বিনিৰ্মাণ

 অংকিতা বৰুৱা

 

পুহমহীয়া এটা সেমেকা পুৱা৷ ঠেঁটুৱৈ ধৰা জাৰত ডাঠ শ্বল এখন মূৰে-গায়ে
লৈ মই বাইদেউৰ মুখলৈ চাই বহি আছোঁ৷ তেখেতে ইমান ঠাণ্ডাতো এটা হাউচক’টৰ বাদে আন একো
উমাল কাপোৰ পিন্ধা নাই৷ ফেৰফেৰীয়া বতাহজাকে মোৰ হাড়লৈকে কঁপাইছে৷ অথচ বাইদেউক
শীতে তিলমানো চুব পৰা নাই৷ এপাকত কলো – ‘আজি ভিতৰতে বহিম বলক বাইদেউ
, বাহিৰত বৰ ঠাণ্ডা৷’ মই তেখেতৰ অনুমতিলৈ বাট নাচাই
থিয় হলোঁ যদিও তেখেতে একো নোকোৱাত পুনৰ বহি পৰিলোঁ৷
  উদাস চাৱনি এটাৰে তেখেতে দূৰৈৰ কুঁৱলীৰে ঢাক খাই
জান-নাজান চকুত পৰা পাহাৰলানিলৈ চাই আছে৷ বাইদেউৰ সৈতে এনেদৰে প্ৰায়েই সময় কটাওঁ
মই৷ নানান কথাৰে আমাৰ কিমান সময় পাৰ হৈ যায় খবৰেই নাথাকে৷ অৱশ্যে সৰহভাগ কথা
বাইদেৱেই কয়৷
 

আশ্ৰমসদৃশ তেখেতৰ ঘৰখন ! দেৱদাৰু, বগেনভেলিয়া, কামিনীকাঞ্চন,
গুলচ কত যে ফুল আৰু সেউজীয়া গছেৰে চৌহদটো ৰঙীন
কৰি ৰাখিছে৷ এনে শান্তিময় পৰিৱেশ এটা সৃষ্টি কৰি ল’ব পৰাটো যেন কেৱল বাইদেউৰ
বাবেহে সম্ভৱ হৈছে মোৰ তেনে লাগে৷ মোৰ বাবে মহাৰ্ঘ এই সময়বোৰ৷ ক’ত কথাই যে
শিকিছোঁ মই বাইদেউৰপৰা৷ কিতাবী শিক্ষাৰ উপৰি জীৱনৰ কত কথাই নতুনকৈ ভাবিবলৈ শিকাইছে
বাইদেৱে মোক৷ তেখেতৰ দৰে প্ৰাজ্ঞ ব্যক্তি এগৰাকীক মই ইমান কাষৰপৰা পোৱাটো মোৰেই
সৌভাগ্য৷ এক অনন্য মোহ মোৰ তেখেতৰ প্ৰতি৷
 

বাইদেৱে আজিও কৈ গল বহু কথা৷ কিন্তু আজি মই তেখেতৰপৰা এটা মিনিটৰ
বাবেও চকু আঁতৰাব পৰা নাই৷ বাইদেউক দেখি আজি মই চিন্তিত হৈছোঁ৷ মোৰ পৰিচিত
মানুহগৰাকী নহয় এয়া ! এয়া প্ৰফেছৰ ড
 অৱন্তী বৰগোঁহাইৰ নতুন ৰূপ৷ গহীন গম্ভীৰ ব্যক্তিত্বৰ বাইদেউৰ এয়া
অপৰিচিত ৰূপ মোৰ বাবে৷
 

আমাৰ সন্মুখত এখন ঘূৰণীয়া টেবুল৷ বাইদেউৰ
সহায়িকাগৰাকীয়ে সদায়েই টেবুলখনৰ ওপৰত এখন বহী আৰু এটা কলম থৈ যায়হি৷ ইয়াৰে
এটাকো বাইদেৱে স্পৰ্শ কৰা দেখা নাই অথচ এইকেইটা বস্তু বাইদেউৰ সন্মুখত নোথোৱালৈকে
তেখেতে উচপিচাই থাকে৷ সহায়কাৰী মহিলাগৰাকীয়ে মাজতে দুয়োলৈকে দুকাপ ফিকা চাহ আনি
টেবুলখনতে থ’লেহি৷ অন্যমনস্কতাৰে অথচ অভ্যাসগতভাৱে বাইদেৱে চাহকাপ হাতত তুলি থৰ
লাগি ৰৈ আছে৷ মন কৰিলোঁ বাইদেউ কেইটামান দিনৰ ভিতৰতে বহুত সলনি হৈ পৰিছে৷ অনবৰতে
এটা ভীষণ চিন্তাত থাকে!
 

