জীৱন অথবা মৃত্যু

জুৰী বৰা বৰগোহাঞি

ৰেজিষ্টাৰখনৰ
শেষৰটো ঠিকনা মাকুম পথাৰ
, তিনিচুকীয়া৷

বাৰাণ্ডাত
বগা প
লিথিনিৰে মেৰ খাই থকা এটা মৃতদেহ৷ ষ্ট্ৰীট লাইটৰ শেঁতা পোহৰ বাৰাণ্ডাত পৰি
আছে৷ সেই পোহৰত ৰহস্যময় কাহিনী এটাত বৰ্ণিত অলৌকিক ঘটনা এটাত মৃতদেহটো ওপঙি থকাৰ
দৰে লাগিছে৷
 

প্ৰতিভা মৰাণ
৷ লিংগ- মহিলা
, বয়স- ৭২, মাকুম পথাৰ, তিনিচুকীয়া৷ 

ঠিকেই আছে৷
এইটো ব
ডী চমজাই দি ৰাণী ৰূমলৈ যাব৷ এঘুমটি মাৰি লব৷ ভাগৰত
তাইৰ চকুৰ পতা গধুৰ হৈ আহিছে৷ পি পি ই
কিটেৰে সমগ্ৰ শৰীৰ ঢাক
খাই থকা সহায়কাৰী প্ৰণৱ দূৰৈত বহি আছে৷ ৰাণী দহোটীয়াই চকুৰে ইংগিত দিলে৷

: কওক মেডাম৷

 সি মাস্ক্খন সামান্য আঁতৰাই
’লে

: মাকুম
পথাৰৰ কে
ছটো নিবলৈ পৰিয়ালৰ মানুহ ইমান দেৰি অহা নাই কিয়? মেৰাপানীৰ
পৰা আহিও ব
ডি নিলেহি৷ খবৰ দিয়া আছিল ন? ডেৰ বাজিল৷ দুই বজাৰ ভিতৰত আজৰি হলে এঘুমটি মাৰি লব পাৰোঁ৷ ৰাতিপুৱালে দেখোন নতুন বডি আহিবৰে হব৷

গধুৰ হৈ পৰা
পি পি কিটযোৰ খচমচকৈ চোঁচৰাই প্ৰণৱ আঁতৰি গ
ল৷  

: মেডাম, ৰেজিষ্টাৰত
দেখোন মাকুম পথাৰৰ কে
ছটো ডেলিভাৰি ললেই৷ চহী মৰা আছে৷ 

: ধুৰ! সেইটো
ডি পৰিয়ে আছে চোৱাঁ৷

: মেডাম, ৰেজিষ্টাৰখন
চাওক৷ পলাশ মৰাণ৷ পুত্ৰ৷ এইটো চহী৷

ৰাণী, মৃতদেহ
চমজোৱাৰ দায়িত্বত থকা প্ৰশাসনিক বিষয়া ৰাণী দহোটীয়াৰ গাটো চেঁচা হৈ আহিল৷ ভৰি দুটাত থিয় দি থকাৰ শক্তিকণো যেন নোহোৱা হৈ গ
ল৷
  দিনৰ দুই বজাৰ পৰা এতিয়ালৈকে তেওঁ বাৰটা বডি চমজাই দিলে৷
পৰিয়ালবোৰে ক
ভিডত মৃত্যু হোৱা বডিবোৰ ঘৰলৈ নিব  খোজা নাই৷ প্ৰশাসনেও দিয়া নাই৷
নিলেও পালন কৰিবলগীয়া হৈছে কঠোৰ বিধি৷ বেছিভাগেই মেডিকেল কলেজৰ কাষৰ
শ্মশানতে জ্বলাই থৈ গুচি গৈছে৷ গোটেই ব্যৱস্থাটোত শ্মশানত শৱ দাহ কৰা মানুহে
প্ৰতিটো ব
ডিৰ বাবে দহ হাজাৰকৈ টকা লৈছে৷

