চিত্তৰঞ্জন ওজা
কুৰুক্ষেত্ৰ যুদ্ধৰ ঠিক আগে আগে কৃষ্ণই অৰ্জুনক কৈছিল,
“সখা, পৰিৱৰ্তনৰ পৰা ভয় নাখাবা৷ মনত ৰাখিবা, পৰিৱৰ্তনেই হৈছে একমাত্ৰ ধ্ৰুৱক, ই কেৱল
ভালৰ বাবে।
থানাৰ একেবাৰে শেষৰ ৰূমটোত থকা ৰেডিঅ’ৰ পৰা ওলোৱা বাৰ্তাসমূহ যেন দিলীপ তামুলীৰ বহুদিনৰ লগৰীয়া৷ বেতাঁৰ মাধ্যমেৰে সি ব্ৰহ্মাণ্ড সংগীতহে যেন শুনে৷ শব্দবোৰ বহুপৰ শুনিবলৈ নাপালে, কাণখনে বেছিকৈ আৰাম পালেই তাৰ মনলৈ শান্তি নোহোৱা হয়৷ এই মুহূৰ্তত সি গুৱাহাটীলৈ যাবলৈ টালি-টোপোলা বান্ধি ৰাখিছে৷ সময়ত বাছ আস্থান পাব লাগে৷ অথচ সি থানাৰ পৰা ওলাব পৰা নাই৷ তাৰ ৰিলিভাৰজন অহালৈ অথনিৰে পৰা ৰৈ আছে৷ এই পালোঁহিয়ে বুলি ফোনত জনোৱাৰ পৰা আধা ঘণ্টা পাৰ হ’ল৷ ইপিনে CQ call-অৰ সময় হৈ গৈছে৷ আবেলি ঠিক পাঁচ বজাত জিলা সদৰৰ কণ্ট্ৰ’লে সকলো থানাৰ লগত সংযোগ স্থাপন কৰে৷ “পাপা ছিয়াৰা ফ্ৰম কণ্ট্ৰ’ল ৰিপ’ৰ্ট মাইন” বুলি ৰেডিঅ’ত অহা শব্দটো কাণত পৰাৰ লগে লগে সি জাঁপ মাৰি উঠি ৰেডিঅ’ৰ হেণ্ডছেট হাতত লৈ আৰম্ভ কৰে, “কণ্ট্ৰ’ল ফ্ৰম পাপা ছিয়াৰা গেটিং ইয়োৰ ছিগনেল টু-থ্ৰী৷ …”
কোনোমতেহে অট’ৰিক্সা এখনত
উঠি শিলচৰৰ বাছ আস্থানত উপস্থিত হ’ল দিলীপ তামুলী৷ সময়তকৈ ২০ মিনিট দেৰিকৈ পালে৷ চালকজনে
হৰ্ন বজাই যাত্ৰা আৰম্ভ কৰিবলৈ ওলাইছিলেই৷ এনেতে বেগটো লৈ হুৰমূৰকৈ বাছৰ ভিতৰত সোমাওঁতে
যাত্ৰীসকলে তাৰ পিনে বিৰক্তিসূচক চাৱনি নিক্ষেপ কৰিলে৷ খালী হৈ থকা এজনীয়া ছিট এটাত সি
বহি ল’লে৷ ৰাস্তাত কোনো বাধা-বিঘিনি নঘটিলে পুৱা পাঁচ বজাত গুৱাহাটী পাবগৈ লাগে৷ কিনকিনকৈ বৰষুণ পৰিছে৷ মেঘালয়ৰ ৰাস্তাত ভূমিস্খলন নহ’লেই ৰক্ষা৷ এবাৰ উমকিয়াঙত ভূমিস্খলন
হোৱাৰ বাবে পোন্ধৰ ঘণ্টা সময় ধৰি বাটতে ৰৈ থাকিবলগীয়া হৈছিল৷ খাবলৈ একো নাই, পানী নাই,
টয়লেট নাই৷ গেলা গৰমখনত কি যে অৱস্থা হৈছিল সিহঁতৰ! বাৰিষাৰ সময়ত তেনে ঘটনা হেনো প্ৰতি বছৰে
ঘটে৷ শিলচৰত কাম কৰা মানুহৰ বাবে এইটো কোনো ডাঙৰ কথা নহয়৷ ঘৰ পোৱালৈ তাৰ দেহৰ অৱস্থা
শোচনীয় হৈ পৰিছিল৷
ডেৰ ঘণ্টা পাৰ হ’ল৷
কালাইন পাৰ হৈ নিশাৰ আহাৰৰ বাবে গাড়ীখন এখন ৰেস্তোঁৰাৰ সন্মুখত ৰ’ল৷ এই লাইনৰ প্ৰায়ভাগ