–      বাইদেউ! চাহকাপ ঠাণ্ডা হব৷ খাওকচোন৷ – তেখেতে একো
নামাতিলে যদিও মূৰ দুপিয়াই মোৰ কথাত হয়ভৰ দিলে৷

–      আপোনাৰ কি হৈছে বাইদেউ? ইমান চিন্তা কৰি থকাৰ দৰে লাগিছে! গাটো ভাল লগা নাই নেকি ? – মই সঁচাকৈয়ে চিন্তাত পৰিলোঁ বাইদেউক দেখি৷ 

বাইদেৱে পাহাৰলানিৰপৰা চকু ঘূৰাই আনি মোলৈ চালে৷ কেই পলকমান তেনেদৰেই
চাই থাকি পুনৰ দূৰলৈ চাই তেখেতে মোক বৰ কঠোৰ সুৰ এটাত কলে – ‘এসময়ত তুমি মোৰ
প্ৰিয় ছাত্ৰী আছিলা ঋতুপৰ্ণা৷ তোমাৰ মেধাই মোক মুগ্ধ কৰিছিল
,  তুমি
জানা এই কথা৷ মই বিচাৰিছিলোঁ তুমি সাংঘাতিক এটা ব্ৰিলিয়েণ্ট কেৰিয়াৰ গঢ়িবা৷
পিছে তেনে একো নহল! তুমি ঘূৰি-পকি মোৰ দৰেই এটা জীৱন বাচি ল’লা!’ –মোৰ প্ৰশ্নৰ
সম্পূৰ্ণ বেলেগ এটা উত্তৰ দি বাইদেৱে এনেদৰে আক্ষেপ নে আশংকা প্ৰকাশ কৰিলে মই
বুজিব নোৱাৰিলোঁ৷ কিন্তু তেখেতৰ কথাই মোক আহত কৰিলে৷

–     এসময়ত মই কিতাপৰ পোক আছিলোঁ৷ য’তেই যি পাইছিলোঁ
কেৱল পঢ়িছিলোঁ৷ কিন্তু এতিয়া পঢ়াৰ প্ৰতি সেই ধাউতি একেই থাকিলেও
, তাৰ সমান্তৰালভাবে মোৰ … 

বাইদেউ ৰৈ গ’ল৷ আধৰুৱাকৈ বাক্যটো সামৰি তেওঁ মোলৈ চালে৷ 

–      হয়, মই জানো
আপোনাক৷ আৰু সেইবাবেই আপুনি মোৰ বাবে এক অনন্য ব্যক্তি৷
 

–      কিন্তু তুমি ‘মই’ হোৱাৰ কোনো প্ৰয়োজন নাছিল
ঋতুপৰ্ণা৷ তুমি তোমাৰ বাবে আন কথাও চিন্তা কৰিব পাৰিলাহেঁতেন! পৃথিৱীত আন মানুহো
আছিল তোমাৰ ‘ৰ’ল মডেল’ হ’বলৈ! মই কোৱা নাই সেয়া ভুল
, মই কোৱা নাই তুমি ভুল পথ এটা লৈছা, কিন্তু সেয়াই একমাত্ৰ হোৱাটো মই বিচৰা নাছিলোঁ৷– বাইদেৱে উষ্মাৰে
কোৱা কথাকেইটাই মোক আঘাত হানিলে যদিও মোৰ মনলৈ বহুত প্ৰশ্ন আহিল – মই বাৰু
সঁচাকৈয়ে ভুল কৰিছোঁ নেকি
?

তেখেত নিৰৱে ৰ’ল কিছুপৰ৷ পুনৰ ক’লে –সিদিনা তুমি মোৰ ওচৰৰপৰা যোৱাৰ পাছতো
মই তোমাৰ কথা ভাবিয়েই বহুত দেৰি ইয়াত অকলে বহি আছিলোঁ৷ হঠাতে সৌ
কামিনীকাঞ্চনজোপাৰ গুৰিটোলৈ মোৰ চকু গল৷ কি দেখিলোঁ জানা
?

–      কি দেখিলে কওকচোন৷

–      দুটা যোৰা পাতি থকা সাপ৷ ইটোৱে সিটোৰ গাত এনেকৈ
মেৰ খাই আছিল প্ৰথমতে দুটা নে এটা সাপ মই ভালকৈ ধৰিবই পৰা নাছিলোঁ
, অলপ দেৰি ভালদৰে চোৱাৰ পাছতহে … 

সাপৰ নাম শুনিলে মোৰ তালুৰ আগে জীৱ যায়৷ ভৰিৰপৰা মূৰলৈকে এসোঁতা
চেঁচা তেজ যেন বৈ গ’ল তেনে লাগিল৷ আচলতে সাপৰ সেই সৰসৰাই পাৰ হৈ যোৱা গতিটোৱে মোৰ
শৰীৰ আৰু মনত এক অদ্ভূত ভয়ানক ক্ৰিয়া কৰে
, যাৰ বাবে সাপ বুলি কলেই মই মূৰ্ছা যাম যেন অনুভৱ হয়৷ বাইদেৱে কেনেকৈ,
কোনটো সাহেৰে অলপ দেৰিলৈকে সাপহালক চাই আছিল বাৰু!
মই ভয়ে ভয়ে সুধিলোঁ –তাৰ পাছত বাইদেউ

