দাদুল দেৱকৃষ্ণ বৰুৱা

* ১৬ *


        ৰাতি টোপনি ভাল নহ
ষ্টেপানৰ। কেৱল মলেঁয়াৰ কথাই তেওঁক আমনি কৰি থাকিল। তাই প্ৰথমবাৰৰ বাবে ঘৰৰ বাহিৰত নিশা
কটাইছে। তাই ঠাণ্ডা পাইছে নেকি বাৰু! আনদিনা ষ্টেপানৰ বিছনাৰ কাষতে তাই শোৱে।
চিমনিত জ্বলি থকা জুয়ে কোঠাটো উমাল কৰি ৰাখে। তাই প্ৰথমবাৰলৈ তেওঁৰ অবিহনে ঘৰৰ
বাহিৰত ৰাত্ৰি যাপন কৰিছে
; গতিকে
কষ্ট পোৱা বুলি ভাবিয়েই ষ্টেপানৰ ৰাতি টোপনি ঘনে ঘনে ভাগিল। ৰাতিপুৱা সাৰ পায়েই ঘৰৰ
মূধচত মলেঁয়া আৰু তাইৰ লগৰীয়া চৰাইটোৰ মাত শুনি তেওঁৰ মনটো এক বুজাব নোৱাৰা
সুখেৰে ভৰি পৰিল— অৱশেষত মলেঁয়াই তাইৰ স্বগোত্ৰীয় সংগী পাইছে। বৰ ভাল লগা কথা
ষ্টেপানৰ বাবে। আৰু মলেঁয়াৰ বাবে
? তাইৰ বাবে নিশ্চয়কৈ এয়া প্ৰাপ্তিৰ সুখ। 

সৰুতে ষ্টেপানে ভাবিছিল— চৰাইবোৰ সদায় সুখী! সুখী মন এটা লৈ উৰি
ফুৰে ইঠাইৰ পৰা সিঠাইলৈ। ডালত বহি জিৰায়। মন যোৱা ঠাইবোৰ উৰি উৰি গৈ চাই আহিব
পাৰে। চৰাইবোৰ সঁচাকৈয়ে সুখী! তেওঁ কেতিয়াবা ভাবিছিল— চৰাইৰ কিবা দুখ আছেনে
? কি কৰি জীৱন কটায় চৰাইবোৰে? ৰাতিবোৰ কেনেকৈ পাৰ কৰে
তাহাঁতে
? সঙ্গী
হেৰাই গ
লে কি
কৰে
? সামান্য
মনোমালিন্য ঘটিলেই চৰাইৰ সঙ্গী কি কর্কশ হৈ উঠে
? 

যেতিয়া লৰাহঁতৰ
মাক ঢুকাইছিল আৰু ল
ৰাহঁত
বিদেশলৈ বুলি গুচি গৈছিল
, তেতিয়া
আজৰি দিনবোৰত গোটেই দিনটো ঘৰৰ মুকলি বাৰাণ্ডাত বহি
, চৰাইবোৰ উৰি যোৱা চাই থাকোঁতে বিশেষকৈ পুৱা, বিয়লি আৰু সন্ধিয়া চৰাই
বিষয়ক বহু কথাই মনলৈ আহিছিল ষ্টেপানৰ— পুৱা চৰাইবোৰ উৰে দক্ষিণৰ পৰা উত্তৰলৈ। আকৌ
গধূলিৰ আগেয়ে উত্তৰৰ পৰা দক্ষিণলৈ উৰে। চৰাইবোৰে প্রতিদিনে কিয় এনেকুৱা কৰে!
 

চৰাইৰ শৃঙ্খলিত জীৱনে ষ্টেপানক অবাক কৰি আহিছে। দূৰৈৰ আকাশত কিদৰে
এনে নিয়ম মানি একেলগে উৰে সেয়াও কম ৰহস্যময় নহয়। আজিপর্যন্ত আকাশত চৰাইৰ সতে
চৰাইৰ কোনো সংঘর্ষৰ খবৰ পাইছে কোনোবাই
? নাই, ষ্টেপানে
চৰাই দেখা দিন ধৰি এনে ঘটনা দেখা নাই আৰু শুনাও নাই।
 

প্রকাৰ ভেদে চৰাই অনেক প্রকাৰৰ হলেও, নিজৰ
বৰণৰ চৰাইবোৰৰ মাজত তেনে কোনো পাৰ্থক্য নাই! কিন্তু ইহঁতৰ এটাই আনটোক কিদৰে চিনি
পায়
, একে
গোত্রৰ সংগী ৰাখে কিদৰে! এনেবোৰ প্ৰশ্ন মনলৈ অহাৰ সময়ত কেতিয়াবা এই কথায়ো আমনি
কৰে— যদি চৰাইৰ লগত কথা পাতিব পাৰিলোঁহেঁতেন! ইহঁতৰ কার্যসমূহ জানি মানুহৰ মাজত
প্রকাশ কৰিব পাৰিলোঁহেঁতেন!
 

চৰাইৰ যিটো বিষয়ে ষ্টেপানক সাহস যোগায় ভবাৰ, সেয়া হৈছে চৰাইবোৰৰ
মায়াভৰা তীক্ষ্ণ চকু। ঈগলে কিদৰে ইমান ওপৰৰ পৰা চকুৰে দেখে
, তললৈ নামি আহে নিখুঁতভাৱে।
এয়া বাৰু কিদৰে সম্ভৱ! শালিকীৰ চকুৰ ৰং কিযে অসাধাৰণ সৌন্দর্যমণ্ডিত!