ৰেস্তোঁৰা খোৱাৰ অনুপযোগী৷ ৰান্ধনিশালৰ ভিতৰখন বৰ লেতেৰা, দেখিলে বমি হ’ব খোজে৷ নোখোৱাকৈ
গোটেই নিশা পাৰ কৰাটোও অসুবিধা৷ চালকে গাড়ীখন
ষ্টাৰ্ট দিলে৷ মালিডৰত ৰাস্তাৰ কাষৰ শিৱ মন্দিৰৰ
সন্মুখত গাড়ীখন অলপ সময়ৰ বাবে ৰ’ল৷ সি সেৱা জনালে৷ প্ৰতিখন গাড়ীৰ ড্ৰাইভাৰ-হেণ্ডিমেনে
ইয়াতে সেৱা জনায়৷ এইখিনিৰ পৰা বিপদসংকুল পথ আৰম্ভ হয়৷ গাত মেৰিয়াবলৈ কাপোৰ এখন সি উলিয়াই
ল’লে৷ মেঘালয়ত প্ৰবেশ কৰিলে ঠাণ্ডা অনুভৱ কৰিবলৈ ল’ব৷ শুবলৈ চেষ্টা কৰিলে সি৷ কাৰোবাৰ ম’বাইলৰ ৰিংট’নৰ শব্দত সি সাৰ পাই গ’ল৷
চিলমিলকৈ অহা টোপনিতে সি গুৱাহাটী চহৰৰ সীমান্তৱৰ্তী প্ৰশিক্ষণ কেন্দ্ৰটো দেখা পালে৷
ঊনচল্লিছ বছৰ আগৰ সেই দিনবোৰলৈ উভতি যাবলৈ মন গ’ল৷
মেট্ৰিক পৰীক্ষাত
সি দ্বিতীয় বিভাগত উত্তীৰ্ণ হ’বলৈ সক্ষম হৈছিল৷ পৰীক্ষাৰ কেইদিনমান পাছতে দেউতাকৰ মৃত্যু
ঘটিছিল৷ কলেজত নাম লগাবলৈ ঘৰখনৰ আৰ্থিক অৱস্থা স্বচ্ছল নাছিল, তাতে ঘৰৰ মূল মানুহজন হঠাতে
নোহোৱা হ’ল৷ খুৰাকে গাঁওবুঢ়াক লগত লৈ আৰক্ষী বিভাগৰ বৰচাহাবক লগ ধৰিলেগৈ৷ তাৰ পৰীক্ষাৰ
নম্বৰ, শাৰীৰিক গঠনৰ সুবাদত সি চাকৰিটো পালে৷ লগে লগে তাৰ প্ৰাথমিক প্ৰশিক্ষণ আৰম্ভ
হ’ল৷ প্ৰথম কেইমাহ বৰ কষ্টত থাকিবলগীয়া হৈছিল সি৷ পোহৰ হোৱাৰ আগতেই উঠি ফিল্ডলৈ দৌৰ
মাৰিব লাগে৷ ডেৰঘণ্টা শাৰীৰিক ব্যায়ামৰ পাছত আধাঘণ্টাৰ বিৰতি৷ তাৰ পাছতে আৰম্ভ হয় কুছ-কাৱাজৰ প্ৰশিক্ষণ৷ ৰাইফলটো লৈ পথাৰখনৰ
ইমূৰৰ পৰা সিমূৰলৈ দৌৰা, লেফ্ট-ৰাইট মাৰি ডেৰ ঘণ্টা সময় পাৰ কৰাৰ পাছত দেহত অলপো শক্তি
নোহোৱা হৈ পৰে৷ অকণমান আৰাম কৰিব খুজিলেই গুৰুজীয়ে গালি-শপনি পাৰিবলৈ ধৰে, “কিহৰ মতা
ওলাইছ তহঁত, এইকণ কষ্টও কৰিব নোৱাৰ৷” ন বজাতহে বেৰেকত অলপ সময়ৰ বিৰতি পায়৷ তাৰ পাছত পুনৰ
শ্ৰেণী কোঠালৈ যাবৰে হয়৷ গণিত, পদাৰ্থ বিজ্ঞান, ইলেকট্ৰনিক্স, কিমান যে বিষয়, কিমান
যে জ্ঞান অৰ্জন কৰিব লাগে৷ দুপৰীয়াৰ আহাৰৰ পাছতো আৰাম কৰিবলৈ সময় নাপায়৷ এঘণ্টা ক্লাছ
কৰি পুনৰ কুছ-কাৱাজ, কছৰৎ৷ আন্ধাৰ হোৱালৈ ফুটবল নতুবা ভলীবল খেল৷ সন্ধিয়া সাত বজাত
