নীলোৎপল বৰুৱা

 

এইবাৰ
আকৌ কি হ
’- বুলি যদি কোনোবাই ফৎচনে
সুধি দিয়ে
, লৱ গগৈয়ে গোঁ-গোঁৱাব। একো উত্তৰ নিদিয়ে।

তেওঁ কুৰুং এটাত
সৰি পৰিব।

গৈ থাকিব গৈ
থাকিব.. ।

পৃথিৱীৰ কোনোবা
এটা ফালে ওলাই তেওঁ গাত বনচাই কৰা গছৰ ডাল বেকা কৰিবলৈ বান্ধি থোৱাৰ দৰে তাঁৰবোৰ
খুলি পেলাব। ঠিক তেনেদৰেই তেওঁক পকাই থোৱা আছে যেনেকৈ পূজাত ওলোৱা ব

এটা চুটলীৰে পকাই থোৱা থাকে। মসৃণ পাক। নিঃছিদ্ৰ।

মাথোঁ কলিজাটোত
ইপাৰ-সিপাৰ হৈ যোৱা
  এডাল শাল আছে, ষ্টিলৰ। চিকচিকিয়া। 

লৱ গগৈৰ চকুহাল
যদি আপুনি চপচপীয়া পুখুৰী এটাৰ পানীপৃষ্ঠ বুলি ধৰে তেতিয়া তাৰ ঠিক তলতে এটা হাত
লেম আছে। ক
লা ধোঁৱা লগা কাৰ্চিন তেলৰ হাতলেম। কাহানিও তাৰ ক্ষমতাৰ
জোখেৰে পোহৰ দি নোপোৱা।

মুঠতে তেওঁ
এইবাৰ ছোৱালী চাবলৈ নাযায়‌।

কোনো কাৰণতে
তেওঁক কোনেও ছোৱালী চাবলৈ যাবলৈ বাধ্য কৰিব নোৱাৰে। কিয় নাযায় তাৰ উত্তৰো তেওঁ
দিব নোৱাৰে
বিপৰীতে তেওঁ স্বভাৱসুলভভাৱে গোঁ-গোঁৱাব। 

লৱ গগৈয়ে গীটাৰ
বজাব নেজানে।

গীটাৰ বজাব
নজনাৰ দুখটো বহু প্ৰাচীন।

লৱ গগৈৰ কলিজাৰ
নিভৃত কোণত দুখটো বহি আছে আলফুলে।

কেতিয়াও ওলাই
নাযায় বাহিৰলৈ।

আচলতে গীটাৰ
বজাবলৈ শিকাৰ সময়টোত লৱ গগৈৰ আঙুলিবোৰে মঙহাল সেউজীয়া পাণ পাত গুচি কৰিছিল।

গুচিবোৰ কুৰি।
কুৰিবোৰ শ। গীটাৰ গীটাৰ আকাংক্ষাটো পুৰণা ৰয়েল চাইকেল এখনৰ কেৰিয়াৰত বহি গুচি
গৈছিল। সেই আকাংক্ষাটো সিহঁতৰ ঘৰৰ সন্মুখৰ লুংলুঙীয়া বাটটোৰে গৈ থাকোঁতে চাৰিআলিটোৰ
আম গছজোপাৰ তলত কিছু সময় ৰৈ দিছিল। সেইজোপা আমত বজ্ৰপাত পৰিছিল কোনোবা এটা শাওনত।
ডাল এটা মাজে মাজে ফাটি গৈছিল। তাত পৰা শালিকীজাকে নিৰ্জন দুপৰীয়াবোৰত
মানুহৰ
সময়
, বৰ বীভৎস বৰ বীভৎসবুলি
চেকচেকাইছিল।

আমজোপাৰ তলতে
হাৰাধন বহিছিল। মুচী হাৰাধনৰ বাপেক বিহাৰী
, মাক বাঙালী। বাপেক মিন্‌মিনিয়া আছিল, কণ্ঠত জোৰ নোহোৱা এজমা বেমাৰী মানুহ
এটা। ঘৈণীয়েকে গিৰীয়েকৰ জাতিগত অধিকাৰেৰে ল
ব পৰা পুত্ৰৰ
নামকৰণৰ সকলো অধিকাৰ কাঢ়ি আনি তাৰ নাম হাৰাধন দিছিল। মৰাৰ আগলৈকে হাৰাধনে নিজকে
বাঙালী নহয় বুলি কৈফিয়ৎ দিব লগা হৈছিল!

