জোনফুলৰ নিশা আৰু মেখেলাৰ গল্প

স্ৰোতস্বিনী তামুলী  


     

          

মেল খাই থকা উপন্যাসখন বুকুতে লৈ তাই
টোপনি গৈছে। টোপনি নহয় যেন তাই টাইম মেচিনৰ অনন্ত শয্যাত উঠি হুগাওং উপত্যকা
পাইছেহি। গোষ্ঠীজীৱন – হঠাৎ সেনাৰ অপাৰেচনত ভূমিত চিটিকি পৰা জৰায়ু। জৰায়ু নহয়
যেন ক্ষত-বিক্ষত বিষত কোঙা হৈ পৰা এপাহ ৰঙা জবা। এই যেন তাই তুলি আনিব মাটিৰ পৰা।
এনেতে তাই সাৰ পাই যায়। তাইৰ গাত যেন ইলেকট্ৰিক শ্বকহে লাগিছিল। চিলমিল টোপনিতে
জিকাৰ খাই উঠিল তাই। সাৰ পাই উঠি চকু দুটা মেলিলত তাইৰ এনে লাগিল যেন কোঠাৰ
বায়ুপ্ৰৱাহত ওপঙি আছে যেন অস্ফুট গেঙনি কিছুমান।
 

বহু কাহিনী পঢ়া যায়, শুনা যায়। মানুহৰ
দুখ-যাতনাৰেই বেছিভাগ কাহিনী লিপিট খাই থাকে। কিন্তু উপন্যাসখন পঢ়ি থাকোঁতে তাইৰ
এনে লাগিল এই কাহিনী সময়ৰ কাহিনী। সময় নামৰ মহাশূন্যিক এককটোক পৰিপূৰ্ণ কৰে
চৰিত্ৰ আৰু ঘটনাই কেমেৰাৰ খালী মেম
ৰি কাৰ্ডখনৰ দৰে।
পৃষ্ঠপটৰ কাহিনী উপন্যাসখনত কাহিনী হৈ নাথাকিল। এয়া তাইৰ অতীত। তাইৰ অস্তিত্বৰ
ইপাৰৰ অতীতৰ বাখ্যাক সাধুকথা বা কাহিনী বুলি মনৰ জপাত সামৰি-সুতৰি থৈ দিয়া কঠিন।
 

বেলিটোক হালধিৰে নোৱাইছে। সমস্ত
হালধীয়াৰ মাজত ৰঙচুৱা বোল- একেবাৰে শুৱাই পৰাকৈ। আইনাৰ সমুখত ৰৈ তাই মেখেলাখন
ঠিক-ঠাক কৰি ল
লে। ৰাতিপুৱাই মেলি থোৱা কাপোৰখিনি আনিবলৈ তাই পিছ চোতাললৈ
ওলাই গ
ল। তাহাঁতৰ আগ চোতালখনতকৈ পিছ চোতালখন সৰু। বাথৰূমৰ
কাষতে তিনিডাল বাঁহ বন্ধা আছে। তাইৰ পেটিকোট
, মেখেলা মেলা
বাঁহডাল সুকীয়া। সেই বাঁহডাল চোতালৰ চুক এটাত পৃথককৈ বান্ধি থোৱা আছে। সেইফালেদি
মানুহ-দুনুহ অহা-যোৱা নকৰে। ব্ৰাহ্মণ বিধৱাৰ দৰে
, কেতিয়াবা
অন্য দেশত আশ্ৰয় লোৱা শৰণাৰ্থীৰ দৰে অথবা পদপথৰ অনাথ শিশু এটিৰ দৰে অকলশৰে তাইৰ
মেখেলাবোৰে ৰ
দত গা শুকুৱাই থাকে। পানীবোৰ ভাপ হৈ উৰি যোৱাৰ
পাছত মেখেলাবোৰ বতাহৰ তালত মৃদু লয়ত নাচি থাকে। কেতিয়াবা জোৰেৰে বতাহ বলিলে
মেখেলাবোৰ বাঁহডালৰ পৰা উৰি আহি বননিত সৰি পৰে। কোনোবাখন মেখেলা ৰঙীন বুটা বচা
,
কোনোবাখন উকা, কোনোবাখনৰ সৈতে চাদৰ আছে আৰু
কোনোবাখনৰ লগত নাই। মাহেকীয়াৰ সময়ত তাইৰ মেখেলাখন নজৰবন্দী হৈ পৰে। তাই যিমান
সংযত হৈ খোজ কাঢ়িবলৈ চেষ্টা নকৰক লাগে মেখেলাখনৰ অবাধ্য আগটোৱে গৈ য
তে-ততে স্পৰ্শ কৰেগৈ।
 