–      এতিয়া মই তোমাক আন এটা কথাহে কবলৈ বিচাৰিছোঁ৷
এনেদৰে যোৰা পাতি থকা সাপ দেখিলে আগতে আমাৰ গাঁৱৰ ঘৰবোৰত বৰ আতংকময় পৰিৱেশ একোটা
হৈছিল৷ মাহঁতে কৈছিল সেয়া চাব নাপায়! কিবা হেনো অঘটনৰ চিন এয়া৷ মাহঁতে হৰিনাম
লৈছিল৷ মা আৰু আইতাই এনেবোৰ কথাৰ মাজতে গামোচা এখন সাপযোৰাৰ গালৈ সসন্মানে
আঁতৰৰপৰা ছটিয়াই দিয়াৰ দৰে দিছিল৷ সেইবোৰ তেতিয়াৰ নিয়ম! আজিৰ তাৰিখত আৰু তেনে
বিশ্বাসৰ কোনো ভিত্তি নাই৷ নে কি কোৱা! কিন্তু যোৰ সাপহাল দেখি কেতিয়াও ভাবি
নোচোৱা কথা এটাহে মোৰ মনলৈ আহিল৷

 

মই আশাৰে বাইদেউৰ মুখলৈ চাই থাকিলোঁ৷ কি পৰম বিস্ময় এই মানুহগৰাকী
মোৰ বাবে! কেতিয়া
, ক’ত, কি কথাই তেওঁক আৱিষ্ট কৰি ৰাখে, সেয়া তেওঁৰ বাহিৰে আনে জানিব নোৱাৰে কেতিয়াও৷

–      সাপহালক দেখি আপুনি কি ভাবিলে বাইদেউ?

–      এইবোৰ কথাৰ কেইবাটাও দিশ থাকিব পাৰে, যদিহে তুমি ভাবিব জানা! সাপহালক দেখি মাঁহতৰ সেই
অন্ধবিশ্বাসৰ ঠাইত মোৰ মনলৈ আহিল সিহঁতে মোৰ বৰ্তমানৰ মানসিক স্থিতিটোৰ
বিৰুদ্ধাচৰণ কৰিছে৷ তুমি যদি মেটাফ’ৰিকেল ৱে’ এটাত ভাবি চোৱাঁ যোৰা পাতি থকাৰ পাছত
সাপহালৰ কি হ’ব পাৰে
? কোৱাঁচোন … 

মই এইবাৰ আচৰিত হলো৷ বাইদেৱে মোৰ মুখলৈ চাই ৰৈ আছে৷ বাৰীৰ চুকত যোৰা
পাতি থকা সাপ এহালে কিদৰে বাইদেউৰ মানসিক স্থিতিৰ বিৰুদ্ধাচৰণ কৰিব পাৰে! আৰু
সাপহালৰেই বা কি হব যোৰা পতাৰ পাছত…

সামান্য হাঁহি তেখেতে পুনৰ ক’লে- এয়া সাপহালৰ যদিও জৈৱিক তাড়না
কিন্তু এফালৰপৰা চাবলৈ গ’লে এয়া প্ৰকৃতিগতভাৱে সৃষ্টিৰ নিয়ম মানি সাপৰ বংশ
বৃদ্ধিৰ সময়৷ এতেকে কেইদিনমানৰ পাছত এনে বহুতো সাপৰ পোৱালিয়ে গোটেইখন কিলবিলাই
ফুৰিব৷ গতিকে সাপযোৰাৰ এই স্থিতিক যদি সৃষ্টিৰ তাড়না বুলি ধৰি লওঁ তেন্তে এই
চিত্ৰপট মোৰ বৰ্তমানৰ মানসিক স্থিতিৰ সম্পূৰ্ণ বিপৰীত৷
 

–      কিন্তু কেনেকৈ বাইদেউ? আপোনাৰ মানসিক স্থিতিৰ সৈতে সাপহালৰ সম্পৰ্কটো মই ঠিক বুজিব পৰা নাই !

–      বুজা নাই নহয়! বুজিবা … তুমি এতিয়া যি বাট
লৈছা এদিন তুমিও মোৰ এই কথাৰ সৈতে একমত হ’বা৷
 

বাইদেউৰ কথাই মোক সঁচাকৈয়ে বিমোৰত পেলাইছে৷ মই মাজে মাজে উৱাদিহ
নোপোৱাৰ দৰে হৈছোঁ৷ আচলতে কি বুজাবলৈ বিচাৰিছে তেখেতে
? বাইদেউৰ ইমান অসংলগ্ন কথা মোৰ বাবে এয়ে প্ৰথম৷ কি যে হৈছে
মানুহগৰাকীৰ…

–      মোৰ তীব্ৰ খং উঠিল সাপহালৰ লগতে মোৰ নিজলৈকো৷
সাপহালক তেনেদৰে দেখি হঠাত অনুভৱ কৰিলোঁ যেন মোৰ মূৰটো ক্ৰমাৎ ফুলি উঠিছে! মূৰটোৰ
বাবে মুখমণ্ডলো মঙহৰ ভৰত যেন পোত খাই গৈছে! – এয়া চোৱাঁচোন এতিয়াও ফুলি আছে
হয়তো! তুমি মন কৰিছানে কথাটো
? তেতিয়াৰপৰাই
মোৰ মূৰত প্ৰচণ্ড বিষ৷ পেইন কিলাৰ খায়ো শান্তি পোৱা নাই৷ এয়া চোৱাঁ…
 

তেখেতে মূৰটো মোৰ ফালে হেলনীয়া কৰি দি দেখুৱালে মূৰৰ ফুলি থকা অংশবোৰ
মই দেখিছোনে নাই! মই আচৰিত হলোঁ৷ এক অৰ্থত মোৰ অলপ ভয়ো লাগিল৷ এইবোৰ কৈ কি আছে
বাইদেৱে!

