দুম্‌পাগ লইঙৰ চকুৰ পতাৰ কাৰপুমপুলি, নাচি থকা বংকোৱাল

 (ভাতৃপ্ৰতিম 
ইভান লইঙৰ হাতত)

 

ৰত্না ভৰালী তালুকদাৰ


অংকন: বৰ্ণিল মহন্ত


 

য়াম্প’ 
য়াঃঙাঙ’     য়াঃঙাঙ’

ৰগন’ 
ন’ গুপ্‌প’ গুবাং  য়েকুপ’

 

আজি আজি কৰি, কালি কালি কৰি দিনবোৰ টুটি আহিছে ৷ যেনেকৈ
কুকুৰাই উমনি দি দি শুকাই- খীণাই যায়
, তেনেকৈ মানুহৰ জীৱনো নাইকীয়া হৈ যাব৷ 

    …    …

দুম্‌পাগ লইং 
মানুহটো ওখই  ছয়ফুট  চাৰি 
ইঞ্চি৷   লাহি আৰু  পোন ৷ চকুহাল 
সৰু ৷  কাঁচিখনৰ  আগটোৰ দৰে 
জোঙা ৷  সৃষ্টিকৰ্তা  পঃল দেৱতা শুক্লপক্ষৰ  নিশা 
সৰগত ওলোৱাৰ  প্ৰথমটো  দিনৰ দৰে৷

দুম্‌পাগ লয়িঙে  হাঁহিলে 
চকুহাল ঠাইতে  লুকায়
, কান্দিলেও ঠাইতে  লুকায়৷ সেই 
লুকাই পৰা  চকুহালৰ পতাত  বৰনৈৰ 
তলৰপৰা  ওলাই  আহি 
বংকোৱাল  চাপৰিটোৱেই  উঠক
, তাহানিতে   নাইকিয়া  হোৱা 
গাওঁখনেই  উঠক
, বা 
সাক্ষাৎ বৰনৈখনেই  টগ- বগ  কৰক– আনে জানো গম-গতি পাব/ দুম্‌ পাগে যি
ক’ব  আনে তাকেই শুনিব
, যি দেখুৱায় তাকেই দেখিব৷ 

গোষ্ঠীয়ে 
কয়
, দুম্‌পাগ  মানুহটো ষাঠি 
বছৰীয়া ডেকা৷  গোঁৱাৰ৷  টেঙৰ হবলৈ নাজানে৷  বুঢ়া হবলৈও 
নাজানে৷… সেই  দুম্‌পাগৰে যেতিয়া
কঁকালটো  লৰিল
, চাঙে 
চাঙে  বতৰা ৰজনজনাই   নগ’লজানো৷ 

 সিও এক
কাহিনী ৷   আগ  শাওণ৷ পাৰৰ  
পথাৰৰ  আহুধান  চপাই  
উঠিছেহে   এথোন৷  গাভিণী 
জাৰ্চিগাইৰ  পেটৰ  দৰে 
বাঢ়িছে  নৈ৷  ইফালে বোলে 
দক্ষিণে  পৰ্বতত   নদীবান্ধৰ
þ  বান্ধৰ পানী
এৰিছে
,  সিফালে বোলে 
উত্তৰে  পৰ্বতত   নদীবান্ধৰ 
পানী এৰিছে৷  বোলে
,  পৰ্বতত  ধাৰাসাৰ  
বৰষুণ৷  ভৈয়ামৰ চাপৰিত  জখলা কাটি 
ওখ ভেটিৰে  সাজি লোৱা  দুম্‌পাগৰ 
দহতৰপীয়া মজবুত   চাংঘৰৰ  তলে 
পানী কাটিছে৷  ৰন্ধা- বঢ়া  কৰিবলৈ 
মে’ৰামৰ  ব্যৱস্থাৰে  চাপৰিত 
দুম্‌পাগৰ  দুটিকৈ   চাংঘৰ৷ 
স্বাধীন  অসম  বিচৰা 
মুক্তিবাহিনীলৈ  নিবলৈ  কুৰুং- কাৰাং কৰাৰ  সময়তে 
ভাটি ৰ  ৰজাঘৰীয়া  ভকতচাপৰিতো আছিল  দুম্‌পাগৰ 
আন  এটি  চাংঘৰ৷ বৰ্তমানৰ এই চাপৰিত  পুৰণি 
বংকোৱাল গাওঁহে  আছিল৷ গাওঁ  তেতিয়াও 
নৈয়ে  সামৰা  নাছিল৷

আশীৰ দশক৷ 
দিচপুৰত  আঞ্চলিক  দলৰ 
চৰকাৰ ৷  কমাৰগাওঁ  কলেজৰপৰা বি এ পাচ কৰি   দুম ্‌পাগো আজৰি৷  নতুন চৰকাৰ
, নতুন আশা৷ চাকৰিৰ আশা এৰি    ব্যৱসায়িক ভিত্তিত খেতিতে  লাগোঁগৈ 
বুলি  দল  গোটাই 
ৰজাঘৰীয়া  ভকতচাপৰিত  মাটি 
খুলি  চাংঘৰ  সাজিলেগৈ৷  
চাপৰিৰ  তৰোৱালৰ   ধাৰ যেন মাজৰা- বিৰিণাৰ  মূঢ়া 
কাটি
,   কাজিৰঙা 
হাবিৰপৰা ওলাই   অহা   বনৰ জীৱ 
হুৰাই
,  মাটি 
খোলাৰ পিছত  সেই মাটি  খেতিৰ উপযোগী 
হয়  মানে  তিনিটা 
বছৰ  বাগৰিল৷ তেহে  চাংঘৰ 
তুলিব পৰা হ’ল৷  পাচে
, তাতেই 
এদিন দলে- বলে  স্বাধীন অসমৰ দাবী
কৰা  সংযুক্ত  মুক্তিবাহিনীৰ জিলা পৰ্যায়ৰ  চেকেণ্ড 
চীফ   আহি  ওলাওক৷ চীফে  গোষ্ঠীৰ 
আন ডেকােবাৰক   আঁতৰি  দিবলৈ কৈ তাৰ 
সতে  দীঘলীয়া   আলচ 
কৰিলে৷  আলচ আৰু কি/   একপ্ৰকাৰৰ জোৰ – জবৰদস্তি৷ সি  মুক্তিবাহিনীৰ 
সশস্ত্ৰ  সংগ্ৰামলৈ  যাব লাগে৷ সংগঠনত তাক লৈ  বহু  
জল্পনা-কল্পনা৷ 

চাংঘৰৰ ভিতৰত মে’ৰামৰ কাষতে সি   আৰু 
চেকেণ্ড চীফ্‌৷ তলত  উদ্যত এ কে
ফ’ৰ্টি  চেভেন  লৈ মানুহটোক  
নিৰাপত্তা দিয়া এদল উগ্ৰপন্থী৷ 
থাৰ কটা- কটি হৈছিল৷ কি ন্তু  কথা  নিসিজিল৷ 
সি  সশস্ত্ৰ   সংগ্ৰামলৈ নোযোৱাটো খাটাং  হৈ  
আছিল৷ স্পষ্টকৈ কৈছিল  অনীহাৰ
কথা৷  কলম 
ভালপোৱা  মানুহে  বন্দুক লৈ 
আনৰ  তেজেৰে হাত ৰাঙলী কৰিব নোৱাৰে৷
অন্ততঃ            সি  নোৱাৰে৷ 
বিভিন্ন  কাকত-আলোচনীবোৰত  ওলোৱা 
কবিতাবোৰ থূপাই  এখন কাব্য  সংকলন কৰাৰ 
কথাহে  ভাবিছে৷  কথাখিনি কৈ 
ভাবিছিল
, সি  হয়তো সিদিনা 
জীয়াই  জীয়াই  চাঙৰপৰা 
নামিব নোৱাৰিব৷   চেকেণ্ড  চীফৰ 
বন্দুকৰ গুলীয়ে  বুকু বিদাৰি   যাব৷ পাচে
,  তেনে একো
নঘটিল৷  সি  নিৰাপদেই ওলাই 
আহিল৷ কিন্তু  চাপৰি  এৰি 
দিবলগীয়া  হ’ল৷ চাপৰিত
উগ্ৰপন্থীৰ  টিঘিল-ঘিলনি বাঢিল৷  বহু কষ্টে  
দু্‌ম্‌পাগৰ  দলটোৱে খোলা  চাপৰিৰ 
মাটি  একপ্ৰকাৰে কাঢ়ি লৈ    সিহঁতে 
শিৱিৰ  পাতিলে৷ বৰনৈৰ   সুঁতি 
পাৰ হৈ   কাজিৰঙা হাবিৰপৰা  চাপৰিলৈ 
ওলাই   অহা পহুৰ  জাক
, বনৰীয়া  গাহৰি, শহাৰ মাংসৰে  
বন্য  ভোজ  চলিল৷ 
আওপুৰণি   থ্ৰি নট থ্ৰি ৰাইফল  লৈ 
যুঁজ  দিয়া পুলিচৰ  আকউ  
উগ্ৰপন্থীৰ  এ কে ফ’ৰ্টি  চেভেনৰ 
সন্মুখীন হ’বলৈ  ভয়৷  লাঠিয়াল 
বনৰক্ষী  দূৰতেই  বিদূৰ৷ 
সাহ   বাঢ়ি  গ’ল৷ 

তাৰেই  
মাজতে  হ’ল  কি
, 
চৰিবলৈ অহা  পহুৰ 
জাকৰ পিচ খেদি  প্ৰকাণ্ড
ঢেঁকীয়াপতীয়া এটাই  হাবিৰপৰা ওলাই  চাপৰিত   
মুকলিকৈ   ফুৰক/   এদিনা ভৰ দুপৰতে উগ্ৰপন্থীৰ   সদস্য 
এটি  বাঘৰ মুখতে পৰিল৷  শুকান বিৰিণাৰ 
আঁৰ  লৈ  চোপ 
পাতি  আছিল ঢেঁকীয়াপতীয়াই৷  সুযোগ পাই 
টানি লৈ গ’ল৷   আক্ৰমণ   ইমান অতৰ্কিত 
আছিল যে
,  লগৰীয়াই 
হেনো  যম হেন ৰনৰজাক দেখি  হাততে 
থকা  মাৰণাস্ত্ৰ  চলাবলৈকো পাহিৰ  গ’ল৷ 
কথা  শুনি  হতভগীয়ালৈ মনত 
পেলাই  মানুহে  আৰু 
ক’ত  কান্দিব
,  চাপৰিয়ে  চাপৰিয়ে 
হাঁহিৰ   ৰোল    নুঠিলজানো/ হাতত  বিয়াগোম অস্ত্ৰ  হাতত থাকিও 
বনৰ জীৱ  এটাৰ  মুখামুখি 
হবলৈ নোৱাৰিলে
, আকউ দেশ  স্বাধীন কৰিবলৈ যায়৷   কিছুদিনৰ 
পিছতে  সেই চেকেণ্ড চীফ্‌  চৰকাৰৰ 
ওচৰত  আত্মসমৰ্পণ  কৰাৰ 
বতৰা ওলাল৷   লাহেকৈ  বিয়াগোম 
চৰকাৰী ঠিকাদাৰ  হ’লগৈ৷ সময়ত
নিৰ্দলীয়  হৈ  নিৰ্বাচন খেলি 
বিধায়কো হ’ল৷ সসাগৰা সম্পত্তি 
গোটাই  এদিনা প্ৰেচাৰ ষ্ট
˜’ 
হৈ  সিপুৰী পালেগৈ৷

সৌ 
সিদিনাৰ কথাহে   যেন ৷

দেশৰ 
মানে ময়লা কঢ়িয়াই বৰনৈ টেঙা টেঙা গোন্ধাইছে৷ মতা- মাইকীহালৰ লৰ-চৰ
কৰাৰ  উপায় নাই৷ দুম্‌পাগ  আৰু 
ঘৈণীয়েক  তৰাৱতীয়ে  পানী 
শাম  কাটিব  বুলি এবাৰ নৈলৈ চাই
, এবাৰ  সৰগলৈ
চাই  চাপৰিতে  দিন নিয়াইছে৷ 

চাপৰি এৰাও 
জানো সহজ/  গোহালিত   এপাল 
গৰু- ছাগলী৷ এমা- ডিমা পোৱালিৰে 
দুজনীকৈ  গাহৰি৷  মতা-মাইকী মিলি সিহঁতো এপাল৷ গোষ্ঠীয়ে কয়
,
দুম্‌পাাগৰ বিশ্বকৰ্মা
হাত৷ সেই  কৰিৎকৰ্মা হাতেৰে  চাঙৰ 
সমান ওখকৈ ভেটি সাজি  সিহঁতলৈ  সুকীয়াকৈ গোহালি  কৰা  
বাবেহে  ভৰ  বাৰিষাতো  
জীৱকেইটি  শুকান  মাটিতে 
আছে৷   পাখিলৈকে চিক্‌চিকাই
থকা  তেলাল  কুকুৰাও 
কেইবাহমান  আছে৷ চ িৰবলৈ উপায়  নথকাত 
সিহঁতক   গোট চাউল খুৱাই  খাঙতে সুমুৱাই 
থৈছে৷   মুকলিত   পাখি 
কোবাবলৈ   নাপাই  খাঙৰ  
কুকুৰাজাকে  দেদাউৰিয়াই মৰিছে৷

