প্ৰতীক্ষা বৰা

 

 

: এইফালে গছ-বনবোৰ
কিবা শুকান
, ৰস নাইকিয়া৷ আমাৰ ফালে গছবোৰ কিমান জীপাল, কিমান
সেউজীয়া নহয়নে
?

 : হুঁ৷
মন কৰিছোঁ ময়ো
, আনহে নেলাগে দিল্লীৰ ফালেই গছ-গছনি সেউজীয়া৷ ঋতু অনুযায়ী
ফলে-ফুলে জাতিষ্কাৰ৷
 

: তাকেই৷ মাটিবোৰো
চাওক
, ধোঁৱাবৰণীয়া৷
এটা ডিছ্‌ছেটিফেকশ্বন আছে সমগ্ৰ জেগাখিনিত৷ হ্ৰদ বুলিও যিটো আমি চাবলৈ আহিলোঁ
, সেইটো
দেখোন আমাৰ ঘৰবোৰৰ আগফালে থকা পুখুৰী এটাৰ সমান৷ আৰু সেইটোতে মানুহে কি ব’টিং কৰিছে!
 

: ইয়াৰ মানুহখিনিৰ
বাবে সেয়াই হ্ৰদ৷
 

: কিমান বছৰ হ’ল দিল্লীত
থকা
? অসমলৈ
মনত পৰেনে
? 

: দহ বছৰ হ’বৰ হ’ল৷
পৰে
, কিয়নো
নপৰিব৷ আমাৰ সমান মৰমিয়াল আৰু অতিথিপৰায়ণ অন্য কোন জেগাৰ মানুহ হ’ব পাৰিব
, কোৱাঁচোন? এবাৰ
বুজিছা
, মাজুলীলৈ
গৈছিলোঁ
, মই আৰু
বন্ধু তিনিজন
, ছাৰ্ভে এটাৰ কামত৷ এঘৰত
সোমাওঁতে আথে-বেথে বহিবলৈ দি চিধা ভাতৰ পাতলৈ মাতি নিছে৷ শাকে-শোকোতাই একাঁহী খুৱাইহে
সোধ-পোচ৷
 

: সেইফালৰ মানুহখিনি
বৰ সৰল৷ সৌ অকণমানি ঘৰকেইটা চাওক
, তাত মানুহ থাকেনে? 

: নাথাকে, গোবৰৰ
চপৰাবোৰ তাত লগাই শুকুৱায়
, এইবোৰেৰে সিহঁতি চুল্‌হা জ্বলায়৷

: অঁ অঁ পঢ়িছিলোঁ৷
ইচ্ ইমান ধূলি
, জংঘলৰ মাজতো ইমান ধূলি৷ আমি আৰু কিমান দূৰ যাম? 

: কিয়? আমনি
লাগিলেই নেকি
? গৈ থাকোঁচোন ব’লা, দূৰৈত পাহাৰ দেখিছোঁ৷ 

: আমনি মুঠেও পোৱা
নাই৷ এডভেঞ্চাৰাছ লাগিছে৷ আমি মানে এতিয়া পাহাৰ বগাম
? 

: ওঁ৷ 

: বেলি ডুবা চাই ভাল
পায় নে
? আকাশলৈ
মূৰ তুলি চাওক
, এনেকুৱা ৰঙা মই শেষৰবাৰ অসমতেই দেখা, খয়েৰৰঙী
আকাশ৷

: থেংক গড, অসমৰ
লগত কিবা এটাটো মিলিল৷ ভাবিবলৈ’ লৈছিলোৱেই.. বোলো আৰাৱলীৰ দাঁতিত গজা হাৰিয়ানাৰ এই
ভিতৰুৱা গাওঁখনলৈ ছোৱালীজনীক এনেই লৈ অনা হ’ল
, তাইৰ মনেই নভৰিল৷ 

: ইমানৰ পিছতো মন নভৰিব
নে
? সেই যে
গানটো আছিল
, ‘তুই লাল পাহাড়ীৰ দেশে যা ৰাঙামাটিৰ দেশে যা’৷ লাল পাহাড়ীৰ
দেশ কোনখন নো
?
 

: বীৰভূমৰ কথা কয় কিজানি৷
তাৰ মাটিবোৰ ৰঙা৷
 

: অহ আপুনি তাতো আছিল
নহয়
? 

: ওঁ৷ 

: মানুহকেইজনীয়ে আপোনাক
কি ক’লে
? 