গন্তিত মিলিত হ’ব লাগে৷ তাৰ পাছতহে সিহঁতে নিজৰ বাবে অলপ সময় পায়৷
সেই সকলো যন্ত্ৰণাৰ
মাজত প্ৰধান প্ৰশিক্ষক পুলক দত্তই সিহঁতক কম জ্বলা-যন্ত্ৰণা দিলে নে! মাজে মাজে লাঠিডাল
হাতত লৈ খেদি আহে৷
“ঐ গৰু, ঐ কুকুৰ,
তহঁতি ক’ত ঘূৰি ফুৰিছ, চিনি পোৱা পাই বাপেৰক৷ ফেইল কৰাই থ’ম বাপেকে৷ বছৰ বছৰ ধৰি ইয়াতে
থাকিব লাগিব৷”
গালিবোৰও বিনা প্ৰতিবাদে হজম কৰে সিহঁতে৷ দত্তই বেৰেকলৈ
আহি কেতিয়াবা মনে মনে কাণখন পাতি থিয় হৈ থাকে, যেনিবা তেওঁৰ কথা কোনোবাই বেয়াকৈ কয়
হে৷ দুৰ্ভাগ্যবশতঃ কোনোবা এজন যদি ধৰা পৰে, পিছৰ তিনিদিনলৈ তাৰ ৰক্ষা নাই৷ পুৱা, গধূলি
এক-দুঘণ্টা কঠিনৰ পৰা কঠিনতম কছৰৎ কৰি ত্ৰাহি মধুসূদন দেখিব লাগে৷ তাৰ লগৰবোৰো কম নহয়৷
ওচৰৰ গাঁৱত গৈ চুলাই মদ এক-দুগিলাছ পি আহি নিশা দত্তৰ চৰকাৰী আৱাসৰ সন্মুখত গালি পাৰে
–
“ঐ ঐ কুকুৰৰ চৰ্দাৰ দত্ত, তোৰ, তোৰ ঠেং ভাঙিম৷
সাহস আছে যদি ওলাই আহ ঐ কুকুৰৰ চৰ্দাৰ৷“
দত্তই ভয়তে ঘৰৰ পৰা
ওলাই নাহে৷ পিছে কি হ’ব, পাছদিনাখন পুৱা গোপন খবৰদাতাৰ খবৰ অনুযায়ী দুই-তিনিজন দুৰ্ভগীয়াক
আগদিনাৰ কুকৰ্মৰ বাবে দণ্ড বিহাৰ ব্যৱস্থা কৰে৷ লগে লগে দত্তক উদ্দেশ্যে মুখৰ ভিতৰতে
গালি বৰ্ষণ আৰম্ভ হয়, “তই পক্ষপাত ৰোগত আক্ৰান্ত হৈ বিছনাত পৰি থাকিবি৷ পৰুৱাই খাব তোক৷
অভিশাপ দিলোঁ৷”
সি আৰু তাৰ অন্তৰংগ
বন্ধু সুভাষে মদ খোৱা, হাই-কাজিয়া আদিৰ পৰা সদায়ে বিৰত থাকে৷ কিন্তু কোনো দিনে মদ চুই
নোপোৱা দিলীপে এদিনৰ বাবে চুলাই মদ পিবলৈ বাধ্য হ’ল৷ দত্তই নিয়োগ কৰা ইনফৰ্মাৰৰ খবৰ
যে সদায় শুদ্ধ তেনে নহয়, কেতিয়াবা ভুলো হয়৷ ভুল খবৰ পাই যাক দণ্ড বিহে সি নীৰৱে সহ্য
কৰিবলগীয়া হয়৷ এদিন আনে কৰা অপকৰ্মৰ বাবে দিলীপৰ ওপৰত দণ্ড বিহিলে৷ তিনিদিন নৰক যাতনা
পাই সি খঙৰ ভমকত চুলাইৰ ঘাটিত গৈ তিনি গিলাছ মদ ঘট ঘটকৈ পি আহিলগৈ৷ সুভাষে তাক কোনোমতে
হাতত ধৰি চোঁচৰাই টানি আনিলে চুলাইৰ ঘাটিৰ পৰা৷
“ঐ চালা কুকুৰৰ
চৰ্দাৰ, তোৰ মুখত মুতিম, ওলাই আহ।” বুলি সি দত্তৰ জপনামুখতে প্ৰস্ৰাৱ কৰি দিলে৷ সেইখিনিলৈ