ৰাণীৰ ভয়
লাগিল৷ শেঁতা পোহৰত জিলিকি থকা বগা প
লিথিনৰ মাজত বডিটোৱে যেন লৰচৰ কৰিহে উঠিল৷ কভিড দায়িত্ব
পালন কৰি তাই চৰকাৰীভাৱে উ
চ্চ প্ৰশংসিত হৈছে৷ জিলা উপায়ুক্তই তাইক শলাগি আছে৷ উপায়ান্তৰ হৈ তাই উশাহ বন্ধ কৰি ঢাপলি মেলিলে ডাঃ মিলিৰ কোৱাৰ্টাৰলৈ৷

: ছাৰ! ছাৰ!

টোপনিগধুৰ
ডাঃ মিলি ধৰমৰাই ওলাই আহিল৷

: কি হ?

: ছা
আজি কেইটা ক
ভিড বডি আছিল?

: তেৰটা…

: ছা
নহয় চৈধ্যটা৷ তেৰটা ব
ডি নিয়াৰ পাছতো এটা বডি থাকি গৈছে৷

: তেৰটাই
আছিল৷ মই নিজে ভেৰিফাই কৰি চহী কৰি
ছোঁ৷ মই অহাৰ পিছত নতুন বডি
ৱাৰ্ডৰ পৰা উলিওৱা হৈছিল জানো
?

: নাই নাই, নাই
উলিওৱা ছাৰ৷ মাকুম পথাৰলৈ এটা বডি গৈছে৷ পৰিয়ালে জনাইছে৷ পুতেকহঁতে মাকক শ্মশানত
জ্বলাই গৈছে৷
  কিন্তু
ছাৰ
, এতিয়াও এটা ব
ডি আছেই৷ তাত মাকুম পথাৰৰ ঠিকনা লিখা আছে৷

ৰাণীৰ মাত
ভাগি গৈছে৷ মিলিয়ে ঘপাঘপ চোলা এটা গাত সুমুৱাই ল
লে আৰু ৰাণীৰ লগত
হস্পিটেলৰ আছুতীয়া বাৰাণ্ডাখনলৈ
পলিয়াই আহিল৷ বাৰাণ্ডাত বগা
লিথিনেৰে বান্ধ খাই থকা বডিটো যেন ওপৰলৈ ওপঙি উঠিছে৷ ট ট কৈ জিলিকি আছে৷
আখৰকেইটাও৷ প্ৰতিভা মৰাণ৷ লিংগ- মহিলা
, বয়স- ৭২, মাকুম পথাৰ, তিনিচুকীয়া৷

মিলি ব্যস্ত
হৈ প্ৰণৱক মাতি লৈ আনিলে৷

: ছাৰ, মই
পুতেকক ফ
ন কৰিলোঁ৷ তেওঁলোকে শ্মশানতে ব
ডি
জ্বলাই এতিয়া ঘৰলৈ গৈ আছে৷

: সৰ্বনাশ৷
বেলেগ ব
ডিকে জ্বলাই থৈ গল কিজানি৷ কিন্তু এইটো, বাৰাণ্ডাত
থকাটো কাৰ ব
ডি?

ডাঃ
মিলিয়ে অসহায় হৈ ৰাণীলৈ চালে৷ ৰাণীয়ে প্ৰণৱলৈ৷ প্ৰণৱে বাৰাণ্ডালৈ৷ বাৰাণ্ডাত
মৃতদেহটো যেন আৰু বেছিকৈ ওপঙি উঠিছে৷ এই কেইদিন দায়িত্ব পালন কৰি
 এদিনতে তেত্ৰিটা পৰ্যন্ত  ডি
চমজাই দিছে তেওঁলোকে৷ একো গণ্ডগোল হোৱা নাই৷ প্ৰণৱে ভয়ে ভয়ে ৰেজিষ্টাৰৰ পাত লুটিয়াইছে৷
 

