চ্যালুইনৰ পৰা লুইতলৈ

° চন্দ্ৰধৰ চমুৱা

(দহ)

বেলি
ওলোৱাৰ সময় হৈছে। কাঠৰ বেৰত উৰণীয়া সিংহ প্রতীকেৰে ৰাজকীয় কোঠালিটো। ডাঙৰ
খুঁটাবোৰৰ কাষে কাষে ওখ খুৰা লগা আসনবোৰ। সকলো সমান ওখ নহয়। প্রত্যেকখনতে
বিভিন্ন ৰঙৰ গুণা কৰা কাপোৰ পৰা আছে। নিশাৰ ভাগতে গা-পা-ধুই
, তেল-ফণি লৈ
মূৰ আঁচুৰি কাপোৰ-কানি পিন্ধি ছ্যু ওলাই আহি ইয়াতে থিয় হৈছেহি। কলাফুললৈকে পৰা
দীঘল আৰু গুণাকৰা চৌগা-চাপ্‌কন। পিঠিৰ পৰা দুয়ো কান্ধেদি আগফালে বোৱাই দিয়া
চাদৰ
, সৰু গাঁঠিৰ ওপৰত পৰাকৈ পট্‌লুং, কঁকালত
আগফালে সোণালী দহিৰে দুমূৰ ওলমি পৰাকৈ ফুলাম ৰঙচুৱা বচোৱাল চাদৰ
, মূৰত গামোচাৰ পাগ পখৰৌ, ডিঙিত সোণৰ হাৰ, কাণৰ লতিত লংকেৰু, হাতত বাখৰ খঁজা আঙঠি, ভৰিত পহু ছালৰ পয়জাৰ খিপ্‌তিন্‌‍৷ সোণালী শৈশৱ, কল্পনাৰ
কাৰেং সাজি দুঃসাহসিকতাৰ সপোনত উটি বুৰি থকা কৈশোৰ আৰু আজি ক্ৰমাৎ দুকুল টকা
বানৰ দৰে আহিব ধৰা যৌৱনেৰে জীৱনৰ উনৈশটা বছৰ পাৰ কৰা তাৰ মৰমৰ ৰাজকীয় ঘৰখন
,
চিৰপৰিচিত নগৰখন, জন্মভূমি মাও-লুঙ্‌ ৰাজ্য
এৰি সি যাবলৈ ওলাইছে পিতৃভূমি মঙ্‌-মিত্‌ কুপ ক্লিন-নয় ৰাজ্যলৈ। এফালে ওপজা মাটিৰ
মায়া
, আত্মীয়-স্বজনৰ মৰম আৰু আনফালে আছে নিজক প্রতিষ্ঠা
কৰাৰ বাবে নিজৰ ওপৰতে ন্যস্ত হোৱা দায়িত্বৰে পিতৃভূমিৰ আকর্ষণ। জীৱনত প্ৰথম বাৰৰ
বাবে সি আজি সন্মুখীন হৈছে এই প্রশ্নৰ- কাৰ আকর্ষণ বেছি শক্তিশালী
? বস্তু জগতৰ সন্ধানতে, প্রতিষ্ঠা লাভৰ দুৰ্বাৰ
আকাংক্ষাতে মানুহে ঘৰ এৰে
, দেশ-দেশান্তৰ ভ্ৰমণ কৰে। তথাপি
মায়াৰ এনাজৰিয়ে যেন ওপজা ঠাইখনলৈ সদায় টানি থাকে। আৰু তাকো নিশ্চয় টানি থাকিব।

ওলাই
অহা চকুলো কেইটোপাল সি চাদৰৰ আগেৰে মোহাৰিলে। এনেতে এনায়েক কোঠাটোলৈ সোমাই
আহিল। গাত পাটৰ ৰিহা-মেখেলা। কঁকাল আৰু ডিঙি ঢকাকৈ হাত দীঘল চাপ্‌কন। ডিঙিত
ঢোলবিৰিৰে এধাৰ ফুটিমণি
, কাণত সচৰাচৰ থকা নেজপতা, হাতত গামখাৰু। তেওঁ নগৰৰ বাহিৰলৈ নাতিয়েকক আগবঢ়াবলৈ ওলাইছে। ইতিমধ্যে,
তেওঁ কেইবা ঠাইতো বিচাৰি আহি এই কোঠাটোত তাক লগ পাইছেহি।

সোণ! তই আক
অকলে ইয়াত কি কৰিছ?” বৃদ্ধাই মাত লগালে।

ইমান দিন
লগতে থাকিলো। আজিৰ পৰা অকলে থাকিব লাগিব। গতিকে অভ্যাস নকৰিলে জানো হয় এনাইদেউ
!
সি কঠিন হাঁহি এটাৰে কলে, “আৰু কিবা এটা ভাবিবলৈ নিজান ঠাই অকণমানতো লাগে!

