গল্প প্ৰকৰণ

 পৰিস্মিতা বৰদলৈ



 

: আমি কত আছিলোঁ! 

: কবিতা৷ 

: অঃ য়েছ৷ কবিতা৷ কবিতা নুবুজাৰ কথা নাহেই আচলতে৷
যিটো ভাষাত কবিতাটো লিখা হৈছে সেই ভাষাটো যদিহে তোমাৰ আয়ত্তত আছে তেন্তে তাৰ
পাঠোদ্ধাৰ তোমাৰ পক্ষে অসম্ভৱ নহয়৷

: কিন্তু কেতিয়াবা বাৰে-বাৰে পঢ়িও যে মাল-মটং একো
নুবুজোঁ৷

: তাৰ বাবেও পঢ়িব লাগিব৷ পঢ়াৰ বাদে গত্যন্তৰ নাই৷ নাই
বিকল্প৷
 

: কিন্তু চিধাচিধি নিলিখি জেলেপিৰ পাক কিয় দিয়েনো৷

: যাক তুমি জেলেপিৰ পাক বুলি কব বিচাৰিছা, সেয়া
প্ৰকৃততে কাব্যিক অভিব্যঞ্জনাহে
, সিও এক প্ৰকাৰ কলা৷
  সেয়া সৃজনীমূলক সাহিত্যৰ প্ৰত্যেক
বিভাগতে প্ৰযোজ্য৷ কি কবিতা! কি গল্প! সকলোতেই৷
 

: ৰবচোন৷ মই কবিতাৰ কথাহে কৈছোঁ৷ আপুনি জঁপিয়াই গল্প পালেগৈ যে? মইতো গল্পৰ কথা নাইকোৱা৷ 

: তুমি নাইকোৱা কি হ, মই কৈছোঁ৷
যিকোনো সাহিত্য সৃষ্টিৰ বাবে প্ৰকৰণমূলক জ্ঞান যেনেকৈ লাগিব তেনেকৈয়ে পঢ়িবলৈ, বুজিবলৈও সেই জ্ঞান থাকিবই লাগিব৷

: মানে?

: আস সা৷ শুনা৷

: কওক৷

: এই যে আমি চুটিগল্পৰ বৈশিষ্ট্য, কাব্যিক অভিব্যঞ্জনা ইত্যাদি
ব্যাকৰণিক কথাবোৰ পঢ়িছিলোঁ, সেইবোৰ সলসলীয়াকৈ মুখস্থ থাকিলে বুলিয়েই কোনোবাই
সাহিত্য সৃষ্টি কৰি দিব নোৱাৰে৷ সেয়েহে হয়তো সাহিত্যৰ ছাত্ৰ-ছাত্ৰী মাত্ৰেই
সাহিত্যিক নহয়৷ সাহিত্য সৃষ্টিৰ বাবে মনৰ ভিতৰত এক তাড়না লাগিব
, অনবৰতে তাক ধাৰণ কৰিব পাৰিব লাগিব৷ 

: আপুনি কৈ কৈছে ধৰিব পাৰিছোঁ দিয়ক৷ আপুনি কব বিচাৰিছে ব্যাকৰণিক জ্ঞান থাকিলেহে
যে মানুহে সাহিত্য সৃষ্টি কৰিব পাৰিব তেনে কথা নাই৷ কিছুমান সৃষ্টি ঠিক ভাত ৰন্ধা
কামটোৰ দৰেই৷

: একজেক্টলি৷ ৰন্ধন প্ৰকৰণ আৰু গল্প প্ৰকৰণ একেই কথা৷
গল্পৰ সলনি কবিতাও বুলিব পাৰা দেই৷

: বুজিছোঁ৷

: এই যে ৰন্ধাৰ আগেয়ে কেৰাহীখন জুইৰ ওপৰত বহুৱাই তাক
গৰম হ
বলৈ দিয়া হয় একেদৰেই মগজুটোকো অলপমান উতলাই ৰাখিব লাগে যিকোনো সৃষ্টিশীল কামৰ বাবে৷ ইয়াত মগজুক
উতলোৱা কথাটোৰে সচৰাচৰ ভবাৰ দৰে কিন্তু খং উঠা কথাটো বুজাব খোজা নাই৷ কোৱা হৈছে যে
আমাক যিবোৰ কথাই ক্ৰিয়া কৰিছে সেই কথাবোৰকে গল্পৰ বা কবিতাৰ সাঁচত ঢালি দিলেই হৈ
যায়৷

: কিন্তু গল্প নাইবা কবিতাৰ নিজা সাঁচ থাকে জানো! 

