মূল: (ইটালীয়) এলবাৰ্ট’ ম’ৰাভিয়া

অনুবাদ: ড˚ ৰমেশ চন্দ্ৰ গোস্বামী

ৰোম দেশত যদি কোনোবাই কাৰোবাৰ বিষয়ে ক’বলগীয়া হয় যে তেওঁ
গাঁৱলীয়া
, অজ্ঞ, চহা মানুহ,
তেন্তে কয়
 “তুমি জগুৰগোলাৰ পৰা (Sgurgola) আহিছা· জগুৰগোলালৈকে উভতি যোৱা। জগুৰগোলাৰ
নাথাকাগৈ কিয়
·” সেয়া দেখদেখকৈ ৰোমানসকলৰ দেখাক। এনে
ৰুক্ষতাই পিছে এটা কথা উদঙাই দিয়ে
 ৰোম সঁচা অৰ্থত ৰোম হৈ উঠাৰ পূৰ্বে জগুৰগোলাতকৈ
কোনো গুণে উন্নত নাছিল– বৰঞ্চ অধিক গাঁৱলীয়াহে হৈ আছিল যেন লাগে।




   যি নহওক, মই জগুৰগোলাৰ পৰা আহি পুৰুষ
পৰিচাৰক হৈ আছোঁ
; তাৰ কাৰণ একমাত্ৰ ক¸নছ’লিনাৰ প্ৰতি থকা মোৰ ভালপোৱা। কনছ’লিনাও একে ঠাইৰ পৰাই অহা। আমি
গাঁৱত থাকোঁতেই প্ৰণয়পাশত আবদ্ধ হৈছিলোঁ। তাৰ পাছত তাই ৰোমলৈ আহি ৰান্ধনী হিচাপে
কামত সোমাইছিল আৰু সেই পৰিয়ালটোতে মোৰ কাৰণে পুৰুষ পৰিচাৰকৰ কাম এটাৰ ব্যৱস্থা
কৰিব পাৰিছিল। তাই তেওঁলোকক মই যে একেখন গাঁৱৰে বাসিন্দা
, সেই কথাটো কৈছিল; কিন্তু দুয়োৰে
প্ৰেমিক-প্ৰেমিকা কোৱা নাছিল। এনেদৰে মই এদিন মোৰ বাগদত্তাৰ ওচৰ পালোঁহি।
পৰিয়ালটোৰ মুৰববী ছিনিয়’ৰ পেল’ম্বিনি। তেওঁ এগৰাকী বেচ আঢ্যৱন্ত ব্যৱসায়ী। প্ৰাটিত
তেওঁৰ দোকান আছে।


   কনছ’লিনা আমাৰ গাঁৱৰ অন্য বহুতো
ছোৱালীৰ নিচিনাই। দেখাত মোহনীয়
, অন্ততঃ মোৰ মনত বেছ
আকৰ্ষণীয়
; কিন্তু তেনেই হোজা। তাইৰ গাল দুখন আপেলৰ দৰে
ৰঙা
; যি অংশ ৰঙা নহয়, সেইখিনি
গাঢ় আৰু কোমল নোমেৰে আৱৰা। ডাঠ চেলাউৰিৰ তলত সৰু সৰু চকুহাল ক’লা চানেকীয়া
,
প্ৰাণচঞ্চল। চেলাউৰিৰ ওপৰপিনে একোচা ক’লা, কেঁকোৰা চুলি। দেহটো আটিল, অথচ ক্ষীণ আৰু
সুগঢ়ী। এনেকুৱা মহিলা বিয়াৰ পাছতহে শকত হয়। আনহাতে মই হৈছোঁ চুটি-চাপৰ
, হটঙা। তদুপৰি ক’লা
 অত্যন্ত ক’লা। চকুহাল ক’লা আৰু ডাঙৰ। ট-টকৈ জিলিকি
থকা নাকেটা জোঙা
, মুখমণ্ডল ক’লা। মন কৰিব পাৰি যে আমি
দুয়োজনেই ক’লা হোৱাৰ এক নিজস্ব গুৰুত্ব আছে।




