এন্‌ৰিকো ফাৰ্মিৰ পাৰমাণৱিক স্তূপটো


পৰমানন্দ মহন্ত

 

কোনো ঘটনা বা ব্যক্তিৰ
জন্মৰ এশ বছৰীয়া জয়ন্তীবোৰ পাতি তেনে ঘটনা বা ব্যক্তিক স্মৰণ কৰে
এইটো এটা গুৰুত্বপূৰ্ণ সামাজিক অভিজ্ঞতা৷ আমি সেইসকল ব্যক্তি বা সেইবোৰ ঘটনাহে
মনত পেলাওঁ
, যিসকলৰ কামবোৰ বা যিবোৰ ঘটনা সমাজ বা দেশখনৰ কাৰণে
একো একোটা মাইলৰ খুঁটি হৈ পৰে৷ এনে লোকৰ জীৱন স্মৰণ অথবা এনে ঘটনাৰ স্মৰণ পৰৱৰ্তী প্ৰজন্মৰ
কাৰণে আপুৰুগীয়া ৰোমাঞ্চকৰ অভিজ্ঞতা হৈ পৰে৷ এনে এটা অতিশয় গুৰুত্বপূৰ্ণ আৰু অত্যন্ত
প্ৰভাৱশালী ঘটনা চাৰিকুৰি বছৰীয়া হোৱাৰ উপলক্ষে এই ক্ষুদ্ৰ ৰচনাখন লিখিবলৈ লৈছোঁ

এই তাৎপৰ্যপূৰ্ণ ঘটনাটো ঘটাৰ এশ বছৰ হোৱালৈ বাট চালে, মই হয়তো লিখাৰ সুযোগেই হেৰুৱাই পেলাম৷ সেয়েহে ইমান খৰখেদা৷

ঘটনাটো ঘটিছিলনহয় ঘটনাটো ঘটোৱা হৈছিল১৯৪২ চনৰ ২ ডিচেম্বৰত,
আমেৰিকাৰ চিকাগো বিশ্ববিদ্যালয়ৰ যুটি বান্ধি খেলা স্কোৱাছ কৰ্টত৷ গেলাৰীৰ সৈতে কোঠাটো যথেষ্ট আহলবহল আৰু চিলিংখনো
যথেষ্ট ওখ৷ ঘটনাটো আছিল সমগ্ৰ মানৱ সভ্যতাৰ এটা যুগান্তকাৰী ঘটনাই
, যাৰ পৰিণতিয়ে মানৱ সভ্যতাৰ তৃতীয় যুগৰ সূচনাকৃষি আৰু
ছপা আখৰে সূচনা কৰা সভ্যতাৰ পাছত
কৰিলে৷ সঁচাকৈয়ে সেই দিনা
স্কোৱাছ ক
ৰ্টত ঘটোৱা ঘটনাপাৰমাণৱিক
শক্তি আহৰণৰ প্ৰথমটো সফল পৰীক্ষাই ক্ষুদ্ৰাতিক্ষুদ্ৰ অনু
পৰমাণুৰ
গৰ্ভত থকা অকল্পনীয় পৰিমাণৰ শক্তিৰ ওপৰত মানুহৰ নিয়ন্ত্ৰণ সাব্যস্ত কৰি ভৱিষ্যতৰ কাৰণে
ব্যৱহাৰযোগ্য শক্তিৰ এক অভাৱনীয় ভাণ্ডাৰ উদঙাই দিলে৷ ঘটনাটো
, অৰ্থাৎ উল্লিখিত এই পৰীক্ষাটোৰ আঁচনি কৰাৰ পৰা পৰম নিখুঁততাৰে সম্পাদন কৰোঁতা
বিজ্ঞানীজন আছিল ইটালিৰ এন্
ৰিকো ফাৰ্মি৷ ফাৰ্মি আৰু পৰমাণু শক্তি
আহৰণৰ পৰীক্ষা
এই দুয়োৰে বিষয়ে স্মৰণ কৰাই এই ক্ষুদ্ৰ লেখাৰ
প্ৰয়াসৰ আঁৰৰ কথা৷

