স্থিৰদৃষ্টি

 সঞ্জীৱ সভাপণ্ডিত


মই আজিকালি প্ৰায়েই
ভাবোঁ
,
কিমান চনত 
মোৰ মৃত্যু হব৷ কিমান বয়সত মৃত্যু হব বুলি ভবাতকৈ চনবোৰ ভাবি মই ভাল পাওঁ; কাৰণ বয়সৰ কোনো
অৰ্থ নাই৷ কাৰণ বয়সে মনটো নিয়ন্ত্ৰণ কৰিব পাৰে বুলি ভাবিলেও আচলতে নোৱাৰে৷ বেমাৰ
আজাৰে যদি দেহাটো জুৰুলা নকৰে, তেন্তে মনটো তজবজীয়া হৈয়ে
থাকে৷ বহুতক অৱশ্যে বেমাৰেও টলাব নোৱাৰে৷

বিশ্ববিখ্যাত মহাজাগতিক
বিজ্ঞানী
দাৰ্শনিক কাৰ্ল ছাগানে পৃথিৱীৰ বাহিৰৰ জীৱনৰ অনুসন্ধানতে নিজৰ জীৱনৰ প্ৰায়
সমস্ত সময় অতিবাহিত কৰিলে৷ তেওঁ ভাবিছিল যে এই বিশ্বব্ৰহ্মাণ্ডৰ কোটি কোটি গ্ৰহ
তৰানক্ষত্ৰৰ মাজত কৰবাতনো নাথাকিবনে
কিবা ধৰণৰ জীৱন
পৃথিৱীতকৈ বেলেগেই হওক, উচ্চই হওক বা নিম্নই হওক!

ছাগান ঢুকাল অলপ
দিনৰ আগতে৷ কোনোবা দূৰৈৰ জীৱ সভ্যতাৰ পৰা কিবা বাতৰি আহে বুলি তেওঁ ৰেডিঅ
টেলিস্কোপ বহুৱাই লৈ কাণ পাতি থাকিছিলঅসীম অমানৱীয়
ধৈৰ্যৰে৷

পিছে তেওঁ তেওঁৰ
জীৱনকালত তেনে কোনো সংকেত নাপালে৷ মানুহ কিন্তু এতিয়াও বহি আছে কাণ পাতি
আশা কৰি৷

জ্যোতিৰ্বিজ্ঞান
অধ্যয়ন কৰি কৰি লাখ লাখ কোটি কোটি গ্ৰহ
নক্ষত্ৰৰ খবৰৰ মাজত
ফটোৰ মাজত থাকি থাকি তেওঁ মানুহৰ ক্ষুদ্ৰতা খুউব ভালকৈয়ে বুজি উঠিছিল
আৰু সেয়ে তেওঁ কৈছিল যে
 জ্যোতিৰ্বিজ্ঞানে তেওঁক মানুহ কৰি ৰাখিলে, কাৰণ মানুহৰ প্ৰধান চৰিত্ৰ আচলতে নমনীয়তাহে হোৱা উচিত৷

পায়নিয়াৰ,
ভয়েজাৰ আদি Intersteller মহাকাশ অভিযানবিলাকৰ
লগত জড়িত হৈ থাকি থাকি সেইবিলাকৰ পৰিকল্পনাৰ কাম কৰি কৰি তেওঁ এক বিচিত্ৰ মানসিক শক্তিৰ
অধিকাৰী হৈ পৰিছিল৷ ভগৱান বুলি যে কিবা এটা সত্ত্বাই এই অসীম বিশালতা
এই অন্তহীন অৱয়ব এটা চম্ভালি আছে, তেওঁ বিশ্বাস কৰিবলৈ
বৰ টান পাইছিল৷ এই অনন্ত কোটি গ্ৰহ
তৰানক্ষত্ৰৰ মাজত আত্মা গৈনো কত থাকেগৈ তাৰ উত্তৰো তেওঁ
বিচাৰি পোৱা নাছিল৷

