সমীৰণ হাজৰিকা

নদীখনত পানী বাঢ়িয়েই আছে৷ মেচিন নাওখনত মানুহবোৰে ইস্আস্ কৰি আছে৷ তাতে এজন লৰাই মানুহে বেছিকৈ ভয় খুৱাকৈ হোৱাই-নোহোৱাই কথা কিছুমান কৈ আছে৷ এইবাৰ শেষ, কোনো বাচি নাথাকোঁ, আমাৰ নাওখনো বুৰিব৷ মোৰ খং উঠিছে, তথাপি নিজকে নিয়ন্ত্ৰণ কৰি আছোঁ৷ 

ইমান নিগেটিভ মনৰ মানুহ থাকেনে? দেখিছেই নাওখনত সৰু লৰাছোৱালীৰ পৰা বুঢ়াবুঢ়ীলৈকে বিভিন্ন বয়সৰ মানুহ আহিছে, সকলোৰে মনত নিশ্চয় নিজা নিজা
ঘৰ-পৰিৱেশক লৈ চিন্তা। তথাপি সকলো বহি আছে৷ এনে পৰিস্থিতিত অলপ গঠন
মূলক
, সাহসী ভাবৰ কথাহে কব লাগে৷ বাঢ়নী পানীৰ কোব দেখি নাৱতে থকা সৰু লৰাছোৱালী দুটামানৰ কান্দোন
আৰম্ভ হৈছেই৷ সকলোৱেতো পৰিৱেশটো দেখিয়েই আছে
, গম পাইছে৷ পৰিস্থিতি দেখি সকলোৱে ইতিমধ্যেই
ভয়
সংশয়ত ভুগিছেই। তাতেই আকৌ এইজনে এইবোৰ কৈ আছে৷ 

মই নাওখনৰ চালৰ ওপৰলৈ গলোঁ৷ কিনকিনীয়া বৰষুণ পৰিয়ে আছে৷ পিছে, মোৰ একো অনুভৱেই হোৱা নাই৷ এঘণ্টামানৰ পাছত পাৰ
পালোঁহি৷ দাদা এজন আহিল আৰু মোক লৈ গ
ল৷ বাটত কাৰো মাতবোল নাই৷ 

দেউতাৰ শেষ সময়৷ মোক চাব বিচাৰিছে৷ মই যেনেকৈ
আছিলোঁ তেনেকৈয়ে গুচি আহিলোঁ৷ ঘৰখনত বিভিন্ন মানুহৰ অহা
যোৱা চলি আছে৷ দেউতা শুই আছে। কাষতে বহিলোঁ মই৷ মই আহিছোঁ
বুলি দাদায়েই দেউতাক ক
লে৷ দেউতাই যেন বহুত কষ্ট
কৰি চকু মেলিলে
, মোলৈ চালে আৰু আকৌ টোপনি গল৷ 

এইকেইদিন মই বহুত ছাটিফুটি কৰি আছিলোঁ৷ তো মন বহা নাছিলেই, ভয় লগা সপোন কিছুমানো দেখি আছিলোঁ৷ সেইবোৰ চাগৈ দেউতাৰ অসুখৰে ইঙ্গিত আছিল৷ দেউতাৰ কাণৰ
কাষত বাবা বুলি মাতিলোঁ মই৷ তেওঁ আকৌ অকণমান চকু মেলিলে
, মোক চালে৷ দেউতাৰ কাষত বেছি
সময় বহি থাকিব নোৱাৰিলোঁ
, মোৰ কি হৈছে, ঘৰখনত কি হবলৈ গৈ আছে মই যেন একোকে বুজিব পৰা নাই। শেষত ওলাই আহি নিজৰ
কোঠাত সোমালোঁহি৷
 

খিৰিকীখন খুলি দিলোঁ৷ চিনাকি‍ নদীখন যেন সাগৰ হৈ পৰিছে৷
সকলোতে পানী৷ ইপাৰ
সিপাৰ নাই৷ শৈশৱৰ কিছুমান
কথা মনত আহিল৷ বেতৰ কোবতেই পঢ়াৰ আদিপাঠ মোৰ৷ কেতিয়াবা কঁঠালপাতৰ চকৰী
, কেতিয়াবা কাগজৰ চিলা উৰুওৱাৰ দুৰন্ত হেঁপাহ৷
পিছে
, আইতাৰ সাধু শুনা নাই, মাৰ নিচুকণি গীতহে শুনিছিলোঁ৷ সেউজীয়া ঘাঁহনিত
শুই আকাশলৈ চাই ভাবিছিলোঁ
 সৌ চাপৰিটোৰ কাষতেই আকাশৰ সীমা শেষ৷ পিছে, চাপৰিটোৰ কাষলৈ যাওঁ, আকাশৰ সীমা দেখোন নাপাওঁহে নাপাওঁ৷ 

