ৰ’জীৰ দু:খ সুখ (শিশুগল্প)

ভৰত ৰাজখোৱা

অংকন: বৰ্ণিল মহন্ত

জীৰ মনটো বেয়া৷ অকণো ভাল লগা নাই৷ কথাষাৰ
তাই সৰু ভাইটি
,
 নীলা, মণি, বৰমাক  আৰু বৰদেউতাকক কেইবাবাৰো কবলৈ চেষ্টা কৰিছে৷ কিন্তু
তেওঁলোকে তাইক অকণো বুজিবলৈ চেষ্টা কৰা নাই৷ বৰকৈ আমনি কৰি থকা বুলি তাইকহে ধমকি
দিছে৷

আজি দুপৰীয়া তাই ভাতেই নাখালে৷ নীলাই বহু চেষ্টা কৰিছিল তাইক
খুৱাবলৈ৷ কিন্তু তাই নাখাওঁ বুলি এবাৰ যি সিদ্ধান্ত ল
লে, তাৰ পৰা লৰচৰকে নকৰিলে৷

 জী খাচোন, দুটামান খা৷ এইডোখৰ মাছ দিছোঁ চা”— নীলাই ফুচুলাইছিল৷

কিন্তু ৰজী অলৰঅচৰ৷ তাই
নাখাওঁ বুলি ভাবিছে যেতিয়া নাখায়েই আৰু৷ তাই ভাতৰ ফালে নাচালেই৷

সৰু ভাইটিয়ে বিস্কুট দুটা লৈ তাইক মাতিছিল৷ এটা
সি নিজে খাইছিল৷ আনটো তাইক দিছিল৷ বিস্কুট দেখি যেনিবা তাই খালে৷ সৰু ভাইটিৰ বৰ
ফূৰ্তি লাগিল৷ তাই সৰু ভাইটিৰ লগত অলপ খেলিলেও৷

তাই আজি দিনটো আটাইৰে ওচৰে-পাঁজৰেই ফুৰিছে৷ কিন্তু কাৰো
কাষলৈ আগৰ দৰে অহা নাই৷ কথাটো
সৱে‍ই লক্ষ্য কৰিছে৷ বৰমাকে
বৰদেউতাকক কেইবাবাৰো কোৱাও শুনিছে তাই৷

এইজনীৰ কি হৈছে মন কৰিছানে? আঁতৰি আঁতৰি ফুৰিছে যে তাই৷

এৰা, এইজনীৰ খং উঠি থকা যেন লাগিছে৷”— বৰদেউতাকে কৈছিল৷

জীৰ সঁচাকৈয়ে খং উঠিছে৷ দেখিবলৈ মন নোযোৱা
লেতেৰাডালে তাইক ইবাৰ ঠেলিব
,
 সিবাৰ জোকাব, ভাল লাগে নেকি? সৰু ভাইটিৰ লগত তাৰ কি দোস্তি! আৰু নামটোও কেনেকুৱা! শুনি ভাল নলগা৷ কী’-এক্কেবাৰে ইংলিছ নাম৷ কোনজন জ্যোতিষীয়ে দিছিল জানো সেইটো নাম? ছিঃ! আমাৰ গাঁৱে-ভূঞে সেইটো নাম খাপ খায় জানো?

তাইৰ নামটোও ইংলিছ নাম৷ হলেও শুনি ইমান ভাল লাগে৷

সি এটা মস্ত গুণ্ডা৷

সি নীলাহঁতৰ ঘৰত থাকিবলৈ আহোঁতে ৰজীয়ে প্ৰথমে ভালেই পাইছিল, খেলিবলৈ লগ এটা পালে বুলি৷ সৰু ভাইটি, নীলা আৰু মণিয়ে তাইৰ লগত
খেলিয়েই থাকে বাৰু৷ তথাপি
,
 নিজৰ বুলিও কথা এটা আছে নহয়৷