সেইখিনিতে ৰয়েল
চাইকেলখন কিছু সময় ৰৈছিল। তনুৰ দোকানত পাণ লাগিব নেকি সুধি বিমুখ হৈ আকৌ বাট লৈছিল
আগৰ চাৰিআলিটোৰ ফালে।

কাণ ঢাকি কটা
চুলি আৰু টেৰিকটৰ জীৰ্ণ চাৰ্ট এটাৰে পিতাক জোন নোলোৱালৈকে বহি আছিল চাৰিআলিৰ দৈনিক
বজাৰখনত। মাটিত পাণৰ টোপোলা আৰু ৰয়েল চাইকেলখনত হেলান দি থিয় হৈ থকা কাণ ঢকা চুলিৰ
পাণ সদাগৰ। (অন্য বেপাৰীবোৰৰ দৰে তেওঁ মাটিত বহি বণিজ নেবেহাইছিল
চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ-বৃত্তি পোৱা
ছাত্ৰ এজনৰ অহং এটাই শালি থৈছিল তেওঁৰ বুকু-পিঠি। সকলো তেজ বৈ গৈ শুকাই কটকটীয়া
হোৱা কলিজা এটাত ষ্টিলৰ শাল এডাল। এলান্ধু ৰঙৰ শুকান খেজুৰৰ দৰে কলিজা এটাত ইপাৰ
সিপাৰ এডাল তীখাৰ শাল। চিকচিকিয়া।)
 

তেতিয়া
চাৰিআলিটো নাম নজনা উন্মাদনা এটাৰে বহল হৈ গৈছিল। প্ৰায়েই পিল পিলকৈ মানুহ এজাক
ওলাই অচিন আৱেগ এটাৰে ঢাঁহি-মোহাৰি চাৰিআলিটোক বেও মেলিবলৈ বাধ্য কৰি দিছিল।
ৰাইডাং বেতৰ দীঘল দীঘল লাঠী আৰু অশ্ৰাব্য গালি গালাজতো চাৰিআলিটোৱে সেও মনা
নাছিল।

কম্যুনিষ্ট
কেইজনমানে চুপে চাপে ফুচফুচাই কথা পতা বিপিনৰ গেলামাল দোকানখনৰ পিছফালে সৰু কেঞ্চি
বাটামৰ কুঠৰীটোত চাৰমিনাৰৰ গোন্ধ এটাৰ মাজত থমথমকৈ বহি আছিল নাম্বুদিৰিপাদৰ আধা
নুবুজা বক্তৃতাৰ টুকুৰা এটা।

ঠিক তাৰ বিপৰীতে
পূৱলৈ
ৰক্ত-নয়ন সাংস্কৃতিক সংঘৰ একুঠলীয়া ঘৰটোত
সুৰ-বাহিনী এটাৰ যা-যোগাৰ চলি আছিল। পাহাৰ-ভৈয়াম
, লুইত-বৰাক
সামৰি বিছ বাইছ বছৰীয়া উচ্ছ্বাসবোৰ অলপ ওফন্দি উঠিছিল। তাৰ মাজতে শ্ৰীমতী অলকা ফুকনে
উনৈছ বছৰীয়া দেহা এটা কলপতীয়া পাৰিৰ চাদৰ এখনৰে সযত্নে ঢাকি সংগীতালেখ্য এখনৰ শেহৰ
কোৰাছটোত স্মিত হাঁহি এটাৰে ওঁঠ লৰাইছিল-

ৰণুৱা ত‌ই বনুৱা ত‌ই নতুন দিনৰ..

চমুৱা ত‌ই পমুৱা ত‌ই নতুন মনৰ… 

ঠিক নতুন
মনৰ
ত শ্ৰীমতী অলকা ফুকনে ৰাজহাঁহৰ
দৰে ডিঙিটো হলাই ওঁঠত এটা বিশেষ কঁপনি তুলিছিল।
কঁকালৰ পৰা
নিতম্বৰ উত্তলখিনি সৰ্পাকৃতিৰ ৰেখা এডালৰ দৰে হেলনীয়া হৈ পৰিছিল। হাৰমণিয়াম বাদক
ৰজত কমল শ‌ইকীয়াই
, সংগীতৰ সকলো দায়িত্ব আচলতে হাৰমণিয়ামখনৰ
ওপৰতেই- ধৰণৰ মুখভংগিমাৰে ভুল ছাৱি এটা চুই গা কচালিছিল।

কেতিয়াবা পাণ
পাণ গোন্ধ এটাৰে আন্ধাৰ চুক এটাত লৱ গগৈ ৰৈ থাকিছিল। পিতাকে পাণ বেচি হোৱালৈ ৰ

পৰা ঠাই চাৰিআলিটোত দুটুকুৰাই আছিল।

এটুকুৰা বিপিনৰ
গেলামালৰ দোকানৰ পাছফালৰ কুঠৰীটো অথৱা ৰক্ত-নয়ন সংঘৰ একুঠলীয়া ঘৰটো। তাত সংগীত
আছিল
,
আৰু ঈশ্বৰে চাগৈ নাম্বুদিৰিপাদৰ বদহজমী বক্তৃতাৰ সৈতে লৱ গগৈৰ সহবাস
বিচৰা নাছিল। অৱশ্যে ঈশ্বৰক কোনেও তাৰ বাবে ধন্যবাদ নজনালে।
 

