হৰিণা পোৱালি

ক্ষিপ্ৰকল্প গগৈ


গাঁওখন বহুত সলনি ! আগৰ খলাবমা, কেঁচা, নাঙঠ আলিপদূলিবোৰক এতিয়া
 বিটুমিন আৰু পেভমেণ্ট ব্লকৰ নিমজ আৱৰণে ঢাকি পেলালে; এবেলাৰ বাট এঘণ্টাৰ চহৰৰ আব্‌-হাৱাই গাঁওখনকো পৰশিলে গৰুবিহুৰ দিনা ঘৰৰ টেলিভিশ্যনতে গৰুক গাধুওৱাৰ দৃশ্য চাই মানুহবোৰে বন্ধ উপভোগ কৰিলে (আজিকালি পথাৰত হাল বোৱা ট্ৰেক্টৰখনৰ গা বছৰত এবাৰ নহয়, মাজে মাজে ধুৱাই থাকিব লাগে যে, সেয়ে গৰুবিহুৰ দিনটো ছুটীৰ দিন!) নদীৰ সৰুবৰ সুঁতিবোৰক মথাউৰিৰে ভেটি পেলোৱাৰ পাছত মানুহবোৰে ঘৰে ঘৰে মাছ পোহা পুখুৰী খান্দি ললে মাছৰ মিঠা সোৱাদটোৱে পিছে নদীৰ পানীৰ সৈতে থকা তাৰ আজন্ম সম্পৰ্কটোৰ বাবে পুখুৰীৰ বন্ধ পানীলৈ আহিবলৈ সন্মত নহ নদীৰ বোঁৱতী পানীৰ বিৰহত পথাৰত শস্য শুকাই গ’ল উত্তৰ দিশৰ পাহাৰটো ঢাকি ৰখা গেজেপনি হাবিৰ সেউজীয়া পৰ্দাখনত কৰতকুঠাৰৰ আঁচোৰ লাগিলমানুহৰ মনবোৰলৈও আহিছে নেকি এনে ৰূপান্তৰণ? গাঁৱৰ ৰাস্তাপদূলিৰ সুগমতাৰ বিপৰীতে মানুহৰ মনৰ
ভিতৰলৈ সোমাব পৰা ৰাস্তাবোৰ বাৰু দীঘল আৰু দূৰ্গম হৈ উঠিছে নেকি
? সৰু হৈ অহা পৃথিৱীখন
বাৰু মানুহৰ সৰু হৈ অহা মনবোৰৰে ইঙ্গিত নেকি
? এই সৰু হৈ অহা মনবোৰে আকৌ ডাঙৰ ডাঙৰ বস্তুহে বিচাৰে! গাড়ীখন ডাঙৰ হব লাগিব (লাগিলে ইন্ষ্টলমেণ্টৰ নামত মাটিবাৰীয়ে যাওক!); ঘৰটো ডাঙৰ হব লাগিব (লাগিলে ঘৰৰ আপোন মানুহবোৰক
আঁতৰ কৰি অকলেই থাকিব
!); বেংক বেলেঞ্চ মোটা হব লাগিব (লাগিলে দুৰ্নীতি কৰি ঘটা টকাই হওক!); উপাৰ্জন বেছি হব লাগিব (লাগিলে বক্ৰপথেৰে লোৱা
চাকৰিয়ে হওক
!);

নতুনকৈ পোৱা চাকৰিটো পিছে মই বক্ৰপথেৰে লোৱা নহয় সেয়ে উপাৰ্জন কম হলেও, ঘৰটো সৰু হলেও (দেউতাই সজোৱা ঘৰখনেই মোৰ), বেংক বেলেঞ্চ তাকৰ হলেও, গাড়ীবাৰী নাথাকিলেও কথা নাই; কথা নাই! সুখ আৰু দুখ জমা কৰিব পৰা বেংক থকা লে সেই দুয়োখন খাটাতেই আনৰ ঈৰ্ষা হোৱাকৈ মোৰ বৃহৎ অংকৰ ৰাশি জমা থাকিলহেঁতেন কাৰণ মই সুখ আৰু দুখএই দুয়োবিধ সম্পদেৰে চহকী