ৰোমত ১৯০১ চনত এন্ৰিকো
ফাৰ্মিৰ জন্ম হয়৷ বাল্যকালৰ পৰাই ফাৰ্মিৰ প্ৰখৰ বুদ্ধিমত্তা আৰু অতুলনীয় স্মৰণ শক্তিৰ
উমান সকলোৱে পাইছিল৷ এডল্
ফ এমিডেই নামৰ তেওঁৰ পিতৃৰ সহকৰ্মী
এগৰাকীয়ে ফাৰ্মিৰ উচ্চ শিক্ষাৰ বিকাশত সহায় হোৱাকৈ গণিতৰ এলজেব্ৰা
, জ্যামিতি আদি বিষয়ৰ গ্ৰন্থ যোগান ধৰি নিচেই কম বয়সতে পঢ়িবলৈ উদগণি দিছিল আৰু
ফাৰ্মিয়েও অনায়েসে তেনে বিষয়সমূহ আয়ত্ত কৰি পেলাইছিল৷ অদ্ভূত স্মৰণ শক্তিসম্পন্ন ফাৰ্মিয়ে
প্ৰয়োজনীয় কঠিন সূত্ৰসমূহৰ নিজেই ব্যুৎপত্তি উলিয়াই ল
ব পাৰিছিল৷
সেয়েহে উচ্চ শিক্ষাৰ কাৰণে সেই সময়ৰ ইটালিৰ পিছাত থকা শ্ৰেষ্ঠ শিক্ষানুষ্ঠান স্কুৱলা
নৰ্মালে চুপিৰিয়ৰত কঠিন প্ৰতিযোগিতাত উত্তীৰ্ণ হৈ পদাৰ্থ বিজ্ঞানৰ ধ্ৰুপদী বিষয়সমূহ
অধ্যয়ন কৰে৷ ফৰাচী আৰু জাৰ্মান ভাষাতো ব্যুৎপুত্তি থকাৰ কাৰণে তেওঁ কুৰি শতিকাৰ প্ৰথম
দুটা দশকৰ আধুনিক ধাৰণাসমূহ
আইনষ্টাইনৰ আপেক্ষিকতাবাদ আৰু তেতিয়ালৈ
উপলব্ধ হোৱা কোৱাণ্টাম তত্ত্বৰ প্ৰাথমিক ধাৰণাসমূহ আয়ত্ত কৰি ১৯২২ চনত ডক্টৰেট ডিগ্ৰী
লাভ কৰে৷ তাৰ পাছত একে বছৰতে তেওঁ ৰোম বিশ্ববিদ্যালয়ৰ অধ্যাপক অৰ্চ কৰ্বিনৰ সহকাৰীৰূপে
গৱেষণা কৰিবলৈ সুবিধা পায়৷ এই অধ্যাপকগৰাকীয়েও ফাৰ্মিৰ অসাধাৰণ বুদ্ধিমত্তাৰদ্বাৰা
আকৃষ্ট হৈছিল
; তেওঁৰ মতে ফাৰ্মি কুৰি শতিকাৰ ইটালিৰ নতুন গেলিলিঅ৷ সেই সময়ত ইটালিত পদাৰ্থবিজ্ঞান চৰ্চাৰ অৱস্থা অতি শোচনীয়, আপেক্ষিকতাবাদৰ বাহিৰে কোৱাণ্টাম তত্ত্ব বা নিউক্লীয় পদাৰ্থবিজ্ঞানৰ চৰ্চা প্ৰায়
নাছিলেই বুলিব পাৰি৷ এই অৱস্থাৰ ওৰ পেলাবলৈ অধ্যাপক কৰ্বিনই ফাৰ্মিক দুবছৰৰ কাৰণে গৱেষণা
কৰিবলৈ জাৰ্মানিলৈ পঠিয়ালে৷ জাৰ্মানিৰ গটিংগেন বিশ্ববিদ্যালয়তেই মেক্স বৰ্ন
,
চমাৰফিল্ড আদি বিজ্ঞানীৰ নেতৃত্বত সেই সময়ৰ আধুনিক পদাৰ্থবিজ্ঞানৰ অত্যুত্তম
গৱেষণা কাৰ্যত ফাৰ্মিৰ সমবয়সীয়া উল্ফগাং পাউলি
(১৯০০১৯৫৬) আৰু হাইজেনবাৰ্গৰ (১৯০২১৯৭৬) দৰে যুৱ বিজ্ঞানীয়ে কাম কৰি আছিল৷ ফাৰ্মিয়ে সেয়েহে
প্ৰথমে গটিংগেনলৈকে গ
ল যদিও পাউলিহাইজেনবাৰ্গৰ
দলটোৰ পৰা লাভ কৰা কবোষ্ণ সঁহাৰিত হতাশ হৈ লেইডেন বিশ্ববিদ্যালয়ৰ লিজেণ্ডেৰি