এসন্ধ্যা আমাৰ
ৰা মিঞাই মৰাখবৰ এটা আহিছিল। মাটি
ফুটি ওলাবলৈ ধৰা বাঁহ গাজ এটাৰ দৰে সেইদিনা চাৰিআলিটো জোঙা হৈ আছিল। বিপিনৰ দোকানৰ
পিছৰ কোঠালিটোত কোনো নাছিল সেইদিনা। বীভৎস ৰসেৰে চপচপীয়া কোনোবাই বৰ্ণনা কৰিছিল
বল্লমে পিঠিয়া-পিঠিকৈ শালি পেলোৱা কোমল বয়সীয়া ল
ৰা কেইটামানৰ।
পোষ্টমৰ্টেমৰ বাবে অনালৈকে সিহঁতৰ শৰীৰৰ পৰা বল্লমবোৰ উলিওৱা হোৱা নাছিল।
পূৰ্বানুমানত জংকী-পানেইৰ যাঠীবিদ্ধ দেহাৰ সজ্জা মনত থকা কোনোবাই কৈছিল- ল
ৰাকেইটাক পৰস্পৰ বিপৰীতমুখী কৰি বান্ধি একেলগে বল্লম ভৰাই দিছিল। অৱশ্যে
লতাৰে বন্ধাৰ কথা কোৱা নাছিল। আনকি কিহৰে বান্ধিছিল সেইটোও বৰ্ণনালৈ নাহিল। কথকৰ
ডিটেইলিঙৰ অভাৱ।
 

সেই সন্ধ্যাই
গীতিকাৰ চন্দ্ৰ শৰ্মাক (সংগীত বিশাৰদ
, ভাটখাণ্ডেৰ নহয়, পণ্ডিত বিষ্ণুদিগম্বৰ পলুস্কাৰৰ শিচ্। কোনোবা অজ্ঞ‌ই তেওঁৰ সন্মুখত বিষ্ণু
নাৰায়ণ ভাটখাণ্ডেৰ নাম ল
লেও জঁকি উঠে।) চাৰিওফালৰ পৰা জোৰ
দিয়া হ
ল- পমুৱাশব্দটো আঁতৰাই দিব লাগে। লগতে কাহাৰবা এক তালৰ পৰা খেমটালৈ মাত্ৰা সলনি
কৰিব লাগে। বিপাঙত পৰা গীতিকাৰ চন্দ্ৰ শৰ্মা‌ই
পমুৱাৰ ঠাইত হজুৱা’, ‘থলুৱা’,
হালোৱা’, ‘বণিয়াআদি
কেবাটাও বিকল্প দিলে।
বণিয়াটো
একেচাটে নাকচ কৰি সৰ্বসন্মতিক্ৰমে
থলুৱাটোকে ৰখা হল।

শ্ৰীমতী অলকা
ফুকনে
থলুৱাটোৰ সুৱদী প্ৰক্ষেপণৰ বাবে কিছু সময় ললে। তেওঁৰ অধীনস্থ বৃন্দগানৰ অন্যান্য গায়িকাসকলে বিৰতিত ইফালে-সিফালে
চালে। সামূহিক দৃষ্টি আকৰ্ষণৰ কছৰৎ কৰিলে। পু
থলুৱাত মনোনিৱেশ কৰিলে। কাহাৰবা এক তালৰ পৰা
খেমটালৈ গীতটো অনাৰ সময়ক
তবলচী কিংকৰ ভৰালীৰ বাবে আনন্দময়
আছিল। দীঘল চুলিখিনি লৰাই তেওঁ হাৰমণিয়াম বাদক ৰজত কমল শ‌ইকীয়াক কিছু সময়ৰ বাবে
নিষ্প্ৰভ কৰি তুলিলে।

ঠিক তেনকুৱা সময়
এটাতে কোঠাটোলৈ মায়া নৰহ আহিছিল। ফেৰী মালিক
, ৰক্ত-নয়ন সংঘৰ মূখ্য
পৃষ্ঠপোষক অমিৰাম নৰহৰ একমাত্ৰ সন্তান মায়া নৰহে কোঠাটোলৈ প্ৰাচীন গ্ৰীকৰ মৃগনাভী
সুগন্ধী
, ধুমুহাৰ পাছৰ ৰাতিৰ নিৰ্জনতা আৰু নাৰিকলৰ পানীৰ দৰে
ফটফটীয়া প্ৰশান্তি কঢ়িয়াই আনিলে। যেন ঢুককৈ এটা শব্দ হ
,
পলকতে ৰক্ত-নয়ন সংঘৰ কোঠালিটো বৃহৎ স্তম্ভযুক্ত এটা মন্দিৰ হৈ উঠিল। পোহৰৰ গছা এটাৰ মাজেৰে দীঘল চিল্কৰ কাপোৰৰ আচল উৰুৱাই এফ্ৰডাইটি নামি আহিল।

কোনোবা এটা
মাত্ৰাত জঠৰ হৈ পৰা খেমটাৰ অনুৰণন এটাৰ মাজত এফ্ৰ
ডাইটিয়ে মাত
দিলে..