এয়া; ভাৰা কৰি অনা গাড়ী এখনত ঘৰলৈ বুলি আহি আছোঁ মোৰ কৰ্মস্থলীৰ নতুন পানী, নতুন বতাহ, নতুন আব্‌-হাৱাই মোৰ দেহৰ নিমাখিত প্ৰতিৰোধ ক্ষমতাটোৰ লগত চিনাপৰিচয় হোৱাৰ নামত কলেজলৈ অহা নতুন ছাত্ৰক পুৰণি ছাত্ৰইৰেগিংকৰা জাতীয় অযথা উগ্ৰ আচৰণ কিছুমান কৰিবলৈ লৈছে পৰিণতিত মোৰ শৰীৰত ৰোগৰ সঘন আমনি! কেইদিনমান ছুটী লৈ সেয়ে এয়া মোৰ ঘৰমুখী যাত্ৰা মনে মনে বিৰাট ভয় খাই আছিলোঁজণ্ডিচ, হেপাটাইটিছ এইবোৰ ভয়লগা বেমাৰ নহলেই হয়! মনটোক প্ৰবোধ দিওঁ— ‘হেই, নহয় যা! কিবোৰ যে চিন্তা কৰিছোঁ মই! জণ্ডিচৰ বেলিকা তেজত বিলিৰুবিনৰ মাত্ৰা বাঢ়ি যোৱাৰ ফলত মোৰ কিবা ছাল, চকু, পেচাৱ হালধীয়া নহ নেকি? মোৰতো এইবোৰ একোৱেই হোৱা নাই! আকৌ হেপাটাইটিছৰ কাৰণে বলগীয়া ভৰি ফুলা, লা পায়খানা আৰু জণ্ডিচৰ দৰে লক্ষণবোৰো মোৰ হোৱা নাইশেষত গৈ টাইফয়দ ওলাল! একেবাৰে থুকুচি পেলালে মোক! ; ডাক্তৰী চিকিৎসাত ভালেখিনি পাতল পাইছোঁৱেই বাকীখিনি মাৰ শুশ্ৰূষাত ঠিক হৈ যাব খোৱাবোৱাত খুব সাৱধান লাগিব এতিয়াৰ পৰা

সৌ আগৰ কেঁকুৰিটো ঘূৰি অলপ গৈয়ে সোঁহাতে আমি পঢ়া এল পি স্কুলখন পায় তাৰ সন্মুখত আজিও আছেনে ওখ মদাৰজোপা? গছজোপাক ঘেৰি লৈ ৰাহঁতে আজিও আওৰায় নে জীৱন গঢ়াৰ নেওতাএক একগুণ এক, এক দুইগুণ দুই, এক তিনিগুণ তিনি, …?’ মদাৰ ফুলৰ সৰি পৰা ৰঙা ৰঙা পাহিবোৰ জিভাৰে চেলেকি দুয়ো হাতৰ আঙুলিৰ নখত পিন্ধি আজিও ৰাহঁতে সজায় নে নিজকে অসুৰৰ ৰূপত? ‘জিৰণি পিৰিয়ডটোতে আজিও হয় নে ৰাহঁতৰ সবাতোকৈ বেছিপৰিশ্ৰম’? আনৰ বাৰীয়ে বাৰীয়ে জেওৰা, ঢাপ আদি বগাই আম, লেটেকু, মধুৰি, আহোম বগৰী, নৰা বগৰী বিচাৰি ফুৰাৰ পৰিশ্ৰম? খেদা মাৰি অহা গৃহস্থৰ বা জোকাই লোৱা বৰলকোঁদোৰ পৰা বাচিবলৈ প্ৰাণটাকি মৰা দৌৰৰ কছৰৎ? প্ৰেমভালপোৱাৰ অনভিজ্ঞতাৰে, কেৱল লাজুক সংজ্ঞা এটিৰে, ব্যাকৰণবহিৰ্ভূতভাৱে আজিও চলেনে ৰা এটাৰ নামৰ সৈতে ছোৱালী এজনীৰ নাম জোৰা দি জোকোৱা নিষ্পাপ ধেমালিবোৰ?… ‘এক্স/ৱাই/জেদ গগৈ, শূন্যই নব্বৈ; তাৰ লগত এক যোগ দিলে ছোৱালী এজনী পাবই!’ মোৰ নামৰ লগত কাৰ নাম জোৰা দিছিল, সেয়া মোৰ এতিয়াও স্পষ্টকৈ মনত আছে সেই জোৰা দিয়া নামটো এতিয়া বা কাৰ লগত জোৰা লাগিলগৈ (নে লগা নাই?), সেই সম্পৰ্কে মই সম্পূৰ্ণ অজ্ঞাত

