সেউজপুৰৰ সাধু

 স্মৃতিৰেখা দেৱী

অংকন: বৰ্ণিল মহন্ত

 (যোৱা সংখ্যাৰ পাছৰ অংশ)

জোন ওলাবলৈ পালে
কি নাপালে
, বাটলুৰ বাহিৰে বাকী কেউজন সভাসদ ইতিমধ্যে মহাৰাজ
কেশৰীৰ বাসস্থানত আহি উপস্থিত হ
লহিয়েই৷

তাৰ
মানে বিষয়টোৰ গুৰুত্ব সকলোৱে বুজি পাইছে
’– মহাৰাজে ভাবিলে৷

: আপোনাৰ
চিন্তাৰ কাৰণটো মই কিছুদূৰলৈ বুজি পাইছোঁ মহাৰাজ৷ ৰাইজৰ মাজত অতি কম দিনৰ ভিতৰতে
হোৱা কিছুমান ভাল নলগা ধৰণৰ পৰিৱৰ্তন ময়ো নেদেখাকৈ থকা নাই৷ মহামন্ত্ৰী বৃকোদৰে
গহীনাই ক
লে৷ সেনাপতি হিতৰামেও কবলৈ ধৰিলে

: হয় মহাৰাজ৷
ঘাইকৈ ডেকাচামক মই মন কৰি আছোঁ৷ হঠাতে বৰ অশিষ্ট হৈ উঠিছে ইহঁতবোৰ৷ কথা এষাৰ ক
লেই
একেবাৰে গুজৰি-গুমৰি আহে দেখোন৷ আগতেতো সেউজপুৰত কাহানিও এনে হোৱা নাছিল৷

মহাৰাজে চকুমুদি
কথাবোৰ শুনি আছিল৷ এইবাৰ তেওঁ মুখ খুলিলে

: এতিয়া কি
কৰিলে ভাল হয় আপোনালোকেই কওকচোন৷ মই মোৰ মৰমৰ প্ৰজাসকলৰ মাজত মৰামৰি হ
বলৈ
দিব নোৱাৰোঁ৷ মই মোৰ পূৰ্বপুৰুষক কি বুলি উত্তৰ দিম
? যিখন
সেউজপুৰ ৰাজ্যৰ গুৰিতেই মৰম-চেনেহ
, সহৃদয়তা, মিলাপ্ৰীতি, সেইখন সেউজপুৰত এতিয়া কিবোৰ যে হবলৈ ধৰিছে …৷ মই কত ভুল কৰি পেলালোঁ জানো…! যি কৰিছোঁ মোৰ প্ৰজাসকলৰ ভাল হওক বুলিয়ে কৰিছোঁ৷ কিন্তু এতিয়া দেখিছোঁ…

মহাৰাজে কথাষাৰ
শেষ নকৰাকৈয়ে গভীৰ চিন্তাত মগ্ন হৈ পৰিল৷ কেউজন সভাসদেও মহাৰাজলৈ একোবাৰ চাই
তলমূৰকৈ কিবা চিন্তা কৰিবলৈ ধৰিলে৷ এবাৰত মহামন্ত্ৰী বৃকোদৰে মহাৰাজৰ মনৰ ভাৰ লাঘৱ
হওক বুলিয়েই ক
লে, ‘মহাৰাজ আপুনি ইমান চিন্তা
নকৰিবচোন৷ এতিয়াও পৰিস্থিতি ইমান বেয়ালৈ যোৱা নাই৷

ইমানপৰে মনে মনে
বহি থকা বগলী পণ্ডিতে এইবাৰ গলহেকাৰি এটা মাৰি মুখ মেলিলে

: এতিয়া প্ৰথমে
আমি আমাৰ প্ৰজাসকলৰ মাজত মৰম-চেনেহ
, সহৃদয়তা আদি ভাল গুণবোৰ
হঠাতে নোহোৱা হোৱাৰ কাৰণটো বিচাৰি উলিয়াব লাগিব৷ কাৰণটো পালেহে তাৰ সমাধানৰ উপায়
ভাবিবলৈ সুবিধা হ
ব৷ নে কি কয়? – এইবুলি
বগলী পণ্ডিত অলপ ৰ
ল৷ মহাৰাজৰ মুখলৈ এবাৰ চাই তেওঁ আকৌ কবলৈ ধৰিলে

