প্ৰীতিৰ সুৱাস

 পদ্মজা বৰুৱা মহন

 

উমি উমি জ্বলি থকা জুইকুৰাৰ কাষতে
ছমহীয়া কণমানি ছোৱালীজনী বুকুত সাবটি বহি থাকিল যমুনা৷  পুৱাৰ পৰা ছোৱালীজনীৰ গাটো ভাল নাই৷  জ্বৰেই উঠিছে নে পেটেই কামুৰিছে বাৰে
  বাৰে কান্দি আমনি কৰি আছে৷  ডাঙৰ ছোৱালী দুজনী শুলে কেতিয়াবাই৷

বহু ৰাতি হল৷ গিৰিয়েক আহি পোৱাই
নাই৷ ক
ত বা সোমাইছে কি বা কৰিছে একো নেজানে তাই৷ পুৱাই
মাথোঁ কামলৈ ওলাই যায় কেতিয়াবা সন্ধিয়া ঘূৰি আহে কেতিয়াবা ৰাতি এপৰত৷

খেটলেং …

চাইকলৰ শব্দত উচপ খাই উঠিল যমুনা৷ আহিছে
ব পায়৷

খাক থু …

থুই পেলোৱাৰ শব্দ৷

হয় আহিছে৷

লৰালৰিকৈ উমি উমি জ্বলি থকা জুইকুৰাত বাঁহ খৰি এডাল ভৰাই জুহালৰ কাষত বেৰতে আঁওজাই থোৱা ফু-চুঙাটো লৈ তেওঁ জুইকুৰা ফুৱাই দিলে৷ দুবাৰ মান ফুওৱাৰ পাছত খৰিডাল জ্বলি উঠিল৷ গছাটোত বহুৱাই থোৱা
টিপচাকিটোৰ মূৰত জ্বলা খৰিডালেৰে জ্বলাই তেওঁ পিছদুৱাৰৰ শলখাডাল এৰুৱাই দুৱাৰখন
কাণি দুৱৰীকৈ খুলিলে আৰু বিছনাত হাউলি লাহেকৈ কেঁচুৱাজনী শুৱাই দিলে ৷

কিন্তু ই কি! বিছনাত
পেলাইছিলহে চেৰেউ ফেৰেউকৈ কান্দি উঠিল কেঁচুৱাকণে৷ ইচ্ য
তে
বাঘৰ ভয় ত
তে ৰাতি হয়৷ এনেয়েও গিৰীয়েক মদ খাই মাতাল হৈ আহিছে
আৰু আকৌ এইজনীয়ে চেৰেউ ফেৰেউকৈ কান্দিব ধৰিছে৷ ভয়ে শংকাই যমুনা উচ উচ শব্দ কৰি
কেঁচুৱাজনী পিঠিত থপৰিয়াই শুৱাবলৈ যত্ন কৰিলে৷

ঘেটেং….

বাহিৰৰ বেৰত চাইকেল আঁউজাই থোৱাৰ শব্দ৷

কেঁচুৱাজনী অলপ শুবলৈ ধৰিছিল৷ যমুনা
লৰালৰিকৈ ওলাই গ
ল৷ জ্বলি থকা চাকিটোৰ ফিটাডালতে অইন এটা চাকিৰ মূৰটো লগাই
জ্বলাই ওলাই পোহৰ দেখুৱাই দি তাই দুৱাৰখন বহলাই খুলি দিলে৷

কোন কোন ওলাই গল সেইটো…

খোলা দুৱাৰখনেৰে যমুনাক দেখিয়েই গৰজি
উঠিল গিৰিয়েক৷

কোননো… কত কাক দেখিলে আপুনি! কি আজেবাজে কথাবোৰ কৈছে ৰাতিখন৷

দিন ৰাতি কি আছে৷’-হাথিয়াৰ ভৰ্তি হাতৰ মোনাটো দলিয়াই দিলে বেৰৰ কাষলৈ গিৰিয়েকে৷

মই নথকা অৱস্থাত ঘৰলৈ
কোন কোন আহে কাক কাক মাত মই নেজানো বুলি ভাবিছ চাল্লা… মোৰ আগত বেছি সতী
-সাধ্বী হৈ নেদেখুৱাবি৷

দোৰোল খোৱা জিভা গিৰীয়েকৰ৷

এই ৰাতিখন কি প্ৰলাপ
বকিছে?  আহক ভিতৰলৈ আহক৷

নেযাং মই ভিতৰলৈ৷ কোন
ওলাই গ
ল সেইটো ক…

কোনো নাই৷ মিছামিছি
ৰাতিখন কিয় চিঞৰ বাখৰ কৰিছে৷ চুবুৰীয়াই শুনিলে কি ক
ব? আহক
ভিতৰলৈ৷ ভাত পানী খাই শোৱকহি৷

