ববিতা কলিতা
চাৰিচুকীয়া দেৱালখনত
ওলমি থকা গোলাকাৰ ঘড়ীটোলৈ একেথিৰে চাই আছিল জয়জিৎ দুৱৰাই৷ সময় ঘূৰিছে বৃত্তাকাৰে৷ অথচ এৰি অহা সময়বোৰ আমি কোনেও ওভতাই পোৱা নাই৷ য’ৰ পৰা আৰম্ভ কৰিছিলোঁ, ত’লৈকে কোনেও উভতি যোৱা
নাই৷
ফ্ৰেমত সজাই থোৱা
চাৰিচুকীয়া কেনভাছবোৰ যে ! কেতিয়াবা কেতিয়াবা সেই কেনভাছবোৰকে জীৱন জীৱন লাগে৷ জীৱন যেন আশা-নিৰাশা, প্ৰাপ্তি-হতাশাৰ অজস্ৰ একা-বেঁকা
ষ্ট্ৰ‘কেৰে সমৃদ্ধ এখনি ৰঙীন কেনভাছ৷ কিন্তু
কেতিয়াবা দুৰ্যোগৰ বলিয়া ঢৌ একোটাই উটুৱাই লৈ যায় জীৱনৰ ৰংবোৰ৷ উকা হৈ পৰি ৰয় সপোনৰ মেট্ৰিক্সখন৷
আজিও বিবৰ্ণ কেনভাছকেইখনত
কিলবিলাই ফুৰিছে জয়জিৎ দুৱৰাৰ শুকান আঙুলিকেইটা৷ দূৰণিৰ এটি অস্পষ্ট পাহাৰ, এডোখৰ ৰঙা বেলি, এজোপা
হেলনীয়া নাৰিকল গছ আৰু নৈপৰীয়া সেই সৰু ঘৰটি বিচাৰি তেওঁৰ দৃষ্টিয়ে হাহাকাৰ কৰি উঠিছে৷
অস্পষ্ট ছবিবোৰৰ মাজতেই বিচাৰি চায় তেওঁ ঘৰটোৰ
বাহিৰে-ভিতৰে অহৰহ অগা-ডেৱা কৰি থকা এযোৰ অযত্নপালিত ভৰি আৰু চিত্ৰপটত আঁকিব নোৱাৰা
এটি দীঘলীয়া উকি!
“জয়, আহিলিনে? ভাত
বাঢ়িছোঁ৷ হাতৰ ৰংবোৰ ধুইহে ভাতৰ পাতত বহিবি হ’লে দেই৷”
ছবি আঁকিবলৈ ল’লে
সময়ৰ হিচাপ পাহৰি যোৱা জয়জিতক মাকে সদায়ে ভাত খাবৰ পৰত পাকঘৰৰ পৰা ৰিঙিয়াই মাতিছিল৷
দেউতাকৰ মৃত্যুৰ পাছত উকা কেনভাছখনৰ দৰে হৈ
পৰা মানুহজনীয়ে জয়জিতক ৰঙৰ পৃথিৱীখনত নিশ্চিন্তে বিচৰণ কৰিবলৈ এৰি দিছিল৷ মাকে সংগ্ৰামখিনি নিজলৈ ৰাখি সপোনবোৰ জয়জিতৰ হাতত
তুলি দিছিল৷
জীৱন শেষ হৈ আহিলেও
অথৰ্ব হৈ নপৰা স্মৃতিবোৰে কোনোবা সময়ত আমাক জোকাৰি যায়৷ উঁৱলি যোৱা কেনভাছকেইখনৰ দৰেই অতীতৰ ধূসৰ ছবিবোৰ দুৱৰাই
মেলি ধৰে মানসপটত৷ স্মৃতিভ্ৰংশই জোকাৰি যোৱা মগজটোত পুনৰ জোৰ দিয়ে তেওঁ৷ ছবি আঁকি জীৱনত
প্ৰথমবাৰলৈ পুৰস্কাৰ পাবৰ দিনা মাকে যে তেওঁৰ গালে-মুখে চুমা খাই মৰম কৰিছিল, সেই কথা
ঠিকেই মনত আছে তেওঁৰ৷ সেই স্পৰ্শই আজিও চুই যায় তেওঁক৷ কিন্তু সেই ছবিখনত কি আছিল, এই
কথা তেওঁ বহু চেষ্টা কৰিও মনত পেলাব পৰা নাই৷
কি আঁকিছিল সিদিনা
তেওঁ?