: ছাৰ, মৰি
লোঁ আমি৷ কাইলৈ মেডিয়াই গম পালে চাকৰিতাকৰি যাব আমাৰ৷ কেছত সোমাব লাগিব৷
 

: ধৈৰ্য
ধৰাঁ৷ মই কিবা এটা কৰিম৷
 

ডাঃ মিলি
জোৰেৰে ওলাই গ
ল৷

অফিচ ৰূমটোত
শংকাৰে ইফাল সিফাল কৰি থাকিল ৰাণীয়ে৷ চৌপাশ নিৰ্জন৷ এই কেইদিন মৃত্যুৰ পাৰোৱানা লৈ
অহৰহ অহা-যোৱা কৰা এম্বুলেঞ্চৰ ছাইৰেনৰ ভয়ংকৰ শব্দবোৰ এই মুহূৰ্তত নাই৷
  কোনোবা দিনা বিলত বিহ দিলে মাছ
মৰাৰ দৰে মানুহ মৰে৷ শাৰী শাৰী মৃতদেহ বাৰাণ্ডাত পৰি থাকে৷ ৰাণীযে ভয়ে ভয়ে বাৰাণ্ডালৈ
চালে৷ ব
ডিটো যেন আগতকৈ বেছি ওপঙি ওপঙি আহি আছে৷ মৃতদেহ নহয় যেন পাৰাপাৰ বিশাল
সমুদ্ৰৰ বুকুত এখন দিশহাৰা বগা পালতৰা জাহাজ৷
 

এই যেন পেকেটটো ফালি বডিটো ওলাই আহিব৷ আৰু আহিয়েই ৰাণীক ডিঙি চেপা মাৰি ধৰিবহি৷ তাইৰ ভুলৰ বাবেই৷ আজি পোন্ধৰ
দিনে তাই এইটো দায়িত্বত আছে৷ তাই ব
ডি চমজাওঁতে প্ৰায়ে ৰাতি পুৱাই গৈছে৷
বানপানীত সাহায্য ল
বলৈ শাৰী পাতি থকাৰ দৰে শাৰী পতা মানুহক বডি বিলাইছে তাই৷  প্ৰথম কেইদিন বিৰাট অসহজ
লাগিছিল৷ কোনো আত্মীয়ই চহী কৰি কান্দোনত ভাগি পৰিছিল
, কোনোৱে
হুমুনিয়াহ কাঢ়ি শেষবাৰৰ বাবে মুখখনো দেখা নাপা
লোঁ বুলি দুখ
কৰিছিল৷ কোনোৱে চৰকাৰী নীতি-নিৰ্দেশনাৰ কঠোৰ আবেষ্টনী পাৰ কৰি নিজ গাঁৱলৈ নিবলৈ অনুমতি বিচাৰি কাকুতি কৰিছিল৷ সকলোখিনি তাই চম্ভালি থাকিল৷
  তাইৰ দক্ষতাৰ বাবে তাইক দায়িত্ব দি প্ৰশাসনো নিশ্চিন্ত
হৈ আছে৷ এতিয়ালৈকে তিনিশ একৈ
টা ব
ডি পালে৷ এইখন  বাৰাণ্ডাত কভিড ৱাৰ্ডৰ পৰা
দিনে নিশাই উলিওৱা
  ডিবোৰ
শা
ৰী পাতি সজাই ৰাখিলে৷ কিন্তু আজিৰ দৰে ভয়ংকৰ ভাব অহা নাই৷
 

: মেডাম শ্মশান
পাৰ্টিক সো
ধোঁ নেকি?

: সোধা সোধা৷

প্ৰণৱ পি পি কিটসহ এক প্ৰকাৰ দৌৰিয়ে ওলাই গল৷ ৰাণীয়ে ৰাতিপুৱাই হব লগা গণ্ডগোলটোৰ বাবে ভয়ত কঁপি থাকিল৷

প্ৰণৱ দৌৰি
দৌৰিয়েই ঘূৰি আহিল৷

: মেডাম৷
তেওঁলোকে হেনো আজি বাৰটাহে কভিদ ব
ডি জ্বলাইছে৷

: বাৰটা? ছিঅ?