(Legendary) শিক্ষক আৰু পদাৰ্থবিজ্ঞানী পল এহ্‌ৰেন্ফেষ্টৰ লগত গৱেষণা কৰিলেগৈ৷ তাৰ পাছতে ইটালিলৈ উভতি
আহি তেওঁ ৰোম বিশ্ববিদ্যালয়ৰ সৰ্বকনিষ্ঠ অধ্যাপকৰ পদত যোগ দিয়েহি৷

 ইটালিৰ পদাৰ্থবিজ্ঞানৰ
মানৰ উন্নতি ঘটাবলৈ তেওঁ গ্ৰন্থ ৰচনা কৰি আৰু নিয়মিত ৰূপত 
এনে বিষয়ৰ চেমিনাৰ পাতি ডেকা
বিজ্ঞানীসকলক উৎসাহিত কৰি তুলিবলৈ চেষ্টা কৰিলে৷ এনেকৈ এওঁৰ চৌপাশে কেইজনমান তীক্ষ্ণধী
যুৱ বিজ্ঞানী গোট খালেহি
তাৰে এজন আছিল ইছৰে
মেয়োৰানা
; অসাধাৰণ মেধাসম্পন্ন মেয়োৰানাই নিচেই কম সংখ্যক,
কিন্তু গুৰুত্বপূৰ্ণ কেইখনমান গৱেষণাপত্ৰ প্ৰকাশ কৰি ৰহস্যজনকভাৱে সন্ধানহীন
হৈ পৰে৷

ফাৰ্মিৰ প্ৰথম গুৰুত্বপূৰ্ণ আৱিষ্কাৰটো হল ধ্ৰুপদী
পদাৰ্থবিজ্ঞানৰ নীতি-বিধি নমনা বহুতো ক্ষুদ্ৰাতিক্ষুদ্ৰ কণাৰ সমূহীয়া আচৰণ নিৰ্ণয় কৰা৷
তাৰ আগতে ভাৰতৰে সত্যেন্দ্ৰ নাথ বসুৱেও এনে এক প্ৰকাৰৰ কণাৰ সমুহীয়া আচৰণ বিধি

যিটো সাধাৰণতে কোৱাণ্টাম ষ্টেটিষ্টিক্স (Statistics, সাংখ্যিকী) নামেৰে জনা যায়– আৱিষ্কাৰ
কৰি বিশ্বৰ বিজ্ঞানীমহলত খ্যাতি অৰ্জন কৰে৷ ফাৰ্মিয়ে ১৯২৫ চনত আৱিষ্কাৰ কৰা এই ধৰণৰ
বিধিটোৰ আন এটা বিকল্প আচৰণ বিধি৷ পাছত দেখা গ
ল ধ্ৰুপদী নীতি
নমনা ক্ষুদ্ৰাতিক্ষুদ্ৰ পাৰমাণৱিক কণিকাই এনে দুটা সাংখ্যিকীৰ যিকোনো এটা মানিহে আচৰণ
কৰিব পাৰে৷ কোন বিধৰ কণাই কোনটো বিধি মানি চলে ইয়াৰ ওপৰত নিৰ্ভৰ কৰিয়েই এই কণিকাসমূহক
ঘাইকৈ দুটা ভাগত ভগোৱা হয়৷ বসু সাংখ্যকী মানি চলা কণিকাক বোসন কণিকা আৰু ফাৰ্মিৰ বিধি
মানি চলা কণিকাক ফাৰ্মিয়ণ কণিকা বুলি কোৱা হয়৷ নক
লেও হব এই দুটা বিধিৰ আৱিষ্কাৰ কুৰি শতিকাৰ গুৰুত্বপূৰ্ণ আৱিষ্কাৰৰ অন্যতম৷
 