ৰজা
থাকোতে এই কোঠাটো জীৱন্ত হৈ আছিল
; বিদেশী অতিথি, ৰজা, বিষয়া, কটকী আদি আৰু
ৰাজ্যৰ মন্ত্রী
, ফু-কি-মুঙ বিষয়াসকলে ৰজাক এই কোঠা লগ
ধৰিছিল
, আৰু পামেউপুঙৰ জীয়েক নাং-য়েং-খাম-লেঙেও বিদেশী আৰু
স্বদেশী অতিথি সকলক আৰু মন্ত্রী বিষয়াক ইয়াতে সাক্ষাৎ দিছিল যেতিয়া তেওঁ ৰজাৰ
দায়িত্বত আছিল। এতিয়া কাৰেঙত ৰজা নাই
, অস্থায়ী ৰজাও নিজা
আবাসতে থাকে
, গতিকে এই কোঠাটো প্রায়ে ব্যৱহাৰ নহয় আৰু বন্ধ
কৰি ৰখা হয়। চাফ-চিকুন কৰা আৰু কোনো কোনো উপলক্ষত খোলা হয়। আজি কাম কৰা মানুহ
এজনীয়ে কোঠাটো সাৰিপুচি আসন আদি মোহাৰি কানিবোৰ জোকাৰি মেলি পাৰি থৈছে।
এনায়েকে ছ্যুক বিচাৰি ইয়াতে পাইছেহি আৰু সি কৈছে যে কিবা এটা ভাবিবলৈ অকলে ইয়াত
আছেহি।

কিনো ভাবিছ অ
সোণ? ভাবিবলৈ চিন্তিবলৈ এৰ।

নাই, তেনে একো ভবা নাই। মাথো ভাবিছো বিদায় পৰতনো তোমালোকক কি কৈ যাওঁ।
পুথাওদেউ তাই-পুঙ
, নিচাওদেউ পামেউপুঙ আৰু তোমালোকৰ মৰম
চেনেহৰ মাজত ডাঙৰ হ
লো। সৰুতেই মাই মোক তোমালোকক গতাই থৈ
ল। তথাপি আজিলৈকে তোমালোকে মোক মাতৃৰ অভাৱ অনুভৱ নকৰাকৈ
ৰাখিছিলা
, আৰু আজিৰ পৰা…সি ৰৈ গ, ডিঙিৰ ওচৰত সোপা মাৰি ধৰা যেন লাগিল।

সকলো
নেদেখাজনৰ ইচ্ছা অ
সোণ। মানুহে পাঙে তেওঁ ভাঙে। তোৰ
পুথাৱেৰে কি পাঙিছিল আৰু নিচাৱেৰে কি ভাবিছিল। এই কোঠাটোৱেই তাৰ সাক্ষী
, এই আসনবোৰেই যেন সেয়া কৈ আছে, বেলেগে আৰু কি কব লাগিছে। কিন্তু…এনায়েকৰ কথাখিনি সি শেষ কৰিবলৈ
নিদিলে
, তেওঁ কি কব খুজিছে? এইটো আৰু কব লগা কথানে? দুটাকৈ
সুন্দৰ নাতি পোৱাৰ
পাছত তেওঁ এতিয়া ছ্যুৱে‍ ৰাজ্য নোপোৱাৰ বাবে আক্ষেপ কৰা শুনিলে মানুহে কি বুলি ভাবিব? সি এনায়েকৰ উক্তিটোত এই বুলি বাধা দিলে— ‘‘নাই,
নাই, তেনেকৈ কিয় ক
খুজিছা
? মোৰ মনত কোনো দুখ নাই। বৰঞ্চ মই অতি আনন্দিত আৰু
সেই আনন্দৰ ওচৰত মাও-লুঙৰ ৰাজপাটৰ সুখ মোৰ বাবে তুচ্ছ। মই সুখী এইবাবেই যে
নিচাওদেৱে ৰাজ্যৰ প্ৰকৃত উত্তৰাধিকাৰী পুত্ৰৰ মুখ দেখি গৈছে আৰু
ময়ো এই ককাইদেউহঁতক লাভ কৰিলোঁ। মই তেওঁলোকৰ মঙ্গলৰ
বাবে ফ্রা-ত্ৰাৰ ওচৰত সদায় প্রার্থনা কৰিম। তুমি মোৰ বাবে দুখ নকৰিবা এনাইদেউ।

সি অকণো নোৰোৱাকৈ কথাখিনি কলে। বৃদ্ধাই দেখিলে তেওঁৰ নাতিয়েকে তেওঁতকৈ‍
ভালকৈহে বুজনি দিব জানে
; কিন্তু তেওঁ নিজকে নিজে যেন বুজনি
দিব পৰা নাই।

তই যেনেকৈ
কৈছ
, সেয়া বাৰু বুজিছোঁ; কিন্তু মই
যেন বহুত কথা সহজভাৱে ল
ব পৰা নাই! সেয়া মোৰ কি দোষ মই
নিজেই বুজি নাপাওঁ দেখোন।
তেওঁ কলে৷

ছ্যুৱে‍ ভালকৈ
জানে যে সি মাও-লুঙৰ ৰজা হ
ব নোৱৰাটো এনায়েকে কাহানিও
সহজভাৱে লোৱা নাই আৰু তেওঁৰ অ
ন্তৰত সি যেনে স্থান অধিকাৰ
কৰি আছে তেনে স্থান বাকী নাতিয়েকহঁতে দখল কৰিব পৰা নাই। ছ্যুৰ পক্ষে তেওঁ যিমান
স্বাভাৱিক সিহঁতৰ পক্ষে যেন সিমান যান্ত্রিক। সি আকৌ বুজনি দিলে
এনাইদেউ, তুমিয়েইতো
কৈছিলা একে শালত দুটা হাতী নাথাকে, একে চোঙত
দুটা বাঘ নাথাকে আৰু একে পাটত দুটা ৰজা নাথাকে!