: অৱশ্যে এই
সমস্ত ঘটনাৰে কাৰণ কিছু দূৰলৈ মই বিচাৰি পাইছোঁ যেন লাগিছে৷
বগলী পণ্ডিতৰ বাক্যটো শেষ হোৱাৰ লগে লগে মহাৰাজকে ধৰি কেউজনে তেওঁৰ মুখলৈ
আগ্ৰহেৰে চালে৷ তেওঁলৈ চাই মহাৰাজে ক
লে

: কৈ যোৱাঁ কৈ
যোৱাঁ৷ ইমানবেলি তুমি মনে মনে থকা দেখিয়েই মই অনুমান কৰিছিলোঁ যে তুমি কিবা এটা
সম্ভেদ নোপোৱাকৈ থকা নাই৷

: হয় মহাৰাজ৷
আপোনালোকে কিজানি মন কৰিছেই
, আপোনাৰ নিৰ্দেশ অনুসৰি মই প্ৰায়ে
অতিথি শিক্ষকদুজনৰ বিশ্ৰামগৃহলৈ অহা-যোৱা কৰি আছোঁ৷

: হয় হয়৷ কওকচোন
কওক৷ আপুনি কি গম পাইছে
? – আটায়ে একেলগেই সুধিলে৷

: প্ৰথম দিনা
সকলো ঠিকেই আছিল৷ দ্বিতীয় দিনা মই অতিথিশালালৈ গৈয়ে তাত কিবা এটা ৰহস্যৰ গোন্ধ
পাবলৈ ধৰিলোঁ৷

: কেনেকৈ? কি? – হিতৰাম অধৈৰ্য হৈ উঠিল৷

: প্ৰথম দিনা
জেক বোলাজনে মোক দুখনমান কিতাপ দি কৈছিল
, ‘তুমি কেইদিনমান ইয়ালৈ
আহি এই কিতাপকেইখন পঢ়ি ল
বা৷সেইদিনা
মই বিশেষ পঢ়া-শুনা নকৰি এনেয়ে দুপাতমান লুটিয়াই চাই থৈ আহিলোঁ৷ পাছদিনাহে পঢ়িবলৈ
লৈ দেখিলোঁ৷

: কি দেখিলা, কি দেখিলা? – এইবাৰ মহাৰাজে যেন ধৈৰ্য হেৰুৱাই
পেলালে৷

: মহাৰাজ, কিতাপ কেইখনত ভাষা, গণিত, বিজ্ঞান
আদি বিষয়তকৈ কিবা বিপ্লৱৰ কথাহে বেছিকৈ আছে৷

: বিপ্লৱ!!! আটাইকেইজনে একেলগে আচৰিত হল৷

: হয় মহাৰাজ, বিপ্লৱ৷ ইংলেণ্ডৰ জমিদাৰী পামক পশুপামলৈ ৰূপান্তৰিত কৰাৰ আঁৰত থকা বিপ্লৱ৷
কি ভয়ঙ্কৰ মহাৰাজ
! কি ভয়ঙ্কৰ সেই ষড়যন্ত্ৰবোৰ ! যিজন লোকে অতি কষ্টৰে পামখন পাতিছিল সেইজনৰে বিৰুদ্ধে বিপ্লৱ কৰি তেওঁক
সেই পামৰপৰা পহুখেদা দি গাহৰিসকলে পশুপাম প্ৰতিষ্ঠা কৰাৰ ভয়ঙ্কৰ বৰ্ণনা মহাৰাজ৷
পশুপাম প্ৰতিষ্ঠাৰ কালত এষাৰ কথা কোৱা হৈছিল
, ‘সকলো পশু
সমান৷
পিছে পাছলৈ হলগৈ কি, বোলে কেৱল গাহৰিবোৰহে শ্ৰেষ্ঠ, বাকীবোৰ তলখাপৰ পশু৷ আচলতে তাত গাহৰিবোৰে তলে তলে
নিজৰ প্ৰভুত্ব প্ৰতিষ্ঠা কৰিবলৈকে সেই বিপ্লৱৰ ধাৰণাটো জন্ম দি অকলে নোৱাৰি কাৰণে
কৌশল কৰি বাকীসকল পশুৰ সহায় লৈছিল৷ 
বিপ্লৱৰ শেষত যিহেতু তেওঁলোক গজগজীয়া হ
, সেয়ে বাকীসকলৰ সহায় নহলেও হ
বুলি নিশ্চিত হৈ বাকীসকলক হেয়জ্ঞান কৰিবলৈ আৰম্ভ কৰিছিল৷ কিতাপখনৰ মতে মহাৰাজ
,
গাহৰিবোৰে বাকীসকল পশুক একেবাৰে ভৃত্যৰ দৰে ব্যৱহাৰ কৰিছিল আৰু
তেওঁলোকৰ বিৰোধিতা কৰিলেই চৰম শাস্তি প্ৰদান কৰিছিল৷