ফাৰ্মিৰ দ্বিতীয়টো
আৱিষ্কাৰ হ
ল বিটাক্ষয় নামৰ পৰিঘটনাৰ ব্যাখ্যামূলক
তত্ত্ব৷ বিটা
ক্ষয় এবিধ নিউক্লীয় পৰিঘটনা, ত পদাৰ্থকণিকা এটাই অতি মসৃণ গতিৰে নিজৰ পৰিচয় হেৰুৱাই
অন্য পাৰমাণৱিক কণিকালৈ ৰূপান্তৰিত হয়৷
(যেনে নিউট্ৰন কণাৰে বিটাক্ষয়ৰ মাজেদি প্ৰটন এটালৈ হোৱা ৰূপান্তৰণ)৷ এনেকুৱা আন আন বহুতো উদাহৰণ আছে, এনে আচৰণক দুৰ্বল ক্ষয়,
আৰু যি বিশেষ বলে পাৰমাণৱিক নিউক্লিয়াছটোত এনে আচৰণ সংঘটিত কৰে তাকে
দুৰ্বল বল
, আৰু প্ৰক্ৰিয়াটোক দুৰ্বল নিউক্লীয় আন্তঃক্ৰিয়া বোলা
হয়৷ ১৯৩৪ চনত ফাৰ্মিয়ে দুৰ্বল আন্তঃক্ৰিয়াজনিত পৰীক্ষামূলক তথ্যসমূহৰ সাধাৰণ ব্যাখ্যা
দাঙি ধৰিবলৈ সমৰ্থ হয়৷ স্মৰণযোগ্য যে সেই তেতিয়াৰে পৰা গোট খোৱা তথ্য
পাতিত অসংখ্য জটিলতা আহি পৰিছিলহি, যাৰ বাবে ফাৰ্মিৰ
তত্ত্ব পৰিশোধন কৰিব লগা হয়৷ শেষত ১৯৬৮ চনত পাকিস্তানী পদাৰ্থবিদ আব্দুছ চালাম আৰু আন
দুজন মাৰ্কিন বিজ্ঞানীয়ে বেলেগে বেলেগে এটা নিটোল তত্ত্বৰে শুদ্ধ তত্ত্বটো আৱিষ্কাৰ কৰে৷
এই তত্ত্বৰ মূল ভেটি ফাৰ্মিৰ তত্ত্বটোৱেই৷
  

কোৱা হয়, ফাৰ্মিয়ে দুৰূহ পৰিঘটনাৰ সৰল ভৌতিক ব্যাখ্যাৰে গুণগত আচৰণসমূহ বুজি উঠাৰ পাছত
তাৰ খুটিনাটিত মূৰ নঘমাই অন্য সমস্যাৰ সমাধানলৈ চকু দিয়ে৷