–      বাইদেউ মই ধৰিব পৰা নাই৷ আপুনি যদি কষ্ট পাই আছে
ব’লক আপোনাক এবাৰ ডাক্টৰৰ তালৈ লৈ
 যাওঁ৷

–      নাযাওঁ৷ কোনো ডাক্টৰে মোৰ এই যন্ত্ৰণা কম কৰিব
নোৱাৰে৷

–      তেনেহ’লে? কোনে পাৰিব?  অলপ বুজাই কওকচোন… 

–      কথাবোৰ তোমাৰ বাবে বিসংগতিপূৰ্ণ হৈছে, নহয়নে? আচলতে
মোৰ জানিবলৈ মন গৈছে সৃষ্টিশীলতাৰ ম্যাদ কিয় থাকে
?  সৃষ্টি যদি শিল্প হয়,
তেনে শিল্পই কিয় জীৱনৰ এটা বয়সত লগ এৰা দিয়ে?
 উৰ্বৰতা
কিয় শেষ হৈ যায়
? সাপহালৰ কথা মই তোমাক এটা উদাহৰণহে
দিলোঁ ঋতুপৰ্ণা৷ এই সাপহালৰো হয়তো এটা সময়ত গৈ প্ৰজনন ক্ষমতা নাথাকিবগৈ! তেতিয়া
এই মিলন কেৱল আক্ষৰিক অৰ্থতে শাৰীৰিক তাড়নাৰ বাবে হৈ পৰিব
,  নহয়নে!  – সামান্য হাঁহি তেওঁ পুনৰ ক’লে – এই কথাবোৰেই
মোৰ মগজুত পাকঘূৰণি খাই আছে৷ অলেখ প্ৰশ্ন! কিয় এনে হৈছে মই নিজেও ঠিক উত্তৰবোৰ
বিচাৰি পোৱা নাই৷ কথাবোৰ অৱধাৰিত বুলি জানিও মনটোৱে কৰবাত বিৰোধ কৰিছে৷

তেখেতৰ এইখিনি কথাৰ মাজত মোৰ একো ক’বলগীয়া নাথাকিল! কেৱল উৱাদিহ
হেৰুৱাই
, কথাৰ আঁত বিচাৰি তেখেতলৈ চাই মনতে
ঘূৰ্মুটিয়াই ফুৰিছোঁ৷

–      পানী খাব বাইদেউ?

–      নাই নালাগে৷

 মই নিৰৱে কেৱল বাইদেউলৈ চাই থাকিলোঁ৷

–    অহৰহ এখন যুঁজৰ সৈতে সহবাস কৰিছো মই৷ বৰ কষ্ট
পাইছো৷ বৰ কষ্ট!

–     যুঁজ?  কি যুঁজৰ কথা কৈছে বাইদেউ ?

–     এইখন মোৰ যুঁজ৷ ৰণক্ষেত্ৰও মোৰ৷ যুঁজাৰুও কেৱল মই!

–     মই একো বুজা নাই বাইদেউ৷ আজি আপোনাৰ কথাবোৰ মোৰ
বৰ বেলেগ যেন লাগিছে৷ ইমান দিনে আপোনাক ঘনিষ্ঠভাৱে পাইছোঁ
, অথচ আজি আপোনাক নতুনকৈ লগ পোৱা কোনোবা যেন লাগিছে৷ বৰ অসুবিধা হৈছে
আপোনাৰ কথাবোৰ বুজি পোৱাত৷
 

–      তুমি চাগে আমনি পাইছা মোৰ কথাবোৰ শুনি! কিন্তু বৰ
অস্থিৰতা এটাত ভুগিছোঁ মই৷ মনৰ এই অৱস্থাৰ বাবেই খুব নতুন বিষয় কিছুমান পঢ়িবলৈ
ধৰিলোঁ
, কৰবাত কিবা এটা আঁত বিচাৰি পাৱেঁই
বা! তেনেকুৱাতে এখন জাৰ্নেলত পঢ়িলোঁ আমাৰ মগজুটোৰ ভিতৰখনৰ এনালাইটিকেল ডিফাৰেঞ্চবোৰৰ
কথা৷ ব্ৰেইন চে’লবোৰৰ ভাগ ভাগ দায়িত্ববোৰৰ কথা৷ আচৰিত লাগে ভাবিলে মগজুটোৰ
ভিতৰখনতে কতবোৰ যে বিপৰীতধৰ্মী কাৰবাৰ! কতবোৰ সংৰচনা৷ – তেখেতে মূৰটোত এবাৰ হাত
ফুৰালে আৰু পুনৰ ক’লে– এটা মস্তিষ্কৰ ভিতৰতে অতবোৰ বিভেদ! প্ৰকৃতিৰ কি আশ্চৰ্যকৰ
নিৰ্মাণ! নহয়নে…
? কেতিয়াবা ভাবি চাইছানে এই কথাবোৰ