দীঘলীয়াকৈ
কথাখিনি কওঁতে যেন বগলী পণ্ডিতৰ উশাহ-নিশাহ বন্ধ হৈহে আছিল৷ কথা শেষ কৰিয়েই তেওঁ
দীঘল দীঘলকৈ উশাহ দুটামান টানি বুকুখন ভৰাই ল
লে৷ তাৰ পাছতহে তেওঁ
বাকীসকলৰ মুখলৈ চালে
সকলোৰে মুখ গম্ভীৰ৷ কোনেও আনকি চকুৰ
পছাৰ এটাও পেলোৱা নাই৷ হঠাতে মন্ত্ৰী বৃকোদৰে মাত লগালে

: তাৰ পাছত?

: তাৰ পাছত
কিছুদিন একো খবৰ-খাতি নাছিল৷ এতিয়া গম পাইছোঁ
, বুঢ়া মেজৰ বোলা সেই
বিপ্লৱৰ পৰিকল্পনা কৰা গাহৰিটোৰ নাতি-পুতিবোৰে গোপনে গোটেই পৃথিৱীৰ অৰণ্যত সেই
বিপ্লৱৰে বাণী বিলাই ফুৰিছে৷ সিহঁতে বিশ্বৰ বনভ্ৰমণ কৰা বুলি এনেয়ে প্ৰচাৰহে
কৰিছে৷ আচলতে কিন্তু সিহঁতৰ উদ্দেশ্যটো ভয়ঙ্কৰ৷ কাৰণ
, বিভিন্ন
অৰণ্যৰ গাহৰিবোৰক সিহঁতে নিজৰ মন্ত্ৰৰে প্ৰভাৱান্বিত কৰিবলৈ আৰম্ভ কৰিছে৷

কথাখিনি কৈ
পণ্ডিতে আটাইলৈকে চালে৷ কোনেও একো কোৱাৰ লক্ষণ নেদেখি তেওঁ আকৌ ক
বলৈ
ধৰিলে

: এই বিষয়ে মই
মোৰ গুৰু বৰটোকোলা ডাঙৰীয়াৰ লগতো কথা পাতিছোঁ৷ তেখেতো আমাৰ সমস্যাটোক লৈ গভীৰভাৱে
চিন্তিত৷ তেখেতৰ মতে বিপ্লৱ মানে কেৱল কাৰোবাৰ বিৰোধিতা কৰা বা কাজিয়া কৰা নহয়৷
সেউজপুৰৰ বিপ্লৱ হৈছে পাৰস্পৰিত মিলাপ্ৰীতিৰ
, সহনশীলতাৰ৷ কিন্তু এতিয়া
বিদেশী বিপ্লৱৰ আৰ্হি আহি আমাৰ ৰাজ্যতে সিন্ধি খান্দিব খুজিছে৷ পণ্ডিত ৰ
ল৷ মহামন্ত্ৰীয়ে কলে

: কোনোবা এখিনিত
আমাৰ কিবা এটা ভুল হৈ গৈছে
, মহাৰাজ৷ আমাৰ চকুত নপৰাকৈয়ে আমি এনে এটা
ভুল কৰি পেলাইছোঁ যাৰ কাৰণে আজি এনে সংকটৰ মুখামুখি হ
বলগীয়াত
পৰিছোহঁক…