ষ্টেপানৰ খুব ইচ্ছা জাগে জানিবলৈ— চৰাইবোৰে অৱসৰ সময় কটায় কিদৰে।
খাদ্যৰ যোগাৰ হৈ গ
লে, কিয় বহি ঠোঁটেৰে শৰীৰ
খজুৱায়! গোটেই ৰাতি কি কৰি কটায়! ধুমুহা-বৃষ্টিত ক
ত লুকাই থাকে! কিন্তু মলেঁয়া তেওঁৰ জীৱনলৈ অহাৰ
পাছত চৰাইৰ বিষয়ে তেওঁ আগৰে পৰা কঢ়িয়াই থকা বহু প্ৰশ্নৰেই উত্তৰ পাইছে। সমৃদ্ধ
হৈছে তেওঁ। এতিয়া তেওঁ আৰু সুখী হৈছে। নতুন চৰাইটোৰ আগমনে তেওঁক সুখী কৰিছে।
 

নিশা টোপনি ভাল নহল যদিও
ষ্টেপানে সোনকালেই বিছনা এৰিলে। বাজ ওলায়েই তেওঁ ঘৰৰ মূধচলৈ চালে। বাহটোত মলেঁয়া
শুই আছে তেতিয়াও। ওচৰতে থিয় দি আছে তাইৰ সংগী হ
বলৈ বুলি আগবাঢ়ি অহা চৰাইটো। তাইক যেন পহৰাহে দি
আছে! দৃশ্যটো দেখি পুৱাই ষ্টেপানৰ মনটো ভাল লাগিল। মলেঁয়াৰ নিৰ্ভয় নিদ্ৰাই তেওঁৰ
বুকুৰ একোণত লুকাই থকা শংকা তৎমুহূৰ্ততে নোহোৱা কৰিলে। তেওঁৰ বাদে ভৰসা কৰিব পৰা
আন এক সত্তা তাইৰ জীৱনলৈ আগমন ঘটাটো কম আনন্দৰ বতৰা নহয়। প্ৰফুল্লিত মন এটা লৈ
ষ্টেপান পুনৰ ভিতৰলৈ সোমাই গ
ল। 

প্ৰাতঃকৰ্ম কৰি আজৰি হল ষ্টেপান। কফিমাগটো হাতত লৈ তেওঁ পুনৰ বাহিৰ ওলাল। চকী এখন চোতাললৈ
নি তাতে বহি পৰিল। কফিত চুমুক দি দি তেওঁ মলেঁয়া আৰু নতুন চৰাইটোৰ ওপৰত দৃষ্টি
নিৱদ্ধ কৰিলে। সিহঁতহালে ইটোৱে সিটোৰ পাখি কটালি দিছে। এয়াই সিহঁতৰ মৰম। চেনেহৰ
বুলনি। বুকুৰ ভিতৰত থকা মৰমৰ বহিঃপ্ৰকাশ। মলেঁয়াৰ বুকুত যে কিমান দিনৰ সাঁচতীয়া
মৰম আছে!
 

মলেঁয়া আৰু নতুন চৰাইটোৰ গতি-বিধি চাই থাকোতেই ষ্টেপানে গেটখন খোলাৰ শব্দ শুনি
পদূলিৰ ফালে চালে। মাৰ্ক
সোমাই
আহিছে। আজি স্কুল বন্ধ
; সেয়ে সি
সোনকালেই ওলালহি। হয়তো তাৰ মনতো নতুন চৰাইটোক লৈ কৌতূহলে ক্ৰিয়া কৰি আছে।
চাইকেলখন চোতালৰ একাষে ৰখাই সি টুল এখন আনি ষ্টেপানৰ ওচৰতে বহিলহি। এবাৰ ষ্টেপানলৈ
আৰু এবাৰ আপোন মনে মৰম বিনিময় কৰি থকা মলেঁয়া আৰু নতুন চৰাইটোলৈ চাই মিচিকিয়ালে
মাৰ্ক
ই। তাৰ
মিচিকিয়া হাঁহিটোত জিলিকি উঠিল মনৰ গভীৰ গোপনৰ পৰা নিগৰি অহা সুখানুভূতি।

: দেখি ভাল
লাগিছে ন!— ষ্টেপানে সুধিলে।

: ওঁ।— মূৰ
দুপিয়ালে মাৰ্ক
ই।

: মলেঁয়া
সুখী!

: আমিও।—
হাঁহিলে মাৰ্ক
ই। 

চকুৰে নেদেখা নিলগৰ পৰা আহি নতুন চৰাইটোৱে তাৰ সংগী হিচাপে বাছি
লৈছেহি মলেঁয়াক। উৰিব নোৱৰা মলেঁয়াৰ বাবে চৰাইটো যেন দেৱদূত! দেৱত্ব গুণেৰে
ভূষিত! এটা গোলাৰ্ধৰ পৰা আন এটা গোলাৰ্ধত আহি মলেঁয়াক নিৱেদন কৰিছেহি প্ৰেম।

: চৰাইটো
বাৰু ক
ৰপৰা
আহিছে
?— মাৰ্কই ষ্টেপানলৈ চাই প্ৰশ্ন
কৰিলে।

: দক্ষিণ
আফ্ৰিকাৰ পৰা।— ষ্টেপানৰ উত্তৰ।

: আপুনি
কেনেকৈ জানিলে
?— মাৰ্কউদগ্ৰীৱ হৈ উঠে।

: ক্ৰৱেছিয়াৰ
হোৱাইট ষ্টৰ্কবোৰ শীতকালত দক্ষিণ আফ্ৰিকালৈ যায়গৈ আৰু শীতকাল শেষ হ
লে উভতি আহে।— ষ্টেপানে কলে।

: বহু
দূৰ…!