তেওঁ কেৱল বৈজ্ঞানিক
তথ্যবিলাক বিশ্লেষণ কৰি কৰি এইটোকে পাইছিল যে গোটেইখন আচলতে ঘোৰ অন্ধকাৰ৷ তাৰ মাজে
মাজে সূৰ্যৰ নিচিনা একোটা নক্ষত্ৰ জ্বলি আছে
বিষ্ফোৰিত হৈছে
পোহৰ আৰু তাপ বিলাইছে৷ তাৰ বাহিৰে সকলো পোহৰহীন, উত্তাপহীন৷

মোৰ দেহৰ শক্তিয়ে
মোৰ দেহটো এইটো পৰ্যায়লৈকে নিব আৰু তাৰ পিছত মোৰ দেহৰ
electro
chemical ক্ৰিয়াবিক্ৰিয়াৰ পৰা সৃষ্টি হোৱা
mechanical energy খিনি শেষ হৈ গলে মোৰ দেহ আৰু
লৰচৰ কৰিব নোৱৰা হ
হৃৎপিণ্ডটো বা হাওঁফাওঁ
সংকুচিত
প্ৰসাৰিত হব নোৱাৰিব আৰু মোৰ
মৃত্যু হোৱা বুলি সকলোৱে ক
ব৷ হৃৎপিণ্ড আৰু হাওঁফাওঁৰ সমান্তৰালভাৱে
মোৰ মগজুৰ
electro chemical-electro nuro activity বা ক্ৰিয়াপ্ৰক্ৰিয়াবিলাকো বন্ধ হৈ যাব৷ হয়তো কোনোবাটো অকণমান আগেয়ে হব বা কোনোবাটো অকণমান পাছত হব৷

জন্মৰ পৰা ১০০ বছৰৰ
ভিতৰতে সাধাৰণতে সকলোৰে এই ঘটনা ঘটে৷ গতিকে বয়সটোৰ কোনো অৰ্থ নাই৷  ষাঠিয়েই হ

বা সত্তৰেই হ
সেইটো একো কথা নাই৷

যিহেতু মই কাম কৰি
আছোঁ

চিন্তা কৰি আছোঁপৰীক্ষানিৰীক্ষা কৰি আছোঁ, মোৰ কামখিনি আজিৰ তাৰিখত কি পৰ্যায়ত
থাকিব সেইটোহে মোৰ কাৰণে গুৰুত্বপূৰ্ণ কথা৷ মোৰ কামখিনি মই অকলে কৰা নাই বা মোৰ কামখিনি
একে ঠাইতে হৈ থকাও নাই৷ জাপানতো কৰি আছে
ছুইজাৰলেণ্ডতো কৰি
আছে
অষ্ট্ৰেলিয়াতো কৰি আছে৷ সকলোৰে সন্মিলিত প্ৰচেষ্টাৰে কামবিলাক
এটা পৰ্যায়ৰ পৰা আন এটা পৰ্যায়লৈ আনিলোঁ
, সেইটোহে মূল কথা৷ মই
যিহেতু মানৱ সভ্যতাৰ কিবা এটা কামৰ লগত জড়িত
, সেই কামটো আজিৰ
তাৰিখত কি পৰ্যায়ত আছে
, সেইটো বৰ গুৰুত্বপূৰ্ণ কথা৷ সকলো মানৱহিতৈষীয়ে
এই কথাটোৰ মৰ্মাৰ্থ উপলব্ধি কৰা উচিত৷

মোৰ বয়স হৈছে, বিয়াবাৰু কৰাইছোঁ, ৰাছোৱালী হৈছে, সিহঁত ডাঙৰ হৈছেঘৰদুৱাৰ সাজিছোঁ, টকাপইচা ঘটিছোঁ, ফুৰিছোঁ, খাইছোঁ,
কাম কৰিছোঁ৷ সকলো ঘটি আছে৷ কিন্তু মই গৰুগাড়ীৰ দিনৰ পৰা যে আজি জেটপ্লে
নৰ
দিন পালোঁহি
মোৰ সময়বিলাকে যে মোৰ কামকাজ নিয়ন্ত্ৰণ কৰি আছে, মই পাহৰিলে নচলিব৷