: বঢ়িয়া প্ৰশ্ন৷ হয়তোবা নাথাকে৷ কিন্তু কব বিচৰা কথাখিনিয়ে পঢ়ুৱৈৰ মাজত বোধ
এটা জন্মাব পৰাকৈ লিখি উলিয়াবলৈ নিজেই এটা সাঁচ গঢ় দি লোৱাটোও জৰুৰী৷

: কেতিয়াবা কবিতাৰ মাজতো গল্প থাকে নহয়?

: আৰে! উভয়ে উভয়ৰ মাজত থাকে। এটা কবিতাৰ মাজত গল্প
থকাৰ দৰে কেতিয়াবা একোটা গল্পৰ মাজতো কবিতা থাকে৷

: আমি সদ্যহতে কথাখিনি আলোচনাৰ বাবে এটা শব্দ ব্যৱহাৰ
কৰিলে কেনে হয়! আপোনাৰ বাবে কবিতা বেছি আপোন যদিও মোৰ বাবে গল্প বেছি চিনাকি৷ সেয়ে
কথাখিনি আমি গল্প প্ৰকৰণ হিচাপে আলোচনা কৰাত আপোনাৰ কিবা আপত্তি আছে নেকি
?

: মুঠেও নাই৷ বৰঞ্চ মই ভাল পাম৷  কাৰণ তোমাৰ সুবিধা হোৱাকৈ কবলৈ পোৱাটো মোৰ বাবেই সুবিধাজনক হব৷

: কওক এতিয়া৷ 

: কি কওঁ!

: এই যে কম বুলি কলে গল্প প্ৰকৰণৰ বিষয়ে৷ 

: অঁ অঁ মই যে ভুলক্কৰ ভলুৰামজানাই দেখোন৷

: জানো৷ কিন্তু সেইবুলি ইমান সোনকালে!

: পাহৰা বেমাৰবোৰ সোনকাল বা দেৰি বুলি নাথাকে নহয়৷
পাহৰিবলগীয়া বোৰ পাহৰা যায়েই৷ আচ্ছা এইখিনিতে এটা গল্প শুনাওঁ তোমাক৷ শুনিবা
?