: ওঁ…
বহু দূৰ…। চৈধ্য হাজাৰ কিলোমিটাৰ।

: ইম্মান
দূৰ!— বিস্ময়ত মাৰ্ক
ৰ চকুহাল
ডাঙৰ হৈ উঠিল।

: অহা আৰু
যোৱা মিলাই আঠাইছ হাজাৰ কিলোমিটাৰ।— ষ্টেপানে হাঁহিলে।
 

মাৰ্কক বুজালে
ষ্টেপানে আফ্ৰিকাৰ পৰা ক্ৰৱেছিয়া পাবলৈ কিদৰে সুদীৰ্ঘ যাত্ৰাপথত বহু বাধা-বিঘিনি
অতিক্ৰম কৰিবলগীয়া হয় হোৱাইট ষ্টৰ্কবোৰে। ইজিপ্ত
, ইৰাকৰ বিশাল মৰুভূমি, ষ্টেপ ঘাঁহনি অঞ্চল, ভূমধ্যসাগৰীয় অঞ্চল, আফ্ৰিকাৰ উপকুল অতিক্ৰম
কৰিবৰ বেলিকা বহুবাৰ প্ৰতিকূল পৰিস্থিতিৰ সন্মুখীন হ
বলগীয়া হয় এই হোৱাইট
ষ্টৰ্কবোৰে। অতিক্ৰম কৰিবলগীয়া হয় ইটো সিটোকৈ অনেক প্ৰাকৃতিক দুৰ্যোগ।

: হোৱাইট
ষ্টৰ্কবোৰৰ এই যাত্ৰাপথত আটাইতকৈ প্ৰত্যাহ্বানপূৰ্ণ ঠাইখণ্ডই হ
ল লেবানন।— ষ্টেপানে কলে।

: কিয়?— মাৰ্কআচৰিত হয়।

: লেবাননৰ
আকাশ যেন এই চৰাইবোৰৰ বাবে মৰণফান্দহে। এইখন দেশৰ মাজেৰে অহা ২০০ কিলোমিটাৰ উৰণ
পথত খাপ পিটি থাকে চোৰাং চিকাৰীৰ বন্দুকৰ গুলি। বছৰি হাজাৰ হাজাৰ পৰিভ্ৰমী পখীৰ
বুকু ভেদি যায় লেবানিজ চিকাৰীৰ বন্দুকৰ গুলিয়ে।

: মানুহ
সঁচাকৈয়ে বৰ অপকাৰী জীৱ দেই।— কথাখিনি শুনি মাৰ্ক
ই কলে।

: কেৱল
মানুহেই নহয় বাৰু
, কেতিয়াবা
প্ৰকৃতিৰ জীৱ একোবিধো আন একোবিধ জীৱৰ অস্তিত্বৰ প্ৰতি ভাবুকি হৈ পৰে।— ষ্টেপানে ক
লে।

: কেনেকৈ?

: এইটো
প্ৰশ্নৰ উত্তৰ দিবলৈ অষ্ট্ৰেলিয়া পাবগৈ লাগিব মই।— হাঁহিলে ষ্টেপানে।

: কওকচোন।—
মাৰ্ক
ই আব্দাৰ
জুৰিলে।

ষ্টেপানে অষ্ট্ৰেলিয়াত যে মেকুৰীৰ উৎপাতত চৰাই থাকিব নোৱৰা অৱস্থাৰ
সৃষ্টি হৈছিল সেয়া ক
বলৈ
আৰম্ভ কৰিলে। তেওঁ কৈ গ
ল—
পোহনীয়া প্রাণী হিচাপে অনেকৰ বাবেই মেকুৰী বেছ আদৰৰ। অষ্ট্ৰেলিয়াত পোহনীয়া
মেকুৰীতকৈ বনৰীয়া মেকুৰীৰ সংখ্যা বহু বেছি। সেয়ে দেশখনত ২০ লাখ মেকুৰী হত্যা কৰা
হৈছিল। অৱশ্যে মেকুৰীৰ সংখ্যাৰ আধিক্যৰ কাৰণে এই কাৰ্য কৰা হোৱা নাছিল। বৰং
মেকুৰীৰ বিৰুদ্ধে উঠা সুনির্দিষ্ট এটা অভিযোগৰ কাৰণেহে ‘মেকুৰী নিধনৰ
দৰে নিষ্ঠুৰ পথ বাছি লবলৈ বাধ্য হৈছিল দেশখনৰ
কর্তৃপক্ষ।
 

দেশখনৰ মেকুৰীৰ বিৰুদ্ধে উঠা প্রধান অভিযোগটো আছিল— প্রচুৰ সংখ্যক
চৰাই হত্যা কৰে এই মেকুৰীবোৰে। দেশখনত প্রতিদিনে ১০ লাখৰো বেছি চৰাই হত্যা কৰে
বনৰীয়া আৰু পোহনীয়া মেকুৰীয়ে। মেকুৰীৰ এই খুনী স্বভাৱৰ কাৰণে দেশখনৰ বহু
প্রজাতিৰ চৰাই বিলুপ্তিৰ গৰাহত পৰিছিল।
 

