আকাশ দীপ্ত
ঠাকুৰ



 

       কাচৰ দুৱাৰখনৰ এটা অংশ ঠেলা মাৰি সোমাই আহোঁতেই মনলৈ এটা অস্বস্তিকৰ অনুভৱ
আহে
; ইতিমধ্যে সোমাই
থকা মানুহখিনিৰ দুই-একে চায়
– নতুনকৈনো কোন সোমাল৷ এই যে
অস্বস্তিৰ ধাৰণাটো… যেন বৃহৎ সুসজ্জিত ৰভাৰে সৈতে বিয়াঘৰ এখনৰ ওচৰ পোৱাৰ লগে লগে
ভিতৰলৈ সোমাবৰ সময়ত উজ্জ্বল লাইটৰ পোহৰত মনলৈ যিটো অনুভৱ আহে
, ঠিক তেনেকুৱা৷ এনেহে লাগে যেন ইতিমধ্যে বহি থকা সকলোৱে কেৱল মোলৈকে চাই
আছে৷ বিশেষ গহীন ভংগিমা এটাৰে গৈ চকী এখনত বহি লোৱাৰ পাছত সেই অস্বস্তিৰ প্ৰায়
ষাঠি শতাংশ নোহোৱা হয়৷ তাৰ পাছৰখিনি যেন ঠিক এনেকুৱা
ঘৰৰ
গিৰিহঁতৰ ফালৰপৰা মাত এষাৰ বা কেতিয়াকৈ লগায়
, দৰাই হওক বা
কইনাই হওক
, হাতৰ উপহাৰটো কেতিয়াকৈ বা দিব পৰা যায়…! এই
দোকানখনলৈ সোমাই অহাৰ পাছত মোৰ ক্ষেত্ৰত কথাটো তেনেকুৱাই হ
ল৷
দুৱাৰখনৰ এটা অংশ ঠেলি সোমাই লোৱাৰ সময়ত এটা অস্বস্তি
বহুত
মানুহ৷ আগৰেপৰা সোমাই থকাখিনি ইতিমধ্যে ভিতৰৰ পৰিৱেশটোৰ সৈতে সহজ হৈ পৰিছে৷ ওপৰত
চুকে-কোণে লগাই থোৱা কেমেৰাকেইটা আছেই৷ সম্মুখত শাৰী শাৰীকৈ সজাই থোৱা বিভিন্ন
ধৰণৰ মিঠাই
, এফালে বেকাৰী-সামগ্ৰী, দৈ-পনীৰ…মিঠাই
সজাই থোৱা কাচৰ সুবৃহৎ বাকচটোৰ সিটো পাৰে দোকানখনৰ কৰ্মচাৰীবোৰ
, একে ধৰণৰ সাজ-সজ্জাৰে আধুনিকা ছোৱালীকেইজনী৷ সোমাই লোৱালৈকে অসহজ ভাবটো
ভালকৈয়ে থাকে৷ কিবা এবিধ মিঠাই ল
ব লাগিব, কোনবিধবা লোৱা যায়! সকলোৱে দেখি আছে, সন্মানৰ কথাও
আছে৷ প্ৰতিবিধ মিঠাইৰ প্ৰতিটোৰে দামবোৰ চাই 
লোৱালৈকে সেই অস্বস্তিৰ ভাবটো…৷

       অলপ সময়ৰ পাছত, সেই অস্বস্তিৰ ভাবটো প্ৰায় ষাঠি
শতাংশলৈকে কমি যোৱাৰ পাছত
, মনৰ ভাবটো সলনি হয়– সিপাৰে থকা কৰ্মচাৰীকেইজনৰ মাজৰপৰা কোনোবা এজন আগ বাঢ়ি মাত এষাৰ লগাব
নেকি…

       দাদা কি লাগিব বাৰু?”

      মই অকণমান আচৰিত হলোঁ৷ কথাটো ভাবিছিলোঁহে, মাতষাৰচোন আহিলেই৷ সেইফালে চালোঁ৷ আগ্ৰহমিহলি দৃষ্টিৰে লৰাজনে মোলৈ চাইছে৷ মই সামান্য বিমোৰতো পৰিছোঁকোনবিধ
মিঠাইনো ল
ম এতিয়াও খাটাং কৰি
পৰাই নাই৷ সি যি নহওক
, মিঠাই একোটাৰ দাম আৰু লবলগীয়া পৰিমাণটোৰ সৈতে খৰচৰ হিচাপটো মনতে মিলাই, এবিধ
মিঠাইলৈ আঙুলি টোঁৱাই ল
ৰাজনলৈ চালোঁ–“এই
ইয়াৰে…

       কথাষাৰ মুখৰ ভিতৰতে ৰৈ গল৷ লৰাজনৰ
পিছফালে উৎসুক হৈ মোলৈকে চাই থকা এই চকুহাল…ইমান চিনাকি এই চেহেৰাটো…কি আছিল
তাইৰ নামটো…
?

     ছাৰ!উৎফুল্লিত হৈ তাই লৰাজনৰ
কাষেদি অলপ আগুৱাই আহিল
, যেন দুয়োৰে মাজত থকা কাঁচৰ মিঠাইৰ
বাকচটোৰ প্ৰাচীৰখন পাৰ হৈ তাই ওলাই আহিব৷