: শুনিমতো…

: শুনা তেন্তে…

বহুদিনৰ আগত এটা খুব সুখী দম্পতী আছিল৷ দুয়ো খুব
ৰংমনেৰে দিনবোৰ পাৰ কৰিছিল৷ নাছিল কোনো খাম-খেয়ালি বা কাজিয়া-পেচাল
; সচৰাচৰ দম্পতীৰ মাজত থকাৰ দৰে পাছে
খং বা অভিমানো নাছিল৷ পিছে তেওঁলোকৰ জীৱনটো সেইবুলি সেৰেকাও নাছিল৷ এই যে কোনো
কোনোৱে কয় যে খং-অভিমানেই যদি নাথাকে সম্পৰ্কত মজা ক
ত! কিন্তু
যেতিয়াৰেপৰা তেওঁলোকক সেই নতুন ঠাইখনত দেখা গৈছিল
; (অঃ নহয়
নহয়! ঠাইখন নতুন নাছিল
, তেওঁলোকহে ঠাইখনৰ বাবে নতুন আছিল) ঠিক
তেতিয়াৰেপৰা তেওঁলোকে এটা অতি সহজ জীৱন কটাইছিল৷ মানুহে মুখে মুখে কোৱাকুইও কৰিছিল
বোলে
, ‘ইমান সহজ জীৱন এটা কটোৱাও জানো সম্ভৱ!আচলতে মানুহৰ কথাবোৰেই পাক লগা৷ কোনোবাই যদি অনৰ্গল কাজিয়া-পেচাল কৰি দিন
নিয়ায়
, তেতিয়াও পয়মাল; আকৌ কোনোবাই
নিয়াৰিকৈ ক
তো একো বেমেজালি সৃষ্টি নকৰাকৈ দিন নিয়ালেও লেঠা৷
মানুহবোৰৰ মতে
ইমান বেছি ভালো ভাল নহয়৷নতুবা ইমান সৰল জীৱন থকাটোও কিবা জটিল যেনহে লাগে৷ মুঠতে মানুহ কেতিয়াও সন্তুষ্ট নহয়৷ সদায়ে কিবা নহয় কিবা এটা খুঁত
উলিয়াবই উলিয়াব৷ পিছে সেই দম্পতী আছিল এই সকলোবোৰৰ প্ৰতি নিৰুদ্বিগ্ন
; অথবা কব পাৰি তেওঁলোক সেই বিষয়ে একেবাৰে অজ্ঞ আছিল, কিবা জানিছিল যদিও আছিল সম্পূৰ্ণ নিৰ্বিকাৰ৷ তেওঁলোক দুজনে প্ৰায়ে
একেলগেই ক
ৰবালৈ ওলাই গৈছিল৷ মাত্ৰ অফিচলৈ যোৱা সময়খিনিতহে
মানুহজন অকলশৰে গৈছিল৷ পিছে এটা কথা পাজৰৰ মানুহখিনিয়ে প্ৰায়ে মন কৰিছিল যে মানুহজন
ওলাই যোৱাৰ পাছতে মানুহজনীও বজাৰলৈ বুলি ওলাই গৈছিল৷ ঘূৰি আহোঁতে সৰু ল
ৰা-ছোৱালীৰ খেলনা আদি লৈ ঘৰ সোমাইছিলহি৷ চুবুৰীয়া ইঘৰে-সিঘৰে কথাটো প্ৰায়ে
মন কৰিছিল৷ সম্মুখত বহা পাচলিৰ বেপাৰীজনে কয় তামোল-পাণৰ গুমটিৰ ল
ৰাজনক, গুমটিলৈ তামোল খাবলৈ অহা কোনোবাজনৰ কাণত পৰে
কথাটো
, তেওঁৰপৰা আকৌ পৰে আন এজনৰ কাণত৷ এইদৰে কথাবোৰ বতাহ হয়৷
বতাহে কথাষাৰ উৰুৱাই নি এদিন মানুহজনৰ কাণত পৰিলগৈ 

আপোনালোকৰ ঘৰত কোনোবা সৰু লৰা-ছোৱালীও
থাকে নেকি
? মিছেছক প্ৰায়ে খেলনা বস্তু কিনিবলৈ বজাৰলৈ ওলাই
যোৱা দেখোঁ!” আনৰ বাবে এটি সাধাৰণ প্ৰশ্ন
, কিন্তু তেওঁৰ বাবে
  যেন এপাট বাণ৷ কথাষাৰে তেওঁৰ কাণেদি সোমাই বুকুত বিন্ধে৷
কথাষাৰৰ উত্তৰত একো নকৈ তেওঁ ফোঁ-ফোঁৱাই গুচি যায়৷ মানুহবোৰে ফিচফিচাই উঠে৷