অষ্ট্ৰেলিয়াৰ ইতিহাস অনুযায়ী, দেশখনলৈ প্রথম মেকুৰীৰ আগমন ঘটে সপ্তদশ শতিকাত। সেই সময়ত নির্দিষ্ট
কিছু ঠাইতহে ইহঁতক পোৱা গৈছিল। কিন্তু বংশ বিস্তাৰ হওঁতে হওঁতে দেশখনৰ ৯৯.৯ শতাংশ
এলেকালৈ বিস্তাৰিত হৈছে মেকুৰী। বন মেকুৰীবোৰ হাবিত থকা বাবেই স্বভাৱতেই বাচি থকাৰ
প্রয়োজনত চিকাৰ কৰিবলগীয়া হয়। চৰাই সংৰক্ষণৰ স্বার্থত মেকুৰী হত্যা কৰাটোৱেই
শ্রেয় বুলি গণ্য কৰা হৈছিল দেশখনত। কুইন্সলেণ্ডত এটা মেকুৰী বধ কৰিলে দহ ডলাৰকৈ
পুৰস্কাৰ দিয়াৰ ব্যৱস্থাও কৰা হৈছিল।

অষ্ট্ৰেলিয়াত মেকুৰী নিধনৰ কাহিনী কৈ থাকোতেই ষ্টেপানে শুনিবলৈ পালে
ডেউকা কোবোৱাৰ শব্দ। মলেঁয়াহঁতৰফালে চালে তেওঁ। চৰাইটো থিয় দি থকাৰ পৰা উৰিবলৈ
আৰম্ভ কৰিছে। সি মলেঁয়াৰ চাৰিওফালে কেইবাপাকো মাৰিছে। মলেঁয়াই বিশেষ ভংগীত
ডিঙিটো লৰাই লৰাই তাৰ উৰণ উপভোগ কৰিছে। ধীৰ গতিৰে মলেঁয়াৰ চাৰিওফালে ঘূৰি ঘূৰি
উৰাৰ পাছত চৰাইটোৱে একোবত সেই উৰণ-বৃত্ত এৰি আন এফালে উৰি গ
ল। উৰি গল মানে ষ্টেপানহঁতে চকুৰে
নমনা দূৰলৈ উৰি গ
ল।
মলেঁয়াই উদ্বিগ্নতাৰে ইফালে সিফালে চাই চিঞৰিলে। তাই ভয় খাইছে— কিজানি উভতি নাহে
তাইক সংগ দিয়া সেই দূৰ-সুদূৰৰ পক্ষী!

: চৰাইটো
বাৰু ঘূৰি আহিবনে
?— চিন্তাক্লিষ্ট
দেখা গ
ল মাৰ্কক।

: আহিব।—
ষ্টেপানে লাহেকৈ ক
লে।

: যদি
নাহে!— উদ্বিগ্ন মাৰ্ক

: নিশ্চয়
আহিব। সি হয়তো আহাৰ বিচাৰি গৈছে। তাৰ জানো ভোক নালাগিব
?

: এৰা। মই
কথাটো ভবাই নাছিলোঁ। সি নিশ্চয় খাদ্য বিচাৰিয়েই গৈছে।

: মলেঁয়াৰো
ভোক লাগিছে চাগে! তায়ো কালিয়েই খোৱা। তাইৰ বাবে জীয়াই ৰখা মাছ দুটা আছে বাৰু।

ষ্টেপানৰ কথা শুনি মাৰ্কভিতৰলৈ সোমাই গল। মাছ
জীয়াই ৰখা পাত্ৰটো বাহিৰলৈ উলিয়াই আনি ষ্টেপানৰ ভৰিৰ কাষতে ৰাখিলেহি। জীয়া মাছ
দুটা খলখলাই উঠিল।

: আজি
মলেঁয়াক তললৈ নমাই নানো। সৰু পাত্ৰ এটাত মাছ দুটা নি তাইৰ ওচৰত থৈ অহাৰ কথাহে
ভাবিছোঁ।— ষ্টেপানে ক
লে।

: ভাল
ভাবিছে।— শলাগিলে মাৰ্ক
ই।

কথাষাৰ কৈয়েই সৰু যতন এটা বিচাৰি আনিলে সি। তাতে জীয়াই থকা মাছ
দুটা ভৰালে আৰু জখলাডালেৰে ঘৰৰ মূধচলৈ বুলি উঠি গ
ল। মাছ ভৰাই নিয়া পাত্ৰটো মলেঁয়াৰ ওচৰত
ৰাখিলেগৈ। মাৰ্ক

উপস্থিতি আৰু লগত লৈ যোৱা মাছৰ পাত্ৰটোৰ প্ৰতি অলপো আগ্ৰহ নেদেখুৱালে মলেঁয়াই।
তাইৰ দৃষ্টি চৰাইটো উৰি যোৱা দিশতহে নিবদ্ধ— কিজানি উভতি নাহে তাইৰ লগৰী! তাইৰ
আচৰণে কৈ দিছে তাইৰ উদ্বিগ্নতা কিমান গভীৰ।

ঘৰৰ মূধচৰ পৰা নামি আহিল মাৰ্ক। পুনৰ ষ্টেপানৰ কাষৰ টুলখনতে বহি মলেঁয়াৰ ফালে চাই থাকিয়েই প্ৰশ্ন
কৰিলে—

: এইযে
চৰাইটো মলেঁয়াৰ ওচৰলৈ আহিল
, এনে ধৰণৰ
বহু চৰায়েইটো পৰিভ্ৰমণ কৰে। হাজাৰ হাজাৰ… লাখ লাখ…। সিহঁতৰ বাৰু বাট ভুল
নহয়নে
?