তাই মন কৰিছে মেখেলাবোৰ সময়ে-সময়ে
ৰঙা হয়। তেজৰ কঁৰাল বান্ধে মেখেলাবোৰত। সময়ৰ পৰা চিটিকি অহা তেজৰ চেঁকুৰা
মেখেলাত লাগি ধৰে অনন্ত কালৰ বাবে। সৃষ্টিৰ যন্ত্ৰণাত
, যুদ্ধত, সংঘৰ্ষত, প্ৰতিবাদত মেখেলাবোৰ ৰঙা হয়। অসমৰ ইতিহাসত
সময়ে সময়ে ৰঙা হোৱা এনে মেখেলাৰ হিচাপ নাই। তাৰ মাজতে কেতিয়াবা কোনোবা কথকৰ
সহমৰ্মিতাত মেখেলাবোৰ বাঙ্ময় হৈ পৰে।
 

নিশা প্ৰায় আঠ বাজিছে। এইখিনি সময়তে
তাই পাকঘৰত সোমায়। তাইৰ কাণত বাজি আছে বুট জোতাৰ গিৰিপ-গাৰাপ… গিৰিপ-গাৰাপ
শব্দ। কোনোবা যেন সোমাই আহিব আৰু এফালৰ পৰা লণ্ডভণ্ড কৰি পেলাব সকলো। তাইৰ মূৰটো
গধুৰ গধুৰ লাগে। ভাত ৰান্ধিবলৈ আজি তাইৰ মন যোৱা নাই। তাইৰ বুকুৰ ভিতৰখনত বিৰাট
অস্থিৰতা। বাহিৰলৈ ওলাই গ
ল তাই। বাৰাণ্ডাত থিয় হৈ তাই আকাশলৈ চালে। প্ৰাচীন
জোনবাইটো আৰু তাইৰ জন্মৰ পূৰ্বৰে পৰা থিয় হৈ থকা বাৰীৰ গছকেইজোপাই এই ইতিকথাকে
শুনাবলৈ বিচাৰি আছিল নেকি তাইক অতদিনে! তাইৰ আইতাকৰ মুখখন মনলৈ আহিল। আইতাকৰ কপালৰ
টেমুনাটো- আইতাকে যে কৈছিল – আৰ্মীৰ গাড়ী আহিছে বুলি ভয়ত পলাওঁতে খুন্দা খাই
এইটো টেমুনা উঠি গ
ল। টেমুনাটো থাকিয়েই গল।
 

তাইৰ লেখিকাৰ ওপৰতে সন্দেহ হৈছে মাজে
মাজে। উপন্যাসখনত লিখা সকলো কথা সঁচাকৈয়ে ঘটিছিলনে
? লেখিকাগৰাকী তাইৰ ফেচবুকৰ ফ্ৰেণ্ডলিষ্টত আছে। কথা পাতি চাব নেকি নহলে
এবাৰ! মনৰ খোকোজাবোৰ মৰিব। কিন্তু তেওঁ যদি সকলো কথা সঁচা বুলি স্বীকাৰ কৰে তাই
মানি ল
ব লাগিব। কোনোবাখিনিত তায়ো জানে এইবোৰ সঁচা। তাইৰ
মনত ভাহি উঠি লেখিকাই নানাৰঙী জনজাতীয় মেখেলা এখন পিন্ধি কান্ধত বেগ এটা লৈ পথাৰ
,
নদী, ৰাজপথ সকলো চলাথ কৰি ঘূৰি ফুৰিছে। কত
কাহিনী বগাই আহিছে তেওঁৰ আঙুলিলৈ। তেওঁৰ আঙুলিয়ে ভাৰ সহিব নোৱাৰা হৈ পৰিছে।
জিৰাই-শঁতাই তেওঁ পুনৰ লিখিবলৈ আৰম্ভ কৰিছে।
 