ইস্ ফাইটো চোৱা! মানুহহালেই আচলতে গণ্ডগোলীয়া!” সাধাৰণ
প্ৰশ্ন একোটায়ো কেতিয়াবা মানুহক অসাধাৰণভাৱে বিবুদ্ধিত পেলায়৷ মানুহজনে গে
টখন
খুলি সোমাই আহিয়েই দেখে মানুহজনীয়ে বাৰাণ্ডাতে বহি আছে আলোচনী এখন লৈ৷ আলোচনীখনৰ
পৃষ্ঠাটোলৈ চকু যায় তেওঁৰ৷ শিশুৰ আহাৰ
, স্বাস্থ্যৰ যতন৷
হুমুনিয়াহ এটা এৰি তেওঁ ভিতৰ সোমায়৷ বাথৰূমত সোমাই গা-পা ধুই চাহ দুকাপ কৰি তেওঁ
বাৰাণ্ডালৈ আহে৷ এইবাৰ দেখে মানুহজনীয়ে একান্তমনে ঊণ গুঠি আছে৷ এপাত অকণমান ভৰিৰ
জোখৰ মোজা৷ তেওঁ জানে এন্ধাৰ ননমালৈকে তেওঁ এতিয়া ইয়াকে কৰি থাকিব৷ সাজ লগাৰ
পাছতেই বেলেগকৈ কুকাৰত পাতি দিব পোৱালি কুকুৰাৰ মঙহৰ সৈতে বতৰৰ পাচলি৷ শোৱাৰ আগেয়ে সেই
কোঠাটোত সোমাই সদায়ে দিয়াৰ দৰে ব্লেংকেটখন দি আহিব পুতলাটোৰ গাত৷ আজি নতুনকৈ অনা
খেলনাবোৰ সজাই থ
ব পুনৰবাৰ।
  তেওঁ জানে এইবোৰৰ মাজতে মানুহজনী উমলি
থাকে৷
 পায়ো হেৰুওৱাৰ কষ্টতকৈ নোপোৱাকৈ থকাই ভাল, কিন্তু সেইকথা জানো নিয়তিয়ে জানে! নহলেনো মাক-বাপেক
অনুভৱটো বিয়াৰ অত বছৰৰ মূৰত পায়ো সেয়া দুদিনীয়া হয়নে! যিবোৰ কথাৰপৰা
আঁতৰি থাকিবলৈকে তেওঁ নতুন ঠাইখনলৈ কৰ্মক্ষেত্ৰত
বদলিৰ
অনুৰোধ
কৰি থিতাপি লৈছেহি৷ কিন্তু সেই একেবোৰ প্ৰশ্নই যেন
ইয়াতো তেওঁলোকৰ পিছ নেৰিব! তেওঁ জানে সেই দুৰ্ঘটনাৰ পাছৰেপৰা মানুহজনী আধা
বাস্তৱ-আধা কল্পনাৰ মাজৰ এটা পৰ্যায়তে দুলি থাকে৷ কিন্তু একেবাৰে হেৰুৱাই পেলোৱাতকৈ
মানুহজনীক নিজৰ মাজতে হেৰাই থাকিবলৈ দিছে তেওঁ
, এনেকৈয়ে
থাককচোন তেওঁ৷ চুবুৰীয়াবোৰৰ মুখ বন্ধ হ
ব পৰাকৈ উত্তৰ এটাৰ
সন্ধান কৰিবলৈ ধৰে তেওঁ
, এতিয়া যে নিজৰ মাজতে তেওঁৰ অলেখ
প্ৰশ্ন৷

: গল্প শেষ? 

: অঁ শেষ৷ কেনে লাগিল৷ 

: আৰু অকণমান যেন শুনিম তেনেকুৱা লাগিল৷ কাহিনীটো সঁচা
নেকি
?

: সেই কথা গল্পকাৰেহে জানিব৷ কিন্তু শেষ হৈয়ো হৈল না শেষভাবটো গল্পত থাকিলেহে গল্প এটা গল্প হয়। পিছে তুমি জানানে, কাহিনী নোহোৱাকৈও
গল্প হ
ব পাৰে৷ এই যে দেখিছা ৰাস্তাৰে মানুহবোৰ গৈ আছে৷ সৌ
জেঠৰ ৰ
দে তাম বৰণীয়া কৰা পেশীবহুল হাতবোৰত, সৌ মণিহাৰী দোকান দিয়া মহিলাগৰাকীৰ নাকফুলিটোতো বিচাৰিলে গল্প পোৱা যাব৷
আচলতে গল্পনো নাথাকে ক
ত! বিচাৰিলে যতে-ততেই গল্প। তাক বুটলি আনি সজাই-পৰাই চতুৰালিৰে সৈতে উপস্থাপন কৰি মানুহে
গল্পকাৰ নাম পায়
, বাঃ বাঃ লয় ৷
 

: বাক চাতুৰ্যৰ দৰেই লিখা কামটোতো চাতুৰ্য থাকিব
পাৰে। আপত্তি কিহৰ! আৰু এই যে বাঃ বাঃ লোৱা বুলি কৈছে৷ বাঃ বাঃ লোৱাৰ সলনি কিছুমানে
কেৱল লিখা কামটোক ভালপোৱাৰ বাবেওতো কৰিব পাৰে৷ অথবা বহুতে হয়তো ক
ব নোৱৰা কথাবোৰ কোৱাৰ মাধ্যম হিচাপে
বাছি লয় এইটো কামকে৷

: আই ঐ দেহি! তোমাৰ খঙেই উঠিল৷

: দস্তুৰমত উঠিছে৷

: বাৰু খং চং বা দি গল্প প্ৰকৰণত মনোযোগ দিয়া এতিয়া৷
শুনা৷

: কওক৷

: সিদিনা তুমি এটা গল্প পঢ়ি আধাতে সামৰি থোৱা বুলি
কৈছিলা যে! কোনটো গল্প আছিল
?