       স্বপ্নালী?” ঘপহকৈ তাইৰ নামটো
মোৰ মনত পৰি গ
ল৷

       মা৷ মাটোও আছে ছাৰ৷তাই খিলখিলাই হাঁহি দিলে৷

      মোৰো হাঁহি উঠিল যদিও মই তাইৰ দৰে প্ৰাণখুলি এই পৰিৱেশত হাঁহিব নোৱাৰোঁ৷
তাইৰ মুখৰ এই উত্তৰটো শুনি হাঁহিব পৰাৰ সেই পৰিৱেশটো কাহানিবাই পাৰ কৰি আহিলোঁ৷
বাধাহীন মনটো লগে লগে উৰি গৈ যেন সেই বাৰাণ্ডাখনত ৰ
লগৈ৷
হাতত খবৰ-কাগজখন লৈ চকু ফুৰাই থকাৰ সময়ত সম্মুখৰ গুমটিৰপৰা গাধোৱা চাবোন
, চেম্পু…আদিৰ টোপোলাটো জোকাৰি জোকাৰি সোমাই অহা বেপৰোৱা ছোৱালীজনী,
গধূলিৰ আন্ধাৰত চতিয়ানাজোপাৰ কাষৰপৰা আঁতৰি যোৱা মটৰচাইকেলখনলৈ চাই
হাত জোকাৰি বিদায় দি কিছু গহীন ভাব এটাৰে সোমাই অহা ছোৱালীজনী
, কলেজ-চৌহদৰ সেই প্ৰাণোচ্ছ্বল ছোৱালীজনী…! মন কৰিলোঁ মই– একেই আছেনে সকলো? কলেজ-চৌহদৰ সেই য়ুনিফৰ্মযোৰ
অৱশ্যেই সলনি হ
; বগা কুৰ্তা, নেভি ব্লু পায়জামা, বগা চূৰ্ণীখনৰ ঠাই ললেহি পাতল ধোঁৱা বৰণৰ এযোৰ সাজে৷ আৰু বা কি কি সলনি হৈ গল… এই প্ৰায় দহ বছৰীয়া সুদীৰ্ঘ সময়ছোৱাত!

       বহুত সলনি হল আপুনি ছাৰ৷ আপুনি এদিন ইয়ালৈ আহিব
বুলি মনতে এটা আশা আছিল৷ আৰু আজি সঁচাকৈ আপোনাক এনেকৈ ইয়াত লগ পাই বৰ ভাল লাগিছে৷
আপুনি বাৰু এতিয়া বৰ ব্যস্ত হৈ আছে নেকি
?” স্বপ্নালীমাই কথাখিনি কওঁতে এবাৰো ভাবি চোৱা নাই তাইৰ কথাবোৰ আনেও শুনিব পাৰে৷
দোকানখনত লগাই থোৱা চি চি টি ভি কেমেৰাবোৰে ধৰি ৰাখিছে আমাৰ প্ৰতিটো চাল-চলন৷
কোনোবা এটা মনিট
ৰত হয়তো আমি কোনোবা এজনৰ লক্ষ্যৰ কেন্দ্ৰ হৈ
আছোঁ৷ নিৰ্জীৱ কেমেৰা হয়তো চাৰিটা
, জীৱ থকা কেমেৰাবোৰতো
চৌপাশে কিলবিলাই আছেই৷ অথচ তাই সেইবোৰ একো গুৰুত্ব দিবলৈ বিচৰা নাই৷

       কি উত্তৰ দিম মই ক্ষন্তেকলৈ ভাবিছোঁ৷ তাই সুধিছে মই বৰ ব্যস্ত হৈ আছোঁ
নেকি
? সেইটো এটা পোনপটীয়া প্ৰশ্ন, লগতে
সামান্য অনুনয়ৰ সুৰ৷ সোধাৰ ধৰণটোত ধাৰণা কৰিব পাৰি
তাইৰ মোৰ
সৈতে কেইটামান কথা আছে
, আজিয়ে তাই পাতিব বিচাৰে৷ সেইটোতকৈয়ো
মই অকণমান চিন্তা কৰিছোঁ তাইৰ কথাকেইটাত সোমাই থকা পৰোক্ষ প্ৰশ্ন দুটাক লৈ৷ মই
এদিন ইয়ালৈ আহিম বুলি তাই আশা কৰি আছিল৷ সেই কথাটো বৰ এটা পছন্দ নহ
ল৷ এইখন দোকান মোৰ ঘৰৰপৰা বেছি দূৰৈত নহয়৷ কলেজলৈ আহোঁতে-যাওঁতে বাটতে
পৰে৷ দৰাচলতে আমাৰখন চহৰত এনে বৃহৎ এখন মিঠাইৰ দোকান বৰ বেছি চাৰিখনমান আছে৷ দোকান
নহয়
, সৰু-সুৰা এটা প্ৰতিষ্ঠান৷ ওপৰ মহলাত ৰেষ্টুৰেণ্ট,
তলত আকৌ চাৰিটামান ভাগ, এফালে ছটপত্তা চাট
আইটেম
, এফালে বেকাৰী-সামগ্ৰী, এটা কোণত
চাহ বিক্ৰী কৰা ঠাই আৰু এইখিনিত মিঠাই৷ ইমান মানুহৰ সমাগম হৈ থাকে
; অথচ ওচৰতে থাকিও মই বৰকৈ নহা কথাটো ধৰা পৰিয়ে গ
তাৰমানে! মই আগে-পিছে দুই-তিনিবাৰ ইয়ালৈ আহিছোঁ
, শেষৰবাৰ
হয়তো এবছৰমানৰ আগতেই আহিছিলোঁ৷ তেতিয়া স্ব
প্নালীমা ইয়াত
নাছিল৷ পাছৰ কথাটো হৈছে মই ইয়ালৈ আহিলে তাই মোক লগ পাব
, কিয়?
ইমানেই যদি প্ৰয়োজন আছিল, তাইতো মোলৈ ফোন কৰিব
পাৰিলেহেঁতেন৷ সাধাৰণতে মই এইখন দোকানলৈ নাহোঁ৷ ঘৰলৈ বুলি মিঠাই কিনা নহয়
, ৰবালৈ গলে মিঠাই কিনিবলগীয়া
লে বাটে-ঘাটে পোৱা দোকানবোৰতেই লেঠা মাৰোঁ৷ বৃহৎ ইলাহী
কাৰবাৰ বাবে আহিবলৈ মন নাযায়
, সন্মুখত গাড়ী ৰাখিবলৈকো
অসুবিধা হয়…মুঠতে বৰকৈ অহা নহয়৷ আজি দেওবাৰ
, আলিৰ কাষত
ভীৰটো কম৷ কালি এওঁলোক মাকৰ ঘৰলৈ গ
ল৷ আজি দুপৰীয়া এয়া মই
ওলাইছোঁ
ভাতসাজো খোৱা হ, গধূলি আটাইকেইটা ঘূৰি আহিম৷ থাওকতে মিঠাই অলপ ইয়াৰপৰাই লৈ লওঁ বুলি
ভাবিলোঁ৷ আৰু সেই চুচুক-চামাকখন কৰি থাকোঁতেই…৷

