মেঘালী দত্ত ঠাকুৰীয়া


      
          “মোহন
ইস্কুল’ক নায! বিপিন মাষ্টৰে কৈছি ৰ’হ, তোৰ পঢ়াত মন নাই বুলে৷ কেৱল
  বেঞ্চত  বহি
ঢোলৰ চাপাৰ মাৰি
  থাকা!  তোক
লৈ মই
 কি কৰিম হা…কো.. চুন৷ পিতেৰেৰ অসুখ!
ইমান
 টাউনৰ ডাক্তাৰক দেখলু, ভাল হ’ৱাৰ নামে
নলে দেখুন…৷ বেমাৰেও খুটি পুটি ব’ইছি দে৷
  মই কোন
ফালে চাম… হা…৷”


             কাঁথিৰ
পৰাই
 মাকৰ কথা শুনি  সেমেনা-সেমেনিকৈ  মোহনে
ফলি-পুথি লৈ
  স্কুললৈ  দৌৰ
দিলে৷ “সি কি কৰবো
 ! পঢ়াত সি ইমান যত্ন
কৰিও মনটো বৌহাবা নৰে৷ যি হৈ হ’ব
  যা..৷”  সি মনতে
কথাখিনি ভোৰভোৰালে
   মোহনে
স্কুললৈ
 গৈ কিতাপখিনি থেক্ চা মাৰি থৈ  ল’চলি
ম’খাৰ
  লগত খেলা আৰম্ভ  কৰি
দিলে৷ আঠ বছৰীয়া ল’ৰা
  এজনে কি বুজিব!
তাৰ দৰে সমনীয়াবোৰে খেলি ভাত খায়…৷


             দিনে
দিনে
 মোহনৰ পিতাক
হৰকান্ত বৰ্মনৰ
 দেহা পৰি আহিল৷ মাক হৰিপ্ৰিয়াৰ
কষ্ট দেখি মোহনৰ মন বেজাৰত খহি পৰে৷
 

 “মোহন
পিতেৰে আৰু নাবাচে দে…  মাতবুল বন্ধ হৈছি
কালিৰ পেৰে৷ এনে উশাহ কাঢ়ি আছে দে…৷ জীৱটু
  যাউ যাউ কে আছে৷”

সঁচাকে
বৰেৰপুৱাই হুৱাদুৱা লাগিল৷
 হৰিপ্ৰিয়া  কান্দি
কাতি অস্থিৰ হ’ল৷ উপায় নাই৷ দৰিদ্ৰতা আৰু বেমাৰে মানুহজনক কোঙা কৰি
  পেলাইছে৷ হৰকান্ত
বৰ্মনে শেষ নিশ্বাস ত‍্যাগ কৰিলে৷ অভাৱ-অনাটনত থকা ঘৰখনত আৰু এটা
  বিপদ
আহিল৷

“মোহন,
কেনকে চলবো এ ঘৰখান.. ক’বা নৰু দে…৷”

 “হবুৰহ,  পিতা
যাবাৰনু কেইদিন হ’লাক৷
  কৰিম ৰ’হ  কিবা
এটা…৷” মাকৰ কথাত
  উত্তৰ দিলে যদিও, সি গহীন হৈ পৰিল…৷

আঠ বছৰীয়া  চ’লি
এটাই
  কি জানে!
সিয়ে বা কি কৰিব
 ৷ মাকে হুমুনিয়াহ কাঢ়ে৷
শৈশৱৰ সোণালী দিন দেখিবলৈও ভাগ্য লাগে!
  মোহনৰ  ভাগ্য  নহ৷ল ৷ পিতাকৰ
অকাল বিয়োগত আঠ বছৰ বয়সতে
 কুম’ইলা হাতেদি ঢোলৰ
মাৰি
  হাতত
তুলি ল’লে৷ কৈহাটীৰ ঢুলীয়া দলটো নতুনকৈ
 গঢ় দিলে মোহনে৷ ৰজনজনাই  উঠিল
মোহনৰ ঢোলৰ চাপৰত গোটেই
  কৈহাটী৷ কামৰূপীয়া
কৈহাটীৰ ঢুইলাই
  অসমীয়া
কৃষ্টি- সংস্কৃতিৰ ধ্বজা
  উৰুৱাব৷  