তাইৰ এনেকুৱা লাগিবলৈ ধৰিছে মানুহৰ কাহিনীৰহে
আদি-অন্ত থাকে। সময়ৰ কাহিনী অন্তহীন। জোনফুল সময়ৰ বুকুত গজে। সৰি পৰা মাকো এটাৰ
কঠুৱা পেটত সোমাই থকা অক্ষয় মহুৰা এটাৰ পৰা খোল খাই খাই ওলাই অহা সূতা এডালৰ দৰে
আজিওতো শেষ হোৱা নাই এই কাহিনীৰ। মাকোটো কাৰ হাতত থাকে
? সময়ৰ পৰিৱৰ্তনৰ লগত
পৰিৱৰ্তন হয় নেকি চালকৰ!
 

এনেকুৱা নিশাবোৰত এই মাটিতে কত জোন সৰি
পৰিছিল! তাইৰ এনে লাগিল তাই য
ত ভৰি দি আছে সেইখিনি ঠাই কাৰোবাৰ কবৰ- তাইৰ সমুখত কবৰ-
তাইৰ চাৰিওপিনে কবৰ। তাই ভৰি দিবলৈকে দেখোন ঠাই নাই মাটিত। নাৰীজোনৰ জৰায়ু ফুল
সংগোপনে বহু ফুলিলে
  এই মাটিত।

জয়ী ভিতৰৰ পৰা আকাশে চিঞৰে তাইক। 

আকাশৰ মাতত তাইৰ তন্ময়তা ভাঙে। ইমান
পৰে তাই পাকঘৰত নোসোমোৱাৰ বাবেই সি মাতিছে তাইক। অথচ তাইৰ এনে লাগিল তাই এৰি গ
লেই জোনটোক
টুকুৰা-টুকুৰ কৰি কোনোবাই বস্তাত ভৰাই থ
ব। নতুবা ইলেকট্ৰিক
শ্ব
ক দি মৰিয়াই মৰিয়াই চিৰদিনৰ বাবে ঘুণীয়া কৰি পেলাব।
 

 তোমাক অথনিৰে পৰা ইমানকৈ মাতি আছোঁ।
কি আকাশ-পাতাল ভাবি আছা। ন বাজিবৰ হ
ল। ভাত কেতিয়া ৰান্ধিবা?”
 

মই জন্মৰে পৰা এখন স্থিৰ আৰু শান্ত
অসমকে দেখি আহিছোঁ। মই জন্মৰ পঁচিছ-ত্ৰিছ বছৰৰ আগেয়ে অসমখন ইমান জৰ্জৰিত আছিল! –
মই কল্পনা কৰিয়েই আচৰিত হৈ গৈছোঁ।
 

কিয় তুমি অসম আন্দোলন, তিৰাশীৰ নিৰ্বাচন, আলফাৰ জন্মৰ কথা নাজানিছিলা নেকি?
আজি হঠাতে এইবোৰ কথা ভাবি আচৰিত হৈছা যে?”
 

এইবোৰৰ বিষয়ে অলপ-অচৰপ পঢ়া-শুনা
কৰিছিলোঁ। কিন্তু সেইবোৰ আছিল তথ্য। কথাবোৰ ইমান গভীৰভাৱে মই কেতিয়াও ভাবি চোৱা
নাছিলোঁ।
 

এতিয়াও ইমান ভাবি থাকিব নালাগে।
এইবোৰ বুৰঞ্জী বহুত বছৰৰ। বাৰু
, আগেয়ে যি হল হৈ গল। তুমি এতিয়া সেইবোৰ চিন্তা কৰি কি পাবা!
যোৱা ভাতকেইটা ৰান্ধাগৈ।
 