‘‘কথাটো হয়।
আৰু এটা কথা। তোৰ দেউতাৰৰ ৰাজ্যত যদি তোৰ ভাগ অংশ নিজৰ ককায়েৰহঁতে গ্রাস কৰিব
খোজে তেতিয়া কি কৰিবি
?” তেওঁ কৈ গ,
জন্মৰে পৰা ইমান দিন আঁতৰত ডাঙৰ হোৱাৰ পাছত সিহঁতে কিজানি তোক
ভাই বুলি মৰম নকৰে।

একে মেহেঙ্গাতে
খাই ডাঙৰ হোৱা ককাই-
ভায়ো দেখোন একোটা সময়ত ইটোৱে সিটোক
দেখিব নোৱৰা হয়
, আৰু নেদেখা নুশুনাকৈ ডাঙৰ হোৱাবোৰেও
ইটোৱে সিটোক আঁকোৱালি লয়। অৱশ্যে মাটি-বাৰী
, ধন-সম্পত্তি
আৰু ৰাজ্যৰ ক্ষেত্ৰত কথাটো বেলেগ। এইবোৰে কেতিয়াবা মানুহক অন্ধ কৰি পেলোৱাটো
অসম্ভৱ নহয়। তথাপি মোৰ কোনো চিন্তা নাই এনাইদেউ। মই বেলেগ ঠাইলৈ যামগৈ
, কোনো ককাই-ভাইৰ লগত কাজিয়া নকৰোঁ। মোৰ দৃষ্টি
হয়তো পূবৰ পৰা পশ্চিমলৈ যাব। সৌৱা চোৱা
, পূবৰ বেলিটো কিমান
সুন্দৰ! আৰু ই সুন্দৰ হৈ পশ্চিমত মাৰ যাব। মই হয়তো বেলিৰ বাটেদি গৈ থাকিম। আচল
কথা মনৰ বলহে।

এনায়েকে
বুজিলে এই নাতিয়েকটোক আৰু বুজনিৰ কোনো দৰকাৰ নাই
, সি আনকহে বুজাব পৰা হৈছে।
তেওঁৰ মনত সন্তুষ্টি এইখিনিতে। মহুং পণ্ডিতৰ দ্বাৰা পেঞ-কা-কা
, পু-লান-চি শাস্ত্ৰৰ শিক্ষা, বিভিন্ন কামত পটু মানুহৰ
পৰা পোৱা নানা ব্যৱহাৰিক শিক্ষাৰে শিক্ষিত কৰি এই নাতি ল
ৰাটোক
যে আজি ঘৰৰ চাৰিবেৰৰ পৰা বিশাল জগতখনলৈ ৰণুৱা কৰি উলিয়াই দিব পৰা হ
, তাতকৈ আৰু মনত কি সুখ লাগিছে? সি আজি অনেক সম্বলেৰে চহকী। চোৰে ধন-সম্পত্তি নি মানুহক সর্বস্বান্ত কৰে,
ধুমুহাই ঘৰ ভাঙে, বিপ্লৱে পদবী নিয়ে, শত্ৰুৱে দেশ জিনি লয়, কিন্তু কোনেও কাঢ়ি নিব নোৱৰা
বস্তু এটাই আছে
, সেয়া বিদ্যা। বিদ্যা যাৰ আছে তাৰ বুদ্ধি
আছে
, বুদ্ধি যাৰ আছে তাৰ মৰণ নাই। ছান দেশত সি ঠাই নাপালে
তাৰ সাহস
, দৃঢ়তা আৰু বুদ্ধিৰ বলত পশ্চিমলৈ যাব। শান্তি দেশ
হয়তো ৱাইছালি দেশৰ ফালে
, হয়তো আন কৰবালৈ যত তাৰ খোপনি টান হব।

বেজীৰে
কাপোৰ সী
থাকোঁতে‍ সূতাত আউল লগাৰ দৰে
এনায়েক-নাতিয়েকৰ কথাৰ মাজতে আঁত হেৰাই যোৱাকৈ হুৰ-মূৰকৈ ছ্যু-খান সোমাই আহিল।
সিও ছ্যুক আগ বঢ়াবলৈ বুলি সাজি
কাচি ওলাইছে। পিন্ধনত দীঘল
চাপ্‌কন আৰু পট্‌
লুং, কঁকালত বচোৱাল, মূৰত
গামোচাৰ পাগ
, ডিঙিত মণি, ভৰিত জুনুকা
আৰু পহুৰ ছালৰ পয়জাৰ৷ তেনেই ৰজা-পোৱা
লি‍ৰ সাজপাৰ আৰু ঢং। তাৰ ফালে চাই বৃদ্ধাই ঈষৎ হাঁহিলে। ছ্যুক বিচাৰিয়ে সিও কোঠাটোত সোমাইছেহি।