এটি নামঘৰ, এজোপা
বকুল গছ আৰু দুডলীয়া বেণী গুঠা এজনী চঞ্চলা কিশোৰী৷ মালা গুঠিবলৈ বুটলি অনা বকুলবোৰ
যে তাইৰ আঙুলি ফাঁকেৰে কঁহুৱানিৰ বাটটোত সৰি সৰি পৰিছিল! সেইখন ছবিয়েইনে? নে ভৰিৰ কলাফুল
উলিয়াই ভুঁই ৰুই থকা শাওনমহীয়া ৰোৱনীজাকৰ ছবিখন? কোনখন ছবিৰ বাবে তেওঁ পুৰস্কৃত হৈছিল?
মনত নাই৷ তেওঁ আশৈশৱ সামৰি ৰখা ছবিবোৰ এতিয়া হেৰাই গ’ল৷ শৈশৱৰ সৈতে সৰলতাবোৰ হেৰাই যোৱাৰ দৰেই হেৰাই যায় মানুহৰ জীৱনৰ বহু স্মৃতি৷ তেওঁ নতুনকৈ অঁকা ছবিবোৰো জানো থাকিল তেওঁৰ
সৈতে? অৰ্ধশতিকাজুৰি সাধনা কৰি জীৱনৰ ভাটিবেলাত শৈল্পিক মূল্যায়নৰ বাবে সাজু কৰি তোলা
ছবিবোৰ জানো ছবি হৈ থাকিল?
বয়স বঢ়াৰ লগে লগে
তেওঁৰ ছবিবোৰো পূৰঠ হৈ আহিছিল৷ ৰঙা, নীলা, হালধীয়াৰ প্ৰাথমিকতাবোৰ হেৰাই যোৱাৰ খেলখন
তেওঁ প্ৰাণভৰি উপভোগ কৰিছিল৷ তেওঁ কেনভাছত কৰা আঁক-বাকবোৰত তেওঁৰ বিমূৰ্ত চিন্তাবোৰে
টোকোৰা চৰাইৰ বাহৰ দৰেই বাহ একোটা সাজিছিল৷ চিন্তা, আৱেগ, বিশ্বাস, চেতনা, ধাৰণা আৰু
কল্পনাৰে আঁটি আঁটি বন্ধা একোটি সুদৃশ্য বাহ! ছবি পঢ়িব জনাসকলে তেওঁ অঁকা ছবিবোৰত
হেনো জীৱনৰ অৰ্থ বিচাৰি পাইছিল৷ অথচ ছবিবোৰৰ অৰ্থ উদ্ধাৰ কৰাত সাধাৰণ চকুবোৰ ব্যৰ্থ
হৈ পৰিছিল৷
সেয়ে তেওঁ এদিন ছবিৰ
প্ৰদৰ্শনীৰ বাবে সৰু জুপুৰীটোৰ পৰা ওলাই আহিছিল৷ তেওঁৰ ছবিৰ নদীবোৰ লাহে লাহে সাগৰ
হৈ পৰিছিল৷ মাটিৰ পৰা আকাশলৈ উজাই গৈছিল এটি ৰামধেনুৰঙী বাট৷
লক্ষ্য আকাশমুখী
হ’লেও সাগৰৰ মায়াই সদায়েই হাতবাউল দি মাতিছিল তেওঁক৷ সাগৰ পাৰৰ নগৰখনত সিদিনা এখন ডাঙৰ
চিত্ৰ প্ৰদৰ্শনী আছিল৷ নবীন চিত্ৰকৰসকলে দেশ-বিদেশৰ স্বনামধন্য শিল্পীসকলৰ সৈতে ভাব
বিনিময় কৰাৰ সুযোগ আছিল৷ সৰু সৰু চিত্ৰকৰৰ কামবোৰ ডাঙৰ পৰিসৰত প্ৰদৰ্শন কৰাৰ সুযোগ
আছিল৷ তেওঁ সেই সুযোগটো এৰা নাছিল৷ দুৱৰাই মাকক অসমতে এৰি চেন্নাইলৈ বুলি ৰে’লৰ টিকট
কৰিছিল৷
সেই সিদিনাই যে জয়জিৎ দুৱৰাই মাক আৰু মাটিৰ মায়া এৰিলে, তাৰ পাছত তেওঁ আৰু উভতি