ঠিকেই আছিল, সুভাষে তাৰ বাহুত ধৰি টানি থাকোঁতেই সি দত্তৰ চৌহদত বমি কৰি দিলে৷ বমিৰ সময়ত
হোৱা বিকট শব্দত দত্তই পৰিয়ালসহিতে সাৰ পালে৷ তথাপি বাহিৰলৈ ওলাই নাহিল৷ “মদৰ নিচাত
বা কি কৰে কুকুৰহঁতে! ৰাতিপুৱা এইকেইটাক চাই ল’ম৷” দত্তই পৰিবাৰৰ পিনে মূৰ ঘূৰাই কথাষাৰ
ক’লে আৰু নীৰৱে শুই থাকিল৷ বেৰেকত সোমাই সুভাষে দত্তৰ ইনফৰ্মাৰক এজাউৰি দিলে৷ “দিলীপ
আৰু মোক যদিহে কালিলৈ শাস্তি বিহে তোৰ গল কাটিম৷ নিজৰ প্ৰাণৰ মায়া আছে যদি মনে মনে
থাকিবি৷” সঁচাকৈয়ে পাছদিনা কোনে অপকৰ্ম কৰিলে দত্তই জানিব নোৱাৰিলে৷ ষাঠিজনীয়া দলৰ
সকলো সদস্যই ফিল্ডত ফুটবলৰ দৰে ঘূৰি ফুৰিবলগীয়া হ’ল৷ তাৰ পাছৰ পৰা ছুটীৰ দৰ্খাস্তখন
দিবলৈ গ’লেও যে কিমান গালি শুনিব লাগে৷
“ঐ জহনিত যোৱাহঁত,
গৰুহঁত, চালা কুকুৰহঁত, ক’ত মৰিবলৈ যাৱ?”
দত্তক লৈ যে কিমান
কাহিনী! কেতিয়াবা মনত পৰিলে তাৰ হাঁহিও উঠে, খঙো উঠে৷ কম নগুৰ-নাগতি কৰিলে নে মানুহজনে!
ওপৰৱালা হ’ল বুলিয়েই ইমান কষ্ট দিব লাগে নে সিহঁতক! কিছুদিন আগতে সুভাষে তাক খবৰ দিছিল যে দত্তৰ
হেনো প্ৰেছাৰ ষ্ট্ৰোক হৈ দেহৰ বাওঁফাল সংজ্ঞাহীন হৈ পৰিছে৷ সি দত্তৰ ঘৰলৈ গৈ খবৰ এটা
ল’লেগৈ৷ বৰ কষ্টৰেহে দুই-এষাৰ কথা ক’ব পাৰিছিল মানুহজনে৷ মনৰ কোনোবা অংশত দিলীপে এক বেদনা অনুভৱ
কৰিছিল৷ সিহঁতৰ অভিশাপ দত্তৰ গাত লাগিছিল নেকি! প্ৰশিক্ষণ কেন্দ্ৰত মৰমিয়াল প্ৰশিক্ষকো
দুই এজন আছিল যিয়ে প্ৰশিক্ষাৰ্থীসকলক সহায় কৰিবলৈ সৰ্বদা প্ৰস্তুত আছিল৷
বিকট হৰ্নৰ শব্দত
সি কল্পনা ৰাজ্যৰ পৰা উভতি আহিল৷ খিৰিকিখন খুলি বাহিৰলৈ চালে সি৷ দুয়োপিনে বাছ, ট্ৰাকৰ
দীঘলীয়া লাইন৷ সি গাড়ীৰ পৰা নামিল৷ ড্ৰাইভাৰক সুধি জানিব পাৰিলে যে আগত ট্ৰাক এখন লুটি খাই পৰিছে৷ সময় লাগিব৷ এখন এখনকৈ
গাড়ী পাৰ হ’ব লাগিব৷ কেইজনীমান জনজাতীয় মহিলাই বাঁহৰ খৰাহীত তামোল-পাণ আৰু আনাৰস চকলা-চকলকৈ
কাটি বেছিবলৈ আনিছে৷ সি দুচকল আনাৰস কিনিলে৷ সোণাপুৰৰ টানেলটো পাৰ হোৱাৰ তিনিঘণ্টামান
হ’ল, যাত্ৰা পথৰ আধা অতিক্ৰম কৰিলে৷ কেতিয়াবা
জাম লাগিলে ঘণ্টাৰ পাছত ঘণ্টা ৰৈ থাকিব লাগে৷ কাপোৰখন মূৰলৈকে লৈ সি শুবলৈ চালে৷ টোপনি