আগতে মোৰ সময়ে কৈছিলযি বেমাৰেই হওক, বেজৰ ওচৰলৈ যা৷ এতিয়া মোৰ নাকৰ বেমাৰ হৈছেনাকৰ ডাক্তৰৰ ওচৰলৈ গৈছোঁ, চকুৰ বেমাৰ হৈছে
চকুৰ ডাক্তৰৰ ওচৰলৈ গৈছোঁ, হাড়ৰ বেমাৰ হৈছেহাড়ৰ ডাক্তৰৰ ওচৰলৈ গৈছোঁ৷ এই নাক, চকু,
হাড়ৰ ডাক্তৰ মই সৃষ্টি কৰা নাই, মোৰ মাজেৰে পাৰ
হৈ যোৱা বিভিন্ন সময়ে স্তৰে স্তৰে সৃষ্টি কৰিছে৷

গতিকে মোৰ সময়টোক
মই বুজা উচিত৷ কি সময় আহি আছে সেইটোও মই অনুধাৱন কৰা উচিত৷

সিদিনা ক’না ভাইৰাছৰ কাৰণে হৈ থকা ২০ দিনীয়া লক্ডাউনত লৰাছোৱালীক ঘৰতে আৱদ্ধ কৰি ৰাখিবলৈ বিভিন্ন পিতৃমাতৃৰ অসুবিধা হোৱাৰ কথা ওলাওঁতে সদ্গুৰুৱে কৈছিল যে
/৪ বছৰলৈকেহে লৰাছোৱালীক মাকক বেছিকৈ লাগে, /
বছৰলৈকে বাপেকক বেছিকৈ লাগে
; তাৰ পাছতবাপেকমাকে’ বেছিকৈ বাপেকমাকহোৱাটো বন্ধ কৰি বন্ধু হবলৈহে চেষ্টা কৰিব লাগে৷ প্ৰকৃতিৰ নিয়মেই সেইটো৷ যদি সিহঁতে ঘৰত বন্ধু নাপায়,
তেন্তে ৰাষ্টাইঘাটে সেই বন্ধুৰ সন্ধান কৰিব আৰু
আমি নাজানো সেই বন্ধুৱে কি
background-ৰ পৰা কি জ্ঞান লৈ আহিছে!

সেয়ে আমি আমাৰ বৰ্তমানটো
ভালদৰে বুজা উচিত৷ মোৰ আজি ৬২ বা ৬৪ বছৰ বয়স হৈছে
, সেইটো ডাঙৰ কথা নহয়৷
এইটো ২০২০
২০২১ চন৷ পৃথিৱীখনে কেনেকুৱা ৰূপ লৈছে চাওকচোনইণ্টাৰনেট, ফেইচ্বুক,
ৱাটছ্আপ, টুইটাৰৰ ফলত দেশবিলাকৰ ভৌগোলিক ব্যৱধান নাইকিয়া হৈ পৰিছে – a global
village is a reality now. Jet age – free market economy-ৰ ফলত যিকোনো
সামগ্ৰী যিকোনো ঠাইতে উপলব্ধ৷ ল
ৰাই ছোৱালী এজনী বিয়া কৰাই আনি
ঘৰত সুমুৱাই ভাত ৰন্ধা
, ঘৰ চাফা কৰা, সন্তান
জন্ম দিয়া
, কেৱল শহুৰশাহুৱেকক সেৱা শুশ্ৰূষা
কৰা চাকৰণী এজনী কৰাৰ দিন আৰু নাই৷

Virtual
reality, Artificial Intelligence, Surrogacy, Single parenthood, 3D Printing,
Space Colonisation আদি কথাই চাৰিওফালে তোলপাৰ লগাই আছে৷

বস্তুবাহানি
উৎপাদনৰ সীমা-সংখ্যা নোহোৱা হৈছে৷ চাবোন হাজাৰ বিধ
, আনন্দ,
আমোদপ্ৰমোদ হাজাৰ বিধঅন্তহীন৷