: একো নাই৷ অকলশৰীয়া
মতা মানুহ পাই জোকাই চাইছিলে৷ তামাম এঞ্জয় কৰিলোঁ সিহঁতৰ ফুচুৰি কথাবোৰ৷
 

: অঁ আপোনাক কিমান
স্ফূৰ্তি কৰি কৰি জোকাইছে আনহাতে নিজৰ মুখকেইখনেই এহাত দীঘল ওৰণিৰ তলত৷ ৰক্ষণশীলতাৰ
নামত এইবোৰ ছিৰিয়াছ ব্লাণ্ডাৰ৷ কিমান চাগৈ নিয়ম-কানুনৰ মাজত থাকিবলগীয়া হয়৷
 

: য’তেই আটাইতকৈ বেছি
নিয়ম কানুন তাতেই আটাইতকৈ বেছি নিয়মভংগ
, কথাটো জানানে নাই? বিদ্ৰোহী
মন এটা সকলোৰে মাজত নিহিত থাকে
, ই স্বতঃস্ফূৰ্ত৷ 

: আপোনাৰ ঘৰত বৰ্তমান
কোন আছে
? 

: কোনো নাই৷ মানে সেই
আলহী ল’ৰাটো আছে
, সিও অহা সপ্তাহ মানত যাবগৈ৷ মনত পেলালা
ভালেই হ’ল
, ৰাতিলৈ তাক ফোন এটা কৰিব লাগিল৷ 

: অঁ৷ আৰু ছেহনাজ বাইদেউ, তেখেতকো
বৰ লগ কৰিব মন যায়৷
 

: তাইৰ কথা দেখোন মই
তোমাক কৈছোৱেই৷ লগ কৰিবা দিয়াঁ পুনৰ দিল্লীলৈ আহিলে৷
 

: লগ পাম তেনেহ’লে
শীঘ্ৰেই৷ ঘৰলৈ যোৱাতো বহুত দিন হ’ল
, দুই এদিনতে আহিব
নালাগেনে
? 

: ওঁ৷ 

: সৌটো নীলগাই৷ এটা, দুটা, তিনিটা…আৰে
এপাল দেখোন৷ চাওক চাওক
, টিলাটোৰ ওপৰত, জোপোহাৰ
আঁৰত৷ সৌৱা সৌৱা..
 

: অঁ, এইটোৱেই
আমাৰ চলমান খানে চিকাৰ কৰি জেল খোৱাটো৷ নীলগাই আগতে ক’ত দেখিছা
? 

: ফটোত দেখিছোঁ৷ বন্যপ্ৰাণী
সংৰক্ষণৰ বিষয়ে পঢ়োঁতে নীলগাইটোৱে মোক বাৰুকৈয়ে আকৰ্ষণ কৰিছিল৷
 

: জে.এন.ইউ-ৰ ফালেও
নীলগাই পোৱা যায়
, কেতিয়াবা লৈ যাম তোমাক সেইফালে দিয়া৷
তাতো এনেকুৱাই সৰু সৰু পাহাৰ
, ওখ-চাপৰ অঞ্চল৷ 

: নীলগাই খায় নে মানুহে? 

: খায় কিছুমানে, কিন্তু
সংৰক্ষিত প্ৰাণী খাব নাপায়৷
 

: দেখি লাগিছে টেষ্টি
হ’ব যেন৷
 

: ধেৎ৷ ৰ’বাচোন ইহঁতৰ
ফটো এখন তোলোঁ৷
 

: ৰাস্তাটো ঠেক হৈ
আহিছে
, এইফালে
জনবসতি নাই
, খেতিও নাই, মাথোঁ পাহাৰ, আমি যদি
হেৰাই যাওঁ৷
 

: হেৰাই যাবলৈ ভাল
পাবা নে বেয়া
? 

: বেয়া নাপাওঁ, আপোনাৰ
অসুবিধা হ’ব৷
 

: ময়ো হেৰাই যোৱাৰে
পক্ষপাতী৷ সৌ পাহাৰটো বগাওঁ ব’লা৷ বেছি ওখ নহয়
, ৰাস্তা কাটি থোৱা
আছে৷
 

: না না মই পাহাৰ নবগাওঁ, ভয় লাগে৷ 

: মই থাকোঁতেও ভয়? 