নাহিল, কিন্তু তাৰ অনাতাঁৰ প্ৰশিক্ষণ কেন্দ্ৰৰ বহু কথাই মনলৈ আহিল৷
ভাগৱতী ছাৰে সিহঁতক
উচ্চ কম্পনাংক ৰেডিঅ’ৰ প্ৰশিক্ষণ দিছিল৷ যন্ত্ৰটো বেছ ডাঙৰ আছিল, কমেও ত্ৰিছ
কেজিমান ওজনৰ৷ তাতে আধা লিটাৰৰ ফ্লাস্কটোৰ সমান ভেকুৱাম টিউবৰ ভাল্ভ ব্যৱহাৰ কৰিছিল৷
ছাৰে তাক কৈছিল ভাল্ভকেইটা দ্বিতীয় বিশ্বযুদ্ধৰ দিনৰে, আজিকালি ভাল্ভৰ ঠাইত কণমানি ট্ৰানজিষ্টৰ ওলাইছে৷ প্ৰথমে তাক শিকাইছিল
কেনেকৈ ইংৰাজী বৰ্ণমালাক মৰ্চ কোডলৈ নিব পাৰি৷ মৰ্চ কীত এবাৰ লাহেকৈ টিপি দিলে ‘ডা’
শব্দ ওলায়৷ ইয়াতকৈও খৰকৈ টিপিলে ওলাব ‘ডি’ বা ‘ডিট’৷ এই দুটা শব্দৰে ইংৰাজী বৰ্ণমালাৰ
২৬ টা বৰ্ণ আৰু দহটা সংখ্যা বুজাব লাগিব৷ ‘এ’ বৰ্ণৰ বাবে মৰ্চ কীৰে মাৰিব লাগিব ‘ডি
ডা’৷ ‘বি’ বৰ্ণৰ বাবে ‘ডা ডিট ডিট ডিট’, ‘চি’
বৰ্ণৰ বাবে ‘ডা ডি ডা ডিট’৷ এনেকৈয়ে গৈ থাকিব৷ প্ৰথমে ইয়াক মনত ৰাখিব লাগিব৷ তাৰ পাছত
স্পীড বঢ়াব লাগিব৷ এক মিনিটত কমেও চল্লিছটা বৰ্ণ মাৰিব পাৰিব লাগিব৷ ছাৰে কৈছিল, “তোমালোকে
বেৰেকত গৈ অনুশীলন কৰিবা৷ নহ’লে ফেইল কৰিবা৷”
ভাগৱতী ছাৰৰ প্ৰথম
ক্লাছতে তাৰ মূৰ ঘূৰিবলৈ ধৰিলে৷ ‘ডা ডি ডা’ এইবোৰকে লৈ সি গোটেই চাকৰি জীৱন কটাব লাগিব! ছাৰে তাক কম মূ্ল্যতে পুৰণি মৰ্চ কী এটা অনুশীলনৰ বাবে দিলে৷ বেৰেকত গৈ নিশা শোৱাৰ
আগতে সি অভ্যাস কৰিবলৈ ধৰিলে৷ লাহে লাহে ডা ডি ডা শব্দবোৰ তাৰ নিজৰ যেন অনুভৱ হ’বলৈ ধৰিলে৷
জীৱনত তাৰ প্ৰথম প্ৰেম এই শব্দবোৰৰ লগতে৷ কাগজখন হাতত লৈয়ে সি প্ৰতিটো বৰ্ণ ডা ডি ডা-ৰে
অনাতাঁৰ মাধ্যমত বাৰ্তা পঠিয়াব পৰা হৈ গ’ল৷
তাৰ পাছতে সিহঁতক
প্ৰশিক্ষণ দিবলৈ আৰম্ভ কৰে ৱাকিটকি ৰেডিঅ’ত কেনেকৈ কথা পাতিব লাগে৷
: “ৱাকি টকিৰ প্ৰেছ
বাটনটো টিপি ক’বলগীয়া কথাখিনি ক’বা আৰু বাটন এৰি দিয়াৰ আগতে অ’ভাৰ বুলি ক’বা৷ তেতিয়া
আনটো পক্ষৰ পৰা কথা আৰম্ভ কৰিব৷ আনটো পক্ষই অ’ভাৰ বুলি ক’লে তুমি আকৌ আৰম্ভ কৰিবা৷ অ’ভাৰ
এণ্ড আউট মানে ইয়াতে কথা সামৰিলোঁ৷ ক’বলগীয়া নাথাকিলে মাতিব লাগিব এন টি আৰ – মানে
নাথিং টু ৰিপোৰ্ট৷ বুজিলা নে ল’ৰাহঁত?”
