প্রথম সাক্ষাৎকাৰ

(কল্পবিজ্ঞান কাহিনী)

অভিজিত শর্মা বৰুৱা

দিল্লীৰ সাংবাদিক বন্ধু প্রদীপ গোৱেলৰ পৰা ফোনত খবৰটো পাই
মই আচৰিত হৈ সুধি
লোঁ, “কি! তুমি
নিশ্চিতনে
?”

মোক এইমাত্র নৰৱেৰ পৰা বন্ধু সাংবাদিক
এজনে ফোন কৰিছে। আৰু এক
দুই ঘণ্টা
ভিতৰতে এনাউঞ্চ্ হ’ব। তেতিয়াহে বিশ্বই কথাটো ফর্মেলি গম পাব
,” গোৱেলে
ক’লে
, “তুমি এতিয়াই ডিটেইলছ্ সাজু কৰি থোৱাঁ। মোলৈ
লগে লগে পঠিয়াই দিবা। তোমাৰতো নাম হ
বই, জার্নেলিষ্ট
ৱৰ্ল্ডত মোৰো ক্রেডিবিলিটি বাঢ়িব। পাৰিবানে
?”

পাৰিম। মানে তেওঁৰ লগত মোৰ পার্ছনেলি ভাল। পাছে সময়টোহে অলপ আচহুৱা হ’ল। ৰাতি ন বজাত তেওঁৰ ওচৰলৈ গৈ

কোনো ভাল কাম সময়চময়
বিচাৰ কৰি নঘটে
, বুজিছা,” গোৱেলে
ক’লে।

হ’ব দিয়া,” মই ক’লোঁ

তাৰ পাছত মই লগে লগে ডাঃ গুণসিন্ধু চৌধুৰীৰ ঘৰলৈ গ’লোঁ। তেওঁ
মোক সাংবাদিক হিচাপে ভালদৰে জানে। চৌধুৰী মোতকৈ বয়সত অলপ ডাঙৰ। হ’লেও আমাৰ লগত
সম্পর্ক বেছ ভাল। মই যথেষ্ট বেয়া সময়ত গৈ তেওঁৰ এক প্রখ্যাত আৱিষ্কাৰ তথা সফলতাৰ
বিষয়ে কথা পাতিব খোজাটোত তেওঁ হয়তো অলপ দিগদাৰ পালে
, কিন্তু ‘না’
বুলি নক’লে।

*      

বন কৰা ছোৱালী এজনীয়েই নেকি, আনি
দিয়া চাহৰ কাপ মুখত লৈ ডাঃ গুণসিন্ধু চৌধুৰীয়ে কৈ গ’ল
, “মোৰ
প্রায়ে এনেকুৱা লাগে বুজিছা
, জীৱনটোত কি ঘটিব, সেয়া
যেন পূর্বনির্ধাৰিত হৈ থাকে আৰু আমি যেন এখন সুলিখিত স্ক্রিপ্টৰ মতে কেৱল অভিনয়হে
কৰি গৈ থাকোঁ 
!”

আপোনাৰ দৰে এজন আন্তর্জাতিক
খ্যাতিসম্পন্ন বিজ্ঞানীৰ মুখত এনে দার্শনিক কথা 
! মানুহে
শুনিলে হয়তো আচৰিতেই হ’ব
,” মই হাঁহি মাৰি ক’লোঁলগতে কথাবোৰ টুকি ল’বলৈ কাগজকলম
উলিয়াই
কলমো চলাই গ’লোঁ  

হ’লেও উপায় নাই। মনলৈ অহা ভাববোৰকনো
কেনেকৈ বাধা দিওঁ
? কথাতে কয় নহয় – বতাহতকৈও বেগী মন। কৰ পৰা ক’লৈ
যায়গৈ একো ধৰিব নোৱাৰি
,” তেৱোঁ ক’লে।

এতিয়া যে আপোনাৰ মনলৈ এই ভাবটো আহিল, তাৰ
কিবা কাৰণ আছে নেকি
?” মই তেওঁকথাবোৰ যিমান পাৰি সংক্ষেপে লিখি ল’লোঁ।