: মই
চণ্ডাল দুৰ্গা দাসক নিজে সুধি আহিছোঁ৷ সি এতিয়াও গাঞ্জা টানি
শ্মশানৰ বেঞ্চতে বহি আছে৷

ৰাণীয়ে
দীঘলকৈ উশাহ ল
লে৷ কিবা এটা মিলিছে৷ মিলি যাব৷ হয়তো প্ৰণৱহঁতে ঠিকনা
লিখা খেলিমেলি কৰিছে৷ তেন্তে এই ব
ডিটো কাৰ? তাই পুনৰ
ৰেজিষ্টাৰখন মেলি মিলাই থাকিল৷ তিনি বাজি গৈছে৷ প্ৰতিজন অভিভাৱকলৈ ফোন কৰিলে তাই৷
গোলাঘাট
, কাকপথাৰ, নাগাজাংকা, ধেমাজি, মাজুলী, ধেমেচী…
ইফালৰ পৰা গধুৰ মাত৷ এই পিছ নিশাতো কান্দোনসহ অভিভাৱকসকলৰ উত্তৰ পাইছে তাই৷ সকলো ঠিকে
থাকে হৈ গৈছে৷ অথচ বাৰাণ্ডাত ব
ডিটো থাকি গৈছে ৷

ৰাতি পুৱাল৷
নতুন ব
ডি আহিলেই৷ শেষ ৰাতি ঢুকুৱা নটাকৈ নতুন বডি আহিল৷
অভিভাৱক আহিল৷ ৰাণীয়ে সা
ধানেৰে বিলালে৷ আকৌ মাকুম পথাৰৰ বডিটো
থাকি গ
ল৷ যেন বাৰাণ্ডাত পৰি থাকিল গধুৰ, লৰচৰ কৰিব নোৱৰা
বগা পাল তৰা বিৰাট অচল জাহাজ এখন!

গধুলিলৈ
ৰাণীয়ে খবৰটো পালে৷ প্ৰণৱ
  আৰু
ডাঃ মিলিয়ে দিনটো লগ হৈ
, কষ্ট কৰি খবৰ আনিলে৷

: মাকুম
পথাৰৰ মানুহঘৰ অত্যন্ত দৰিদ্ৰ৷ হাতত দহহেজাৰ টকা নাই৷ মাকৰ ব
ডিটো চহী কৰিও লৈ নগল৷
দুই পুত্ৰই হস্পিতেলতে এৰি গ
ল৷ গাঁৱতো
ডিটো জ্বলাই আহিছোঁ বুলি প্ৰচাৰ কৰি
দিলে৷

: হলেও ছাৰ!
মাক হয়৷ মাকক লৈ এনেকুৱা কাম কৰে নেকি
? ইমান কঠোৰ কেনেকৈ হব পাৰে? মাক হয়নে নহয়? এইবোৰ
মানুহনে পিশাচ
? অসুৰ জন্ম দিছিল নেকি?

ভদ্ৰ
প্ৰশাসনিক বিষয়া ৰাণী খঙত ফাটি পৰি
ল৷

: মেডাম, ভিডত
মানুহ আৰু মানুহ হৈ থকা নাই৷ আপুনি কিমান মানুহৰ মৃত্যু দেখিলে
, পাৰিলে জানো কাৰোবাৰ বাবে কান্দিব? আপুনিও জানো
মানুহ হৈ আছে
? কি জানে মেডাম? মইতো
ইমানদিনে আপোনাৰ চকুত এটোপালো পানী দেখা নাই৷