তেনেতে উধাতু
খাই ফোঁপাই-জোপাই বাটলু আহি পালেহি৷ আহি পাই সি উশাহ নসলোৱাকৈয়ে কৈ গ

: ক্ষমা কৰিব
মহাৰাজ৷ মোৰ আহি পোৱাত পলম হ
ল৷ আলোচনা কিজানি বহুদূৰ আগ বাঢ়িল৷ মই
সময় মতেই ওলাইছিলোঁ
, কিন্তু হঠাতে বাটতে অতিথিশালাৰ ফালে
কিবা এটা দেখি ভাবিলোঁ সন্দেহটো মাৰি যোৱাই ভাল হ
ব৷

কথাখিনি কৈহে সি
উশাহ ল
লে৷ মহাৰাজে তেওঁৰ তীক্ষ্ণ দৃষ্টিৰে লক্ষ্য কৰিলে, বাটলুৰ
অকণমানি বুকুখনে খুব ঘন ঘনকৈ উশাহ লৈছে৷ তাৰ মানে ই কিবা এটা উত্তেজক খবৰ আনিছে
,
তেওঁ ভাবিলে৷ ভিতৰি ভিতৰি তেওঁ জানিবলৈ অধৈৰ্য হৈ উঠিলেও বাটলুৱে
দিনৰ দিনটো পৰিশ্ৰম কৰাৰ কথা মনলৈ আনি ভাবিলে
, ‘লওক, বেচেৰাটোৱে উশাহ দুটামান লৈ সুস্থ হৈ লওক৷ কথা পাছে-পৰেও শুনিম৷ সি যি
দেখি আহিছে সেইখিনিতো ক
বই৷ তেওঁ কলে, ‘ব দে বোপাই, আমি বুজি পাইছোঁ৷ তই লাজো কৰিব নালাগে, লৰালৰিও কৰিব
নালাগে৷ জুৰণিপাৰৰপৰা আহি পায়েই যে তই আকৌ আমাৰ সভালৈ বুলি উধাতু খাই আহিছ সেয়ে
বহুত৷ এখুদমান প্ৰাণীটো হৈও তই যে নিজৰ দুখ-ভাগৰকো গণিতা নকৰি ৰাজ্যখনৰ সমস্যা
সমাধানৰ কাৰণে চিন্তা কৰিছ৷ নে কি কয় সভাসদসকল
? ’

আটায়ে হয় হয়
বুলিলে৷

: তেনেকৈ নক
মহাৰাজ৷ সেউজপুৰ ৰাজ্যখন আপোনাৰ কাৰণে যি মোৰ কাৰণেও তাতকৈ কোনোগুণে কম নহয়৷
ৰাজ্যখনৰ সমস্যা মানেই আমাৰ আটাইৰে সমস্যা৷

: হয় অবাটলু৷ তোৰ দৰেই আমাৰ সন্মানীয় সভাসদসকলেও তেনেকৈয়ে ভাবে৷ মই বৰ ভাগ্যৱান
বাটলু৷ তহঁতৰ দৰে সভাসদ লাভ কৰি মই সঁচাকৈয়ে গৌৰৱ বোধ
কৰোঁ৷ আজি সেনাপতিৰ লগতে তই
, মলুৱা আৰু ছট্‌ছটী মিলি
জুৰণিপাৰৰ ৰাইজৰ সমস্যাৰ যি সমাধান উলিয়ালি তাকে ভাবি মোৰ মনটো তেনেই উখল-মাখল
লাগি আছে৷ তহঁত কেউজনকে মই অন্তৰৰপৰা ধন্যবাদ জনাইছোঁ৷

মহাৰাজৰ লগতে
বাকীসকল সভাসদেও হিতৰাম
, বাটলু, মলুৱা আৰু
ছট্‌ছটীক সাধুবাদ দিলে৷ বাটলুৱে সৌহাদ্যসূচক মূৰ দুপিয়ালে৷ পিছে সেনাপতি হিতৰামহে
কিছু অস্বস্তিত পৰিল৷ তেওঁ লাহেকৈ ক
বলৈ ধৰিলে