       লৰালৰি সিমান হোৱা নাই বাৰু; কিন্তু তইতো ব্যস্ত হৈ
আছ এতিয়া৷ বাকী কচোন
, ইয়াত কিমান দিনৰপৰা আছ? বৰ্তমান কত থাক?”

       কি সুধিছোঁ, কি বুজাব বিচাৰিছোঁ মই বাৰু ঠিকেই ধৰিব
পাৰিছোঁ
; তাইবা পাৰিছেনে নাই? এবাৰ মন
কৰিলোঁ
– তাই শিৰত সেন্দূৰ লৈছে নেকি! মই ভালদৰেই জানো– সেন্দূৰকণ কপালত থকা-নথকাটো বৰ্তমান বিশেষ কোনো বিষয়ৰ পৰিচায়ক-চিহ্ন হৈ
থকা নাই৷ তথাপি
, স্বপ্নালীমাৰ শিৰত
অকণমান সেন্দূৰৰ চিন এটা দেখা যেন লাগিল৷ বাকী প্ৰশ্নকেইটা সোধাৰ উদ্দেশ্যটো তাই
বুজিলেনে চাবলৈ চেষ্টা কৰিলোঁ৷ কিয় নুবুজিব! ইংগিতেৰে ক
লেও
ভালদৰেই সকলো কথা বুজি পোৱা হোষ্টেলৰ বহুকেইজনী ছোৱালীৰ মাজৰে এজনী আছিল তাই
,
যি কাহানিও মোৰ অবাধ্য হোৱা নাছিল৷ তাৰ অৰ্থ এইটোও নাছিল যে তাই
একেবাৰে ঠাণ্ডা-মুণ্ডা ছোৱালীকেইজনীৰ লগৰ আছিল৷

       মই কি কব বিচাৰিছোঁ, তহঁতি
ভালদৰে বুজি পাবি বুলি জানো৷ নে কি কৱ স্ব
প্নালী?” প্ৰায় দহ-বাৰজনী ছোৱালীক বেলেগে আছুতীয়াকৈ মাতি আনি সেইদিনা মই কবলগীয়া কথাকেইটা বুজাইছিলোঁ৷

       ছাৰ মা৷ লগত মাটো আছে৷স্বপ্নালীমাই ঘপহকৈ মাত লগাইছিল৷

       তাই সেইদৰে কলে মোৰ হাঁহি উঠি যায় বুলি তাই জানিছিল;
কিন্তু সকলো সময়তে হাঁহিটো সিহঁতক মই দেখুৱাব নোৱাৰোঁ৷ সেইদিনাৰ সেই
পৰিৱেশটো আৰু বেলেগ আছিল৷ মই কেৱল আটাইকেইজনীলৈ এটা গহীন দৃষ্টি দিছিলোঁ
, আৰু মোৰ সেই দৃষ্টি অনুসৰণ কৰি সিহঁতি সাজু হৈছিল এসপ্তাহ পাছতে কলেজৰ
ইলেকশ্যনৰ লৱীকেন্দ্ৰিক পৰিৱেশবোৰৰ প্ৰভাৱৰপৰা হোষ্টেলটো কেনেকৈ নিকা কৰি ৰাখিব
পাৰি
, সেই দিশবোৰৰ প্ৰতি চকু দিবলৈ৷

       নতুন গাৰ্লছ হোষ্টেলটোৰ ছুপাৰৰ দায়িত্ব লোৱা ইতিমধ্যে মোৰ দুবছৰ হৈছিল৷
বহু কাম মই মোৰ পৰিকল্পনামতে কৰিবলৈ সাজু হৈছিলোঁ
, বহু কাম
কৰিছিলোঁও৷ মই জানিছিলোঁ
এই ছোৱালীহঁতৰ অভ্যন্তৰত বহু কাম
কৰিব পৰাৰ শক্তি-সামৰ্থ থাকে
, কেৱল উচিত পথটো দেখুৱাই দিব
পাৰিলেই হ
ল৷