পৰম ধৈৰ্যৰে মদৰ নিচাত থথল বথল হৈ থকা
গিৰীয়েকৰ গাত ধৰি ভিতৰলৈ টানিলে যমুনাই৷

ঠাঁচ…

ওলোটাই এটা প্ৰচণ্ড চৰ বহিল যমুনাৰ
গালত৷

অত বছৰে লৰা এটা জন্ম দিব নোৱাৰিলি, এতিয়া তই মোক শুবলৈ মাতিছ৷
হেঁ… চাল্লা অকল ছোৱালী ছোৱালী… কি কৰিবলৈ লাগিছে এই মাইকী ছোৱালীখন৷ ওলা
, এতিয়াই ওলা মাক জীয়েক চ ওলা…।

চৰৰ কোবত টাং বাং খাই দুৱাৰখনত ধৰি
কোনোমতে ৰ

যমুনা৷ প্ৰচণ্ড খং আৰু দুখত তাই কিবা ক
ব খুজিছিল হঠাতে
ভিতৰৰ বিছনাত কেঁচুৱাজনী আকৌ চেৰেউ ফেৰেউকৈ কান্দি উঠিল৷ বাপেকৰ দোৰোল খোৱা জিভাৰ
ডাঙৰ ডাঙৰ মাত শুনি সাৰ পাই গ
ল তাই৷ গিৰিয়েকক বাহিৰতে এৰি
ভিতৰলৈ গৈ লৰালৰিকৈ ছোৱালী কণক বুকুত সাবটি ল
লে৷

ভাত দে৷ ভাত দে এতিয়াই৷

গিৰীয়েক সোমাই আহিল পিছ পাকতে৷

ভাত বাঢ়ি থোৱাই আছে৷ আপুনি
উলিয়াই লওকচোন৷ কেঁচুৱাজনী আমনি কৰিছে৷ শুৱাই লওঁ৷

তোৰ অকল কেঁচুৱা
কেঁচুৱা৷
’ –যমুনাৰ কথাত খেদা মাৰি আহিল মানুহটো৷

মতা লৰা হোৱা হলেও বেলেগ কথা আছিল৷ এই মাইকী লৰা হৈ কিহৰ
ইমান আমনি৷ দিন-ৰাত চিন নাই চেৰেউ ফেৰেউকৈ কান্দি থাকিব৷ দে মোক দে…।

অকস্মাত গিৰীয়েক আহি যমুনাৰ হাতৰ পৰা
কেঁচুৱাজনী কাঢ়ি ল
লে ৷ যমুনাই ততকে ধৰিব নোৱাৰিলে৷

হুঁ… নেলাগে মাইকী ছোৱালী…। যাঃ কত মৰ মৰগৈ…. দলিয়াই
দিলে কেঁচুৱাজনী ঘৰৰ কাষৰ পিতনিখনৰ ফালে৷

জপং…

ভয়ানকভাৱে উচপ খাই জিকাৰ মাৰি উঠি
চকীখনৰ হাতল ডালকে খামুচি ধৰিলে যমুনাই৷

আস্….

যেন ওখ গছজোপাৰ পৰা বেগেৰে নাৰিকল এটা
সৰি মাটিত পৰাদি ক
ৰবাৰ বহুত ওপৰৰ পৰা তলত ধপংকৈ পৰিলহি তাই৷ জোৰকৈ চকু দুটা
জপাই কিছু পৰৰ পাছত ভয়ে ভয়ে আকৌ চকু মেলিলে৷


পানীৰ শব্দ নহয়৷ সমুখৰ মঞ্চত মাইক্ৰফোনটোহে ফুৱাই টেষ্ট
কৰিছে ল
ৰা এজনে৷

আপোন ভাবত বেছ কিছুসময় তন্ময় হৈ থকা যমুনাই
আকস্মিক শব্দটোত সম্বিৎ ঘূৰাই পাই ইফালে সিফালে চালে৷