মাত নহয় সেয়া
মাত নহয় ..

স্তোত্ৰ।
সামগানৰ এটা কোমল আৰু বায়ৱীয় স্তোত্ৰ!

:  এখন
গীটাৰ লাগিছিল। গানটো উঠি আহিলহেঁতেন।
 

এৰা এৰা… গীটাৰ
এখন লাগিছিল। গীটাৰ এখন লাগিছিল। কোনেও কথাটো যেন ভৱাই নাছিল। আহাহা… গীটাৰ নোহোৱাকৈনো
সংগীত হয়নে!!

 

সেই সন্ধ্যা, সিমান ওজনহীন লৱ গগৈয়ে কাহানিও অনুভৱ কৰা নাছিল। অথৱা সিমান খীণ, সিমান অনুজ্জ্বল…

অৰ্থহীন, মানিমুনি পাত এটাৰ দৰে ক্ষুদ্ৰ জীৱন এটাৰ বাবে দায়ৱদ্ধ ঈশ্বৰক বেত্ৰাঘাত
কৰি উঠি বুকু ভৰাই তেওঁ মায়া নৰহৰ সুগ
ন্ধি পা কৰিলে। … আৰু স্ব‌ইচ্ছাৰে পিতাকৰ দৰেই ষ্টিলৰ শাল এডাল আৱাহন কৰিলে।
পলকতে লৱ গগৈৰ বুকু বিন্ধি সোমাই গ
ল এডাল তীখাৰ শাল।
চিকচিকিয়া। সেইডাল তাতেই থাকি গ
ল। তেজ বৈ বৈ কটকটীয়া হৈ
যোৱাৰ পাছতো তাতেই থাকি যাব।
 

অপাৰেচন ৰাইনৱে
নি
তাল কৰা বাট এটাৰে যি চুকাপথাৰ হাইস্কুললৈ গৈছিল…

“… তোমাৰ ভাইটিৰ নিচিনা

মোৰো ভাইটি
আছিলে,

তিনিচুকীয়াৰ
কাকপথাৰত

গুলী কৰি
মাৰিলে। …”

বুলি বিহু এফাকি
জুৰি গৃহস্থ‌ই হাতত দুটকা এটা লৈ ওলাই অহালৈ যিসকলে আকুল প্ৰতীক্ষা কৰি পাইছে…

যি সকলে বাতৰি
কাকতত টায়াৰ জাপি জ্বলাই দিয়া মৰাশবোৰৰ ফটো দেখিছে…

তেওঁলোকে
জানিছিল…

মায়া নৰহ জুই
আছিল জুই…

চুকা পথাৰৰ পদপথেৰে খোজ কাঢ়ি যোৱা এটা জিৰফিগাৰৰ জ্বলন্ত অগ্নিপিণ্ডৰ তেওঁলোক
সাক্ষী আছিল। মৌচেপা বৰষুণত ভিজা এটা কুমলীয়া তৰাপাতৰ দৰে চেহেৰা আছিল মায়া নৰহৰ। হাজাৰী
নাৰিকলৰ সমানকৈ ফলা কোৰোকাৰ দৰে
 বুকু।
পানী বেলুনৰ দৰে নিতম্ব। বাধ্য ছাত্ৰৰ দৰে দেহাৰ খাঁজে খাঁজে ৰৈ যোৱা
 ৰঙা-কলা এগে গাছৰযোৰ…

লাওৰ শাহৰ বৰণৰ
হাত।

তাৰে এখন হাতত কলা
চামৰাৰ ক
লা ডায়েলৰ ঘড়ী এটা।

প্ৰায়েই খেজুৰী
বেণী গাথিছিল মায়া নৰহে।

নতুবা অলস
পুৱাবোৰত ঢৌৱাই যোৱা এন্ধাৰ ক
লা চিধা চিধা মংগোলীয় চুলি! মায়া নৰহে
স্কুলৰ লেজাৰত লিটিল হাৰ্ট বিস্কুট খাইছিল।

মায়া নৰহৰ দেহৰ
পৰা এটা অভিজাত সুগ
ন্ধি বিয়পিছিল।

 

