আমাক ঈশ্বৰ লাগেনে নালাগে!

 

ৰৌচন আলি 

ভগা দলঙত ওলমি থকা 

কংক্ৰীটৰ দৰেই

ঈশ্বৰৰ সন্ধানত ঘূৰি ফুৰিছে এজাক মানুহ

ঈশ্বৰৰ ঘৰত ঈশ্বৰ নাই

ঈশ্বৰৰ য’ত ঘৰ নাই

তাতেই নিশ্চল হৈ পৰি আছে ঈশ্বৰ 

এদিন আমিয়েই আমাৰ উত্তৰসুৰীক সুধিছিলোঁ- 

আমাক ঈশ্বৰ লাগেনে নালাগে !

সিহঁতে ক’লে-

গছবোৰ যেতিয়া 

কিতাপ হ’ব

বতাহজাক কলম

আৰু

আকাশত উৰি-ফুৰা চৰাইবোৰ আখৰ হ’ব

তেতিয়া হেনো পৃথিৱীৰ

প্ৰতিজন মানুহেই হ’ব ঈশ্বৰ! 

ইয়াত এখন নদীৰ মৃত্যু হ’ল

মৃত্যু হ’ল এখন গাঁৱৰ

গাঁও আৰু নদীৰ কংকাল বিচাৰি 

য’তে-ত’তে

সন্ধানহীন হৈছে 

ঈশ্বৰ সন্ধানী মানুহ.. 

শিশুৰ মুখত প্ৰথম ভাত গৰাহ দিওঁতে

ঈশ্বৰ হেনো নীলা হয়

মৃতদেহৰ মুখত জুই একুৰা দিওঁতে

ঈশ্বৰ হেনো হয় 

উত্তপ্ত ৰঙা

ৰঙা আৰু নীলাৰ

তফাৎ বিচাৰি 

মানুহবোৰ

আহি আছে

অথবা

গৈ

আছে 

ঈশ্বৰৰ সন্ধানত 

এখন ঈশ্বৰহীন পৃথিৱীলৈ ।

মানুহবোৰ দিগভ্ৰান্ত পথিকৰ দৰেই 

ৰৈ আছে 

বৰ্ণ-বৈষম্যহীন এজন ঈশ্বৰৰ সন্ধানত

ঈশ্বৰ ক’ত..! 

উপাসনা গৃহত নে

পদপথত… 

চৌদিশে বাদ-বিবাদৰ 

উন্মাদ চকৰী ঘূৰিছে

ঈশ্বৰক লৈ টনা-আঁজোৰা চলিছে 

কোনোফালে জ্বলিছে 

কোনোফালে মৰিছে মানুহ 

সেয়ে 

আমাৰেই উত্তৰসুৰীক সুধিছোঁ-

আমাক ঈশ্বৰ লাগেনে নালাগে !

***

ঠিকনা :

সৰুপালেঙী গাঁও

ডাক- দিচাংঘাট (ৰজাবাৰী)

পিন- ৭৮৫৬৭২, শিৱসাগৰ (অসম)

দূৰভাষ- ৯১০১২১১২৩২

মেইল ঠিকনা- rowsonali465@gmail.com