       সেই বৰ্ষতে সেই নতুন ছাত্ৰী নিৱাসটোৰপৰা মোৰ তত্ত্বাৱধানত এখন বাৰ্ষিক
পত্ৰিকা প্ৰকাশ হৈছিল৷ প্ৰতি বছৰে অনুষ্টুপীয়াকৈ হ
লেও
কেইটামান বিশেষ অনুষ্ঠান মই আগৰণুৱা ছোৱালীকেইজনীৰ সহযোগত ব্যতিক্ৰমী ৰূপত পাতিবলৈ
চেষ্টা কৰিছিলোঁ৷ নৱাগত ছাত্ৰীসকলৰ বাবে কিছু আড়ম্বৰপূৰ্ণভাৱে আদৰণী অনুষ্ঠানটো
পাতিছিলোঁ
, মই তালৈ বিশিষ্ট অতিথি ৰূপত আমাৰ কলেজৰে বেলেগ
বেলেগ বিভাগৰ একোগৰাকী মহিলা অধ্যাপকক মাতিবলৈ ছাত্ৰীসকলক নিৰ্দেশ দিছিলোঁ৷ সেই
অধ্যাপকসকলক নিৰ্বাচন কৰোঁতে মই নামসমূহ ঠিক কৰিছিলোঁ
যিকেইগৰাকী
অধ্যাপকক সাধাৰণতে কোনেও কোনো সভা-সমিতিলৈ নামাতে
, তেওঁলোকক
নিমন্ত্ৰণ দিয়াইছিলোঁ৷ বিদায়ী ছাত্ৰীসকলৰ বিদায় সভাত কনিষ্ঠ ছাত্ৰীসকলৰ সহযোগত এখন
ফটো এলবাম প্ৰস্তুত কৰি সকলো বিদায়ী ছাত্ৰীৰ নাম-ঠিকনা-পৰিচয় সন্নিৱিষ্ট কৰি মুকলি
সভাতে তেওঁলোকৰ হাতত দিয়াৰ ব্যৱস্থা কৰিছিলোঁ৷ সময়ে সময়ে বিভিন্ন দিশত প্ৰখ্যাত
কিছু ব্যক্তিৰ সৈতে ছাত্ৰীসকলৰ মত-বিনিময় কৰিব পৰা অনুষ্ঠান একোটাও
পাতিছিলোঁ৷…বহু কথাই মনলৈ আহিব খোজে৷ মনটো মনেই
, তাৰ গতি
ৰোধ কৰিব পৰাৰ শক্তি সকলোৰে নাথাকে৷ গঠনমূলক
, ব্যতিক্ৰমী
কামবোৰৰ বাবেই স্ব
প্নালীমাৰ দৰে বহু ছাত্ৰী মোৰ বাবে আপোন হৈ
পৰিছিল৷ হোষ্টেল এৰি যোৱাৰো বহু বছৰলৈকে সিহঁত বহুতৰ সৈতে যোগাযোগ আছে
; কিন্তু স্বপ্নালীমাৰ সৈতে বিশেষ কাৰণত কোনো যোগাযোগ
নাছিল৷

   ছাৰ অকণমান ৰবচোন৷স্বপ্নালীমাই ততাতৈয়াকৈ কাউণ্টাৰৰ কাষলৈ গৈ মেনেজাৰজনৰ কাষ পালেগৈ৷ মই লক্ষ্য
কৰিলোঁ
– তাই মেনেজাৰজনক মোৰ বিষয়ে কিবা এটা বুজাইছে৷

       কি কলি তই সেই লৰাটোক?
কোন সি? মোক দেখি সি পলাব খুজিছে কিয়?”

      ঠিক এইকেইটা প্ৰশ্নকে মই তাইক কৰিছিলোঁ সেইদিনা৷ আৰু সেইদিনাও তাই মোক
এইদৰেই কৈছিল
– “ছাৰ, অকণমান ৰবচোন৷কথাষাৰ কৈ তাই দূৰৈত নেদেখা হৈছিল৷ ঠিক
দহ-পোন্ধৰ মিনিটৰ পাছত আহিছিল তাই৷ ইতিমধ্যে হোষ্টেলৰ গেট বন্ধ কৰাৰ সময় হৈছিল৷
মোৰ খং উঠিছিল
, ভীষণ খং; আৰু তাই
বুজিছিল৷ মোৰ কাষলৈ আহি তাই তলমূৰকৈ থিয় হৈছিলহি
– “ছাৰ,
মই সকলো কথা আপোনাক মুকলিলৈ কম৷ কেৱল আজি মোক
যাবলৈ দিয়ক ছাৰ৷ আজি মই লোকেল গাৰ্জেনৰ ঘৰত থাকিম৷ আপুনি এতিয়াই তেওঁলোকলৈ ফোন
কৰিব পাৰে৷

       গধূলি সময়ত মোৰ হোষ্টেলৰ ছোৱালী এজনী লোকেল গাৰ্জেনৰ ঘৰলৈ নিশাটোৰ বাবে
যাব খোজাৰ বিশ্বাসযোগ্য সকলোখিনি কৰি মই তাইক যাবলৈ দিছিলোঁ
; আৰু যোৱাৰ সময়ত গেটখন বন্ধ কৰি দিওঁতে তাইক এবাৰ কৈছিলোঁ– “তই কি কৰি আছ, নিজে এবাৰ ভাবি চাবি৷ দূৰৈত তোক নিবলৈ
বুলি ৰৈ থকা ল
ৰাটো কোন মই এতিয়াই খবৰ কৰি আহিব পাৰোঁ;
কিন্তু নাই কৰাঁ৷ কিয়নো মই তোক বিশ্বাস কৰিছোঁ৷ বাকী একো নকওঁজীৱনটো তোৰ; কিন্তু হোষ্টেলটোৰ অনুশাসনখিনি মোৰ৷
গতিকে…৷

       মুহূৰ্তৰ বাবে যেন চমকি উঠিব খোজা তাইৰ দুচকুত সেইদিনা মই যেন এক গভীৰ
হতাশাৰ চাৱনিহে দেখিছিলোঁ৷ ঠিক খোকোজা লগা এটি ভগ্ন কণ্ঠৰে তাই কৈছিল…৷

       মই উচপ খাই উঠিলোঁ৷ মেনেজাৰজনক স্বপ্নালীমাই মোৰ
বিষয়ে কি বুজাই থৈ আহিল নাজানো
; কিন্তু…মোৰ কাষলৈ অহাৰ
পাছত মই লক্ষ্য কৰিছোঁ
তাইৰ দুচকুত পুনৰ সেই চাৱনি! সেই
হতাশা…নে তাতোতকৈয়ো গভীৰ এক বিষাদবোধ৷

       ব নোৱৰাকৈয়ে মই দোকানখনৰপৰা ওলাই আহিলোঁ বাহিৰৰ
পদপথটোলৈ৷ মোৰ পিছে পিছে অহা স্ব
প্নালীমাই কি কব পাৰে, উৎকৰ্ণ হৈ ৰলোঁ
কেইটামান মুহূৰ্ত৷

       ছাৰ, হীৰাৰ পুনৰ জেইল হল৷

       তাইৰ চকুলৈ মই নাচালোঁ৷ চাব নোৱাৰিলোঁ; নে নুখুজিলোঁ?
ক্ষণিকৰ বাবে বৰণ সলনি হৈ যোৱা ছোৱালীজনীৰ পাৰ হৈ অহা জীৱনটোৰ দহ
বছৰীয়া পৰিক্ৰমা…আৰু তাই যি ক
, মই
সেয়া আগতেই অনুমান কৰিছিলোঁ নেকি!