শক্তিৰ খৰচ অপৰিসীম৷
মানুহৰ

consumption-ৰ সীমা নোহোৱা হৈছে৷ জনসংখ্যা বাঢ়ি গৈ ৮০০ কোটি পাৰ হৈ গৈছে৷

মানুহেই সৃষ্টি কৰি লোৱা মানদণ্ড মতে মানুহে বহুত উন্নতি কৰিছে৷ লৰাই লৰাই, ছোৱালীয়ে ছোৱালীয়ে বিয়া হব লাগে বুলি কৈছে৷ অলপ ঠেৰোঁ গেৰোঁ কৰি পাছত মানুহে এই সকলোবোৰ মানি লৈছে৷

কৃত্ৰিমভাৱে উন্নত
মানুহ
,
বেমাৰ মুক্ত মানুহ লেবৰেটৰিত সৃষ্টি কৰিব পাৰি নে নোৱাৰি
Ethics debate হৈছিল৷ এতিয়া সেইবিলাক মানি লৈছে৷

মহাকাশত বসবাস কৰিবলৈ
যোৱাটো উচিত হ
ব নে নহয় সেই লৈও তৰ্ক হৈছিল৷ এতিয়া সেইবোৰো মানি লোৱা
হৈছে৷

গতিকে মোৰ বয়স ৪০
-এই হওক বা ৫০-এই হওক সেইটো কথা নহয়৷ কথা হ
ল ২০২০ বা ২০২১ চনত মানৱ সভ্যতা
এইটো পৰ্যায়ত আছে৷

২০৩০
কি হ
? ২০৪০ত কি
? ২০৫০ত কি হ?

গতিকে মই ২০২০ বা
২০২১ চনৰ পৰিস্থিতিটো বুজিবলৈ চেষ্টা কৰিব লাগে৷ কি ভাল হৈছে
, কি ভুল হৈছে, কি কি কৰিব লাগে, কি ধৰণে ২০২০২০৩০২০৫০ চনলৈ আগুৱাব
লাগিব 
– চিন্তা কৰিব লাগে৷

ধৰি ললোঁ,
মই ২০৩০ চনত মৰিম৷ তেতিয়া পৃথিৱীখন কি অৱস্থাত থাকিব! ভাৰতত ভাৰতখন কেনেকৈ থাকিব! অসমত অসমখন? মই বা মোৰ ঘৰখন?!

মইতো পৃথিৱীখন বিশেষ
একো সলনি কৰিব নোৱাৰিম কাৰণ পৃথিৱীখনত বহুত মানুহে বহুত ধৰণে বহুত কাম কৰি আছে৷

গতিকে মই মোৰ পৰিধিৰ
ভিতৰত থকা
, মোৰ কৰ্মক্ষেত্ৰৰ ভিতৰত থকা অৱস্থাটো সন্তোষজনক কৰি যাব
লাগিব৷ তেতিয়াহে মই শান্তিত মৰিব পাৰিম৷ গতিকে মোৰ কামবিলাকৰ এখন তালিকা মই এতিয়াই
কৰিব লাগে৷ তাৰে সৰহখিনি কাম মই চিজিলকৈ এটা নিৰ্দিষ্ট মানৰ পৰ্যায়ত থৈ যাব লাগিব৷
সেইটোৱেই মোৰ লক্ষ্য আৰু উদ্দেশ্য হ
ব৷

তাৰ কাৰণে মোক আৰু
এবছৰ বা দুবছৰ আৰু বেছিকৈ লাগিব পাৰে৷ লাগক৷ ৭২-এই হওক বা ৭৩-এই হওক বা ৬৫-এই হওক
মোৰ সীমাত মই উপনীত হোৱাটোহে কথা
বাস্তৱৰ সকলো কথা মনত ৰাখি৷

ভগৱানৰ কথা ভাবিও
লাভ নাই৷ বয়সৰ কথা ভাবিও লাভ নাই৷