স্কুলখনৰ ওচৰ পাওঁতে গাড়ীখন অলপ ৰখাই দিবলৈ মই অনুৰোধ কৰিছিলোঁ অতিমাৰিৰ দূষিত হাতোৰাই তলা লগাই থৈছিল শ্ৰেণীকোঠাৰ প্ৰতিখন দুৱাৰতে! সঘন আৰু গধুৰ পদসঞ্চালনৰ অনুপস্থিতিত খেলপথাৰখনৰ ঘাঁহবনবোৰ বাধাহীনভাৱে যেনিতেনি বাঢ়ি আহিছে, আৰু তাৰ ওপৰত পৰি থকা শুকান ডালপাতবোৰে চৌহদটোক পৰিত্যক্ত ৰূপ এটি দিবলৈ অহৰহ চেষ্টা কৰিছে ৰাস্তা বহল কৰাৰ স্বাৰ্থত কাটি পেলোৱা হৈছিল আমাৰ অতীতৰ এছোৱা শৈশৱৰ আন্তৰিকতাৰ সৈতে সংপৃক্ত হৈ থকা ওখ মদাৰ গছজোপা ৰাস্তাবোৰ বহল ; চলাফুৰাৰ অনুমতি নোহোৱা ! ঠায়ে ঠায়ে ৰং এৰাই যোৱা চোঁচৰাখনৰ ওপৰত মটিয়া ৰঙৰ চামনি এটা পৰিছে; বোধহয় মামৰৰ চৌহদটোৰ এটা কোণে থকা ঝুলনাখনৰ ৰছী এডাল ছিগি যোৱাৰ ফলত কাঠৰ বহা অংশটো ওলমি পৰি ওখ ঘাঁহবনবোৰত লাগিছেগৈ তাৰ ঠিক ওচৰতে খেলিম বুলি হেঁপাহেৰে তৰি লোৱা বেড্মিণ্টন খেলৰ নেট এখন উঁৱলিবলৈ ধৰিছে নেটখনৰ এমূৰৰ খুঁটা এটা বেঁকা হৈ নেটখন বান্ধি থোৱা বাবেহে কোনোমতে পৰি নোযোৱাকৈ ৰৈ আছে ঘাঁহবনবোৰৰ পূৰ্ণস্বাধীনতাই কেতিয়াবাই নিশ্চিহ্ন কৰি পেলাইছে বেড্মিণ্টন ৰ্টখনৰ সীমাৰেখাবোৰ পৰিত্যক্ত বৰ্তমান, দূষিত সময় আৰু উঁৱলি যোৱা শৈশৱৰ যেন সিহঁত একো একোটা মূৰ্ত প্ৰতীক

