অৰণ্যাৰ্ত

 ববিতা কলিতা

 

খবৰ পাইছেনে?

মই হেনো মৰিছোঁ!  মোৰ মৃত্যুৰ সংবাদ মই নিজেই পঢ়িছোঁ৷ মৰিবৰ কাল
জানো মোৰ হৈছিল
? অকাল মৃত্যুৰ কথা দেখোন মোৰ সোঁৱৰণিতো লিখা নাছিল৷ তথাপি
মই মৰি থাকিলোঁ৷ মোৰ অপূৰ্ণ আশাৰ অস্থিবোৰ সামৰি-সুতৰি মাটিৰ টেকেলি এটাত সুমুৱাই
ৰাখিলোঁ৷ …আৰু নিজে অশৰীৰি সপোনবোৰৰ জখলাত
বেতাল হৈ ওলমি ৰলোঁ৷
এৰা! জীৱনৰ তাল হেৰুৱাই পেলোৱা বেতাল এজন মই৷

জনহীন অৰণ্যত বেতাল
হৈ ডাল বগাই
  ফুৰোঁতে
মই ভাগৰ অনুভৱ কৰা নাছিলোঁ৷ শুকান জাৰণিত জিৰণি ল
বৰ বেলাহে
মোৰ মনটো বেজাৰত দোঁ খাই পৰিছিল৷ কি কৰুণ মানুহৰ মৃত্যু
? কি
নিষ্ঠুৰ মানুহৰ জন্ম!
 

পিতায়ে কৈছিল মোৰ
জন্ম হেনো সহজ নাছিল৷ মোক জীৱন দিবলৈ গৈ মায়ে হেনো মৃত্যুৰে যুঁজিছিল৷ গাঁৱৰ
জুই-পানী নোচোৱা দুই ধা
য়ে সিদিনা দিহা-পোহা নাপাই
মুখা-মুখিকৈ বহিছিল৷ দুয়োজনীয়ে সিদিনা আমাক বচাবলৈ নিজ নিজ
  ঈশ্বৰক বাৰে বাৰে
কাবৌ-কোকালি কৰিছিল৷
 

জন্মজাৰত ঠেৰেঙা লগা
মোৰ এমুঠিমান দেহাটোত চেতনা নাছিল৷  বহু
সেকা-পোটকা
, জৰা-ফুকা কৰিহে হেনো  সিহঁতে মোৰ চেতনা ঘূৰাই আনিছিল৷ মানুহ হৈছিলোঁ মই৷ পিছে মা
এটি চেতনাবিহীন মাংসপিণ্ড হৈ তেজৰ নৈত উটি গৈছিল৷ ঠিকেই কৈছিল পিতায়ে
, মোৰ জন্ম সহজ নাছিল৷
 

মৃত্যুৰ পিছৰ কষ্টৰ
খবৰ মানুহে নোপোৱাৰ দৰেই জন্ম
মুহূৰ্তৰ কষ্টৰ অনুভৱো
সময়ত পাহৰণিত হেৰাই যায়৷ কিন্তু জন্ম-মৃত্যুৰ মাজৰ
জীৱন
বোলা সময়খিনি ৰৈ যায়
আমৃত্যু৷ জীৱৰ বাবে হেনো জীৱনটোহে বেছি কষ্টকৰ৷ সেই কষ্টেৰে মই মোকাবিলা কৰিছিলোঁ৷
মুকদ্দৰ কা ছিকন্দৰ হোৱাৰ সপোন মই
  তাহানিতেই দেখিছিলোঁ৷

মাবিহীন
মোৰ জীৱনৰ চোতালখন জোনবিহীন আকাশখনৰ দৰেই উকা আছিল৷ সেই চোতালৰে এচুকত আপুনি গজি
উঠা কচুগছৰ থুৰিপাতটোৰ দৰে নুৰিয়াই থোৱা মোৰ জীৱনটো পূৰঠ হোৱাতহে পূৰাকৈ মেল
খাইছিল৷ কিন্তু তেতিয়াই চেতনাত ঠাই লৈছিল জীৱন সম্পৰ্কীয় নিৰ্মম সত্যটোৱে-জীৱনটো
যে সেই কচুপাতখিলাত নাচি থকা পানীটোপালৰ দৰেই৷

অথিৰ!