   বহুতে ভাবিব পাৰে, ¸নছ’লিনা আৰু মই একেখন ঘৰতে আছোঁ, দুটা
লগালগিকৈ থকা কোঠালিতে থাকোঁ
, একেটা পাকঘৰতে খোৱা-লোৱা
কৰোঁ
; সেই হেতুকে আমি দুয়ো ঘনিষ্ঠ হৈ পৰিছোঁ, কিন্তু প্ৰেমিক-প্ৰেমিকা নহয়। পিছে ধাৰণাটো অশুদ্ধ। পেল’ম্বিনিৰ ঘৰত
মোটামুচিত এমাহকাল একেলগে কটোৱাৰ পাছত মোৰ প্ৰতি তাইৰ এক অনীহাৰ ভাব প্ৰকট হৈ
উঠিবলৈ ধৰিলে। অৱশেষত এদিনাখন সন্ধিয়া দুয়ো একেলগে বাহিৰলৈ ওলালোঁ। তাই কিবাকিবি
কিনিবলৈ ওলাইছিল
; মই ওলাইছিলোঁ ক’লা এলছিয়ান কুকুৰটোক লৈ
তাৰ দৈনন্দিন অভ্যাস পূৰণৰ উদ্দেশ্যে। এপাকত তাই পোনপটীয়াকৈ ক’লে
 “মই আৰু তোমাক
অন্তৰৰ পৰা উলিয়াই দিলোঁ। এয়া তুমি দিয়া আঙুঠি ওভোতাই দিলোঁ। মোৰ কথা আৰু সমূলি
নাভাবিবা।”


   মই শিল পৰা কপৌ হৈ পৰিলোঁ। কিয়নো, ইতিমধ্যে
মই তাইক পত্নী জ্ঞান কৰি কেতবোৰ পৰিকল্পনাও কৰিছিলোঁ। মোৰ প্ৰতি তাই ইমান কিয়
নিৰাসক্ত হ’ল
, অন্ততঃ তাকেই তাইৰ পৰা জানিব বিছাৰিলোঁ।
তাই উত্তৰ দিলে
  “তোমাক আৰু অন্তৰৰ পৰাই বিদায় দিলোঁ, কাৰণ সেয়াই।” লগে লগে এটা শব্দও উচ্চাৰণ নকৰাকৈ তাই
আঁতৰি গ’ল। চকুৱে-মুখে খঙৰ প্ৰতিচ্ছবি।




   কুকুৰটোৰ লেকামডালত খামুচি ধৰি মই তাতেই থিয় হৈ ৰ’লোঁ। বেচেৰা
কুকুৰটোৱে লেকামডাল টানি ধৰি আন দিনাৰ দৰে কনছ’লিনাৰ পিছে পিছে গৈ থাকিবলৈ উদ্যত
হ’ল।




   মহিলাবিলাক এনেকুৱাই। সেই দিনা সন্ধিয়াৰ পাছত তাই মোক অকল
ভৱিষ্যৎ জীৱনসংগীৰূপে গণ্য কৰিবলৈ এৰাই নহয়
, এদিন যিদৰে
মোৰ এইখন ঘৰলৈ এক প্ৰকাৰৰ জোৰ কৰিয়ে আনিছিল
, এতিয়া সেইদৰে
মই যিমান সোনকালে পাৰোঁ
, তাৰ পৰা ওলাই যোৱাটো বিচাৰিবলৈ
ধৰিলে। প্ৰতিটো কথাতে তাই মোক ৰুক্ষভাৱে আচৰণ কৰিবলৈ ল’লে
; মই কিবা এটা ক’লে একো উত্তৰ নিদিয়া হ’ল। তাইৰ হাতখন চুব খুজিলে গোমসাপ
এডালৰ নিচিনাকৈ পাকঘূৰণি মাৰি গুচি যোৱা হ’ল। মোক সঘনাই সুধিবলৈ আৰম্ভ কৰিলে–
“তুমি ইয়াৰ পৰা কেতিয়াকৈ ওলাই যাবা?




   অৱশেষত মই ক’লোঁ– “যেতিয়া মই জানিবলৈ পাম তুমি মোক কিয় নিবিচাৰা,
তেতিয়াহে আঁতৰি যাম।” মোৰ কথা শুনি তাই দুই কান্ধ কোঁচাই দিলে
আৰু সিদিনালৈ ঘটনাটো সিমানতে অন্ত পৰিল।