সিহঁতকেইটা স্কুললৈ যোৱাৰ পাছত তাই বৰ অকলশৰীয়া
অনুভৱ কৰে৷ অকলে অকলে কিমাননো খেলিব৷ ডাঙৰ হ
লে তাইও বাৰু স্কুললৈ যাব৷ নীলাই নিম বুলি
কৈছেই৷

কিন্তু ই গুণ্ডাই প্ৰথম দিনাৰ পৰাই তাইৰ লগত
কাজিয়া আৰম্ভ কৰিলেই নহয়৷ ৰ
জীৰ প্লেটৰ পৰা থাপ মাৰি মাংস এডোখৰ লৈ গল৷ তাই আপত্তি কৰিলত সিহে আকৌ বেছিকৈ বকিলে৷ তাৰ মুখখন বৰ চোকা৷

সৰু ভাইটিয়ে আক তাকহে বেছি পাত্তা দিয়ে৷ দুইটাই জঁপিয়াই
জঁপিয়াই খেলি থকা দেখিলে তাইৰ ক
ৰবালৈ গুচি যাবলৈ মন যায়৷ ই আহিয়েই তাইৰ স্বাধীন জীৱনটোত
বহুত অশান্তিৰ সৃষ্টি কৰি দিলে৷ চালা
  হাৰামী!

গুণ্ডাই কেতিয়াবা তাইক জোৰেৰে মাৰি দিয়ে৷ তাই
কান্দিবও নোৱাৰে
, হাঁহিবও নোৱাৰে৷ তাইৰ সেই অৱস্থাটো সি খুউব
উপভোগ কৰে৷
 বৰদেউতাকৰ ওচৰত বহি
মিচিক-মাচাককৈ হাঁহি তাইৰ ফালে চাই থাকে৷ তেনেকুৱা সময়ত তাৰ মূৰটো চোবাই
 চোবাই খাবলৈ মন যায় তাইৰ৷

এইবোৰকে ভাবি ভাবি তাই কেতিয়া চোতাল পাৰ হৈ
পদূলি পালেগৈ গমকে নাপালে৷ সিহঁতৰ ঘৰৰ কাষৰে ৰাণুৰ বাপেকে কিহবালৈ মাৰি পঠিওৱা
ফৰ্মূটি এটা লাগিলহি নহয় তাইৰ মূৰত৷ তাই বৰ দুখ পালে৷ কপালখন ফাটিয়েই গ
ল নেকি? তাই
চিঞৰি চিঞৰি ঘৰ পালেহি৷ ফৰ্মূটি লগা ঠাইডোখৰ উখহি আহিল৷

গৈছিলি নহয় ওলাই৷ পালি এতিয়া
মজাটো
?”— বৰদেউতাকে আকৌ তাইকহে গালি পাৰিলে৷ তাইৰ চকুপানী
ওলাই আহিল৷

তাইৰ চিঞৰ শুনি গুণ্ডাটো ওলালহি৷ সি এতিয়া কম
লাজ দিবনে তাইক
? তাৰ মুখলৈ নাচাওঁ বুলি ৰজীয়ে চকু দুটা মুদি দিলে৷

কিন্তু তাইক আচৰিত কৰি গুণ্ডাটোৱে তাইৰ কাষতে
বহি লৈ তাইৰ দুখ পোৱা ঠাইডোখৰ শুঙি শুঙি বিচাৰি লৈ চেলেকিবলৈ ধৰিলে৷ তাইৰ ডিঙিয়েদি
নিজে গম নোপোৱাকৈয়ে
কুঁই কুইঁশব্দ এটা ওলাই আহিল৷

হেৰা, আমাৰ
কুকুৰপোৱালিহালে দোস্তি কৰিলে হে
চোৱাঁহি আহাঁ৷”— বৰদেউতাকে বৰমাকক কোৱা ৰজীৰ কাণত পৰিল৷ তাই চকু
দুটা জোৰকৈ মুদি দিলে৷ তাই চকু মেলিলেই কিজানি গুণ্ডাটো আঁতৰি যায়
, সেই ভয়ত৷


ঠিকনা : 

কদম, লখিমপুৰ 

ন : ৯৬৭৮১৭৩৭৯০