জয়ী অসমীয়া সাহিত্যৰ ছাত্ৰী আছিল। এম
এ পঢ়ি উঠি আকাশৰ সৈতে বিয়াত বহাৰ সিদ্ধান্ত তাইৰ সম্পূৰ্ণ নিজা আছিল। জয়ী
জীৱনমুখী ছোৱালী। এই ঘৰখনত সম্পূৰ্ণ সুখী নহ
লেও ঘৰখন এৰি বেলেগ ঠাইলৈ আঁতৰি যোৱাৰ
কথাও তাই ভাবিব নোৱাৰে। কেতিয়াবা পঢ়া-শুনা কৰি কি লাভ হ
লনো
যদি ঘৰত এনেয়েই থাকে জাতীয় কথাও জয়ীৰ কাণত পৰে। কিন্তু জয়ীয়ে বুজে জীৱনৰ
বিশাল পৰিধিত লাভ-লোকচানৰ হিচাপ অসম্ভৱ কল্পনা মাত্ৰ। জীৱনৰ ওপৰতে তাইৰ অপাৰ
বিশ্বাস। জীৱনে সুখ-দুখ সকলো সন্তুলিত কৰি ৰাখে। আকাশ মনে মনে আচৰিত হয়। বিয়াৰ
আগেয়ে সি যিজনী জয়ীক জানিছিল তাই গাঁৱৰ ঘৰ এখনত অতসোপা নীতি-নিয়ম মানি চলিব
পাৰিব বুলি সি কেতিয়াও ভবা নাছিল। মাজে-মাজে অসন্তুষ্ট হ
লেও
ইমান বছৰে তাই সকলো মানি আহিছে। কিন্তু সি মন কৰে জয়ীয়ে আজৰি সময়ত পঢ়া-শুনা
কৰা বা তাইৰ নিজা এখন পঢ়া টেবুল থকা কথাটো মানুহে এতিয়াও বৰ সহজভাৱে গ্ৰহণ কৰিব
নোৱাৰে।
 

 নিমাওমাও দুপৰীয়া। শান্ত আকাশ। ৰদৰ প্ৰকোপৰ মাজে-মাজে
অলপ-অচৰপ বতাহ। আকাশ নাথাকে এইখিনি সময়ত। শাহুৱেকো ভাত-পানী খাই বিছনাত পৰে।
সকলোকে খুৱাই-বুৱাই বাচন-বৰ্তন ধুই-পখালি এইখিনি সময় তাইৰ একান্ত নিজা। চকুহাল
জপাই তাই বিছনাত পৰিছে। তাইৰ এনে লাগিল যেন এজাক নাৰী তাইৰ পিনে আহি আছে – হঠাৎ
তাই লক্ষ্য কৰে তাহাঁতৰ মেখেলাবোৰ তেজেৰে লুতুৰি-পুতুৰি। খোজ কাঢ়িবলৈও তাহাঁতৰ
দেহত শক্তি নাই। এজনী-এজনীকৈ তাহাঁত ঢলি পৰিছে মাটিত। কোনোবাজনী গেৰিলাৰ ভনীয়েক
,
কোনোবা মাক, পত্নী – হিচাপ নাই। আস্ !
কোনোবাজনীয়ে ঘৰত ভাত ৰান্ধি আছিল। কোনোবাজনী ভাত-পানী খাই শুবলৈ লৈছিল। বিৱৰণীৰ
পৰা সকলো জোন কবৰ খান্দি ওলাই আহোঁ যেন কৰে।
 

জোনবোৰ সৰি পৰে নীৰৱে – নিতালে।
বিৱৰণীত ৰৈ নাযায় তেজেৰে ৰঙা হোৱা মেখেলাবোৰৰ কথা
, সৰি পৰা জৰায়ুৰ কথা।
মানৱ ইতিহাসৰ প্ৰতিটো যুগতে নাৰীজোনৰ মেখেলা ৰঙা হৈছে। পৃথিৱীৰ প্ৰতিখন দেশৰ
মাটিতে ফুলি আছে জৰায়ু ফুল সংগোপনে।
   