 মোৰ মৃত্যুৰ খবৰটো
মই পোৱাৰ আগতেই হয়তো হকাৰে পদূলিয়ে-পদূলিয়ে দলিয়াই দি আহিছিল৷ নিজে কঢ়িয়াই ফুৰা
খবৰবোৰ হয়তো সি নিজেই নপঢ়িছিল৷ এৰা! অচিনাকি পঢ়ুৱৈৰ বাবে মই আছিলোঁ এটি খবৰৰ
মাজৰ খবৰ৷ আখৰৰ মাজৰ আখৰবোৰৰ দৰেই৷ কিন্তু মোৰ আপোনজনে কিদৰে লৈছিল মোৰ মৃত্যুৰ
সংবাদটোক
? চাকৰি প্ৰাৰ্থীৰ তালিকাত নিজৰ নছপা নামটো বিচাৰি বাৰে বাৰে
পঢ়াকে পঢ়ি থকা খবৰটোৰ দৰে পঢ়িব পৰা খবৰ আছিল জানো সিটো
? বাৰে
বাৰে পঢ়িও হোৱাক নোহোৱা কৰিব পৰা খবৰেই বা আছিল জানো সিটো
? কি
কৰিছিল নয়নাই
? আঠমহীয়া গৰ্ভৱতী মানুহজনীয়ে জানো পাৰিছিল
হাউলিব
? মোৰ
 মৃত্যুৰ
খবৰ কঢ়িওৱা কাকতখন পাৰিছিল জানো নিজে বুটলিব
? নে সম্মুখৰ
বিল্ডিংটোত থকা জিমলৈ অহা ৰাহুলে আগবাঢ়ি আহি নয়নাৰ হাতত তুলি দিছিল মোৰ মৃত্যুৰ সংবাদ
কঢ়িওৱা কাকতখন
? দৃষ্টিৰে নিতৌ চুই চোৱা মানুহজনীক কাকতখন
তুলি দিবৰ পৰত সি জানো এবাৰ চুই চোৱা নাছিল
? কি কৰিছিল
তেতিয়া নয়নাই
? হাতখন জোৰকৈ আঁজুৰি নিছিল নে লাজ লাজকৈ তলমুৱা
হৈ ৰৈছিল
?
 

মই নয়নাক প্ৰথম
স্পৰ্শ কৰিবৰ দিনা কি কৰিছিল নয়নাই
? লাজ কৰিছিল? ভয় কৰিছিল? নে নিৰ্লিপ্তভাৱে বিয়াৰ উপহাৰ বুটলাদি
মৰমবোৰ
আঁজলি পাতি লৈ পাছ মুহূৰ্ততে
একাষৰীয়া কৰি থৈছিল! নয়নাই মৰমবোৰ বুকুত গুজি নল
লেও মইতো
তাইক মৰম কৰিবলৈ নেৰিছিলোঁ৷

নয়নাৰ চৌপাশে মোৰ
মৰমৰ
 ম বান্ধিছিল৷ কিন্তু তাইৰ কণমানি বুকুখন জানো মোৰ মৰমে ভৰাব পাৰিছিল৷ হয়তো
পৰা নাছিল!

নয়নাকতো মই বিয়া পতা
নাছিলোঁ৷ মই তাইক জয় কৰিছিলোঁ মোৰ প্ৰতিপত্তিৰে৷ ৰাজপত্ৰিত বিষয়া হোৱাৰ সুবাদেৰে৷ নিজে
গঢ়ি লোৱা সামাজিক স্থিতিৰে৷ প্ৰভাৱেৰে৷ কোৰোণাৰে ধন চপোৱা দুই নম্বৰী পথটোৰে মই
উজুটি নোখোৱাকৈ দৌৰি ফুৰিছিলোঁ৷ ফলত কম দিনতে মই সৰু চহৰখনত চকুত পৰাকৈ ধনবান লোক
হৈ পৰিছিলোঁ৷ ধন আৰু পদৱীৰ বিজ্ঞাপন দি মই অনিন্দ্যসুন্দৰী নয়নাক মোৰ জীৱনলৈ চপাই
লৈছিলোঁ৷ পিছে নয়নাই মোক তাইৰ অন্তৰলৈ চপাব পাৰিলে নে নাই
,  সেই কথা মই কেতিয়াও জানিবৰ চেষ্টা
কৰা নাছিলোঁ৷ কিছুমান সত্যৰে মুখা-মুখি হোৱাটো বৰ কষ্টকৰ৷ জানি-শুনিয়েই মই সত্যৰ
সম্মুখীন নহ
লোঁ৷ তাৰ সলনি আলাউদ্দিনৰ জীটো হৈ মই নয়নাক হুকুমমাফিক সুখৰ সামগ্ৰী যোগাই থাকিলোঁ৷ তাই হয়তো
বস্তুবাদিতাৰ মাজতেই সুখী হোৱাৰ অজুহাত বিচাৰি ফুৰিছিল৷ আৰু মই তাইৰ সুখৰ মাজত
আত্মসুখ বিচাৰি চাইছিলোঁ৷
 