গোষ্ঠীৰ 
গায়ে  গায়ে  লাগি 
থকা  কৈৱৰ্তসমাজৰ  গাঁৱৰপৰাই  
হওক  বা গোষ্ঠীৰ  গাঁৱৰে হওক- 
বেপাৰলৈ  বুলি  নিবলৈ 
অহা  ল’ৰাবোৰক  মে’ৰামৰ উধানৰ 
কাষতে  বহুৱাই ভাত এঁসাজ খুৱাই  লৈ 
বেচি দিওঁ   বুলিলেও এনেকৈ   চাপৰিতে 
আছে  তাৰ  কেইবালাখৰ  
পশুধন৷ এই  বিয়াগোম চাপৰিত কোনোবাই
ভৰি থবলৈ আহিলে  দুম্‌পাগৰ চাংঘৰৰ মে’ৰামত
উধানৰ তপত  জুইত  সিজোৱা এমুঠি  
ধৰিবই   লাগিব৷ নহ’লে যে  পেট শুকাই 
মৰিব৷  হওতে  বাৰীত 
দুজোপামান লাও-জিকা-কোমোৰা বগাই 
আছে৷ বগৰীগছত মোক খা
, মোক  খা-কৈ 
বগাই যোৱা  নলটেঙা  এজোপা আছে৷ 
গোহালিৰ ওখ ভেটিৰ কাষে কাষে 
টেঙামৰাও  আছে  এডৰা৷ 
তৰাৱতীৰ  লখিমী  হাতেৰে 
গঢ়া  বাৰী৷  পাচলি  
বুলিবলৈ  ইমানেই ৷ খৰালিহে  বিধে বিধে 
পাচলি  লহ-পহকৈ বাঢ়িব৷

দিন 
যায় মানে  চাপৰিত   চাউল-লোণ-তেলৰ যোগাৰকণ  কমি আহিছে৷ 
চ’লাৰৰ  প্লেটখন   আঁৰি থোৱা দঁৰিডালো  কোমল মাটিত 
হাওলি  হাওলি  অৱশেষত 
পানীত  ডুবি   নষ্ট 
হ’ল৷   গধূলাতে  একঠা 
খাই  মে’ৰামৰ কাষতে   বাগৰি থকাৰ 
বাদে  উপায় নাই৷  মতা- মাইকীহালৰ  দিন নাযায়
, ৰাতি 
নুপুৱায় ৷  দুৰ্জয়  বান ভেদি 
নাও লৈ পাৰলৈ যাবলৈ  ভয়৷

তেনেতে লাগিল নহয় লেঠা৷ পানীতে উটি-ভাহি  মাকৰ পৰা এৰা খোৱা গঁড়পোৱালি এটি  ভেটিতে উঠিলহি৷  হওতে 
কাজিৰঙা  হাবিখন চাপৰিৰ  ভটিয়নিত৷ তেনেহ’লে এই  দেওলগা জীৱটো 
বানত  উজাই আহিল
, নে ক’ৰবাৰপৰা ভটিয়াই আহিল/  যি নহওক,  এতিয়া  বনবিভাগক খবৰ দিয়াৰো উপায় নাই৷ দীঘলকৈ  উকি 
মাৰিলেও  দূৰ- দূৰণিলৈ  নৰমনিচ এটা 
দেখিবলৈ  নাই৷   মাক হেৰুওৱা পোৱালিটোলৈ   চাই  দুম্‌পাগে  ক ’লে– ‘অ’ 
হ াবিৰ  দেওলগা জীৱ৷ এনেহেন  বিপদত 
তোকনো কি সতে  খেদি দিওঁ ৷  আহ
, আমাৰ  গোহালিতে  থাক৷ 
পাচে- পৰে কি হয় দেখা যাব৷’

ভাগৰি- জুগৰি 
আইধা পৰা পোৱালিটিৰ  মুখখন সি খীৰতি
গাই  এজনীৰ ওহাৰতে  লগাই  
দিলেগৈ৷  হওতে দুম্‌পাগে   ছয়-সাত লিটাৰ 
দেশী গাইৰ  গাখীৰ  দৈনিক বিক্ৰী কৰে ৷  দেশী গাইৰ গাখীৰৰ চাহিদা বেছি৷  দামো 
সৰহ৷  ভাগিন সমন্ধীয়া  ল’ৰা এটা
þ 
চাপৰিৰ  গাখীৰ  উঠাই 
নিয়েহি৷  চেন্নাইত  চিকিউৰিটি গাৰ্ডৰ কাম কৰিবলৈ ওলাই  গৈ 
বাহিৰতে পাঁচবছৰমান থাকিলে৷ কিছু টকা-পইচা গোটাই পাৰতে মাটি এটুকুৰা কিনি   ঘৰখন সাজি  
সৰুকৈ  বিয়াও  পাতিলে৷ 
এতিয়া  পাৰতে গেলা- মালৰ দোক ান এখন
দি তাতেই  ঘৈণীয়েকক  বহুৱাই সি চাপৰিৰ গাখীৰ গোটাই  বোকাখাতৰ মিঠাইৰ দোকানত বেচিবলৈ  নিয়েহি৷  
খৰালি  মটৰ চাইকেলেৰে  আৰু 
বাৰিষা  চাপৰি  তল 
গ’লে  নাৱেৰে৷  পাচে 
এই   তমোময়   বানত 
নৈৰ  পথালি সোঁত  কাটি 
নাও  চাপৰিলৈ  চাপিব  
পৰা নাই৷  তিনিজনীকৈ গাইৰ   গাখীৰ 
পেলনিহে  গৈছে৷ বানত উটি- ভাহি
অহা  নিথৰুৱা গঁড় পোৱালিটিলৈ  আকাল পৰিবনে/ 

বান 
নামে  মানে গঁড়  পোৱালিটিয়ে দুম্‌পাগৰ  চাপৰিৰ গোহালিৰ  গাইকেইজনীৰ 
ওহাৰৰ  অমৃতটোপাকে সাৰথি  কৰি   দুটা  সপ্তাহ 
কটাই  দিলে৷  ধেমালি- ধুমুলা কৰি দুম্‌পাগ-তৰাৱতীৰ  পা-পোৱালিৰ সংসাৰখনৰ সতে মিলি  পৰিল৷

 পানী 
নমাৰ  পিছতহে   ইফাল -সিফাল কৰা  মানুহৰ মুখে  
বতৰা  পঠিয়াই  কাজিৰঙা 
ৰাষ্ট
˜ীয় উদ্যানৰ
কতৃপক্ষৰ সতে যোগাযোগ কৰা হ’ল৷ তেওঁলোকে মেচিন লগোৱা  নাৱেৰে 
আহি  গঁড় পোৱালিটিৰ চকুত কাপোৰ
বান্ধি
,  উদ্ধাৰ কৰি নিবলৈ ওলাল৷ সিফালে চাপৰিৰ  নতুন লগৰীয়া পাই আপোন- পাহৰা হৈ  উঠা ৰঙিয়াল গঁড়পোৱালি  নাচোৰবান্দা৷ 
অচিনাকি মানুহ দেখা পাই  ইফালে
ঢাপলি মেলে
, সিফালে ঢাপলি
মেলে৷ খেদাখেদিৰ মাজতে  এপাকত সি দুম্‌পাগৰ  কঁকালতে দিলে নহয় বিয়াগোম  এটা খুন্দা৷ কথাতে কয় বোলে
, হ াতীৰ পেটত 
নাই   বুলিও  সাতকলহ পানী৷ 
গঁডপোৱালিৰো আকউ  নাই  বুলিও 
ডেৰ-দুমোন  ওজন৷ অৱশেষত যেনিবা  হানি-বিঘিনী নোহোৱাকৈ  পোৱালিটি 
উদ্ধাৰ কৰি
, নাৱত উঠাই  লৈযোৱা হ’ল৷ 
কতৃপক্ষই   দুম্‌পাগক  বাহ  
বাহ  দিলে৷ অৱশ্যে  তাৰ কঁকালটো লৰিল৷

মে’ৰামত লোণ-তেল-চাউল শেষ৷ মথাউৰিৰ  ঘৰখনৰে 
বা কি  অৱস্থা/   এম এ পাচ 
সৰুটো পুতেকে মথাউৰিৰ  ঘৰখনতে থাকি
বিএএলএড  কৰি আছে৷ দুটামান টিউচনো
কৰে৷  কঁকালৰ  বিষটো  
লৈয়ে দুম্‌পাগে  আগ  শাওণৰ  
বানৰ  কোবাল
, পথালি সোঁত 
ফালি  তৰাৱতীক লৈ   পাৰলৈ আহিবলগীয়া হ’ল৷  বান নামিছে ৷ তথাপি  ভৰা নৈ
,  সাপৰ নেগুৰ চিঙা
সোঁত৷  ওলাবলৈ  কেৱল সাহ 
নহয়
,   মৰসাহ 
লাগিব৷  দুম্‌পাগৰ   বাৰজনমান 
মানুহ  উঠিব পৰা মজবুত   নাওখন 
যথেষ্ট ডাঙৰ৷  ব’ঠা মাৰি
, ব’ঠা 
মাৰি  বাউসী  বিষাই যায়৷ 
প্ৰথমে   উজাই গৈ  হিচাপ এটা 
অনুুমাণ কৰি  তাৰপৰাহে  ভটিয়নী 
সোঁতত  নাও  এৰিব 
লাগে৷

ব’ঠা আছিল 
তৰাৱতীৰ  হাতত৷ সি  লগিডাল ধৰি আছিল৷   উজাই 
থাকোঁতে পানীৰ তলত  থকা  কিবা 
এটাতে  হবপায়   নাৱৰ তলিখনে 
খুন্দা মাৰিলে৷  থাউনি হেৰুৱাই  তৰাৱতীয়ে তাতেই  জুপুংকৈ 
নাৱৰপৰা  সৰি পৰিল৷ ঈচৰ/  মানুহজনী যায়হে যায়/ দুম্‌পাগে থাওকতে  হাতৰ 
লগিডালকে  তললৈ  নমাই 
দিলে৷  নাৱৰ  সিটো মূূৰে 
সৰি পৰা মানুহজনী উটি আহি 
তাতেই  খামুচি  ধৰিলে৷ 
কপালত যেনিবা  একঠা খোৱাৰ দিন আছিল৷
নাৱে- মানুহে  সোঁতৰ ভটিয়নীত   গৈ 
গৈ  চাপৰি এটাৰ বিৰিণাৰ  চোপত  
লাগি ধৰিলেগৈ৷ তাতেই  কেনেবাকৈ খামুচি
ধৰি মানুহজনী নাৱলৈ উঠিল৷ সেইখন টনা-আঁজোৰাতে দুম্‌পাগৰ  লৰি থকা কঁকাল একেবাৰে টাহ্‌  মাৰি 
নধৰিলেজানো/  মানুহটো লৰ-চৰ কৰিব
নোৱাৰা হৈ পৰিল৷  মৰণত শৰণ দি  নাও 
বাই  বাই  মানুহজীনয়ে কোনোমতে পাৰ পোৱালেহি৷ খবৰ পাই
দেৰগাঁৱত টেট্‌  পাচ কৰি মাষ্টৰৰ চাকৰি কৰা
জোঁৱায়েক ঢপলিয়াই আহি ওলাল৷

–‘দেউতা, জীয়েকৰ ঘৰলৈ আহক৷ দুদিনমান থাকি চিকিৎসা 
কৰি যাৱকহি৷  মোৰেই  চিনাকি 
বন্ধু এজন ভাল চিকিৎসক৷ চাপৰিৰ সম্পত্তি দুদিনমান সৰু পুতেকেই চাব৷’

পুতেক-জীয়েকক 
গৰু-গাহৰি-কুকুৰা-খেতিৰ পিছত লাগিবলৈ দিবলৈ দুম্‌পাগ বৰকৈ  ৰাজী নহয়৷ পঢ়ি-শুনি হাকিম হবগৈ নোৱাৰিলেও
সিহঁত মাষ্টৰকে হওক৷  তথাপি হাড় ভঙা কাম
কৰি জীৱনটো নষ্ট কৰিব নালাগে৷  অৱশ্যে খেতি
আৰম্ভ কৰোঁতে
, আৰু চপাবৰ সময়ত
সিহঁতে পথাৰত লাগেগৈ৷  এতিয়া  পুতেকেও জোঁৱায়েকৰ সমানে সমানে জেদ ধৰিলে৷
বেমাৰৰ চিকিৎসা কৰাই আহকগৈ৷

অগ্যতা 
দুম্‌পাগ ্‌ লইঙে জীৱনত প্ৰথমবাৰলৈ চিকিৎসকৰ কাষ চাপিবলগীয়াত পৰিল৷  জোঁৱায়েকৰ গাড়ীতে বহি গৰৈমাৰী বিলখন পাৰ হৈ
,
গেলাবিল নৈৰ দলঙত
উঠি  মহুৰা  জাতীয় বিদ্যালয়ৰ সন্মুখৰ  বাটেৰে কমাৰগাওঁ  তিনিআলিৰপৰা দেৰগাওঁ বুলি ৰাওণা দিলে৷  তাতেই  
পৰীক্ষা- নীৰিক্ষা   কৰি চিকিৎসকে
ক’লে
,

–‘তাৱৈদেউ,  ঘটনাবেগতিক হোৱা
নাই৷ কিন্তু চিকিৎসা লব লাগি ব ৷ সদ্যহতে 
জোঁৱায়েকৰ  ঘৰতে  দহদিনমান  
আৰাম  কৰক৷  বে’ডৰেষ্ট লওক৷  তাৰপিছত 
ফিজিঅ’থেৰাপিৰ  ক’ৰ্চ  এটা কৰিব লাগিব৷  ঠিক হৈ যাব৷’

তেওঁৰ 
কথা শুনি  দুম্‌পাগৰ  নিজলৈকে পুতৌ হ’ল৷  মানুহটোৱে 
হাঁহিলেই নে কান্দিলেই জানো
, 
জোঙাকৈ চকুহাল তাতেই  লুকাই 
পৰিল৷  জীয়েক-জোঁৱায়েকৰ কোমল
তুলিৰ  পৰিস্কাৰ  বিচনাত 
পৰি পৰি মানুহটোৰ  বেজাৰ  লাগি 
গ’ল৷ চাপৰিৰ  গৰ
nজাকৰ হেম্বেলনি, ছাগলীৰ বেবনি,  গাহৰিৰ নোক্‌নোকনি,
খাঙত বন্দী কুকুৰাজাকৰ
দেদাউৰি  আৰু  তৰাৱতীৰ মাত- কথাবোৰে   লিহিৰি বিৰিণাৰ   বতাহ 
ভেদি কাণদুখনত  আৰাও  দিবলৈ 
ধৰিলেহি৷  টন্‌টনীয়া  ৰ’দত 
নৈৰ  সুঁতি শুকাই যোৱাৰ  গন্ধ
, 
পিছল   পলসৰ 
গন্ধ
,  গোহালিৰ গৰু- গাহৰি-ছাগলীৰ মূতৰ  গন্ধ  
বতাহত  ভাহি  আহিল৷