বাইচাও,
মই অহাৰ লগে লগে তোমালোকে যে মনে মনে ৰলা!
সি কলে। বৃদ্ধা আৰু ছ্যুৱে‍ তাৰ কথা শুনি আহ-আবুলি
উচ্চাৰণ কৰি কাঠ-হাঁহি একোটা মাৰিলে। বৃদ্ধাই
মাথোঁলে যে এতিয়া কথাবোৰ কৈ আদায় হোৱাৰ কাৰণেই তেওঁলোক মনে মনে ৰৈছে,
তাৰ বাবে সি বেয়া পাব নালাগে। কিন্তু সি সিমানতে এৰি দিয়া ভকত
নহয়। ক
লে, “আচলতে কথা কৈ শেষ হোৱা
নাই
, এইকেইদিন মই কি দেখিছোঁ জানা?
মই ওচৰলৈ আহিলেই তোমালোকে তৎক্ষণাৎ মনে মনে থাকা। সেই গুণেহে মাহঁতে
কয়…।

মাহঁতে কি
কয় অ
সোণ?” বৃদ্ধাই তপৰাই প্রশ্ন
কৰিলে।

নকওঁ।
সি মুখ ওফোন্দালে। কোঠাৰ ভিতৰৰ আটাইতকৈ ডাঙৰ আৰু ওখ আসনখনত সি উঠি
বহিল। বৃদ্ধাই তাৰ ওচৰলৈ চাপৰ আসন এখন টানি নি কাষতে বহিলগৈ।

নকলে আকৌ কেনেকৈ জানিম? ক আক’, মাহঁতে
কি কয়।

অকল মাহঁতেই
কয়নে
? সৱে‍ই কয় বোলে তুমি ছ্যুক বেছিকৈ মৰম কৰা, মোক নকৰা, আৰু মোৰ ভাইটিকো নকৰা।

মই কমৰোঁগৈ‍! এইটো আৰু কথা হলনে?”
বৃদ্ধাই দীঘলীয়া সুৰত উচ্চাৰণ কৰিলে।

“সৱে‍ই কয়
বোলে পো-নাতিতকৈ জী-নাতিলৈ চেনেহ বেছি। আৰু মই হ
’লোঁ
তোমাৰ পো-নাতি…..

ককাইদেউ!
মোক বিদায় দিবৰ বেলিকা এইবোৰ কি কৈছা!
” ছ্যুৱে‍ অসন্তোষ
প্রকাশ কৰি মাত লগালে।

তেনে কথা নকবা অসোণ। তোমাক আওফাল কৰি মইতো এওঁক একো দিয়া
নাই!
বৃদ্ধায়ো অসন্তোষ প্রকাশ কৰিলে।

তুমি মিছা
কথা কৈছা বাইচাও।
ৰাটোৱে কলে।

বৃদ্ধাই
এইখিনিতে যেন অলপ দম ল
লে। আচলতে তেওঁ ছ্যুক গোপনে একো দিয়া
নাইনে
? মনতে তেওঁ নিজকে প্রশ্ন কৰিলে। ছ্যুৰ প্রতি তেওঁৰ মৰম
যে অধিক সেইটো সঁচা
, আৰু আজি তাক মনে মনে দিব খোজা বস্তুকেইপদৰ
কথা এই ল
ৰাটোৱে কেনেবাকৈ গম পাইছে নেকি বাৰু?

ককাইদেউ।
ছ্যুৱে‍ কঠিন হাঁহিৰে লৰাটোক সম্বোধন কৰি
কিছু ইতস্ততঃ কৰিলে আৰু তাৰ পাছত কৈ গ
, “শুনা, মইতো আজি গুচি যাম । ইয়াৰ পাছত এনাইদেৱে
সকলো মৰম তোমালোককেই দিব।

হয় নেকি?
কিন্তু মানুহে কয় বোলে দূৰণিত থকাজনলৈ সকলোৰে মৰম বেছি।

গতিকে ভাবিছোঁ যে মৰমৰ ভাগ মোলৈ বেছিকৈ দিলে তোমালৈ ঘূৰাই পঠাম। এতিয়া হবতো!” ছ্যুৱে‍ হাঁহি হাঁহি কলে।

ছ্যু-খানে
হাঁহিলে
, হয়তো এই ভাবি যে মৰম এটা বস্তুৰ টোপোলা নহয় যে তাক আনৰ হাতত ঘূৰাই
পঠাব পাৰি।
ছ্যুৱে‍ এই লৰাটোক জন্মৰ
পৰাই পাই আহিছে
, বুজি আহিছে। লৰাটো
কিছু ঈর্ষাপৰায়ণ
, সন্দেহশীল আৰু অহংকাৰীও। ওপৰঞ্চি মৰম
ঘূৰাই পঠোৱাৰ নিচিনা ৰগৰ কৰি কোৱা কথাও সি বুজি পায়
, তাৰ
বোধশক্তি আৰু ভাষাৰ স্পষ্টতাক
ছ্যুৱে‍ নশলাগি নোৱাৰে।
আনহাতে
, ই ডাঙৰ হলে ককাই-ভাইৰ লগত
কেনে সম্পর্ক ৰক্ষা কৰি চলিব সেই লৈ ছ্যু কিছু সন্দিহান নোহোৱাও নহয়।