: কথাটো
মোৰো মনলৈ নহাকৈ নাথাকে। পৰিভ্ৰমী চৰাইবোৰে দ্বিমুখী যাত্রাত চল্লিছ হাজাৰ
কিলোমিটাৰৰো বেছি পথ অতিক্রম কৰিবলগীয়া হয়। সেয়ে এই দীর্ঘ যাত্রাৰ বিষয়টোৱে
যুগে যুগে মানুহক বিস্মিত কৰি আহিছে। মানুহৰ হাতত কম্পাছ
, জিপিএছ, জায়ৰোস্কোপ ইত্যাদি অনেক
আধুনিক যন্ত্রপাতি আছে
; যিবোৰৰ
সহায়ত মানুহে সহজেই দীর্ঘ যাত্রাপথত নির্ভুলভাৱে বিমান অথবা জাহাজ পৰিচালনা কৰিব
পাৰে। কিন্তু চৰাইবোৰৰ ওচৰত এনে কি যন্ত্র আছে
, যাৰ দ্বাৰা সিহঁতে নির্ভুলভাৱে নিজৰ যাত্রাপথ নির্ধাৰণ কৰে!—
ষ্টেপানে দীঘলীয়াকৈ ক
লে। 

আচলতে পৰিভ্ৰমী চৰাইবোৰে কিদৰে সিহঁতৰ পথ চিনি ঠিকমতে সিহঁতৰ
গন্তব্যত উপনীত হয়
, তাক লৈ
বিজ্ঞানীসকলে বহু বছৰ ধৰি গৱেষণা কৰিছে। তেওঁলোকে গৱেষণা কৰি যিসমূহ তথ্য পাইছে
, সেয়া সঁচাকৈয়ে বিস্ময়কৰ।
এবাৰ বিজ্ঞানীৰ দল এটাই পৰিভ্ৰমী পখীক এটা অন্ধকাৰ ঘৰত বন্ধ কৰি কেৱল এক ক্ষীণ
আলোক ৰশ্মিৰে পর্যবেক্ষণ কৰি দেখিছিল যে
, বন্ধ ঘৰত পৰিভ্ৰমী পখীয়ে সকলো সময়তে এটা নির্দিষ্ট দিশতেই উৰাৰ
চেষ্টা কৰে। দেখি এনে লাগে যেন কোনো এক অদৃশ্য শক্তিয়ে বাহিৰৰ পৰা চৰাইটোক
ক্রমাগত দিক্ নির্দেশনা দি আছে। বিজ্ঞানীসকলৰ ধাৰণা— এই অদৃশ্য শক্তিটো হ
ল পৃথিৱীৰ চৌম্বকীয়
ক্ষেত্র। বিজ্ঞানীসকলে জনায় যে
,
আমাৰ পৃথিৱীখন এক বৃহৎ চুম্বক। পৃথিৱীৰ কেন্দ্রত আছে প্রচুৰ গলিত
লোহা। সেয়ই হ

পৃথিৱীৰ চৌম্বকীয় ক্ষেত্রৰ উৎস। বিজ্ঞানীসকলে সজাৰ ভিতৰত চৌম্বকীয় ক্ষেত্রৰ
পূর্বাস্য (
orientation) পৰিৱর্তন
কৰি দেখিছে যে চৰায়ে এই পৰিৱর্তন বুজিব পাৰে। কিন্তু চৰাইবোৰে কিদৰে এই চৌম্বকীয়
ক্ষেত্রৰ প্রভাৱ আৰু পৰিৱর্তন বুজিব পাৰে
, সেইটোৱেই হল বিশাল
প্রশ্ন। ইন্দ্রিয়ৰ দ্বাৰা মানুহৰ পক্ষে পৃথিৱীৰ চৌম্বকীয় ক্ষেত্রৰ প্রভাৱ বুজিব
পৰাটো সম্ভৱ নহয়। তেন্তে কি চৰাইবোৰৰ
  অতি-সংবেদনশীল ইন্দ্রিয়গ্রাহ্য  কোনো
ক্ষমতা আছে নেকি!
 

বিজ্ঞানীসকলে ধাৰণা কৰিছে যে, এই বিশেষ ক্ষমতাটো আছে চৰাইৰ চকুৰ ভিতৰত। চৰাইৰ চকুত ক্রিপটোক্রম (cryptochrome) নামৰ এক
বিশেষ ধৰণৰ আলোক সংবেদনশীল প্রটিন অণু আছে।
 চৰাইবোৰৰ চকু যেতিয়া পোহৰৰ সংস্পর্শলৈ আহে, তেতিয়া পোহৰৰ ফোটন কণিকাই  ক্রিপটোক্রমৰ ইলেকট্রনৰ কোৱাণ্টাম অৱস্থানৰ পৰিৱর্তন ঘটায়। ইয়াৰ ফলত এটা ক্রিপটোক্রমৰ ইলেকট্রন আন এটা ক্রিপটোক্রমৰ ইলেকট্রনৰ লগত এক অদৃশ্য
বন্ধনত জড়িত হৈ পৰে। কোৱাণ্টাম মেকানিক্সৰ ভাষাত ইয়াক কোৱা হয়
, এণ্টেঙ্গেলমেণ্ট। ই খুবেই
ক্ষণস্থায়ী। কিন্তু ইয়াৰ ফলত ক্রিপটোক্র
মৰ ইলেকট্রনৰ
লগত
 পৃথিৱীৰ চৌম্বকীয় ক্ষেত্রৰ মিথস্ক্রিয়াত কিছু পৰিৱর্তন হয়।
বিজ্ঞানীসকলৰ ধাৰণা— ক্রিপটোক্র
মৰ
ইলেকট্রনৰ এই কোৱাণ্টাম পৰিৱর্তন চৰাইৰ চকুত আলোক ৰশ্মিৰ পৰিৱর্তন হিচাপে ধৰা পৰে।
ইয়াৰ ফলত চৰাই যেতিয়া উৰি যায়
,
তেতিয়া পৃথিৱীৰ চৌম্বক ক্ষেত্রৰ সামান্যতম পৰিৱর্তনো সিহঁতৰ চকুত
আলোক ৰশ্মিৰ সূক্ষ্ম পৰিৱর্তন হিচাপে ধৰা পৰে। বিজ্ঞানীসকলে মন কৰিছে
, এই পৰিৱর্তনৰ পেটার্ন
অনুসৰণ কৰিয়েই পৰিভ্ৰমী পখীবোৰে দীর্ঘ যাত্রাত সিহঁতৰ পথৰ সন্ধান পায়।
 