: নহয়, মোৰ ভৰিৰ
খোপনি হেৰায়
, তাতে বৰ বেছি ওখ জেগাত মূৰ ঘূৰায়৷ 

: একো নহয় ব’লা, সেই যে
দেখিছা শিলছটা
, তাতে গৈ বহিম৷ 

: বাপৰে কি মস্ত মস্ত
গাহৰি৷ আচৰিত হৈছোঁ
, ইয়াৰ মানুহে গাহৰিও পোহে? আমাৰ
ফালে বাৰু গাহৰিটোৱে ভোজে-ভাতে মঙহৰে যোগান ধৰে৷
 

: মানৱ সভ্যতাৰ আদিম
স্তৰত হেনো গাহৰিয়ে হাল বাইছিল৷
 

: অঁ, ময়ো পঢ়িছিলোঁ৷ 

: চৌপাশ আমাৰ কিমান
নিজান৷ হাতখন দিয়াঁ৷
 

: ৰ’ব ৰ’ব আপুনি বেছি
খৰখেদা লগাইছে
, মই আপোনাৰ নিচিনা দ্ৰুতবেগী নহয়৷ টানি নিনিব৷ ওঁ৷ 

: ইয়াতে বহাঁ৷ 

: আপুনি নবহে নেকি? ওৱা এয়া
কি
? 

: ট্ৰিক দেখাইছোঁ তোমাক, আগতে
মই এইবোৰ খুব কৰোঁ
, শিল এচপৰাৰ কোণ এটাত খোপনি পুতি বহুত
সময়লৈ থিয় দি থাকোঁ
, গছৰ ডাল এটাৰ পৰা বাদুলি ওলমা দিওঁ৷
এতিয়া বয়স বাঢ়িল যে
, আগৰটো ষ্টেমিনা নাই৷ অলপ সিফালে যোৱাঁ, বহোঁ৷

: আপুনি আগতে কাৰচাজি
দেখুৱাইছিল
? 

: পৰিৱেশন… 

: ট্ৰিকেই আৰু৷ 

: সেইবোৰ কথা আজি নাপাতোঁ
দিয়া
, পিছে-পৰেও
পতা হ’ব৷
 

: আপুনি কিবা এটা ক’ম
বুলিছিল৷
 

: কেতিয়া? অহ দিনৰ
ভাগত
? 

: ওঁ, চাফাই
কৰা মানুহটোৱে যে আমাৰ দুৱাৰত টোকৰ দিছিল তেতিয়া৷
 

: মই যে তোমাক ইয়ালৈ
লৈ আনিছোঁ কিমান বিবুদ্ধিত পৰি আনিছোঁ তোমাক কি ক
ম৷ তথাপি ক, তোমাক মই সকলো কথাই ক, মোক মাথো অলপ সময় দিয়াঁ৷ যোৱা দুটা
বছৰৰ সঞ্চিত সকলো ক্ষোভ
, জড়তা, গ্লানি, হীনমন্যতা, নিঃসংগতা…উজাৰি
ম৷ তোমাকেই যদি নকওঁ আৰু কাক ক? মোক ভুল
নুবুজিবা দেই
, যিখিনি দিছোঁ মৰম বুলি ধৰাঁ৷ 

: ইমান দিগ্‌ভ্ৰান্ত
নকৰিব মোক৷
 

: আশা-আকাংক্ষাই কষ্ট
দিয়ে বহুত৷
 

: বুজোঁ৷ আপুনি জি.
বি. ৰ’ডৰ কথাও কৈছিল
, সেই জেগাখিনিক লৈ মোৰ কিউৰিয়’চিটী
আছে প্ৰচুৰ৷ যাম কোনোবাদিনা৷
 

: অকলশৰে নাযাবা দেই, বৰ বেয়া
জেগা৷ কোনোবা বিশ্বাসী পুৰুষ বন্ধুৰ লগত যাবা৷ কিছুদিন আগেয়ে ছোৱালী এজনীয়ে মোলৈ ফোন
কৰিছিল
, জি.বি.
ৰ’ডৰ বিষয়ে এখন ডকুমেণ্টেৰী বনাব খোজে
, মই দেখুৱাই মেলি
দিব লাগে৷ মই তাইক পৰহিলৈ দিনৰ ভাগত সময় দিছোঁ৷ বৰ কিউৰিয়াছ মাইণ্ডেড
, কামক
লৈ চিৰিয়াছ৷ ভাল লাগিল৷
 

: অঁ৷ মই তেনেহ’লে
আপোনালোকৰ লগতে ওলাম৷
 

: দেখা যাওক৷ 

: যদি আপোনাৰ অসুবিধা
নহয়৷
 

: ওঁ৷ 

: কিবা ভাবি থাকে আপুনি, চিন্তিত৷
কথোপকথনৰ মাজভাগতে আপোনাৰ মনোযোগ পলাই সাৰে৷ বেয়া কথা
, আই ফীল
ডিছৰেছপেক্টেড৷
 

: হয় কিজানি৷ আই…আই
এম ছৰী৷
 

: মোৰ হাতখনত খামোচ
মাৰি কিয় ধৰে
? 