   এদিনৰ কথা। দেওবাৰ, কনছ’লিনাৰ সেই দিনটো
ছুটী। তাই ওলাই যোৱাৰ পাছতেই মই তাইৰ কোঠাত প্ৰৱেশ কৰিলোঁ। মোৰ উদ্দেশ্য
 তাইৰ এনে
পৰিৱৰ্তন কিহৰ বাবে ঘটিল তাৰ অনুসন্ধান কৰা। কনছ’লিনা মোৰ নিচিনাই নিচলা
, গাঁৱৰ পৰাই আহিছে। মোৰ দৰে তায়ো চাকৰি কৰি আছে। কোঠাটোৰ ভিতৰত কোনখিনিত
হাত দিব লাগিব
, মই জানিছিলোঁ।



   চোতালৰ পিনলৈ মূৰ কৰি থকা ওখ অন্ধকাৰ কোঠাটোৰ ভিতৰত কনছ’লিনাৰ
গাৰ গন্ধ– ঠিক যেন বনৰীয়া প্ৰাণীৰ চোঙৰহে গন্ধ! গন্ধটো ইমান তীব্ৰ আছিল যে মই
মুহূৰ্তৰ বাবে নিৰ্বাক হৈ বিছনাখনতে বহি পৰিলোঁ। মনত পেলাবলৈ চেষ্টা কৰিলোঁ আমি
দুয়ো বাকৰুদ্ধ হৈ থকা কালত এনে গন্ধে কি বুজাইছিল। ক্ষন্তেক পাছতে পুনৰ উঠি বহি
সন্ধান আৰম্ভ কৰিলোঁ। বৃহৎ আকাৰৰ কাপব’ৰ্ডটোলৈ গৈ দেখিলোঁ
 তাইৰ সৰু সাজ-পোছাক ৰখা
খোটালিটো তেনেই ছেদেলি-ভেদেলি হৈ আছে। ড্ৰয়াৰবিলাক খুলি দেখিলোঁ
, সেইবোৰত আছে পা-পোছাক আৰু ভিন ভিন আ-অলংকাৰ; কেইবছৰমান
ধৰি কষ্টৰে জমা কৰা ধনেৰে সেইবোৰ কিনি থৈছিল। তাই সেইবোৰ বিয়াৰ সময়ত পিন্ধিব। তাৰ
পাছত তাইৰ আটাইতকৈ প্ৰিয় বয়-বস্তুবোৰ ৰখা ফাইবাৰ ছ্যুটকেইছটোত হাত দিলোঁ। ভাগ্যে
সেইটোত তলা মৰা হোৱা নাছিল। তলাটো কাহানিবাই ব্যৱহাৰৰ অনুপযোগী হৈ পৰিছিল।
ছ্যুটকেইছটো খুলি দেখিলোঁ
, অনুমান কৰাৰ দৰেই তাত সমস্ত
আৱৰ্জনাবোৰ সুমুৱাই ৰখা আছে। মহিলাসকল মেগ্পি চৰাইৰ নিচিনা
 মেগ্‌পিৰ দৰে তেওঁলোকেও
উজ্জ্বল বস্তুবোৰ গোটাই ৰাখে। আস্
, ছ্যুটকেইছটোতনো কি
নাই! চাহপাত অথবা শুকান বিস্কুট ভৰাই ৰখা টিন
, তেনেই
সস্তীয়া হালধীয়া ধাতুৰ পিন
, যোৱাটো ইষ্টাৰৰ পৰা সাঁচি ৰখা
এটা চেনিৰ ভেঁড়া
, নীলা ভেলভেটৰ পিন-কুশ্বন এটা, ৰঙীন কাচৰ দুই-তিনিডাল নেকলেছ, কেইটামান খালী
ছেণ্টৰ বটল
, বিয়াত মিঠাই ভৰোৱা কেইটামান খালী বাকচ,
য’ত আছিল পেলনীয়া এবোজা নানাৰঙী ফিটাৰ টুকুৰা, এটা বঙা ফাউণ্টেইন পেন, ছেইণ্ট পিটাৰৰ
প্ৰতিচ্ছবি থকা এটা কাচৰ বল
, এডাল মুক্তা ৰসৰ জপমালা,
সন্তসকলৰ সৰু আকাৰৰ প্ৰতিচ্ছবি কেইটামান আৰু যে কি নাই! হ’লেও
মই বিচাৰি থকা এজাপ চিঠি আৰু এখন ফট’
 এইবোৰ তাত নাই। মই কিন্তু খেপিয়াই থাকিলোঁ।
কোনো এক মুহূৰ্তত অকস্মাতে এটা চুকত এটা এন্ভেলপত হাত দিলোঁ। এন্ভেলপটোৰ ভিতৰত
মোটা কিবা এটা একেলগে পিন মাৰি থোৱা আছে। খুলিলোঁ
, আৰু
বুজিলোঁ কিবা এটা পাই গ’লোঁ
 এন্ভেলপটোৰ ভিতৰত ক্ষীণকৈ একোচা সোণালী চুলি। অৱশ্যে
সেয়া প্ৰেমাস্পদৰ মূৰৰ পৰা কাটি লকেটত ভৰাই ৰখাৰ উদ্দেশ্যে যোগাৰ কৰা নহয়। জোৰেৰে
মূৰ ফণিয়াওঁতে ফণিত ৰৈ যোৱা চুলিহে।