সঁচাকৈ নয়নাৰ সুখৰ
বাবে
 মই ধোঁৱাৰ কুণ্ডলীৰে
নিৰ্মিত পেটুৱা জী
এটা হৈ পৰিছিলোঁ৷ ধনৰ বাবে সকলোৰে গোলামী
কৰিছিলোঁ৷ টকা পালেই
যো হুকুম মেৰি আকাবুলি মূৰ দোঁৱাই উৰা মাৰিছিলোঁ৷  এই উৰণৰ শেষ
নাছিল৷ ভোগৰ শেষ নথকাৰ দৰে৷ তৃপ্তিৰ পৰিধি নথকাৰ দৰে৷

কিন্তু হঠাৎ এদিন
মোৰ উৰণ থমকি ৰ
ল৷ কৰ পৰা জানো অইন এজাক
অতৃপ্ত আত্মাই আহি মোক বেঢ়ি ধৰিলেহি৷ সিহঁতক হেনো তৃপ্তি নালাগে
, মুক্তি লাগে৷ সিহঁতক হেনো নিজাকৈ দেশ এখন লাগে৷ কিন্তু
হাস্যকৰভাৱে দেশ স্বাধীন কৰিবলৈ সিহঁতে বিদেশতহে গোপনে বাহৰ পাতে৷ জনতাৰ মুকুতিৰ
বাবে সিহঁতে জনতাকেই পণবন্দী কৰে৷ ভৱিষ্যৎ প্ৰজন্মৰ বাবে এখন মুক্ত দেশ এৰি যাব
বিচৰা আৰণ্যকসকলৰ বন্দুকে পিছে নিচিনে নতুন প্ৰজন্মৰ কুমলীয়া বুকুবোৰ৷ যদুবংশ
ধ্বংস কৰাদি ধ্বংস কৰে সিহঁতে আপোন ভাতৃক৷ আপোনজনৰ তেজৰ ফাকুৰে খেলে সিহঁতে
অস্তিত্ব ৰক্ষাৰ খেল৷
 

বনৰীয়াৰ জাকটোৱে কলা
কাপোৰেৰে দুচকু বান্ধি অচিন বাটেৰে লৈ যোৱা সময়খিনিত ময়ো দেখিছিলোঁ মুকুতিৰ সপোন৷ পিতায়ে
দেহে-কেহে খাটি কৰা মাটি-ভেটি বিকি চাকৰিটো কিনাৰ দৰেই আততায়ীৰ হাতত টকা এজাপ গুজি
দি মই কিনিব খুজিছিলোঁ মোৰ বন্ধকীত পৰা জীৱনটো৷ পিছে মুক্তিৰ দৰ-দাম চলি থকা সময়তে
সিহঁতৰ কমাণ্ডাৰ-ইন-চীফে আদেশ দি পেলালে
মুক্তি নহয়,
 চিৰমুক্তি দিয়া হওক চৰকাৰৰ
গোলাম কেইজনক৷

চৰকাৰৰ সম্মুখত
সিহঁতৰ দাবী নৰজিল৷ সেইদেখি সিহঁতৰ সম্মুখত আমাৰ আকূতি নৰজিল৷
 

জনহীন অৰণ্যখনৰ
মাজেৰে
নিউ নিউ কৈ থকা ফেঁচাৰ কুৰুলি শুনি আগ বাঢ়ি গৈ থাকিলোঁ আমি৷ ঠিক যেন যোৱা নাছিলোঁ,
আমাক নিয়া হৈছিল চোঁচৰাই এন্ধাৰ বাটেৰে৷ সেই মুহূৰ্তত সিহঁতক আমাৰ
ছিষ্টেমটোৰ দৰেই লাগিছিল৷ আমি সিহঁতৰ অনুগত হৈ পৰিছিলোঁ৷