 

জীৱনত 
প্ৰথমবাৰলৈ  এনেকৈ  আৰামত থাকিবলগীয়া হৈছে৷   চেগ বুজি 
এৰি  অহা  পৃথিৱীৰ  
কথাবোৰে  তাক  আৱৰি 
ধৰিলেহি৷ 

    …    …

সোঁৱৰণি 
দেউলিয়া  হোৱা নাছিল৷ শৈশৱৰ  সেই আচৰিত 
নিশাটোৰ কথা  দুম্‌পাগ  লইঙে পাহৰিব নোৱাৰে৷ জীৱনত প্ৰথমবাৰলৈ  সি ইমান নিশালৈকে সাৰে আছিল৷ তেতিয়া দুমপাগ্‌ৰ
বয়স  মাথোন  পাঁচ৷ গছিধানে গেঁৰ মেলাৰ সময়৷  সেইনিশা যেন গাৱঁলৈ আবতৰীয়াকৈ পঃৰাগ  উছৱটোহে নামি আহিছিল৷ গুমৰাগৰ নাচে ানৰ  চেৱত 
বংকোৱাল  গাওঁখনিৰ  সমূহীয়া 
মুৰংঘৰৰ  বাকৰি  তল-ওপৰ হবলৈ ধৰিছিল৷ ছুবুৰীয়া কেইবাখনো গাঁৱৰ
মানুহ  উজাৰ খাই পৰিছিলহি৷ চৰকাৰী চাকৰি
কৰা মিপাগো আছিল৷    হাতীত  উঠি আহিছিল 
গোষ্ঠীৰ  বৰচাহাব৷ গুমৰাগৰ  চেও
, 
পঃৰ-আপঙৰ সোৱাদ, লাই-গাহৰিৰ সিজোৱা জোল,  নলটেঙা-নাৰমাছৰ  সিজোৱা জোল 
আৰু  মাটিমাহৰ দাইলেৰে  আহুচাউলৰ 
ভাত
,  নামচিঙৰ 
সোৱাদত  ৰাগী  লগাই 
নিশাটো  বতাহে কোবোৱা কলপাতৰ দৰে  থৰক- বৰক হবলৈ ধৰিছিল৷ সৰগৰ পিতা  পঃল দেৱতাই 
ঘূৰণীয়া হৈ  ইমানকৈ জোনাক  ঢালিছিল যে 
ভাৰালৈ অনা  হেচাক  লাইটৰ 
পোহৰো মোলান পৰিছিল৷  আলহীলৈ  বুলি 
কাঁহৰ  কাহী-বাটি
, পিতলৰ লোটা  
আৰু  আনসকললৈ  কলপাতত 
খোৱাৰ  ব্যৱস্থা  হৈছিল৷ 
আলহীৰ খোৱা-বোৱাৰ  তদাৰকীৰ ভাৰ
পৰিছিল  গাৱঁৰ  চিকুণ বোৱাৰী 
দুম্‌পাগৰ আয়েকৰ  ওপৰত৷

সেই 
পৰ্ব শেষ হোৱাত  আয়েকে দেখিলে দিনটো
আলহীৰ মাজে মাজে  ইফালে-সিফালে  ঢপলিয়াই 
বেচেৰা দুম্‌পাগ ভাগৰত  লবেজান  হৈ 
পৰিছে৷   নুমলীয়া হিচাপত দুম্‌পাগ
আয়েকৰ  বৰ মৰমৰ৷ ল’ৰাৰ গঢ়-পিতো ভাল৷ আয়েকে
ক’লে
,

— ‘ব’ল দুম্‌পাগ,  চাঙলৈ যাওঁগৈ৷
আলহীয়ে খোৱা-বোৱা  কৰিলে৷ বাকীখিনি জ
?াল আন মাইকীবোৰে  চম্ভালিব৷’

এইবুলি দুয়ো চাঙলৈ খোজ  লবলৈ ধৰিলে৷  
টোপনিয়ে জোকোৱা ল’ৰাটোৰ খোজকেইটা পোন 
হওক  বুলিয়ে  আয়েকে 
ওপৰৰ সৰগলৈ  আঙুলিয়াই  ক’লে
,

দুম্‌পাগ, ওপৰলৈ চাচোন-সৌটো কাৰপুমপুলি৷

আয়েকৰ কথা শুনি  সি ওপৰলৈ 
চাই
,  তাতেই 
তধা  লাগিল৷  ফুট- গধূলাতে দুটামান খাই মে’ৰামৰ কাষতে
টোপনিত  লাল-কাল দিয়াৰ  অভ্যাস তাৰ৷ 
সভাৰ   উলাহ   বুলিহে 
আজি  ইমান দেৰিলৈকে  আছে৷ 
তাৰ পাঁচবছৰীয়া জীৱনটোত সি নিশাৰ আকাশখন ক’তেনো  দেখিছে/ 
আজি  আয়েকৰ হাতত ধৰি  ওপৰলৈ 
মূৰ  তুলি চাওতে  বিস্ময়ত তাৰ মুখখন খোল  খাই গ’ল৷  
অকণি অকণি  চকু দুটা ঠাইতে  লুক াই পৰোঁ যেন হ’ল৷  সি 
দেখিলে
,  শূন্যতে যেনিবা  গছিধানৰ থোকবোৰে নিয়ৰ সানি জলমলাই  থোপাথুপিকৈ ওলমি  আছে৷   
পঃল দেৱতাই  তাতেই    বুকুত 
তুলসীপুলিটো  আৰু  হৰিণাটো লৈ 
কপাহৰ  জোলাৰ দৰে  উৰণীয়া 
ডাৱৰৰ মাজে মাজে উজনি- ভাটিয়নি কৰিবলৈ 
কৰিছে৷

এটা শিহৰণ, বতৰৰ আগতীয়া 
জাৰ
, নে নবুুজা আৱেগতে
জানো– তাৰ অকণমানি শৰীৰটো জিকাৰ খাই উঠিল৷ 
ইমান  ধুনীয়ানে/

এইখনেই সৰগ নেকি আই? – সি সুধি পেলালে৷

এয়াই সৰগ৷ সৌবোৰ  সৰগৰ 
তৰা
, দেখিছনে?  আৰু সৌটো চা,
সৌটো  কাৰপুমপুলি৷ সাতোটা তৰাই  থূপ পাতি লৈ কেনেদৰে তিৰ্‌বিৰাই আছে দেখিছনে?

কাৰপুমপুলি? কাৰপুমপুলি কি আই? মই হলে সৰগত পঃল আই আৰু তৰাবোৰকহে  দেখিছোঁ৷

আহ, তোক কাৰপুমপুলিৰ সাধুটো কওঁ৷

তেওঁ 
তাক কাৰপুমপুলিৰ সাধুটো কবলৈ ধৰিলে৷

কাৰপুম আৰু পুলি আছিল বাই-ভনী৷  দেখিবলৈ বৰ ধুনীয়া ৷ এদিনাখন  দুয়ো 
বাই-ভনী   হাবিলৈ খৰি-ঢেঁকীয়া
বুটলিবলৈ যাৱক৷ পাচে
, হাবিৰপৰা ওলাওতে
দেখোন  গধূলাই  হ’ল/ সিহঁতৰ ভয় লাগিবলৈ ধৰিলে৷ তেনেতে দেখিলে
নহয় ৰাক্ষস এটাই৷  নৰমনিচৰ  গন্ধ পাই সিহঁতক খাবলৈ ৰাক্ষসে  খেদা মাৰি  
আহিল৷ সিহঁতে নৈৰ পাৰৰ বৰগছ এজোপাৰ আঁৰত লুকাই   আবুতানি দেৱতাক  তুতি 
কৰিবলৈ ধৰিলে৷ আবুতানি দেৱতাই 
তাতেই  সন্তুষ্ট  হ’ল৷ আৰু আকাশৰপৰা পাঁচজনী পৰী পঠিয়াই  দিলে৷ সেই 
পৰীৰ  লগতে কাৰপুম আৰু পুলি
সৰগ  পালেগৈ৷ তাতেই  সিহঁত সাতভনী হ’লেগৈ৷  তাকে দেখি ৰাক্ষসো আকাশ পালেগৈ৷
পৰীকেইজনীয়ে  কাৰপুম  আৰু 
পুলিক লুকুৱাই  লুকুৱাই  ৰাখিলে আৰু 
ৰাক্ষসেও পিচে পিচে খেদিয়েই থাকিল৷ সেইবাবেই  সৰগত 
এই  সাতভনীক  আমি একে ঠাইতে 
দেখিবলৈ  নাপাওঁ৷ ঠাই সলাই
,  ঠাই সলাই  সিহঁতে ৰাক্ষসৰপৰা পলাই ফুৰে৷

সাধু 
শুনি তাৰ  চকুৰ টোপনি হৰিল৷   আয়েকে কোৱা সাধুটোৱে সেইখিনিতে  ধুনীয়া 
সপোন  এটা  হৈ  
তাৰ  চকুৰ পতাত  লাহ দিলে৷ আৰু
, তাতেই 
ৰৈ গ’ল৷  কেইবাবছৰ পিছত যেতিয়া  বংকোৱাল হাইস্কুলখনত পঢ়িলেগৈ
, তেতিয়াহে  
সাধুকথাৰ  কাৰপুমপুলিক   জ্যোতিৰ্বি:ানৰ  স৫১্ষিমণ্ডল 
বুলি  বুজিবলৈ পাৰিলে৷সেইদিনাও সি
দেখিলে
, আয়েকে কোৱা
সাধুটো   তাৰ  চকুৰ 
পতাত ৰৈ আছে৷

কিমানবাৰযে  
ৰাক্ষসে  চকুৰ পতাৰ  কাৰপুমপুলিক 
হৰি  নিবলৈ  আহিছে/  
দিচৈ নৈৰ পাৰৰ  গৰু- ম’হ  চৰা ৰাইজৰ 
গ্ৰেজিংখন যেতিয়া  সমবায় খেতি কৰাৰ
নামত  গোষ্ঠীৰ  দহঘৰ ক্ষমতাশালী  মানুহে 
সিহঁতৰ  হতুৱাই চিকুণাই  কৌশলেৰে 
নিজৰ  কৰি  লৈছিল
, তেতিয়াই  এই  ৰাক্ষসটোৱে 
প্ৰথমবাৰলৈ তাৰ  চকুৰ পতাৰ  কাৰপমপুলিক 
হৰি  নিবলৈ আহিছিল৷  টকাৰ জোৰত গোষ্ঠীৰ মানুহৰ মানুহৰ সৰল  বিশ্বাসত 
আঘাত কৰা সেই পৰি
¸য়ালকেইটাক
গোষ্ঠীয়ে জুই-পানী নিষেধ কৰিছিল৷ ৰাইজৰ 
বিশ্বাসক মষিমূৰ কৰাৰ জগৰত  গোষ্ঠীৰ
ৰীতি অনুসৰি গধূলা জোঁৰ
;লাই  সিহঁতক 
নিৰ্বংশ  হবলৈ  শপি আহিছিলগৈ৷ হ’লে কি হ’ব/   আইনে  
দেখোন  ৰাইজক নেওচা দি  শতৰুৰ 
ফালেই  ৰায় দিলে৷ মিত-মাত কৰাই
দিবলৈ  অহা চৰকাৰীপক্ষই  সিপক্ষৰ ভেটি খাই  দুম্‌পাগৰ দেউতাকৰ  দৰে সাদৰী 
মানুহটোকো  আওকথা  কৈ মনত 
অলপ আঘাত দিলেনে/  সেই  ক্ষোভ সি 
অষ্টমমানতেই  লিখা একাংকিকা  নাট 
‘মনজুই’ত উজাৰি  দিছিল৷

বংকোৱাল  
হাইস্কুলৰপৰা  সুখ্যাতিৰে  মেট্ৰিক পাচ কৰি  কমাৰগাওঁ 
মহাবিদ্যালয়ত  পঢ়িবলৈ আহেঁাতে  আন্দোলন কৰা 
ছাত্ৰসন্থাৰ নেতাবোৰে  ৰেগিং  কৰাৰ 
সময়ত ফেপেৰি  পাতি ধৰোঁতে- ‘ঐ
মিৰিপোৱালিটো/ মুখ  চম্ভালি কথা কবি’  বুলি 
হুংকাৰ দিছিল৷ তেতিয়াও সিহঁতৰ আক্ৰোশী মুখত  এই 
ৰাক্ষসটোৱেই দেখিছিল ৷  তেজৰ   এটা 
থোলোক  তাৰ  মুখলৈ 
উঠি  আহিছিল৷ জোঙাকৈ  চকু 
দুটা তাতেই  লুকাই পৰিছিল৷ গোষ্ঠীৰ  ছাত্ৰকেইটিক 
গোটাই  লৈ  হুংকাৰ দি
,  ফোৰোহাণি  মাৰিছিল সি৷ অৱশেষত মহাবিদ্যালয়ৰ অধ্যক্ষই
ৰেগিং কৰা নেতাকেইটাক  ফিল্ডত সকলোৰে
সন্মুখত আঁঠুকঢ়াই  শাস্তি  দিবলৈ 
বাধ্য হৈছিল৷ জয় হৈছিল  তাৰ৷
সেই  ছাত্ৰসন্থাৰো আঞ্চলিকৰ সাংগঠনিক নেতা
হৈছিলগৈ সি৷