   শেষৰ কথাটোৱে মোৰ চকু মেল খুৱালে। ছিঅ’ছিয়াৰিয়াত (Ciociavia)
আমি কোনো পুৰুষ বা মহিলাকে মাত্ৰ দেখাত ধুনীয়া হ’লেই ধুনীয়া বুলি
গণ্য নকৰোঁ। আমাৰ ধাৰণা
, ধুনীয়া চুলি, বগা ছাল আৰু নীলা চকুৱেহে সৌন্দৰ্য বঢ়ায়। তেনে লোক বিৰল। আনহাতে মই
নিশ্চিত যে যিবোৰ দেশত ধুনীয়া লোকৰ সংখ্যা অধিক
, সেইবোৰত
কৃষ্ণবৰ্ণৰ লোকহে আকৰ্ষণীয়। কিয়নো
, সেইবোৰ ঠাইত
কৃষ্ণবৰ্ণৰ লোক দুলৰ্ভ বা অগতানুগতিক।


   কনছ’লিনাৰ মন হৰি নিয়া তেনে ধুনীয়া ব্যক্তি কোন হ’ব পাৰে,
এই চুলিকোচাৰ পৰাই মই বুজিব পাৰিছোঁ। তেওঁ পেলম্বিনিৰ পুত্ৰ
আলফ্ৰেড’ৰ বাহিৰে আন কোনো হ’ব নোৱাৰে। পৰহি দিনা মই তেওঁৰ মূৰ আঁচোৰা ফণিৰ পৰা
সাইলাখ একে উফিযুক্ত চুলি এৰুৱাইছিলোঁ। আলফ্ৰেড’ এজন ছাত্ৰ। তেওঁ দেউতাকৰ দৰে
ৰুক্ষ আৰু অমাৰ্জিত নহয়
, সুৰুচিপূৰ্ণ। অৱশ্যে অধ্যয়নৰ
প্ৰতি একাগ্ৰতা কম। গ্ৰাম’ফ’ন ৰেক’ৰ্ড
, বৃটিছ চিগাৰেট আৰু
মাৰ্কিন সুৰাৰ ভক্ত। কিছুমান দেখনিয়াৰ ব্যক্তি আছে
, যাৰ
কুৰি বছৰমান বয়সতে মুঠিয়ে মুঠিয়ে চুলি সৰে আৰু ত্ৰিছ বছৰমানতে মূৰটো তপা হৈ পৰে
;
তেওঁ তেনেবোৰৰ ভিতৰৰে এজন। এতিয়া তেওঁৰ চুলিবোৰ কেঁকোৰা হৈছে;
কুমলৈকে চুলি সৰি যোৱাত তেওঁৰ বহল কপালখন মুকলি হৈ পৰিছে।
প্ৰশস্ত নীলা চকুযুৰি
, মুখলৈ বেঁকা হৈ পৰা নাকটো আৰু
থুঁতৰিলৈকে বেঁকা হৈ পৰিব খোজা মুখখনেৰে তেওঁক এটা ভেঁড়া যেন লাগে।


   কিন্তু চুলিখিনিয়েই যথেষ্ট নহ’বও পাৰে। কোনো কথা নাই। কনছ’লিনাৰ
উদগ্ৰ প্ৰেমৰ সাক্ষ্য হিচাপে আন কেতবোৰ প্ৰসংগ মোৰ মনলৈ আহিছে। উদাহৰণস্বৰূপে–
তেওঁ বে’লটো বজালেই তাই কয়– “এয়া ঘৰৰ ডেকা মালিক
, মই
গৈছোঁ দেই।”– এই পৰিয়ালটোৰ পুৰুষ পৰিচাৰক মই নে তাই
· মইহে
ডেকা মালিকক সঁহাৰি জনাব লাগিছিল। কথাটোত এই পৰ্যন্ত একো গুৰুত্ব দিয়া নাছিলোঁ।
 কিন্তু এতিয়া আৰু বুজিব পাৰিলোঁ।

