ৰ’দে-বৰষুণে ইমান যে গান

 লোকনাথ গোস্বামী

-৮


(১)

দ বেছেৰীয়া
গাঁৱৰ পৰা গৈ ভোমোৰাগুৰি জাহাজ ঘাট পাওগৈ মানে প্ৰায় আবেলি হৈছিল৷ জাহাজ ঘাটত
দেখিলো অজস্ৰ মানুহ
, জাহাজত উঠি 
পাৰ হবলৈ হেতা-ওপৰা লগাইছে৷ মানুহৰ ভিৰ থেলি সৰু দাদাই আমাক টিকট কাউণ্টাৰৰ
ওচৰলৈ লৈ গ’ল৷  জাহাজৰ কৰ্মচাৰী দুজনমানৰ
সৈতে কথা পতা দেখিলো দাদাই৷ অলপ পিছত জাহাজৰ কৰ্মচাৰী এজন আহি দেউতাৰ সৈতে আমাৰ
পৰিয়ালটোক জাহাজৰ ভিতৰলৈ লৈ গ’ল৷ দেউতাক নি কোনোমতে ভিতৰত বহুৱালেগৈ৷ আমি বাকী
বিলাক থিয় হৈ থাকিলোঁ৷ এটা সময়ত জাহাজ চলিল৷ জাহাজখন চলাৰ পিছত তাৰ মানুহে দেউতাক
কোৱা শুনিল
,  সেইখনেই
বোলে অন্তিম জাহাজ৷ সন্ধিয়া হ’লে জাহাজ চলোৱাটো বোলে সম্ভৱ  নহ’ব৷ মানুহ নিয়ন্ত্ৰণ কৰাটোৱেই টান হ’ব৷ আমাৰ
দেউতাক বোলে জাহাজৰ মানুহে দেখিয়েই চিনি পাইছিল৷ দেউতাই একেবাৰে সত্ৰাধিকাৰৰ সাজত
গৈছিল৷ দেউতা ওখ-পাখ মানুহ আছিল৷ মানুহে দূৰৰ পৰাই দেখিলে দেউতাক চিনি পায়৷ এটা
সময়ত জাহাজ গৈ শিলঘাটত লাগিলগৈ৷ আমি জাহাজৰ পৰা নামোতে এন্ধাৰ হৈছিল যদিও ঘাটত
পৰ্যাপ্ত বিজুলী চাকিৰ ব্যৱস্থা কৰা হৈছিল৷ তেতিয়ালৈকে আমি নাজানো আমি কলৈ যাম
,
কেনেকৈ
যাম! পুৱাৰ পৰা পেচাব কৰাৰ সময়
,সুযোগ পোৱা নাছিলো৷ সেই কাৰণে ছেগ বুজি
ওচৰতে অকণমান মুকলি ঠাই পাই মই পেচাব কৰিবলৈ গৈছিলো৷ হথাৎ মোক ওচৰত নেদেখি
মা-দেউতাহঁতৰ হাহাকাৰ লাগি গ’ল৷৷ মাজু দাদাই বিচাৰি গৈ মোক পেচাব কৰি থকা অৱস্থাতে
পাই কাণ খনত ধৰি দেউতাহঁতৰ ওচৰলৈ টানি লৈ আহিল৷

(২)