পদপথটোত মায়া
নৰহ টোটেনখামুন আছিল।

এই যেন পিৰামিডৰ
শিলৰ দুৱাৰ খুলি ওলাই আহিছে সসম্ভ্ৰমে। হাজাৰ হাজাৰ চুমেৰীয় ক্ৰীতদাসে আঁঠু লৈছে।
বতাহত উৰুৱাই দিয়া হৈছে বেবিলনীয় আতৰ।

মৌচেপা বৰষুণত
ভিজা তৰাপাতৰ টোটেনখামুন।

অথৱা অভিশপ্ত
সকলৰ চৰ্মচক্ষুৰ নিৰাময়ৰ অৰ্থে নামি অহা এফ্ৰ
ডাইটি।

  হে বিক্ষত মানুহ… উঠাঁ। অপাৰ জলধি আৰু
সুউচ্চ শৃংগবোৰৰ মাজৰ এই সমতলত ময়েই সুন্দৰ। ময়েই সুগ
ন্ধি। ময়েই পূজ্য সৌন্দৰ্যময়ী। মোৰ আৰাধনাৰ নিমিত্তে‌ই এই আনুভূতিক জাল আৰু
যুদ্ধৰ বিন্যাস।

চাৰিআলিৰ চুকত, য়ামাহা মটৰ চাইকেলত অথৱা কেৰম বৰ্ডত ৰাণী খাবলৈ লৈ
ৰৈ যোৱা আঙুলিবোৰ
, অনুৎপাদিত বীৰ্যৰ অণ্ডকোষ ওলোমাই লৈ ফুৰা
প্ৰৌঢ় চিকাৰী হৈ উঠিছিল‌।

মায়া নৰহ
সম্পদশালিনী।

যাৰ সন্মুখত
চুকাপথাৰৰ প্ৰতিজন পুৰুষেই নিজকে নিঃকিন যেন বোধ কৰিছিল।

(মায়া
নৰহ সেই নাৰীসকলৰ মাজত নাছিল…

যি মৈথুনোন্মুখ
পুৰুষক ৰতিক্ৰিয়াৰ ঠিক আগে আগে বাধা দি সোধে,
বিদ্যা কোৱাঁ… মোক
পাহৰি নোযোৱাঁতো…
!”  সকলো পালে মোক এৰি দিবা চাগৈ ন!!”

আৰু কঠিন
পুৰুষাংগৰে ৰতিবিহ্বল পুৰুষবোৰে বিৰবিৰাই গৈছিল এটাৰ পাছত এটাকৈ ভয়ানক শপত
বাক্য…

যিমান সময়
লেৱেজান পুৰুষসকলক ৰখাব পাৰি সিমানেই নাৰিত্বৰ আহ্লাদত আপ্লুত হোৱা নাৰীবোৰ
কমজোৰ।

মায়া নৰহ সেই
নাৰীৰ মিছিলত নাছিল।

থকাৰ একো কথাও
নাছিল। পুৰুষ নামক ভোটা আৰু ক্ষুধাতুৰ জীৱৰ শঠালিৰ বহু উৰ্ধ্বত মায়া নৰহৰ
অৱস্থিতি।)

 

মায়া নৰহৰ মুখভংগী উদ্ধত আছিল।

শান্ত চকুজুৰিত
আছিল অযত্ন অহং।

সন্মুখত পৰা
সকলোৱেই পাহৰি গৈছিল যে পুৰুষ পৃথিৱীৰ প্ৰথমটো শিল্প। স্ৰষ্টাৰ প্ৰথমটো নিটোল
আয়োজন।

সন্মোহিত
আদম জাতৰ মাজত মায়া নৰহ আছিল এক শক্তিশালী আদেশ। যাক নতশিৰে মানি ল
বলৈ
সাজু আছিল চুকাপথাৰৰ যিকোনো পুৰুষ।

 

কুৰুৱা বতাহৰ
সোঁ-সোঁৱনি আৰু হাৰাধনৰ পুতেকে ভজা কচুৰীৰ মিথিগুটিৰ গোন্ধত ডুব গৈ মালথাছৰ সুত্ৰ
আওৰাই থাকোঁতে
, লৱ গগৈয়ে আৱিষ্কাৰ কৰিছিল মায়া নৰহৰ অভিৰুচি।