একেদৰে ১৯৩৪ চনত
তেওঁ মন মেলিলে সেই সময়ত ব্যাপকভাৱে চৰ্চিত হোৱা নিউক্লীয় সংঘৰ্ষবোৰলৈ
, বিশেযকৈ লৰ্ড ৰাডাৰফৰ্ডে আৰম্ভ কৰাৰ
দৰে বৈদ্যুতিক আধানবিশিষ্ট আলফা কণিকাৰ হতুৱাই পাতল মৌলৰ খুন্দা খুৱাই নতুন মৌল উৎপাদন
কৰা পৰীক্ষাবোৰলৈ৷ ১৯৩২ চনত মেৰী কুৰিৰ জীয়াৰী আইৰিন কুৰি আৰু তেওঁৰ স্বামীয়ে দেখুৱালে
যে আল্
ফা কণিকাৰ হতুৱাই পাতল মৌলক খুন্দিয়ালে কৃত্ৰিমভাৱে তেজস্ক্ৰিয়
মৌল উৎপন্ন কৰিব পাৰি৷
(ঘটনাটো তাৎপৰ্যপূৰ্ণ, কিয়নো য়ুৰেনিয়ামৰ লেখিয়া গধুৰ মৌলসমূহ স্বাভাৱিকভাৱেই তেজস্ক্ৰিয়, মানে ইহঁত আপোনাঅপুনি ক্ষয় হৈ গৈ অন্য মৌললৈ ৰূপান্তৰিত
হয়৷ পাতল ভৰৰ মৌল স্বাভাৱিক অৱস্থাত স্থায়ী
, কিন্তু ওপৰত উনুকিওৱা
প্ৰক্ৰিয়াৰে ইহঁতকো তেজস্ক্ৰিয় কৰি তুলিব পাৰি৷ জলিয়
’-কুৰি দম্পতীয়ে
এনে কৃত্ৰিম উপায়েৰে তেজস্ক্ৰিয় মৌল প্ৰথমবাৰৰ কাৰণে আৱিষ্কাৰ কৰিবলৈ সক্ষম হ
ল৷)

ফাৰ্মিয়ে আলফা কণাৰ
সলনি নিৰাধানী পদাৰ্থ কণিকা নিউট্ৰ
ন ব্যৱহাৰ কৰিলে
নিউট্ৰনৰ গতি মন্থৰ কৰিলে এনেভাৱে যাতে ই অতি
বেগেৰে মৌলটোত খুন্দা নামাৰি লাহে লাহে মৌলটোৰ ভিতৰত সোমাই যাব পাৰে
নিউট্ৰনৰ আধান নথকাৰ কাৰণে আলফা কণিকাৰ দৰে মৌলটোৰ ধনাত্মক
আধানৰ দ্বাৰা নিউট্ৰ
ন বাধাপ্ৰাপ্ত নহয়৷ যাহওক, ফাৰ্মিৰ পৰীক্ষালানিৰ ফলাফলত নিৰীক্ষণ কৰি ফাৰ্মিয়ে সিদ্ধান্ত কৰিলে যে এনে
পৰীক্ষাত নিৰ্দিষ্ট লক্ষ্য মৌলটো
এই ক্ষেত্ৰত য়ুৰেনিয়ামটো তেজস্ক্ৰিয়
য়ুৰেনিয়ামতকৈ গধুৰ মৌললৈ ৰূপান্তৰিত হয়
অৰ্থাৎ য়ুৰেনিয়ামোত্তৰ
মৌল হৈ পৰে৷

ইয়াৰ পাছত এই বিষয়ৰ
গৱেষণাৰ কাম ফাৰ্মিয়ে ইয়াতে সামৰিলে
, পিছে অন্য গৱেষণাগাৰত এইবিধৰ
গৱেষণা চলি থাকিল৷ ১৯৩৮ চনত বাৰ্লিনত অট্ট
হান আৰু ষ্ট্ৰছমেনে
পূৰ্বৰেপৰা লিজে মাইৎনাৰৰ লগ লাগি কৰি অহা গৱেষণাত ফাৰ্মিয়ে কৰাৰ দৰে মন্থৰ নিউট্ৰনৰ
হতুৱাই যুৰেনিয়াম মৌলৰ সংঘাত সৃষ্টি কৰি পোৱা মৌলসমূহ চিনাক্ত কৰি ইহঁত য়ুৰেনিয়ামোত্তৰ
মৌল নহয়
, য়ুৰেনিয়ামৰ প্ৰায় আধা ভৰৰ দুটা মৌলৰ উৎপত্তিহে হোৱা
বুলি প্ৰমাণ কৰিলে৷ ইয়েই বিভঞ্জন বা বিযোজন প্ৰক্ৰিয়া৷