ঢুলীয়াই
থিতাতে সংলাপ যুগুত কৰি
 ব‍্যংগাত্মক অভিনয়েৰে
সমাজৰ
  বিভিন্ন
দিশ
  উন্মোচন
কৰি মনোৰঞ্জন দিয়ে
 ৷ ৰামায়ন- মহাভাৰতৰ  আখ‍্যান ইয়াত উপস্থাপন
কৰা হয়৷
 সমাজত
সচেতনতাৰ সৃষ্টি কৰাত কামৰূপী ঢুলীয়াৰ চং লোকসমাজত জনপ্ৰিয় হৈ পৰিল৷
  এই চঙৰে
কেন্দ্ৰীয় চৰিত্ৰ “ভাইৰা”৷

কত ত‍্যাগ
আৰু কষ্টৰ
  বিনিময়ত  মোহন
চন্দ্ৰ বৰ্মন, মোহন ভাইৰা হ৷ল, তাক কৈহাটীৰ
  লগতে  অসমৰ
মানুহে জানে!

“মাইয়ে
মই বৰপেটাৰ ৰাসোত যাম৷ পাছদিনা হে আহিম৷ তই যাবি নেকি ..হা… ?”

“নাযওঁ
দে মই, এই ৰাতিখান৷ মই ক’তো থাইকপা যাবা নৰোঁ৷
  তয়ে যাগে.. যা..৷” 

 মোহনৰ
কথাত মাকে উত্তৰ দি
 ভাতৰ দিহা কৰিবলৈ ৰান্ধনীঘৰ সোমাল৷ মোহন
ৰাতিয়ে বৰপেটালৈ যাব…৷

মোহন,
নিততি আৰু দলৰ সকলোৰে গাত তত নোহোৱা
 হৈছে৷

“নিততি  এইবাৰ
আমাৰ কৈহাটীৰ ঢুইলাই নাম ক’ৰবা লাগব’ দে৷ ভাল ঢোল, তাল, ৰং, চাউলৰ গুৰা আৰু দাড়ি-মোচ
বানবা আটা, ময়দা ল’বি৷ মোৰ নতুন সাজ একযোৰ চিলবা
  দিছু ৰ’হ৷”

 “মোহন, একো চিন্তা নাই, কৈহাটীৰ ঢুইলাই এইবাৰ বৰপেটাৰ
ৰাস ফাটে দিবো৷
তোৰ বচন আৰু বুদ্ধিত
  কুইনো ন’ৰে দে…৷”

মোহন
ভাইৰাৰ অভিনয় আৰু
 গোটেই দলটোৰ অভিনৱ কলা-কৌশলে  নলবাৰীৰ কৈহাটীৰ  ঢুলীয়া
দলক
  উচ্চ
শিখৰলৈ
 লৈ গ’ল৷  

বৰপেটা
ৰাসত তেতিয়াৰ ৰাজ‍্যপাল মহেন্দ্ৰ মোহন চৌধুৰী উপস্থিত আছিল৷ মোহন ভাইৰাৰ অভিনয় কৌশল
আৰু ঢোল বাদনত মুগ্ধ হৈ তেখেতে
  পিন্ধি থকা জহৰ
কোটটোকে মোহন ভাইৰাক উপহাৰ দিছিল৷

মোহন,
নিততি ভৰালী আৰু দলৰ
  সকলোৰে আনন্দৰ সীমা নাই৷ প্ৰতিভা লুকাই নাথাকে…৷

সময়বোৰ
গৈ থাকে৷ অভাৱে জুৰুলা কৰা সময় কেতিয়াবা সকলোৰে আহে! আৰ্থিক অভাৱ- অনাটনে জানো কাৰোবাৰ
মনৰ ইচ্ছাক বাধা দিব পাৰে ?
  মোহন ভাইৰাকো নোৱাৰিলে৷
তেওঁলোকৰ হাড়ে-হিমজুৱে শিপাই আছে
  গাঁৱৰ কৃষ্টি- সংস্কৃতি৷
নিততি আৰু দলটোৱে ঢুলীয়া সংস্কৃতি
  জীয়াই ৰাখিবলৈ আপ্ৰাণ
চেষ্টা কৰি যায়৷