তেওঁৰ প্ৰিয়তম হ
লাগিব গীটাৰ বাদক।

চুলি দীঘল।
দীৰ্ঘদেহী। মিতভাষী।

তেওঁ বৈ পৰা
চকুৰ মালিক। ওঁঠ ৰঙা।

তীখাৰ শালডাল
আৰু অলপ নিকপকপীয়া হৈছিল।

অদ্ভূত উকমুকনিৰ
আতিশয্য এটাই থেতালি পেলোৱা লৱ গগৈয়ে বহুদিনৰ পাছত চাপৰিৰ শোঁথ বেমাৰীৰ ফুলি যোৱা
ভৰিটোৰ দৰে গুৰি থকা শিমলুজোপাৰ গাত নালীয়া কটাৰী এখনৰে কাটি কাটি লিখিছিল- এম + এল।
ইচ্ছা কৰিয়েই
এম’-টো আগত লিখিছিল। হাৰাধনৰ মাকৰ
অহংটোৰ প্ৰতি এটা সুতীব্ৰ আকৰ্ষণেৰে কোনো কাৰণতেই তেওঁ
এল
আখৰটো আগত কাটিব খোজা নাছিল। ভীতু, সন্ত্ৰষ্ট
এটা মদগজ ক্ৰীতদাসৰ মালিকৰ প্ৰতি থকা সুবিন্যস্ত শ্ৰদ্ধা বহন কৰি গোধা ৰোগীৰ দৰে
ফুলি যোৱা শিমলু গছৰ গুৰিটোত বহু দিন ৰৈ আছিল
এমআখৰটো। লাহে লাহে বহলি গৈছিল।

এসময়ত নিশ্চিহ্ন
হৈছিল।

এসময়ত সকলো
ধূলিময় আৰু বৰণহীন হৈছিল।

একমাত্ৰ তীখাৰ
শালডালৰ বাদে। সৰ্পাকৃতিৰ শৰীৰসজ্জাৰে চাৰু আৰু গমকত ওঁঠ কপোৱা শ্ৰীমতী অলকা
ফুকনে স্বামীৰ মৃত্যুৰ পাছত ভাগৱত পাঠ কৰিছিল। – 

মুকুতি সুখক কৰি ভকতিসে
বড়…

তথাপি নভজে লোক কিনো কৰ্মজড়…


লৱ গগৈয়ে মায়া
নৰহক দেখিছিল। ওচৰৰ পৰা নহয়। দূৰৈৰ পৰা। মায়াৰ ওচৰলৈ যোৱাৰ সাহস কাহানিও গোটাব নোৱাৰিলে লৱ গগৈয়ে।
একমাত্ৰ মায়া নৰহেই সমগ্ৰ পৃথিৱীখনত এটা একক আছিল যি লৱ গগৈৰ প্ৰাচুৰ্যহীনতাৰ মাপ
কৰিছিল।

তৎমুহূৰ্ততে
বিশ্লেষণ কৰি পেলাইছিল কিমান নিঃকিন তেওঁ। পৃথিৱীয়ে তেওঁক বৰণ দিয়া নাই। অথবা অহংকাৰ কৰিৱ পৰাকৈ একো এটা সম্পদ।

কজলা বৰণৰ ডাঠ
হীনমান্যতাত ডুব গৈছিল লৱ গগৈ।

 

লৱ গগৈয়ে ভাওনা
ভাল পাইছিল। প্ৰৱেশৰ গীতত ছন্দ মিলাই নামঘৰলৈ সোমাই অহা ভাৱৰীয়াবোৰে ৰোমাঞ্চিত
কৰিছিল তেওঁক।

মায়া নৰহে ভাওনা
ভাল নাপাইছিল।

আচলতে লোককৃষ্টিৰ সকলো উপাদানেই মায়া নৰহৰ বাবে আছিল ছুপাৰ বৰিং।

 

মায়া নৰহে ৰলিং
ষ্ট
ন গুণগুণাইছিল। অথৱা ডন উইলিয়াম। লৱ গগৈয়ে ধান বেচি
প্ৰথমটো ডেক্ কিনালৈ অঞ্চলটোৰ প্ৰতিঘৰ মানুহৰে একোটাকৈ সংগীত বজাব পৰা যন্ত্ৰ হৈছিল।

লৱ গগৈয়ে ইংৰাজী
গানবোৰত কোনো কালেই আত্মীয়তা বিচাৰি পোৱা নাছিল। বহুবাৰ তেওঁ মায়া নৰহৰ দৰে ইংৰাজী
গানৰ দুই এটা শাৰী লিখি লিখি মুখস্থ কৰি গুণগুণাবলৈ চেষ্টা কৰিছিল। নোৱাৰিলে।

 

মায়া নৰহ গৰম
বন্ধবোৰত দিল্লীত থকা খুৰাকৰ ঘৰলৈ গৈছিল। লৱ গগৈয়ে প্ৰথম বাৰৰ বাবে এযোৰ
দামী জোতা কিনি পুৰণা একমাত্ৰ লংপেণ্টটো পিন্ধি দূৰৈৰ চহৰখনলৈ গৈছিল।

 