 ষ্টেপানে মাৰ্ক
পৰিভ্ৰমী চৰাইৰ বাট কিয় ভুল নহয়
, সেই বিষয়ে তেওঁ যিখিনি জানে থূলমূলকৈ কলে। কথাখিনি কৈ শেষ হবৰ সময়তে দেখা গ, যিটো দিশলৈ মলেঁয়াৰ সংগী
চৰাইটো উৰি গৈছিল
, সেইটো
দিশৰ পৰা উৰি আহি পুনৰ ঘৰৰ মূধচত পৰিছেহি। মলেঁয়াই ঠোঁটখনেৰে বিশেষ শব্দ কৰি আনন্দ
প্ৰকাশ কৰিছে। চৰাইটো খৰগতিৰে মলেঁয়াৰ কাষ চাপি গ
ল। ঠোঁটত ঠোঁট লগাই দুয়োটাই আনন্দ কৰিলে। চৰাইটোৰ
চকু পৰিল মাৰ্ক
ই ওপৰত
এৰি থৈ অহা পাত্ৰটোত। ডিঙিটো দীঘলকৈ মেলি পাত্ৰটো ভালদৰে নিৰীক্ষণ কৰিলে আৰু মাছ
এটা ঠোঁটখনৰ ভাঁজত লৈ তুলি ধৰিলেহি মলেঁয়াৰ সমুখত। মলেঁয়াই পৰম আগ্ৰহেৰে মাছটো
ঠোঁটখনেৰে লৈ গিলি পেলালে। সিহঁতৰ মৰম বিনিময় কৰা দৃশ্যটো দেখি ষ্টেপান অভিভূত হ
ল। পাত্ৰটোত থকা আনটো মাছো
চৰাইটোৱে মলেঁয়াৰ ঠোঁটত গুজি দিলে।
 

ষ্টেপান আৰু মাৰ্ক
মলেঁয়াহতৰ এই কাৰবাৰটো চাই থাকোঁতেই গে
ট খুলি কেতিয়ানো মিষ্টাৰ ইগৰ আহি তেওঁলোকৰ ওচৰত ৰলহি গমকে নাপালে। তেওঁলোকৰ
এই তন্ময়তা ভাঙিবলৈকে মিষ্টাৰ ইগৰে মাত লগালে—

: ঘৰতে
হোৱা ষ্ট্ৰ
বেৰী অলপ লৈ আহিছোঁ। খাই খাই মলেঁয়াহতৰ ৰং চোৱাঁ। 

মিষ্টাৰ ইগৰৰ মাত শুনি ঘূৰি চালে ষ্টেপান আৰু মাৰ্কই। ইতিমধ্যে মিষ্টাৰ ইগৰে
মাৰ্ক
ই বহিবলৈ
আনি লোৱা টুলখনতে ষ্ট্ৰবেৰীৰ টোপোলাটো ৰাখি থৈছে। ইগৰক দেখা পাই ষ্টেপানে
ব্যস্ততাৰে ক
লে—

: আমি
মলেঁয়া আৰু লগৰীয়াৰ কাৰবাৰ চাই মচগুল হৈ আছোঁ।

: বৰ ভাল
লাগিছে ন
?— মিষ্টাৰ
ইগৰে হাঁহি হাঁহি সুধিলে।

: বহুত…।
বুজাব নোৱাৰি এই আনন্দ।— ষ্টেপানেও হাঁহিলে।
 

মাৰ্কই চকী
এখন আনিলে ভিতৰৰ পৰা। মিষ্টাৰ ইগৰ বহিল। ষ্টেপানো নিজৰ চকীখনত বহিল। মাৰ্ক
ই আন এখন টুল আনি ললে। মিষ্টাৰ ইগৰে লৈ অহা
ষ্ট্ৰ
বেৰীৰ টোপোলাটো খুলিলে। তিনিও পকা, পূৰঠ ষ্ট্ৰবেৰী মুখত দিলে।

: বৰ ৰসাল
হৈছে তোমাৰ বাগিচাৰ ষ্ট্ৰবেৰী।— ষ্টেপানে মিষ্টাৰ ইগৰক উদ্দেশ্যি ক
লে।

: বতৰৰ ফল
খাব লাগে বুজিছা। পিছে এতিয়া তুমি-মই খাই থকা ষ্ট্ৰ
বেৰী এসময়ত ৰাজকীয় খাদ্যহে
আছিল।— মিষ্টাৰ ইগৰে ক
লে।

: আজিকালি
আমি ঘৰতে খেতি কৰি ল
ব পাৰোঁ।
বাটে-ঘাটে ষ্ট্ৰ
বেৰী কিনিবলৈ পাওঁ। ষ্ট্ৰবেৰীচোন এতিয়া বেছ সহজলভ্য।— মাৰ্কৰৈ নাথাকি কথাৰ মাজত সোমাল।