‘‘ককাইদেউ!
মইতো এতিয়া বহুত দূৰলৈ যামগৈ! মোক কিবা এটা নোকোৱা জানো
?” কিছু সময়ৰ নীৰৱতাৰ মূৰত ছ্যুৱে‍ মাত লগালে। ছ্যু
বহুত দূৰলৈ যাবগৈ
, কথাটোৱে এইবাৰহে লৰাটোৰ
অন্তৰখন যেন ভালকৈ
চুই গল। তাৰ মনটো
যেন উকা উকা লাগি সেমেকি উঠিল।

তুমি আকৌ
কেতিয়া আহিবা
?” সি সুধিলে।

যিমান পাৰোঁ সোনকালে এবাৰ আহি যাম।” “তুমি নাহিলে বৰ বেয়া লাগিব
ভাই।

মাজে মাজে
নিশ্চয় আহি থাকিম। এনাইদেউ
, এপাওদেউহঁত আৰু তোমালোকৰ
মৰম-চেনেহে জানো মোক টানি নাথাকিব
?”

বৃদ্ধাই
উচুপি উচুপি ওলাই গ
ল। সেই উচুপনি যেন ছ্যু-খানৰ মাজলৈও
সংক্রমিত হ
, তাৰ কান্দো কান্দো কৰা
মুখখনত
ছ্যুৱে‍ হাত ফুৰাই দিলে।

ছিঃ! তুমি
কান্দিছা! তুমিতো ৰজা হ
ব লাগিব! আৰু ৰজাই কান্দে নেকি?”
ছ্যুৱে‍লে।

ওঁ ৰজা হম।সি যেন মনক এইবাৰ বুজাব পাৰিছে। তথাপি তুমি হলে আহি থাকিব লাগিব দেই।

নিশ্চয়!
আনকি বুঢ়া কালতো আহিম। কাৰণ বুঢ়ালোকে কয় মানুহ যিমানে বুঢ়া হয় সিমানে হেনো
নিজৰ বাল্যকালৰ কথা তেওঁলোকৰ মনত পৰে। মোৰো মনত পৰিব।
” ছ্যুৱে‍লে। মনতে আৰু কলে যে সি
মিছা কোৱা নাই
, বাল্যকাল সঁচাকৈয়ে অবিস্মৰণীয়। চেংচেত
কটোৱা তাৰ বাল্যকালৰ কথা জানো সি কাহানিবা পাহৰিব পাৰিব
? তাৰ
এই নাবালক ককায়েকটোৰ লগত সোণাময় দিনবোৰৰ কথা তাৰ আমৰণ মনত থাকিব। সি সৰু হৈ
থাকোঁতে‍ সমনীয়াৰ লগত উমলি-জামলি আৰু খেলা-ধূলা কৰি কটোৱা
সেই যে দিনবোৰ! চিন্তা নাই
, ভাবনা নাই, ৰাজপাটৰ সমস্যা আৰু বিষয় বাসনাই ঢুকি নোপোৱা দিনবোৰ! কিমান যে মোহময়,
কিমান যে সুন্দৰ! আজি সি পিতৃৰাজ্যলৈ ওলাইছে, তেনে
সুন্দৰ দিনবোৰ বিচাৰি নহয়
, কান্ধত দায়িত্বভাৰ তুলি লবৰ কাৰণেহে, সংসাৰ চলোৱা আৰু ৰাজ্য চলোৱাৰ
দায়িত্বভাৰ লৈ জীৱনৰ পৰীক্ষাত নিজক উত্তীর্ণ কৰাৰ অবিৰত সংগ্ৰামৰ বহল ক্ষেত্ৰখনলৈ
সি ওলাইছে।

ককাইদেউ!
চোৱাচোন
, মোৰ চকুলৈ চোৱাচোন।ছ্যু-খানৰ
থুঁতৰিটো দাঙি ধৰি সি নিজৰ মুখৰ ওচৰলৈ আনিলে। মনতে কলে কিমান সুন্দৰ, কিমান মৰম
লগা! তাৰ পাছত ফুটাই ক
লে, “তুমি ৰজা হবা, সৰু ককাইদেউ চা-লুঙ্
সেনাপতি হ
, পু-লান্‌-চিত তোমালোকৰ
নাম ম
’-মাই পণ্ডিতে লিখিব; ৰ পৰা আহিছা, কি কথা, কিয় বা
ইয়াত আছা সকলো লিখি থ
; শুনি কিমান
যে ভাল লাগিব! কিন্তু সাৱধান…

কি সাৱধান
ভাই
?”