মায়া নৰহক চাবলৈ
অহা দলবোৰত চিকচিকিয়া নতুন য়ামাহা লোৱা চহৰৰ ডেকাবোৰ আছিল।
  যাৰ
মূৰৰ আধাত ওলমি আছিল উজ্জ্বল ছানগ্লাছবোৰ। পকেটত ফিলিপছৰ
ৱাকমেনবোৰ। হাতৰ তলুৱা সী লানি লানিকৈ জাহাজত তোলা দাসবোৰৰ দৰে প্ৰাপ্তিৰ কোনো
বাঞ্ছা নোহোৱাকৈ তেওঁলোক ৰৈ আছিল অমিধৰ নৰহৰ বাংলোটোৰ কাষে-পাজৰে। যেন উফৰি অহা
থু-ৰ কণিকাৰ সৈতে এটা প্ৰচণ্ড বিউগল বাজি উঠিব আৰু চানমাইকা লগোৱা শিশু কাঠৰ দৰজা
খুলি ওলাই আহিব অনন্ত জ্যোতিচ্ছটা। লেডীবাৰ্ড এখনত উঠি গুচি যাব আবেলিটো গৈ থকাৰ
ফালে। চাইকেলৰ কঁপনিৰ সৈতে থিৰ থিৰকৈ তাল ৰাখিব সান্দ্ৰ মধুৰীআম আকৃতিৰ বুকুৱে।

 

(লৱ
গগৈয়ে চাকৰি পোৱাৰ প্ৰথম বছৰতে এযোৰ ছানগ্লাছ লৈছিল। প্ৰচণ্ড দাম দি
, ইচ্ছামতে।)
 

নতুন জোতা, দামী ছানগ্লাছ আৰু চামৰাৰ ৱালেট লোৱা মানুহৰ চকমকীয়া পোহৰৰ ভিৰত হেৰাই
গৈছিল মায়া নৰহতকৈ কেই শ্ৰেণীমান ওপৰৰ নিঃকিন
, পোহৰহীন লৱ
গগৈ।

এজন নিঃস্ব লৱ
গগৈ।

শুকান, ৰসহীন অস্বচ্ছল লৱ গগৈ।

 

আনকি বহুত বেছি
নম্বৰ পাই পাছ কৰি জাকত জিলিকা হোৱাৰ পাছতো লৱ গগৈ মায়া নৰহৰ দৰে সম্পদশালী হ

পৰা নাছিল।

কোনো কালেই লৱ
গগৈয়ে মানুহৰ পৰা সেই সম্ভ্ৰম আদায় কৰিব পৰা নাছিল
, যিটো মায়া নৰহৰ
বাবে অনায়াস আছিল।

মায়া নৰহক
সম্বোধন কৰা মানুহবোৰৰ কণ্ঠত একোটা পেলৱ আত্মসমৰ্পণ আছিল।

মায়া নৰহৰ
সন্মুখৰ যিকোনো মানুহেই সন্মোহিত মানুহ।

 

… আৰু এইবাৰ জীৱনত প্ৰথম বাৰৰ বাবে গীটাৰ বজাব নজনা বাবে লৱ গগৈ মৃতপ্ৰায় হল।

 

… আৰু সেই বাবেই তেওঁ ছোৱালী চাবলৈ নাযায়।

কথাটো তেওঁ কাকো
কোৱা নাই যদিও ছোৱালী ঘৰৰ পৰা অহা নিমন্ত্ৰণ চিধাই প্ৰতাখ্যান কৰিছে।

মানুহে ভাৱিব
পাৰে গীটাৰ বজাব নজনাটো এটা কথা হ
ব পাৰে জানো ?

পৃথিৱীৰ কিমান
মানুহে গীটাৰটো বাদেই হাত চাপৰি এটাকে ভালকৈ বজাব নাজানে। কিন্তু লৱ গগৈয়ে জানে
কিয় তেওঁ গীটাৰ বজাব নজনাৰ বাবে ছোৱালী চাবলৈ নাযায়।

 

লৱ গগৈৰ বিয়াৰ
বয়স হৈছে। হৈছে মানে প্ৰায় পাৰেই হৈছে।

বিয়াখন পাতাঁ আৰু…”, “লৱদাৰ বিয়াত কিন্তু তামাম জমিব।”, “ছোৱালী-টোৱালী নিজেই চাইছেনে আমি চাব লাগিব” আদিৰ দৰে কথাবোৰ উফৰি
ফুৰা দিনবোৰ বহু বছৰ আগতেই পাৰ হৈছে।

 

এতিয়া মানুহবোৰে
বৰকৈ নকয়।

লেও, সময়ৰ কামবোৰ সময়ত নকৰিলে পাছত বিপদ হয় বুলি গহীনকৈ কৈ থৈ দিয়ে।

চাকৰি-বাকৰি ঘৰ-দুৱাৰ সকলো হোৱাৰ পাছত লৱ গগৈৰ দৰে চোকা মগজুৰ মানুহ এজনক বাৰে বাৰে বুজাই থকাৰ
কথা নুঠে।