নাচালে৷ চাবই বা কাক? তেওঁ ঘৰ এৰাৰ এবছৰৰ পাছতেই মাকে ইহসংসাৰ এৰিলে৷ নৈপৰীয়া ঘৰটো
আজি এচপৰা, কালি এচপৰাকৈ বানত খহি থাকিল৷ বাৰিষাৰ লুইতখনৰ কথা মনলৈ আহিলেই আজিও তেওঁৰ
বুকুখন এক অনামী অভিমানত ক্ষুণ্ণ হৈ পৰে৷ গাঁওখন ৰাখিবলৈ মথাউৰি বান্ধিবলৈ লওঁতেই আন
দুজন গঞাৰ সৈতে লুইতৰ বলিয়া বানত উটি গৈছিল তেওঁৰ দেউতাক৷ মাছে খুটখুটকৈ খাই পেলোৱা
দেউতাকৰ শটো বুটলি আনি বাৰীৰ পিছফালৰ ওখ ঠাই অকণত খৰি দিয়া হৈছিল৷ মাক মৰিবৰ বেলিকাও গাঁওখন
পানীত বুৰ গৈ আছিল৷ গঞাৰ সৈতে একলগে মাকৰ শটো কলৰ ভূৰত তুলি শুকান মাটি বিচাৰি বিচাৰি
সিদিনা তেওঁলোকে ৰাতি দুপৰ কৰিছিল৷ নৈখনে দিয়া বেজাৰবোৰ সামৰি ওলাই অহা জয়জিৎ দুৱৰাই
সাগৰৰ পাৰৰ নগৰখনত থিতাপি লৈছিল৷
ওপজা মাটিকণ হেৰালেও
পিছে তেওঁ খোপনি হেৰুৱাবলগীয়া হোৱা নাছিল৷ দ্ৰাবিড়ী ছোৱালী ৰাজলক্ষ্মীয়ে তাইৰ হাত এখন
বঢ়াই দি হঠাতে কৈ উঠিছিল তাই হেনো জয়জিৎ দুৱৰাৰ বৰ ডাঙৰ অনুৰাগী৷ অজান্তি মুলুকৰ অচিনাকী ছোৱালীজনীৰ বুকুত অংকুৰিত হোৱা সেই অনুৰাগৰ বীজটিয়েই এদিন আৱেগ-অনুভূতিৰ গভীৰলৈ শিপাই
এটি সম্পৰ্কৰ জন্ম হৈছিল৷ সাগৰ-তীৰত ঘৰ এটি সাজি ইজনে-আনজনক মৰমেৰে সিঁচিছিল৷ দুয়োৰে
মৰমৰ সাৰ-পানীত দুয়ো একেলগে বাঢ়ি আহিছিল৷ বিদ্যা-বুদ্ধিত চোকা ৰাজলক্ষ্মী মেডিচিনৰ
ডাক্তৰ হৈছিল৷ জয়জিতে কেৱল ছবি আঁকিছিল৷ সমস্ত নৈৰাশ্য আৰু অতৃপ্তিক তুলিকা এডালৰ দৰেই
ৰঙৰ পাত্ৰত বুৰাই পেলাইছিল৷
দুৱৰাই সাগৰ-তীৰৰ
এপাৰ্টমেণ্টটোত জাপ জাপকৈ পৰি থকা ভগা-ছিগা কেনভাছৰ দমটোত খুচৰি চায়, আছে নেকি কেনেবাকৈ
কৰবাত তেওঁ সুখৰ দিনত অঁকা ছবি এখন৷ আছে নেকি কেনেবাকৈ কৰবাত অকণ জীৱনৰ ৰং?
নাই৷ নাই৷ একোৱেই
নাই৷ সমুদ্ৰৰাক্ষসে সিদিনা তেওঁৰ সকলো আঁজুৰি নিলে৷ সৌভাগ্যক্ৰমে তেওঁৰ ল’ৰা-ছোৱালীহাল
তেতিয়া বিদেশত পঢ়ি আছিল৷ সিহঁত দুটা বাচি গ’ল৷
কিন্তু ৰাজলক্ষ্মী?