দুই-এজন মানুহ মঞ্চৰ সমুখৰ
চকীবিলাকত বহিছে৷ মঞ্চৰ ওপৰত চকী-টেবুল সাজু কৰি তোলা হৈছে৷ বোধহয় অলপ পাছতে সভা আৰম্ভ হ
ব৷ বহু মানুহ বিপণীবোৰত পংপঙাই ফুৰিছে৷ কোনোবাই কিনিছে,
কোনোবাই ফটো তুলিছে৷ সাজি-কাচি পৰী যেন হৈ থকা চঞ্চল
কিশোৰী কেইজনীমান আহি যমুনাৰ কাষতে গোট খাই কোৰ্হাল লগাই আছে৷ ৰাতিৰ সাংস্কৃতিক
সন্ধিয়াত নৃত্য পৰিৱেশন কৰিব চাগৈ তাহাঁতে ৷ প্ৰীতিকো মাজে মাজে দেখি আছে
তেওঁ৷ গহীন খোজেৰে অথচ ব্যস্তভাৱে ইফালে
সিফালে ঢপলিয়াই ফুৰা ছোৱালীজনীক মাজতে কোনোবাই মাতি ফটো তুলিছে
, কোনোবাই অটগ্ৰাফ লৈছে৷

প্ৰীতি… অকণমানি ছোৱালীজনী৷ কেই বছৰনো
আগৰ কথা? পঁচিছ বছৰ মাত্ৰ৷ যেন পঁচিছ দিনহে হৈছে৷

 ছোৱালী হৈ জন্ম লোৱাৰ অপৰাধত
গিৰীয়েকে চকু তুলিও চোৱা নাছিল নি
ষ্পাপ দেৱশিশুটিৰ ফালে৷ লৰা সন্তান হব বুলি প্ৰচুৰ আশা বুকুত বান্ধি থকা
গিৰীয়েকে সন্তানটি ছোৱালী বুলি জনাৰ পাছতে খঙত একো নাই হৈ পৰিছিল৷ মদ খোৱাৰ মাত্ৰা
বাঢ়ি গৈছিল৷ প্ৰতিদিনে কাজিয়া কৰিছিল যমুনাৰ স
তে৷ আৰু
সিদিনা …

সিদিনা মদৰ জালতে নে জানি-বুজিয়েই তেওঁৰ
কোলাত পৰা কাঢ়ি দলিয়াই দিছিল একাঁঠু পানীলৈ…

এপলকৰ বাবে যমুনাই একো গম পোৱা নাছিল৷ তাই
সপোনতো ভবা নাছিল গিৰীয়েকে তেনেকুৱা কিবা এটা কৰিব বুলি৷

এপলক মাত্ৰ৷

পাছ মুহূৰ্ততে তাইৰ সম্বিৎ ঘূৰি আহিছিল৷

আই ঐ মোৰ ছোৱালী এজনী
মাৰিলে ঔ।
বুলি চিঞৰ এটা মাৰি দুৱাৰখন ফালি মেখেলাখনো আঁঠুৰ
ওপৰলৈ দাঙি জেওৰাখন বগাই কেনেকৈনো পাৰ হ
ল, উফাল জুফাল খাই তাই একাঁঠু পানীৰ পৰা কেঁচুৱাজনী তুলি আনিলেগৈ৷ মাতাল পুতেকৰ বৰ বৰ মাত শুনি নাতিদূৰত
সৰু পুতেকৰ লগত থকা শাহুৱেকেও বাহিৰলৈ আহি হয়তো উমান লৈছিল৷ পানীত জপং কৰাৰ শব্দ
শুনি তেৱোঁ বাৰীৰ মাজৰ বাটটোৰে ঢপলিয়াই আহিল৷ নাকে-মুখে পানী সোমাই একাকাৰ হৈছিল
কেঁচুৱাকণৰ৷ শাহু
, বোৱাৰী দুইজনী মিলি ছোৱালীজনী জোকাৰি জোকাৰি পেটৰ পানীবোৰ উলিয়ালে৷ কান্দিবলৈও শকতি নোহোৱা হৈছিল যেন বেচেৰীৰ৷ কোনোমতে
উশাহটো লৈ থকা সংজ্ঞাহীন হৈ পৰা ছোৱালীজনীক যমুনাই লৰালৰিকৈ জুইৰ কাষলৈ লৈ গ
, সেক-পোটক দিলে, মিঠাতেল অকণ
গৰম কৰি গোটেই গাতে মালিচ কৰিলে৷ বুকুৰ পিয়াহ গুজি দিলে তাইৰ মুখত৷

শাহুৱেকে পুতেকৰ লগতে বোৱাৰীয়েককো উধাই
মুধাই বকি মাতাল পুতেকৰ আগত ভাতৰ কাঁহী সজাই দিলে৷ আৰু ভাত এগৰাহো মুখলৈ নিনিয়াকৈ
গোটেই কাঁহীত পানী ঢালি বিছনাত পৰিলগৈ যমুনাৰ গিৰীয়েক৷ খন্তেক পিছতে মানুহটোৰ নাকৰ ঘোৰ্ঘোৰণি
শুনা গ
ল৷