   সেই দিনাই গধূলি পাকঘৰত কনছ’লিনাক লগ পাই ক’লো “হুঃ, ডেকা মালিকৰ পিনে তোৰ মন ঢাল খাইছে। মূৰ্খ ক’ৰবাৰ! দেখা নাই সি দেখাত
সাইলাখ ভেঁড়াটো
·” ঘপৰাই মোৰ পিনে ঘূৰি লৈ তাই প্ৰতিক্ৰিয়া
প্ৰকাশ কৰিলে
— “তোমাৰ নিচিনা মতা ছাগলীতকৈ তেওঁৰ নিচিনা ভেঁড়াই ভাল।”

   তাইৰ উত্তৰত মই বিচাৰি থকা সকলো পাই গ’লোঁ। সিদিনা গধূলি তাইক
আৰু একোকে নক’লোঁ। কিন্তু পাছৰ দিনবোৰত লক্ষ্য কৰিবলৈ সুযোগ পাইছিলোঁ যে সেই বগা
বৰণৰ যুৱকজনৰ পৰা কনছ’লিনাই অকণো সঁহাৰি পোৱা নাছিল। আলফ্ৰেড’ আছিল ঘৰগোনা
প্ৰকৃতিৰ যুৱক। দেউতাক দোকানত থকা সময়ত আৰু মাক আৰু ভনীয়েক ঘৰৰ পৰা আঁতৰি থকা
কালছোৱাত তেওঁ প্ৰকাণ্ড অট্টালিকাটোৰ নিজৰ অন্ধকাৰ কোঠাটোতে সোমাই থাকিছিল। তেনে
প্ৰকৃতিৰ হ’লেও কিন্তু তেওঁ কাহানিও কনছ’নিলাৰ ওপৰত অবাঞ্ছিতভাৱে দৃষ্টি পেলোৱা
নাছিল। তাইৰ অস্তিত্বৰ প্ৰতি কাণসাৰ দিয়া নাছিল। মোৰ ধাৰণা– তেওঁ কিবা এটাৰ প্ৰতি
সইম হৈ চলিছিল। কিয়নো তেওঁ বিচাৰিছিল যে মইহে তেওঁৰ যত্ন ল’ব লাগে। কথাটো তেওঁ
একাধিকবাৰ কৈছিল
; আৰু সেই কথাই কনছ’লিনাক নিৰাশ কৰি
তুলিছিল। তেওঁৰ পঢ়া কোঠাটো আছিল
 আহল-বহল;
তাক তেওঁ ধাতৱ আৰু কাচৰ আচবাবেৰে আধুনিক ৰুচিসম্পন্নভাৱে
সজাই-পৰাই ৰাখিছিল
¸। সময়ে সময়ে কফি, হুইস্কি অথবা অৰেঞ্জ স্কোৱাচ বিচাৰিছিল। লৈ গৈ তেওঁক পঢ়া কোঠাতে থকা
পাওঁগৈ। এখন আৰামী চকীত বহি সৰু টেবুল এখনৰ ওপৰত
 ভৰি দুখন উঠাই মেলি দিয়ে। একে ধৰণে আহি বহে
তেওঁৰ এগৰাকী
 বান্ধৱীও। ওখ, লাহী, অত্যন্ত বগা মুখমণ্ডল আৰু ৰঙা বৰণৰ বহল
মুখৰ আমেৰিকান বান্ধৱীগৰাকীৰ নাম কনচুৱেল
, কনছ’লিনাৰ সৈতে
অৰ্থ প্ৰায়েই একেই। ছোৱালীজনীৰ লংপেণ্টটো গাত লিপিট খাই ধৰা
, চুলিখিনি ল’ৰা মানুহৰ দৰে চুটিকৈ কটা। দেখাত ল’ৰা যেনেই দেখি। দুয়ো
ঘণ্টা ঘণ্টা জুৰি একেলগে বহি থাকে। কিন্তু শপত খাই ক’ব পাৰোঁ। বুলিলে যি বুজায়
,
তেনে চুমা এটাও তেওঁলোকে বিনিময় কৰা নেদেখিলোঁ। ছিগাৰেটৰ ধোঁৱাৰে
কোঠালিটো ভৰি যায়। মই সোমাই গৈ এছেট্ৰটো টেবুলৰ ওপৰত যতনাই থওঁ। কিন্তু গ্ৰাম’ফ’ন
শুনিবলৈ এৰি তেওঁলোকে মোলৈ কেৰাহিকৈও নাচায়। কনছ’লিনাক কৈছিলোঁ
 “তুমি মাথোন সময়হে
অপচয় কৰিছা…। সেইজন যুৱকে তোমাক নেদেখেও
, তোমাৰ কথা
নুশুনেও। তুমি জগুৰগোলাৰ পৰাহে আহিছা
, সেইগৰাকী আহিছে
নিউয়ৰ্কৰ পৰা। দুয়োৰে মাজত প্ৰভেদ থকাটোৱেই স্বাভাৱিক…।”