ৰাজলক্ষ্মীক অকলে
পাই খাই পেলালে সমুদ্ৰ দানৱে৷ দুৱৰাৰ এন্ধাৰ জীৱনটোক পোহৰৰ জৰী এডাল হৈ মেৰিয়াই ৰখা
ৰাজলক্ষ্মী এতিয়া মনিব নোৱাৰা দূৰত্বৰ এটি নক্ষত্ৰ হৈ পৰিল৷
দুৰ্যোগৰ দিনটোত
তেওঁ পেৰিছত হ’বলগীয়া ছবি প্ৰদৰ্শনী এখনৰ প্ৰস্তুতিৰ বাবে বাহিৰলৈ ওলাই গৈছিল৷ ৰাজলক্ষ্মী
সিদিনা ঘৰত অকলে আছিল৷ তেওঁলোকৰ বিৱাহ-বাৰ্ষিকী উপলক্ষ্যে সিদিনা তাই কাঞ্জিৱৰম শাৰী
এখন পিন্ধিছিল৷ খোপাত মালতী ফুল এথোপা গুজি ৰৈ আছিল তাই জয়জিৎ উভতি অহালৈ৷ দিন-বাৰ
একো মনত নৰখা মানুহজনক আচৰিত কৰিবলৈকে তাই অকলে সকলো যো-জা কৰি আছিল৷ আগে-পাছেও সেইটো
দিনত তাই মানুহজনক জোৰকৈ মন্দিৰলৈ লৈ যায়৷ পৰমাৰাধ্য মুৰুগান দেৱতাৰ আশিস লয়৷ কিন্তু
সিদিনা সময় ৰুষ্ট হৈ আছিল৷ মহাকালে নিজে নিয়ন্তাৰ ৰূপত আহি ওলাইছিল৷ আচম্বিতে সাগৰখন
মানুহ খোৱা ৰাক্ষস এটাৰ দৰে বাঢ়ি আহি সেউজীয়া সপোনবোৰ গিলি পেলাইছিল৷
ছুনামি৷ ছুনামি৷
মানুহবোৰে কিবা তৎ
ধৰিব পৰাৰ আগেয়ে ক্ষয়ংকাৰী প্ৰলয়টোৱে মহতিয়াই
নিছিল সকলোকে৷ জীৱন সংগ্ৰামৰ বাবে ওলাই অহা মাছমৰীয়াসকলক, মনোৰঞ্জনৰ বাবে ওলাই অহা
দেশী-বিদেশী পৰ্যটকসকলক, বিৱাহ বাৰ্ষিকীৰ আয়োজনৰ বাবে ওলাই অহা ৰাজলক্ষ্মীক বৰ নিৰ্দয়ভাৱে
উটুৱাই নিছিল সাগৰৰ প্ৰকাণ্ড ঢৌটোৱে৷ ৰাজলক্ষ্মীৰ উঁৱলি যোৱা শটো সাতদিনৰ মূৰকত সাগৰৰ
ফেনৰ সৈতে ওপঙি উঠা দেখা পাইছিল দুৱৰাই৷ তাইৰ গাত তেতিয়াও জোঁটা-পুটি খাই লাগি আছিল
বিশেষ দিনটোৰ বাবে হেঁপাহেৰে পিন্ধি লোৱা কাঞ্জিৱৰম শাৰীখন৷ নদীখনৰ দৰেই সাগৰখনৰ প্ৰতিও
মোহভংগ হ’বলৈ সেই এটা দৃশ্যই দুৱৰাৰ বাবে যথেষ্ট আছিল৷
মাকৰ মৃত্যুৰ খবৰ
পাই উধাতু খাই লৰি আহিছিল তেওঁলোকৰ ল’ৰা-ছোৱালীহাল৷ মাকক নাপালেও অন্ততঃ তেওঁলোকে আপ্পাকক
নিজৰ লগত বিদেশলৈ লৈ যাব পাৰিব বুলি আশাৰে ৰৈ আছিল৷
কিন্তু লৈ যাবলৈ
আপ্পাক আছিল জানো তাত? সাগৰখনে সিদিনা কেৱল ৰাজলক্ষ্মীক উটুৱাই নিবলৈ প্ৰলয়ৰ ৰূপ লৈ
অহা নাছিল৷ ৰাজলক্ষ্মীৰ লগতে তেওঁৰ ৰঙৰ সপোনবোৰকো বলিয়া ঢৌবোৰে উটুৱাই নিছিল৷ সাগৰৰ
ঢৌত উটি-ভাহি গৈছিল তেওঁৰ পঞ্চাছ বছৰৰ সাধনাৰ ফচলবোৰ৷ নৈৰ গঁৰা খহাদি খহিছিল তেওঁ৷ বিৱৰ্ণ,
বিধ্বস্ত কেনভাছবোৰত তেওঁ উন্মাদৰ দৰে বিচাৰি ফুৰিছিল হেৰাই যোৱা সময়বোৰক৷ সময় কেতিয়াবা
অদৃশ্য ছুনামি হৈ, কেতিয়াবা বৰলুইতৰ বুকুৱেদি বাগৰি অহা বৰবান হৈ খহাই নিয়ে জীৱনৰ কেঁচা
গঁৰা।
“চিথাপ্পা, চিথাপ্পা!