গোটেই ৰাতি কেঁচুৱাজনী আপডাল কৰি জুইৰ
কাষত বহি থাকিল যমুনা৷

কেৱল সেয়াই নে…

আৰু কত আলৈ-আথানি, অনাদৰ -অৱহেলাৰ মাজেৰে
ডাঙৰ হৈ আহিল তিনিওজনী ছোৱালী৷ প্ৰীতি
, তাইৰ বায়েক পাহি আৰু
পাপৰি৷

 

প্ৰীতিৰ দুবছৰ হবলৈ পালে কি নেপালে
যমুনাৰ কোলালৈ আহিল সৰু পুত্ৰ ভাগ্য৷ কপাল ভাল আছিল যমুনাৰ৷ আকৌ ছোৱালী হোৱা হ
লে হয়তো যমুনাৰ সেইখন ঘৰত ঠাই নহলহেতেন৷
 

ভাগ্য জন্ম হোৱাৰ পাছত গিৰিয়েকৰ সমস্ত
চিন্তা-চৰ্চা পুতেকক কেন্দ্ৰ কৰিয়েই ঘূৰিবলৈ ল
লে৷ সাগৰৰ পাৰত শামুকৰ
খোলাৰ দৰে পৰি ৰ
ল ছোৱালী কেইজনী৷

 

আৰু এদিন…

সেইবছৰ প্ৰীতিয়ে মেট্ৰিক দিব৷ পঢ়াত ভাল
বুলি ইতিমধ্যে তাই চিনাকি দিব পাৰিছে৷ মেট্ৰিক পৰীক্ষাৰ ফৰ্ম ফিলাপৰ বাবে কিছু টকাৰ দৰকাৰ৷
ইমান দিনে যমুনাই ঘৰৰে হাঁহ-কুকুৰা এটা বেচি
, বাৰীৰ পাচলি এটা বেচি ,কেতিয়াবা গিৰীয়েকে ঘৰ চলাবলৈ দিয়া টকাৰে দুই-এটকা সৰকাই বা কাৰোবাৰ কাপোৰ
এযুতিকে বৈ দি সিহঁতৰ পঢ়াৰ যোগাৰবোৰ দি আছিল৷ কিন্তু কিবা কথাত সেইবাৰ মেট্ৰিক পৰীক্ষাৰ ফৰ্ম ফিলাপৰ বাবে টকা যোগাৰ নহৈছেহে নহৈছে৷

টকা তিনিশ দিবচোন
যেনেতেনে৷
পুৱা ভাতকিটা সমুখত যতনাই দি গিৰীয়েকক
লাহেকৈ ক
লে যমুনাই৷

কেলেই…? কেলেই লাগে
তোক টকা..
?’ ৰঙা চকুৰে সুধিলে গিৰীয়েকে৷

এই প্ৰীতিৰ ফৰ্ম ফিলাপৰ
কাৰণে…।

বাদ দে পৰীক্ষাচৰীক্ষা দিবলৈ….।’ –যমুনাৰ কথাষাৰ শেষ হবলৈকে নেপালে৷ গৰজি উঠিল গিৰীয়েক৷

‘কি ফালিব পঢ়া-শুনা কৰি? ঘৰতে থাকক৷ কাম-বন দুটামান শিকা৷ ভাল মানুহ এটা পালে বিয়া দি দিব লাগিব৷

কি কথা কয় আপুনি
বাপেকীটো হৈ? ছোৱালীজনী পঢ়াতো আগবঢ়া৷ মেট্ৰিকটো দিয়কচোন৷ কিজানি ভালকৈয়ে পাছ কৰে৷

থ থ৷ কি কৰিব জীয়েৰে
ভালকৈ পাছ কৰি? ইঞ্জিনীয়াৰ হ
বনে অভয়ছাৰ হব? তোক খুৱাব নে মোক খুৱাব?