ইতিমধ্যে নাজীৰ ভয়ত
মেইৎনাৰে বাৰ্লিন ত্যাগ কৰিবলগীয়া হয় আৰু ডেনমাৰ্কৰ কোপেনহাগেনত আশ্ৰয় লয়গৈ৷ তাতে
তেওঁ হান
ষ্ট্ৰছমেনৰ পৰীক্ষাৰ ফলাফল গম পাই এনে বিক্ৰিয়া কেনেকৈ সম্ভৱ হল আৰু ইয়াৰ পৰিণতিৰ ব্যাখ্যা বিচাৰিবলৈ ললে৷ তেওঁৰ তেতিয়াৰ
সংগী হৈছিলহি আপোন ভাগিনীয়েকে অট্ট
ফ্ৰিশ্চ৷ দুয়ো লগ লাগি পৰীক্ষাটোৰ
য়ুৰেনিয়ামৰ বিযোজন ঘটোঁতে মজলীয়া ভৰৰ প্ৰচুৰ পৰিমাণৰ শক্তিৰ নিৰ্গমন হোৱা বুলি ঠাৱৰ
কৰিলে৷
(সেই য়ুৰেনিয়ামৰ ভৰৰ তুলনাত নিৰ্গত নিউক্লিয়াছ আৰু ইলেক্ট্ৰনৰ ভৰ কম, এই অৱশিষ্ট ভৰখিনি আইনষ্টাইনৰ ভৰশক্তিৰ সমীকৰণ অনুসৰি শক্তিলৈ ৰূপান্তৰিত হৈছে৷) বিযোজনত
উৎপাদিত নিউট্ৰ
নে আন দুই এটা যুৰেনিয়াম নিউক্লিয়াছত পুনৰ বিযোজন
ঘটাব
, যাৰ ফলত আকৌ শক্তি উৎপাদিত হ,
নতুন নিউট্ৰন ওলাব, যাৰ  ফলত  বিযোজন প্ৰক্ৰিয়াটো চলি থাকিবঅৰ্থাৎ বিযোজন প্ৰক্ৰিয়াৰ শৃংখল সৃষ্টি হব৷
বিযোজন
শৃংখলক নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে অসীম শক্তি উৎপাদন হব৷

এনে সম্ভাৱনীয়তাৰ
ভয়াৱহতাত হতভম্ব হোৱা মাহী
ভাগিন যুটিটোৱে নীলছ্বঃৰক পৰীক্ষাটোৰ ফলাফল  অৱগত
কৰাৰ লগতে নিজৰ গৱেষণাগাৰত পৰীক্ষাটোৰ
সত্যাপণ কৰাই শুদ্ধতাত নিশ্চিত হৈ আমেৰিকাত বাতৰিটো সদৰি কৰিলে৷ বাতৰিটোৱে বিজ্ঞানীসমাজত
হুৱা
দুৱা লগালে৷ কাৰণ দ্বিতীয় মহাযুদ্ধ চলি থকা অৱস্থাত জাৰ্মানিয়ে
এনে শক্তি আহৰণ কৰিবলৈ সমৰ্থ হ
লে অৱস্থা কিমান সংকটপূৰ্ণ হব সেয়া অনুমেয়৷ সেয়েহে ঘাইকৈ জাৰ্মানিঅষ্ট্ৰিয়াৰ পৰা
বিতাৰিত হোৱা আমেৰিকাত আশ্ৰয় লৈ থকা বিজ্ঞানীয়ে আইনষ্টাইনৰ হতুৱাই মাৰ্কিন ৰাষ্ট্ৰপতিলৈ
চিঠি লিখাই ঘটনাটোৰ ভয়াৱহতাৰ জাননী দিলে৷ তাৰ পাছতে
, নানা হোঁহকাপিছলাৰ পাছত বিষয়টো যুদ্ধকালীন ক্ষিপ্ৰতাৰে হাতত লৈ পাৰমাণৱিক শক্তিৰপৰা পাৰমাণৱিক
বোমা তৈয়াৰীৰ আঁচনি কাৰ্যকাৰী কৰিবলৈ উপযুক্ত কাৰ্যসূচী লোৱা হ
ল৷