এইবাৰ মোৰ অলপ লাজ লাগিল৷ এনে ধৰণৰ কথা কেতিয়াও ভাবি চাব লাগে বুলিও
ভবা নাছিলোঁ৷ অথচ এতিয়া বাইদেৱে কোৱাৰ পাছত মনলৈ আহিছে – হয়তো! আমাৰ মগজুটোৰ দৰে
জটিল
, আশ্চৰ্য ক্ষমতাৰ আৰু কি সৃষ্টি হৈছে
পৃথিৱীত! – নাই বাইদেউ! এনে কথাবোৰ কেতিয়াও ভবা নাছিলোঁ৷
 

–     ভাবিবা! ভাবিব লাগে৷ ভবা কামটোও এটা কছৰৎ৷
সৃষ্টিশীলতাৰ প্ৰথম চৰ্ত৷ এটা কথা সাধাৰণভাবে কৈ থওঁ তোমাক৷ আমাৰ মগজুটোৰ
বাওঁফালটোৱে যুক্তিপূৰ্ণ বিশ্লেষণবোৰ কৰে আৰু সোঁফালটোৱে আৱেগ আৰু সৃষ্টিশীল
কথাবোৰ চিন্তা কৰে৷ এতিয়া তুমি কোনটোৰে শক্তিশালী সেয়া তুমি নিজে যদি নিজক অলপ
বেছিকৈ বুজিবলৈ চেষ্টা কৰা নিশ্চয় গম পাবা৷

–     বৰ নতুন কথা এটা জানিলোঁ আপোনাৰপৰা৷ হয়তো
সক্ৰিয়তাৰ বাবেই কোনোবা বেছি আৱেগিক হয় আৰু কোনোবা বেছি যুক্তিবাদী৷ বৰ
ইন্টাৰেষ্টিং লাগিছে কথাটো মোৰ৷ আপুনি নিজক কি বুলি ভাবে

–      অলপ দিনৰপৰা নিজলৈকে মোৰ দুখ লগা হৈছে বুইছা! মই
‘মই’ হৈ থকা যে নাই বুজিব পাৰিছোঁ৷ মাজে মাজে ভয়ো খাইছোঁ৷ কেনেবাকৈ… এয়াই শেষ
হোৱাৰ সময় নেকি! মইতো জী থাকিও মৰাৰ দৰে হ’ব! মূৰটোত প্ৰচণ্ড বিষ৷ এই বিষটো
ক্ৰমাৎ মোৰ সহ্যৰ বাহিৰ হৈ আহিছে৷ কতবাৰ যে নিষ্ফল চেষ্টা কৰিছোঁ! হয়েই বা কিবা
এক চমৎকাৰ!- বাইদেৱে দাঁত দুপাৰি কামুৰি ধৰিছে৷ ইমান কি কষ্ট পাইছে বাইদেৱে মোৰ
চিন্তা লাগিবলৈ ধৰিলে৷ কথাবোৰ কৈ আছে যদিও বৰ অসংলগ্নকৈ কৈছে৷ মই বুজা নাই৷-
‘চিন্তাবোৰক সন্তুলন কৰাৰ চেষ্টাৰে আপ্ৰাণ চেষ্টা কৰিছোঁ আশাপ্ৰদ কিবা এটা হৈ যাওক
তৎমুহূৰ্ততে! মুক্তি লাগে মোক বুজিছা৷ মুক্তি! নিজক এটা এককোষী এমিবা যেন লাগিবলৈ
ধৰিছে! ক্ৰমাৎ ক্ষুদ্ৰৰপৰা ক্ষুদ্ৰতৰ হৈ পৃথিৱীৰ অলক্ষিতে মই নিজক হেৰুৱাইছোঁ৷ কি
এক মাৰাত্মক যন্ত্ৰণা এনেদৰে হেৰাই যোৱাটো! মোৰ অতদিনৰ সাধনাৰ অন্তত এনেকৈয়ে
হেৰাই যাম এদিন
? অস্তিত্বৰ সংকট কি তুমি এতিয়াই
নুবুজিবা৷
 

–    বাইদেউ…! আপোনাৰো অস্তিত্বৰ সংকট হ’ব পাৰে

–     হ’ব পাৰে ঋতুপৰ্ণা৷ বন্ধ্যাত্বৰ যাতনা বৰ কষ্টকৰ৷
এই যাতনা গিলি জী থকাটো সহজ নহয়৷ আনৰ চকুত এয়া নিতান্তই এক স্বাভাৱিক আৰু সাধাৰণ
পৰিক্ৰমা৷ মানুহ সদায়েই সৃষ্টিশীল হৈ ৰ’ব নোৱাৰে৷ কিন্তু যি এই যুঁজখন যুঁজিছে
তেওঁ এই যাতনাৰ চোক কিমান জানে৷ এঢোক পানীৰে ডিঙিটো তিয়াই শেষ হবলৈ ধৰা উশাহটোক
ঘূৰাই অনাৰ দৰে কষ্টকৰ উশাহ এটাই শালি ধৰেহি প্ৰায়ে মোৰ বুকুৱে পিঠিয়ে৷ মোক যে
কলমটোৱে লগ এৰা দিছে!
 

এইবাৰ বাইদেউৰ কথাখিনিয়ে যেন মোক কিবা অলপ বুজিবলৈ সুবিধা কৰি দিলে৷
বাইদেউৰ যাতনাৰ উঁহটো যেন মই বিচাৰি পাইছোঁ!