চাহ৷ ”
মণিৰাজে তৃতীয়বাৰলৈ
চাহখিনি তপতাই দুৱৰাক মাতি থাকিল৷ মানুহজন আজিকালি তেওঁৰ চিন্তাৰ পৃথিৱীখনত হেৰাই হেৰাই
থাকে৷ কথা পাহৰে৷ একেবোৰ কামকে বাৰে বাৰে কৰি থাকে৷ এলজাইমাৰৰ লক্ষণবোৰ লাহে লাহে তেওঁৰ
আচৰণত ফুটি উঠিবলৈ ধৰিছে।
তামিল যুৱক মণিৰাজে
দুৱৰাক চোৱা-চিতা কৰে৷ স্মৃতিয়ে বান্ধি ৰখা মানুহজনক জোৰকৈ বিদেশলৈ লৈ যাবৰ সাহ হোৱা
নাছিল কাৰোৰেই৷ সেয়ে আধা ভগা এপাৰ্টমেণ্টটোৰ উঁৱলি যোৱা কেনভাছবোৰৰ মাজতেই দুৱৰাক এৰি
থৈ ল’ৰা-ছোৱালীহাল অহা বাটেৰে উভতি গৈছিল৷
মণিৰাজে নতুনকৈ তপতাই
অনা চাহকাপ হাতত লৈ দুৱৰাই পুনৰ কেনভাছবোৰৰ মাজত সোমাই লৈ শোটোৰা হাতখনেৰে খেপিয়াই চায় সময়ক৷
বকুল বুটলি চোলাৰ
কোঁচত ভৰোৱা ছোৱালীজনী তেতিয়া ডাঙৰ হৈছিল৷
“ঐ জয়, গছ-লতা, নৈ-পাহাৰৰ
বাহিৰে বেলেগ একো আঁকিব নোৱাৰ নেকি তই?” অভিমানী সুৰত সুধিছিল তাই৷
“কি আঁকিব লাগে ক
আক’৷” তেওঁ ফ্ৰেমত কেনভাছখন সাজু কৰি কৈছিল৷
“মোক আঁকিব পাৰিবি?”
দুষ্ট চাৱনি এটিৰে চাই থাকে তাই জয়জিতলৈ৷
তেওঁ তাইক দুবাহুত ধৰি আনি চকী এখনত বহুৱাই দিয়ে৷
“বহি থাক ইয়াতে৷
লৰচৰ নকৰিবি৷” তাইক বহুৱাই তেওঁ ৰং-তুলিকা
সাজু কৰে৷
আস! সেই ছবিখন! সদায়েই
দেখি থকা শেৱালিজনীক সিদিনা তেওঁ নকৈ আৱিষ্কাৰ কৰিছিল৷ যৌৱনে অকৃত্ৰিমভাৱে ৰং ঢালি
দিয়া তাইৰ চকু, নাক, মুখ, বুকু আৰু নিতম্ব চুই যোৱা দীঘল চুলিটাৰিক তেওঁ কোনো ক্ষতি-খুন
নকৰাকৈ কেনভাছত তুলি ধৰিছিল৷
সেই বিশেষ ছবিখনো
সাগৰৰ বলিয়া ঢৌৱে ধুই নিলে৷ শেৱালিৰ যৌৱনৰ ভাঁজবোৰ উটি ভাহি গৈ এখন চিনিব নোৱাৰা ছবি
তেওঁৰ সন্মুখত পৰি ৰ’ল৷ নদীয়ে ভঙা মানুহজাকৰ সৈতে লাম-লাকটু লৈ ওলাই যোৱা শেৱালিৰ পৰিয়ালটি
বাৰু ক’ত আছে এতিয়া? আৰু শেৱালি? সময়ে চাগৈ পুনৰ আঁকিব নোৱাৰাকৈ উটুৱাই লৈ গৈছে শেৱালিৰ
ৰূপ-যৌৱনৰ ৰংবোৰ৷
“চিথাপ্পা, আপোনাৰ
চাহটু একদম ঠাণ্ডা হৈ গ’ল৷ “মণিৰাজে সোঁৱৰাই দিলে দুৱৰাক৷ কৈশোৰকালৰ পৰাই দুৱৰাৰ সৈতে
থকা মণিৰাজে এতিয়া কাম চলাকৈ অসমীয়া ক’ব পৰা হৈছে৷
“এইকণ আৰু চাহ হৈ
থকা নাই মণি৷ ৰঙে-সোৱাদে চাহখিনি এতিয়া কেঁহেৰাজৰ ৰস হৈ পৰিছে৷ চাহ খুৱাবৰ মনেই আছে
যদি নতুনকৈ একাপ চাহ কৰি আনগৈ যা৷”
মণিৰাজে চাহৰ কাপটো
লৈ গৈ নতুনকৈ চাহ একাপ কৰি আনি দুৱৰাৰ হাতত তুলি দি কয়,
“এইবাৰ চাহটু কেঁহেৰাজ হোৱাৰ আগেয়ে খাই দিয়ক চিথাপ্পা৷”
“চাহটুপি তোমাৰ সেই
নিচাপানীৰ দৰে ঢোক মাৰি গিলি চকু-মুখ বিকৃত কৰি খোৱা বস্তু নহয়৷ একাপ ধোঁৱা বলি থকা
চাহ ঠিক আমাৰ জীৱনটোৰ নিচিনা৷ আমাৰ পঞ্চইন্দ্ৰিয়েৰে চাহকাপৰ প্ৰতিটো চিপৰ জুতি লৈ লৈ
খাব লাগে৷ ”
“আই-ও, আমি বুজি
পাইছোঁ৷ কিন্তু আপুনি জানো জীৱনৰ কিবা জুতি লৈছে? উঁৱলি যোৱা কেনভাছবোৰৰ মাজত আপুনি
জীৱনটু বিচাৰি প্ৰায় একুৰি বছৰে হাবাথুৰি খাই আছে৷ পাইছে জানো ধ্বংসস্তুপৰ মাজত জীৱনটু
বিচাৰি?”