প্ৰশিক্ষণ শেষ হ’বলৈ
হ’ল৷ কষ্টৰ মাজেৰে বহুত কথাই শিকিলে, ডিউটি কৰিব পাৰিব৷ বছৰদিন ধৰি এক কষ্টকৰ প্ৰশিক্ষণৰ
মূৰত সিহঁতে শেষ পৰীক্ষাত বহিল৷ সি আৰু সুভাষে ভাল নম্বৰ লাভ কৰিবলৈ সক্ষম হ’ল৷ সি
নভবাকৈয়ে মৰ্চ কোডত প্ৰথম স্থান পালে৷ লগে লগে তাক দিছপুৰস্থিত মেছেজ কণ্ট্ৰ’ল চেণ্টাৰত
কাম কৰিবলৈ নিৰ্দেশ দিলে৷ সেই অফিচটোত মেছেজ দম দম হৈ থাকে৷ অফিচটো কেইবাটাও সৰু সৰু
কিউবিকুলছত ভাগ কৰা থাকে৷ প্ৰত্যেক ৰূমত একোজনকৈ
মানুহে অনবৰত মৰ্চ কীৰে বাৰ্তা পঠিয়াই থাকে৷ ৰাজ্যৰ সকলো জিলাৰ সদৰলৈ পঠাব লাগে৷
দিছপুৰৰ পৰা সকলো নিৰ্দেশ এনেকৈয়ে পঠিওৱা হয়৷ দুদিন দেৰি হ’লে হাহাকাৰ লাগে৷ চাৰিটা
চিফ্টত দিন-ৰাতি কাম চলে৷ বিদ্যুৎনোহোৱা সময়ত জেনেৰেটৰ চলাই দিয়া হয়৷ কাম ৰৈ থাকিব
নোৱাৰে৷ সেই দিনত ৱায়াৰলেছ মেছেজৰ বাহিৰে চৰকাৰৰ হাতত কোনো বিকল্প নাছিল৷ সেইবাবেই নেকি
দিনে-নিশাই কষ্ট কৰিও সি আনন্দ পাইছিল৷ তাৰ কামৰ নিশ্চয় মূল্য আছিল৷
নাইট চিফ্টত কাম
কৰি ৰাতিপুৱা সি গাঁৱৰ ঘৰলৈ পোনাই দিয়ে৷ এনিশা ঘৰত থাকি পাছ দিনা কামত যোগদান কৰে৷
তাৰ মাজতে তাৰ বিয়া হৈ গ’ল৷ এটি সন্তানৰ বাপেক হ’ল৷ মৰ্চ কীৰে বাৰ্তা পঠোৱা কামত লাগি
থাকোঁতেই বছৰবোৰ পাৰ হ’বলৈ ধৰে৷ এদিন সি কাণত প্ৰচণ্ড বিষ অনুভৱ কৰিলে৷ তেতিয়া তাৰ সন্তান
ধ্ৰুৱৰ বয়স হৈছিল দহ বছৰ মাত্ৰ৷ ডাক্তৰে জনালে হে’ডফোনত অনৰ্গল শুনি থকা ডা ডি ডা শব্দবোৰে তাৰ এখন কাণ প্ৰায় অকামিলাই কৰি পেলালে৷ চাকৰি যোৱাৰ ভয়ত তাৰ খোৱা শোৱা ঠিক নোহোৱা হৈ পৰিল৷
ধ্ৰুৱৰ পঢ়া-শুনা কি হ’ব ভাবিলেই সি কান্দি উঠে৷ বৰ চাহাবক দেখা কৰিহে সেই যাত্ৰাৰ পৰা
সি ৰক্ষা পালে৷ থানাত বহি জিলা সদৰলৈ ৱাকিটকিত কথা পতাৰ দায়িত্ব তাৰ ওপৰত অৰ্পণ কৰা হ’ল৷
গাড়ীখন পুনৰ চলিবলৈ
ধৰিলে৷ যথেষ্ট নিয়মানুৱৰ্তিতা আৰু আন্তৰিকতাৰে কাম কৰা বুলি বিভাগত তাৰ নাম আছে৷ সময়ৰ
পৰিৱৰ্তনৰ লগত নিজকে খাপ খুৱাই ল’বলৈ বিভাগৰ দূৰদৰ্শী মুৰব্বীজনে যেতিয়া নতুন প্ৰযুক্তি
গ্ৰহণ কৰিবলৈ সিদ্ধান্ত লয়, দিলীপৰ দৰে কেইজনমানক আগভাগ ল’বলৈ নিৰ্দেশ দিয়ে৷ নতুন নিৰ্দেশ
পায়ে সি বিব্ৰত হৈ পৰে৷ কোনো দিনে কম্পিউটাৰ চুই নোপোৱা মানুহে এতিয়া সকলো কাম কম্পিউটাৰত
কৰিব লাগিব৷ এই বয়সতনো নতুন প্ৰযুক্তিৰ কাম শিকিব পাৰি নে? অসম্ভৱ কথা৷ এবাৰ ভাবিলে
সি স্বেচ্ছাই অৱসৰ ল’ব৷ পাছ মুহূৰ্তত তাৰ ঘৰখন, ধ্ৰুৱৰ শিক্ষাৰ কথা মনলৈ আহে৷ ল’ৰাটো ইতিমধ্যে
আই আই টি, গুৱাহাটীত কম্পিউটাৰ বিভাগত সপ্তম ষাণ্মাসিকত পঢ়ি আছে৷ তাৰ পঢ়াৰ নামত আৰু
ঘৰ নিৰ্মাণৰ নামত বেঙ্কৰ পৰা ঋণ লৈ থৈছে৷ দৰমহাৰ বহুখিনি টকা বেঙ্কে মাহৰ প্ৰথম দিনটোতে
কাটি ৰাখে৷ অৱসৰ ল’লে ক’ৰ পৰা সি ঋণ পৰিশোধ কৰিব, ল’ৰাক কেনেকৈ পঢ়ুৱাব?