সংযক্ত মুক্তিবাহিনীৰ সশস্ত্ৰ  সংগ্ৰামলৈ সদস্য কৰি নিয়াৰ  উক-মুকনিত,  টাকাম মিচিং পৰিন
কেবাঙৰ  সদস্য হৈ গোষ্ঠীৰ অধিকাৰৰ  হকে 
দীঘলীয়াকৈ  যুঁজোতে
,  খহনীয়া  হৈ 
বৰনৈয়ে খেদি  আহোঁতে
, আৰু এতিয়া কাজিৰঙা ৰাষ্ট˜ীয় 
উদ্যানৰ ব্ৰাঘ্য প্ৰকল্পৰ নামত সাতপুৰুষৰ চাপৰিবোৰ কতৃপক্ষই  নিবলৈ আহোঁতে– কিমানবাৰযে   সি  
এই   ৰাক্ষসৰ সতে  যুঁজ দিছে/ কেতিয়াবা লগে-ভাগে
,  প্ৰায়েই
অকলে৷   কাচিৎ   জিকিছে৷ 
প্ৰায়েই  হাৰিছে৷  ঘৰ- ম াটি হেৰুৱাই  সি আজি 
কেতিয়াবা  মথাউৰিত
,   কেতিয়াবা  চাপৰিত ৷ 
সুযোগ পায়ো  গোষ্ঠীৰ  বিশ্বাসক 
আঘাত কৰি নেতাৰ  দালালি  কৰা 
আন  সতীৰ্থৰ  দৰে 
গুৱাহাটীত  বঙলা  সজাগৈ নাই৷ 
তাহানিৰ  কাৰপুমপুলিৰ  সাধুকথা 
সি চকুৰ পতাত  জীয়াই ৰাখিছে৷

    …    …

ফটফটীয়াকৈ মনত 
পৰে৷  বংকোৱাল   গাওঁখন 
চঞ্চল হৈ  উঠিছিল৷  মুৰংঘৰৰ 
বাকৰিত ঘনে  ঘনে সভা  বহিছিল৷ 
ভোজ-ভাত
, নাচ-বাগৰ কথা
উঠিছিল৷ বৰচাহাবক দেখুৱাব লাগিব৷ বোলে
, 
বৰচাহাব গোষ্ঠীৰেই  মানুহ৷ 
বোকাখাট  মহকুমাৰ  প্ৰথমজন প্ৰশাসনিক বিষয়া৷ শিশুৰাম পেগু ৷  এই 
হিচাপেও   বুকুখন  ফিন্দ খাই  
×ঠাৰ  কথা 
নহয়জানো/   নাচোন এপাক  নেদেখুৱালে হ’ বনে/  গিয়াতি  
মাতি  ভাগে ভাগে   দায়িত্ব 
ভগাই  দিয়া  হ’ল৷  
যা-যোগাৰ  চলিল৷   যথাসময়ত   
শিশুৰাম পেগু  ডাঙৰীয়াই  লংলুঙীয়া 
বাট  ভাঙি  হাতীৰ পিঠিত 
উঠি  কমাৰগাওঁ
, মহুৰাৰ 
গো- বাট পাৰ  হৈ একেকোবে  জকাইচুকীয়া 
বংকোৱাল গাঁৱৰ বোকা-পানী খচকি 
দিলেহি৷  গাৱঁৰ মুখতে  হাতীৰ 
পিিঠৰপৰা  নমাই  গোষ্ঠীৰ 
বিহু  এখনেৰে  বাকৰিলৈ 
আদৰি  অনা  হ’ল৷ গজ-গমনে 
গাৱঁত ভৰি  দিলেহি  পেগু ডাঙৰীয়া 
সমন্বিতে  চৰকাৰী বিষয়াসকলে৷

বাকৰিত 
দুমপাগ্‌ৰ দেউতাকক  সভাপতি পাতি বৰ
এখন  সভা 
হ’ল ৷  বৰচাহাবে  ক’লে — ‘ৰাইজ
,  প্ৰধানমন্ত্ৰীয়ে   পঢ়াশালি 
পাতি  দেশখন শিক্ষাৰে  উজলাবলৈ 
নিৰ্দেশ দিছে৷ সেয়েহে  আপোনালোকে
মাটি  এডোখৰ  দিয়ক৷  
হওতে  এই  বংকোৱাল 
গাৱঁতে এখন  হাইস্কুল  পাতিব 
লাগে৷ তেহে  চাৰিওকাষৰ  গাওঁবোৰৰ সুচল হ’ব৷   আমাৰ গোষ্ঠীৰ 
ভাই
×- ভনীসকলো আন
জাতি-গোষ্ঠীৰ  সমানে সমানে উজাই  যাব 
নালাগে  জানো/ শিক্ষাৰ  হাত 
ধৰিহে   গোষ্ঠী  আগুৱাব লাগিব৷ 
এতিয়া  ৰাইজৰ মত পালে ভাল হয়/’

সজ ৷ সজ৷  
ভৈয়ামলৈ  নামি আহি  গোষ্ঠীৰ 
নিজা  মাত- কথা  কবলৈ এৰি অসমীয়াতে মাত-কথা  দিয়া 
বংকোৱালবাসীয়ে  সমস্বৰে কৈ উঠিল৷

মোখনিত  
সভাপতিয়েও  দীঘলীয়াকৈ  কিছু  
ক’লে৷   ‘ৰাইজ
,  অদূৰত  সৌৱা 
স্বৰাজ  আন্দোলনৰ   ছহিদ কমলা 
মিৰিৰ  ওপৰটেমেৰা  গাওঁ৷ যি সময়ত পুলিচৰ হাতত পৰিলেই  জাত-কূল 
যাব  বুলি মানুহে পলাই  পত্ৰং দিছিল
, ‘স্বৰাজ’ 
বস্তুটো   খায় নে কাণত   পিন্ধে 
তাৰ  ধাৰণা নাছিল
, কানীয়াৰে ভৰি থকা এই এলেকাত  কানিৰ 
বিৰদ্ধে  যুঁজা  বুলি  
গান্ধী-ভলণ্টিয়াৰক  চল চাই   নাকনি-কাননি 
কৰিছিল–সেই সময়তে ওপৰটেমেৰাৰ  কমলা
মিৰি  আৰ
n ¸ বলোৰাম চেক্ৰেটেৰীয়ে  স্বধীনতাৰ 
হকে
,   আৰু 
কানি বৰবিহৰ  বিৰুদ্ধে  যুঁজ 
দিয়া  নাছিলজানো/  সেইখন গাৱঁৰে বেপুঙে   সমগ্ৰ গোলাঘাটৰ  কংগ্ৰেছৰ 
ভলণ্টিয়াৰ  বাহিনীক ‘কমাণ্ড’ দিছিল৷
ওপৰটেমেৰাৰ  কুলা
, থুপুৰ, অতিৰাম, কচু, কৰ্দিক, ধনাম, বুঢ়া, নদীৰাম, জাৰ্মান– 
পাঠৰিৰ  মালীধৰ– মেদক গাৱঁৰ   বিক াৰাম বুঢ়া  আৰু জীয়েক প্ৰমীলা– নৈ-গাৱঁৰ অতীন
, অতৰাম, চেনিচন– আমাৰ এই   বংকোৱালৰ  বেজীয়া– ধনশ্ৰীৰ শম্ভ³ মিৰিৰ  
দৰে  স্বাধীনতা  যুঁজাৰুৰ 
কথা কোনে নাজানে
?   এনেহেন 
আগশাৰীৰ   মানুহৰ  এলেকাত 
হাইস্তু
¨  কিয়, আমাক  কলেজ এখনো নালাগে  জানো/ সদ্যহতে এখন  হাইস্কুলৰ হাত ধৰিয়েই উঠি  যাওঁ, 
আহক৷ ’

আৱেগত মাত থোকা-থুকি  হৈছিল 
সভাপতিৰ৷   মূখ্যমন্ত্ৰী  হে াৱাৰ পিছতে 
গোপানীথ  বৰদলৈয়ে   পৰ্বতে- কন্দৰে  গৈ 
স্বাধীনতা যুঁজাৰুৰ  খবৰ- বাতৰি
লৈছিলগৈ ৷ সেই  আপাহতে এসময়ত  একেলগে কাৰাবাস খটা ছহিদ  কমলা মিৰিৰ 
ঘৰলৈও  আহিছিল৷ গোষ্ঠীৰ আটাইবোৰ
গাৱঁৰ ৰাইজে তাতে  উজাৰ খাই পৰিছিলগৈ৷  সাক্ষাৎ মূখ্যমন্ত্ৰীক দেখা পাই  কমলা মিৰিৰ পৰিবাৰ আৰু   জীয়ৰিহঁতে –‘জে’লত একেলগে আছিল
,  আজি   বাঃবক ক’ত থৈ আহিল’   বুলি যিখন  
ৰাউচি জুৰিলে
,  সেই কান্দোনে 
উপস্থিত  সকলোৰে  চকু 
তিয়াই  দিলে৷  সেইদিনাই 
ছহিদ  কমলা মিৰিৰ  অক্লান্ত 
সহযোগী
,  বলোৰাম 
চেক্ৰেটেৰীকো  বৰদলৈয়ে  সাক্ষাৎ কৰি গৈছিল৷ পুলিচৰ  হাতত ধৰা পৰি জাত গৈ এঘৰীয়া হোৱাৰ ভয়ত পৰ্বতে-
কন্দৰে পলাই
, ত’ৰেপৰাই
সংগ্ৰামৰ নেতৃত্ব  দিয়া  বলোৰাম চেক্ৰেটেৰি  তেতিয়া শকত নৰিয়াত৷  দাংকোলাকৈহে 
বৰদলৈৰ  সন্মুখলৈ  অনা হৈছিল৷

সেই 
অধ্যায়
, স্বাধীনতা
যুঁজাৰুৰ  পৰিয়ালৰ  মৰ্মন্তুদ বেদনা   জাকৈত উঠা মছন্দৰি-খলিহনাৰ দৰে  গোষ্ঠীৰ 
সোঁৱৰণতি  চটফটাই থকা
নাছিলজানো/ 

উজনি বংকোৱাল, মাজ বংকোৱাল,  কলাবাৰী বংকোৱাল,
কাঠনিবাৰী বংকোৱাল —
চাৰিটাকৈ   চুবুৰীৰে    বিয়াগোম 
বংকোৱাল গাওঁ৷  একোটা চুবুৰীয়েই   একোখন 
গাঁৱৰ  সমান৷  চুবুৰীয়ে প্ৰতি  এশ-ডেৰশ  
জখলা৷ মিপাগে চাংঘৰৰ হিচাপত কলেও  
গোষ্ঠীয়ে  জখলাৰে  জোখ 
লবলৈহে   সুচ ল পায়৷ বোলে  কাঠনিবাৰী বংকোৱালৰ  এশ 
জখলা৷ অৰ্থাৎ
, এশটা   চাংঘৰ ৷ 
মুখ বাগৰি  চলি অহা প্ৰবাদ মতে   গোষ্ঠীৰ 
এইটি  ফৈদে  সৌ 
তাহানিতেই  উত্তৰপাৰৰ  পৰ্বতৰ 
আদিগোষ্ঠীৰ  ভাই- ককাইৰ সতে  বিবাদ লাগি  
যেতিয়া  ভৈয়ামলৈ নামি আহিছিল
,
তেতিয়া  বুধি 
কৰি  বাটেৰে  নাহি 
কচুৱনিয়েদিহে  খোজ   লৈছিল
,  আৰু  ঘপিয়াই  
কচুবোৰ কাটি  থৈ আহিছিল৷ কচুগছ  সোনকালেই 
শুকাব আৰু  পিছে পিছে খেদি অহা  গিয়াতি-ভায়ে 
ভাবিব– বিবাদ লগা  ভাই-
ককাইহঁত   বহুদিনৰ আগেয়েই   ভৈয়ামলৈ 
নামিল৷  তেতিয়া   সিহঁতে আক্ৰমণ  কৰিবলৈ খেদি 
নাহি  উভতি যাবগৈ৷ আহি  আহি 
সিহঁতে  নৈ এখন পালে৷   বংকোপ 
নামৰ  সেই  নৈৰ পাৰতে 
কিছুদিন জিৰণি লোৱাৰ বাবেই হেনো ফৈদৰ 
নাম   বংকোৱাল হ’ল৷  আৰু এটি 
মুখ বাগৰা  প্ৰবাদ আছে৷   ৰজাৰ তলত 
থকাৰ সময়ত এনিশা  আপং  খাই  
শতৰুৰ  বিৰুদ্ধে  যুঁজিবলৈ 
যাবলগীয়া  হ’ল৷  বাটতে এখন নৈ৷ ৰছী বান্ধি  নৈখন পাৰ হওতে আপঙৰ নিচাত  শতৰু 
বুলি  ভাবি  গিয়াতিকেই  
কাটি থৈ আহিল৷  বংশ  কটা ফৈদ 
বাবেই  হেনো  বংকোৱাল নাম পালে৷  

ৰজাৰ সতে, কাষৰীয়া 
জাতি-ভাইৰ  সতে মিতিৰালি কৰি  চলিবলৈকে 
গোষ্ঠীয়ে নিজৰ  ভাগৰ  কিছু এৰি দিলে ৷ কিছু  নহয়
, সৰহকৈয়ে  এৰি দিলে৷  পোনতেই  
এৰি দিলে   আইৰ  মুখৰ 
ভাষাটো৷ গোষ্ঠীৰ  নিজা ভাষা
এৰি  চুবুৰীয়া জাতিগোষ্ঠীৰ   ভাষা কোৱা 
বংকোৱালবাসীৰ মুখৰ মাতষাৰ সেয়েহে  
হেনা- হুচা
, নিজৰ  ভাষাৰ গন্ধ থকা  এটি 
মিঠা আৱেশ তাত  লাগি  থাকে৷  
শুনিবলৈকো শুৱলা৷  মিপাগৰ বিহুকেইটা
,
কিছু  নিয়ম 
গোষ্ঠীৰ  ভিতৰুৱা  হ’ল৷ আকাশৰ পঃল  দেৱতাৰ  
বুকুৰ  তুলসীপুলি আৰু হৰিণাৰ  সাধুটোও ভিতৰুৱা  হ’ল৷ 