ৰাণী তভক
মাৰি ৰৈ গ
’ল৷ তাইৰ কন্দাৰ কথা মনলৈ নাহেই৷ ইমান সহজ নহয় কথাবোৰ৷ বডিৰ হিচাপ
মিলোৱাটো এটা ডাঙৰ কথা৷ তাতকৈও তাইৰ কাৰণে বেছি গুৰুত্বপূৰ্ণ ব
’ডিবোৰ পৰিয়ালৰ মানুহক চমজাই দিয়াৰ দায়িত্ব৷ কঠোৰ চৰকাৰী প্ৰটকল৷ কান্দিবলৈ সময়েইবা ক? দিন-ৰাতি সম্মুখত যেন মৃত্যুৱে নচা ৰুদ্ৰৰ তাণ্ডৱ নাচ! সেই ৰুদ্ৰৰ তাণ্ডৱ নাচ চাই চাই ৰাণী শিল হৈ
গৈছে৷

ৰাণী কি সঁচাই
শিল হৈ গৈছে!

আৰু কাহানিও
কান্দিব নোৱাৰিব তাই!

কলেজত আলফুল, কোমল
বুলি জনা ৰাণীৰ অনুভৱ শক্তি নোহোৱা হৈ গৈছে! জীয়াই থাকোঁতেই মৃত হৈ পৰিছে ৰাণী
?
 

প্ৰণৱক লগত
লৈ ৰাণীয়ে
  মাকুম
পথাৰৰ মানুহজনীৰ দেহটো
শ্মশানলৈ পঠাবলৈ যো-জা কৰিলে৷ ৰাণীহঁত
আজৰি হোৱালৈ নিশা তিনি বাজিল৷

সিহঁত যাবলৈ
ওঁতে  ৰাতি
পুৱাইছিল৷ প্ৰণৱ হঠাৎ গে
টৰ পৰা পলিয়াই আহিল৷

: মেডাম এটা
কথা হ
ল৷ কালি যে সাত নম্বৰৰ বেবিটো নিছিল তাৰ দেউতাক আমাৰ
গে
টত ৰৈ আছে৷ হুলস্থূল কৰিছে৷ আহকচোন৷ 

ৰাণী তৎক্ষণা
ওলাই আহিল৷

: আমাৰ
কেঁচুৱাটো কি কৰিলে
? আমাক বেলেগৰ কেঁচুৱা দি পঠাইছে৷ 

: কি?

: হয়৷ মোৰ
ছোৱালীজনীৰ ঠাইত আপোনালোকে এটা ল
ৰা দি পঠাইছে৷ মই লৈ আহিছোঁ৷ বলক চাব৷ গাড়ীতে আছে৷

বিধ্বস্ত
মানুহজনৰ মাতটো ভাগি গৈছে
৷ ৰাণীয়ে প্ৰণৱলৈ চালে৷ কালি দুটা বে
বিভিডত ঢুকাইছিল৷ সাত নম্বৰ আৰু ন নম্বৰ৷ সাত
নম্বৰটো ছোৱালী
, চিমি শৰ্মা, গৌৰীসাগৰ,
শিৱসাগৰ৷ আৰু ন নম্বৰটো লৰা, ইফটিকাৰ আহমেদ, বকুল মাজগাঁও, ডিব্ৰুগড়৷
ৰাণী দৌৰি আহি ৰেজিষ্টাৰখন চালেহি৷ ঠিকেই কৈছে মানুহজনে৷ কিজানি সাত নম্বৰৰ
ছোৱালীজনীৰ ঠাইত ন নম্বৰৰ ল
ৰাটোৰ পেকেট গুচি গল৷
 

: প্ৰণৱ এখন
ইমাৰ্জেঞ্চি নন-ক
ভি এম্বুলেঞ্চ উলিয়াই আনা৷ আমি বকুল মাজগাঁৱলৈ যাৱ লাগিব৷
কালি ন নম্বৰ ব
ডিটো বকুল মাজগাঁৱৰ আছিল৷ সলনি হৈ গৈছে ৷ ৰাতিপুৱা হোৱাৰ আগতেই
মিলিব লাগিব৷