তৰহে তৰহে খেলৰ সুবিধা ; খেলুৱৈ নাইকিয়া ! স্কুলঘৰবোৰ ডাঙৰ ; ৰাছোৱালী কমি ! যেন এই উভমুখী সমীকৰণবোৰ কোনোকালেই সমতুল নোহোৱাৰ প্ৰতিজ্ঞাৰে দৃঢ়!… মদাৰবিহীন উকা কেন্দ্ৰৰ বিশৃংখল বৃত্ত এটিৰ সজ্জাৰে শিকিলেনে ৰাহঁতে জীৱনৰ বাবে প্ৰয়োজনীয় আচল নেওতাখন—‘এগুণ মৰমত তুমি ধুনীয়া, দুগুণ মৰমত ঘৰখন ধুনীয়া, তিনিগুণ মৰমত গাঁওখন ধুনীয়া, … , দহগুণ মৰমত পৃথিৱীখন ধুনীয়া’? বুজিলেনে বাৰু সিহঁতে পূৰণৰ সেই ব্যৱহাৰিক মন্ত্ৰটো—‘মৰম বঢ়াই যোৱা, দেখিবা পৃথিৱীখন ধুনীয়া হৈ পৰিব’? মুখস্থ লনে সিহঁতৰ, জীৱনত সফল হোৱাৰ প্ৰকৃত নেওতাখন—‘এগুণ কষ্টত ঘৰখনৰ মৰম, দুগুণ কষ্টত গাঁওখনৰ মৰম, তিনিগুণ কষ্টত জিলাখনৰ মৰম, … , দহগুণ কষ্টত পৃথিৱীখনৰ মৰম’? আয়ত্ত কৰিব পাৰিছেনে সিহঁতে সেই মহানুভৱক—‘সচৰাচৰ কৰাতকৈ দহগুণ বেছি কষ্ট কৰিলেহে পৃথিৱীখনৰ পৰা মৰম পাব পাৰি’?… এজাক শিকাৰুৰ কলৰৱেৰে মুখৰ হৈ থকা চিৰ পৰিচিত, ব্যস্ত চৌপাশ এটিৰ বিপৰীতে মৰিশালিৰ নিস্তব্ধতাৰে নিতাল
মৰা
অচিনাকি পৰিৱেশটোৱে মোক কোনো ধৰণৰ উত্তৰ বা ইঙ্গিতেৰে আশ্বস্ত কৰিব নোৱাৰিলে পৰিণতিত ৰৈ থকা গাড়ীখনক মোৰ পুনৰ গতিশীল হোৱাৰ অনুৰোধ

এটা মূৰে শৈশৱ আৰু আনটো মূৰে লক্ষ্য এটা নাথাকিলে ফৰ্মুটি এটা নুৰে! কেইবাটাও ঘৰৰ বাৰীয়েপদূলিয়ে তেনে ফৰ্মুটিৰ আঘাতৰ পৰা মুক্ত বহু আম, লিচুৰে ভৰি থকা গাভাৰী গছবোৰ মোৰ চকুত পৰিছিল ৰাস্তাঘাটৰ ধূলিয়ৰি শৈশৱ যে এতিয়া ঘৰৰ
ভিতৰত আৱদ্ধ
! মুক্তমনে বাঢ়ি অহা ফুলফলৰ গছবোৰেও যেন এতিয়া শৈশৱহীনতাক অনুভৱ কৰিছে নিঃসঙ্গতাত ভুগিছে সিহঁতেও গৃহবন্দী শৈশৱবোৰো বাৰু
পৰি ৰোৱা ফৰ্মুটি এটাৰ দৰেই লক্ষ্যহীন আৰু পৰিত্যক্ত হৈ পৰিছে নেকি
? পাখিবন্ধা শৈশৱে পাহৰি
পেলাইছে নেকি আকাশৰ স
তে থকা সিহঁতৰ মিতিৰালিৰ কথা?

স্কুলখন পাৰ হৈ অলপ দূৰ আহিয়ে বাওঁহাতে পোৱা কালী মন্দিৰটোৰ কাষেৰে এটা ৰাস্তা মোৰ স্কুলীয়া দিনবোৰৰ লগত জড়িত এটা বিশেষ ৰাস্তা মই চাই পঠিয়ালোঁ ৰাস্তাটোলৈ আজিও হেৰায় নে তাত কৈশোৰৰ ৰং? উঁৱলেনে শৈশৱৰ সপোন? হিংস্ৰ বাঘৰ ধাৰাল হাতোৰাত ৰক্তাক্ত হয় নে ডেও দিয়া হৰিণীধেমালি?…