“সময়
একে নাই এ, নিততি৷ কি ক’ৰবি! পেটত গামচা বান্ধি
 থাকলিও মই ঢুলীয়া
এৰবা নৰু৷
  তই কি..ক’হে..হা..৷”

“মোৰো
সেই একে কথা দে মোহন! বয়সো
 হলাক৷ ঢুইলা
গায়, চং কৰিয়ে
  মৰিম
দে…৷” মোহন ভাইৰাৰ মন বিষাদে
 গধুৰ কৰে৷ অৰ্থৰ
অভাৱে জুৰুলা কৰে ঢুলীয়া সংস্কতি৷
 ঘৰখন কেনেকৈ চলিব…৷
এটা যেন ডাঙৰ প্ৰশ্ন হৈ পৰিল…৷

কষ্টৰ
ফল মিঠা….

মোহন
ভাইৰাৰ ঘৰৰ
  কাঁথিত  গাঁৱৰ
মানুহৰ
  ভিৰ৷
ইকাণ-সিকাণ কৈ কথাটো বহুতে শুনিছিল৷
 তথাপি ৰেডিঅৰ  বাতৰি
শুনিবলৈ ভিৰ লাগিল৷ বাতৰি আৰম্ভ হ’ল –

“ভাৰত চৰকাৰে লোক সংস্কৃতিৰ প্ৰতি
আগবঢ়োৱা অনবদ‍্য বৰঙণিৰ বাবে মোহন ভাইৰাক
  (মোহন চন্দ্ৰ বৰ্মন)  সংগীত
নাটক একাডেমী বঁটাৰে সন্মানিত কৰে৷” (১৯৭৫)



মোহন
ভাইৰাৰ কাঁথিখান
  কাঁহ পৰি জিন গেইছি…৷ মোহন ভাইৰাৰ চকুৱেদি বৈ  আহিল
ধাৰাসাৰ চকুপানী৷
  আনন্দৰ  চকুপানী৷ কষ্ট আৰু
ত‍্যাগৰ চকুপানী…৷ মোহন চন্দ্ৰ বৰ্মনৰ পৰা “মোহন ভাইৰা” হোৱাৰ
  সময়খিনি
কিমান কঠিন
  আছিল,
সেয়া
  নিজে
জানে..৷

 

নিততি  ৰ’ব
পৰা নাই৷ একে জাপে উঠি আহি মোহন ভাইৰাক সাবটি ধৰিলে৷ দুয়োৰে চকুত চকুপানী৷
  আনন্দ
আৰু জীৱনৰ
  সাধনাৰ
চকুলো..৷

 

কৈহাটীৰ
ঢুলীয়াৰ চং আৰু মোহন ভাইৰাৰ ঢোলৰ চাপৰত গোটেই অসম ৰজনজানাই গৈছে৷ নলবাৰীয়া উপভাষাৰ
প্ৰচাৰ আৰু প্ৰসাৰ হ’ল৷ উপস্থিত বুদ্ধিৰে
  সকলোৰে মনঃসংযোগ
কৰিব পৰা মোহন ভাইৰাক কোনেও
  চেৰ  পেলাব
নোৱাৰে…৷


   ভাইৰা
(১)  “ অ, ভায়া, আউগে আহা…

          গান মাৰা
চুন এটা..৷


     ভাইৰা
(২)
   মোৰ গান
নাহে হা…

                 মানে.. আতখ‍্যান…


     ভাইৰা
(১)
       অ,..বুজি
পাইছু…আখ‍্যান
  

                     আহে
…৷

                    অ৷,..গ…গ…তাকে…গ…হা৷

 