পণ্ডিতে সঁচা
কথা লিখে। ভালটোও লিখে বেয়াটোও লিখে। বেয়াটো লিখিলে আক
তুমি
তেওঁলোকৰ ওপৰত খং নকৰিবা।
” ছ্যুৱে‍লে
আৰু বিদায়ৰ বিষাদগ্ৰস্ততাৰ মাজতেই হাঁহি এটা মাৰিলে। সি ছ্যু-খানৰ চকুযোৰলৈ চালে
,
কিমান যে মৰম লগা আজন্মৰ পৰিচিত এই চকুযোৰ! তথাপি এই চকুৰ গভীৰত কি
আছে সি নাজানে
, কিন্তু বাহিৰত কিমান সৰল, কিমান যে সুন্দৰ! জটিলতা আৰু অসুন্দৰতাৰ বীজ বয়সত লাহে লাহে অংকুৰিত হয়।
তেতিয়াতো এই নয়ন উপভোগ্য নহয়। মনৰ ভিতৰতে যেন
ছ্যুৱে‍
গুণগুণাই ক
লে ‘‘ছ্যু তই এতিয়াই উপভোগ কৰি ল এই সৰলতা, এই সুন্দৰতা,
ভাই-ককাইৰ এই মৰম; কাৰণ বহুতত দেখিছোঁ ভাই ভাই কেনেকৈ ৰাজ্য আৰু সাসম্পত্তিৰ কাৰণে ঠাই
ঠাই হৈছে।…
আমি কিন্তু সদায় ককাই-ভাই হৈ মিলাপ্ৰীতিৰে থাকিম।বান্ধ ভাঙি যাব খোজা ভাবখিনি সংযত
কৰি
ছ্যুৱে‍ মন্তব্য কৰিলে। ভাবিলে সি মনৰ আৱেগত এয়া কোৱা
নাই
, প্রত্যয় আৰু দৃঢ়তাৰেই সি কৈছে। সি নিজক বুজে, নীতিৰ ওপৰত তাৰ বিশ্বাস আছে, অনীতি সি কাহানিও
নকৰিব। ককাই
ভাইৰ লগত অনীতি কৰি মানুহে কাজিয়া কৰে নেকি?
তাতকৈ আঁতৰি গৈ সুকীয়া সংস্থাপন লোৱাই ভাল। দৰকাৰ হলে সি সেইটোকেই কৰিব।

ছ্যুৰ
কথাষাৰত ছ্যু-খানে
ওঁ বুলি শলাগিলে। তাৰ
পাছত ক
লে, “সদায় মিলাপ্ৰীতিৰে থাকিম।” ছ্যুৱে‍ এইবাৰ এক আত্মবিশ্বাসেৰে
কৈ উঠিল
মই পশ্চিমৰ ফালে যাত্রা কৰিম
আৰু নিজৰ ৰাজ্য শাসন কৰিমগৈ। যেতিয়ালৈকে আকাশ মাটি নহয়
, মাটি
পানী নহয়
, কাউৰী বগা নহয়, বৰ শিল
পানীত নোপঙে তেতিয়ালৈকে তোমাৰ প্ৰতি মোৰ স
দ্ভাব থাকিব।

মোৰ থাকিব।
ছ্যু-খানে কলে।

এনেতে
বৃদ্ধা সোমাই আহিল। ছ্যুক তেওঁ মাতিবলৈ আহিছে। ইতিমধ্যে ম
লুং পুৰোহিত
আহি উপস্থিত হৈছে। ডাম-লাকৰ ওচৰত চাকি-শলিতা লগোৱা চলিছে। লুক্‌লাও দি তাতে
ইষ্টদেৱতা লেংডন
, আই-লেংডিন, জান্‌ছই
হুং
, খাও খাম, লাংকুৰি, য়াছিংফা আদি দেৱ-দেৱীসকলৰ লগতে মহামৃতক পুলিন-পুথাওসকললৈ, যাত্ৰাৰ শুভ কামনাৰে, তুতি-মিনতি কৰা হব। যাত্ৰাৰ শুভাৰম্ভৰ পূর্ব মুহূর্ততই এটা অবিচ্ছেদ্য মাংগলিক অনুষ্ঠান। ছ্যুৱে‍ তাৰ কমবয়সীয়া ককায়েকটি থুঁতৰিটো এৰি কলে এতিয়া মই ভিতৰলৈ যাওঁ।
ৰং বয় বয়!

ৰং বয় বয়!
ৰাটোৱেও প্রতি-বিদায় জনালে। কিন্তু সি
ছ্যুৰ পাছে পাছেই গ
ল।

ইফালে
নগৰৰ ভিতৰ-দুৱাৰত ঘাঁহী
, মাউত আৰু ঘোঁৰা-চোৱাৰীয়ে হাতী-ঘোঁৰাবোৰ
সাজু কৰি ৰাখিছে। লগত যাব একুৰি পাইক। ৰজা ব্লক-খাম্-দেঙে এইবোৰ ব্যৱস্থা কৰাই
দিছে। ব্লক-খাম্-দেঙৰ বাবে নগৰত সুকীয়া প্রাসাদ আছে। ৰাজকাৰ্যৰ বাবে
, বিশেষকৈ মন্ত্রী-বিষয়াৰ লগত মেল আৰু প্রজাসাধাৰণৰ লগত বৰমেল বহিলে,
তেওঁ হোলোং ঘৰলৈ আহে, কিন্তু সৰহখিনি কাম
প্রাসাদ-গৃহৰ পৰাই পৰিচালনা কৰে। তেওঁ পূর্বৰ ৰজা পামেউ
পুঙৰ
পৰিয়াল তথা কাৰেংবাসী সকলোৰে লগত সুসম্পর্ক ৰাখি চলে।