: মেডাম, চৰকাৰী
প্ৰট
কল ভাঙি পলিথিন খুলিছিলে কিয় বুলি গালি দিয়ক৷ চব ঠাণ্ডা
হৈ যাব৷ কোনে ইমান জামালা লৈ থাকে৷

ৰাণীয়ে
প্ৰণৱলৈ কটমটকৈ চালে৷

পি পি ই কি
পিন্ধা প্ৰণৱে প
লিথিন মেৰিওৱা বডিটো কোলাত মেৰিয়াই ওলাল৷ পিছে পিছে প্ৰশাসনিক
বিষয়া ৰাণী
, বিধ্বস্ত দেউতাক৷
 

আজাহাৰে
একমাত্ৰ সন্তান ইফতিকাৰক আলফুলে কবৰ দি উভতিল৷ কফন কাপোৰৰ কোমলতা
, আতৰৰ
সুগন্ধ তাৰ হাতৰ স্পৰ্শতে আছে৷ বিয়াৰ সাত বছৰৰ পাছত জন্ম হোৱা একমাত্ৰ সন্তানক কবৰ
দিয়া তাৰ দুখন হাত লোহাৰ দুডাল মাৰিতকৈও গধুৰ৷ সি যেন দাঙি থাকিব নোৱাৰে৷ তাৰ ল
ৰাটোৰ মুখখনকে শেষ বুলি চাবলৈ নাপালে৷ সামান্য জ্বৰকাহতে
ৰাটো ঢুকাল৷ হস্পিটেলৰ পৰা কঠোৰ নিৰ্দেশ প
লিথিন নোখোলাই
ভাল৷ আজাহাৰে তাকে কৰিলে৷ বকুল মাজগাঁৱৰ মানুহজাক আজাহাৰৰ লগত জানাজা দি উভতিছিল৷
প্ৰণৱ আৰু ৰাণী নামি গৈ মানুহটোক বিনয় আৰু শংকাৰে সমগ্ৰ কথাবোৰ ক
লে৷ লগত যোৱা পুলিচকেইজন অলপ দূৰত ঠিয় দি ৰল৷
ৰাণীয়ে পুলিচকেইজনক দূৰৈৰ পৰাই চাই থাকিবলৈ কৈছে তেওঁলোকক৷ বগা ধকধক কূৰ্তা-পায়জামা পৰিহিত আজাহাৰে এবাৰ মূৰৰ টুপীটো খুলি হাতত ল
লে৷ এবাৰ
পিন্ধিলে৷ সম্মুখত দুজন অসহায় মানুহ৷ এইমাত্ৰ সি জানাজা সম্পন্ন কৰা সন্তানটো তাৰ
নহয়৷ হিন্দু মানুহৰ কন্যা সন্তান৷ গোটেই কাহিনীটো শুনি ইফতিকাৰৰ বাপেক আজাহাৰ
এম্বুলেঞ্চখনলৈ উভতি আহিল আৰু 
শেঁতা মুখেৰে বহি থকা বিধ্বস্ত গৌৰীসাগৰৰ মানুহজনৰ মুখামুখি হল৷ ৰাণীৰ ভৰিয়ে
তেতিয়া খোপনি পুতিবলৈ ঠাই বিচাৰি পোৱা নাছিল৷ এই যেন সকলোৰে সমুখত তাই ঢলি পৰিব৷

: আমি
হস্পিতেলৰ পৰা নিশাতেই কবৰস্থানলৈ আহি
লোঁ৷ পেকেট নুখুলিবলৈ আমাক কঠোৰ
অৰ্ডাৰ দিছিল৷ আমি নাচা
লোঁ৷ চোৱা হলে
কিবা এটা কৰিব পাৰি
লোঁহেঁতেন৷ অলপ আগতে কবৰ দিলোঁ৷ কওক জোনাব
আপোনাৰ সন্তানক কবৰ খান্দি
লিয়াই আনো?