ঘৰ গৈ পোৱাৰ পাছত মোৰ আৰামেই আৰাম! ‘বেমাৰীবুলি মোৰ গাত মোহৰটো লাগিল যেতিয়া মায়ে নিজ হাতেৰে মোক ভাত খুৱাই দিবলৈহে বাকী! ঘৰৰ আলহী বহা কোঠাটোত কেতিয়াবা নিজে আলহী হৈ কিছু সময় বহি থাকিও ভাল লাগে কোঠাটোৰ চৌপাশে অপৰিচিতৰ দৰে অনুসন্ধানী দৃষ্টি ছটিয়াই যে আৰু ভাল লাগে এনে আলহী মহঙা দিনত এইদৰে নিজে আলহীৰ দৰে আচৰণ কৰিলে কোঠাটোৰ সমস্ত আয়োজন সাৰ্থক হোৱা যেন লাগে মোৰ স্বয়ংসৃষ্ট অপৰিচিত আলহী বেশৰ অনুসন্ধানী দৃষ্টি হঠাতে নিৱদ্ধ হৈ বেৰত ওলমি থকা এখন ফটোৰ ওপৰত শৈশৱ অতিক্ৰমি কৈশোৰৰ দিশে ধাৱিত এজন ৰাৰ কাঁচৰ ফ্ৰেমেৰে বন্ধোৱা এখন পুৰণি দিনৰ ৰঙীন ফটো মই সন্তৰ্পণে গৈ ফটোখন বেৰৰ পৰা আনি আলফুলে চকুৰ আগত তুলি ধৰিলোঁ এইমাত্ৰ চকুপানী মচি ফটোৰ বাবে সাজু হোৱা লৰাটোৰ হৰিণা পোৱালি এটিৰ দৰেই উজ্জ্বল অথচ ভয়াৰ্ত এহালি চকু, ৰঙা পৰা নাক, কোঁচ খোৱা ভ্ৰূএই ৰাটোক মই চিনি পাওঁ! খুব ভালকৈয়ে চিনি পাওঁ এই হৰিণা পোৱালিটোক সি এৰি অহা এছোৱা অতীতৰ কথাও মই ভালকৈয়ে জানো; যি কথা সি কোৱা নাই কাকো খুজিও সি নোৱাৰে সেই কথা ভাষাহীনতাত ভোগে সি; ব্যাখ্যা কৰিবলৈ শব্দ বিচাৰি নাপায় সি পাহৰিবলৈও চেষ্টা কৰে তাৰ সেইছোৱা অতীত; হিংস্ৰ বাঘে ক্ষতবিক্ষত কৰা তাৰ হৰিণীঅতীত; হাজাৰ চেষ্টা কৰে কিন্তু সি নোৱাৰে!

সি টান পোৱা ইংৰাজী বিষয়টো সৌভিক ছাৰৰ টিউচনত সি পঢ়িবলৈ গৈছিল বাচ্য পৰিৱৰ্তন, উক্তি পৰিৱৰ্তন, কাল পৰিৱৰ্তনত সততে তাৰ কেণা লাগিছিল সৌভিক ছাৰৰ ওচৰত টিউচন লৈ লাহে লাহে সি সেইবোৰ পৰা হৈ উঠিছিল যদিও কেণা লাগিছিল তাৰ জীৱনৰ স্বাভাৱিক ছন্দৰ ব্যাকৰণখনত ছাৰজনে শিকাবলৈ ধৰা তাৰ বাবে সম্পূৰ্ণ নতুন আৰু অচিনাকি পাঠবোৰ বুজাত সি অস্বস্তি আৰু অসুবিধা দুয়োটাই পাইছিল সি চকুৰে দেখি থকা তাৰ উজ্জ্বল, স্বাভাৱিক জগতখনৰ জিলিকনিৰ বিপৰীতে এয়া কেনে এক অস্বাভাৱিক, আন্ধাৰ, ভয়লগা জগত! হঠাতে যেন প্ৰতিবন্ধকতা আহি পৰিছিল তাৰ জীৱনৰ স্বাভাৱিক গতিময়তাত কেণা ভাঙিবলৈকে সি নোযোৱাকৈ থাকিবলৈ চেষ্টা কৰিছিল টিউচনলৈ জীৱনৰ আউলবোৰতকৈ ইংৰাজী বিষয়টোৰ আউলবোৰেই ভাল! সি তেনেকৈ টিউচন খতি কৰা দেখি মাকদেউতাকৰ গালিত সংযোজিত হৈছিল নতুন নতুন বিশেষণ, ‘পঢ়াশুনাত ধান্দা নাইকিয়া!’, ‘ফাঁকিবাজ!’… মাকদেউতাকক সি সুধিব খুজিও ৰৈ গৈছিল, ‘জীৱনৰ কেণা ভাঙিবলৈ মই এতিয়া লৈ যাওঁ?’ ‘কাল পৰিৱৰ্তন জানো বাস্তৱত সঁচাকৈয়ে সম্ভৱ? যদি সম্ভৱ, তেনেহলে সলনি কৰি দিয়ানা মোৰ সেই পাৰ হৈ যোৱা দিনকেইটা! পাৰা যদি মোক হেৰাই যোৱা আগৰমইটোক ঘূৰাই দিয়াঁ!’