ধ্ৰুৱই ইতিমধ্যে প্লে’চমেণ্ট
চে’লৰ মাধ্যমেৰে এটা চাকৰিৰ নিশ্চয়তা পাইছে৷ দহ মাহমানৰ পাছত তাক লৈ চিন্তা নকৰিলেও হ’ব৷ প্ৰথম
মাহতে তাতকৈ চাৰিগুণ দৰমহা পাব৷ তথাপি তিনি বছৰকাল কিবাকৈ চাকৰিটো চলাই নিব পাৰিলে
ৰক্ষা৷ চিন্তাতে তাৰ হঠাৎ প্ৰেছাৰ বাঢ়ি গ’ল৷ সিদিনা ৰাতিপুৱা বিছনাৰ পৰা উঠিবলৈ লওঁতে
তাৰ মূৰটো ঘূৰিবলৈ ধৰিলে৷ ম’বাইলটো হাত মেলিলেই পোৱাতে আছিল৷ সহকৰ্মীক সি মাতি পঠালে৷ এৰাতি
শিলচৰ মেডিকেল কলেজ হস্পিটেলত থাকিবলগীয়া হ’ল৷ ভাগ্য ভা যেল প্ৰেছাৰ ষ্ট্ৰোক হ’বলৈ নাপালে৷ এসপ্তাহত
সি বহুখিনি আৰাম পাইছে৷ কিন্তু চিন্তা-ভাৱনাৰ পৰা সি মুক্তি নাপালে৷
সুভাষে এদিন তাক
কৈছিল, “সময় সলনি হ’ল বন্ধু৷ আমাৰ দিনৰ টেক্ন’ল’জি মিউজিয়ামত থৈ দিয়াৰহে কথা৷ আজিৰ
প্ৰজন্মই সেইবোৰ বিস্ময়েৰে চাব৷ সময়ৰ লগত তাল মিলাই চলা হে কথা৷ কৃত্ৰিম বুদ্ধিমত্তাৰ
দিন আজি৷” সি উত্তৰ দিলে, “তই জাননে আমাৰ লগৰ ৰাৱণে ভয়তে ইতিমধ্যে স্বেচ্ছাই অৱসৰ ল’লেঁ৷”
সুভাষে হাঁহি হাঁহি ক’লে, “তাক বেটাক এনেয়ে আমি ৰাৱণ নাম দিলোঁ৷ মস্ত ভয়াতুৰ এটা সি৷”
লাড্ৰীমবাইত বাছখন
ৰৈ গ’ল৷ চাহ-ভাত কোনোবাই খাবলৈ বিচাৰিলে খাব পাৰে৷ নিশা দুই বাজিছে তেতিয়া৷ ম’বাইল
ফোনটো চালে সি৷ ৱাটছএপটো খুলিলে৷ ধ্ৰুৱৰ মেছেজটো দেখি ৰৈ গ’ল৷ ‘দেউতা, ৰাস্তাত চাহ
খাবলৈ নামিলে ফোন কৰিবা৷ মই তিনি বজালৈ সাৰে থাকিম, প্ৰজেক্টৰ কাম চলি আছে৷’ ধ্ৰুৱ
এইকেইদিন খুব ব্যস্ত৷ ৰবটিক্সত প্ৰজেক্ট আৰম্ভ কৰিছে৷ ভবামতে কাম আগবঢ়াব পাৰিলে বিদেশত
কাম পোৱাৰো সম্ভাৱনা আছে৷ দিলীপে বাছৰ পৰা নামিল৷ এছাটি চেঁচা বতাহে তাক চুই গ’ল৷ পুতেকলৈ
বুলি ফোন লগালে৷
“দেউতা তোমাৰ হেনো
টেনচন হৈছে৷ মায়ে ক’লে ডিপাৰ্টমেণ্টে কিবা নতুন টেকন’ল’জি এড’প্ট কৰিবলৈ ওলাইছে আৰু
চিন্তাতে তুমি হাস্পতাল পালাগৈ৷”
