ড° মৃদুল শৰ্মা

কাকো স্পৰ্শ নকৰাকৈ মই ক’ত পাম ভোকৰ ভাত

আন্ধাৰ-পোহৰৰ নিৰ্জন গোপন গলিত কেনেকৈ বিচাৰিম

হতাশা পাহৰা ৰং

কোনেও স্পৰ্শ নকৰিলে মোৰ হাতলৈ কেনেকৈ আহিব

দুটা খমখমীয়া টকা

কেনেকৈ স্পৰ্শ নকৰাকৈ মোৰ ভিতৰলৈ সোমাই যাব

পৌৰুষ

কেনেকৈ মই ছ’চিয়েল ডিষ্টেঞ্চ অৱলম্বন কৰিম 

মোৰ সাময়িক প্ৰেমিকৰ সতে 

যি মোৰ মাজত ক্ষণিকলৈ হ’লেও

হেৰাই যাব খোজে

যাৰ মাধ্যমেদি মই অৱধাৰণ কৰিব খোজোঁ

মোৰ প্ৰিয়তমৰ সান্নিধ্য

যাক মই হেৰুৱালোঁ ইতিমধ্যেই…