       সেইদিনা…পাছদিনা লোকেল গাৰ্জেনৰ ঘৰৰপৰা উভতি অহাৰ পাছত মোক কথা দিয়ামতেই
তাই নিজে মোৰ ওচৰলৈ আহিছিল৷ সেইদিনা মোৰ পৰিবাৰো আছিল
; তাই
মোক কোৱা কথাখিনিৰ সাক্ষী হৈ আছিল৷ মই বুজিছিলোঁ
স্বপ্নালীমাই এওঁক মাতি আনি মোৰ কাষতে ৰাখিছিল৷ তাই মোক কথা দিছিলসকলো কথা তাই মোৰ আগত ক, একো
নুলুকুৱাকৈ ক
ব৷ বহুকেইজনী ছোৱালীৰ বহু কথাই মই জানিছিলোঁ৷
মই জনাতকৈয়ো বহু কথা মোৰ পৰিবাৰে জানিছিল
, সিহঁতৰ বান্ধৱীৰ
দৰে হৈ পৰা বাবে৷ বহু ক্ষেত্ৰত সিহঁতৰ মুখেৰে মোক ক
ব নোৱৰা
কিছু কথা মই এওঁৰ মুখেৰেও জানিছিলোঁ৷ সেইদিনা স্ব
প্নালীমাই
নিজৰ কথাবোৰ মোক ক
বৰ সময়ত কাষত মোৰ পৰিবাৰ থকাটোও
বিচাৰিছিল৷

       আজি তাই মোক কোৱা বাক্যটোৰ মাজৰপৰা পুনৰশব্দটো আঁতৰাই সেইদিনাও তাই কৈছিল–“হীৰাৰ জেইল হল ছাৰ৷ মই সেইবাবে যাবলগীয়া হল৷সেইদিনা মই স্থিৰ চাৱনিৰে তাইলৈ চাইছিলোঁকোন হীৰা?
সেই লৰাটো? তাইক বাইকত
লৈ যাবলৈ বুলি গছৰ তলত চোপ লৈ থকা ল
ৰাটো? মই পৰিবাৰৰ চকুলৈ চাইছিলোঁ৷ বহু কথাই এওঁৰ চকুহালৰপৰা পঢ়ি পেলাইছিলোঁ৷
বাকীখিনি তাই নিজ মুখেৰেই কৈ গৈছিল
–“ছাৰ, আপুনি সন্দেহ কৰি থকা লৰাটো হীৰা নহয়৷ সিহঁত তাৰ
বন্ধু
, পলিটিকেল গ্ৰুপটোৰ সদস্য সিহঁত৷ দুজনমান বিজনেছ
পাৰ্টনাৰো আছে৷ সিহঁতেও তাক মাজে মাজে বুজাব নোৱাৰে৷ উগ্ৰ খংটো বাদ দিলে এনেই সি
ভাল ল
ৰা…বহুত ভাল লৰা ছাৰ৷ আৰু
তাতকৈয়ো ডাঙৰ কথাটো হৈছে…সি মোক ভাল পায় ছাৰ৷

       কিয়…কিয় সেইদিনা মোৰ এনেকুৱা লাগিছিল যেন তাই ক
বিচৰা কথাখিনি সম্পূৰ্ণ সত্য নহয়৷ হীৰা নামৰ ল
ৰাটোক তাই ভাল
পায়
, তাৰ সৈতেই তাই বিয়া হব৷ এনেবোৰ
কথা সেই বয়সৰ ছোৱালীয়ে প্ৰায়ে মোৰ পৰিবাৰৰ আগত কয়
, আৰু আমি
দুয়ো হাঁহো
– ইহঁতে জীৱনটো যেনেকুৱা বুলি ভাবে, তেনেকুৱাযে নহয়সেইকণ বুজি পোৱাৰো ক্ষমতা ইহঁতৰ নাই৷
অমুকৰ সৈতেই মই বিয়া হ
ম বুলি দৃঢ় মন এটা লৈ থকা বিষয়টো
কিমান ক্ষন্তেকীয়া হ
ব পাৰে, সেইটো
উপলব্ধি কৰিব নোৱাৰে ইহঁতে৷ মোৰ পৰিবাৰে কয়
– “পাৰে, সকলো পাৰে৷ ভালপোৱাতকৈ বেছি ইহঁতি টাইম পাছ কৰে, আৰু
কাক
, ত কেতিয়া কেনেকৈ মেনেজ কৰি
ৰাখিব লাগে
, ইহঁতি সেই সকলো কথাই জানে৷বহু ক্ষেত্ৰত বৰ ঠাণ্ডা, নিমাখিত, অতি ভাল বুলি ভাবি থকা একোজনী ছোৱালীৰ তলে তলে কৰি থকা কৰ্মকাণ্ডয়ো আমাক
অবাক কৰি থৈছে৷ কেতিয়াবা আকৌ মই যিবোৰ ঘটনাত স্তম্ভিত হওঁ
, মোৰ
পৰিবাৰক তেনে ঘটনাত নিৰ্বিকাৰ হৈয়ো থকা দেখিছোঁ
–‘‘আজিকালি
যুগটো এনেকুৱাই৷ এইবোৰ সাধাৰণ কথা৷
 