ইতিমধ্যে ইটালিৰ
পৰা এন্
ৰিকো ফাৰ্মিয়েও পলায়ন কৰি আমেৰিকাৰ চিকাগো বিশ্ববিদ্যালয়ত আশ্ৰয় ললেহি৷ অচিৰেই তেৱোঁ আমেৰিকাৰ নিউক্লীয় শক্তি উৎপাদনৰ আঁচনিত সংযুক্ত হয়হি৷ বিযোজনক্ষম
পদাৰ্থটো এই ক্ষেত্ৰত য়ুৰেনিয়াম নিউক্লিয়াছ
U235 (ত প্ৰটন নিউট্ৰনৰ সংখ্যা ২৩৫) খুউব কম পৰিমাণেহে (0.9%) প্ৰাকৃতিকভাৱে পোৱা য়ুৰেনিয়াম নিউক্লিয়াছ U238 (ত প্ৰটন নিউট্ৰনৰ সংখ্যা ২৩৮)-ত থাকে৷ ইয়াৰ পাছতে লাগে নিউট্ৰউৎসৰ পৰা পোৱা নিউট্ৰনসমূহক
মন্থৰ কৰাৰ ব্যৱস্থা
, অৰ্থাৎ মডাৰেটৰ৷ মদাৰেটৰ হিচাপে গ্ৰেফাইটক
অতি উপযুক্ত বুলি লোৱা হ
ল৷ আন এটা প্ৰয়োজনীয় উপাদান হ, নি্উট্ৰনৰ সংখ্যা হঠাৎ অনিয়ন্ত্ৰিতভাৱে
বৃদ্ধি হৈ যাতে অঘটন ঘটাব নোৱাৰে তাৰ কাৰণে নিউট্ৰ
নৰ সংখ্যা
কমাই দিব পাৰিবলৈ এটা নিয়ন্ত্ৰণ ব্যৱস্থা
কেডমিয়াম ধাতুৱে প্ৰচুৰ
পৰিমাণে নিউট্ৰ
ন শুহিব পাৰে কাৰণে এই ধাতুৰ পাতৰ ব্যৱহাৰ উপযুক্ত
বুলি গ্ৰহণ কৰা হ
ল৷ প্ৰথমতে U238-ৰ লগতে প্ৰচুৰ পৰিমাণৰ গ্ৰেফাইট সংগ্ৰহ কৰি য়ুৰেনিয়ামৰ পাত এছটাৰ ওপৰত গ্ৰেফাইটৰ
পাত জাপি মেজিত খৰি জাপি থোৱাৰ দৰে একোটা স্তুপ তৈয়াৰ কৰি নিয়ন্ত্ৰণৰ কাৰণে প্ৰয়োগ
কৰিবলগীয়া কেডমিয়ামৰ গোটা মাৰি মাজে মাজে ভৰোৱা হ
ল৷