“বাবা, কি ক’ম আৰু৷ এই বয়সতনো কম্পিউটাৰ, ছাৰ্ভাৰ,
ই-অফিচ আৰু যে কত কি নাম, সেইবোৰ শিকি কাম কৰিব পাৰি নে? মই নোৱাৰিম, কোনোপধ্যে নোৱাৰোঁ৷
মই সেই দ্বিতীয় মহাযুদ্ধৰ সময়ৰ ৰেডিঅ’ত মেছেজ পঠোৱা মানুহ৷ মৰ্চ কীত ‘ডা ডি ডা’ মাৰি
মিনিটত এশটা ইংৰাজী বৰ্ণমালা পঠাব পাৰিছিলোঁ৷”
“তুমি যে কোনখন দুনিয়াত
বাস কৰি আছাঁ! এতিয়া ছেকেণ্ডৰ ভিতৰত ভিডিঅ’ পঠোৱাৰ যুগত আমি বাস কৰিছোঁ৷ দ্বিতীয় বিশ্বযুদ্ধৰ
প্ৰযুক্তিৰ কথা ক’লে মানুহে হাঁহিব৷”
দিলীপে অলপ অপ্ৰস্তুত
হৈ পৰিল৷ নতুন প্ৰজন্মৰ হাতত সি হাৰ মানিব নেকি?
“হ’লেও ৰিটায়াৰমেণ্টলৈ তিনি
বছৰ থাকোঁতে কেনেকৈনো নতুন প্ৰযুক্তিৰ কথাবোৰ শিকোঁ?”
“দেউতা, ভাবাঁচোন
স্মাৰ্ট ম’বাইল ফোনটো যে তুমি ব্যৱহাৰ কৰি আছা, সেইটোও এটা মিনি কম্পিউটাৰ৷ নহয় নে?
ক’ৰ পৰা তুমি সেইটো ব্যৱহাৰ কৰিবলৈ শিকিলা? নিজৰ চেষ্টাত৷ এতিয়া দেখোন ডিপাৰ্টমেণ্টে
তোমাক প্ৰশিক্ষণ দিবলৈ ওলাইছে৷ কাইলৈ তোমাৰ ক্লাছ আৰম্ভ হ’ব৷ কিহৰ চিন্তা নো?”
দিলীপে অলপ সময় চিন্তা
কৰিলে৷ তথাপি পুতেকৰ কথা সহজে মানি ল’ব পৰা নোৱাৰিলে৷
“নাই বাবা, মই নোৱাৰিম৷
বয়স হ’ল নহয়৷”
“তুমি একেবাৰে চিন্তা
নকৰিবা৷ মই মাজে মাজে জালুকবাৰীৰ প্ৰশিক্ষণ কেন্দ্ৰলৈ যাম৷ আই আই টি-ৰ পৰা আধা ঘণ্টাৰ দূৰত্ব
মাত্ৰ৷ লেপটপ লগত লৈ যাম আৰু তোমাক শিকাম৷ তুমি কৈছিলা নহয় মৰ্চ কোডত প্ৰথম হৈছিলা,
চাবা, এইবাৰো প্ৰথম হ’বা৷ নিজৰ ওপৰত বিশ্বাস ৰাখাঁ৷ ‘ডা ডি ডা’ আজি অতীত হ’ল৷ আজিৰ যুগ
ডিজিটেলৰ যুগ৷”
গভীৰ টোপনিৰ পৰা
সাৰ পাই সি দেখিলে ইতিমধ্যে বাছখনে খানাপাৰা পাবৰ হৈছে৷ যাত্ৰীসকল বাছৰ পৰা নামিবলৈ
উদ্যত হৈছে৷ এটা নতুন প্ৰযুক্তিৰ লগত চিনাকি হোৱাৰ তাৰ প্ৰথম দিন৷
***
ঠিকনা :
চিত্তৰঞ্জন ওজা
শান্তিকুঞ্জ এপাৰ্টমেণ্ট,
সাগৰিকা পথ, গুৱাহাটী-৭৮১০২৪
ভ্ৰাম্যভাষ : ৯৮৬৪০৩৬১৪৩