: মহাৰাজ, আচলতে জুৰণিপাৰৰ সমস্যাটোৰ সমাধান আমাৰ বাটলু ডাঙৰীয়াইহে কৰিলে৷ একেবাৰে
অকলে কৰিছে৷ মই কালি ৰাতিপুৱাৰেপৰা ৰাইজখনৰ সম্মুখত আকাশ-পাতাল ভাবি-গুণি বহিয়েই
থাকিলোঁ
, কিন্তু তেখেতৰ নিচিনা একো সমাধানকে উলিয়াব
নোৱাৰিলোঁ৷ এখেতৰ নিচিনা বুদ্ধিৰ আগত মইহেন প্ৰকাণ্ড বাঘটো আচলতে একোৱেই নহওঁ৷

: হ
ব৷ সেইবোৰ এতিয়া এৰক, সেনাপতি
ডাঙৰীয়া৷ সমস্যা একোটা সমাধান কৰাটোহে ঘাই কথা৷ কোনে সমাধান কৰিলে কোনে কৰিব নোৱাৰিলে
সেইবোৰ আলোচনা কৰাৰপৰা কাৰো একো লাভ নহয়৷ এতিয়া আচল কথালৈ অহা যাওক৷ মহাৰাজ
,
আলোচনা কিমান দূৰ আগ বাঢ়িল?

: একো আগ বঢ়া
নাই অ

বাটলু৷ কেৱল বগলী পণ্ডিতে বিদেশী গাহৰিদুজনে গোপনে গোপনে আমাৰ
গাহৰিসকলৰ মাজত কিবা বিপ্লৱৰ কথা প্ৰচাৰ কৰাৰ প্ৰমাণ পাইছে৷  বিষয়টোৱে আমাক বৰ চিন্তাত পেলাইছে৷

: পণ্ডিত মহোদয়ে
ঠিকেই কৈছে তেনেহ
লে, মহাৰাজ৷ এতিয়া মই
দেখা-শুনাখিনি কওঁ শুনক৷

: ক ক৷

: মই কেইটামান
সন্দেহজনক দৃশ্য দেখি আহিলোঁ মহাৰাজ৷
কথাষাৰ কৈ বাটলু ৰল আৰু আটাইৰে মুখবোৰ লক্ষ্য কৰিলে৷ মহাৰাজকে ধৰি কেউজন সভাসদে উৎসুক হৈ
তাৰ ফালেই চাই আছে৷ সি কৈ গ

: মই আহি
থাকোঁতে বগী নামৰ গাহৰিজনীৰ লগতে তাইৰ সমনীয়া গাহৰিদুটাক অতিথিশালাৰ পিনে যোৱা
দেখিলোঁ৷ সিহঁত সাধাৰণভাৱে যোৱা নাছিল
, কিবা যেন বেয়া কাম এটা
কৰিবলৈহে আনে নেদেখাকৈ গৈছে তেনেকৈ গৈছিল৷ ইপিনে-সিপিনে চাই চোৰৰ দৰে যোৱা সিহঁতক
দেখি মোৰ মনত সন্দেহে বাহ ল
লে৷ লগে লগে ময়ো মনে মনে সিহঁতৰ
পিছ ল
লোঁ৷ মহাৰাজ, ভোলা নামৰ শৰণাৰ্থী
গাহৰিটো আগৰপৰাই অতিথিশালাতে আছিল আৰু জেপোলিন নামৰ বিদেশী মাষ্টৰটোৱে… অ নহয়
,
মাষ্টৰজনে হাতোৰা জোঁকাৰি জোঁকাৰি তাক কিবা বুজাই আছিল৷ কথাবোৰ
ভালকৈ শুনো বুলি মই আগ বাঢ়ি গ
লোঁ৷ ওচৰ চাপিহে দেখিলোঁ,
ইতিমধ্যে সেউজপুৰৰ প্ৰায় আটাইবোৰ গাহৰি তাত গোট খাই কিবা গুপ্ত
আলোচনা কৰিছে৷ অলপ পৰ ৰোৱাৰ পাছত মই যিটো দৃশ্য দেখিলোঁ মহাৰাজ…আপোনালোকে কিজানি
বিশ্বাসেই নকৰিব৷

কথাখিনি কৈ
উত্তেজিত হৈছিল বাটলু৷ সি ৰৈ দিলে৷ পিছে মহাৰাজে সুধিলে

: কি দেখিলি? কি দেখিলি? কৈ নেপেলাৱ কিয়?