এই ভূমিত কুৰুকি কুৰুকি সোমাই আছে
মহাসংগ্ৰামৰ দিনলিপি। সংগ্ৰামবোৰ নদীৰ দৰে। নদীৰ দৰে পথভ্ৰষ্ট
, নৃশংস। নদীৰ দৰে
ইয়াৰো আছে বহু অলিখিত ইতিহাস। নদীৰ বুকুৰ বালিৰ দৰে ইয়াৰ বুকুতো স্মৃতিৰ বালি
চাপৰি অলেখ। নদীৰ দৰে গেৰিলাবোৰ সাজু হয় নিঃশব্দে। নদীৰ সোঁতৰ দৰেই নীৰৱ অথচ বেগী
খোজ গেৰিলাৰ। স্বাধীনতা যেন উশাহ নিশাহৰ অন্য এক নাম। স্বাধীনতাৰ বতাহত আজিও সৰু
চিলা এখন উৰি আছে। চিলাখনৰ ৰং ৰ
দৰ তাপত পাতল হৈ আহিছে
ক্ৰমে।
 

এতিয়া এই মাটিত সেইদিন নাই। জোনফুলৰ
নিশা এই মাটিৰ আকাশত নুফুলে এতিয়া। কথাটো ভাবি তাই আশ্বস্ত হ
ব খোজে। তাই চেষ্টা
কৰিছে যিমান পাৰে মনটোক সেইবোৰ কথাৰ পৰা আঁতৰাই আনিবলৈ। কিতাপখন নি তাই বুক
ছেল্ফটো খুলি ভৰাই থ
লে। গ্ৰন্থমেলাত কিনা ভালেমানকেইখন
কিতাপ পঢ়ি ইতিমধ্যে শেষ কৰিছে তাই। ঘৰত তাইৰ বাদে কিতাপ পঢ়া মানুহ নাই। আকাশে
অৱশ্যে কেতিয়াও মুখৰ আগত পালে লিৰিকি-বিদাৰি দুই-এক পৃষ্ঠা চায়। বহুদিন চিনেমা
চোৱা নাই-
  নতুন চিনেমা কেইবাখনো
ৰিলিজ হৈছে। তাৰে এখন আজি চাব লাগিব। গধূলি ভাতকেইটা আজি অলপ সোনকালে ৰান্ধি আকাশ
অহালৈ আজৰি হৈ থাকিব তাই।
 

পিছ চোতালৰ পুখুৰীটোৰ পাৰৰ নৰসিংহজোপাৰ
পৰা পাত কেইখিলামান ছিঙি ল
লে তাই। চিৰা অলপ পাপৰ দি ভাজি থব।
তাতে নৰসিংহ পাত কেইখিলা মিহলি কৰি দিব। চাহৰ সৈতে এনেদৰে ভজা চিৰা খাই তাই বৰ ভাল
পায়। কুমলীয়া পাত বিচাৰি-বিচাৰি ছিঙি থাকোঁতে বাৰীৰ সদায় দেখি থকা পুখুৰীটোকো
তাই সহজভাৱে ল
ব নোৱাৰিলে। এই পানীখিনিৰ পৰা যেন ওপঙি আহিব
মানুহৰ কেঁচা মঙহৰ টুকুৰা। ইমান অবিশ্বাস এই বিৱৰণীত!
            

আজিকালি ফেচবুক খুলিবলৈ তাইৰ অলপো
মন নাযায়। ফে
চবুক খুলিলে তাইৰ এনে লাগে যেন এখন বেলেগ
পৃথিৱীলৈ গুচি গৈছে। এইখন পৃথিৱীৰ দাইল-নিমখ
, আলু-পিঁয়াজৰ
পৰা বহু দূৰৈত সেই পৃথিৱী। তাই সেইখন পৃথিৱীৰ বাসিন্দাও হ