মণিৰাজ শিক্ষিত ল’ৰা৷
সি যুক্তি দিব জানে৷ হস্পিতাল এখনত সি অংশকালীন
চাকৰি এটাও কৰে৷ ছুনামিত ঘৰ, পৰিয়াল হেৰুওৱাৰ পাছত সিও দুৱৰাৰ দৰেই অকলশৰীয়া হৈ পৰিছিল৷
তেতিয়া নিজক চম্ভালিব পৰাকৈ তাৰ বয়সো হোৱা নাছিল৷ দুৱৰাই অকলশৰীয়া ল’ৰাটোক তেওঁৰ সৈতে
থাকিবলৈ লৈ আহিছিল৷ তেতিয়াৰ পৰাই সি দুৱৰাৰ জীৱনটোক ওচৰৰ পৰা প্ৰত্যক্ষ কৰি আহিছে৷
দুৱৰাৰ শিল্পীসত্তাৰ অনাকাংক্ষিত মৃত্যুৰ নীৰৱ সাক্ষী হৈ ৰৈছে৷ তাৰ দৰে এটি অনাথ শিশুক
জীৱনৰ উদ্দেশ্য দিয়া মানুহজনৰ জীৱনৰ এনে পৰিণতি সি সহিব নোৱাৰে৷ সুধি থাকে সি দুৱৰাক
কিয় তেওঁ নিজৰ জীৱনটোৰ অপচয় কৰিছে? জীৱন নিজেই জানো এটি শিল্প নহয়? জীৱন কিয় হ’ব নোৱাৰিব
প্ৰলয়ে ভাঙিব নোৱাৰা এখনি ৰঙীন কেনভাছ?
দুৱৰাই কঁপি থকা
আঙুলিকেইটাৰে কেনভাছৰ দ’মটোৰ পৰা বিশেষ ছবি এখন টানি উলিয়াবলৈ যত্ন কৰে৷ মণিৰাজে তেওঁক
ছবিখন উলিওৱাত সহায় কৰি দিয়ে৷
ৰং হেৰাই যোৱা ছবিখনত
এসময়ত কি অঁকা আছিল, এতিয়া একো ধৰিব নোৱাৰি৷ স্মৃতিশক্তিৰ দৰেই দুৱৰাৰ দৃষ্টিশক্তিও
লাহে লাহে কমি আহিছিল৷
“চাচোন চা মণিৰাজ,
ঠিক এইখিনিতে এখন নদী আছিল৷ ফেনে-ফোটোকাৰে বাঢ়ি অহা নদীখনে পাৰৰ মানুহবোৰক ধাননিত
পৰা বতা চৰাইৰ দৰে হুৰাই দিছিল৷ মাটি-ভেঁটি খহাই নিয়া নদীখনলৈ মানুহবোৰে উভতি চোৱা নাছিল৷
যেন উভতি চালেই সোঁতে সিহঁতক চিলনীয়ে মাছ নিয়াদি থপিয়াই লৈ যাব৷ সৌখিনিতে চাচোন, লাম-লাকটু
মূৰত কঢ়িয়াই শাৰী পাতি গৈ থকা মানুহজাকক দেখা পাব পাৰ৷ ”
মণিৰাজে একো দেখা
পোৱা নাছিল৷ তেনে একো ছবিয়েই হয়তো তেওঁ অঁকা নাছিল!