: নাজানো৷ 

: কেনেকুৱা লাগে? 

: নাজানো৷ 

: এইটো কেনেকুৱা কথা
হ’ল
? 

: “শেৱালি তই মোক ভাল পাৱনে? / পাওঁ
কোঁৱৰ / কিয় ভাল পাৱ
? / এনেয়ে৷” 

: মই বেংগলী ল’ৰা এজনৰ
প্ৰেমত পৰিছিলোঁ
, সি মোক খুব বাংলা গান শুনাইছিল৷ বাউল
প্ৰথম তাৰ ঘৰতেই শুনা৷ নলবাৰীৰ কবি এজনৰ জীয়েকে তোমায় হৃদ মাঝাৰে ৰাখবো তো বৰ ধুনীয়াকৈ
গায়
, সি মোক
তাইৰ কণ্ঠত গোৱাই শুনাইছিল৷
 

: বাউলৰ লগত মোৰ বহুত
‘পুৰাণা ৰিস্তা’৷ মোৰ ঘৰত বাউল ফকীৰ এজনে প্ৰায় এবছৰমান থাকি গৈছিলহি৷ তেওঁ এই গানটো
অলপ বেলেগ ধৰণে গায়- “অগো চেৰে দিলে সোণাৰ গৌড় আৰ পাব না /তোমায় হৃদ মাঝাৰে ৰাখিবো
চেড়ে দেব না…”
 

: বাঃ! 

: আন্ধাৰ গভীৰ হৈ আহিছে, ব’লা
উঠোঁ৷
 

: ব’লক৷ 

: চাব খাবা? মোৰ চাহ
একাপৰ বৰ প্ৰয়োজন হৈছে অ’৷
 

: মোৰ মনটোৱেই পঢ়ি
পেলালে৷ বিচাৰোঁ চাহ ক’ত পোৱা যায়৷ চাহো চাগে ইয়াত চেনিপানী হে
, চাহৰঙী
চেনিপানী
, নিষ্কৰ্মা
চাহপানী!
 

: নাই মোমাইতকৈ কণা
মোমায়েই ভাল৷
 

: মই কোৱা নাছিলোঁ? 

: ওঁহ৷ হয় দেই বৰ মিঠা৷
ভাই ইচমে’ থ’ৰা অউৰ চায়পট্টী ডালকে উবালো৷
 

: বাপৰে! আকৌ বোলে
নাই মোমাইতকৈ কণা মোমায়ে…
 

: তোমাৰ সতে কটোৱা
সময়খিনিত কোনো তিক্ততা নৰওক৷
 

: চাহ মিঠা আছিল৷ 

: ওঁ, বেছি
মিঠাও নহওক৷
 

: আকাশত সৌৱা কি? উৰন্ত
ফানুচ৷ কোনোবাই ফানুচ উৰুৱাইছে!
 

: অঁ হয় দেখোন৷ উৰুৱাবা? 

: আমি দুয়ো একেলগে
উৰুৱাম ব
লক৷ একেটা ফানুচকে দুয়ো একেলগে উৰুৱাম৷ 

: ইয়ালৈ অহা ‘কাপল’বোৰৰ
দৰে
? 

: আমিও দেখোন এক প্ৰকাৰৰ
‘কাপল’এই
, নে কি
কয়
? 

: ওঁ৷ 

: আচ্ছা ঠিক আছে মই
উৰুৱাম আপুনি ফটোকে তুলিব৷
 

: ওঁ৷ আমি জানা এসময়ত
ঘৰতে ফানুচ বনাইছিলোঁ৷ ফানুচ বনাই বিক্ৰীও কৰিলোঁ বহুত৷
 

: অহ্৷ আপুনি বিড়ী
কিয় হোঁপে
? মোৰ খুড়া এজনে দিনটোত মুঠি মুঠি চিগাৰেট খাই শেষ কৰিছিল৷
ডাক্তৰে কোৱা মতে তেওঁ ছিভিয়াৰ ডিপ্ৰেশ্বনত ভুগিছিল৷ অতিমাত্ৰা ধূম্ৰপানৰ ফলত তেওঁৰ
হাওঁফাওঁত যমে বাহৰ পাতিছিল৷
 

: এটা চিগাৰেট চাৰিটা
বিড়িৰ সমান৷ মই দিনটোত মাত্ৰ পাঁচটা খাওঁ
, মুঠা হিচাপত নাখাওঁ
নহয়৷ বিড়ীত আকৰ্ষণ আছে ভাই
, ই কলাসুলভ বস্তু৷ নতুন সৃষ্টিৰ আঁৰত
এই বিড়ীৰ অৱদান অতুলনীয়৷
 

: কথা আপোনাৰ!!