কিন্তু স্বপ্নালীমাৰ কথাবোৰ মই
সাধাৰণভাৱে ল
ব পৰা নাছিলোঁ, কিয়…?
কিয় মোৰ এনেকুৱা লাগিছিল যেন…, তাই যেন
আচলতে ক
ব খুজিছিল–‘হীৰাৰ সৈতেই এদিন
বিয়া হ
বলৈ মই বাধ্য ছাৰ৷

       হোষ্টেল এৰি যোৱাৰ পাছতো বহু ছোৱালীয়ে আমাৰ সৈতে এটা ঘৰুৱা সম্পৰ্ক
ৰাখিছিল৷ বহুতৰ বিয়ালৈ আমি দুয়ো গৈছিলোঁ৷ হোষ্টেল এৰি যোৱাৰ পাছৰ বছৰতে হ
বপায়, স্বপ্নালীমাই এওঁলৈ এদিন
ফোন কৰিছিল৷ সেইদিনা এওঁক মই বিমৰ্ষ দেখিছিলোঁ৷ নিশা এওঁ মোক কৈছিল
–“স্বপ্নালীমা পলাই গল৷ হীৰা
নামৰ ল
ৰাটোৱে তাইক ঘৰৰ চোতালৰপৰাই, হিন্দী
চিনেমাৰ কায়দাৰে উঠাই লৈ গ
ল৷ তাইৰ দেউতাক সৰুতেই ঢুকাইছিল,
এতিয়া মাক আৰু ককায়েকে তাইৰ সৈতে সকলো সম্পৰ্ক ছেদ কৰিলে৷ লৰাটো বৰ জেদী৷ তাইৰো উপায় নাছিল৷

       তাইৰো উপায় নাছিল’– কিয়? হীৰাই
তাইৰ পঢ়া-শুনাৰ খৰচ বহন কৰিছিল
? মই সেইদিনাই এবাৰলৈ
ভাবিছিলোঁ
– মোৰ ধাৰণাটো তাৰ মানে ভুল নাছিল৷

       আৰু আজি মই বাৰে বাৰে ভাবিছোঁ– মই তাইক সময় দিব
নালাগিছিল৷ কিয় দিছোঁ মই এই সুবিধা
? কোন হয় তাই মোৰ? যিজনী ছোৱালীয়ে নিজৰ জন্মদাতৃ মাকৰ কথা নাভাবিলে, দেউতাকৰ
দৰে ককায়েকটোৰ কথা নাভাবিলে
; মই কিয় ভাবিম তাইৰ কথা? হীৰা নামৰ লৰাটো শাসকীয় দলৰ সদস্য বুলি পাছত এদিন
মই জানিছিলোঁ
; কাৰোবাৰ মুখেৰে শুনিছিলোঁ৷ সৰু চহৰ এইখন,
ইয়াত বহু কথা জানিবলৈ বহু সুবিধা থাকে৷ বিশেষকৈ আমাৰ দৰে অধ্যাপক
এজনৰ ক্ষেত্ৰত কথাবোৰ জানিবলৈ আৰু সহজ হয়৷ ব্যৱসায় কৰে সি৷ জেদত লাগি এজনী ছোৱালীক
বিয়া কৰাই লৈ আনিবলৈ সহজ
, কিন্তু জীৱনটোলৈ বুলি নিৰাপত্তা
দিবলৈ ইমান সহজ নহয়৷ সলনি কৰিব পাৰিব লাগিব নিজকে৷ তাৰ সেই উদ্ধত স্বভাৱটো এৰিব
নোৱৰাৰ দোষত সি পুনৰ জেইললৈ যাবলগীয়া হ
ল৷ স্বপ্নালীমাৰ কথাত সেয়া স্পষ্ট প্ৰকাশ পাইছে৷

       কিন্তু তাই মোৰপৰা সময় কিয় বিচাৰিলে? মই কি কৰিব
পাৰোঁ এতিয়া
? সেই হোষ্টেলৰ ছুপাৰৰ দায়িত্ব এৰি দিয়া মোৰ
প্ৰায় ছবছৰেই হ
ল৷ নিজৰ সাজি থকা ঘৰখনলৈ এদিন গুচি আহিলোঁ৷ স্বপ্নালীমাহঁতৰ মৰম-আব্দাৰৰ মাজেৰে ডাঙৰ হৈ অহা মোৰ লৰাটো
এইবাৰ ক্লাছ ছেভেন পালেগৈ৷ নিজৰ পৰিয়ালটোৰ মাজতে আটোমটোকাৰী সুখ অকণৰ মাজত আমি
জীয়াই আছোঁ
, জী থাকিবলৈ শিকিছোঁ৷ হীৰা নামৰ কোনো অপৰাধীৰ
পত্নীৰ প্ৰতি মোৰ কোনো সহানুভূতি নাই৷ স্ব
প্নালীমাৰ বাবে মই
একো কৰিব নোৱাৰোঁ৷

       ছাৰ, আপুনি মোৰ বাবে একো কৰিব নালাগে৷ আপুনি চাগৈ
ভাবিছে
– এইজনীয়ে নিজৰ মূৰটো নিজে খালে, এতিয়া
মোৰ তাইৰ বাবে কৰিবলগীয়া একো নাই৷ মই মানি লৈছোঁ ছাৰ৷ মই কেৱল এটা কথা ক
বলৈ আপোনাক এইদৰে অকণমান আছুতীয়াকৈ লগ পাব বিচাৰিলোঁ৷