সি কান্দে, নীৰৱে, নিজকে হেৰুৱাই পেলোৱাৰ দুখত; কাকো একো বুজাই ক নোৱৰাৰ খঙত হাতৰ কলমটো সি দুটুকুৰাকৈ ভাঙে; কেণা ভাঙিব নোৱাৰি সি তাৰ পঢ়া টেবুলখনতে জোৰেৰে ঘোচা এটা মাৰে তাতকৈ বেছিতো সি একো কৰিব নোৱাৰে! ক্ৰমাৎ অন্তৰ্মুখী হৈ পৰে সিপঢ়াশুনাত তাৰ ধান্দা আছে! পঢ়িশুনি ডাঙৰ মানুহ হোৱাৰ সপোন এটা আছে তাৰ! সি ফাঁকিবাজ নহয়! সি টান পোৱা ইংৰাজী বিষয়টো ভালকৈ শিকিব! সেয়ে সি আকৌ যায় তাৰ কৈশোৰৰ (জীৱনৰ?) ৰং হেৰুৱাই পেলোৱা সেই বিশেষ ৰাস্তাটোৰে— সৌভিক ছাৰৰ টিউচনলৈ আকৌ তাৰ কাষ চাপি আহে সৌভিক ছাৰ অবোধ হৰিণা পোৱালিটোক এটা বাঘে তাৰ ধাৰাল হাতোৰাৰে হানে, খোঁচে, কামোৰে, চেলেকে, চেপে, খুন্দে কিন্তু প্ৰাণে নামাৰে চকু দুটা জোৰেৰে মুদি থাকিলেও পিছে হৰিণা পোৱালিটোৰ চকুপানীবোৰ সৰ্সৰকৈ সৰে হৰিণা পোৱালিটোৱে ভাবে, ‘হাতত মদাৰ ফুলৰ পাহিৰ দৰে জোঙা জোঙা ৰঙা নখ নথকাকৈও দেখোনঅসুৰ পাৰি! নেজ এডাল নথকাকৈও দেখোনজন্তু পৰা যায়! ঘৰ পাতি বাস কৰিও দেখোনবন্য পাৰি!’… ওভতাৰ পৰত চাইকেলখন চলাই আহিবলৈ তাৰ কষ্ট হয়!