প্ৰবাদপ্ৰতিম 
শিশুৰাম  পেগু কৰ্ম-তৎপৰ  মানুহ৷ দেশে 
স্বাধীনতা পাই   ধীৰে – ধীৰে  আগুৱাইছে৷   
চাৰিওফালে উচাহৰ ঢল৷  সুযোগ
বুজি  নৈ-মুখত বাস কৰিবলৈ ভালপোৱা গোষ্ঠীক আগুৱাই  নিবলৈ 
তেওঁ  অলেখ  আঁচনি কৰিছে৷ 
ধনশিৰিপৰা  উজাই   বৰনৈ
, গেলাবিল  আৰু দিচৈৰ পাৰ শুৱাই   লানি 
লানিকৈ এইবোৰ  গোষ্ঠীৰ  গাওঁ – ৰুহিতা
,  বৰবালী, বকুলী, অফলা, লহৰা, কেমেৰী, বৰটিকা, ৰি ৰি, 
মাজ দলপা, গুটুং, 
নৈ গাওঁ [নাম
টেমেৰা]৷  বংকোৱালৰ   আগত 
বৰবালি
,  ভলুকাগুৰি,  কেমেৰী৷   একোখন 
গাওঁ
,  পিচফালে  
গাৱঁৰ  বিশাল  খেতিপথাৰ
, তাৰপিছত 
আৰু  একোখন  গাওঁ৷ 
গাওঁ মানে  যৌথ  পৰিয়াল একোটাৰ   ত্ৰিশ-ছল্লিছজন  সদস্যই   
বাস  কৰা
,   এশ  বিছ 
হাত পৰ্যন্ত   দীঘলকৈ   বিয়াগোম 
চাংঘৰৰ   লানি৷  প্ৰতিটো চংঘৰৰ ভিতৰত তিনি-চাৰিখন মে’ৰাম৷
শণ  খেৰেৰে  চালেৰে গপচ৷  
ঘৰে প্ৰতি তিনি-চাৰিটাকৈ  শইচৰ  ভঁৰাল৷

খেতি কৰিবলৈ 
সাঁৰিয়া মাতিব লাগিব
,  দহতৰপীয়া 
চাংঘৰ সাজিবলৈও  সাঁৰিয়া মাতিব
লাগিব৷  হালবোৱা-ৰোৱা-তোলা  কৰিবলৈ হলে
, চাংঘৰ 
সাজিবলৈ  হলে  গিৰিহঁতে পঃৰ-আপঙৰ কলহ  ভাঙি 
গোষ্ঠীক   এঁসাজ খুৱাই  দিলেই  
হ’ল৷  ডেকাবোৰে  উজাৰ 
খাই  আহি  কাম 
কৰি দিয়েহি ৷ এয়াই  সাঁৰিয়া মতা৷
মাৰি-মৰক   বুলিবলৈ  প্ৰায়  
নাই৷ চাং তলেৰে  বৈ  যায়  
নৈৰ  জুৰণীয়া  বতাহ৷ 
বেমাৰ-আজাৰ  উৰুৱাই  লৈ 
যায়৷ ইখনি  গাৱঁৰ কাবানৰ   সুৰ 
বতাহত  উটি  সিখনি গাওঁ পায়৷  চাঙৰ 
তলত আগফালে  তাঁতশাল
, পাচফালে গৰু- গাহৰিৰ  ঠাই৷ 
পথাৰত  বিধে বিধে  আহু – শালি- বাও ধানৰ খেতি৷  ইপাৰ- সিপাৰ জুৰি  খৰালিৰ  
মাটিমাহ- সৰিয়হ-আলু-কচুৰ খেতি৷ 
নৈ-খাল- বিলত  জাকৈ মাৰিলেই   জাক পাতি 
উঠি  আহে  মাছ৷ কিমান খাবা৷ নামচিঙৰ আ
?ালৈ 
কিমান শুকুৱাবা৷   খেতিৰেও ধনী
,
পইচাৰেও ধনী ৷  মিপাগৰ গাওঁবোৰেও  সমীহ 
কৰি চলে৷ 

কেমেৰী  নৈ-মুখৰ গাওঁ৷    বংকোৱালৰপৰা 
বৰনৈলৈ   খোজেৰে  পাঁচঘণ্টাৰ 
বাট৷ বৰনৈৰ   এটি  দুটি 
সুঁতি   এইফালেও  বৈ 
গৈছে৷  কেমেৰীৰ সিপাৰে  নৈৰ মূল 
সুঁতি  পাৰ  হৈয়ে 
লুইতমুখ৷ মথাউৰিটোত  উঠিলেই   উত্তৰপাৰে সেয়া গহপুৰ৷  লুইতমুখৰে 
সৰু সঁুতি এটাৰ  দাঁতিত  লহৰাচাপৰি৷ চাপৰিৰ  সিপাৰে দক্ষিণ- পশ্চিম মাজুলীৰ  শেষৰ 
দুখনকৈ গাওঁ – কাচিকটা
,  মৰাইডুবি৷ 
তাৰ  আগলৈ  মাজুলীৰ 
এছেৰাকটা
, মহৰিচুক- এনেকৈ
গোষ্ঠীৰ  গাওঁবোৰ ৷   নৈ
, নৈৰ সাৰুৱা  অৱবাহিকা, জুৰণীয়া বতাহত 
নিৰহ- নিপানী গোষ্ঠীৰ  বৰণীয়া  কৃষ্টি৷ খৰালি 
খোজেৰেই   ইফাল-সিফাল  ঘূৰে৷ 
বাৰিষাহে নাও৷

সেই   
বংকোৱালকে কেন্দ্ৰ কৰি  যেতিয়া   হাইস্কুল 
পতাৰ  কথা  ওলাল
, তাকো  গোষ্ঠীৰ  নাম 
উজলাই  থকা  প্ৰশাসনিক 
বিষয়াই  লুংলুঙীয়া  বাটেৰে 
হাতীৰ পিঠিত উঠি  আহি স্বয়ং ঘোষণা
দিলেহি
, গোষ্ঠী
তাতেই  উজাৰ খাই  নপৰিলজানো/ সেই নিশা  চৰকাৰী মিপাগসকলক লৈ  বৰচাহাবে গাঁৱতে খপিলে৷  ৰাইজে 
জোনাক নিশা  মুৰংঘৰৰ বাকৰিত ভোজ-ভাত
খাই
, পঃৰ-আপঙৰ নিজৰা বোৱাই,
গুমৰাগৰ নাচোনৰ  ঠেওৰে 
কাঠ- বাঁহ- খেৰৰ  দহতৰপীয়া  চাংঘৰ তল-ওপৰ কৰি   পাহৰিব নোৱাৰাকৈ বৰচাহাবক  মন যোগাই দিলে৷

তাৰ পিছৰচোৱা
কাল  আছিল চকুৰ  পতাৰ 
কাৰপুমপুলি  সপোনটোৰ দৰে ৷
পকাখুঁটাৰে  কেন্সি- বাটামৰ  হাইস্কুল 
উঠিল
, পশুপালন কেন্দ্ৰ
উঠিল
, স্বাস্থ্য-উপকেন্দ্ৰ  উঠিল, বলখেলাৰ ফিল্ড উঠিল,  নাট্যমন্দিৰ উঠিল৷  উপ-ডাকঘৰ এটাও 
হ’ল৷  বংকোৱাল যুৱ সংঘ
, অপৰাজিতা শিল্পী গোষ্ঠী  গঠন হ’ল৷ 
নাট্য মন্দিৰতে  দুম্‌পাগ  লইঙৰ 
একাংকিকা  নাট ‘মন জুই’ৰ  আখৰা হ’ল৷ 
প্ৰদৰ্শনী হ’ল৷ বাৰ্ষিক 
সমাৰোহবোৰত  অলেখ পুৰস্কাৰ  বুটলিলে৷ 
গোষ্ঠীয়ে  বুজিলে
,    দুম্‌পাগৰ
মগজু  আন 
বহুতৰ  দৰে কণ গেলা নহয়
, সি  সোণ
ফলোৱা কঠিয়াৰ সঁচ৷  এনেকৈয়ে  আইৰ 
মুখৰ  ভাষাটো   এৰি 
অসমীয়া ভাষাক   বল  দিবলৈ 
ভোগালী সময়ৰ সোণোৱালী  বুকুৰে  উঠি 
আহিল গোষ্ঠীৰ  এজাক  নাম
;লা কবি- সাহিত্যিক- সাংবাদিক৷ ফুটবল, ভলীবলৰ  প্ৰসিদ্ধ  খেলুৱৈ৷ 
দূৰ-দূৰণিৰ  গাৱঁৰপৰা  খৰালি 
শুদা  ভৰিৰে   মাজৰা-বিৰিণাৰে ভৰা  চাপৰি 
আৰু   সুঁতিবোৰ  পাৰ  হৈ
,  বাৰিষা  নাৱেৰে উজাই- ভটিয়াই  ল’ৰাবোৰে 
বংকোৱাল   হাইস্কুলত  ৰং মনে শিক্ষা ল’লেহি৷  

ভাটিৰ 
ৰজাঘৰীয়া  ভকতচাপৰিৰ  ঘটনাটোৰ পিছতে 
ভৰা যৌৱনত  দুম্‌পাগে  নতুনকৈ গঠন হোৱা  টাকাম মিচিং পৰিন কেবাঙৰ    সাংগঠনিক 
নেতৃত্ব দিওতে
, মিচিং আগম কেবাং,
দৃৰবৃ  কেবাং, বাঃন’ কেবাঙৰ  সভাবোৰত  ইঠাই-সিঠাই 
টহলি ফুৰোঁতে   গোষ্ঠীৰ এই   গাওঁবোৰ 
খোজেৰেই  মহতিয়াই  অহা 
নাই  জানো/   প্ৰতিখন 
গাৱঁৰ  মানচিত্ৰ
, পথাৰ, 
লুং-লুঙীয়া  বাট, চাপৰিবোৰ–  কা বান, অইনিঃতম 
আৰু  বোকোচাত কেঁচুৱা বান্ধি  কামত 
ভৰত বেঁকা হৈ  যোৱা মাকবোৰে   নিচুকাবলৈ  
গোৱা  কাঃনিঃনামৰ  সুৰবোৰ 
মগজুৰ দ’লৈকে পোত খাই যোৱা 
নাই  জানো/

গোষ্ঠীৰ 
স্বাধিকাৰৰ হকে এঘড়ী যুঁজিবলৈ 
দুৰ্মদ হৈ উঠিছিল সি৷

নিজৰ 
হাতেৰে  গঢ়িছিল৷  চকুৰ 
সন্মুখত  দেখিছিল  নৈপৰীয়া 
ভোগালী মাটিত  গঢ়  লৈ উঠা সভ্যতাৰ ধাৰ৷  শৈশৱৰ 
চকুৰ পতাত  লাহ  দিয়া বৰণীয়া সাধুৰ  সমৃদ্ধি ৷ উতলা  সপোন৷ পুৰণিৰ ভেটিত  নতুনে গঢ় লৈ উঠাৰ  শিহৰণ৷ 

লাহেকৈ সোমাই  
আহিছিল  তৰাৱতী৷  তায়ো যেন এখনি ৰঙিয়াল  নৈ৷ 
নিজানে আহে৷  ভৰা নৈৰ  দৰে 
বাঢ়ে ৷ নিজতেই  বিভোৰ৷  মনত 
পৰে  তাৰ৷ শৰীৰ  জিকাৰ খাই উঠে৷  জোনাক 
নিশা  মিৰিজিমৰ উমৰ  তলত 
চাংঘৰৰ  বাঁহৰ  চচালি কেৰ্‌কেৰাই  উঠিছিল৷ তপত নিশাহ
,  যৌৱনৰ  খিকিন্দালিৰ 
মতলীয়া  ৰাগী  চাঙতলেৰে  
সৰকি  নিশাৰ  বুকুত হেৰাই  
গৈছিল৷  এটি  এটিকৈ তিনিটি 
সন্তানেৰে তাৰ  বুকু  ভৰাই 
দিছে  তৰাৱতীয়ে৷  উমনিত 
বহা  কুকুৰাৰ   দৰে 
পৰিয়ালটোক  বুকুৰ  উম দিছে৷ 
ল’ৰা-ছোৱালীক খুটি  খাবলৈ
শিকাইছে৷  কাকো নষ্ট  হবলৈ 
দিয়া  নাই৷  তাক সামাজিক 
কামলৈ  আগুৱাই  দিবলগীয়া হওতে 
ঘৰুৱা  কামৰ বোজাত মানুহজনী  উমনিত 
বহা কুকুৰাৰ  দৰেই  জঁয় পৰি 
যোৱা নাই  জানো/ 

আজন্মৰ 
বংকোৱালখনি  নৈয়ে সামৰি  লোৱাৰ পিছত 
কোনোমতে মথাউৰিত  পৰিয়ালটোক  থিতাপি 
লগাই   লগৰ  কিছুমানৰ 
সতে সি  বিজুলী ৰিজাৰ্ভত মাটি  ভাঙিছিলগৈ৷  
চুবুৰীয়া-সমনীয়া  নৈ-ভগনীয়া
গোষ্ঠী  একঠা  মাটি 
বিচাৰি  দিহিঙে- দিপাঙে গুচি গ’ল৷  কোনোজন পালেগৈ 
জাগুণ৷  কোনোজন মেৰাপানীৰ
গমাৰিগুৰি৷ কোনোজন সৰু-পথাৰ
,   বৰ-পথাৰ, পাণবাৰী৷ 
বিজুলী ৰিজাৰ্ভত  মাটি ভঙাৰ  জগৰত সিহঁতে জে’লো খালে৷  জে’ল 
খোৱাৰ পিছত  নুমলীগড়ত  ৰাজআলিৰ ওপৰতে ডাঙৰকৈ  অৱস্থান ধৰ্মঘট হ’ল৷  চৰকাৰে 
দয়া কৰি পৰিয়ালকেইটাক এবিঘাকৈ  মাটি
দিলে৷  পাচে  খেতি কৰিবলৈ 
মাটি   নথকাত মানুহবোৰ  বিমোৰত পৰিল৷ মাটি  নাথাকিলে 
কৃষিজীৱি ৰাইজে কি  কৰি খাব
?  ভাগে  ভাগে  
মথাউৰিলৈকে  উভতিল৷  দু্‌ম্‌পাগো উভতি আহিল৷ সেই   নাজল-নাথল 
অৱস্থাতো ‘ বান- গৰাখহনীয়া প্ৰতিৰোধ আৰু  
সুৰক্ষা সমিতি’ পাতি  সি  খহনীয়া ৰোধ 
কৰিবলৈ  কমখন যুঁজ  দিছেনে/ নৈয়ে 
মূল  মথাউৰিটো   সামৰি লোৱাত 
গোষ্ঠীয়ে    পিচুৱাই   আহি  
কৃষিবান্ধটোকে সাৰথি  কৰি থিতাপি লবলগীয়া   হ’ল৷ 
সেই  কৃষিবান্ধটো টনকিয়াল  কৰি 
মূল  মথাউৰিলৈ  উন্নত কৰিবলৈ সি   কমখন 
ৰণ  পাতিছেনে/  