কাৰেঙত
ৰান্ধনী আৰু যোগনিয়াৰসকলে ৰাতিয়েই উঠি ছ্যু আৰু তাৰ লগত যাবলগা মানুহৰ বাবে
খোৱা বস্তুৰ যোগাৰ কৰি থৈছিল। বাটত খাবলৈ টোপোলা ভাত
, ভজা গাহৰিৰ
মঙহ পাতত বান্ধি ৰাখিছিল। কাঁহী
, বাটি, ঘটী আদিও ধুইপখালি থৈছিল। গোটেইবোৰ বস্তুৰ দুটা
ডাঙৰ টোপোলা কৰি হাতীৰ পিঠিত তুলি দিয়া হ
ল। পু-লান্‌-চি,
পু-চন্‌-লান, লান্‌-খিন্‌-পু আদি অনেক
পুথি-পাঁজিৰে
, আৰু ছ্যুৰ কাপোৰ-কানি, বাচন-বৰ্তন,
অয়-অলংকাৰেৰে চাৰিটা পেৰা হল। তাৰ দুটা
হাতীৰ ওপৰত আৰু বাকী দুটা ঘোঁৰাৰ পিঠিত লাদি দিয়া হ
ল।
মাও-লুঙত ঘোঁৰাৰ ৰথ আছে যদিও কোনো কোনো ঠাইত সুচল বাট-প
দূলি
নোহোৱাৰ বাবে ৰথ নিয়া নহয়।

আছুতীয়া
কোঠাত মাঙ্গলিক অনুষ্ঠান শেষ হোৱাৰ পাছত ছ্যু
, বৃদ্ধা এনায়েক আৰু পুৰোহিত
ওলাই আহিল। এনায়েকে তাক একাষৰীয়াকৈ মাতি নি ক
লে এই যে খোৱা বস্তু আৰু বাচন-বৰ্তনৰ টোপোলা দুটা
আছে দেখিছ
, সেয়া ৰাতিয়েই বন্ধাই থৈছোঁ। ডাঙৰ টোপোলাটো তই নিজে মোকলাবি। তাতে কাপোৰৰ মাজত মোৰ সাঁচতীয়া
বস্তুকেইপদমান আছে
, দি পঠাইছে। সেয়াই এই বুঢ়ী এনায়েৰৰ শেষ
উপহাৰ। ৰজা হ
লে তোক দিম বুলি সাঁচি থৈছিলোঁ। দেউতাৰৰ তাত ৰজা হলে দৰকাৰ হব।

সেয়ানো কি
বস্তু এনাইদেউ
? কিবা ধন-বিত আ-অলংকাৰ নেকি?”

তেনেকুৱাই
কিবা এটা
এনায়েকে কলে। সি আৰু একো
নুসুধিলে। বিদায় মুহূৰ্তত তেওঁ যি দিছে তাকে সি নিব
, লাগিলে
সেয়া খেৰ-কুটাই হ
ক। উপহাৰ অগ্রাহ্য কৰি মৰমক নেওচা দিয়াৰ
শক্তি তাৰ নাই আজি।

চোৰাংচোৱাই
ইটো
সিটো চাই ফুৰিছে। কাৰণ ইতিমধ্যে ৰজা ব্লক-খাম্-দেঙে পাঁচনি পঠাই ৰাজপৰিয়ালক
গোহাৰি জনাইছে ৰজাৰ চন্তৰীয়ে বয়-বস্তুবোৰ পৰীক্ষা কৰি চাওঁতে যেন বাধা দিয়া
নহয়
; ভৱিষ্যতৰ ৰাজমাও দেউতা নাং-নাম্-আপ আৰু বৃদ্ধা ৰাজমাও
দেউতাই কথাটো যাতে জটিল ৰূপত নলয়
; এয়া ৰাজকীয় দায়িত্ব
আৰু নিয়মৰ কথা বুলি যেন সহজভাৱে লয়। সেয়ে চন্তৰী দুজনে পেৰাকেইটা মেলাই
বস্তুবোৰ চাওঁতে কোনেও বাধা দিয়া নাই। হাতীৰ ওপৰত তোলা টোপোলা দুটা নমাই
খোলাৰ কথা তেওঁলোকে কৈছিল
, কিন্তু লগে লগে বৃদ্ধাই গর্জি
উঠিল
মাও-লুঙৰ অস্থায়ী ৰজাৰ ইমান ক্ষমতা হলনে যে তেওঁ মোৰ ৰান্ধনিঘৰতো সোমাই সকলো লণ্ডভণ্ড
কৰিব
? খুলিবলৈ নির্দেশ আছে যদি খোলহঁক, কিন্তু এটা ভাতো ইফালসিফাল নকৰিবি। ৰজাই টোপালা
খুলিবলৈহে হুকুম দিছে
, খোৱা বস্তু হাতেৰে চুবলৈ হলে ঘূৰি জনম লৈ আহগৈ, নতুবা এই বুঢ়ীক ৰণত ঘটুৱাই ল।
বৃদ্ধাই হাতৰ লাখুটিডাল দাঙি ৰণচণ্ডী মূর্তি ধৰিলে। এনায়েকৰ এনে
মূর্তি
ছ্যুৱে‍ আশৈশৱ কাহানিও দেখা নাই। বৃদ্ধা হ, যুৱতী হ, নাৰীয়ে প্রয়োজনীয় মুহূর্তত দেহ-মনৰ সকলো শক্তিৰে পোৱালি‍ লগা বাঘিনীৰ দৰে শত্ৰুক আক্রমণ কৰিব পাৰেএই
সত্যকে আজি
ছ্যুৱে‍ এনায়েকৰ এই ৰূপত প্রত্যক্ষ কৰিলে।