নোৱাৰে আৰু একেবাৰে বাদো দিব নোৱাৰে। আঙুলিৰ সামান্য পৰশতে খোল খাই গ
ল অন্য এখন দুৱাৰ। মানুহবোৰে এজনী ছোৱালীৰ মৃত্যুত শোক প্ৰকাশ কৰি বিভিন্ন
পোষ্ট শ্বেয়াৰ কৰিছে। ছোৱালীজনীক তায়ো চিনি পায়। গাভৰু ছোৱালীজনীৰ মৃত্যু যে
সাধাৰণ মৃত্যু নহয় পোষ্টবোৰ চাই তাই ধাৰণা কৰিব পাৰিছে। কাঁচৰ টুকুৰাৰ দৰে যেন
ঝনঝনাই ভাগি পৰিল জোন। কালি নিশা তাই প্ৰায় এঘাৰ বজাত শুইছিল। তেতিয়ালৈকে জোনটো
আকাশতে আছিল সম্ভৱতঃ। তাই মনত পেলাবলৈ চেষ্টা কৰিলে। তাই শোৱাৰ পাছতে জোনফুলক
খহাবলৈ আৰম্ভ হৈ গৈছিল কুচকাৱাজ।
  মৰিয়াই মৰিয়াই ভাঙি
পেলাইছিল হাড়বোৰ — গলি এৰাই আহিছিল মাংসবোৰ। চপৰা-চপৰে খহি পৰিল জোনফুল। কালিও
তাৰমানে জোনফুলৰ নিশা আছিল- তাইৰ অজ্ঞাতে। কালি নিশা এই মাটিত আকৌ এপাহ জোনফুল
ফুলিল।
 

বহু ঘটনাই ঘটি থাকে । অথচ সাধাৰণ ঘটনাৰ
দৰেই বাতৰি কাকতখন জপাই পাহৰি যাব পাৰি আজিকালি সকলো। স্ক্ৰ
ল কৰি পাৰ হৈ যাব পাৰি
অনায়াসে আন এটা বিষয়লৈ। বহিৰ্ৰাজ্যত অসমীয়া যুৱকক হত্যা কৰা হৈছে – প
ৰ্টেল নিউজ চেনেল এটাত বাজি আছে এটা খবৰ। বৃদ্ধ মাতৃ আৰু পত্নীৰ
কন্দা-কটাৰ মাজে মাজে যুৱকজনৰ এখন ফটো দেখুৱাই থকা হৈছে। অথচ কোনো প্ৰতিক্ৰিয়া
নকৰাকৈয়ে দেখোন তাই আঁতৰি আহিব পাৰিছে। তাইৰ ঘৰৰ কাষৰ বৰদেউতাকজন আজি সাত বছৰে
ঘৰলৈ অহা বোলে। গুজৰাটত কাম কৰে। কাম কৰি যিকেইটা টকা পাই সাঁচি যায়। পইচা খৰচ হ
ব বুলিয়েই আজিলৈকে ঘৰলৈ অহা নাই। কতা দেখোন!
সাধাৰণ ঘটনাৰ দৰেই চলিব লাগিছে সকলো।
 

তাইৰ এনে লাগিল – তাই যেন এপাহ এপাহকৈ
তুলি ধৰিব জোনফুলবোৰক। বিৱৰণীৰ পৰা বুটলিব
, কবৰৰ পৰা খান্দিব। জোনফুলৰ নিশাৰ
অনন্ত মালিতা গাবলৈ তাই থাকিব। পিছে থাকিবনে শুনোতা কোনোবা
? নতুন
ইণ্টাৰেষ্টিং ইচ্ছ্যু এটা পাই গ
লে কোনে শুনিব তাইৰ কথা!
 

কিছু সময়ৰ মূৰে-মূৰে এটা এটা নতুন তথ্য
প্ৰকাশ পাইছে। কামৰ মাজে-মাজে সময় উলিয়াই তাই বাৰে-বাৰে ফোনটোৰ কাষলৈ আহিছে।
কাষৰ ৰুমত টি ভি-ত একেখিনি কথাকে বাজি আছে। খোল খাই থকা জোতাযোৰ
, তেজেৰে ৰাঙলী হোৱা
টি-ছাৰ্ট পিন্ধি ট্ৰাকৰ খুন্দাত চূৰ্ণ-বিচূৰ্ণ হোৱা গাড়ীখনৰ সমুখত আসনত ফুলি ৰ
ল জোনফুল। গিৰিপ-গাৰাপ জোতাবোৰে দুপৰ নিশা কি বিচাৰি চলাথ কৰে ঘৰৰ ভিতৰবোৰ?
মাক-দেউতাকৰ উদং বুকুবোৰ কুৰুকি কুৰুকি সিহঁতে কি বিচাৰি ফুৰে?
কালি নিশা বুট জোতাৰ শব্দ আকৌ বাজিছিল কাৰোবাৰ কাণত। বুটজোতাৰ পুৰণি
ছন্দত এই মাটি কালি নিশা আকৌ কঁপিছিল। জন্মৰে পৰা পৱিত্ৰ বুলি ভাবি অহা মাটি
,
শান্ত বুলি বিশ্বাস কৰি থকা ব্ৰহ্মপুত্ৰৰ
ঢৌবোৰ। এই ভূমিত ৰাজনীতিৰ কচাইখানাত বলিৰ পঠা হোৱাসকলেই জোনফুল। জোনফুলবোৰ নিৰ্বাক
,
অথচ জোনফুলৰ কাহিনী সবাক।
  

