পেহেলগামৰ কবিতা

 =

বিজয়কৃষ্ণ দলে

 

দুখন দেশ

দুটা ধৰ্ম

বিভেদৰ এখন বৃহৎ দেৱাল

জম্মুকাশ্মীৰ।

তই হিন্দু! জুইপানী নিষেধ

তই মুছলমান! সাৱধান সাৱধান

 

ধৰ্মই দান কৰা দুখন দেশৰ দুটা দল

এফালে হিন্দু আনফালে মুছলমান

হিংসাবিদ্বেষ অৰিয়াঅৰি

স্বাধীনতা দেশপ্ৰেম পাবত গজা

চৰকাৰ নেতা কাঠফুলা

সন্ত্ৰাসবাদউগ্ৰবাদ ৰঘুমলা

 

কাহানিও শেষ নোহোৱা এই কাহিনী

কাহিনীৰ উৎস ৰাজনীতি

কাহিনীকাৰ ক্ষমতাৱান

পৰিচালক প্ৰযোজক স্বাধীনতা

দৰ্শক মানৱতা

কাহিনীৰ মাজে মাজে

গুলীয়াগুলী দৌৰাদৌৰি

চিঞৰবাখৰ তেজ মৃত্যু

নিতৌ জীয়া মাতবোৰে পাঠ কৰে সমাধিকবিতা।

ছহিদ প্ৰণামো তোমাক।

ছহিদ প্ৰণামো তোমাক।।