জীৱনৰ অত 
হাহাকাৰতো  হাতৰ  কলম 
এৰা  নাছিল৷  কাকতত 
‘বংকোৱালঃ  বৰনৈৰ বুকুত  বহুতো 
স্মৃতি হেৰাল ’  বুলি  ধাৰাবাহিক শিতান  লিখিছিল৷ দেশ-বিদেশৰ  সাংবাদিক
, গৱেষকৰ দলৰ হাত  ধৰি ক্ষেত্ৰ-অধ্যয়ন কৰোৱাই  দিছিল৷ মথাউৰিত পাতিছিল কবি-সন্মিলন৷ কিবা এটা হয় যদি হওক৷  স্মাৰকপত্ৰবোৰে দ’ম বান্ধিছিল৷ অৰঙে-দৰঙে ঘূৰি ফুৰোঁতে বোকাখাতৰ বিটলীয়া সাংবাদিকৰ দল এটাই খোজাত কাগজ-পত্ৰৰ ফাইলটো  তৰাৱতীয়ে সৰল  বিশ্বাসেৰে 
সিহঁতৰ  হাততে তুলি  দিলে৷ সেই  ফাইল সি আৰু ঘূৰাই নাপালে৷ ন’হলে  বংকোৱাল হেৰাই 
যোৱাৰ   ইতিহাস লৈ এখন  কিতাপৰ 
পৰিকল্পনাই  আছিল  তাৰ৷  সেই  দুখতে কলম  সামৰি 
থৈ  দি’লে৷

সেই দুখে তৰাৱতীক দহে৷ তথাপি তাই  হাৰ মনা নাই৷ ‘মেম’ৰিতো  দেউলিয়া হোৱা নাই যেতিয়া কথাবোৰ   লিখি 
উলিয়াব  লাগে আকউ
, হেলা কৰিবলৈ 
নাপায়’   বুলি  শুনায়ে  
থাকে৷   ভৰা  বৰনৈৰ 
বুকুত  তাই   মানুহটোৰ সতে নাৱৰ  ব’ঠা ধৰে৷  চাপৰিৰ 
চাংঘৰ
, মথউৰিৰ
চংঘৰৰ  মাজত  দিনৰ 
দিনটো  উজনি-ভাটি  কৰে৷ মথাউৰিত থাকিয়ে তিনিবাৰকৈ ঠাই 
সলাবলগীয়া হোৱা বংকোৱাল  হাইস্কুলত 
আৰু পিছত  কমাৰগাওঁ  কলেজত তিনিওটি  সন্তানক 
তাই  সন্মানেৰে  পাচ কৰাই আনিছে৷ডাঙৰটিয়ে  আইন পাচ কৰি  বাহিৰতে সংস্থাপিত হ’ল৷ জীয়ৰীক 
শিক্ষকলৈ উলিয়াই  দিলে৷ তায়ো
চাকৰিৰ  চেষ্টাতে আছে৷  নুমলীয়াটোৰ 
গতি   লাগিলেই  লেঠা শেষ৷ 
কাৰো কাষত  হাত পতা  নাই৷  
ধাৰ- ঋণ কৰা  নাই৷ ঘৰ- মাটি
হেৰুৱাই   মথউৰিত উঠাৰ পিছত পোনতে  আধিয়াৰ হিচাপে খেতি  কৰি
, 
ধীৰে ধীৰে পইচা
গোটাই  ৰুপিত  মাটিও কিনি পেলাইছে৷  তৰাৱতীৰ লাৱণী হাতে  দুখ-বেদনা-হাহাকাৰ   টানি লৈ গৈছে৷

সৌ- সিদিনা আগ শাওণৰ  বানত 
বৰনৈৰ  বুকুত হেৰাই  যাবলৈ ওলায়ো নল-খাগৰিৰ মাজৰপৰা  কঁকালত টাহ্‌ 
মাৰি ধৰা দুম্‌পাগক  তায়েই  উদ্ধাৰ কৰি অনা নাই  জানো/

জোঁৱায়েকৰ 
ঘৰৰ  বিছনাত  পৰি  
খাঙৰ  ভিতৰৰ  পাখি কোবাবলৈ নোপোৱা  কুকুৰাজাকৰ  
দৰে   দেদাউৰিয়াই   উঠে 
দুম্‌ পাগ৷

    …    …

সন্তৰ্পণে 
আহিছিল নৈ৷  যেতিয়া কেমেৰী
গাঁৱৰ  পদূলিবোৰৰ তামোল- নাৰিকল-
কলপুলি  বৰনৈয়ে  লৈ গৈছিল কোনেও তালৈ মন দিয়া   নাছিল৷ ভঙা-গঢ়া নৈৰ চিৰন্তন খেল৷ তাৰ  মাজতেই গঢ়ি উঠা  গোষ্ঠীৰ 
কৃষ্টি ৷   ভয়  কৰিবলগীয়া কি 
আছে/ অলপ পিচুৱাই নৈৰপৰা 
নিলগাই  বহিলেই  হ’ব৷ 
ক্ৰমঃ ক্ৰমঃ কেমেৰী
, কেমেৰীৰ  শইচৰ পথাৰ সামৰি  যেতিয়া 
নৈ বৰবালি
,  ভলুকাগুৰি 
পালেহি
, তেতিয়াহে   খহনীয়াৰ 
গতি কোবাল  হবলৈ  ধৰিলে৷ 

আশীৰ 
দশকৰ  শেষত  আহিল 
কাহানিও নেদেখা  বান৷  গাওঁ হেৰুৱাই 
সমূহ  ৰাইজ  মথাউৰি পালেগৈ৷  খেতিৰ মাটি 
এচিকটাও  নাথকিল৷ ধনে-ধানে গপচ
পৰিয়ালবোৰ  আধিয়াৰ  হবলৈ
, দিন-হাজিৰা  কৰিবলৈ  বাধ্য 
হ’ল৷  হেন সময়তে  এবাৰ  
মাজুলীৰ জেংৰাইমুখত   টাকাম মিচিং
পৰিন কেবাঙৰ  বাৰ্ষিক  সমাৰোহ  
অনুষ্ঠিত  হওক৷ কি জানো ভাৱনাত
,  ত’ৰেপৰাই  বৰনৈৰ 
বুকুৰে   উভতিবলৈ  মন  গ’ল  তাৰ৷ জেংৰাইমুখৰপৰা  ইগাঁও -সিগাঁও 
কৰি   খোজেৰে  খাবলুঘাট পালেহি৷  গধূলাবেলা 
নাৱৰ  যোগাৰ  কৰি 
বৰনৈত   পাৰি  দিলে৷

আকাশত পঃল দেৱতাৰ  নাচোন৷  
তলত  বৰালি  মাছৰ 
বুকুৰ   দৰে নৈ৷  নাচনী সোঁত৷ ভটিয়নী যাত্ৰা৷  ওপৰৰ 
তৰাবোৰ  যেন  নিয়মৰসনা 
গছিধানৰ  থোক ৷  ৰাক্ষসৰ ভয়ত 
পলাই   ফুৰা  কাৰপুমপুলিক 
সিদিনা সি  নেদেখিলে৷  ওৰে 
নিশা   জোনাকত  নাও 
বাই  পুৱা  বংকোৱাল 
পায়হি   মানে  সি 
অনুমান কৰিলে  বৰনৈৰ  গতি 
এইচোৱাত  পূবা- পি
¸(মা হবলৈ 
এৰি  উত্তৰা-দক্ষিণা  হৈছে৷ 

বুকুত 
কঁপণি   উঠিল৷ বুজিলে
,  খহনীয়া  প্ৰবল 
হ’ব৷  উপায়
? 

কেমেৰীৰপৰা বংকোৱাল পাবলৈ  নৈয়ে 
বাৰটা বছৰ  ল’লে৷ কিন্তু   মথাউৰিটো নিয়াৰ  পিছত দুটা বছৰতে  বংকোৱাল
, মাজ- দলপা গাওঁ  প্ৰবল 
গতিৰে  জাহ গ’ল৷  উটি ূ গ’ল 
গাওঁ৷  শিশুৰাম  পেগুৰ 
প্ৰচেষ্টাত  হোৱা  বংকোৱাল 
হাইস্কুলৰ পকীঘৰ
, নাট্য মন্দিৰ,
উপ-ডাকঘৰ৷

তাহানি ৰজাদিনীয়া ভকতচাপৰিৰ দখল  কাঢ়ি লোৱা 
চেকেণ্ড চীফ আত্মসমৰ্পণ  কৰি   বিয়াগোম  
ঠিকাদাৰ৷  প্ৰশাসন যেন  তাৰেই 
হাতৰ  মুঠিত ৷  গোলাঘাট জিলাখন গঠন হোৱাৰ সময়তে ‘বান আৰু
খহনীয়া প্ৰতিৰোধ আৰু সুৰক্ষা সমিতি’য়ে   
প্ৰথমজনা  উপায়ুক্ত  ত্ৰিপাঠি 
ডাঙৰীয়াক  মাতি  আনি দুম্‌ পাগ সহিতে ৰাইজে  খহনীয়াৰ এলেকাবোৰ  দেখুৱাইছিলহি৷ 
গাওঁবোৰৰ  জৰীপ হৈছিল৷  তেতিয়াও 
ভলুকাগুৰিৰ এচোৱা নৈ’ত জাহ  যাবলৈ
বাকী৷   বৰটিকা
,  বংকোৱাল নৈৰ  স্পৰ্শৰ বাহি ৰতে আছিল৷ দিচপুৰ পৰ্যন্ত  গৈ 
স্মাৰকপত্ৰ  দিছিলগৈ৷  পাচে
, 
সকলো  হ’লগৈ ফু টুকাৰ ফেন৷ 

সকলো মানুহ 
হূদয়হীন নাছিল৷ বোকাখাতৰ ৰাজহ-চক্ৰ বিষয়াগৰাকীয়ে তাৰে সৈতে  নাৱে নাৱে গৈ
, চাপৰিয়ে চাপৰিয়ে খোজকাঢ়ি  মানুহৰ খবৰ- বাতৰি লৈ ফুৰিছিলগৈ৷ গোষ্ঠীৰ  দুখে 
মানুহজনৰ অন্তৰ  দহিছিল ৷  নব্বৈৰ 
দশকৰ  আগচোৱা৷   চৰকাৰে 
উগ্ৰপন্থীৰ বাবে আত্মসমৰ্পণৰ খেলা 
উলিয়ালে৷ লাখ  লাখ টকাৰ টোপ৷
নিশাটোতে  উগ্ৰপন্থী  সাজি 
নিশাটোতে  আত্মসমৰ্পণ কৰা এদেলা
ওলাল৷ আত্মসমৰ্পণকাৰী আৰু  চৰকাৰ  একাকাৰ 
হৈ পৰিল৷   খহনীয়া ভেটিবলৈ অহা  টকা 
সোমালেগৈ  আত্মসমৰ্পণকাৰী
উগ্ৰপন্থীৰ জেপত৷

–‘কি কৰিব লইং ডাঙৰীয়া, হওতে আমি হলোঁ ৰাইজৰ সেৱক৷ তথাপি মন থাকিলেও কাম কৰাৰ উপায় নাই’- তেওঁ দুম্‌পাগক কৈছিল৷

-‘তেনেহ’লে আমি এই আত্মসমৰ্পণকাৰী দানৱটোৰ সন্মুখত মূৰ তল কৰি জীয়াই থাকিব 
লাগিব নেকি
?’ —  উষ্মাৰে সুধিছিল সি৷

-‘লইং ডাঙৰীয়া, প্ৰয়োজন হ’লে মূৰ তল কৰিও জীয়াই থাকিব লাগিব৷দেখিছে নহয়, প্ৰশাসন সিহঁতৰ  কবলত৷ বাধা দিলেই নিশা আহি গুলীয়াই 
থৈ  যাব৷ আপোনাৰ  চিন-মোকাম নোহোৱা কৰি দিব৷’ 

-‘দেশত আইন-কানুন নোহোৱা হৈছে৷’

-‘চৰক াৰী চাকৰি কৰোঁ৷ সিফালে  ৰাজকোষত টকা নাই৷  পাঁচ-ছমাহৰ মূৰত  দৰমহা পাওঁ৷ তাৰো এফাল উগ্ৰপন্থীলৈ কৰ হিচাপত
দিব লাগে৷ ৰাইজৰ  উন্নয়নৰ বাবে অহা  টকা 
সোমায়গৈ  আত্মসমৰ্পণকাৰী
ঠিকাদাৰৰ  জেপত৷   বুজিছেতো
, এয়াই 
দেশৰ  অৱস্থা৷’

লাগি- ভাগি 
বান-ভগনীয়া গোষ্ঠীয়ে  থাউনি
লবলৈ বৰতল  চাৰিআলিত পকীকৈ  ‘হাইলেণ্ড প্লেটফৰ্ম’ এখনকে সজা হ’ল যেনিবা
, তাতো মানুহলৈ  ঠাইৰ নাটনিহে হ’ল৷