আছে। এই যে তুমি সুধিলা – মই কেনেকৈ এই
সফলতা অর্জন কৰি
লোঁ, তাৰে পৰিপ্রেক্ষিতত এই কথা মনলৈ আহিল।
সেয়াও যেন পূর্বনির্ধাৰিত। কাৰণ মই যে এই কাম কৰিম
, অধিক কি
মই যে এনে কামৰ দিশলৈ আগবাঢ়ি যাম
, কিছু বছৰৰ আগলৈকে
ময়েই হয়তো কল্পনা কৰা নাছি
লোঁ। মানুহে যে
কাকতালীয় বুলি কয়
, তেনে ধৰণৰে কথা,” ডাঃ
চৌধুৰীয়ে ক’লে।

মোৰ অলপ আচৰিতেই লাগিল। মোৰ এই চমু সাংবাদিক জীৱনতে মই বহুকেইজন
প্রখ্যাত লোকৰ সাক্ষাৎকাৰ লৈ
ছোঁ। তাৰ ভিতৰত
স্বনামধন্য সাহিত্যিক
, শিল্পী, বিজ্ঞানী কেবাজনো আছে। কিন্তু এওঁ বিজ্ঞানী হ’লেও কথাবোৰ দেখোন কিবা সাহিত্যিকদার্শনিকৰ
দৰেহে।

আপোনাৰ সেই কাকতালীয় ঘটনাবোৰ জানি সাধাৰণ
মানুহেও হয়তো বৰ ভাল পাব
,” মই ক’লোঁ

এই দিশত মোৰ চিন্তাচর্চা
কেনেকৈ আৰম্ভ হ’ল
, সেই কথাকে কওঁ বাৰু। তুমিতো জানাই যে মই
এজন অস্থিচিকিৎসক। অৱশ্যে চেম্বাৰত চিকিত্সা কৰাতকৈ গৱেষণামূলক কাম কাজ কৰি বেছি
ভাল পাওঁ আৰু সেয়াই ক
ৰোঁ,” তেওঁ ক’লে।

সেই কথা আৰু আপোনাৰ গৱেষণাৰ কথা এতিয়া গোটেই ভাৰস্তই জানে,” মই হাঁহি মাৰি ক’লোঁ

তেওঁ এক নিৰহংকাৰ হাঁহিৰে মোৰ প্রশংসা হজম কৰিলে। তাৰ পাছত
ক’লে
, “তোমালোকে মোৰ যি  সফলতাৰ বিষয়ে কৈছা, সেই কথা
বলৈ গলে এটা কাহিনীয়েই ক
লাগিব।”

কওকচোন,” মই লৰচৰ
কৰি বহি ক
লো।

এবাৰ বুজিছা কি হ’ল,” তেওঁ কৈ
, “পেৰিছত হ’বলগীয়া
এখন আন্তর্জাতিক সন্মিলনলৈ মোক মাতিলে। অৱশ্যে কেৱল মোকে নহয়
, বহুকেইজনকে
মাতিছিল
, তাৰ ভিতৰত যেনিবা ময়ো পৰিলোঁ। মই
যাবলৈ সাজু হ’
লোঁ। পাছে যাত্রা কৰিবলৈ মাত্র এসপ্তাহ
থাকোতে মই দুর্ভাগ্যক্রমে ঘৰতে উজুতি খাই পৰি
লোঁ আৰু
মোৰ সোঁহাতখন ভাগিল।

ইছ ৰাম। তাৰ মানে আপোনাৰ যোৱা নহ’ল?” মই সুধিলোঁ

তাকেই কৈ আছোঁ ৰবা। এজন
ডাক্তৰ হিচাপে মই জানো যে এতিয়া অন্তত এমাহ হাতখন প্লাষ্টাৰ কৰি থ
ব লাগিব।
প্লাষ্টাৰ কৰা হাতেৰে বিদেশলৈ কেনেকৈ যাওঁ
? আন নহ’লেও
বিমান বন্দৰতে ছিকিঅ
ৰিটিয়ে সন্দেহ কৰিব যে মই হয়তো
প্লাষ্টাৰৰ ভিতৰত কিবা ড্রাগছ বা চোৰাং বস্তু লৈ গৈ
ছোঁ,” চৌধুৰীয়ে
হাঁহিলে। ময়ো হাঁহিলোঁ।

