সুবাসত তোমাৰ উপস্থিতি poem-nitali-april-2026

নিতালী বি কোঁৱৰ

 

তুমি নাই !

তথাপিও তোমাৰেই উপস্থিতি,

মোৰ চহৰৰ প্ৰতিটো নীৰৱ কোণত।

আনবাৰৰ দৰে নাহৰ এইবাৰো ফুলিছে।

সেই একেই কোমল শুভ্ৰ পাহি আৰু সোণালী বুকু,

ঠিক তোমাৰ সেই  স্নিগ্ধ হাঁহি আৰু কুহুমবুলীয়া কলিজাটোৰ দৰেই
!!

মই তাৰে দুপাহ

বৰ 
যতনেৰে মোৰ টেবুলত সজাই থৈছোঁ,

যেনেকৈ তোমাক সজাই থৈছোঁ মোৰ হৃদয়ৰ সেউজীয়া
কোণত!

নাহৰৰ মিঠা গোন্ধটো

ঘূৰি ফুৰিছে  মোৰ এই কোঠাটোত।

আৰু ই যেন

মোৰ নিশ্বাসত মিহলি হৈ

কাণে কাণে কৈ আছে-

তুমি আঁতৰি যোৱা নাই!

নাই, নাই …..

তুমি নাই বুলি কোৱা যায়নে?

এই নাহৰ, এই সুবাস, এই গান, এই স্মৃতি
…..

সকলোতেইটো  ব্যাপ্ত তুমি !

গোৱানা আকৌ এবাৰ-

“নাহৰ ফুলাৰ বতৰ,

নাহৰ মোৰ মৰমৰ।

ঐ নাহৰ, ঐ নাহৰ, ঐ নাহৰ, আনিছনে বহাগৰে
খবৰ…”

 

(উৎসৰ্গা: জুবিনগাৰ্গ )