       এটা কথা কবলৈ… তীক্ষ্ণ দৃষ্টিৰে মই স্বপ্নালীমাৰ চকুলৈ চালোঁ৷ আৰু কি কথা কবলৈ বাকী আছে তোৰ?
হীৰাই ব্যৱসায় কৰি চহৰৰ উপকণ্ঠত ঘৰে-মাটিয়ে কিনিলে৷ তাৰ এটা পাৰ্ট
ভাৰালৈ দিয়ে৷ তাৰ ব্যৱসায়ৰ পাৰ্টনাৰবোৰে স্ব
প্নালীমাৰ খবৰ
ৰাখে
, সি শাসক দলৰ সদস্য, এদিন জেলৰপৰা
ওলাব
, পুনৰ ব্যৱসায় কৰিব… এইবোৰ কথাকে ইমান দেৰি তাই কৈ গ, মই শুনিলোঁ৷ তেন্তে…? পুনৰ
আৰু কি কথা থাকিব পাৰে
– যাৰ বাবে তাই এদিন মই এই দোকানখনলৈ
আহিব পাৰোঁ বুলি বাট চাইছিল
, এতিয়া মেনেজাৰক কৈ মোৰ সৈতে
আছুতীয়াকৈ এটা কথা পাতিম বুলি এনেদৰে 
বাহিৰলৈ ওলাই আহিবলগীয়া হ
? হঠাৎ
মই ভাবিলোঁ
এইযে তাই এটা য়ুনিফৰ্ম পিন্ধি এইখন দোকানখনত এই
সৰু চাকৰিটো কৰিছে… কি প্ৰয়োজনত কৰিছে
? তাইতো এটা… এটা
গুণ্ডাৰ পত্নী! লাগ বুলিলেই ভৰি চেলেকিবলৈ অহাবোৰ নোহোৱা হ

নেকি
? নে আৰু অভিনয় বাকী আছেগৈ?

      মোৰ লৰাটো ছাৰ, কেৱল মোৰ লৰাটোৰ বাবেই মই এই চাকৰিটো কৰিছোঁ৷স্বপ্নালীমাই দূৰলৈ দৃষ্টি নিক্ষেপ কৰিছিল৷ ক্ষণিকৰ বাবে মই আহত হলোঁ–“তোৰ লৰা? কিমান ডাঙৰ হল সি?”

       তাই মোলৈ চালে৷ চকুযোৰ সেমেকি আহিছিল, তাই প্ৰশ্ৰয়
দিব নিবিচাৰিলে বুলি ধৰিব পাৰিলোঁ
–“সি ক্লাছ ফৰলৈ পাইছে ছাৰ৷ আপোনাৰ লৰাটোৰ সৈতে সি একেখন
স্কুলতে পঢ়ে৷

       মই হতবাক হৈ পৰিলোঁ৷ মোৰ লৰাটোৰ সৈতে তাইৰ লৰাটো একেখন স্কুলত পঢ়ে? আজি ইমান বছৰে মই গম
নাপালোঁ! মইতো সেইখন স্কুলৰ পৰিচালনা সমিতিৰো এজন সদস্য হৈ আছোঁ
, বহু বছৰৰপৰা৷ অভিভাৱকসকলৰ বহুতকেই মই জানো, চিনি
পাওঁ৷ আজি-কালি অৱশ্যে বহুত ছাত্ৰ-ছাত্ৰী হ
ল বাবে সকলোকে
চিনি পোৱাটো দূৰৈৰ কথা
, আধাখিনিকো ভালদৰে নাজানো; কিন্তু স্বপ্নালীমাৰ লৰা
ক্লাছ ফ
ৰলৈ পালে যেতিয়া, ইমান বছৰে
মই… জানিব লাগিছিল৷ তদুপৰি আনুষংগিক আৰু বহু কথা আছে… সেইখন স্কুলত নামভৰ্তি
কৰাৰ ক্ষেত্ৰত মাক-দেউতাকৰ পৰিচয়টো প্ৰধানকৈ লক্ষ্য কৰা হয়৷ ব্যক্তিগত খণ্ডৰ স্কুল
,
ফিজৰ পৰিমাণো অলপ বেছি৷ সেই বহুত কাৰকৰ মাজত স্বপ্নালীমাৰ লৰা, হীৰাৰ দৰে এজন…৷

       ছাৰ, মই বহু আগৰেপৰা জানো আপুনি সেইখন স্কুলৰ সৈতে
জড়িত৷ সেইবাবেই মোৰ ল
ৰাটোক মই অন্য কতো এডমিশ্যন দিয়াৰ কথা নাভাবিলোঁৱে৷ আপুনি তাত আছে, সেয়ে
বহুত৷ মই নিজে কাহানিও আপোনাৰ সন্মুখলৈ আহিবলৈ সাহস কৰা নাছিলোঁ৷ আৰু…আপুনি
ঠিকেই ভাবিছে ছাৰ
, হীৰাৰ দৰে এজন অপৰাধীৰ লৰা সেইখন স্কুলত কেনেকৈ…৷ বিশ্বাস কৰক ছাৰ, হীৰা
এইবাৰ জেইললৈ যোৱা ডেৰ বছৰ হৈছে
, তাৰ আগতে…সেই প্ৰথমবাৰ
জেইললৈ যোৱা ঘটনাটোৰ পাছৰপৰা সি বহুত সলনি হৈছিল৷ মই সলনি কৰিছিলোঁ তাক৷ ল
ৰাটো সংসাৰলৈ অহাৰ পাছৰপৰা সি আৰু সলনি হৈছিল৷ কিন্তু তাৰ সেই খংটো…৷
তাৰ পৰিণতিতে পুনৰ এনে হ
বলৈ পালে৷

