পৰোপকাৰী টিটি

 নৱনীতা
ভট্টাচাৰ্য্য


টিটিৰ তুলনা তাৰ
প্ৰজাতিৰ আন কাৰোৰে লগত নহয়। সঁচাকৈয়ে সি বিশেষ। তাৰ কথা কৈ কৈ শেষ কৰিব নোৱাৰি।
তোমালোকে টিটিৰ প্ৰধান চখ কি জানাই। ভ্ৰম
ভ্ৰম আৰু ভ্ৰম। ইয়াতকৈ ডাঙৰ কথাটো হল সি অতি সহজতে আনক আপোন কৰি লব পাৰে।

সেইবাবে হয়তো
তাৰ বন্ধুৰ সংখ্যা বহুত আৰু সি নতুন নতুন ঠাইত বিনা দ্বিধাই ঘুৰি ফুৰিবও পাৰে।
অৱশ্যে এনেকৈও ক
ব পাৰা টিটিয়ে বিভিন্ন ঠাই ঘূৰি ফুৰা
বাবেই তাৰ বন্ধুৰ সংখ্যা অধিক। যিয়ে নহওক টিটি সদায় অ
ন্য।
আজি টিটিৰ তেনে এটা গুণৰ কথাকে কওঁ শুনা
 

এদিনৰ কথা। টিটি
তেতিয়া তেনেই ফুলকুমলীয়া। তাৰ গাত পাখি ভালদৰে গজাই নাই। খোজ পেলালেই ভৰি দুখন
থৰক-বৰক কৰে। কোনোমতে ভৰি দুখন চম্ভালি মাকৰ পিছে পিছে যাব পৰা হৈছে মাত্ৰ৷
চাৰিওফালৰ লগত চিনাকি হোৱাই নাই। বাহিৰৰ জগতৰ কথা কি ক
বা
তেতিয়া সি নিজৰ খাদ্যই ভালদৰে বিচাৰি খাব জনা হোৱা নাই
মাকৰ
পৰা প্ৰশিক্ষণ লৈ থকা সময়ৰে এদিনৰ কথা। সিদিনাখনো সি ৰাতিপুৱাই শুই উঠি মাকৰ পিছে
পিছে খাদ্যৰ সন্ধানত ওলাই গৈছিল। এইটো সিহঁতৰ নিত্য-নৈমিত্তিক কাম। ওচৰতে জাৱৰৰ দম
এটা দেখি মাকে কিবা খাবলৈ পাম বুলি ভাবি তাৰ ওচৰলৈ গৈ ঠোঁটটোৰে খুচৰিবলৈ ধৰিলে।
অকণ সময়ৰ পিছত মাকৰ নিৰ্দেশ মৰ্মে আন পোৱালিকেইটাৰ লগত টিটিও গৈ আহাৰ বিচাৰিবলৈ ধৰিলে। এনেতে সি দেখিলে যে এধানিমান কেঁচুপোৱালি এটাই তাক দেখি ভয়তে বিতত হৈ
উৱঁলি যোৱা পাত এখিলাৰ তলত লুকাবলৈ লৰালৰি লগাইছে। টিটিয়ে তাকে দেখি আনন্দ
পাই ঠোঁটটোৰে পাতখিলা দাঙি দিলে। একমাত্ৰ সাৰথি বুলি খামুচি ধৰা পাতখিলাও মুৰৰ
ওপৰৰ পৰা যোৱা দেখি কেঁচুটোৱে
ৰা-নৰা ছিঙি দৌৰিব ধৰিলে। এইবাৰ টিটিয়ে কেঁচুটোক ঠোঁটটোৰে দাঙি ধৰি সুধিলে, “হেৰা ইমান বেগাবেগিকৈ কলৈনো
যোৱা।

টিটিৰ মাতটো
শুনি কেঁচুটোৱে অলপ ৰৈ ভাবিলে
, “এইবাৰ লুকাই সাৰিব নোৱাৰিমতথাপি মৰাৰ আগতে আকৌ এবাৰ চেষ্টা কৰি চোৱা যাওক।লগে
সি অলপ সাহস গোটাই কাকুতি-মনতি কৰি ক
বলৈ ধৰিলে, “মোক নাখাবা! মোক নাখাবা!