 

–     মিনিটত, ছেকেণ্ডত
মোৰ মূৰটো ক্ৰমান্বয়ে গধূৰ হৈ পৰে৷ এই যে মোৰ মগজুটো
, … দেখিছা(বাইদেৱে ক্ষোভেৰে নিজৰ মূৰটোত টুকুৰিয়াই দিলে)… এইটোৱেই মোৰ
ৰণক্ষেত্ৰ! কেতিয়া কোন তলকত এইখন সংগ্ৰামৰ আৰম্ভ হৈছিল মই উমানেই নাপালোঁ৷ যুঁজখন
অহৰহ চলি আছে মোৰ মগজুত৷ নিজকে সুধিছোঁ
, ঠিক তুমি
মোক সোধাৰ দৰে মোৰ ক্ষেত্ৰত কোন বেছি পৰাক্ৰমী! মোৰ সৃষ্টিশীলতা নে যুক্তিৰ বিচাৰ
?
কিন্তু এটা কথা ঠিক জানিবা, সমান পৰাক্ৰমৰে যুঁজি গৈছে দুয়ো৷ কোনেও কাকো
পৰাজিত কৰিব পৰা নাই৷ বিচক্ষণতাৰে সন্মুখ সমৰত নামি পৰিছে দুয়োটা পক্ষ৷ এক সাংঘাতিক
  পৰীক্ষণেৰে নিজক প্ৰতিস্থা কৰাৰ চেষ্টাত যেন
দুয়োটা পক্ষ! কি এক ভয়াৱহ ৰণক্ষেত্ৰ! যুদ্ধোন্মাদ অজস্ৰ ঘোঁৰাৰ হেজাৰ খটখট যেন
মোৰ নিজৰেই ভিতৰত৷ সশস্ত্ৰ সেনাৰ আঘাতত থকা সৰকা হোৱাৰ দৰে মোৰ মগজুৰ এই যুঁজত মই
বিধ্বস্ত হৈছোঁ! ভয় হৈছে মোৰ- যুক্তিয়ে কাবু কৰি পেলাব নেকি মোৰ সৃজনশীলতাক! শেষ
কৰি পেলাব নেকি মোক! কি যে এক তীব্ৰ মানসিক যুঁজ এইখন! আন যুদ্ধতকৈ কি কম
ক্ষতিকাৰক এই যুঁজ
? ইয়াত মোৰ মন, শৰীৰ সকলো বিধ্বস্ত হৈছে ঋতুপৰ্ণা৷… উস্! যুঁজে কিয়েইবা দিব পাৰে
তাৰ বাহিৰে
? বন্ধ্যাত্বক গ্ৰহণ কৰাটো আন দহটা শাৰীৰিক
যাতনাক গ্ৰহণ কৰাৰ দৰেই যাতনাসম৷
 

 বাইদেৱে চুলিকেইডাল খামুচি ধৰিলে৷ তেখেতক দেখি
মোৰ দুখ লাগিল৷ এই কষ্টৰ উপশম কত কেনেকৈ পাব তেখেতে!

–     কিন্তু বাইদেউ আপোনাৰ বহুকেইখন উপন্যাস মই
পঢ়িছোঁ৷ আপুনিও জানে আপোনাৰ প্ৰতিটো লেখাই বহুপঠিত৷ সৃষ্টিশীল লেখাত আপোনাৰ দৰে
এনেকৈ পাঠকৰ অন্তৰ চুব পৰা লেখক খুব কম আছে বাইদেউ৷ আপোনাৰ প্ৰবন্ধই যে মোৰ দৰে আন
বহুতকে কিমান উপকৃত কৰিছে সেয়া আপুনি জানো নাজানে! আপুনি অহৰহ লিখিয়েই আছে
বাইদেউ
, তথাপি কিয় এনে অনুভৱ হৈছে আপোনাৰ?
আপোনাৰ কলমেটো আপোনাক লগ এৰা দিয়া নাই! 

–     মোক সেই তাড়নাই লগ এৰা দিছে৷ কিবা এটা লিখাৰ
সময়ত
, আগতে যিদৰে মই উত্তেজিত হৈছিলো,
উপন্যাস এখন লিখি থাকোঁতে যিদৰে কাহিনীটোৱে মোক
কাবু কৰি ৰাখিছিলে
, চৰিত্ৰবোৰৰ সৈতে কথা পাতিছিলোঁ,
চৰিত্ৰবোৰক স্বতন্ত্ৰতাৰে এৰি দি পুনৰ মোৰ
কাহিনীৰ দায়ত সিহঁতক স্থাপন কৰিছিলোঁ
, সেই যে
আন্তৰিক পৰিক্ৰমা
, সি মোক এৰি পেলাইছে ঋতুপৰ্ণা৷ অন্তৰৰ
কোনো তাড়না নোহোৱাকৈ সৃষ্টিশীলতা জীয়াই থাকিব নোৱাৰে৷ সি এটা ফাঁকি হ’ব৷ হৃদয়ৰ
তাগিদাৰে যি সৃষ্টি হয় তাৰ লগত হৃদয়হীন লেখাৰ তুলনা হ’ব পাৰে জানো
? তাত লেখকজনৰ আত্মা থাকিব পাৰে জানো?  মোৰ সেই আন্তৰিক আহ্বান হেৰাই গৈছে জানা! অথচ
মগজুত শব্দৰ শেষ নাই৷ তুমি বাৰু বুজিব পাৰিছানে মই তোমাক কি কবলৈ বিচাৰিছোঁ