বিজুলী ৰিজাৰ্ভৰ ঘটনাটোৰ পিছত মথাউৰিলৈ উভতি আহি 
আধিয়াৰ  খাটি আনৰ  মাটিত খেতি কৰি ভাত উলিওৱা অৱস্থাতো সি  যুঁজখন এৰি 
দিয়া  নাছিল৷  দমৰা-গাহৰি বেচি তৰাৱতীয়ে ল’ৰা-ছোৱালীৰ স্কুলৰ মাচুলো দিছিল
, ৰুপিত  মাটি  
কিনিবলৈও দুটকা সাঁচিছিল৷ 
দুৰ্দিনত  গোষ্ঠীৰ  ল’ৰা- ছোৱালী মথাউৰিৰ  বাহিৰ ওলাল৷ 
পঢ়া-শুনা  আধাতে এৰি কাম বিচাৰি অৰঙে-দৰঙে গ’ল৷  বহিঃৰাজ্যত চিকিউৰিটি গাৰ্ড
, কোম্পাণীৰ চাকৰি  কৰিলেগৈ৷
ছোৱালীবোৰলৈও  তাৰেই   বিউটি পাৰ্লাৰ
, হোটেল, মানুহৰ  ঘৰত ৰান্ধনি  কাম  
কৰাৰ  সুযোগ ওলাল৷  গোষ্ঠীৰ 
চাৰি-পাঁচদিনীয়া  পঃৰাগ উছৱ  বাদেই
, 
এদিনীয়াকৈ পতা আলি-আয়ে-
লিগাঙত গুমৰাগৰ চেও দিবলৈকো  ডেকা-ডেকেৰী
নোহোৱা হ’ল৷ দিনে পোন্ধৰ-ষোলঘণ্টাকৈ 
হাড়ভঙা  পৰিশ্ৰম কৰি
,  টকা- পইচা
সাঁচি  কিছুৱে 
×ভতি মাটি কিনি  ঘৰ সাজিলেহি৷   কিছু 
ত’তেই   ৰ’ল৷  গোষ্ঠীৰ জীয়ৰি 
মিপাগলৈ   গ’ল
, মিপাগৰ 
জীয়ৰি  গোষ্ঠীত সোমাল৷ পৰম্পৰাত
ঘূণে  ধৰিলে৷  দূৰ দেশত 
হোৱা অচিনা বেমাৰ
,  দূৰ্ঘটনাতো 
বহু  হতভগীয়া  ঢুকাল৷   
গোষ্ঠীয়ে  সকলোকে আপোন  বুলি 
সামৰি  ল’লে৷

বছৰচেৰেকৰ পিছত   যেতিয়া  
নৈয়ে   সামৰি লোৱা গাওঁবোৰত   চাপৰি ওলাল
,  গোষ্ঠীৰ   মুখত হাঁহি 
বিৰিঙিল৷  শুকান বালিত    মজৰা-বিৰিণা 
গজি  মাটি  সু্‌স্থিৰ 
হোৱালৈকে  বাট  চালে৷ তাৰপিছত এদিন  দুম্‌পাগৰ নেতৃত্বত হাতে  হাতে দা লৈ 
মতা-মাইকী লগ  হৈ   মাটি খুলিবলৈ 
ওলাই   গ’ল ৷   সহজ 
কথা নাছিল৷  বাঁহনিৰ সমান ওখকৈ  মাজৰাবনৰ জোপা৷ তেনে জোপাৰ ভিতৰতে   হাতীৰ 
বিয়াগোম  জাক  এটা সোমাই 
আছিল ৷   দূৰৈৰপৰাই   গণি 
চাই  দেখিলে  দঁতাল- মখনা- মাখুন্দী- পোৱালি  সহিতে 
দুকুৰি  পাঁচোটা৷  হুৰাই 
দিলেও যোৱাৰ  নাম   নলয়৷ 
শেষত গোষ্ঠীয়ে  হিন্দুৰ  প্ৰথা 
মতে  গণেশ  বাবাৰ পূজা কৰি
,  নাম- কীৰ্তন
গাই   সুঁতিৰ  পাৰত 
মাহ- প্ৰসাদৰ পাত   দিলেগৈ৷   তেহে 
বোলে  তেৰাসৱ  ওলাই 
যাৱক৷   পাচে চেগা-চোৰোকাকৈ চাপৰিলৈ
কাজিৰঙা হাবিৰ  গঁড়
,, পহুৰ জাক, বনৰীয়া গাহৰি, হাতীৰ জাক একোটা  ওলাই 
নহা নহয়৷

সেয়েহে  
গোষ্ঠীয়ে বুধি কৰিলে
, বোলে  মাটি খুলি 
চাপৰিত  সৰহকৈ  মানুহ 
আহি  থাকিবলৈ লোৱা যাওক৷ তেতিয়া বনৰ
জীৱ বৰকৈ নাহিব৷  চৰকাৰৰ  ঘৰত 
মাটিৰ  খাজনা  দি 
মথাউৰিৰপৰা  এটি  দুটিকৈ চাপৰিত সেৰেঙাকৈ  চাংঘৰ 
সাজিবলৈ ধৰিলে৷ মূল চাংঘৰ  মথাউৰিতে
থাকিল অৱশ্যে৷  বাৰিষা তল যোৱা  চাপৰিত 
নদন- বদন  মাটিমাহৰ  খেতি৷ কোনোবাই 
এচাহ   বায়
, কোনোবাই 
নোবোৱাকৈয়ে  গুটি  সিঁচে৷ 
দহবিঘাৰ খেতি কৰিলে  নাই  বুলিলেও 
নগদ ডেৰ- দুইলাখৰ উপাৰ্জন৷  সৰিয়হৰ
খেতি  কৰেগৈ  মানে চাপৰিৰ 
মাটি  শুকাই  বালিৰ দৰে হয়গৈ ৷ পূৰ্বৰ গাঁৱত কৰাৰ  দৰে 
মটৰমাহৰ খেতিও কৰিব নোৱাৰা 
হ’ল৷   তাকৰীয়াকৈ  নেমুটেঙা
,  শাক- পাচলিৰ  বাৰী একোখন 
লগাই  গোষ্ঠীয়ে   চাপৰিৰ মাটি  
পশুধনৰ  চৰণীয়া  পথাৰ হিচাপেহে 
ঘাইকৈ   ব্যৱহাৰ কৰিছে৷  মাটিমাহ 
আৰু  পশুধনেই  মূল সম্পদ৷ 

হাবিৰ 
জীৱ  তথাপি আহে৷  গঁড়ো 
আহে  সঘনে
,  মানুহবোৰ অলপ
‘চাইদ’  হৈ  দিলেই 
অজলাকে গুচি যায় ৷   পাল ফালি  ওলাই 
অহা অকলশৰীয়া  গজৰাজ  অতি  
ভয়ংকৰ৷ এনিশা হ’ল  কি
, চাপৰিৰ 
ঘৰত  দুম্‌পাগ আছিল  অকলে৷ চাৰে তিনিমান বজাতে সাৰ পাই চাহ  খাবলৈ 
বুলি সি মে’ৰামত পানী তপতাবলৈ জুই দিয়ক৷  
তেনেতে বাৰীৰ  চুকত  কলথোকাৰ কাষতে 
কিহবাই  লৰ- চৰ কৰি থকা দেখিলে
নহয়৷  চাপৰিৰ কাৰোবাৰ  খুঁটিৰ  
ম’হ  বুলি   টৰ্চটোকে
;লাই 
হুংকাৰ দি  হুৰাই গ’ল৷ পোহৰ  দেখি 
এন্ধাৰৰ  কণা-মূণাত থকা জীৱও ভয়
খাই   উলটি গ’ল৷  টৰ্চৰ 
পোহৰতহে    দুম্‌ পাগে  দেখিলে
, খুঁটিৰ 
ম’হ  নহয়– প্ৰকাণ্ড দঁতাল  এটিহে৷

ইটিয়ে-সিটিক 
দেখি ‘নাৰ্ভাচ’  হ’ল  বুলিহে
,   ন’হলে  সিদিনা 
আইধা পৰিবলৈও নাছিলজানো/

বিপদ 
জানো সিমানেই৷ বোলে- দৰিদ্ৰ 
লংকালৈ  যায়
, সাগৰ  শুকায়,  
মাণিক  লুকায়৷ ধাত- কপলীয়াৰ  দুখৰ ওৰ 
পৰিবনে/ এটা  সমাধান নৌহওতেই   আন এটিয়ে হেঁচা মাৰি ধৰিবহি৷  সৌ তাহানিৰ ৰজাঘৰীয়া  ভকতচাপৰিৰপৰা 
দুম্‌পাগক  উৎখাত   কৰা 
নেতাই   প্ৰেচাৰ ষ্ট
˜’ক হৈ 
সিফলীয়া  হ’ল ঠিকেই
, কিন্তু বিপদে  
লগ এৰা দিলে জানো/  মাটি  খোলাৰ 
সুৰুঙাৰে আপদ সোমাইহে   আহিল৷
চাপৰিৰ  মাটিয়ে সোণ  ফলাবলৈ 
লয়  মানে  বিদেশত 
ধৰা  পৰি চৰকাৰৰ  সতে 
শান্তি চুক্তি কৰি আলোচনাত বহা 
সেইটো দলৰে  উগ্ৰপন্থী নেতাৰ  সেই 
মাটিতে  চকু  পৰিল ৷  
পালি- পহৰীয়া  সমন্বিতে  বিলাসী 
গাড়ীৰ  সমদল কৰি নেতা আহি  ওলাওক৷ 
বোলে- ৰাইজ
,  আমাকো মাটি 
এভাগ  দিয়ক৷ আমাৰ সংগঠন কৰি  উভতি 
অহা  ল’ৰাবোৰেও  স্বাৱলম্বী 
হবলৈ  লাগে৷  আপোনালোকে সহায় কৰক৷  ইয়াতে 
মাহ খেতি কৰোঁ বুলি  ভাবিছোঁ৷
আপোনালোকক  প্ৰতি  বছৰে 
বিঘাই প্ৰতি পাচঁশকৈ  দিম৷

মাটিখকুৱাৰ দল৷ দেশ  স্বাধীন 
কৰিব  বুলি লক্ষ্যৰপৰা ফালৰি  কাটি 
আওবাটে গৈ
,  ভাটি 
বয়সত  শান্তি – আলোচনালৈ  উভতি আহিছে৷ 
এতিয়া  গোষ্ঠীয়ে  বহু 
কষ্টে  খোলা চাপৰিৰ   মাটি 
খাবলৈ লাগে৷ চৰকাৰ-প্ৰশাসনৰ সতে হাত-বাট কৰা মানুহ৷ পইচাৰ 
আকাল   লাগিছেনে
?  তথাপি মাটি  নিদিও 
বুলিবলৈও গোষ্ঠীৰ ভয় হ’ল৷ অমান্তি 
হ’লে  মানুহে  বিচাৰি নোপোৱা ঠাইত  দেহাটো 
হৰলুকি  কৰি  নিদিবগৈ জানো/ উপায়ন্তৰ হৈ 
মৰখকুৱাৰ  দলক  দুশ বিঘাকৈ সোণ হেন মাটি   এৰি দিবলগীয়া হ’ল৷  গোষ্ঠীৰ 
চকুৰ সন্মুখতে  সিহঁতে   বনৰ জীৱৰপৰা সুৰক্ষা দিয়াৰ নামত সৌৰ-
ফেন্সিং  লগাই   মাটি 
নিজৰফলীয়া কৰি  মাহ খেতি কৰিছে৷
গোষ্ঠীয়ে  মাটিমাহৰ খেতি  কৰে মুকলিকৈ৷ বনৰ জীৱয়ো নষ্ট কৰে
,  আকউ  কোনোবাই 
হেঁপাহতে খাও বুলিলেও  দুজোপা-
এজোপা  উভালি লব পাৰে৷ পাচে.  মাটিখকুৱাৰ দলৰ  মাহৰ খেতিত হাত লগোৱা   বাদেই
,   সৌৰ-ফেন্সিঙত  হাত দিবলৈকে ভয়  নহয়জানো/ মানুহ  বাদেই, কাৰেণ্ট লাগি  বনৰ জীৱও 
সাত হাত দূৰৈত উফৰি পৰিব৷৷

গোষ্ঠীয়ে 
বিঘাই  প্ৰতি পাঁচশ  টকাকৈ 
পালেনে
? আও, নুসুধিবা৷ বোলে, সিহঁতলৈ 
বজাৰ  মন্দা৷ এৰা৷  বজাৰ আকউ সিহঁতলৈহে  মন্দা
, গোষ্ঠীয়ে দেখোন বজাৰৰ  উচিত দামেই পায়/

ইয়াৰ 
মাজতে  উজনিৰ  মৰঙিয়ালৰ 
ফালে  বনৰজাই  গোষ্ঠীৰ এটিক টানি নিলে৷ তাতেই   গোষ্ঠী 
উজাৰ খাই  বনৰজাক গোপনে  বধি  
ন’থলেজানো/ পাচে
, সেয়াই  কাল হ’ল৷ 
গোটেইখন  ৰজনজনাই   গ’ল৷ সাংবাদিক আহিল৷   বনবিভাগ 
আহিল৷  পুলিচ  আহিল৷ হালে 
হালে সাঙুৰিলে৷  জে’লত  দিলেগৈ৷ 
 সেই সুযোগতে  চৰকাৰৰো 
চকু  গজিল৷  বাঘৰ 
সুৰক্ষাৰ  বাবে  ব্ৰাঘ্য- প্ৰকল্প উলিয়ালে৷  কাজিৰঙা হাবিৰ মাটি বহলাবলৈ কতৃপক্ষ  সাজু 
হ’ল৷ এতিয়া  আই  ধৰতকৈ
, বাই ধৰ চাৰ  নহ’লজানো/ 

    …    …

সভা 
শুৱনি
,  কৰ্মঠ 
পুৰষ  দুম্‌পাগ  লইং৷ এতিয়া  
বিছনা  লবলগীয়া হোৱাত  বতৰাটি  ৰৌজাল-বৌজাল 
হৈছে৷  ভাৰে-েভটিয়ে গোষ্ঠীৰ  মানুহে 
খবৰ লবলৈ জোঁৱায়েকৰ ঘৰলৈ  ঢপলিয়াই
আহিছে৷  মুখবোৰ শুকান৷