গৌৰীসাগৰৰ
মানুহজনৰ চকুত পানী৷ তেওঁৰ মুখ বন্ধ৷ অলপ আগলৈকে মানুহজনে খং
, দুখ আৰু ক্ষোভেৰে চিঞৰি আছিল৷ ৰাণীয়ে সন্দেহেৰে প্ৰণৱলৈ চালে৷ সি তলমূৰ
কৰিছে৷ খং আৰু বিতৃষ্ণাত তাইৰ মন তিক্ত হৈ উঠিল৷

: কওক জোনাব৷
মোক আৰু বেহেৰাম নকৰিব৷ কি-বা ইমান গুনাহ কৰিছি
লোঁ যে তাৰ শাস্তি
পাইছোঁ! আল্লাহ! আল্লাহ!

ইফটিকাৰৰ
দেউতাকৰ মাত ভাগি গুৰি হৈ গৈছে৷

: নালাগে৷
নালাগে৷ তাই ইয়াতে থাকক৷
 

গৌৰীসাগৰৰ
মানুহজনৰ মাত
  নহয়
যেন কোনোবা প্ৰস্তৰ খণ্ডৰ পৰা ফাটি অহা বিষাদ ধবনি৷ তেওঁ কথাষাৰ কবৰস্থানৰ মাজেৰে
দেখা পুৱাৰ নিৰ্মল আকাশলৈ চাই চাই ক
লে৷ 

কবৰস্থানৰ মুখতে এজোপা তগৰ৷ জকমককৈ ফুলি
আছে৷
 এটা
মিঠা সুগন্ধিও বিয়পি আছে৷ উলটি যোৱা মানুহবোৰ উভতি আহি গাড়ী দুখনৰ চাৰিওফালে গোট
খালেহি৷

: আকৌ এটা গাঁত খান্দিব লাগিব৷ কফন কাপোৰ লাগিব৷

এইকেইদিন কবৰ
দি দি ভাগৰি নপৰা মানুহজাকে কবৰস্থানৰ মাজত খালী ঠাই বিচাৰি বিচাৰি আলফুলে আৰু এটা গাঁত খান্দিলে৷
আৰু চৰকাৰী
গাড়ীত থকা কণমান
  ডিটো
নি শুৱাই দিলে সেই গাঁতত৷ সুগন্ধি সনা কোমল কফন কাপোৰৰ ওপৰত আজাহাৰে আকৌ আলফুলে এচপৰা মাটি
দিলে৷

কবৰস্থানত
একমাত্ৰ সন্তানক এৰি গৌৰীসাগৰৰ নৃপেন শৰ্মাই 
ঢলং-পলংকৈ ওলাই আহিল৷  কবৰস্থানৰ মুখত দুৰ্বল ৰাণীয়ে
চাই আছে৷ হঠাৎ নৃপেন শৰ্মাই ঠিয় দি থকা সহকাৰী আয়ুক্ত ৰাণী দ
হোটীয়াৰ কান্ধত মূৰটো পেলাই দিলে৷

ৰাণী, কঠোৰ
বুলি জনাজাত প্ৰশাসনিক বিষয়াগৰাকী এইবাৰ কান্দোনত ভাগি পৰিল৷ ৰাণীৰ বুকুৰ সকলো জড়তা
ভাগি চুৰ্চূমৈ হৈ হিয়াভগা কান্দোন এটা বিয়পি পৰিল৷ বকুল মাজগাঁৱৰ কবৰস্থানখনৰ
নিৰৱতা ভাগি পৰিল৷

 

ঠিকনা : 

নাংফা  (ঘৰ নং-৬৬৬)

কঁহুৱা পথ, ভি জি হস্পিটেলৰ পিছফাল

বৈৰাগীমঠ, ডিব্ৰুগড়-৭৮৬০০৩

ফোন : ৯৮৫৪২-৮৫২৫১

ই মেইল : jurilakshinandan@gmail.com