       তাই কেইটামান মুহূৰ্ত ৰল৷ মই লক্ষ্য কৰিলোঁ– কিবা এটা কবলৈ তাই উচপিচাই আছে৷

       এইবাৰ তাই নিজকে যেন বহুখিনি চম্ভালি ললে৷ কথাত এটা
নতুন সুৰ আহিল
– “তাৰ স্কুলত এইবোৰ কথা গম নাপায় ছাৰ৷ পালে
হয়তো তাক উলিয়ায়ো দিব পাৰে
, মোৰ কোনো আপত্তি নাই৷ এবাৰলৈও
আপোনাৰ যোগেদি এটা চেষ্টা কৰাম বুলিও নাভাবোঁ
; আপোনাকো
ভাবিবলৈ নিদিওঁ৷ হীৰাই অপৰাধ কৰিছে
, জেইললৈ গৈছে, তাত লৰাটোৰ কোনো দোষ নাই৷ তথাপি…যদি কোনোবাই ভাবি
লয়
তাৰ গাত দেউতাকৰ তেজেই আছে, গতিকে
সি আৰু সেইখন স্কুলত পঢ়ি নালাগে
, তেন্তে সেয়ে হওক…৷
তাই পুনৰ একমুহূৰ্তলৈ ৰল৷– “হওক, কোনো আপত্তি নাই মোৰ৷ নতুন স্কুললৈ লৈ যাম৷
প্ৰয়োজন হ
লে চৰকাৰী স্কুলত দিম৷ হীৰাক মই ভাল পাইছিলোঁ,
স্বইচ্ছাৰে তাৰ সৈতে এদিন গুচি আহিছিলোঁ৷ যি হৈছিল মোৰ ইচ্ছাত
হৈছিল৷ সকলো ভোগ কৰিবলৈ মই সাজু হৈছোঁ৷ কিন্তু…কিন্তু ছাৰ
, আজি কিছুদিনৰপৰা এটা ভয়…শংকাই মোক বৰকৈ আমনি কৰিবলৈ লৈছে, সেইবাবে এদিন আপোনাক লগ পাবলৈ বিচাৰিছিলোঁ৷

       আৰু বেছিকৈ ভাবি থাকিবলৈ মোৰো যেন শক্তি নোহোৱা হৈ পৰিছে৷ কি কব বিচাৰিছে তাই…মই কি কৰিব পাৰোঁ তাইৰ বাবে?

       ছাৰ, মোক একো নালাগে, কেৱল
আপোনাৰ ফোন নম্বৰটো লাগে৷ মোক মাজে মাজে আপোনাৰ সৈতে কথা পাতিবলৈ এটা সুবিধা লাগে
,
মোৰ লৰাটোৰ বাবে৷হঠাৎ
তাইৰ মাতটো থোকাথুকি হৈ পৰিব খুজিলে৷

       মই…মই একেথৰে তাইৰ মুখলৈ চালোঁ৷ কি বুজাব বিচাৰিছে তাই?

       মোৰ লৰাটোৱে এতিয়া বহু কথাই বুজি পোৱা হৈ আহিছে৷
সৰুৰেপৰা সি মোমায়েকৰ ঘৰ কি বস্তু নেদেখিলে
, নুবুজিলে৷
ককাক-আইতাক
, কোনো আপোন মানুহৰ মৰম সি চিনি নাপালে৷ যেতিয়া
আৰু অলপ বুজিব পৰা হ
, দেউতাকক জেইললৈ
যোৱা দেখিলে৷ দেউতাকৰ লগৰবোৰক দেখিলে৷ সকলো মানুহ তাৰ দেউতাকৰ দৰে
, তাৰ মাকৰ চিনাকি মানুহবোৰ দেউতাকৰ দৰে…সেই ধাৰণাটোকে মই অলপ হলেও নোহোৱা কৰিবলৈ আপ্ৰাণ চেষ্টা কৰিছোঁ ছাৰ৷ মই তাক দেখুৱাব খোজোঁ– আপোনাৰ দৰে মানুহৰ সৈতেও মোৰ চিনাকি আছে, আপোনাৰ দৰে
মানুহেও মোৰ সৈতে ফোনত কথা পাতে
, মই তাক সেইটোৱে দেখুৱাব
বিচাৰোঁ ছাৰ৷

       শেষৰ ফালে স্বপ্নালীমাই হাত যোৰ কৰিছিল৷

       মিঠাইৰ টোপোলাটো লৈ মই গাড়ী ষ্টাৰ্ট দিলোঁ৷ বাৰে বাৰে মোৰ নিজৰ লৰাটোৰ মুখখন মনলৈ ভাহি আহিল৷ সি সৰু থাকোঁতে হোষ্টেলৰ ছোৱালীবোৰৰ লগতে
ইকোলা-সিকোলা হৈ ঘূৰি ফুৰাৰ কথাবোৰ মনলৈ আহিল৷ মোক জোকাবলৈকে বুলি স্ব
প্নালীমাহঁতে মোৰ লৰাটোক মই শুনাকৈ কৈছিল–‘ডাঙৰ হলে তই দুষ্ট হবি দেই,
দেউতাৰৰ দৰে ভাল মানুহ ভুলতো নহবি…৷
আৰু মই মনে মনে হাঁহিছিলোঁ৷

       পকেটত থকা মোৰ মবাইলটো বাজিছে৷ মই কাষৰ ছীটটোলৈ মবাইলটো উলিয়াই ললোঁ৷ এওঁ কৰিছে৷ ফোনটো ধৰিবলৈ মই গাড়ীখন কাষলৈ ৰখাইছোঁ৷ বাৰে বাৰে স্বপ্নালীমাৰ কথাকেইটা মনলৈ ভাহি আহিছে–‘তাক মানুহ কৰিবলৈকে
মই এই চাকৰিটো কৰিছোঁ ছাৰ৷ অন্ততঃ সি বুজক
তাৰ মাকে কষ্ট কৰি
তাক ডাঙৰ কৰিছে৷ সি বুজিব লাগিব ছাৰ…৷

 

  

 

ঠিকনা :

সহকাৰী অধ্যাপক, পদাৰ্থ বিজ্ঞান বিভাগ

জগন্নাথ বৰুৱা মহাবিদ্যালয়, যোৰহাট –

ভ্ৰাম্যভাষ – ৮৬৩৮১৬৭৬৩০