চিনেমা চোৱাৰ মুড নাই তাইৰ এতিয়া।
শাহুৱেকেও টি ভি-ত চাই ঘটনাবোৰ গম পাইছে। দুয়োজনীৰে মনত চলি থকা কথাবোৰ মুখেৰে
ওলাই অহা নাই। ভাত-পানী খাই চিৰিয়েলখন নোচোৱাকৈয়ে শাহুৱেক বিছনাত পৰিলগৈ। জোনফুল
সৰি পৰাটো যেন অৱধাৰিত। দেখি আহিছে শাহুৱেকে ইমানদিনে। কিন্তু তাই মানি ল
ব পৰা নাই। বাৰে-বাৰে
তাইৰ মনত একেটা কথাই খুন্দিয়াই থাকিল। আজিও খহিব নেকি জোনফুল! – ভয় মানে
আঠালেতীয়া নিঃকৰুণ ভয়। আজি নহ
লেও কাইলৈ নাইবা পৰহিলৈ…।
 

আচম্বিতে তাইৰ মনৰ ভয়টোক লৈ প্ৰশ্ন হবলৈ ধৰিছে। উপন্যাসখন
পঢ়াৰ প্ৰতিক্ৰিয়া নেকি এয়া! যদি নপঢ়িলেহেঁতেন আজি এই খবৰটোৱে তাইক ইমান অশান্ত
কৰিলেহেঁতেন নে চাগে ! তথাপি কম্পিউটাৰেও মানুহনে ৰবট বু্লি প্ৰমাণ খোজাৰ দিনত
নিজৰ ওচৰত নিজক মানুহ বুলি প্ৰমাণ কৰি তাইৰ ভাল লাগিল।
 

তাই বিছনাখনত ছটফটাই পৰি আছে। টোপনি
নধৰিলে বিছনাত পৰি থকাৰ সমান অশান্তি নাই। কাষতে শুই থকা আকাশ টোপনিত লালকাল।
আকাশৰ দৰে বহু মানুহেই চাগে এতিয়া টোপনিত। অন্ততঃ কোনোবা সাৰে থাকিলেও নিজৰ
চিন্তা বা কামৰ বাবেহে আছে চাগে! কথাটো ভাবি তাইৰ নিজৰে হাঁহি উঠি গ
ল। আকাশে এইবোৰ
ভাবি-গুণি ৰাতি টোপনি খতি কৰা বুলি গম পালে খং কৰিব। তাই একো কৰিবও নোৱাৰে বুলিও
তাই জানে।
 

জন্ম-জন্মান্তৰৰ পৰা পৃথিৱীত কত
হাজাৰ-কোটি ৰাত্ৰি যাপন হৈছে হিচাপ নাই তাৰ। প্ৰত্যেক জোনফুল খহিবলৈ একোটাকৈ ৰাতি।
এইবোৰ হিচাপ কৰাৰ সামৰ্থ্য নাই তাইৰ। মাত্ৰ অগণন জোনফুলৰ নামত জীৱনৰ নিঃকিন
টোপোলাৰ পৰা এটা ৰাতি খৰচ কৰিব পাৰে বিৱৰণীক সুঁৱৰি।
             

 

       (বিশেষ কৃতজ্ঞতা :  জোনফুল উপন্যাসখনৰ লেখক ৰত্না ভৰালী
তালুকদাৰলৈ ।)