ফিজিঅ’থেৰাপিৰ 
ক’ৰ্চ  আৰম্ভ  হৈছিলহে 
মাথো৷  সিফালে  লাগিল হুৱা-দুৱা৷  খবৰ কৰিবলৈ 
অহা  গোষ্ঠীৰ   মুখেৰেই    দুম্‌ পাগে  গম পালে
,  পানী নামি যোৱাৰ
পিছতে  চৰকাৰী  মানুহে 
চাপৰিৰ  বহু  মাটি 
ফেন্সিং দি  বেৰি  থৈ 
গৈছে৷ 

হঠাতেনো  
আকৌ কি হ’ল
?   সম্ভেদ 
উলিয়াবলৈ  গৈহে   উৰহী গছৰ ওৰ 
ওলাল৷  খবৰ- বাতৰি লৈ   গম 
পালে  গোষ্ঠীৰ  অজানিতেই 
চাপৰিৰ  মাটি   ভিলেজ 
গ্ৰেজিং ৰিজাৰ্ভলৈ  উন্নীত কৰা হ’ল৷
আচলতে
,  চৰকাৰী 
জাননী  গাওঁবুঢ়ালৈ  কেতিয়াবাই 
আহিছিল৷   জাননীত  লিখা 
আছিল-   ‘প্ৰাকৃতিক ঐতিহাসিক
সংগ্ৰহালয় নিৰ্মাণৰ  বাবে’  বোকাখাত  
ৰাজহ  চক্ৰৰ  কাজিৰঙা মৌজাৰ   বঙালী গাৱঁৰ 
এশ চল্লিছ  বিঘা  ‘ভিলেজ গ্ৰেজিং ৰিজাৰ্ভ’ৰ নামত  আৰু 
সেই  মৌজাৰে  ডিফলুগাৱঁৰ 
পঞ্চাশ বিঘা মাটিৰ লগতে  মহুৰা
মৌজাৰ ৰি ৰি গাৱঁৰ ষাঠি বিঘা আৰু  বংকোৱাল
গাৱঁৰ  ত্ৰিশ  বিঘা মাটি 
‘সংৰক্ষিত  গ্ৰেজিং  ৰিজাৰ্ভ’ৰ 
নামত  চৰকাৰে  কাজিৰঙা 
হাবিত  সুমুৱাই  লব৷ 
এতিয়া ৰাইজৰ আপত্তি  থাকিলে
নিৰ্দিষ্ট সময়ৰ ভিতৰত  জনাওক৷

জাননীত থকা 
দাগৰ নম্বৰ চাই   গাওঁবুঢ়াই  দেখিলে 
সেইবোৰ   গোষ্ঠীয়ে  হাড় 
ভঙা পৰিশ্ৰমেৰে  মুকলি  কৰা 
চাপৰিৰ  মাটি৷  য’ত 
আছিল তাহানিৰ  গোষ্ঠীৰ  গাওঁ৷  
গাওঁবুঢ়াৰ পেটতে হাত- ভৰি  লুকাল৷
কি সাহত  এনেহেন  জাননী এখন 
লৈ গোষ্ঠীৰ মুখা- মুখি  হ’ব/   ভয়তে 
চৰকাৰী জাননী গোপনে থৈ দিলে৷  সিমানতে  
ৰাইজৰ  আপত্তিৰ  ৰাজহুৱা শুনানিৰ  দিন 
উকলি   গ’ল৷ বানৰ অচিলাতে   ৰাইজে 
আওকণীয়া হৈ   থকাৰ  সুযোগত 
কতৃপক্ষই   হাতত  সাৰে 
ভৰিত  সাৰে বোকা মাটিতে ফেন্সিং দি
সীমা  বান্ধি  দিলেহি৷ 

বুজিলে 
গোষ্ঠীয়ে
, এয়া  কৌশল৷ 
এদেও দুদেও লোটা নিবৰ চেও৷  প্ৰথমে  গ্ৰেজিং 
ৰিজাৰ্ভ  হিচাপত মাটি  দখল৷ ক্ৰমঃ 
ক্ৰমঃ  কাজিৰঙা  হাবিৰ মূল 
ভূমিত  সোমাই  পৰিব 
চাপৰিৰ  সমস্ত মাটি৷   চল  
চাই  গোষ্ঠীয়ে  দিনক ৰাতি কৰি 
খোলা মাটি   এনেদৰেই  দখল কৰি সৌ পূবৰ মোলাই- কাঠনিলৈকে কাজিৰঙা
হাবিখনৰ সীমা টানি দিবগৈ বুলি  ওলাই  থকা গুজব 
তেনে মিছা নহয়/  

অৰ্থনৈতিক স্বাৱলম্বিতাৰ নামত  সৌৰ-ফেন্সিং দি,  মাটিমাহৰ খেতি কৰিবলৈ অহা  দলটোৰ উদ্দেশ্যনো কি?  কাজিৰঙা হাবিখন
এইফাললৈকে আগুৱাই  আহিলে সিহঁতে এই  মাটিতে সোণ ফলোৱা পৰ্যটন উদ্যোগ গঢ়ি  নুতুলিবনে
?  অলেখ
উত্তৰবিহীন প্ৰশ্নই খলকনি তুলিলে৷
খঙে-দুখে মানুহবোৰৰ জোঙা চকুবোৰ ঠাইতে লুকাই পৰিল৷ 

বিছনাত 
পৰি পৰিয়ে  দুম্‌পাগে  গম-গতি ল’লে৷ ভালেটিহে  সিবৈচা গোষ্ঠীয়ে  চাপৰিৰ 
মাটিৰ  খাজনা  দিবলৈ যাওতে অফিচৰ  চাহাবে 
খাজনা লবলৈকে  মান্তি  হোৱা 
নাছিল৷ বোলে
,  মাটি  
চৰকাৰৰ৷ আপোনালোকৰ  নহয়৷ খাজনা দিব
নালাগে৷  নৈয়ে  লৈ গলেও কাহানিবাকৈ  হলেও মাটি ওভতাই দিব-
এয়ে গোষ্ঠীৰ সৰল বিশ্বাস৷  তদুপৰি খাজনা
দিয়াৰ কাগজখন  নাথকিলে দেখোন  চৰকাৰী 
প্ৰমাণপত্ৰও  নাপায়৷  সেই 
হিচাপত  গোষ্ঠীয়ে নৈৰ তলত  হেৰোৱা মাটিৰো খাজনা দিয়ে৷  চাপৰি ওলাওতেও 
খাজনা দি আছিল৷ চৰকাৰেও হেৰোৱা মাটিৰ 
খাজনা লৈয়ে  আছিল৷

তেনেহলেনো 
হঠাতে   খাজনা নোলোৱাৰ এইখন কি খেলা
ওলাল
? 

গোষ্ঠী 
সাজু  হ’ল৷ দিন- বাৰ চাই  যিদিনা 
চৰকাৰী ফেন্সিং  উভালি  থৈয়া- নথৈয়া ৰণ   এখন  
পাতিবলৈ   গোষ্ঠী  সমবেত 
হ’লহি
, সেইদিনা দুম্‌
পাগ  লইং 
আৰু  পৰি  থাকিব নোৱাৰিলে৷ লাঠি এডালত ভেঁজা দি
, জোঁৱায়েকৰ 
গাড়ীত উঠি  হেপো-টেপোকৈ  ৰাইজৰ 
কাষ
¸ পালেহি৷   সৌ 
বৰতলৰ  হাইলেণ্ড  প্লেটফৰ্মৰ 
কাষতে  উত্তমহা  গাওঁ 
পঞ্চায়ত  আৰু  দিচৈ গাওঁ 
পঞ্চায়তৰ  অধীনৰ গোষ্ঠীৰ  গাওঁকেইখনৰ সমুদায় ৰাইজ  সমবেত 
হৈছে৷  কোনোৱেই  শুদা হাতে অহা নাই৷  সহৰহভাগৰ হাততেই  মাটি 
খুলিবলৈ মাজৰা-বিৰিণা  কটা দা  একোখন৷ আন সঁজুলিও  আছে৷ 
মতাই- মাইকীয়ে এদল৷  অলপ পিছতে 
চৰকাৰী ফেন্সিং  উঠাই  দিবলৈ 
সিহঁতে ৰাওণা দিব৷ চাপৰিৰপৰা 
পানী  ওলাইছে
,   কিন্তু  বৰনৈ 
এতিয়াও  টল- মল৷  নাৱেৰেই  যাব   লাগিব৷ দলটোত 
সি  তৰাৱতীকো দেখিলে৷  তায়ো যেন ব’ঠা 
ধৰিবলৈ  সাজু৷   তাইক 
দেখি খঙে-দুখে একাকাৰ হৈ থকাৰ মাজতো তাৰ 
চকুত কৌতুক এটাই  খেলি  গ’ল৷ 
বুঢ়ী
, তই ঠিকেই  কৱ, মেম’ৰি মোৰ দেউলিয়া হোৱা নাই৷ তাতেই জোঁৱাইৰ ঘৰত  বিছনাত পৰি পৰি  এইকেইদিনত সোঁৱৰণি নিৰহ-নিপানী হৈ গ’ল৷ 
তই কোৱা মতেই এইবাৰ বংকোৱালৰ 
বান-খহনীয়াৰ  ইতিহাস  লিখি উলিয়াম৷ 

 সি  গাড়ীৰপৰা 
নামিল৷   পানী  নামিলেও 
গেলাবিলৰ  পাৰ  এতিয়াও 
ওপচা৷   নৈক   চুই 
থকা গৰৈমাৰী  বিলত  ভেঁট- পদুমৰ ফুলবোৰে  জকমকাই থকা 
এখন  ওপঙা  ফুলনি পাতিছে৷ 
এছাটি  জুৰণীয়া  বতাহে 
সিহঁতক কোবাই  গৈছে৷  মূৰৰ ওপৰত নীলা আকাশ৷  তলত 
ৰ’দে জলমলাই  থকা   ভৰুণ পৃথিৱী৷ কেউফালে পূৰ্ণতাৰ  ছবি৷ 
মাথোন  নৈ-ভগনীয়া গোষ্ঠীয়েহে  কেতিয়াবা খহনীয়াত
, কেতিয়াবা 
চৰকাৰী মেৰ-পেচত   ক্ৰমঃ ক্ৰমঃ  হেৰুৱাবলৈ ওলাইছে  সাতপুৰুষৰ ভেটি৷

দেখিলে সি, গেলাবিলৰ 
দলঙৰ  মূৰতে   বুকুত
মেথনি মাৰি সৌজাক  জাকৈয়া কনেং ৷  সিহঁতে 
গৰৈমাৰী  বিললৈ  বাট লৈছে৷ 
কনেংজাকৰ  মুখৰ অইনিঃতমৰ  জাত জাত 
সুৰে নৈপৰীয়া  বতাহ  উতলা কৰিছে-

আচি চিপৃদ্‌ জুৰ্‌ মা ৰামকঙই জুৰ্‌ মা

আক্‌ কঙই দেয়ামা আজনৌম জন্‌ গুমাং

পানীৰ ফেনত থকা একে  জলকণা নহ’লোঁ৷ আৰু এযুৰি চাকৈ-চকোৱাও নহ’লোঁ৷ একেটি শৰীৰ হোৱা হ’লহে  তুমি  আৰু 
মই  পীৰিতি বান্ধিব পাৰিলোঁহেেঁতেন৷

গোষ্ঠীৰ 
ৰাংঢালি  কনেং৷ তেনেই  আজলী৷ জীৱনৰ জটিলতা বুজিকে নাপায়৷ দুম্‌পাগৰ বুকুখন মোচৰ খাই গ’ল৷  নৈ হেৰুৱালে
, চাপৰি হেৰুৱালে,  পীৰিতি 
ক’ত  বান্ধিবি বাচাহঁত৷

ভাবি 
ভাবি  মানুহটো  গোঁৱাৰ হৈ উঠিল৷ চকু দুটা তাতেই লুকাই পৰিল৷ তেনেহ’লে
?

যুঁজ এখন দিবই  লাগিব৷ খোজটো  পোন কৰিবলৈ দুম্‌পাগ লইঙে লাঠিডালত টানকৈ খামোচ মাৰি  ধৰিলে৷ 
আৰু  সকলোৱে শুনাকৈ গল হেকাৰি এটা মাৰি আগুৱাই গ’ল৷  

***

 

কৃতজ্ঞতা : বোকাখাতৰ মহুৰা মৌজাৰ   নৈ- গাঁৱৰ যোগেশ  লইং,  দৰিকী লইং, নমিতা বৰি লইং৷  বংকোৱাল গাৱঁৰ 
পদ্মকান্ত  লইং
,  বিনুমাই  লইং, 
সৰুধন মৰাং৷ প্ৰকৃতি সংগঠন ‘আৰণ্যক’ৰ   প্ৰাকৃতিক সম্পদ
আৰু  ব্যৱস্থাপনা তথা জীৱিকা বিভাগৰ  পৰামৰ্শদাতা ড
জয়ন্ত কুমাৰ শৰ্মা আৰু  বিশিষ্ট
বন্যপ্ৰাণী বিশেষ: তথা সৰীসৃপ গৱেষণা আৰু সংৰক্ষণ বিভাগৰ  মুৰব্বী ড
ফিৰোজ আহমেদ৷

সহায়ক প্ৰবন্ধ,  গ্ৰন্থ  

১. 
মিচিং সংস্কৃতিৰ  আলেখ্য’  গ্ৰন্থৰ 
দূৰ্গা ৰেগনৰ  নিবন্ধ  ‘আলি আই 
লৃগাং- ইয়াৰ বৈশিষ্ট’   আৰু  টাবুৰাম টাইদৰ 
নিবন্ধ ‘অই নিঃতমৰ পটভূমি’৷

২. টংকেশ্বৰ লইং ৰচনাৱলী    

৩. কাৰপুংপুলিৰ জন্মকাহিনী(মিচিং সাধুকথা),
মৌচুমী মৌমন, সাহিত্য ডট অৰ্গ

 

দুৰ্গা ৰেগন- আলি-আয়ে লৃগাং- ইয়াৰ বৈশিষ্ট্য –মিচিং সংস্কৃতিৰ আলেখ্য, (পৃষ্ঠা-১২৭) পৰা
গীতটি লোৱা হৈছে৷  মিচিংসকলে গোষ্ঠীৰ
বাহিৰৰ মানুহক মিপাগ বুলি কয়৷