সেই জোতা দুপাট

কিশোৰ মনজিৎ বৰা






ধোঁৱাৰ মাজতো কিবা এটা


নদী নদী ভাব আছিল


খিৰিকীৰ আকাশত দুলিছিল


চকু দুটি


সৰিয়হ ফুলৰ পৰাগধানী


তেওঁ জোতা দুপাট মোলৈ এৰি থৈ গৈছিল


পাহৰণিৰ সেই জোতা
  দুপাটকে লৈ
মই গোটেই জীৱন হেমন্তৰ গধূলিবোৰক বসন্তলৈ অনুবাদ কৰি থাকিলোঁ

নীৰৱ হাতত ৰাজা ৰবি বাৰ্মাৰ পোহৰচাকি এটা ঢাকি
সেই ছাঁঘন নাৰীমূৰ্তি

আৰু মই মৰাৰ পাছত
মোৰ ঘৰৰ দেৱালত
মোৰ ফটোৰ সলনি ওলমি থাকিল
সেই জোতা দুপাট