 

(সমবয়সৰবিলাকৰ কথা দোচোৰা। তেওঁলোকে বেলেগকৈ কয়, যেনে- “বুঢ়া বয়সত
আনিলে লোকৰ ভোগ হ
ব…”, “তুমি পহৰা
দিওঁতেই যাব ৰাইজে পিৰালি চুকতে ভোজ খাব”… “বন্দুকৰ গুলীয়েই নোলালে পহু কেনেকৈ
মাৰিবা…” ইত্যাদি ইত্যাদি …)

 

কিন্তু সকলোৱে জোৰ দি
ধৰাৰ পাছতো লৱ গগৈ ছোৱালী ঘৰলৈ নাযায়।

অকলশৰীয়া মাকৰ
খঙেই উঠিছে। বাকীবিলাকে এইবাৰেই শেষ আৰু… যি কৰ কৰিবি… মনোভাৱ এটাৰে আশা এৰি
দিছে।

বাকী সময়ত লৱ
গগৈৰ ছোৱালী চাবলৈ যোৱাত একো আপত্তি নাই। যায়েই। কিবা কাৰণত বিয়া নহৈছেগৈ
, সেইটো বেলেগ কথা।

এইবাৰ লৱ গগৈ
নাচোৰ বান্দা। নাযায়। খাটাং।

কৈফিয়ৎ দিয়াৰ
পৰিৱৰ্তে তেওঁ গোঁ-গোঁৱনি তুলিছে।

বহু চিন্তা-ভাবনাৰ মুৰত অৱশেষত লৱ গগৈ অকলেই আহিল ছোৱালী ঘৰলৈ। সেই ঘৰত ততালিকে
অনুজ্জ্বল হৈ পৰাৰ প্ৰক্ৰিয়াটো অন্য‌ই দেখাটো তেওঁ নিবিচাৰে!!

 

: ম‌ই গীটাৰ বজাব নাজানো। শিকাৰ সুযোগ নাপালোঁ। এতিয়া আৰু শিকাৰ সময়ো নাই।
মোৰ জীৱনটো গীটাৰ নিশিকাকৈয়ে যাব।

খুৱ খৰকৈ কথা
কেইটা কৈ উঠিল লৱ গগৈয়ে। অলপ ফোঁপালে। আন্ধাৰ বৰণীয়া কটকটীয়া
  শুকান
খেজুৰী কলিজাত অলপ লৰচৰ কৰিলে তীখাৰ শালে।

ছোৱালী ঘৰত
প্ৰথম পৰ্যায়টো পাৰ হোৱাৰ পাছত ল
ৰা-ছোৱালী কিছু সময়ৰ বাবে নিভৃতত
বহিছিল। ক‌ইনা ঘৰৰ পৰা বিয়া দিয়াত একো আপত্তি থকাৰ কথাই নাছিল। দুটা দশকৰ পাছতো
একেই সৌন্দৰ্যৰ অধিকাৰী ভাবী ক‌ইনা
  কেইটামান
মুহূৰ্তৰ বাবে চক খাই গ
ল…

এই যেন পিৰামিডৰ
শিলৰ দুৱাৰ খুলি বহু যুগৰ অন্তত ওলাই আহিল টোটেনখামুন। বৰষুণত ভিজা কুমলীয়া
তৰাপাতৰ দৰে টোটেনখামুন।

এটা বিজুলীৰ দৰে
ৰেখা চমকি গ
ল তেওঁৰ শান্ত শিথিল মুখমণ্ডলত।

সন্মুখৰ মেহগনি
কাঠৰ বিশাল চোফাখনৰ এচুকত বহি আছে এজন চুমেৰীয় ক্ৰীতদাস

লোৰ শলা মৰা
চন্দুকত ভৰাই থোৱা কলিজাৰে এজন প্ৰাচীন প্ৰেমিক ক্ৰীতদাস।

প্ৰায় দুই দশক
মান আগৰ এটা অহং পকাই পকাই দৰক দিলে চকু হালত।

 

একেই উদ্ধতামি।

এটা জ্বলন্ত
অগ্নিপিণ্ডত পৰিণত হ
ল মায়া নৰহ।

এটা খিলখিলিয়া
হাঁহিৰে এটা দুষ্ট উত্তৰ উফৰি আহিল!

: চলিব।

হুকুমেই আছিল নে
আত্ম সমৰ্পণেই আছিল সেইটো লৱ গগৈয়ে বুজি নাপালে।

কিন্তু এজন
ক্ৰীতদাসৰ দৰেই নতজানু হৈ পৰিল।


***

ভ্ৰাম্যভাষ – ৯৮৫৪৫ ৬৬৪২৯