   কনছ’লিনা খং খাই উঠিছিল। তাইৰ বাবে শ্বেতাংগ যুৱকজনৰ পিনে দৃষ্টি
নিক্ষেপ কৰাটোও টান হৈছিল। কিয়নো তাইৰ কাম ৰন্ধা-বঢ়া কৰাটোহে। তেওঁ বে’ল বজালে
মইহে যাব লাগে
, মইহে তেওঁৰ পৰিচাৰক। সেয়ে তাই এটা কাম
কৰিছিল
 ইপিনে কিবা এটা, সিপিনে কিবা এটা অজুহাত উলিয়াই
যুৱকজনক পাকেপ্ৰকাৰে বুজাব বিচাৰিছিল যে তাই তেওঁক ভাল পায়। উদাহৰণস্বৰূপে এদিনাখন
তাই এথোপা ফুল কিনি আনি যুৱকজনৰ কোঠালিলৈ সোমাই গৈছিল
; কোঠাটোত
প্ৰায়েই থকাৰ দৰে বান্ধৱীজনীৰ সৈতে তেওঁ গান শুনি বহি আছিল। ফুলৰ থোপাটো তেওঁলৈ আগ
বঢ়াই দি তাই কৈছিল
 “এয়া মই পাই লৈ আহিছোঁ; কিন্তু
ভাবিলোঁ
, মোৰ নিজৰ কোঠাতকৈ ই এই কোঠাহে অধিক শুৱাৰ।”
মাৰ্কিন ছোৱালীজনীয়ে লগে লগে উল্লসিত হৈ ক’লে
 “বাঃ কি সুন্দৰ!” যুৱকজনে লৰচৰ নকৰি
উদাস ভােবৰে সুধিলে– “তোমাৰ ভাল লাগিছে
· তেন্তে লৈ যোৱা।
কনছ’লিনা
, এওঁ লৈ যাব পৰাকৈ ভালদৰে বান্ধি দিয়া।”

   কনছ’লিনা খং-অপমানত একো নাই হ’ল। মুৰ্হূততে পাকঘৰলৈ উভতি আহিল।
হাতত ফুলৰ থোপাটো। থোপাটো সেইজনীক দিব! তাতকৈ ডাষ্ট্‌
বিনলৈ দলিয়াই দিব খুজিলে তাই। মই তাইৰ হাতৰ পৰা আঁজুৰি
আনিলোঁ। তাৰ পাছত কাগজেৰে নুৰিয়াই পুনৰ যুৱকজনৰ পঢ়া কোঠালিলৈ লৈ গ’লোঁ।