মাখিবাহাৰ
সভাথলিত মানুহে ঠাহ খাই পৰিছে৷ মোহন ভাইৰাৰ চং দেখি কোনেও  হাঁহিত ৰ
  নোৱাৰা হয় ….৷

এনেকৈ
হাঁহি- ধেমালিত একোখন সভা, মিটিং, পূজাথলীত মানুহৰ
 ভিৰ লাগে৷ জীয়াই
থাকে ভাষা-সংস্কৃতি ৷ ঐতিহ‍্য৷

সময়বোৰ
একে নাথাকে৷ মানুহৰ ৰুচিৰো পৰিবৰ্তন আহে৷
  দৰিদ্ৰতাই কোঙা
কৰে
 ঢুলীয়া  সংস্কৃতি৷
হঠাতে এদিন খবৰ আহিল…..

নলবাৰীৰ
কলেজ, স্কুল, অনুষ্ঠান সকলো
 বন্ধ হৈ পৰিল৷ সকলোৰে
মনত শোকৰ
 ছাঁ পেলালে৷ মোহন
ভাইৰাৰ
  দেহাৱসান
হয়৷ (২০০০ চন)

দৰিদ্ৰতাৰ  লগত
যুদ্ধ কৰি গাঁৱলীয়া সমাজৰ
  কৃষ্টি-সংস্কৃতিৰ
হকে আজীৱন কাম কৰি যোৱা মানুহ বীৰল৷ মোহন ভাইৰাৰ
  ত‍্যাগে সকলোৰে
অন্তৰ চুই যায়৷
  ছাত্ৰ
সমাজৰ মাজত গুণাগাথা চলিল! কি কৰা যায়….৷

সেয়ে  কৈহাটীৰ
কেইজনমান উঠি আহা
  ডেকা আৰু ছাত্ৰ সন্থাৰ নলবাৰী শাখাই  সংগীত
নাটক একাডেমী বঁটা বিজয়ী
  মোহন ভাইৰাৰ স্মৃতিত  এটা  বঁটা
দিবলৈ স্থিৰ কৰিলে…৷ লোক কলা-সংস্কৃতিৰ হকে কাম কৰা গ্ৰাম্য
  আঞ্চলৰ
শিল্পীক এই বঁটা প্ৰদান
  কৰা হ’ব৷

নলবাৰীৰ
কলেজ -স্কুলত সেইদিনা
  উথপথপ পৰিবেশ…৷ সকলোৱে যাব  মোহন
ভাইৰাৰ স্মৃতিত দিয়া বঁটা প্ৰদানৰ সভালৈ …৷

“বীণা
আজি স্বহীদ ভৱনক
 যাবিনা৷ ছাত্ৰ সন্থাৰ মিটিং আছে৷ আমাক যাবা কৈ গেইছি৷
মোহন ভাইৰাৰ নামত গ্ৰাম্য অঞ্চলৰ লোকশিল্পীক বঁটা প্ৰদান কৰবো৷”

“যাম
দে, মোক লগ ধৰবি৷ ৰামচৰণ ভৰালীক এইবাৰ বঁটা দিয়া হ’ব বোলে…৷”

খৰখেদাকৈ  দুয়ো  যাবলৈ
সাজু হ’ল…৷

অতীতৰ
স্মতিয়ে কেতিয়াবা বৰ আমনি কৰে ৷ সকলোৱে জানে, সিহঁতেও জানে, জীয়াই ৰাখিলেহে জীয়াই থাকে
ভাষা, কৃষ্টি- সংস্কৃতি…৷


***


              


বৰেৰপুৱা – কাহিলীপুৱা৷

ভাইৰা – ঢুলীয়াক, কামৰূপৰ উপভাষাত ভাইৰা বোলে৷

আউগে – আগুৱাই আহা৷

আধাতু – আধা৷

আতখ‍্যান – আখ‍্যান৷

চং      ঢুলীয়াৰ
মুখ‍্য মানুহজন৷ অভিনয়, ভাব-ভংগীৰে কথাবোৰ বুজাই যিয়ে৷
 

          

ভ্ৰাম্যভাষ-৬০০২৯১৫০৫৪