“চিথাপ্পা, হেৰাই
যোৱা পুৰণি ছবিবোৰ বিচাৰি থকাতকৈ আপুনি নতুনকৈ ছবি এখন নাঁকেনো কিয়? ধোঁৱা বলি থকা
চাহটুৰ শেষলৈ জুতি লোৱাৰ কথা কয় আপুনি৷ জীৱনটো অন্তিম বিন্দুলৈ পান কৰাৰ কথা কয় আপুনি৷
অথচ ইণ্ডোনেছিয়াৰ তৰাজা জনগোষ্ঠীৰ দৰে আপুনিও দেখোন মৃতদেহৰ সৈতে সহবাস কৰিবলৈ লৈছে৷
হেৰাই যোৱা সময়বোৰকে আপুনি তৰাজাসকলৰ মামীজবোৰৰ দৰে নোৱাইছে, ধোৱাইছে, সেইবোৰক নতুন
সাজ-পোছাক পিন্ধাইছে৷ কেতবোৰ স্মৃতি টেকেলিত ভৰাই থোৱা অস্থিবোৰৰ দৰে৷ সময় সুবিধা চাই
সেইবোৰ গংগাত বিসৰ্জন দিব লাগে৷ ”
দুৱৰাই দীঘলীয়া হুমুনিয়াহ
এটা পেলাই কৈ উঠে,
“স্মৃতি বিসৰ্জন দিয়াতকৈ সৃষ্টি বিসৰ্জন দিয়াটো এজন শিল্পীৰ বাবে বেছি কষ্টকৰ অ’ মণি৷”
“কিন্তু সৃষ্টি হেৰাই
যোৱাৰ বেদনাতকৈও সৃষ্টিশীলতা হেৰাই যোৱাৰ বেদনা আৰু বেছি কষ্টকৰ৷” মণিৰাজে দুৱৰাক বুজাবৰ
চেষ্টা কৰে৷
মণিৰাজৰ কথা শুনি
দুৱৰাৰ মুখত হাঁহি বিৰিঙি উঠে৷ ৷ এই হাঁহি নিজৰ প্ৰতি পোষণ কৰা পুতৌৰ হাঁহি৷
“সৃষ্টিৰ সময় থাকে
মণি৷ সৃষ্টিশীলতাৰ আয়ুস থাকে৷ কঁপি থকা আঙুলিকেইটাৰে চাহ একাপ নেপেলোৱাকৈ খাব নোৱৰা
মানুহজনে কিদৰে তুলিকা ধৰিব? কুৰি বছৰৰ মূৰকত কিদৰেনো পুনৰ ছবি আঁকিব? মানুহে কয় দেখোন,
সময় হেনো নদীৰ দৰে৷ সময়ৰ সোঁত কাহানিও উভতি নবয়!”
কথাখিনি কৈ দুৱৰাই
পুনৰ দেৱাল ঘড়ীটোলৈ চায়৷ সময় নদীৰ দৰে নহয়, সময় এটি বৃত্তৰ দৰে! একেটি পথেৰে সময়ে প্ৰতিনিয়ত
আদিৰ পৰা অন্তলৈ ঘূৰ্ণাকৃতিত অহা-যোৱা কৰে৷ অসংখ্য বিন্দুৰ সমষ্টি সময়-বৃত্তটোৰ যিকোনো
এটা বিন্দুৰ পৰাই আৰম্ভ কৰি দিব পাৰি জীৱন৷ ঘড়ীৰ কাঁটাডাল ৰৈ নোযোৱালৈ শেষৰ পাছতো বাৰে
বাৰে আৰম্ভ কৰিব পাৰি জীৱনক৷ বাৰে বাৰে আৱাহন কৰিব পাৰি শৈশৱ, কৈশোৰ আৰু যৌৱনক৷
“আপুনি পাৰিব চিথাপ্পা৷
নিশ্চয় পাৰিব৷” মণিৰাজে বিশ্বাসেৰে কয় কথাষাৰ৷ সি লৰালৰিকৈ গৈ কোঠাটোৰ সাগৰৰ পিনে মুখ
কৰি থকা খিৰিকীখন জোৰকৈ মেলি দিয়ে৷ বিধ্বংসী ছুনামিটোৰ পাছত খিৰিকীখন দুৱৰাই কাহানিও
খোলা নাই৷ নাচাওঁ বুলিয়েই বাহিৰৰ পৃথিৱীখন তেওঁ যোৱা কুৰি বছৰে এবাৰলৈও চোৱা নাই৷
মণিৰাজে দুৱৰাৰ হাত
এখনত ধৰি লাহে লাহে খিৰিকী মুখলৈ লৈ যায়৷
দুৱৰাই ক্লান্ত চকুদুটা
মোহাৰি বাহিৰলৈ চাই পঠিয়ায়৷ নীল-সেউজ সাগৰখন তেতিয়া শান্ত৷ বালিয়াতটত দেশী-বিদেশী