: সেইটো গল্প পাছত পঢ়িলোঁতো৷

:পঢ়িলা?

: অঁ৷ পঢ়িলোঁ৷ আচলতে প্ৰথম পঢ়ি যাওঁতে একো ৰস-পম পোৱা
নাছিলোঁ৷ কিন্তু পাছলৈ যেতিয়া মাজত সোমাই গৈ থাকিলোঁ দেখিলোঁ ৰসোদ্ধাৰ কৰিব পৰা হৈছোঁ৷
হয়তো কিছুমান গল্প কুঁহিয়াৰৰ দৰেই৷ চোবাই চোবাইহে ৰস উলিয়াব পাৰি৷ কিন্তু আমাৰ
মাজৰ অনেকেই চোবোৱা কষ্টখিনি কৰিব নোখোজে৷ যাৰ ফলত সুমিষ্ট ৰসখনৰ স্বাদৰপৰা বঞ্চিত
হয় ৷

: আৰে ৱাহ! সাইলাখ মোৰ মনৰ কথা দেখোন!

: (হাঁহি)

: হাঁহে আকৌ! আৰু শুনিবা নে?

: অঁ অঁ শুনিম শুনিম৷

: তেন্তে এতিয়া আৰু এটা সৰু গল্প কওঁ তোমাক৷ সেইটো
গল্প হ
বনে নহব নাজানিছোঁ৷ কবলৈ হলে মন
গৈছে৷

গল্পটোৰ শীৰ্ষক হৈছে এ  কাপ অব্ টি। এতিয়া শুনা-

উতলা পানীখিনিত চাহপাতখিনি পেলাই যেতিয়া ফূৰ্ফূৰীয়া
গোন্ধটো বিয়পি পৰে তেতিয়াই চামেলীয়ে জোখমতে পাউদাৰ গাখীৰ আৰু চে
নি দি চীনামাটিৰ পিয়লাত তাইৰ  চাহাব আৰু বাবুৱনীলৈ বাকি আনে৷ এই যে
গাখীৰ-চে
নি দিয়া হালধীয়া বৰণৰ চাহকাপ, সেইকাপ খাবলৈনো কেনেকুৱা তাই
নাজানে৷ কিন্তু এই গোন্ধটো তাই বৰ ভাল পায়৷ গোন্ধটোতেই যেন এক প্ৰকাৰ সোৱাদ লভে
তাই৷ অৱশ্যে এনেকুৱা চাহ বাকিবলৈ শিকাৰো বৰ বেছি দিন হোৱা নাই তাইৰ৷ সৰুৰেপৰাই
নিমখ অকণমান ছটিয়াই লাল চাহহে বাকি পাইছিল তাই৷ খায়ো পাইছিল তেনেকৈয়ে৷ চাহপাতৰ
গোন্ধটোৰ লগত আশৈশৱ চিনাকি তাইৰ৷ কুমলীয়া হাতেৰে চাহৰ বাবে পূৰঠ চাহপাতবোৰ ছিঙি
ছিঙি পিঠিৰ টুকুৰীটোত ভৰাইছিল তাই আপোনমতে লগৰ লচমী
, চুনৰিহঁতৰ
সৈতে৷ খিলখিলাই হাঁহিছিল৷ কৰম পূজা আহিলেই মাদলৰ চেৱে চেৱে নাচিছিল৷

 জাগ জাগি যা

জাগি যা

জাগ জাগি যা৷”