 

দেউতা…৷

হঠাতে সিটো কোঠাৰ পৰা  প্ৰীতিৰ মাত ভাহি আহিল৷ চক খাই উঠিল যমুনা৷

আপুনি টকা দিবলৈ টান
পাইছে নেলাগে দিব৷ কিন্তু মোৰ পঢ়াক লৈ এনেদৰে ইতিকিং নকৰিব৷ মই ইঞ্জিনীয়াৰ-অভাৰছিয়াৰ হ
ব পাৰোঁ নে নোৱাৰোঁ সেয়া ভৱিষ্যতে কব৷
বৰ্তমান পৰীক্ষাটোকে দিওঁচোন৷ আশীৰ্বাদ নিদিয়ে যদি নেলাগে
, মনটো
ভাঙি নিদিব৷

কি কলি, কি কলি তই? মেট্ৰিক দিবলৈ
পোৱাই নাই বাপেৰক দ
ম দিব পৰা হলি? মাইকী ছোৱালী হৈ ইমান
দেমাকি তোৰ…
গৰজি উঠিল যমুনাৰ গিৰীয়েক৷

ম দিয়া নাই দেউতা৷ আজিলৈকে আমাক ছোৱালী বুলি যিমান অনাদৰ-অৱহেলা কৰিছে,
এদিনো আমি আপোনাৰ মুখত মাত এষাৰ মতা নাই৷ কিন্তু সদায় সদায় কিমান
আৰু সহ্য কৰি থাকিম৷ ছোৱালী বুলিয়েই আমাৰ প্ৰতি আপোনাৰ ইমান আক্ৰোশ কিয়৷ আমি কি
মানুহ নহয় নে কি…
?

চুউপ..৷

বাঢ়ি গৈছিল বাপেক-জীয়েকৰ তৰ্কাতৰ্কি৷ অতদিনে
সুপ্ত আগ্নেয়গিৰিৰ দৰে থকা ছোৱালীজনীয়ে সেইদিনা জ্বালামুখীৰ ৰূপ লৈছিল
, দেউতাকৰ চকুত চকু থৈ উত্তৰ দিছিল৷ আৰু যমুনাই বৰ কষ্ট কৰিহে ছোৱালীজনীক বাপেকৰ
ওচৰৰ পৰা আঁতৰাই পঠিয়াব পাৰিছিল৷

সেই যে তৰ্কাতৰ্কি লাগিল তাৰ পিছৰে পৰা
অস্বাভাৱিকভাৱে মৌন হৈ পৰিল বাপেক-জীয়েক হালেই৷ ইটোৱে -সিটোক একেবাৰে মাত-বোলকে নকৰা
হৈ পৰিল৷

তেনেকৈয়ে প্ৰীতি ওৰফে প্ৰতিজ্ঞাই
মেট্ৰিক পৰীক্ষা দিলে৷  বহুত ভাল ধৰণে পাছো কৰিলে
, তাৰ পাছতে ইটো সিটো
সংগঠন
, শুভাকাংক্ষীৰ সহযোগত পঢ়ি গৈ থাকিল৷ এম. এ. পঢ়িলে,
ইটো সিটো পৰীক্ষা পাছ কৰি
 কলেজ এখনত চাকৰিও পালে৷
এতিয়া ভায়েক ভাগ্যকো তায়েই পঢ়াইছে৷ ঘৰ চলোৱাতো সহায় কৰিছে৷

আজি সেইজনী ছোৱালীয়ে কিতাপো লিখিব পৰা
,
লিখি প্ৰকাশ কৰি উলিয়াব পৰা হল৷

 

আজি পুৱাই ওলাই আহোঁতে কৈছিল প্ৰীতিয়ে-

মা, মই অলপ সোনকালে যাওঁ ৷ আবেলি অনসূয়া যাব৷ তুমি তাইৰ লগতে যাবা৷

অনসূয়া প্ৰীতিৰ অন্তৰংগ বান্ধৱী৷

ব আই৷ মই যাম৷ তই যা৷

 

দুপৰীয়া ভাত খাবৰ পৰতে সংকোচভাৱেৰে
সুধিছিল গিৰীয়েকক যমুনাই
,  

প্ৰীতিয়ে লিখা কিতাপ
এখন উলিয়াব আজি গ্ৰন্থমেলাত৷ মিটিং আছে৷ আপুনিও যাব নেকি..
?’

আজিকালি গিৰীয়েকৰ আগৰ দৰে খং-ৰাগ
নাইকিয়া হৈছে৷ বিশেষকৈ বাত বিষটোৰ পৰা কাম-বন কৰিব নোৱাৰা হোৱাৰ পৰা
, প্ৰীতিয়ে ঘৰখন চম্ভালি
লোৱাৰ পৰা৷ যমুনাই অনুমান কৰে তেওঁ প্ৰীতিক হয়তো মাত-বোল কৰিবলৈ সুবিধা বিচাৰে
, চেনেহ আৰু কৃতজ্ঞতা প্ৰকাশ কৰিবলৈ বিচাৰে, প্ৰীতিয়েও
দেউতাকক মাত-বোল কৰিবলৈ বিচাৰে কিন্তু কইবা বছৰৰো আগৰ সেই বাপেক-জীয়েকৰ তৰ্কাতৰ্কি আৰু মাত-বোল
বন্ধ হোৱা কথাটোৱে দুয়োৰে মাজত ইমান ডাঙৰ দূৰত্ব আৰু অসহজবোধ এটা গঢ়ি পেলালে যে
এতিয়া সেই অসহজবোধ ভাঙি ওচৰ চপা, সহজ হোৱাই টান হৈ পৰিছে৷ তথাপি যমুনাই চেষ্টাৰ
ত্ৰুটি নকৰে বাপেক-জীয়েকৰ সম্পৰ্ক ভাল কৰি তুলিবলৈ৷