পৰ্যটকে ভিৰ কৰিছিল৷ ছুনামিত ধ্বংস হোৱা দালানবোৰৰ ঠাইত পুনৰ নতুন নতুন দালান গজি উঠিছিল৷
সাগৰ-পাৰৰ নগৰখন নতুন হৈ পৰিছিল৷ কোনো ৰৈ থকা নাছিল তাত উঁৱলি যোৱা মৃতদেহবোৰ সাবটি৷
কোনেও আদৰণি জনোৱা নাছিল ইণ্ডোনেছিয়াৰ পাহাৰৰ বুকুৰ তৰাজা সংস্কৃতিক৷ স্মৃতিবোৰক মামী
বনাই কোনেওতো ৰৈ থকা নাছিল তাত হেৰোৱাজনৰ অপেক্ষাত৷
এন্ধাৰে সাগৰখন ঢাকি
নেপেলোৱালৈকে দুৱৰা খিৰিকীমুখতে ৰৈ থাকে৷ ৰাজলক্ষ্মীৰ আঁচুফুলীয়া শাৰীখনৰ দৰে ভাঁজ
খাই পৰি থকা সাগৰখনলৈ তেওঁৰ মায়া ওপজে৷ শৈশৱৰ নদখনৰ প্ৰতি থকা অভিমানৰ গৰাটো লাহে লাহে
খহি আহিবলৈ ধৰে৷
“মণি,তই মোক টিকট
এটা কৰি দিবিনে?” ৰাতি দুৱৰাই বৰ কৰুণভাৱে সোধে মণিৰাজক৷
“টিকট? ক’লৈ?” আচৰিত
হৈ সোধে মণিৰাজে৷
“অসমলৈ৷” দুৱৰাই
আৱেগমিহলি কণ্ঠৰে কয়৷
“কিন্তু কিয়?” মণিৰাজে
সুধি থাকে৷
“নিজক হেৰুৱাবলৈ
সহজ মণি৷ নিজক ঘূৰাই পাবলৈহে টান৷ ঘড়ীৰ কাঁটাডাল ৰৈ যোৱাৰ আগতে মই মোক এপাক বিচাৰি
যাম৷ এৰি অহা মাটিডোখৰৰ ক’ৰবাত নিশ্চয় প্ৰোথিত হৈ আছে জীৱনৰ আদি শিপাডাল৷ ”
মণিৰাজে বৰ উৎসাহেৰে
দুৱৰাৰ বাবে ফ্লাইটৰ টিকট এটা কৰি দিয়ে৷
“এই…যাচোন যা মণি,
চাহ একাপ কৰি লৈ আহ৷ ”
অইন কালে মণিয়ে দুৱৰাক
অসময়ত চাহ বিচাৰিলে নিদিয়াকৈয়ে থাকে৷ আজি পিছে সি মুখত প্ৰশান্তিৰ হাঁহি এটা বিয়পাই দুৱৰাৰ
বাবে সেই ৰাতিখন চাহ একাপ কৰি আনিবলৈ যায়৷
মণিৰাজে চাহ কৰি
অনালৈ দুৱৰাই ৰং-তুলিকা সাজু কৰে৷ সৰু আয়তাকাৰ কাগজ এখিলা সাজু কৰি তেওঁ কঁপি থকা হাতখনেৰে
আঁকিবলৈ লয় জীৱনত অঁকা প্ৰথম ছবিখন৷
দূৰণিৰ এটি পাহাৰ,
এডোখৰ ৰঙচুৱা বেলি, এজোপা হাউলি পৰা নাৰিকল গছ, নৈপৰীয়া এটি সৰু ঘৰ…৷
মণিৰাজে ধোঁৱাই থকা
চাহকাপ দুৱৰাৰ হাতত তুলি দি কৈ উঠে,
“আইইও চিথাপ্পা,
সৌ পাহাৰটোৰ ওপৰেদি ডেউকা মেলি উৰি যোৱা চৰাইকেইটা আঁকিবলৈ থাকিয়ে গ’ল দেখোন৷ ”
গৰম চাহত দীঘলকৈ
শোহা এটা মাৰি দুৱৰাই পাহাৰটোৰ ওপৰেদি ডেউকা মেলি উৰি যোৱা নীড়মুখী চৰাই এটি আঁকি দিলে৷
ছবিখন সম্পূৰ্ণ হোৱাত
দুৱৰাৰ এনে লাগিল যেন বৃত্তাকাৰ সময়ৰ কোনোবা এটা বিন্দু হঠাৎ সাৰ পাই উঠিছে৷
ঠিকনা :
বিলাসীপাৰা, ৱাৰ্ড
নং – ৮
(ফ’নিক্স একাডেমিৰ
সমীপত)
ডাক- হাকামা
জিলা- ধুবুৰী
পিন -৭৮৩৩৪৮
ভ্ৰাম্যভাষ : ৯১০১৭৫২৯৪২
