প্ৰদীপ শইকীয়া
কোনযোৰ চচমা সঁচা ৷ ক্লাছিক পতনুৱা ৷ কোনবোৰ মিছা
চিধা-চকুৱা আমি মুলুং মানুহ ৷
অনেক যুদ্ধ দেখিলি অনেক যুঁজাৰু ৷
দ্ৰোহী বিপ্লৱী ৷ তিৰাশীৰ গাওঁ-ভূঁই ৷ পিক-ৰঙা নৈ
ওৱা
আঁঠু কঢ়ায় কাণ মলে ৷ ছাতৰে কিলায় !
‘চৰিত্ৰ-পাঠ’ৰ দ্ৰোণক বান্ধি থয় ঢোপ-উঠা ৰ’দত ৷
হালোৱায়ো ক’ব নোৱাৰে গৰুক গৰু বুলি ৷ এছাৰিক এছাৰি
মাত মাতিলেই বয়কট ৷ মিউনিষ্ট ৷
অপৰত ডবা বাজে ৷ দলনিত চকা বহে ৷ খকমকাই সাৰপালে গিৰিপ-গাৰাপ, চামৰাৰ খোজ ৷
চাইকেলত খবৰ আহে ৷ শোকে খুন্দা মাৰে ৷ পাৰ ভাগে ৷
হিচাপটো কিমান ! আমিযে সাজিছিলোঁ অগণ্য বেদী ৷ চিমেণ্টৰ অগ্নিশিখা ৷ ওখকৈ চাকি ৷
দিনবোৰ ডাৱৰীয়া ৷ জোঁৰ-সমদল ৷ শ্লোগান বহু মাইল ৷ পেট্ৰ’মাস্কৰ পোহৰত আন্ধাৰ প্ৰহৰ ৷
চৈধ্যজনী বগাসাজ-গাভৰু ৷ একেলগে দোকমোকালিতে ৷ ধেমালি কথা !!
সমজুৱাকৈ শৰাধ সেৱা ৷ মাউখে মানুহ ৷
কিমান গণিবা সৰিয়হ এডলা ৷ সেৰে সেৰে পৰুৱা ৷
গেন্ধাই-গোলাপ ৰাষ্ট্ৰীয়-পথ ৷ ঢোল খোল গামোচা ৷
গায়নে-বায়নে আদৰৰ পুতাই ৷ ন গছৰ সুমথিৰা ৷
ওৰ পৰিল কাহিনী ৷ কদমত বিজয়-বাহিনী ৷
থিয়-জাঁপ হাততালি ৷ টিকা চপৰিয়াই হাঁহি ৷ হুইচেল ৷
আৰু আমাৰ বিস্ময়কৰ সন্তুষ্টি ৷
সিংহ মাৰ্কা কাগজ ৷ কম আঁকিলিনে চকুলোৰ ছবি !
পাছলৈ বেপৰোৱা ট্ৰেডমাৰ্ক- থুঁতৰিৰ ডাঢ়ি
কোনযোৰ চছমা সঁচা ৷ প্লাষ্টিক প্লাষ্টাৰ ৷ কোনযোৰ মিছা
চিধা-চকুৱা ঐ হেবাং মানুহ
আৰুযে ইছোৱা ! দেৱালে দেৱালে তাপ ৷ প্ৰচণ্ড-সূৰ্য ৷
গোঁগোঁৱাই ধুমুহী-চকা ৷ চেধা এৰি চুইংগাম ৷ পেট্ৰল ধোঁৱা ৷
ইষ্টকো নমনা কাতিৰ কলাখাৰ ৷ ই কেনে সত্যৰ শিমলু-বীজ ৷
সাত ঠাইত গজা ৷
আও
পুৱা দেখা মানুহটো সন্ধ্যা নাই ৷ পাটীৰ ডেকাটো পুৱালৈ নাই ৷
জালোৱায়ো নোৱাৰে ক’ব, ঘাটটোক গঁৰা বুলি
ইকৰাতলত, আধাপোতা মানুহ এটা, ভৰিদুখন নাচি থকা
এদিন চুইংগামো দুফাল ৷ গাখীৰ ফাটিল ৷
সাঁজ লাগিলেই সৈনিক, সাজ-সৈনিক নে দেশপ্ৰেমিক !
গচকৰ কেঞাবন গঞা ৷ জাৰে-জহে পেঁপুৱা ৷
একেখন কাঁহীতে খোৱা, একেজনী মাককে মাই বুলি মতা
ইটোৱে সিটোক আলাসতে চালনি-ফুটা কৰা, কপাল ফুটুৱা
কি বিচিত্ৰ বিদ্ৰোহ ! হায় দাইল-ভাত ! লেংটা পিশাচী হাত ৷
কেতকলি চিৰিকটি হঠাতে ধকধকী হোৱা
বহু নাটকৰ চং, মেজিক ভাওনা তুমিও দেখিছা
ৰাজহাঁহক কাউৰীয়ে খোঁটে ৷ মৰা-নখে আঙুলিক হাঁহে ৷
ভাৱৰীয়া ওলায় ৷ চাওঁ ৷ ভৰিত ধৰোঁ ৷ গোৰ মাৰে ৷ চুমা খাওঁ ৷
ওপঙা বেঙে জঁপিয়ায় ৷ খৰ মাৰে ৷ আমি বোলোঁ বৰালি
বেলবুং চকুত চূণ ৷ জখলাত সৌটো কোন ৷ জ্যামিতিৰো বহুকোণ !
কাণ উনা কলা-কাই ৷ শুকান বিল ৷ জানত আকৌ উজান ৷
খেও এটা মাৰি আঁহো
ওলা ৷
…
: ওঁহো ৷