আজিও যমুনাৰ কথাত গিৰীয়েকে মাথোঁ
তলমূৰকৈ ভাত খাই থাকিল৷ মাত-চাত নেমাতিলে৷

 

মঞ্চৰ কাষতে কাৰোবাৰ লগত কথা পাতি থকা
প্ৰীতিৰ হঠাতে চকু পৰিল মাক যমুনাৰ ওপৰত৷ নিৰ্মল হাঁহি এটা মাৰি আগুৱাই আহিল তাই৷

‘মা পালাহি?

‘পালোহি মা৷ এই অনসূয়াই
লৈ আহিলে৷

‘অ’, ভাল হল৷ বহাচোন তুমি৷ স্কাৰ্ফখন লৈ আহিছা নহয়?

‘ওঁ৷ তই মোৰ চিন্তা
কৰিব নেলাগে দে৷

‘হব মা৷ তেতিয়া হলে বহা তুমি৷ মিটিং আৰম্ভ হবই এতিয়া৷

তাই গুচি গল আনফালে৷

 

সময়তকৈ কিছু পলমকৈ সভা আৰম্ভ হল৷ গ্ৰন্থ, গ্ৰন্থমেলা আৰু গ্ৰন্থ অধ্যয়নৰ বিষয়ে বহু বিশিষ্ট ব্যক্তিয়ে বক্তব্য
আগবঢ়ালে৷ কিছু বুজি পালে যমুনাই
, কিছু নেপালে৷

এইবাৰ আহিছোঁ আমি আজিৰ
সভাৰ মূল কাৰ্যসূচী গ্ৰন্থ উন্মোচনী অনুষ্ঠানলৈ৷
’ –মঞ্চৰ
পৰা ঘোষকৰ মাত ভাঁহি আহিল৷

আজি এই গ্ৰন্থ উন্মোচনী
অনুষ্ঠানত পোনপ্ৰথমে আমি উন্মোচন কৰিব বিচাৰিছো কমবয়সীয়া প্ৰতিভাৱান লেখিকা
,
বিভিন্ন কাকত-আলোচনীৰ লগতে ছচিয়েল মেডিয়াত
লিখা-মেলা কৰিও পাঠক সমাজত অভূতপূৰ্ব জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হোৱা
  প্ৰতিজ্ঞা ওৰফে প্ৰীতি কটকীৰ এখনি মনোৰম উপন্যাস প্ৰীতিৰ সুৱাস৷ মই লেখিকাক মঞ্চৰ সমুখলৈ আগ বাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ৷

 মা, আহাঁ মঞ্চৰ ওচৰলৈ৷ কিতাপখন তুমিয়েই উন্মোচন কৰিব লাগিব৷’ –অকস্মাৎ প্ৰীতি ওচৰলৈ আহি কোৱা কথাষাৰত উচপ খাই উঠিল যমুনা৷

মই… মই পাৰিম জানো… ?’ অস্বস্তি আৰু অসহায়তা ফুটি উঠিল যমুনাৰ মুখমণ্ডলত।

একো নহয়,পাৰিবা মা৷ আহাঁ৷’ –প্ৰীতিয়ে তেওঁক ধৰি আগুৱাই লৈ গল মঞ্চৰ ওচৰলৈ৷

তুমি ইয়াতে ৰোৱাঁ৷ মঞ্চলৈ
মাতিলেই আগবাঢ়ি যাবা৷ হ
ব৷

মঞ্চলৈ উঠা চিৰিটোৰ কাষতে যমুনাক থিয়
কৰাই তাই তেওঁৰ বাউসীৰ পৰা হাত আঁতৰালে৷

ব আই৷ তই যা৷’ –পঠিয়াই দিলে তেওঁ প্ৰীতিক৷

প্ৰীতি আগবাঢ়ি গল৷ মাইক্ৰফোনটো হাতত ললে,

‘…মই মোৰ জীৱনৰ
প্ৰথমখন কিতাপ উন্মোচন কৰিব বিচাৰিছোঁ মোৰ অফুৰন্ত প্ৰেৰণাৰ উৎস
, সুখ-দুখৰ সমভাগী মোৰ জন্মদাত্ৰী মাতৃৰ হাতেৰে৷ আহাঁ মা…।