চাহপাতৰ গোন্ধটোৰ সৈতে যেন সংপৃক্ত আছিল তাইৰ জীৱন৷
পিছে অফ ছিজনত পাত তোলা কাম নোহোৱাৰ বাবেই মেনেজাৰৰ ঘৰত লাচনি
পাচনি কৰিবলৈ বুলি তাইক দেউতাকে
পঠিয়াই দিলে৷ তেতিয়াৰেপৰাই তাই এই হালধীয়া চাহ বাকিবলৈ শিকিছে আৰু মাজে
মাজে
  সেই চাহৰে এঢোক মাৰিবলৈও বৰকৈ মন যোৱা হৈছে৷ পিছে কিবা এক সংকোচ
ভাব তাইৰ৷ নিজৰ বাবে তেনেকুৱা হালধীয়া চাহ একাপ বাকি খাবলৈ৷ কেতিয়াবা কোনো কোনো
আলহীৰ বাবে গৰু গাখীৰ পগাই তাতো সৰহকৈ চাহপাত দি
, আদা
থেতেলিয়াই কমকৈ চে
নি দি চাহ বাকিবলৈ কয় বাবুৱনী বাইদেৱেকে৷
তেনেকৈ বাকোঁতে মগটোত অলপমান ৰৈও যায়৷ পিছে আলহীৰ বাবে যতনাই দি মেলি আজৰি হয় মানে
সেই চাহখিনি চেঁচা হৈ যায় আৰু তাইৰো খোৱা নহয়৷ ধোঁৱা বলি থকা হালধীয়া চাহ একাপ
খোৱাৰ ইচ্ছাটো তাইৰ তীব্ৰতৰ হৈ উঠে৷ কিন্তু কেনেকৈ!

পুৱতি নিশাৰেপৰা চাহাবৰ বাংলোত খদমদম৷ বাবুহঁতৰ সৈতে
আন কেইবাটাও পৰিয়াল পিকনিক খাবলৈ যাব কাজিৰঙাৰ ফালে৷ চামেলীৰ লৰা-ঢপৰাকৈ কণী বইল
কৰা
, কুহুমীয়া পানীৰ
বটল ৰেডি কৰা
, লগতে চালাডৰ বাবে ভাগে ভাগে পাচলিবোৰ গুচোৱা
ইত্যাদি কৰি ততধৰণি বাজ হৈছে৷ তথাপি তাই ভাগৰা নাই৷ পৰম উলাহেৰে বাবুৱনী বাইদ
ক শ্বলখন গোটাই দিয়াৰপৰা চাহাবক মাফলাৰৰ যোগান দিয়ালৈকে সকলো কৰি দিছে৷ এই
সকলোবোৰ কৰাৰ মাজে মাজে তাইৰ মনৰ মাজত হালধীয়া চাহ একাপেও বৰকৈ অগাডেৱা কৰিব লাগিছে৷ আজি তাই বাংলোত অকলে থাকিব৷ চাহাবহঁতে পিকনিকৰপৰা ঘূৰি আহি নোপোৱালৈকে তাইক ক
তো এখোজো লৰচৰ নহবলৈ কৈছে চাহাব-বাবুৱনী বাইদই৷

গাড়ী দুখন ষ্টাৰ্ট দিলেই৷ দুয়োটা পৰিয়াল গলগৈ চাহ বাগিচাৰ মাজে মাজে৷ তাই বাংলোৰ
গে
টখন বন্ধ কৰি আহিল৷ মাজনিশাৰেপৰা দৌৰাদৌৰি কৰি তাইৰ ভাগৰো লাগিছিল৷ চকুহালি টানি
টানি নিছিল৷ পিছে তাই এতিয়া কোনোপধ্যেই নোশোৱে৷ তাই চাহপাতৰ টেমাটো
, আগদিনাৰ ৰৈ যোৱা গৰুগাখীৰ অকণমান আৰু চেনীৰ বৈয়ামটো গোটাই ললেলগতে তাই গোটাই ললে
প্লাষ্টিকৰ দীঘলীয়া কাপটো যিটোত তাই লাল চাহ খায় সদায়৷
 গেছৰ বাৰ্ণাৰটো জ্বলাবলৈ বুলি জুইশলা
কাঠিটো মাৰিবলৈ লওঁতেই হালধীয়া জুই একুৰাই তাইক আগুৰি ধৰিলে৷ হালধীয়া চাহ একাপ খোৱাৰ
আপাহত তাই আনদিনাৰ দৰে মন কৰিবলৈ পাহৰি গ
ল প্ৰায়ে ঢিলা হৈ
থকা চিলিণ্ডাৰৰ ৰেগুলেটৰটো৷
 