চৌধুৰীয়ে কৈ গ’ল, “মই বেছ চিন্তাতে
পৰি
লোঁ। এতিয়া হয়তো যোৱাটো কেঞ্চেল্ কৰিব লাগিব। তেনেতে মায়ে মোক ক’লে
– ‘তোক এটা কথা কওঁ। শুনিলে শুনিবি
, নুশুনিলে নাই; মোৰ
কর্তব্য মই কৰিম। মানে সেই শেনচোৱা গাঁৱত এজন মানুহ আছে
, তেওঁ
হাড় ভাগিলে কিবা লেপ এটা বান্ধি দিয়ে
, যথেষ্ট সোনকালে
হেনো ভাল হৈ যায়। তই এবাৰ তালৈ গৈ চাব পাৰ।

আপুনি এজন চিকিৎসাবিজ্ঞানী, আৰু
আপুনি হাড় জোৰা লগাবৰ বাবে অসমীয়া বেজৰ ওচৰত গাঁৱলীয়া চিকিৎসা কৰাব
?” মই ক’লোঁ। 

তাকেইতো। কিন্তু চোৱাঁ, প্রথমতে
মই এজন পুত্র
, তাৰ পাছতহে বিজ্ঞানীচিজ্ঞানী।
তদুপৰি কোনো মাকে পুত্রৰ বেয়া চিন্তা নকৰে। তুমি হয়তো জানাই যে অভিধানত ‘কুপুত্র’
বা ‘কুসন্তান’ আদি শব্দবোৰ থাকিলেও ‘কুমাতা’ বা ‘কুপিতৃ’ৰ দৰে শব্দ নাই
,” তেওঁ ক’লে।

হয়তো! মই সেই কথা
চিন্তাই কৰা
নাছিলোঁ। আৰু
মোক এইবোৰ কথা জনাবলগীয়া হ’ল এজন বিজ্ঞানীয়ে। মোৰ মনে মনে লাজেই লাগিল।

আমাৰ প্রচলিত ডাক্তৰী চিকিৎসাৰ কথা মই
জানো। সময়
সীমাৰ কথাও জানো,” তেওঁ কৈ
গ’ল
, “গতিকে একোবত ভাবিলোঁ – মাৰ কথাকে মানি চাওঁচোন। লাভ হওক বা নহওক, মাৰ কথা
মনাটোতো অন্ততঃ হ’ব
, মায়ে ভাল পাব। গতিকে হাতখনত প্লাষ্টাৰ
কৰাৰ আগতেই
, এজন সাধাৰণ ডেকাৰ দৰে মই সেই মানুহজনৰ
ওচৰলৈ গ’লোঁ। বিনয়েৰে ক’লোঁ যে মই এসপ্তাহৰ পাছত কিবা এটা চাকৰিৰ বাবে চেন্নাইলৈ যাব
লাগে। বিদেশ
চিদেশৰ কথা ক’লে তেওঁ আন কিবা সন্দেহ
কৰিব পাৰে বুলি নক’লোঁ।

তাৰ পাছত?” মই ধৰিব
পাৰি
লোঁ যে কাহিনীটো বেছ ইণ্টাৰেষ্টিঙেই হ’ব।

তেৱোঁ মোৰ কথাখিনি বেছ গুৰুত্ব সহকাৰেই ল’লে। মোক ক’লে – ‘মই তেন্তে তোমাক অলপ বেলেগ ধৰণে
চিকিৎসা কৰিব লাগিব।
তাৰ পাছত তেওঁ জীয়েকক মাতি আনি কিবা ক’লে।
মই মন কৰিছি
লোঁ যে তেওঁ যি বনৌষধিৰ লেপ দিয়ে, সেয়া
জীয়েকেই তৈয়াৰ কৰি দিয়ে আৰু এতিয়া ধৰিব পাৰি
লোঁ যে
তেওঁ জীয়েকক মোৰ বাবে এক বিশেষ ধৰণৰ লেপ তৈয়াৰ কৰাৰ কথা কৈছে।