সেই দিনবোৰ ভাল আছিল৷ মাৰ চাদৰৰ আঁচলত ধৰি
সন্ধিয়া ধাননি পথাৰত চাকি দিবলৈ যাওঁ৷ কেতিয়াবা ঔটেঙাৰ বাকনি
, কেতিয়াবা মাটিচাকি৷ মোতকৈও ওখ হোৱা সেউজীয়া
ধাননি
, ধাননিৰ মাজত থকা চৰাইবোৰ, মোৰ শৈশৱৰ নিত্যসঙ্গী আছিল৷ কোঠাতে থকা দেউতাৰ
চাইকেলখনত চকু পৰিল৷
 

চাইকেলখনৰ চকা দুটা ফটাকানিৰে মচি, পাম্প আছেনে নাই চাই, স্কুললৈ ওলাই যায় তেখেত৷ চাইকেলখন বহুত আপোন
তেখেতৰ৷ নিজৰ ঘৰত মটৰ চাইকেল থ
কা অৱস্থাতো চলাবলৈ নিশিকি চাইকেলখন লৈ বজাৰস্কুললৈ যায়৷ সাধাৰণতে তেখেতে চাইকেলখন কাকো চুবলৈ নিদিয়ে৷
পিছে
, এদিন মই স্কুলৰ পৰা আহি একো নোখোৱাকৈয়ে মনে মনে
ভঁৰালৰ কাষতে ৰখা চাইকেলখন লৈ চলাবলৈ লওঁতেই পদূলিৰ সন্মুখত থকা কঁঠালজোপাত খুন্দা
মাৰি চাইকেলৰ চকা বেঁকা হ
ল আৰু মোৰ  আঁঠুৰ ছাল অলপ এৰাল৷ তেখেতে কথা কম কয়৷ তেখেত
ওলাই আহিল
, পিছে পিছে মা৷ চকুপানী আৰু আঁঠুৰ পৰা তেজ ওলাই
থকা মোক
, অলপ সময় চালে আৰু কলে— এয়া মাথোঁ আৰম্ভণিহে, বহুত আহিবলগীয়া আছে। ইমান সোনকালে কান্দিলে নহ! 

তেতিয়া পিছে মই কথাষাৰৰ অৰ্থ একো বুজিয়েই নাপালোঁ৷ মোৰ চকু কেৱল দেউতাৰ
পিছফালে থকা মাৰ হাতৰ বেতডালত আছিল৷
 

মাক হেৰুওৱা দুবছৰ   অলপ দিনৰ আগতে সপোনতে মাৰ লগত কথা পাতিছিলোঁ৷

সপোনতেই হৰিনামৰ ধ্বনি। আকাশবতাহ মুখৰিত৷ সত্রখন পাৰ হৈ যাওঁতে সত্রৰ সন্মুখতে কঠখনত
বহি থকা ভকতজনক দেখি মায়ে মোলৈ চাই ক
লে উত্তৰ পাৰৰ পৰা অহা মানুহজনে সেই হাবিখনলৈ
তৰোৱালখন দলিয়াই দি সত্রৰ পদূলিতে আঁঠু কাঢ়ি বহি আছিল৷ আতায়ে আহি তাতে শৰণ দিলে৷
আজিকালি তেখেতে শান্ত মৌন হৈ ধ্যানতে থাকে। অন
ৰতে। আত্মশুদ্ধিৰ বাবে৷ মাজে মাজে তেখেত
গাঁৱে
ভূঞে যায়, চাকি জ্বলায় শুভ্রতাৰ, বাণী বিলায় পোহৰৰ৷

তেতিয়া হলে আমি দেখা এই অৰণ্যই পোহৰৰ নামকীৰ্তন কৰে৷ মইতো এই অৰণ্য আন্ধাৰতে ডুবি থাকে বুলিয়েই ভাবিছিলোঁ৷  মই লোঁ

এই অৰণ্যই আন্ধাৰৰ গানটো গায়ে, পিছে আন্ধাৰেও পোহৰৰ কথাকে কয়৷ আন্ধাৰতেই ৰৈ
তৰালিৰ সাধুবোৰ
, কথাবোৰ হৃদয়স্পৰ্শী হয়৷ সেই হৰিণাটো দেখিছা
ফুটুকীয়া সাজযোৰ যে পিন্ধি তোমাৰ ফালে আহি আছে
, তাক চুই চোৱা, প্রকৃতিক অনুভৱ কৰা, প্রশান্তিৰ ঠিকনালৈ যোৱাৰ পথিক তেওঁ৷ মায়ে লে৷

পিছে, সান্নিধ্যৰ ইপাৰসিপাৰে মৰীচিকাৰ প্রলাপ৷ মই লোঁ৷

প্রলাপবোৰকতো তুমি চম্ভালিব পাৰিবাই৷ প্রকৃতিৰ
কোলাত সকলোৰে এটা শৃংখলা আছেই
, বুজি ললেই হল৷
ধূলিকণাই ৰামধেনু আঁকিব
, উলাহতে পখীটিয়ে বৰষুণত নাচিবহি৷ পখীৰ কাকলিৰ
মাজতে বুৰ গৈ থাকিব এই অৰণ্য৷
 মায়ে মিচিকীয়া হাঁহিটি মাৰি লে৷