কেঁচুটোৰ
কাকূতি-মিনতি শুনি টিটিয়ে তাক তলত নমাই থৈ ক
লে, “নাই! নাই! মই তোমাক খাবলৈ বিচৰা নাই নহয়। তোমাৰ অলপধতুৱা কলিজাটো দেখি অলপ ৰং
চাবলৈহে বিচাৰিছো।

টিটিৰ কথা শুনি কেঁচুটো
দাং খাই উঠি ক
লে, “ওৱা, দেখাত
সৰু হ
লেও মোক তুমি অলপধতুৱা বুলি পেংলাই নকৰিবা। মই কি কাম
কৰিব পাৰোঁ তাক তুমি নজনা বাবেহে তেনেকৈ কৈছা।

অকনমানি কেঁচুপোৱালিটোৰ মুখত ওফাইডাং মৰা কথা শুনি টিটিৰ অলপ হাঁহিও উঠিলতথাপি ঠোঁটৰ তলতে সকলো লুকুৱাই তাক সুধিলে, “বাৰু,
তুমি মোক প্ৰথমতে তোমাৰ চিনাকিটো দিয়াঁচোন?”

টিটিৰ কথা শুনি
তাৰ মুখলৈ পানী আহিল। সি গহীন সুৰত ক
লে,
মই এবিধ সৰীসৃপ প্ৰাণী
মানুহে মোক কেঁচু বুলি জানে
৷”

নামটো
শুনিবলৈ শুৱ
নি, পিছে তুমি কি কি কাম কৰিব পাৰা কোৱাঁচোন। ময়ো
অলপ জানি লওঁ৷

টিটিৰ কথা শুনি কেঁচুটোৱে দুগুণ উৎসাহেৰে কবলৈ ধৰিলে,
তুমি চাগে এটা কথা ভালদৰে জানা এই সমগ্ৰ জগতখনত খেতিয়ে হল একমাত্ৰ উপায়, যাৰ দ্বাৰা শস্য উৎপাদন কৰা হয়। এই খেতিৰ ফচলসমূহ খায়েই সকলো প্ৰাণী জীয়াই থাকে। পিছে
ফচল উৎপন্ন কৰাত কোনে সহায় কৰে জানানে নাই
?”

জানো!
জানো! মোৰ অভিজ্ঞতা কম যদিও এইবোৰ কথা ময়ো অলপ-চলপ জানে। পিছে তুমি আচল কথালৈ
আহাঁ। এনেয়ে কথা চোবাই নাথাকিবা।

টিটিৰ কথা শুনি
এইবাৰ কেঁচুটোৱে পাতনি সামৰি পোনে পোনে ক
লে, “খেতি-বাতি কৰাত আমি কৃষকসকলক সহায় কৰোঁ। সেইবাবে আমাক কৃষকৰ বন্ধু বুলি
কোৱা হয়।

এইবাৰ টিটিয়ে
কিছু খঙেৰে ক
লে, “হেৰা! ডাংকোপ মৰা কথা কৈ
নাথাকিবা। মোৰ অভিজ্ঞতা কম যদিও সেইখিনি জ্ঞান মোৰ আছে। চকু মেলাৰ দিনৰে পৰা মানুহৰ
কথা শুনি আহিছো। জীৱশ্ৰেষ্ঠ মানুহক আমি কি সহায় কৰিম। আকাশত চাং
পাতি লাভ নাই।