আপুনিতো তেতিয়ালৈকে নিজৰ পৰিচয় দিয়া নাই?” মই সুধিলোঁ

নাই, নাই।
তাৰ কথাই নুঠে।
’, তেওঁৰ
ওচৰলৈ যোৱা সকলো মানুহ যোৱাৰ পাছত তেওঁ সাৱধানেৰে মোৰ হাতখন টিপি চা
লে। মই
ধৰিব পাৰি
লোঁ যে এয়া হ’ল এক্সট্রাৰ্নেল ট্রিটমেণ্ট।
কিছুমান অতি অভিজ্ঞ ডাক্তৰে বাহিৰৰ পৰা টিপি চায়েই ভিতৰৰ হাড়ৰ অৱস্থান ধৰিব পাৰে।
তাৰ বাবে এক্সৰেৰ দৰকাৰ নহয় বা এক্সৰেই সেয়া নিশ্চিতহে কৰে। আমাৰ শিৱ বৰুৱা ছাৰে
সেই কাম কৰিব পাৰিছিল। তাৰ পাছত তেওঁ জীয়েকক মাতিলে
, জীয়েকে
খুন্দি মিহি কৰা গছৰ পাত নে শিপা অলপ লৈ আহিল। তেওঁ মোৰ হাতত সাৱধানেৰে লেপ এটা
দিলে আৰু সেয়া আঙুলিৰে হেঁচি দিলে। তাৰ পাছত মোৰ হাতখন তেওঁৰ অভিজ্ঞ হাতেৰে বান্ধিলে।
বান্ধটো বেছ জোৰাল। মই ধৰিব পাৰি
লোঁ যে সেই বান্ধে
আমাৰ প্লাষ্টাৰৰ দৰেই কাম কৰিব। তাৰ পাছত 
তেওঁ মোক দুদিনৰ পাছত আকৌ আহিবলৈ কৈ ঘৰলৈ আহিবলৈ দিলে।

দুদিনৰ পাছত আপুনি আকৌ গ’লনে?”

গ’লো। যোৱাৰ আগে আগে মই মোৰ হাতখনৰ এক্স্ ৰে কৰালোঁ। এক্স্ ৰে কৰা মানুহজনে মোক ভালদৰে চিনি পায়। তেওঁ মই
গাঁৱলীয়া দৰৱেৰে বন্ধা হাতখন লৈ যোৱা দেখি বেছ আচৰিতেই হ’ল। মই পাছে বেছ গহীন হৈয়ে থাকি
লোঁ, যাতে তেওঁ মোক একো সুধিবলৈ সাহ নকৰে।
এক্স্ ৰে
খন চাই পাছে মই আচৰিত হ’লোঁ। মানে হাড়ৰ
ডেভেলপমেণ্ট্ যথেষ্ট। যেন হাতখন প্লাষ্টাৰ কৰা দহদিনমান হৈছে
!” ডাঃ
চৌধুৰীয়ে ক
লে।

দুদিনতে সিমান?” মই
আচৰিত হৈ সুধি
লোঁ

“অঁ” তেওঁ ক’লে, “মই আকৌ
তালৈ গ’
লোঁ। মই যে এক্স্ ৰে কৰাইছোঁ,
লগতে
অলপ জোৰা লগা যেনো পাই
ছোঁ, সেই কথা তেওঁক
নক’
লোঁ। তেওঁ সাৱধানেৰে মোৰ হাতখন খুলি চালে। তাৰ পাছত আকৌ
জীয়েকে তৈয়াৰ কৰি দিয়া লেপ এটা দি বান্ধি দিলে। এইবাৰ আৰু দুদিনৰ পাছত আহিবলৈ ক’লে।

তাৰ পাছত?” মই যেন
কাহিনীত মন্ত্রমুগ্ধ।

মই দুদিনৰ পাছত ৰাতিপুৱা আকৌ এক্স্ ৰে কৰালোঁ। এইবাৰ
প্রগ্রেছ আৰু হৈছে। মানে ধৰা প্লাষ্টাৰ কৰা যেন বিছ দিনমান হৈছে। মই তেওঁৰ ওচৰলৈ গ’
লোঁ। তেওঁ
মোৰ হাতখনৰ বান্ধটো খুলি চালে। তাৰ পাছত আকৌ এক লেপ দি বান্ধি দিলে। মোক সুধিলে – ‘তুমিতো
দুদিনৰ পাছত চেন্নাইলৈ যাব লাগিব
?’ 
মই ক’লো– ‘হয়।আচলতে
মই দুদিনৰ পাছত যাব লাগে দিল্লীলৈ। তাৰ পিছদিনা পুৱাই দিল্লীৰ পৰা ফ্লাইট। তেওঁ
মোক ক’লে
– ‘তেন্তে তুমি আৰু আহিব নালাগে। ঘৰতে
সাৱধানে বান্ধটো খুলি দৰৱখিনি এৰুৱাই দিবা। জোৰা লাগিছেই
, দুদিনৰ
পাছত আৰু ভালকৈ জোৰা লাগিব।
’”