চন্তৰী
দুজনে কিছু দম ল
লে। তথাপি হাতী এটাক বৈথ কৰাই টোপোলা দুটাৰ
এটা পিটিকি চালে। দ্বিতীয়টো চাবৰ কাৰণে হাতীৰ আগফালে এজন আৰু পাছফালে আনজনে পাক
মাৰি যাব
খোজোঁতে‍ আগফালৰজনক সন্মুখত পাই হাতীয়ে শুঁৰেৰে‍ ঠেলা মাৰি দিলে। চন্তৰী হামখুৰি খাই পৰিলগৈ। ওচৰত থকা মানুহবোৰৰ কোনোবা
এজনে মন্তব্য কৰিলে
ঘৰ লোৱা বনৰীয়া
জন্তু। সৰ
জান দেওলগা জীৱ। সি যে কথাটো বেয়া পাইছে, মানুহ হৈ বুজিব লাগে। আৰু বেছিলৈ গলে ৰজা-পৰজাৰ
অমঙ্গলহে হ
ব কিজানি।কথাষাৰ কৈ তেওঁ
ওচৰত থকা ম
লুং পণ্ডিতৰ সমর্থন বিচাৰিলে, “নহয়নে বাৰু মলুং ডাঙৰীয়া?” লুংজনে মূৰ দুপিয়ালে। তথাপি হাতীৰ পাছফালেদি যোৱাজনে
দ্বিতীয় টোপোলাটো পিটিকি চালে। খোৱা বস্তু আৰু বাচন বৰ্তনৰ বাহিৰে অন্য বস্তুৰ
উমান নাপাই তেওঁ আঁতৰি গ
ল আৰু হাতীটো থিয় হোৱালৈ কিছু
দূৰৰ পৰা চাই থাকিল।

কাৰেঙৰ
বিশ্বস্ত ৰখীয়া-পৰীয়া আৰু দুই
এজন লোকৰ বাহিৰে সকলোটি
ৰাজধানীৰ ভিতৰ-গড়ৰ সিংহদুৱাৰলৈ ওলাই আহিছে। কোনো আহিছে ছ্যুক আগ বঢ়াবৰ নিমিত্তে
,
কোনো আহিছে আগ বঢ়োৱা দৃশ্যটো চাবৰ কাৰণে। তাৰ নিচেই কাষতে আছে
বৃদ্ধা এনায়েক। সি ঘৰৰ পৰা বিদায় লোৱাৰ পাছত এয়া পথবিদায়ৰ মুহূর্ত। এনায়েকে
তাৰ মূৰত হাত ফুৰাই আশীর্বাদ দিছে

সোণ! ফ্রা-ত্রাই তোৰ মঙ্গল কৰক
, লেংডন সহায় হ; খুন্‌-লুঙ খুন্‌-লাই আৰু অকহি পুৰুষৰ ডাম-ফীসকলে
বিপদত হাত পাতি ধৰি সুবাট দেখুৱাওক।
তাৰ পাছত বোধজ্ঞান দিলে এইবুলি কামৰ খুঁটাত কিম্বা ডাম-লাকত চাকি-শলিতাৰে মহা-মৃতকক
পূজিবি
; তেওঁলোকলৈ পিঠি দি কলৈকো
যাত্রা নকৰিবি। লিক্‌-লাই শাস্ত্র নেৰিবি।
তাৰ পাছত পুনৰ
আশীর্বাদ। তেওঁ যেন নাতিয়েকক এৰি দিবই নোখোজে! উপদেশ আৰু আশীর্বাদৰ মাজতে যেন
তাক ডুবাই পঠিয়াব। এইবাৰ সেমেকা কণ্ঠত আৰম্ভ কৰিলে
, “মোৰ
সোণে যেন অকণ্টকা ৰাজ্য ভোগ কৰকগৈ
; মোৰ সোণৰ নাম যেন জগতত
ৰৈ
বৈ যায়।তাৰ পাছত মূৰৰ ওপৰত দুহাত
যোৰ কৰি এটি আই-চিং লাও লগাই দিলে। সেয়া যেন প্রার্থনা নহয়
, বিদায় পৰৰ বিননিহে। উপস্থিত প্রায়বিলাকেই আই-চিং- লাওটি গাই গল।

এইদৰে
যি বাটেদি এদিন বৃদ্ধাই জীয়েক ৰাজকুমাৰী ব্লক্‌-খাম্‌-ছেঙক বন্ধ কাৰেঙলৈ আগ বঢ়াই
নিছিল
, সেই বাটেৰেই জীয়াৰীৰ পুত্ৰক মুকলি জগতলৈ উলিয়াই বিদায় দিলেহি।

(আগলৈ)