: দেখিলোঁ মানে
মহাৰাজ
,
মোৰ নিজৰ চকুকে বিশ্বাস কৰিবলৈ টান পালোঁ জানেনে? ভুল দেখিছোঁ নেকি বুলি কেইবাবাৰো চকুহালকে টিপিয়াই চালোঁ৷ কিন্তু মই ঠিকেই
দেখিছিলোঁ মহাৰাজ৷ কি দেখিলোঁ জানেনে
? জেক নামৰ গাহৰিটোৱে…
অ নহয়
, গাহৰিজনে পিছঠেং দুটাত ভৰ দি থিয় হৈ হাতোৰা দুখনক
মানুহৰ হাতৰ নিচিনাকৈ ব্যৱহাৰ কৰিবলৈ শিকাই আছিল৷ মই স্পষ্টভাৱে দেখিলোঁ৷

: সেইটো আকৌ
কেনে কাণ্ড
? – বাটলুৰ কথা শুনি মন্ত্ৰী বৃকোদৰে আচৰিত হৈ সুধিলে,
মোৰ ইমানখিনি বয়স হ, অথচ
কোনো গাহৰিকে তেনেকৈ মানুহৰ নিচিনাকৈ থিয় হোৱা দেখা নাই৷ অকল বান্দৰসকলৰ বাহিৰে
বাকী কোনো জন্তুৱেই তেনে কৰা মই দেখা নাই৷ আপোনালোকে দেখিছে যদি অৱশ্যে মই নাজানো৷

আটায়ে দেখা নাই
দেখা নাই বুলি মত প্ৰকাশ কৰিলে৷ বাটলুৱে আকৌ ক
বলৈ ধৰিলে

: মজাৰ কথাটো হ,
আমাৰ সেউজপুৰীয়া গাহৰিবোৰক বিদেশীটোৱে তেনে কৰিবলৈ কোৱাত প্ৰত্যেকেই
যত্ন কৰিবলৈ গৈ ধুপুচ্‌ ধুপুচ্‌কৈ বাগৰিহে পৰিল৷ দৃশ্যটো বৰ ভাল লগা হৈছিল৷ …
কিন্তু মই বৰ দুখ পালোঁ
, সেউজপুৰীয়া গাহৰিসকলে যেন বিদেশী
গাহৰিদুটাকে নিজৰ হৰ্তা-কৰ্তা-বিধাতা বুলি মানি লৈছে৷ তাত থকা কিতাপ-পত্ৰৰ ওখ দ
মটোৰ ওপৰত উঠি মই সকলোকে ভালকৈ চালোঁ৷ সিহঁতৰ আটাইবোৰ কথাও শুনি আহিছোঁ
ভালকৈ৷ বিদেশীহঁতে আমাৰ গাহৰিবোৰক কিছুমান কথা চিঞৰি চিঞৰি ক
বলৈ শিকাইছে৷ কথাবোৰ এনেকুৱাগাহৰিসকল এখন অৰণ্যৰ
মগজুস্বৰূপ৷ গাহৰিসকলেই শ্ৰেষ্ঠ
, বাকীবোৰ পশু নিকৃষ্ট৷
আটাইতকৈ ডাঙৰ কথাটো হৈছে মহাৰাজ
, সেউজপুৰত হেনো গাহৰিৰ ৰাজ্য
প্ৰতিষ্ঠা কৰিব সিহঁতে৷ পৃথিৱীৰ প্ৰতিখন অৰণ্যতে হেনো সিহঁতৰ গিয়াতিবোৰে গাহৰিৰ
ৰাজ্য প্ৰতিষ্ঠা কৰিব৷ … এতিয়া অতি সোনকালে কিবা এটা হেস্ত-নেস্ত কৰিব লাগে
মহাৰাজ৷

: এৰা !
বুলি মহাৰাজে এটা দীঘলীয়া হুমুনিয়াহ এৰিলে
, ‘কথাবোৰ দেখোন
ভবাতকৈয়ো বেছি আগ বাঢ়িছে৷ ইমান কম সময়তে বিদেশী দুজনে এনে ষড়যন্ত্ৰ ৰচিব বুলি মই
কস্মিনকালেও ভবা নাছিলোঁ৷ মোৰ মৰমৰ প্ৰজাসকলৰ মাজত ভেদভাব সিঁচি সেউজপুৰৰ
সাতামপুৰুষীয়া ঐক্যৰ বান্ধোন তেনেই সোলোক-ঢোলোক কৰি পেলাব খুজিছে দেখোন৷