আপুনি চাগৈ দুদিনৰ পাছত আকৌ এক্স্ ৰে কৰাই
চালে
?” মই সুধিলোঁ।

ঠিক ধৰিছা। দিল্লীলৈ যোৱাৰ দিনা পুৱা আকৌ
এক্স্ ৰে
 কৰাই দেখিলোঁ যে হাড় দেখোন ভালদৰেই জোৰা লাগিছে। মানে আমি
প্লাষ্টাৰ কৰাৰ এমাহমানৰ পাছত তেনে এক্স্ ৰে
 পালে প্লাষ্টাৰ কাটিবলৈ দিওঁ তোনেকুৱা অৱস্থা। গতিকে মই
বান্ধ খুলি দৰৱখিনি গুচাই মাক সেৱা এটা কৰি প্লাষ্টাৰ বা বান্ধবিহীন হাতেৰে
দিল্লীলৈ গ’
লোঁ আৰু পাছদিনা পেৰিছলৈ উৰা মাৰিলোঁ
এসপ্তাহৰ পাছত আমি ঘূৰি অহাৰ পাছতো মোৰ মনত এটা প্রশ্নই আহি থাকিল– এই ঘটনা কেনেকৈ
সম্ভৱ
? তেওঁৰ বান্ধৰ ৰহস্য বাৰু বুজিলোঁ। সেয়া
ধৰাঁ প্লাষ্টাৰৰ দৰেই হ’ল। কিন্তু ইমান কম সময়ত ভগা হাড় জোৰা লাগিল কেনেকৈ
? হাড়
বাঢ়ি জোৰা লগাৰ দৰে স্বাভাৱিক প্রক্রিয়া এটা ইমান ত্বৰান্বিত কেনেকৈ হ’ল
? নিশ্চয়
সেই বনৌষধতে কিবা ৰহস্য সোমাই আছে।

এটা বনৌষধ অতি ভাল হ’লেই যেনিবা। কিন্তু
বাহিৰৰ পৰা গৈ ভিতৰত কেনেকৈ জোৰা লগালে
?” মই মোৰ মনলৈ
স্বাভাৱিকতে অহা প্রশ্নটোকেই প্ৰকাশ কৰি
লোঁ

তাকেইতো! মানে
চোৱাঁ
, তুমিয়েই আচৰিত হৈছা। মই হাড়ৰ বিষয়ে পঢ়ি, ইমান
গৱেষণা কৰি… আচৰিত নহ’মনে
? মই ৰ’ব
নোৱাৰি
লোঁ। মোৰ মনটো অস্থিৰ হৈ পৰিল। মই বুজিলোঁ এই
বনৌষধৰ ৰহস্য ভেদ নকৰালৈকে মই শান্তি নাপাম। গতিকে মই এদিন আকৌ তেওঁৰ তালৈ গ’
লোঁ। তেওঁক
কৃতজ্ঞতা জনোৱাৰ অজুহাততে গ’
লোঁ। কথাৰ মাজতে মই
তেওঁৰ সেই বনৌষধিবিধৰ বিষয়ে জানিব খুজি
লোঁ। তেওঁ পাছে
বিশেষ একোকে নক’লে। মাত্র ক’লে যে সেয়া হাড় জোৰা লগোৱাৰ বিৰল গুণসম্পন্ন এবিধ বিশেষ গছ।
তেওঁ পূর্বপুৰুষৰ পৰা সেই বিশেষ গছবিধৰ বিষয়ে জ্ঞান পাইছিল। সেই গছ বিচাৰি তেওঁ ক’লৈকো
নাযায়। নিজে অশেষ কষ্ট কৰি সেই গছবিধ বাৰীতে লগাই লৈছে। কিছু সংখ্যক ব্যক্তিয়ে আন কিছুমান গছ
লতাৰে
হাড় জোৰা লগোৱাৰ কথা কয় যদিও সেয়া আচলতে সম্ভৱ নহয়। সেইখিনি কথাৰ বাহিৰে আন একো কথা
তেওঁ নক’লে। মই বুদ্ধি কৰি ঘূৰি অহাৰ ভাও ধৰি মনে মনে তেওঁলোকৰ পিছফালৰ বাৰীৰ ফালে
গৈছি
লোঁ। পিছে সেইফালেদি সোমাবতো নোৱাৰিয়েই, ডাঠ বেৰা দি থোৱা বাবে একো নেদেখিও। আগফালৰ পৰাতো সেইফালে একেবাৰে ‘ন’ এণ্ট্ৰি’।