মঞ্চৰ পৰা তাই আহ্বান জনালে মাকক৷

কিবা এক অভূতপূৰ্ব আৱেগ আৰু আনন্দত আৰু আগেয়ে কোন কাহানিও কৰি নোপোৱা কাম এটা
কৰাৰ শিহৰণত যমুনাৰ বুকুখন ধকধক কৈ কঁপিবলৈ ধৰিলে৷ মঞ্চলৈ উঠা চিৰিখনত উঠিব খুজিও
তেওঁ কঁপি উঠিল৷ চকুপানীৰ পৰা চকুকিটা মেলিব পৰা নাই তেওঁ৷ বৰ নিশকতীয়া যেন অনুভৱ
হৈছে নিজকে৷ আৰু মঞ্চলৈ উঠা চিৰিখনো ইমান থিয়৷ কেনেকৈ উঠে এনেকুৱা চিৰিয়েদি মানুহবোৰ? তেওঁৰ ভৰিহালত যেন বল-শক্তি একেবাৰে নাইকিয়া হৈ গৈছে৷

আঃ…

কোনোবাই মঞ্চত উঠাত তেওঁক সহায় কৰি
দিয়া হ
লে…।এই ভাগ্যটোও ঘৰলৈ বুলি গৈছিল, অহাই নাই নে ইমানপৰে…! নহলে প্ৰীতিজনী অলপ আগ বাঢ়ি অহা হলে…।

অসহায় ভাবত আকৌ ইফালে-সিফালে চালে তেওঁ৷
নাই
, সকলোৰে
দৃষ্টি মঞ্চৰ ওপৰত নিৱদ্ধ৷ মঞ্চৰ কাষত থকা মানুহবোৰো আগুৱাই গৈছে সমুখলৈ
, উলিয়াই লৈছে তেওঁলোকৰ মবাইল, কেমেৰাবোৰ৷
সাজু হৈছে ফটো তুলিবলৈ৷

‘মা আহাঁ…। মঞ্চৰ পৰা
পুনৰ মাতিলে প্ৰতিজ্ঞাই৷

উঃ মাজনী, তই কেনেকৈ জানিবি কি
দুখত নে আৱেগত মোৰ বুকুখন ধপধপকৈ মাৰিছে
, ভৰিত বল-শক্তি
নাইকিয়া হৈ গৈছে ৷ মই দেখোন আগবাঢ়ি যাব পৰা নাই …

বৰ কষ্টৰে তেওঁ মঞ্চলৈ উঠা চিৰিখনৰ
আনটো ঢাপলৈ ভৰি আগ বঢ়ালে৷

হঠাতে যমুনাই অনুভৱ কৰিলে তেওঁৰ বাহু
এটাত কোনোবাই খামুচি ধৰি ওপৰলৈ উঠাত সহায় কৰি দিছে৷

কোন..!

কোন আহিছে…!

তেওঁ পিছমুখ দি ঘূৰি চাই অবাক আশ্চৰ্যত
বাকৰুদ্ধ হৈ গ
ল৷

এয়াচোন যমুনাৰ গিৰীয়েক৷

প্ৰীতিৰ দেউতাক৷

কি আচৰিত…!

‘আপুনি…!’-মনৰ আশ্চৰ্য যমুনাৰ মুখেৰে
অস্ফুট স্বৰেৰে প্ৰতিধ্বনিত হ
ল৷

অঁ মই৷ ছোৱালীজনীয়ে
কিতাপ লিখি উলিয়াইছে
, মই বাপেকটোনো কেনেকৈ নহাকৈ থাকো৷ ই
ভাগ্য গৈছিল ঘৰলৈ কিবা কামত৷ মই বোলোঁ ময়ো যাওঁ ৰহ্৷ গুচি আহিলোঁ তাৰ লগতে৷

হ ভাল হ, বৰ ভাল হল৷

পুনৰ সৰসৰকৈ ওলোৱা চকুপানীয়ে তিয়াই
পেলালে যমুনাৰ গাল
, বুকু৷

ওঁ৷ বল এতিয়া ৷ মাজনীয়ে মাতি আছে নহয় ওপৰলৈ৷

স্তম্ভিত, নিৰ্বাক যমুনাক হাতত
ধৰি মঞ্চৰ ওপৰলৈ লৈ গ
ল গিৰীয়েকে৷
 

দেউতা…

মাকৰ লগতে দেউতাককো দেখি অবাক আশ্চৰ্যত
ক্ৰন্দনসিক্ত কণ্ঠৰে চিঞৰি উঠিল প্ৰীতিয়ে৷

 