   এদিনাখন বিয়লি ঘৰত যুৱকজনৰ বাহিৰে আৰু কোনো নাছিল। হঠাতে
কেইবাবাৰো বে
ল বাজিল…
সাধাৰণতে বজাতকৈ বেলেগ ধৰণে। মই খৰতকীয়াকৈ ওলাই গ’লোঁ। গৈ দুৱাৰত টুকুৰিওৱাৰ আগতেই
তেওঁ ওলাই আহিল
; হাত
এখনেৰে পেটটো হেঁচি ধৰি আছিল তেওঁ। পেটৰ বিষত কেঁকাই আছিল। সকলো সময়তে সষ্টম হৈ
থকা কনছ’লিনা পাকঘৰৰ পৰা দৌৰ মাৰি আহি তেওঁক বাহুত ধৰি বাথৰুমলৈ লৈ গ’ল। যুৱকজনে
তাইক বাধা নিদিলে। বাথৰুমত তেওঁ পাঁচ মিনিটমান ধৰি বমি কৰিলে। কনছ’লিনাই তেওঁৰ
মূৰটোত দুহাতেৰে ধৰি থাকিল। তাই বাৰে বাৰে কৈ থাকিল
 “ব’লক, আপুনি বিছনালৈ ব’লক।” তেওঁ কেঁকাই কেঁকাই তাই যি কৰে তাক কৰিবলৈ দিলে।
চকুৰ পচাৰতে কনছ’লিনাই তেওঁক বিছনাখন সাজু কৰি দিলে। কাপোৰ সলোৱাত আৰু বিছনাত উঠি
বাগৰি দিয়াত সহায় কৰি দিলে। তাৰ পাছত তাই পাকঘৰলৈ গ’ল আৰু পানী গৰম কৰি বটল এটাত
ভৰাবলৈ সাজু হ’ল। মই মন কৰিছিলোঁ
, চিন্তামুক্ত হৈ পৰাত
তাইৰ মুখমণ্ডল আনন্দত উদ্ভাসিত হৈ উঠিছে। যুৱকজনৰ এই সাময়িক অসুখটো তাইৰ বাবে এটা
সৌভাগ্য। অৱশেষত তাই তেওঁৰ ওচৰ চপাৰ সুযোগ লাভ কৰিলে।


   মই ভাবিছিলোঁ, মহিলাসকল এনেকুৱাই।
তেওঁলোকে আনকি বেমাৰৰো সুবিধা লয়। তাই ইমানেই উৎফুল্লিত হৈছিল যে পানী উতলিবলৈ
অপেক্ষা কৰি থকা সময়খিনিত যেতিয়া ৰুগ্ন যুৱকজনৰ কোঠাৰ খোলা দুৱাৰেদি বাৰে বাৰে
ওলাই অহা কেঁকনি শুনিছিল
, তেতিয়া তাই সন্তৰ্পণে
 মুখেদি গুণগুণাইছিল– “হে প্ৰভু, হে ঈশ্বৰ, হে ভগৱান!…” তেনে সময়তে সমুখৰ দুৱাৰখনত এটা বে’ল বাজিল।

   উতলিবলৈ দিয়া পানীখিনি মোক চাবলৈ কৈ তাই দুৱাৰখন খুলি দিবলৈ গ’ল।
তেতিয়া কি হ’ল মই সঠিককৈ ধৰিব নোৱাৰিলোঁ। খুউব সম্ভৱ সেই মাৰ্কিন ছোৱালীজনীৰ সৈতে
তাইৰ ভেটাভেটি হ’ল। কনছ’লিনাই উলাহতে কৈ দিলে যে ডেকা মালিক অসুস্থ আৰু সেয়ে তেওঁ
লগ পাব নোৱাৰিব। তাৰ বিপৰীতে কনছুৱেল’ নামৰ সিগৰাকীয়ে ক’লে যে তেওঁ যুৱকক দেখা
কৰিবই লাগিব। যুৱকৰ অসুস্থতাৰ গইনাৰে কনছ’লিনাই যি সোণালী সুযোগ লাভ কৰিছে
,
তাক তাই আঙুলিৰ ফাঁকেদি ওলাই যাবলৈ দিব নিবিচাৰে। তাই ছোৱালীজনীক
আঁতৰি যাবলৈ নিৰ্দেশ দিলে। আনহাতে ছোৱালীজনী বদ্ধপৰিকৰ
 তেওঁ যুৱকক লগ ধৰিহে যাব।
এটা মুৰ্হূতত কনছ’লিনাই তেওঁক বাহিৰলৈ গঁতিয়াই দিলে। তাৰ বিপৰীতে মাৰ্কিন
ছোৱালীজনীয়েও কনছ’লিনাক ভিতৰৰ পিনলৈ বুলি গঁতা মাৰিলে। শেষত গৈ উভয়ৰে মাজত
চুলিয়াচুলি লাগিল। শুনিবলৈ পালোঁ ডাঙৰ ডাঙৰ মাতেৰে কৰা প্ৰচণ্ড কাজিয়া
, উত্তেজিত হৈ কৰা চিঞৰ-বাখৰ, দুই-এটা ঘোঁচাৰ
শব্দ
, চকী পৰাৰ শব্দ, কোঠাটোত
থকা অন্যান্য আচবাব চোঁচৰোৱাৰ শব্দ। দৌৰি গৈ কোঠাটোত সোমালোঁগৈ। দেখিলোঁ
, কনছ’লিনা আৰু কনছুৱেল’ পৰস্পৰে পৰস্পৰক জোৰেৰে সাবটি ধৰিছে। ইজনীয়ে
সিজনীৰ চুলি হাতেৰে পকাই টানি ধৰিছে আৰু তেনেদৰে মজিয়াত পৰি বগৰা-বগৰি কৰি আছে।
লগতে যন্ত্ৰণাকাতৰ চিঞৰ। কনছ’লিনাই চিঞৰিছে– “অধম
, অপদাৰ্থ,
অসভ্য মহিলা ক’ৰবাৰ!” মাৰ্কিনজনীয়ে উত্ত দিছে “অ’ই অহৌবলিয়া,
গজমূৰ্খ ছোৱালী, মোক এৰি দে এৰি দে!”
আহিব পাৰে এজনী জগুৰগোলাৰ পৰা আৰু আনজনী নিউয়ৰ্কৰ পৰা
 সেয়া অস্বীকাৰ নকৰোঁ।
কিন্তু মজিয়াত দুয়ো দুজনী মহিলাহে। দৰাচলতে একেজন যুৱকৰ প্ৰেমত হাবুডুবু খোৱা
দুজনী দন্দুৰী মহিলা।