মহাৰাজ হতাশ
হোৱা যেন অনুভৱ কৰি বগলী পণ্ডিতে বুজনিৰ সুৰত ক
লে

: ইমানকৈ
চিন্তিত নহ
, মহাৰাজ৷ আমি ভাবি-গুণি যিমান
পাৰোঁ সোনকালে কিবা এটা ব্যৱস্থা কৰিম৷ আৰু আপোনাৰ প্ৰজা গাহৰিসকলে আপোনাৰ
মৰম-চেনেহ ইমান সহজে পাহৰি যাব নোৱাৰে বুলিয়েই মই বিশ্বাস কৰোঁ৷ কেৱল কিবা এক মোহ
বা ভুল ধাৰণাৰ বশৱৰ্তী হৈহে তেওঁলোকে বিদেশীৰ মন্ত্ৰ ধাৰণ কৰিব খুজিছে৷

পণ্ডিতৰ কথা
শুনি মহাৰাজে কিছু সকাহ পোৱা যেন অনুভৱ কৰিলে৷ হঠাতে সেনাপতি হিতৰাম উথলি উঠিল

: ইহঁতক আৰু লাই
দিব নোৱাৰি মহাৰাজ৷ মোক অনুমতি দিয়ক
, মই কাইলৈকে গৈ এই বিদেশী
গাহৰিদুটাক সেউজপুৰৰপৰা খেদি পঠিয়াম৷ নহ
লে সিহঁতৰ বুকু ফালি
চিৰাচিৰ কৰি আমাৰ গাহৰিহঁতক সিহঁতৰ কলিজা দুটা দেখুৱাম৷ পৃথিৱীত গাহৰি ৰাজ্য পাতে
! গাহৰি ৰাজ্য !

: শান্ত হোৱাঁ
সেনাপতি৷ তেনে কৰিলে হিতে বিপৰীত হ
ব৷ ভাবি-গুণিহে সিদ্ধান্ত
ব লাগিব৷ মহামন্ত্ৰী বৃকোদৰে কলে৷ হিতৰামে ভাবিলে, মহামন্ত্ৰীৰ লৰা গদাধৰ যিহেতু ইংলেণ্ডতে পঢ়া-শুনা কৰি আছে, ৰাৰ অপকাৰ হয় বুলিয়েই মন্ত্ৰী মহোদয়ে তেনেকৈ কৈছে৷ সেয়ে হিতৰামে আকৌ কলে, ‘আপোনাৰ লৰা গদাধৰৰ
সিহঁতে নোম এডালো লৰাব নোৱাৰে মহামন্ত্ৰী মহোদয়৷ লাগিলে মই নিজেই গৈ তেওঁক
ইংলেণ্ডৰপৰা লৈ আহিমগৈ৷

: ক্ষান্ত হোৱাঁ, সেনাপতি৷ মহামন্ত্ৰী ডাঙৰীয়াই নিজৰ সন্তানৰ কথা ভাবি তোমাক তেনেকৈ কৈছে
বুলি মই ভবা নাই৷ তেখেতে চিন্তা কৰিছে সেউজপুৰৰ গৰিমা ৰক্ষাৰ কথাহে৷ নহয়নে
মহামন্ত্ৰী মহোদয়
?

: আপুনি ঠিকেই
কৈছে মহাৰাজ৷

: বাৰু তেনেহলে
আটায়ে চিন্তা কৰক
, এই সন্ধিৰ বাঁহ কি বুদ্ধিৰে কাটিব পাৰি৷
আমি তেনেহ
লে আকৌ কাইলৈ গধূলিও এনেকৈয়ে লগ হম৷ কাকো বেলেগে জাননী নিদিওঁ৷ আটায়ে কথাবোৰৰ গম লবলৈ
যত্ন কৰকচোন৷

(অহা সংখ্যালৈ বাট চোৱাঁ৷) 

শ্ৰব্য ৰূপ