–     …  পাৰিছোঁ বাইদেউ৷ মই এতিয়াহে উপলব্ধি কৰিব
পাৰিছোঁ আপোনাৰ কষ্ট কোনখিনিত হৈছে৷ কিন্তু ইয়াৰো নিশ্চয় উপায় আছে! আপুনি যি
আন্তৰিক আহ্বানৰ কথা কৈছে
, সেয়া
ওভটাই পোৱাৰো নিশ্চয় এটা বাট থাকিব…! আপুনি হতাশ নহ’ব বাইদেউ৷ সেই বাট বিচাৰি
উলিয়াব লাগিব৷
 

বাইদেউৰ কষ্টই মোৰ নিজলৈকো ক্ৰমাৎ এটা ভয়
কঢ়িয়াই আনিছে৷ বাইদেউক কোৱা পাছৰ কথাখিনি আচলতে মই মোকো কলোঁ৷ এই বন্ধ্যাত্বই
কেনেবাকৈ মোকো এদিন চুবহি নেকি বাইদেৱে ভৱাৰ দৰেই! সঁচাকৈয়ে এনে এটা বন্ধ্যা দিন
মোৰ জীৱনলৈয়ো আহিব নেকি! বাইদেউৰ যাতনাখিনি উপলব্ধি কৰিব পাৰিছোঁ মই৷ সৃষ্টিৰ
তাড়নাত ক্ৰমাৎ বিশালাকাৰ ধাৰণ কৰিছে বাইদেউৰ মন-মগজু৷ অথচ ভূমিষ্ঠ হোৱা নাই কোনো
শব্দ! কি নাম হব পাৰে এই প্ৰসৱ বেদনাৰ
? মগজুৰ
প্ৰসৱ বেদনাৰ

মানুহৰ মূৰটোৰ সঠিক জোখ মাখেই বা কিমান?  সেই নিৰ্দিষ্ট জোখ অতিক্ৰম
কৰি যেন ক্ৰমশঃ ফুলি উঠিছে মগজুৰ ভিতৰৰ প্ৰতিডাল সিৰা উপসিৰা আৰু বাইদেৱে তেওঁৰ
চিন্তনক সাগৰ মন্থনৰ দৰে মথি মথিও নিৰাশ হৈছে৷ কি উপায় দিওঁ মই বাইদেউক এই
বন্ধ্যাত্বৰপৰা মুক্ত হোৱাৰ
? আৰু সেই
উপায় যে মোৰ নিজলৈকো সাঁচিব লাগিব! এই বয়সতো বাইদেৱে নিজৰ প্ৰিয় পৰিচিতি
হেৰুওৱাৰ আশংকাত ভূগিছে৷ বিশিষ্ট লেখক
, ঔপন্যাসিক
ড৹ অৱন্তী বৰগোঁহাই৷ এয়া কি ধেমালি কথা! কিন্তু বাট এটাতো মুকলি কৰিব লাগিব! যি
বাট মই মোলৈকো সাঁচি ৰাখিব লাগিব এতিয়াৰ পৰাই …

 

শেষ আছেনে এনে সংগ্ৰামৰ?

সকাহ?

স্বস্তি!

মস্তিষ্ক নিৰ্ভাৰ হ’ব পৰা বাট ?

ক’ত হেৰাইছে বাইদেউৰ কলমৰ চোক? এয়া যে নিজক হেৰুওৱাৰ দৰেই এক অসহনীয় সত্য! এই সত্য নিৰ্ধাৰিত নে?
 যদি হয়! 

এনে লাগিল যেন হঠাত কিবা এটা ‘মিৰাকল’ হৈ যাওক!  কোনো ধ্যানস্থ ঋষিৰ দৰে বাইদেৱে যেন বিচাৰি পাওক
সেই মোক্ষ প্ৰাপ্তি! চৌপাশত এক কাহানিও নোহোৱা পোহৰৰ মাজত ধ্যানস্থ গৌতমে নিৰ্বাণ
পোৱাৰ দৰে এক অণু যেন বাইদেউলৈকো বিকিৰিত হওক!
 