কিছুপৰ আগলৈকে টোপনিয়ে আমনি কৰি থকা ছোৱালীজনী, হালধীয়া চাহকাপৰ বাবে বাউলি
ছোৱালীজনী শুই পৰিল হালধীয়া জুইকুৰাৰ মাজত৷

: উস্! উস্! কি শুনালে এইটো! কঁপি গৈছোঁ৷

একো উত্তৰ নাপাই তাই ইফালে-সিফালে চালে৷ অথনিৰেপৰা কথা কৈ
যোৱা মানুহজন দেখোন নাই তাইৰ ওচৰত৷ ক
লৈ গল তেওঁ! নাই দেখোন৷
 

পিছফালৰ দুৱাৰখন খুলি তাই পুখুৰীটোৰ পাৰ পালেগৈ৷ নাই।
অকণ দাইটিয়েহে বৰশী টোপাই আছে৷ তাই উলটি আহি এইবাৰ আগফাল পালেগৈ। বাৰাণ্ডাৰপৰাই
ডিঙি মেলি মেলি চালে৷ গেলামালৰ দোকানখনত কোনোবা গ্ৰাহকে বস্তাৰপৰা আলু বাচি-বাচি পাল্লাত দি আছে
, দোকানীয়ে এবাৰ এটা আলু কমাই এবাৰ তাতকৈ সৰু চাইজৰ আলু গ্ৰাহকজনক দিবলৈ কৈ
ডগা মিলাই আছে
; মণিহাৰী দোকানখনত নাকফুলি পিন্ধা মানুহজনীয়ে
চিঁচাৰ চুৰি এখিনি দেখুৱাই আছে হালধীয়া শাৰী পিন্ধা মহিলাগৰাকীক
, চাইকেল, স্কুটাৰ, ই-ৰিক্সাবোৰে
লাইন পাতিছে৷ সকলো আছে
, কিন্তু তেওঁ কলৈ
ল! তাই ঘূৰি আহিল নিজৰ কোঠালৈ, যিটো
কোঠাৰ খিৰিকীমুখত বহি অলপ আগেয়ে তেওঁৰ সৈতে কথা পাতি আছিল৷ খিৰিকীখন এতিয়াও
খোলা তেতিয়াৰ দৰেই
, পৰ্দাখনো কোঁচাই থোৱা আছে যিফালেৰে তাইক
তেওঁ ৰাস্তাটো দেখুৱাই গল্পৰ সমল বুটলি লোৱাৰ কথা কৈছিল৷ আচৰিত! ক
লৈ গল তেওঁ! তেনেতে তাইৰ টেবুলত মেলখাই থকা সাহিত্য
বিষয়ক কিতাপবোৰ আৰু কলমটো বুকুত সামৰি আধা জাপ খাই থকা ডায়েৰীখনলৈ চকু গ
ল৷ কলমটো গুচাই দিলত ডায়েৰীত
  লিখা এটা বাক্য তাইৰ চকুত পৰিল,
যিয়েই তাইক এইবাৰ তেওঁৰ সম্ভেদ দিলে,

কেতিয়াবা আমি গল্প এটা লিখি গৈ থাকোঁতে চৰিত্ৰসমূহৰ মাজত
এইদৰে সোমাই পৰোঁ যে তাৰে যিকোনো এটা চৰিত্ৰৰ সৈতে আমাৰ কথা পাতি থকা যেন লাগে৷

টেবুলৰ ওপৰত কিবা এটা কোনোবাই ৰখা যেন অনুভৱ হল তাইৰ৷ “মাজনী চাহকাপ চেঁচা নৌ
হওঁতেই খাই ল৷ তই ভালপোৱা ধৰণেৰে বাকিছোঁ
, একদম হালধীয়াকৈ৷”
মাকে যাওঁতে ৰূমৰ লাইটটো অন কৰি থৈ গ
ল৷ হেলজেনৰ হালধীয়াই ৰূমটোৰ বৰণো হালধীয়া কৰি তুলিলে৷ তেতিয়াও তাইৰ কাণত
ৰিণিকি-ৰিণিকি বাজি আছিল মাদলৰ চেও যাক তাই এখিনি সেউজীয়াৰ মাজত শৈশৱতে এৰি থৈ
আহিছে৷

 

ভ্ৰাম্যভাষ – ৯৬১৩৭৯৩০৭৭