দ্বীপৰাজ

 

ইটাৰঙী মাটিত গিলিপ খোৱা এটুকুৰা শিলত বহি থকা

ধোঁৱাবৰণীয়া বৰ্ণ এটা

তপস্যাৰ ফচিলত আঁক এটা ভাজ হৈ মোচোৰা খাই

আছে কাণ।৷ ঢেঁকীয়া ফুল হৈ থকা হাঁকোটাডালে বতাহক

|

 

– এইটো ক!

 

মাটিফুলৰ গোন্ধ লাগি থকা পাহাৰটোৰ সিপাৰে

ধেনুভেৰীয়া নৈ খনত

 

গাৰ চেঙেলীয়া গোন্ধটো পমি

মাছৰ ফুলত লাগি ৰৈছিল উশাহৰ আখৰ ৷

মাতিছিলনে তেতিয়া ৰৈ ৰৈ ভাঙি যোৱা মাতৰ ফুকলীয়া

পখীটোৱে? কি এক এন্ধাৰ ৰাতি হাফপেণ্টৰ জেপত

সোমাইছিলহি জোনাকী পৰুৱা এটা!

 

কাগজৰ কলাত মুনিক বিচাৰি ফুৰোঁতে
অলপ

আগতে প্ৰেয়সীক এইখিনি কৈ আছিলোঁ

আন্ধাৰ-মুন্ধাৰ ঘৰটোত পৰক বুলিয়েই পোহৰ

কবিতা মাতি আছিলোঁ। বাঢ়ক বুলিয়েই মৰম গোলাপী

জামুত বিচাৰি আছিলো – ওলমি থকা লাজ

 

উশাহত থকা শব্দবোৰত এই যেন সুমথিৰা সুগন্ধি!

 

আজি বতৰ গোমা- আহাঁ কবিতা পঢ়োঁ

আইক মনত পেলাই নদীৰ গৰাত বহি চাম তিলফুল ৷

 

ভ্ৰাম্যভাষ : ৮৬৩৮১৪৭৫১৮