তেন্তে আপুনি একো জানিব নোৱাৰিলে?” মই
সুধিলো।

“অঁ,” তেওঁ ক’লে, “মই পাছে
আশা এৰি নিদি
লোঁ। মনত এটা জেদ ভাব– যেনে তেনে এই ৰহস্য ভেদ
কৰিব লাগিব। গতিকে মই আকৌ এদিন গ’
লোঁ। এইবাৰ তেওঁৰ
পিছে কিবা এটা সন্দেহ হ’ল যেন পালোঁ। তেওঁ মোক ক’লে
, “তুমি
এইবাৰ অন্ততঃ মোৰ ইয়ালৈ এনেয়ে অহা নাই। তুমি অহাৰ কাৰণ দুটা হ’ব পাৰে। প্রথম কথা–
তুমি যি কাৰণতে নহওক
, মোৰ ঔষধবিধৰ বিষয়ে সবিশেষ জানিব খুজিছা, দুই
নম্বৰ কাৰণ– তুমি মোৰ গাভৰু ছোৱালীজনীৰ প্রেমত পৰিছা। হেঃ হেঃ হেঃ। এতিয়া তুমি
কোৱাঁ
কোনটো শুদ্ধ? এক নে
দুই
? … কোৱাঁ, এতিয়াই কোৱাঁ– এক নে দুই?” পিছৰ
প্রশ্নটো যেন ধমকিহে
!  

মানে
দুই
,” মই কোনোমতে ক’লোঁ।

পিছে তোমাৰ এটাতো লাভ নহ’ব। দৰৱৰ বিষয়ে
মইতো তোমাক একো নকৱেঁই
, মোৰ ছোৱালীজনীকো
মই তোমাক দিব নোৱা
ৰোঁ। তাই দেখাত ভাল, গ্রেজুৱেট, হয়তো
গুণীও – কিন্তু এতিয়া তায়েই মোৰ একমাত্র সহায়। তাই নিজে নগ’লে মই তাইক কাৰো হাতত
তুলি দিয়াৰ কথা ভাবিব নোৱা
ৰোঁ। গতিকে তুমি…,”
তেওঁ
আৰু একো নকৈ হাতেৰে ইংগিত দি মোক উভতিবলৈ ক’লে। মানে ইংৰাজীত কোৱা হ’লে ক’লেহেঁতেন –
‘গে
ট আউট!’।”

আপোনাক গেট আউট কৰে!” মোৰ যেন
নিজৰে গাত লাগিল।

কি কৰিবা আৰু! কপালত
যি লিখা আছে
, সেই মতেতো হ’বই।  গতিকে মই লাজেঅপমানে
ঘূৰি আহিবলৈ ওলা
লোঁ। এনে সময়তে তেওঁৰ ছোৱালীজনীয়ে আন এটা
ফাঁকেদি আহি মোক লাহেকৈ ক’লে– ‘আপুনি দেউতাৰ আগত ‘দুই’ বুলি যে কৈছিল
, সেয়া
সঁচানে
?’”

