গানত গা ধোৱা গছবোৰলৈ চালোঁ

আৰু দৃষ্টিক দৃষ্টান্ত দি বুজিলোঁ

গছবোৰে গান গাব নোৱাৰে

অথচ গছে গজাই তুলিব পাৰে

কোনেও নোগোৱা অনেক গান।

 

পানীৰ পোছাকযোৰ মই আকৌ পিন্ধি ললোঁ,

ডেউকা গজা দুপৰীয়াটোৱে

মোক দেখুৱাই দিলে

নৈ হৈ বৈ যোৱা

শিলবোৰত

বসন্ত

ৰৈ-ৰমলী

 

দূৰৈত

ঢলি পৰা আকাশ।