সি নিজৰ কাপোৰ নিজেই ধোৱে মাক আচৰিত হয় যদিও নিজৰ ৰাটো বুজন হৈ উঠা দেখি তেওঁৰ কিজানি ভিতৰি ভিতৰি ভালো লাগে—‘মাকৰ কষ্টখিনি বুজি পোৱা হৈছে দেহি!’ তাৰ ভয় হয়, কিজানি মাকে তাৰ কাপোৰবোৰ দেখিবাপেৰৰ দৰে পাইল্‌ছ বেমাৰটো তোৰো ! এতিয়াই এইবোৰ বেমাৰ লাগিছে যদি হৈছে আৰু!’ বুলি তাক ডাক্তৰৰ ওচৰলৈ লৈ যায়! সি এইবোৰ কথা নোৱাৰে কাকো বলৈ চেষ্টা কৰে, কিন্তু মুখৰ ভিতৰৰ পৰা শব্দবোৰ বাহিৰলৈ ওলাই নাহে দেখোন! মেলা মুখ মেলাতেই ৰৈ যায়; পাৰ হৈ যায় সময় অন্তৰ্মুখিতা বাঢ়ি যায় তাৰতাৰ মাজতে ভাগি দুটুকুৰা হয় কেইবাটাও কলম; পঢ়া টেবুলখনে সহিবলগা হয় কেইবাটাও ঘোচা, খৰচ হয় বহুখিনি চকুপানীও জটিল মানসিক অৱস্থা এটাৰে তেনেকৈয়ে হাইস্কুল, কলেজ, ইউনিভাৰ্ছিটিৰ মাজেৰে চৰি আহি আহি হৰিণা পোৱালিটো ডাঙৰ হয় এদিন দূৰত থাকি সি চাকৰি কৰিব পৰাও

সন্ধিয়া হলে আজিকালি ৰংবিৰঙৰ লাইটবোৰে কালী মন্দিৰৰ কাষৰ সেই
বিশেষ
ৰাস্তাটো জিলিকাই তোলে এনে লাগে যেন তাৰ কৈশোৰৰ হেৰাই যোৱা ৰংবোৰকে লৈ ৰাস্তাটো জিলিকি থাকে! সি পাহৰিব বিচাৰে তাৰ সেই অতীত; এটা বাঘৰ চেপাখুন্দাত পিষ্ট হোৱা তাৰ ডেও দিয়া হৰিণীঅতীত কিন্তু নোৱাৰে 

কি তোৰ? নিজৰ ফটোখনকে হাতত লৈ থৰ লাগিলি যে?”—মা সোমাই আহিছিল কোঠাটোলৈ; হাতত মোৰ বাবে তৈয়াৰ কৰি অনা কিবা খোৱাবস্তুহোঁ, এইখিনি গৰমে গৰমে খাই এই ফটোখনৰ কথা তোৰ বাৰু মনত আছেনে? তই তেতিয়া খুব বেছি ছেভেন নহলে ছিক্সত পঢ়ি আছিলি চাগেটিউচনলৈ নাযাওঁবুলি এদিন সেইখিনিতে বহি কান্দি আছিলি তেতিয়া তোৰ মন ভাল লগাবলৈকে মই তোৰ এই ফটোখন তুলিছিলোঁ

সেইবোৰ কথা মই পাহৰিব পৰা লেতো ভালেই আছিল অমা! পিছে নোৱাৰোঁ যে পাহৰিব! ময়ো বহি ললোঁহি মাৰ ওচৰত; হাতত মোৰ তেতিয়াও হৰিণা পোৱালিটোৰ ফটোখন

এই ৰাজনৰ বিষয়ে তোমালোকে সকলোবোৰ কথা ভালকৈ জানা জানো?”—ফটোখনলৈ আঙুলিয়াই মই মাক সুধিলোঁ

তোৰ বিষয়ে আমিনো কি কথা নাজানোঁ ’!”—পাতল সুৰ এটিৰে মাৰ প্ৰশ্নটোৱে বতাহত উৰোঁ উৰোঁ কৰিছে

নাজানা বহুত কথাই নাজানা”—মোৰ গহীন উত্তৰ দৃষ্টি মোৰ ফটোৰ হৰিণা পোৱালিটোতে

মানে?”—গধুৰ সুৰ এটিৰে মাৰ প্ৰশ্নটোৱে এইবাৰ
মোৰ ফালে চালে

কওঁ তেনেহলে, শুনা”… r

 

ঠিকনা :

প্ৰযত্নেনৱ কুমাৰ গগৈ, গাঁওকাৱৈমাৰী গাঁও,

ডাককলাকটা (মাছখোৱা
হৈ
), জিলাধেমাজি, পিন৭৮৭০৫৮,

ভ্ৰাম্যভাষ৯৮৬৪২১৮৯৩০ আৰু ৮৬৩৮৮১৩১০৯