দেউতা…।’-তাইৰ মাত থোকাথুকি৷ আজি দহবছৰ, সম্পূৰ্ণ দহটা বছৰৰ
পাছত তাই দেউতাকক দেউতা বুলি মাতিছে৷
 

ময়ো আহিলোঁ আই…

প্ৰীতি আগ বাঢ়ি আহিল৷ পিতৃ-মাতৃ দুয়োৰে
চৰণ চুলে৷ তাৰ পাছত মাইক্ৰ
ফোনটো হাতত লৈ শান্ত বিনম্ৰ কণ্ঠৰে ঘোষণা কৰিলে…

এয়া মোৰ প্ৰথমখন কিতাপ
উছৰ্গা কৰিছোঁ তেওঁলোকৰ নামত যিয়েই মোক এই পৃথিৱীৰ পোহৰ দেখুৱালে
, যিয়েই মোক আদৰ-আপডালেৰে মানুহ কৰি গঢ়ি তুলিলে, যাৰ
ঋণ মই কেতিয়াও সুজিব নোৱাৰোঁ সেই পৰম পূজনীয় মোৰ পিতৃ-মাতৃৰ নামত৷ আৰু উন্মোচন
কৰিব মোৰ মা আৰু দেউতাই৷

বিপুল হাত চাপৰিৰে সভাথলী ৰজনজনাই গল৷ এহাতে কিতাপখন লৈ
এহাতে জীয়াৰীক ওচৰ চপাই আনিলে যমুনাৰ গিৰীয়েকে৷

কিবা এষাৰ কবা নেকি দেউতা…’-প্ৰীতিয়ে লাহেকৈ সুধিলে তেওঁক৷ যদিও
জানিছিল তাই দেউতাকে একো নকয় বুলি৷

কিন্তু প্ৰীতিক আচৰিত কৰি মাইক্ৰফোনটো লবলৈ তেওঁ কঁপি থকা হাতখন আগবঢ়াই দিলে৷

‘কি কম আই..! তথাপিও জনাই নজনাই দুআষাৰ কওঁ দে…।

তেওঁ কৈ গল-

ৰাইজপুত্ৰ সন্তানৰ দৰেই কন্যা সন্তানো ঘৰৰ মান মৰ্যাদাস্বৰূপ৷ পুত্ৰ যদি
বংশ তেন্তে পুত্ৰী অংশ
, পুত্ৰ 
যদি সংস্কাৰ তেন্তে কন্যা সংস্কৃতিপুত্ৰ যদি  ভাগ্য তেন্তে কন্যা সৌভাগ্য৷ গতিকে সকলো ৰাইজলৈ মোৰ অনুৰোধ পুত্ৰই
হওক বা কন্যা
, সমান চকুৰে চাওক ,সমান
গুৰুত্ব দিয়ক
,একে আদৰ- আপডালেৰে ডাঙৰ-দীঘল কৰক,সিহঁতকো পুত্ৰ সন্তানৰ দৰেই
  মুকলি আকাশত উৰিবলৈ
দিয়ক৷ ৷ কিয়নো পুত্ৰ-কন্যা মিলিহে এখন ঘৰ
, এখন সমাজ উন্নতিৰ
পথত আগ বাঢ়িব পাৰে৷
 

আৰু একো কব নোৱাৰি তেওঁ মাইক্ৰফোনটো আগবঢ়াই দিলে প্ৰীতিলৈ৷ উপস্থিত ৰাইজৰ হাতচাপৰিৰে গোটেই সভাথলী  ৰজনজনাই উঠিল৷

আঁৰ চকুৰে যমুনাই দেখিলে গিৰীয়েকৰ চকুত
পানী৷

তেনেতে এটা ধুনীয়া সুৱাসে মঞ্চৰ লগতে
গোটেই চৌপাশ ধুৱাই তুলিলে৷

ধূপৰ গোন্ধ নেকি …নে ওচৰে পাঁজৰে
কিবা ফুল ফুলিছে …ওহোঁ …অনুভৱ কৰিলে যমুনাই এয়া প্ৰীতিৰ সুবাস… গোটেইখন
আমোলমোলাই গৈছে…৷

 

 

ভ্ৰাম্যভাষ – ৮৬৩৮৩৮৩৯২৫