এনে এক সৰঞ্জামেৰে
সজ্জিত হৈ ফাৰ্মিয়ে নিউক্লীয় শক্তি উৎপাদনৰ প্ৰথমটো পৰীক্ষা কৰিবলৈ সাজু হ
ল৷
আগতে কৈ অহাৰ দৰে স্কোৱাছ ক
ৰ্টৰ ওখ ডাঙৰ হলটোত পৰীক্ষাটো কৰিবলৈ
লোৱা হ
ল৷ পৰীক্ষাটো নিখুঁতভাৱে কৰিবলৈ সম্ভাৱ্য সকলো হিচাপ লব লাগিছিল৷ উদাহৰণস্বৰূপে বিযোজনত উৎপন্ন হোৱা নিউট্ৰনৰ এভাগে নানা কাৰণত নতুন বিযোজনত ভাগ লব নোৱাৰিব,
অৰ্থাৎ হেৰাই যাব৷ সেয়েহে উৎপন্ন হোৱা নিউট্ৰনৰ
সংখ্যা এনেকৈ হেৰাই যোৱা নিউট্ৰ
নৰ সংখ্যাতকৈ সৰহ হলেহে বিযোজন প্ৰক্ৰিয়াটোৱে শৃংখলা বিক্ৰিয়াৰ ৰূপ লব৷
দেখদেখকৈ পৰীক্ষাটো অনিশ্চয়তাৰে ভৰা কাৰণে বিপদৰ আশংকা আছিলেই৷ স্তুপটোৰ ভিতৰত সুমুওৱা
কেডমিয়াম দণ্ড অগা
পিছা কৰি নিউট্ৰসংখ্যা কম বেছি কৰি ৰাখিবলৈ এজন মানুহক স্তুপটোৰ ওপৰত বহুৱাই ৰখা হৈছিল৷ নিৰ্গত
নিউট্ৰ
নৰ জোখ লৈছিল ফাৰ্মিয়ে নিজে৷ নিয়ন্ত্ৰণদণ্ডৰ সহায়ত নিউট্ৰনৰ সংখ্যা ক্ৰমাৎ বঢ়াই আনি এটা সময়ত
এনে এটা অৱস্থা পোৱা গ
, ত নিউট্ৰনৰ সংখ্যা প্ৰতি দুই মিনিটত দুগুণকৈ বাঢ়িবলৈ
লে৷ তেনেদৰে বাঢ়ি 4.5 মিনিটৰ পাছত ফাৰ্মিয়ে
সজ্জাটো বন্ধ কৰিবলৈ ইংগিত দিলে
তাৰমানে সজ্জাটোৱে বিযোজন প্ৰক্ৰিয়াৰে
নিয়ন্ত্ৰণহীনভাৱে শক্তি উৎপাদন কৰিবলৈ আৰম্ভ কৰি দিছে৷ ফাৰ্মিয়ে হিচাপ কৰি দেখুৱালে
যে একেদৰে সজ্জাটোক নিউট্ৰ
ন উৎপাদন কৰিবলৈ দিয়া হলে, ডেৰঘণ্টা চলি থকাৰ পাছত বিযোজন প্ৰক্ৰিয়া এনে হাৰত
বাঢ়িলহেঁতেন যে ইয়াৰ পৰা প্ৰায় দহলাখ কিলোৱাট শক্তি সৃষ্টি হ
লহেতেন
আৰু পৰীক্ষাগাৰটোৰ লগতে তাত উপস্থিত থকা সকলো সম্পূৰ্ণৰূপে ধ্বংস হৈ গ
লহেতেন৷

নিউক্লীয় শক্তিৰ
সফল উৎপাদনৰ এই খবৰটো অঁচনিটোৰ লগত জড়িত এজন বিজ্ঞানী ক’নাণ্টলৈ পৰীক্ষাৰ সময়ত উপস্থিত
থকা আন এজন বিজ্ঞানী কম্পটনে সাংকেতিক ভাষাৰে জনালে এইবুলি
: ইটালিয়ান নাৱিকজনে ভালেকুশলে নতুন পৃথিৱীত ভৰি দিলেহি৷
সিফালৰ পৰা ক’নাণ্টে সুধিলে
: “পিছে, অধিবাসীসকলক
কেনে পালে
?” ‘অতি বন্ধুসুলভবুলি এইফালৰ
পৰা কম্পটনে জনালে৷ পাৰমাণৱিক শক্তিক সফলভাৱে নিয়ন্ত্ৰণাধীন কৰা বিজ্ঞানীগৰাকীয়েই হ
ল এন্ৰিকো ফাৰ্মি আৰু দিনটো আছিল ১৯৪২ চনৰ শীতৰ এটা
সেমেকা দিন
২ ডিচেম্বৰএতিয়াৰ পৰা আশী
বছৰ আগতে৷

মানৱ সভ্যতাৰ এনে
এটা গুৰুত্বপূৰ্ণ ঘটনাৰ উদ্
যাপন নকৰি জানো পাৰি? আৰু সেই সন্মানীয় বিজ্ঞানীগৰাকী, লগতে নিউক্লীয় বিযোজনৰ
লগত জড়িত বিজ্ঞানী কেইগৰাকীলৈ শ্ৰদ্ধা নিৱেদন কৰাৰ এই সুযোগ নলৈ নোৱাৰি৷ সেয়ে এই সামান্য
প্ৰয়াস৷
  

বি:দ্ৰ:
ফাৰ্মিৰ সহধৰ্মিনী লৰা ফাৰ্মিৰ ‘Atom
in the Family’-খন কোনোবাই অনুবাদ কৰিব পাৰে৷