কথাবোৰ ভাবি ভাবিয়েই মোৰ ভাড়াঘৰৰ চৌহদ পালোহি৷ বতাহত কিবা এটা অচিনাকী
গোন্ধ নাকত লাগিলহি৷ বাইদেউৰ কথাই মনটো গধুৰ কৰি তুলিছিল যদিও বতাহ ছাটিয়ে আন
কিবা এক ভাল লগা দিলে৷ কৰবাৰপৰা ভাহি আহিছে চিনাকী মাতষাৰ৷ সৰল অথচ গভীৰ
জীৱনবোধেৰে সিক্ত হৈ থকা সেই বিশেষ কথাবোৰে আহি কৰ্ণকুহৰত ঠেকা খালেহি মোৰ! দূৰৈৰ
কৰবাৰপৰা অমোঘ বাণীৰ দৰে ভাহি আহিছে কেইটামান আটকীয়া শব্দ– ‘আৱেগ আৰু বিবেকৰ
যুঁজখনৰপৰা কেতিয়াও নিস্তাৰ নাপাৱ আইজনী৷ কিন্তু তই জানিব লাগিব বিবেকৰ সৈতে আপোচ
কৰি আৱেগক কত ধৰি ৰাখিবি! আৱেগহীন মানুহ যন্ত্ৰৰ দৰে৷ তই যন্ত্ৰ হৈ নপৰিবি …
মনটোক মাৰি নেপেলাবি৷ তেহে মানুহ হৈ থাকিবি৷ ‘- এৰা! সেই কথাৰ গাত ভেঁজা দিয়েইতো মানুহ
হৈ থকাৰ চেষ্টাত নিমজ্জিত হৈ থাকিলোঁ ওৰেটো জীৱন৷ আস! দিব্যপুৰুষৰ দৰে কথাখিনি কৈ
যেন বতাহৰ সৈতে মিলি গল সেই কণ্ঠ৷ মোৰ চিৰপৰিচিত সেই কণ্ঠ৷ মোৰ জীৱনৰ প্ৰথমজন
পুৰুষ … মোৰ ঈশ্বৰৰ শব্দ৷ মোৰ দেউতা! সৰুৰেপৰা নিজৰ স্থিতিক লৈ আপোচ নকৰিবলৈ
শিকোৱা দেউতাৰ সেই কথাবোৰেইতো জীৱনটোক নিজৰ মতে ল’বলৈ শিকাইছে৷

 

বাইদেউৰ প্ৰশ্নটোৱে হঠাতে মোক নতুনকৈ চিনি পোৱাত সহায় কৰিলে৷ মোৰ
ক্ষেত্ৰত কোন বেছি পৰাক্ৰমী- আৱেগ নে বিৱেক
?  দৌৰি গৈ কলমটো লৈ খচখচকৈ কিবা এসোপা লিখি পেলালোঁ! মই মোৰ উত্তৰ পাইছোঁ৷ মোৰ শব্দবোৰৰ
মৃত্যু হোৱাৰ আগতে মই মোৰ উত্তৰ বিচাৰি পাইছোঁ৷ আৰু লগতে এই উত্তৰ যেন বাইদেউলৈও!
বাইদেউ উভতি যাওক৷ যিমান দূৰলৈকে পাৰে কেৱল উভতি বওক বাইদেউৰ মন মগজু৷ তালৈকে
,
য’ৰপৰা আৰম্ভ হৈছিল বাইদেৱে প্ৰথমবাৰলৈ হাতত পেঞ্চিল
তুলি লোৱা দিনটোলৈ! প্ৰথমবাৰলৈ কাঠ পেঞ্চিলেৰে কাগজত অথবা মাটি পেঞ্চিলেৰে শ্লেটত
আঁক বাক কৰি কিবা এটাৰ ৰূপ দিবলৈ চেষ্টা কৰা সেই বয়সলৈ বাইদেউ উলটি যাব লাগিব৷
 

বুজন হোৱাৰেপৰা আমি আশা আৰু সপোন কঢ়িয়াই অচিন ভৱিষ্যতলৈ আগবাঢ়ি
আহোঁ৷ আৰু সময়ে জীৱনক এনে এটা স্তৰলৈ লৈ আনে য’ত নতুনকৈ আশা নাথাকে
, সপোন দেখিবলৈ নাথাকে, সকলোবোৰ শ্লথ হৈ পৰে, জীৱন
তেতিয়াই উভতি বয়! এই অতীতমুখী যাত্ৰাতেই জীৱনে সৃষ্টিৰ আন এক বাট কাটিব পাৰে৷ যত
কেৱল জীৱনৰ বিশাল অৰ্থৰে সকলো কথাকে নতুন অৰ্থৰে গঢ়িব পাৰি৷ যি যাত্ৰাত কেৱল
সমাধান থাকে আৰু থাকে নিশ্চিতি৷ এই উত্তৰ কেৱল বাইদেউলৈ নহয়৷ এই উত্তৰ কেৱল মোলৈ
নহয়৷ বিনিৰ্মাণ সৃজনীশীলতাৰ আন এক উপপথ৷ বাইদেউক এই কথা ক’ব লাগিব – আপোনাৰ এই
সময় উলটি চোৱাৰ! সেই ওভটনি যাত্ৰায়েই দিব পাৰিব আপুনি বিচাৰি থকা সেই আন্তৰিক
আহ্বান৷ সেয়া হেৰাই যোৱা নাই
, আপোনাৰ
মাজতে
, আপোনাৰ ভিতৰতে আছে৷ আপুনি মাথোঁ উলটি
চাওক৷ এই যাত্ৰাত আপোনাৰ সৃষ্টিত জীৱনৰ হকে প্ৰশ্ন নাথাকে
, থাকিব সমাধানসূত্ৰ৷ যি আনৰ বাবেও পাথেয় হৈ ৰ’ব৷

এই উপলব্ধি মোৰ বাবেও বৰ সকাহময়! 

 ***

 মোবাইল
– ৯৮৫৪০৮৫৭২০