তেন্তে এই অৰণ্য, সাগৰ অনন্য৷ মই মাৰ চকুলৈ চাই লোঁ৷

সপোনৰ কথোপকথনৰ মাজতেই মনলৈ আহিল মা বহুত সোনকালেই গলগৈ৷ মই মাত্র তেখেতক জ্বলোৱাৰ আগতে চেঁচা শৰীৰটোহে চুই চাইছিলোঁ৷

ফৰিং এটা জঁপিয়াই আহি মোৰ গাত পৰিলহি৷ দেখিলোঁ
মোৰ বাবে থোৱা চাহকাপ টেবুলতেই আছে৷ দেউতাৰ ওচৰত গ
লোঁ৷ তেতিয়া তেখেতৰ কোঠাত আন কোনো নাই৷ মোৰ আগৰ পৰাই দেউতাৰ সতে কথা কম পতা হয়৷ কিন্তু অলপ
দিনৰ আগতে ঘৰলৈ আহোঁতে আবেলি এটাত মোৰ লগত চোতালত বহি তেখেতে জীৱনৰ পাঠ দিছিল
,
বহু কথা কৈছিলত। সেই কথাবোৰৰ মাজত
 মই বহু দিনে বিচাৰি ফুৰা বহু প্রশ্নৰ উত্তৰ আছিল৷

মায়াৰ ইমান সৃষ্টি কিয়? কেতিয়াবা কথাৰে, গানেৰে, কবিতাৰে৷ এতিয়া পিছে, উচ্চ শিখৰত থকা কলিজাটোৰে উশাহ লোৱাত অসুবিধা৷
ভাবনাৰ দোলাত মৌনতা৷ কিছুমান ভুলৰ ব্যাখ্যা নাই৷ সময়ৰ সোঁতত সেয়াই শুদ্ধ৷ আৱেগৰ
ভৰত অকামিলা হোৱা সেই সময়ৰ অস্তিত্ব কি
? মই সুধিলোঁ৷

সাহসৰ দুৱাৰডলিতে পীৰা পাৰি বহা মনটোৱেহে ইয়াৰ
উত্তৰ দিব৷ আশী
ৰ্বাদৰ আয়ুস নাথাকে, ই শাশ্বত৷ ভুলৰ ব্যাখ্যা হৈ
যায়
, গভীৰ দৰ্শনত৷ দেউতাই লে৷

যাতনাৰ ইমান উন্মাদনা, অহংকাৰ কিয়? আকৌ সুধিলোঁ মই

যাতনা! কোনে কয় উন্মাদনা, ইতো উদ্যমৰ ক্ষেত্র৷ পোহৰেৰে আবৃত্ত, সৃষ্টিত সমাহিত, প্রেৰণাৰ উৎস৷ দেউতাই চিনাকি হাঁহিটোৰে উত্তৰ দিলে৷

তেন্তে, ধূলিৰে আবৃত দাপোণত নিজক
চোৱাৰ প্রয়োজন কি
? মই অলপ উত্তেজিত হৈ সুধিলোঁ৷

অভিজ্ঞতাপুষ্ট, জীৱনৰ প্ৰতিবিম্ব। কম কথা কোৱা মোৰ দেউতাই সহজ ভাষাতে উত্তৰ দিলে৷

আস্… তত্ত্বকথা, গধুৰ দৰ্শন৷ সেইদিনা কথাবোৰ শুনিয়েই কিবা এটা ভাল লাগি গৈছিল৷

মই এইবাৰ তেখেতৰ হাতখন চুই চালোঁ৷ গাঁৱৰে মানুহ
দুজন আহিল৷ এজনে ক
লে, সাগৰ, তোমাৰ পন্দৰ নামঘোষাৰ ঘোষা দুফাকি পাঠ কৰা৷ দেউতাই শোৱাৰ পৰাই হাতযোৰ কৰি
সেৱা জনাইছে৷
 অলপ সময়ৰ পাছত ঘোষা পাঠ কৰা দুজন গলগৈ৷

দেউতাক মই চাই আছোঁ৷ হাতখন বুকুত দি চালোঁ৷ হঠাৎ
উশাহটো নাইকিয়া হৈ গ
ল৷ মই দেউতা, দেউতা বুলি কেইবাবাৰো মাতিলোঁ৷ একো মাতবোল নাই৷

বাহিৰলৈ দৌৰ দিলোঁ৷  বাহিৰতে বহি থকা দাদাক কলোঁ দেউতাৰ কিবা হ? উশাহ লোৱা নাই৷ সকলো দৌৰি আহিল৷ দেউতাক চোতাললৈ
উলিয়ালে৷

চাৰিওফালে কান্দোনৰ ৰোল৷ মই পিছে নাকান্দিলোঁ৷
মাথোন নদীখনৰ ফালে চাই মনতে ভাবিলোঁ
 আমি নজনানুবুজাকৈ সাগৰসদৃশ নদীখনে সাগৰক বিচাৰি আহিছে৷ এতিয়া বিলীন হোৱাৰহে কথা৷

ঠিকনা

মাজুলী, পিন: ৭৮৫১০৪

ভ্ৰাম্যভাষ: ৮৩৯৯৮৯১৬৯৯