হেৰা
ভুল নুবুজিবা। দেখাত সৰু হ
লেও মোক তুমি দুৰ্বল বুলি
নাভাবিবা। আমি মাটিত
গাঁত কৰি বাস কৰোঁ
তদুপৰি জীপাল মাটি আমাৰ বৰ প্ৰিয়, যি মাটি খেতিৰ বাবে উপযুক্ত। আমিয়ে মাটিত ফুটা কৰি গছৰ শিপাবোৰক তললৈ
সোমাই যোৱাত সহায় কৰোঁ
টান মাটিবোৰ খান্দি তললৈ সোমাই গৈ
আমি কোমলাই তোলাই নহয় সেমেকায়ো তো
লোঁ, যাৰ ফলত শিপাবোৰ অতি
সহজে ভু-গৰ্ভৰ তললৈ সোমাই গৈ লাগতিয়াল পুষ্টি আহৰণ কৰিব পাৰে।
তদুপৰি আমি পঁচি যোৱা জৈৱিক পদাৰ্থবোৰ খাই তাক আকৌ কেঁচুমতা ৰূপে উলিয়াই দিওঁ। এই কেঁচুমতাবোৰ গছ-গছনিৰ বাবে উৎকৃষ্ট সাৰ।
এতিয়া তুমিয়ে কোৱাঁচোন আমি কৃষকৰ বন্ধু হয়নে নহয়
?”

কেঁচুটোৰ কথা
শুনি টিটিৰ চকু কপালত উঠিল। তাৰ মেলা মুখ মেলাই থকা দেখি কেঁচুটোৱে পু

বলৈ আৰম্ভ কৰিলে, “অকল সেয়াই নহয়, আমাৰ আৰু বহুতো বিশেষত্ব আছে। তাকে চমুকৈ
কওঁ শুনা-

আমি
কেঁচুবোৰ হ
লোঁ উভয়লিংগী প্ৰাণী৷ আমাৰ ছালে এবিধ স্নেহজাতীয় পদাৰ্থ নিঃৰণ কৰি মাটিত বগাই
যোৱাত সহায় কৰে। সেইবাবে আমি বগাই যাওঁতে চিন ৰাখি যাওঁ
আমাৰ
হা
ওঁফাওঁ জাতীয় কোনো অংগ নাই বাবে আমি
ছালেৰেই উশাহ-নিশাহ লওঁ। তোমালোকৰ দৰেই আমিও কণীৰ দ্বাৰা বংশ
বৃদ্ধি কৰোঁ। আৰু এটা কথা তোমালোকৰ দৰে প্ৰাণীবোৰে আমাৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া
হয়। কিয়নো তোমালোক কেঁচু খায়েই ডাঙৰ দীঘল হোৱাঁ অৰ্থাৎ তোমালোকৰ পুষ্টি সাধনতো
আমি সহায় কৰোঁ। এই পৃথিৱীখনত বিভিন্ন প্ৰকাৰৰ কেঁচু পোৱা যায়।

কেঁচুটোৰ কথা
শুনি টিটিয়ে কোমল সুৰেৰে ক
লে, “তোমাৰ গুণৰ
তুলনা নাই। কিন্তু দুখৰ কথা তোমালোকে নিজৰ জীৱ
টোক ৰক্ষা
কৰিব নোৱাৰাঁ। এতিয়াৰ পৰা আমি দুয়ো বন্ধু হ
লোঁলা তোমাক আন এঠাইত থৈ আহোঁ। নহলে এতিয়াই তুমি মোৰ পৰিয়ালৰ কোনোবা এজনৰ পেটত সোমাব লাগিব।

কথাষাৰ কৈ
টিটিয়ে কেঁচুটোক
ঠোঁটেৰে উঠাই লৈ গৈ আন এফালে লুকুৱাই থৈ আহিল, যাতে আনে তাক বিচাৰি নাপায়এতিয়াও, তোমালোকে টিটিক অকল ভ্ৰমপ্ৰিয় বুলিয়ে কবানে? তাৰ উপকাৰৰ কথা কেঁচুডালে যেনেদৰে পাহৰিব
নোৱাৰে
, ঠিক তেনেদৰে আমিও তাৰ পৰোপকাৰিতাৰ
শলাগ নোলোৱাকৈ নোৱাৰোঁ।

ভ্ৰাম্যভাষ : ৯৮৬৪২৩৩৩৫০