অনুভৱ
তুলসী

 

ৰন্ধন
গেছৰ চিলিণ্ডাৰৰ দামতকৈ

জোনলৈ
যোৱা বাছৰ ভাড়া কম

তথাপি
সকলো বাছ খালী

জোনত
ভোটকেন্দ্ৰ হেনো নাইকীয়া

ৰাজআলি
আছে গাঁত-টালিও আছে

টোলগেটৰ
সাধু শুনিবলৈ

গাড়ীবোৰে
ঢাপলি মেলিছে

 

তুমি
যাদুকৰ দৃশ্যমানকো কৰাঁ অদৃশ্য

মৌনতা
ফেৰী কৰি ফুৰাঁ

দাঁতে-ওঁঠে
অণ্ঠে-কণ্ঠে

সুৰা
কিনোতাই বেচোঁতাক কৰসেৱা কৰে

খাওঁতাৰ
মুখৰ গন্ধ তুমিয়েই জোখাঁ

আৰু জোখাঁ
জৰিমনাৰ পৰিমাণ

হাটে-বজাৰে
বেচা-কিনা বিনিময়

প্ৰাপ্তবয়স্ক
নিজকে পাৰি নেকি বেচিব

পানীকেঁচুৱা
কিনোতাৰহে হেতা-ওপৰা

 

এইফালে
কিবা এটা আহি থকা যেন লাগিছে

এক সমদল
হ’ব পাৰে শ্ল’গান মুখৰ

বাটৰ
বেণ্ডপাৰ্টিত ভঙা-পতাৰ বাজনা

চহৰৰ এইটো
বাটত শাওনৰ মেঘৰ ঘৰ

এইটো বাটত
পাইপৰ
  পানীহিলৈ প্ৰসৱ

এইটো বাটত
ওজা আৰু পালিৰ কনভয়

 

চন্তৰীৰ
গুলীত সিকি-আধলি ঢলি পৰে

পুৱাৰ
কাগজত গৰম-চেঁচা আখৈ উভৈনদী

আখৰ বাখৰ
নীৰৱ বাঙ্ময় বতাহৰ অতপালি

নেজ নথকা
এই পদ্যই পাৰ পায় যদি …