তেনেতে এজন
বয়োজ্যেষ্ঠ লোক আমাৰ ফালে আগ বাঢ়ি আহি দেউতাক মাত লগালেহি৷ তেখেতে দেউতাক চিনি
পাইছিল৷ মানুহজনে নিজৰ পৰিচয় ডাঙি ধৰি দেউতাক কলৈ যাব সুধিলে৷ দেউতাই একো ক’ব
নোৱাৰাত তেখেতে আমাৰ পৰিয়ালটোক তেখেতৰ ঘৰলৈকে লৈ যোৱাৰ কথা কলে৷ দেউতায়ো আপত্তি
নকৰিলে৷ তেখেতে পিছে পিছে মানুহৰ ভিৰৰ মাজেৰে আমাক লৈ গৈ জীপ এখনত বহুৱালেগৈ৷ তাৰ
পৰা যাত্ৰা আৰম্ভ হ’ল৷ শিলঘাট টাউন পোৱাৰ পিাচত জীপখন ৰাখি আমাক নামিবলৈ ক’লে৷
প্ৰথমে আমি মানুহজনৰ ঘৰ পোৱা বুলিয়েই ভাৱিছিলোঁ৷ পাছত তেওঁ ক’লে সেইখন ভবানন্দ
গোস্বামীৰ ঘৰ
, শিলঘাট অঞ্চলৰ এগৰাকী বিশিষ্ট ব্যক্তি৷ ভবানন্দ
গোস্বামীয়ে দেউতাক জানে৷  তাতে আমাক
মুখ-হাত ধুই ক্ষন্তেক জিৰাবলৈ ক’লে৷ কিয়নো পুৱাৰ পৰা আমাৰ পৰিয়ালটোৱে ক’তো
এধানমানি জিৰাবলৈ সুৰুঙা পোৱা নাছিলো৷ খোৱা-বোৱাৰ কথাতো বাদেই৷ ইফালে ঠাণ্ডা দিন৷
ভবানন্দ গোস্বামীৰ ঘৰত চাহ-তাহ খোৱাৰ পাছত আকৌ জীপত উঠিলোঁ৷ বাটত যাওঁতেহে দেউতাৰ
সৈতে হোৱা কথা-বতৰাৰ পৰা জানিব পাৰিলো মানুহ জনৰ নাম পদুম শৰ্মা৷ তেখেত হাটবৰৰ
সমীপৰ শাকমুঠীয়া বাগিচাৰ বৰ কেৰাণী৷ আমাক তেখেতে বাগিচাৰ কোৱাৰ্টাৰলৈকে লৈ গৈছে৷
এটা সময়ত পদুম শৰ্মাৰ বাগিচাৰ কোৱাৰ্টাৰত উঠিলোগৈ৷ ঘৰখনত ভৰি দিহে স্বস্তিৰ
নিশ্বাস পেলালোঁ৷ তেওঁলোকৰ তাত ৰেডিঅ’ আছিল৷ 
পুৱা-গধূলী ৰেডিঅ’ৰ ওচৰতে আমি কটাইছিলো যুদ্ধৰ বা-বাতৰি লৈ৷

 

(৩)

 

শাকমুঠীয়া
বাগিচাৰ কোৱাৰ্টাৰত আমি এসপ্তাহ মানহে থাকিলো৷ পদুম শৰ্মাৰ সহধৰ্মিনী আৰু দুজন
বুজন বয়সৰ পুত্ৰক পাইছিলোঁ৷ তাতে আমি কিছুদিন থকা-মেলা কৰিছিলোঁ৷ মোৰ এটা কথা আজিও
মনত আছে৷ সাধাৰণতে আমাৰ ঘৰত ভাত খোৱাৰ পাছত খোৱা কাঁহী-বাটি
, বাচন-বৰ্তন
আদি ৰাতিয়েই ভালদৰে ধুই পখালি পাকঘৰৰ মজিয়াখন মচি-কাচি চাফা কৰি থোৱা হয় যাতে পুৱা
পৰিচ্ছন্ন পাকঘৰটোত সোমাই কাম কৰিবলৈ সুবিধা হয়৷ পদুম শৰ্মাৰ ঘৰত দেখিছিলোঁ
ভাত-পানী খোৱা হোৱাৰ পাছত পাকঘৰত তলা লগাই থোৱা হয়৷ পুৱা বাগানৰ কাম কৰা মানুহ আহি
ৰাতিৰ খোৱা-বোৱা কৰা কাঁহী-বাটি
,কেৰাহী-বটুৱা আদি বাহিৰলৈ উলিয়াই নি
ধোৱাৰ লগতে পাকঘৰটো বাঢ়নীৰে সাৰি চাফা কৰে একেখিনি মানুহে৷ পাকঘৰটো ৰাতিটো তেনেকৈ
থোৱা আৰু চোতাল সৰা বাঢ়নীৰে পুৱা সাৰি চাফা কৰা কথাটো মাই মুঠেও ভাল পোৱা নাছিল৷
কিন্তু একো কোৱাৰ ৰাস্তা নাছিল মাৰ৷

শাকমুঠীয়া
বাগিচাত কিছুদিন থকাৰ পিছত তাৰ পৰা হাটবৰত থকা মহা প্ৰিয়নাথ শৰ্মাৰ ঘৰলৈ আহিলোঁ৷
সেইখন ক্ষীতিশ শৰ্মা(কাণুদা
, বৰ্তমান প্ৰয়াত), বিশিষ্ট
সাহিত্যিক উপেন বৰকটকী(উমাদা)হঁতৰ ঘৰ৷ নগাঁও-যোৰহাট ঘাইপথৰ দাঁতিতে ঘৰ৷ পুৱা-গধূলি
মিলিটাৰীৰ ডাঙৰ ডাঙৰ কনভয় অহা-যোৱা কৰি থাকে৷ আমি চোতালৰ পৰা বাই-বাই
, টা-টা
দিওঁ সেনা  বাহিনীক৷ মহাহঁতৰ ঘৰৰ কাষৰ
স্কুলখনত এটা ডাঙৰ আশ্ৰয় শিৱিৰ পতা হৈছিল
, য’ত 
উত্তৰপাৰৰ পৰা ভাগি অহা মানুহখিনিয়ে আশ্ৰয় ল’বলগীয়া হৈছিল৷ কাণুদা-উমাদাহঁতৰ
হাতত ধৰি পুৱা-গধূলি প্ৰায়ে শিবিৰটোলৈ গৈছিলোঁ৷ কাণুদাহঁতে মানুহবিলাকৰ থকা-খোৱাৰ
সুবিধা-অসুবিধাৰ খা-খবৰ ৰাখি আছিল নিতৌ৷

