ইউক্ৰেইনৰ এজন মৃত নাগৰিক যোদ্ধাৰ পকেটত উদ্ধাৰ হোৱা এটা টোকা

 

উৎপল বৰকটকী

 

জ্বলি থকা প্ৰতিকুৰা জুইৰ শেষ 

ছাই নহয়

জ্বলি জ্বলি শেষ নহয় সকলো জুই

সকলো জুইৰ অন্ত নাথাকে

 

পোহৰৰ বাবেও জুই লাগে 

সুখত জ্বলে জুই

শোকত জ্বলে জুই

 

এটা মিছাইল আহি টোপনিত লালকাল হৈ থকা

মোৰ ছালিহালক ৰাতিপুৱাৰ সূৰ্যটো চাবলৈ

সুযোগ নিদিলে

 

মিছাইলৰ জুই ফিৰিঙতি আহি

মোৰ বুকুৰ জুইকুৰা জ্বলাই দিলে

 

তেতিয়াৰে পৰা মোৰ বুকুত জুই জ্বলি আছে

একুৰা

অন্ত  নোখোজা জুই

ছাই  নোখোজা জুই 

 

***

ঠিকনা 

গাঁও– ৰঙামুৰীডাকপাভৈ– ৭৮৪১৭৪ 

জিলাবিশ্বনাথ (অসম)

ফোন: 81330-10063

ইমেইলborkatakiutpal@gmail.com