: এসময়ত
কিন্তু ষ্ট্ৰ
বেৰী আছিল ৰাজকীয় খাদ্য।— মিষ্টাৰ ইগৰে কলে।

: কেনেকৈ?— উৎসুক হৈ উঠিল মাৰ্ক

: ষ্ট্ৰবেৰীৰ
জন্মস্থান একেলগে ইউৰোপ আৰু উত্তৰ আমেৰিকা। অৱশ্যে সেই সময়ৰ ষ্ট্ৰ
বেৰী কিন্তু ঠিক
এতিয়াৰ ষ্ট্ৰবেৰীৰ দৰে নাছিল। নাছিল ইমান ৰসাল
, নাছিল ইমান ডাঙৰ। চান কিঙৰ পৰিকল্পনা অনুসৰি
ৰাজকীয় হস্তক্ষেপতেই তৈয়াৰ হয় বর্তমান ষ্ট্ৰ
বেৰীৰ ইতিহাস। ইয়াৰ পিছত অৱশ্যে
ফলবিধে ভ্রমণ কৰে অনেক পথ।— মিষ্টাৰ ইগৰ খন্তেক ৰ
ল।

: দীঘল
কাহিনী!— ষ্টেপানে ক
লে।

: অলপমান
দীঘল। …ফ্রাঞ্চৰ ৰজা চতুর্দশ লুইয়ে ফ্রেজিয়াৰ নামৰ এক গুপ্তচৰ পঠাইছিল চিলি আৰু
পেৰুৰ দুর্গৰ পৰা খবৰ সৰবৰাহৰ বাবে। তেওঁৰ ইচ্ছা আছিল স্পেইনৰ সিংহাসন দখল কৰাৰ।
কিন্তু ফ্রেজিয়াৰে কেৱল খবৰ-বাতৰিয়েই নহয়
, লগত কিছু ষ্ট্ৰবেৰীও লৈ উভতিছিল দেশলৈ। চিলিয়ান সেই ষ্ট্ৰবেৰী অৱশ্যে
ইমান সহজে ফ্রাঞ্চত গজি উঠা নাছিল।

: তাৰ পাছত?— মাৰ্কই প্ৰশ্ন কৰিলে।

: নতুন, পুৰণি সকলো ধৰণৰ ষ্ট্ৰবেৰী
মিহলাই সুস্বাদু আৰু চমৎকাৰ ষ্ট্ৰ
বেৰীৰ জন্ম দিলে ফ্ৰাঞ্চত।— মিষ্টাৰ ইগৰে উত্তৰ
দিলে।

: আমি
তেন্তে সেই মূল ষ্ট্ৰ
বেৰীৰ নাতি-পুতিকে ভক্ষণ কৰিছোঁ এতিয়া।— ডাঙৰকৈ হাঁহিলে
ষ্টেপানে।

: কাহিনী
সকলোৰে আছে বুজিছা।— মিষ্টাৰ ইগৰে ক
লে।

: মলেঁয়াৰ
কাহিনী কিন্তু কম নহয়।— ষ্টেপানে মাত লগালে।

: সঁচাকৈয়ে।—
মিষ্টাৰ ইগৰে শলাগিলে।

: মলেঁয়া
বুলিয়েই নহয়
; চৰাইৰ
কাহিনী সদায় অনন্য হয়। চৰাই সৰু হ
ব পাৰে; তুচ্ছ
অথবা হিংস্র নহয়। সিহঁতে যিমান প্রয়োজন সিমানহে চিকাৰ কৰে
, তাকো অত্যন্ত নিয়ম মতে।
পৌৰাণিক গল্পৰ পৰা ৰূপকথা সর্বত্রতে কেতিয়াবা ৰজা
, ৰাণী, ৰাজপুত্র, ৰাজকন্যাক
ৰাক্ষসৰ হাতৰ পৰা ৰক্ষা কৰাৰ চেষ্টা কৰে
, কেতিয়াবা উদ্ধাৰ কৰে। সাত সাগৰ তেৰ নদী পাৰ হৈ আহি চৰায়ে প্রমাণ
কৰিছে যে সিহঁত ক্ষুদ্র হ
ব পাৰে, তুচ্ছ কিন্তু নহয়।
অসহায়তো নহয়েই। বৰং কোনো কোনো সময়ত সিহঁত মানুহৰ পৰিত্রাতা।— ষ্টেপানৰ কথাখিনি
কিছু দীঘলীয়া হ
ল।

: চৰাই
সঁচাকৈয়ে বিচিত্ৰ। … তোমাৰ কিন্তু দায়িত্ব বাঢ়িল এতিয়া। মলেঁয়াৰ যতন লোৱাৰ
উপৰি নতুন চৰাইটোৰ গতিবিধিৰ ক্ষেত্ৰতো চকু দিব লাগিব।— মিষ্টাৰ ইগৰে ক
লে।

ষ্টেপানে মূৰ দুপিয়াই মিষ্টাৰ ইগৰৰ কথাখিনিৰ সতে সন্মত হোৱা বুলি
দেখুৱালে। মিষ্টাৰ ইগৰে কোৱাৰ দৰে ষ্টেপানৰ দায়িত্ব আগতকৈ বাঢ়িল। আগেয়ে কেৱল
মলেঁয়াৰ বাবে খাদ্য সংগ্ৰহ কৰিলেই হৈছিল
, এতিয়া নতুন চৰাইটোৰ আগমনৰ লগে লগে তাৰ বাবেও মাজে-সময়ে দুই-এটা মাছ
যোগাৰ কৰিবলগীয়া হ
ব পাৰে।
কিন্তু তাতোকৈ তেওঁ ভয় খাই আছে আন এটা কাৰণতহে। কিবা কাৰণত যদি মলেঁয়াৰ কাষৰ পৰা
চৰাইটো নোহোৱা হৈ যায়
, তাইক
চম্ভালিবলৈ বৰ জটিল হ
ব পাৰে!
সেয়ে চৰাইটোৰ আগমনক লৈ তেওঁ যিমান সুখী হৈছে
, ভিতৰি সিমান শংকিত হৈও আছে। তেওঁ ডায়েৰিত লিখি ৰাখিছে চৰাইটোৰ আগমনৰ
দিন তাৰিখ— ১২ মাৰ্চ
, ২০০৬।