   ইতিমধ্যে অসুস্থ যুৱকজনে পায়জামা পিন্ধিয়ে তেওঁৰ কোঠাটোৰ
দুৱাৰমুখলৈ উঠি আহি ক্ষীণ
, অস্পষ্ট মাতেৰে বাৰে বাৰে
ক’বলৈ ধৰিলে– “এইবোৰ
, এইবোৰ কি হৈছে· হে ভগৱান কি হৈছে এইবোৰ, হোঁ· হেৰা, কোন আছা, ইহঁতক
এৰুৱাই দিয়া।” কৈ থাকোঁতেও তেওঁ হাত দুখনেৰে অনৱৰত পেটত হেঁচি ধৰি আছিল।


   কাজিয়াৰ অৱসান ঘটিল। তেতিয়া কনছ’লিনাৰ হাতৰ মুঠিত মাৰ্কিন
যুৱতীগৰাকীৰ একোচা সোণালী চুলি। আনহাতে কনছ’লিনাৰ সমস্ত মুখমণ্ডলত যুৱতীগৰাকীৰ
ধুনীয়া ৰঙা নখৰ আঁচোৰ।


   সিদিনাই আবেলিখন তাইৰ যি সামান্য বয়-বস্তু, পোছাক-পাতি আছিল, তাকে সামৰি লৈ কনছ’লিনা সেই
ঘৰৰ পৰা আঁতৰি গ’ল। আঁতৰি গ’লোঁ ময়ো। মই কনছ’লিনাৰ গাঁৱৰে বাসিন্দা। তাইৰ অভব্য
আচৰণৰ বাবে ময়ো অপ্ৰিয় হ’বলৈ সময় নালাগিব। হ’লেও মই কেইটামান দিনৰ পাছতহে গুচি
গ’লোঁ। সেয়ে কেইদিনমান মই তাইক নেদেখিলোঁ।


   অলপতে আচম্বিতে তাইক লগ পাই গ’লোঁ– ষ্টেশ্বনৰ সমীপৰ বাগিচাখনত।
দেখিলোঁ চুলিবোৰ তাইৰ ল’ৰা মানুহৰ দৰে কটা। দেখাত কনছুৱেল’ৰ নিচিনা লগাকৈ। ফলত
তাইৰ গাল দুখন মঙহাল আৰু পূৰ্বতকৈ অধিক ৰঙা দেখাইছে। বাকী সকলো একেই আছে। তাই এজন
সৰুফুটীয়া যুৱকৰ সৈতে আছে। এখন ৰেষ্ট্যুৰেণ্টত যুৱকজনে তাইক শীতল নাৰিকলৰ পানী খুৱাই
আছে। দেখিছিলোঁ। তাৰ গাৰ বৰণ বগা
, আৰু চকুযুৰি নীলা।
মূৰটো পিছে
 দেখা নগ’ল। কিয়নো তেওঁ নোমাল,
আগজোঙা টুপী এটা পিন্ধি আছিল। হ’লেও মই ন দি ক’ব পাৰোঁ যে
টুপীটোৱে আৱৰি ৰখা তেওঁৰ চুলিখিনিৰ ৰং সোণালী।



ভ্ৰাম্যভাষ: ৯৪৩৫৩০৮০২৫৭