: পানী নসৰকা? 

: নহয়৷ মস্ত কামোৰ! 

: হওক দিয়াঁ৷ 

: মই পঠিওৱা বৰগীতকেইটা
শুনিছিলে
? 

: বৰগীত শুনি ভাল পোৱাঁ? 

: বহুত৷ আমাৰ ঘৰতে
মা আৰু ভণ্টীয়ে বৰগীতৰ চৰ্চা কৰে
, প্ৰত্যেক ৰাতিপুৱা৷ 

: অঁ৷ ময়ো পিছে বায়নৰ
ঘৰৰ ল’ৰা
, যদিওবা
সেই নামত মই কলংক৷ খোলটোও শুদ্ধকৈ বজাব নাজানো৷
 

: আপুনি বাকীবোৰ বাদ্যযন্ত্ৰত
ওস্তাদ৷
 

: বুলি মই নাভাবোঁ, দহ বছৰৰ
আগতে কিনা ভায়’লিনখন এতিয়াও ডিভানতে পৰি আছে৷ মাজে সময়ে মই চাফা হে কৰি থাকোঁ৷
 

: এদিন যাম তেনেহ’লে
ভায়
লিন বাদন শুনিবলৈ৷ 

: ওঁ৷ মই এটা কথা ভাবিছোঁ… 

: কি? 

: মানে ধৰা, কাহিনীবোৰৰ
জানো ধৰা-বন্ধা নিয়ম আছে যে নিৰ্দিষ্ট এটা ছন্দতহে গৈ থাকিব
? অথবা
আদি থাকিলে তাৰ অন্ত এটাও থাকিব লাগিব
? অথবা ভাইচ-ভাৰছা? গতিহীনতাৰ
পৰা আঁজুৰি অনা এমুঠি কথন-মনন-চিন্তনৰ বিক্ষিপ্ত ৰূপ এটাই জানো কাহিনী নহয়
? গোটেই
বস্তুটো কাহিনীকাৰৰ ওপৰত নিৰ্ভৰ কৰিব যে কাহিনীয়ে কোন দিশে গতি কৰিব৷ আৰু কোনখিনিত
তাৰ গতি ৰোধ হ’ব৷ কেতিয়াবাতো সেয়া কাহিনীকাৰৰ হাততো নাথাকে
, কাহিনীয়ে
স্বাধীনভাৱে নিজ নিজ লয়-তাল-মাত্ৰাত গতি কৰি থাকিব৷ তুমি জোৰ-জবৰদস্তি সেই কাহিনীক
গতি দিব নোৱাৰাঁ৷ তাক নিৰ্ধাৰিত কৰিব নোৱাৰাঁ৷ সেইবুলি তাৰ অস্তিত্বক তুমি নুই কৰিবও
নোৱাৰাঁ৷ কাহিনী চিৰন্তন৷ কাহিনী নিৰ্মম৷ হৃদয়বিদাৰক৷ টুইষ্ট এণ্ড টাৰ্ণেৰে ভৰপূৰ৷
লেকামডাল এৰি দিবা কেতিয়াবা
, ছুটি যাবলৈ দিবা
কাহিনীক৷ কাহিনী আৰু এতিয়া তোমাৰ বা আমাৰ নহয়
, ই এতিয়া
সকলোৰে৷ য’তেই মন কৰিব ত’তেই ৰ’ব
, যি বিচাৰিব সিয়েই
লেকামডাল টানিব পাৰিব৷ ইয়াৰ পাছৰ পৰ্যায় কি হ’ব সেয়া তুমি
, এই অভাজন
বা এই সময়ে ভাবি-গুণি নিৰ্ধাৰণ কৰি থাকিলে লাভ নাই৷ সেয়া হ’ব কাহিনীৰ প্ৰতি কৰা অশ্ৰদ্ধা৷
বুজিলানে কিবা
? নে মই বাৰু ভুল বকিছোঁ নেকি? 

: হুঁ৷ 

: গতিকে তোমাৰ কাহিনী
তোমাক মোবাৰক৷ মোৰ কাহিনী মোক৷ আৰু সময়ৰ পৃষ্ঠাই যি কাহিনী খোদিত কৰিব
, সেই নেৰেটিভক
বুজাৰ সামৰ্থ্য বৰ্তমান আমাৰ নাই৷ ব’লা ওভতোঁ৷
 

: অৰ্থাৎ, মোৰ কাহিনীৰ
লগত আপোনাৰ কাহিনীৰ অভাৰলেপিং
, নট পছিবল?

: সেইটোৱেই৷