বঢ়িয়া,” মই বেছ
ৰস পা
লোঁ

হাঁহি এটা মাৰি ডাঃ চৌধুৰীয়ে কৈ গ’ল, “মই
তেওঁলৈ চা
লোঁআগতেও দেখিছোঁদেখাই শুনাই ভাল, যথেষ্ট স্মার্ট
ছোৱালী।
মোৰ বেছ ভালেই লাগে। মই ক’লো– ‘হয়, সঁচা।তেওঁ
মোক ক’লে – ‘আপুনি অলপ দূৰ গৈ ৰাস্তাত ৰওকচোন। আপোনাৰ লগত মোৰ কথা আছে।
মই
সেইমতে অলপ গৈ ৰৈ থাকি
লোঁ। কিছু সময়
পাছতে তেওঁ তালৈকে আহি মোক ক’লে 
– ‘আপুনি আচলতে
চেন্নাইত চাকৰি কৰিবলৈ যোৱা কোনো সাধাৰণ ডেকা নহয়। মই আপোনাক টিভিত দেখিছোঁ।  আপুনি ডাঃ গুণসিন্ধু চৌধুৰী – বিখ্যাত চিকিত্সাবিজ্ঞানী। হয় নে নহয়
, কওক?’ মই সৈ
কাঢ়ি ক’
লোঁ – ‘হয়ো, নহয়ো।
মানে মই গুণসিন্ধু চৌধুৰী হয়
, কিন্তু বিখ্যাত
চিকিত্সাবিজ্ঞানী নহয়।
তেওঁ মোক আকৌ
সুধিলে – ‘আপুনি কিয় দেউতাৰ দৰৱবিধৰ কথা ইমান জানিব খুজিছে
?’ মই
তেওঁক ক’
লোঁ যে মই আচলতে বৃহত্তৰ স্বার্থৰ বাবে, বিশ্বৰ
জনগণৰ ভালৰ বাবেই সেই কথা জানিব খুজি
ছোঁ। দৰৱবিধৰ কাম মই নিজে গম পাইছোঁ
কিন্তু মই তাৰ বৈজ্ঞানিক বিশ্লেষণ কৰিব খো
জোঁ
কেনেকৈ এই দৰৱে এনে কাম কৰে
, 
সেই কথা মই প্রণালীৱদ্ধভাৱে জানিব
খো
জোঁ আৰু তাৰ পাছত তাৰ পৰা এনে এবিধ ঔষধ তৈয়াৰ কৰিব খোজোঁ,
যি
অধিক কম সময়ৰ ভিতৰতে
, অধিক কার্যকৰী, কিন্তু
নিৰাপদভাবে সকলো হাড় জোৰা লগাব পাৰে। তেতিয়া সেই দৰৱৰ পৰা সমগ্র বিশ্ববাসী উপকৃত হ’ব।
পিছে মই যদি সেই কাম কৰিব নোৱা
ৰোঁ, তেন্তে তোমাৰ দেউতাৰাৰ লগতে সেই জ্ঞান নাইকিয়া হৈ
যাব।
 

তেওঁ অলপ সময় চিন্তা কৰিলে আৰু তাৰ পাছত ক’লে – ‘ঠিক আছে। মই আপোনাক
সহায় কৰিম। মনে মনে সহায় কৰিম। সেয়া দেউতাক বিশ্বাসঘাতকতা কৰাৰ দৰে হ’ব। কিন্তু মই
মানৱ জাতিৰ ভালৰ বাবেই সেইখিনি কৰিম।
’”

তাৰ পাছত?” মই
সুধিলোঁ।

তাৰ পাছত আৰু বিশেষ নাই। তেওঁ মোক গোপনে
যথেষ্ট সহায় কৰাৰ পাছত মই সেই বনৌষধিৰ গছ আনি মোৰ গৱেষণাগাৰৰ চৌহদৰ বাৰীত লগা
লোঁ। মোৰ
সযত্ন প্রতিপাল
ত সেইবোৰ বাঢ়ি
আহিল। মই সেইবোৰৰ ডাল
পাত আনি গৱেষণাগাৰত তাক বিশ্লেষণ কৰিলোঁ।
বিভিন্ন ধৰণৰ পৰীক্ষা
নিৰীক্ষা চলালোঁ। মই
দেখি
লোঁ যে সেই বনৌষধিবিধত এনে এবিধ যৌগ আছে, যি হাড়
গৈ পালে তাৰ বৃদ্ধি ত্বৰান্বিত কৰি দিব পাৰে। তেওঁ যে আঙুলিৰে
জোৰেৰে হেঁচি দিছিল, তাৰ
সহায়ত আচলতে ছালৰ ফুটাবোৰেদি সেই যৌগবিধ সোমাই গৈছিল আৰু তাৰ স্বাভাৱিক ‘পেনিট্রেছন’
ধর্মৰ বাবে সেই যৌগৰ কিছু পৰিমাণে অন্তত পেশী পর্যন্ত ভেদ কৰি হাড় পাই গৈছিল।
সেই সামান্য পৰিমাণৰ যৌগই মোৰ হাড় জোৰা লগোৱাৰ প্রক্রিয়া দ্রুত কৰি তুলিছিল। মই
সেই দ্রব্যবিধ নিষ্কাষণ কৰি হাড়ত বেজী দি সেইবিধ প্রত্যক্ষভাবে হাড়ত সুমুৱাই দিয়াৰ
ব্যৱস্থা কৰি
লোঁতাৰ ফলত সেই দৰৱ আগতকৈও কার্যকৰী
হৈ পৰিল। লগতে মই সেই দৰৱে নিৰাপদভা
ৱে কাম কৰিবলৈ ক’ত, কিমান
পৰিমাণত সেয়া ব্যৱহাৰ কৰিব লাগে
, তাকো নিৰূপণ কৰিলোঁতাৰ
পাছৰ কথাখিনি তুমিতো জানাই। এতিয়া আমি সাধাৰণভাবে ভঙা হাত
ভৰি দুদিনতে জোৰা লগাই দিব পাৰোঁ