১৯৯৩ চনত চাভা নৈৰ বালিচৰত আঘাতপ্ৰাপ্ত অৱস্থাত পোৱা মলেঁয়াৰ জীৱনলৈ
এনেদৰে এটা চৰাইৰ আগমন ঘটাটো ষ্টেপানৰ বাবে এক বুজাব নোৱৰা আনন্দৰ খবৰ। সুদীৰ্ঘ
তেৰটা বছৰ তাই ষ্টেপানৰ বুকুৰ মৰমৰ মাজত
, ষ্টেপানৰ প্ৰতিপালনত ডাঙৰ-দীঘল হোৱাৰ পাছত এনেদৰে হঠাৎ তাইৰ জীৱনলৈ
মৰম কঢ়িয়াই অনা চৰাইটো যেন চৰাই নহয়
; ঈশ্বৰপ্ৰেৰিত এক দেৱদূত! 

নিজৰ দুই পুত্ৰ বিদেশত। বছৰ বছৰ ধৰি সিহঁতৰ মুখ দুখন দেখা নাই
ষ্টেপানে। মলেঁয়া তেওঁৰ একাকী সময়ৰ সংগী হৈ পৰিছিল। কিন্তু এতিয়া মলেঁয়াৰ
জীৱনলৈ নতুনৰ আগমনে তেওঁক আৰু সাহসী কৰি তুলিছে। এতিয়া তেওঁৰ সংসাৰত সদস্যৰ
সংখ্যা দুই নহয়
; তিনিলৈ
বৃদ্ধি পাইছে। মলেঁয়াৰ লগতে নতুন চৰাইটোৰ পৰিচৰ্যা কৰিবলৈও তেওঁ মানসিকভাৱে নিজক
সাজু কৰি তুলিছে। বিদেশত থকা আপোন পুত্ৰদ্বয় নাহিল তাতে কি হ
; হাজাৰ হাজাৰ মাইল অতিক্ৰম
কৰি তেওঁৰ আৰু মলেঁয়াৰ জীৱনলৈ আহিছে নতুন চৰাইটো।
  ষ্টেপানৰ এনে লাগিল— তেওঁৰ
জীৱনলৈ আগমন ঘটিছে এটি নতুন পুত্ৰ!
 

কথা-বতৰা পাতি মিষ্টাৰ ইগৰ ঘৰলৈ ওলাল। মাৰ্কও ওলাল একেলগে— সি সেই ৰাতিপুৱাতে অহা। ষ্টেপানৰো কাম আছে। কাম মানে বৰশী বোৱা কাম। মলেঁয়াৰ বাবে জীয়াই
ৰখা মাছ আৰু এটাও নাই। সেয়ে চাভাত বৰশী টোপাই মাছ দুটামান ধৰিবগৈ লাগিব।

: বাচোন।— পদূলি গৈ পোৱা
মিষ্টাৰ ইগৰক পিছৰ পৰা মাত দিলে ষ্টেপানে।

: কোৱাঁচোন।—
থমকি ৰ

মিষ্টাৰ ইগৰ।

: নাম এটা
লাগিছিল।

: কালৈ?

: কিয়, নতুন সদস্যক দিব লাগে আকৌ।—
ষ্টেপানে হাঁহিলে।

: অঁ…।
তুমি ভাবিছা নেকি কিবা নাম
?

: নাই ভবা।
তুমিয়েই দিয়াচোন নাম এটা।

কিছু সময় তভক মাৰি ৰল মিষ্টাৰ ইগৰ। তেওঁৰ কাষতে চাইকেলখনত ধৰি ৰৈ থাকিল মাৰ্ক

: নাম এটা
পাইছোঁ।— মিষ্টাৰ ইগৰে ক
লে।

: কোৱাঁচোন।

: তোমাৰ বা
পচন্দ হয়নে নহয়!

: আগতে
কোৱাঁচোন বাৰু।

: ক্লেপেটাঁ
(
Klepetan)

: ক্লেপেটাঁ…!
ক্লেপেটাঁ আৰু মলেঁয়া! ভাল হ
ব বুইছা।
মোৰ পচন্দৰ নাম হৈছে। মাৰ্ক
ৰ পচন্দ
হৈছেনে
?— ষ্টেপানে
মাৰ্ক
ৰ ফালে
চাই সুধিলে।

: ক্লেপেটাঁ…
ধুনীয়া নাম। মলেঁয়াৰ নামটোৰ সতেও মিলিব। … ঐ নতুন চৰাইটো
, তোৰ নাম আজিৰে পৰা
ক্লেপেটাঁ…!— মাৰ্ক
ই চিঞৰি
দিলে।

দুপৰৰ ৰদ লৈ
ক্লেপেটাঁ আৰু মলেঁয়া তেতিয়া নিজৰ মাজত মগন। সিহঁতে গঢ়িব খুজিছে সিহঁতৰ মৰমেৰে
এখন নতুন পৃথিৱী।

(আগলৈ)