 

(৪)

 

এটা সময়ত যুদ্ধৰ
সমাপ্তিৰ খবৰ আহিল৷ খবৰ পায়েই আমি হাটবৰৰ পৰা 
প্ৰায় এমাহৰ পিছত নিজৰ গাঁও
, নিজৰ ঘৰলৈ উভতিলো৷ গাঁও আহি পোৱাৰ লগে
লগে যোৱাৰ দিনটোৰ দৰেই চুবুৰীয়া মানুহখিনি আমাক চাবলৈ বাটলৈ ওলাই আহিল৷ মানুহখিনিক
দেখি কিবা এটা অপৰাধবোধ জাগিছিল  মোৰ মনত৷
দেউতা গাড়ীৰ পৰা নমাৰ লগে লগে পূৰ্ৱৰ দৰেই সাদৰ-সম্ভাষণ জনালে মানুহখিনিয়ে৷
দেউতায়ো আটাইৰে কুশল-মঙ্গলৰ খবৰ ল’লে৷ তাৰ মাজৰে এজনে দেউতাক গহীনভাৱে কবলৈ
নেপাহৰিলে
,’আপানালোকে আমাক নিঠৰুৱাকৈ এৰি থৈ গৈছিল৷ আমি
কিন্তু নমৰিলো৷ বৰঞ্চ আপোনালোকৰ বাৰী-ঘৰৰ কুটা এগছো হৰণ-ভগন হবলৈ নিদি ৰাতি ৰাতি
পাল পাতি পহৰা দিয়াৰ ব্যৱস্থা কৰিলো৷’ দেউতাই মানুহজনক কি ক’লে নুশুনিলো৷ মোৰ
কিন্তু মানুহজনৰ কথা শুনি চুবুৰীয়া মানুহখিনিৰ প্ৰতি কৃতজ্ঞতাৰে মনটো ভৰি গৈছিল৷

আমি ঘৰলৈ ঘূৰি
অহাৰ পিছত আমাৰ আত্মীয়-স্বজনে কোৱা শুনিছিলোঁ তেজপুৰৰ দাঁতি কাষৰীয়া মানুহখিনিৰ
বোলে সেইখিনি সময়ত অবৰ্ণনীয় অৱস্থা হৈছিল৷ ৰাতি ৰাতি কোলাত কেঁচুৱা
, মূৰত
খোৱা বস্তু
, কাপো-কানিৰ টালি-টোপোলা লৈ ল’ৰা-ছোৱালী,
মতা-মাইকী,
বুঢ়া-থেৰা
হেজাৰ হেজাৰ মানুহ কোনোবাই খোজ কাঢ়ি
, নহলে কোনোবাই গৰুগাড়ীৰে ব্ৰহ্মপুত্ৰৰ
বালি চৰলৈ ঢাপলি মেলিছিল৷ মানুহবিলাকৰ দুখে কুলাই-পাচিয়ে তেনেই নধৰা অৱস্থা৷
সেইফালৰ পৰা আমি ঘৰৰ পৰা গুচি যোৱাটো শুভবুদ্ধিৰ পৰিচায়কেই আছিল৷ অন্যথা চীনা
সৈন্যই কচু কটা নিদিলেও যমৰ যাতনা ভূগিব লগীয়া হ’লহেঁতেন৷ পিছতহে শুনিলো
,তেজপুৰ
টাউন জনশূন্য হৈ পৰিছিল৷ পগলা জেলৰ মানুহ বিলাকক জেলৰ ভিতৰৰ পৰা ৰাজপথলৈ উলিয়াই
দিয়া হৈছিল৷ ষ্টেট বেঙ্কৰ টকাবিলাক পদুম পুখুৰীলৈ দলিয়াই দিয়া হৈছিল৷

এই ঘটনাই আমাৰ
মনত যি গভীৰ সাঁচ বহুৱালে সেয়া কাহানিও পাহৰা সম্ভৱ নহয়৷ আজিও সেই অভাৱনীয়
দৃশ্যবিলাক জলজল-পটপটকৈ চকুৰ আগত ভাঁহি 
আছে৷  (আগলৈ)