সেই সফলতাৰ বাবে আপুনি সেই গাঁ‍‍ৱলীয়া
চিকিৎসকৰ জীয়েকৰ লগত প্রেমৰ অভিনয়

অভিনয়? কি কোৱা
তুমি
? সেয়া প্রকৃত প্রেমেই আছিল। দুয়োপক্ষৰ
পৰা। তেৱেঁইতো মোৰ বর্তমানৰ ধর্মপত্নী। তেওঁ মোক পাছতো বহুত সহায় কৰি
ছিল।, মই
তোমাক তেওঁৰ লগত চিনাকি কৰি দিয়াই নাই হ’বলা।
হেৰা, শুনিছানে?” তেওঁ
ভিতৰলৈ মুখ কৰি পত্নীক মাতিলে।

ডাঃ
চৌধুৰীৰ পত্নী ওলাই আহিল। তেওঁ মোক পত্নীৰ লগত চিনাকি কৰি দিলে। মই অলপ অস্বস্তিৰে
নমস্কাৰ দি সপ্রতিভ হ
বলৈ চেষ্টা কৰি তেওঁৰ পত্নীক ক’লোঁ, “আপোনালোকৰ
সাফল্যৰ কাহিনীয়েই শুনি আছি
লোঁ। এখেত আচলতে
বেল পুৰস্কাৰ পোৱাৰ যোগ্য।

এঃ, সেইবোৰ
বহু দূৰৰ কথা। কিছুমানে মোৰ বায়’ডাটা বিচাৰিছিল হয়
, কিন্তু
সেই বুলি
…,” চৌধুৰীয়ে ক’ব খুজিলে।

নহয়,” মই কওঁনকওঁকৈ
ক’লোঁ
, “আপুনি যোগ্য আৰু আপুনি সঁচাকৈ পাইছেও।
মোৰ ইনফর্মেছন যদি মিছা নহয়
, আপুনি এইবাৰ
বেল পুৰস্কাৰৰ বাবে নির্বাচিত হৈছে।

কি কোৱাঁহে তুমি!” চৌধুৰী
যেন বেছ আচৰিত হ’ল।

সেই সময়তে তেওঁৰ ফোনটো বাজিল। ডাঃ চৌধুৰীয়ে নম্বৰটো চাই ক’লে, “অচিনাকি নম্বৰ। আৰু লগতে অদ্ভুতো। বিদেশৰ পৰা অহা যেন লাগিছে। বাৰু ধৰি চাওঁচোন।

লাউডত দিয়ক, মই
প্রায় চিঞৰি উঠি
লোঁ

সিমূৰৰ পৰা গলগলীয়া মাতত এজন লোকে কৈ গ’ল, “এম আই
স্পীকিং টু ডাঃ গুণসিন্ধু চৌধুৰী
? … , য়েছ। …
মাই হার্টিয়েষ্ট কংগ্রেছুলেছনছ। … দ্য ন
বেল কমিটি ইজ প্লীজড টু এনাউঞ্চ্ ইয়ৰ নেম
এজ দ্য উইনাৰ অব দিছ ইয়ের্ছ ন
বেল প্রাইজে ইন ফিজিঅ’লজি ফৰ ইয়ৰ আউটষ্টেণ্ডিং
কণ্ট্ৰিবিউছন ইন

পোন্ধৰ মিনিটৰ পাছতে মই মোৰ কোঠাৰ কম্পিউটাৰৰ আগত বহি
ষ্ট
ৰীটো লিখি প্রদীপ গোৱেললৈ মেইল কৰাত ব্যস্ত হৈ পৰিলোঁ। নোবেল পুৰস্কাৰ পোৱা অসমৰ
প্রথম বিজ্ঞানীজনৰ এই কাহিনী ময়েই যদি বিশ্বক সবিস্তাৰে নজনাওঁ
, কোনে
জনাব
?

*****