সিহঁতে ৰবলৈ
লে আমি ৰৈছিলোঁ৷ আঁঠু কাঢ়িবলৈ কলে
আঠু কাঢ়ি দিছিলোঁ৷ হাত দাঙিবলৈ ক
লে দাঙিছিলোঁ হাত৷ তাৰ পাছত
চলি গৈছিল ধাঁই ধাঁইকৈ কেইবাজাঁয়ো গুলী আৰু হেৰাই গৈছিল নিউ নিউ কৰা কাল ফেঁচাটোৰ
মাত৷

বাৰুদ বাৰুদ
গোন্ধবোৰ বুকুত গুজি তেজৰ সুঁতিত লুটি খাই পৰি আছিল একো একোটা ঠেং নোহোৱা জী
৷ গুলী
সোধাবৰ পৰত সোধা নাছিল আৰণ্যকসকলে জী
কেইটাৰ অন্তিম ইচ্ছা৷ নুসুধিবৰে
কথা৷ আনৰ বহতীয়া জী
ৰ থাকিব পাৰে জানো নিজাকৈ কিবা আশা? পুৰণি চাকিটোৰ পৰা মুকুতি পালেই জী গোলাম হৈ পৰে
গৰাকীৰ৷ গোলাম হৈ পৰিছিলোঁ মই৷ ছিষ্টেমৰ
? নয়নাৰ? না,
নয়না মাত্ৰ এটা বাহানাৰ নাম৷ মই নয়নাৰ নামত চিকন্দৰ হব বিচৰা সপোনটো পূৰণ কৰিছিলোঁ৷ অভাৱী জীৱনটোক ধাঁই ধাঁইকৈ গুলী মাৰি
উৰুৱাই দিছিলোঁ৷ ক্ষত-বিক্ষত হৈ পৰা অভাৱ নামৰ দৈত্যটোৰ সুৰুঙাবোৰত টকাৰ নুৰাবোৰ
গুজি দিছিলোঁ৷ দেশ-সংবিধান
, আইন-কানুন, চৰকাৰ-ব্যৱস্থা সকলোকে চেপেটা টকা সজাই জেপত লৈ ফুৰিছিলোঁ৷ টকাৰ
সন্মোহনীয়ে ধৰিছিল মোক৷

বন্দুকধাৰীকেইজনৰ
হাতত বন্দী হ
বৰ দিনাহে মোৰ নিচা ফাটিছিল৷ সেইদিনা নয়নালৈ মোৰ বৰকৈ মনত
পৰিছিল৷ পিতাইৰ কথা মনত পৰাত বুকুখনে হম হম কৰিছিল৷ আৰু মা
? মোক
জন্ম দিবলৈ গৈ নিজে তেজৰ নৈত উটি যোৱা মোৰ মা
? মাক সিদিনা
ভাল হস্পিতাল এখনলৈ নিয়া হ
লে! শেঁতা দেহাটোত কেই ইউনিটমান
তেজ দিব পৰা হ
লে…! সজ স্বামীৰ শেঁতা পৰা পত্নী হৈ নীৰৱে
আঁতৰি যোৱা মালৈ মোৰ খং উঠিছিল৷ তেওঁ নয়নাৰ দৰে অলপ অসন্তুষ্ট হোৱা হ
লে! নয়নাক মই শেঁতা পৰিবলৈ দিয়া নাই৷ তেজৰ নৈত উটি যাব নোৱাৰাকৈ মই বান্ধি
ৰাখিছোঁ নয়নাক৷ মৰমেৰে৷

কিন্তু কিমান পৰলৈ? 

বুকুৰে তেজৰ সোঁত বৈ
থকা পেটুৱা শ
বোৰৰ মাজৰ পৰা মই কেনেবাকৈ উঠি আহিছিলোঁ৷ জনহীন অৰণ্যখনৰ
ডালে-পাতে মই বগাই ফুৰিছিলোঁ৷ গিৰিপ্ গিৰিপ্ খোজ কেতবোৰ আহি গছজোপাৰ তলত থমকিছিল৷ সিহঁতৰ
আঙুলিৰ পাবৰ পৰা বাৰে বাৰে হিচাপ এটা সুলকি পৰিছিল৷

এটা
ডি কম আছে৷  

সিহঁতৰ বাবে মই এটা মিছিং
ডি আছিলোঁ৷ কিন্তু
মোৰ বাবে মই তেতিয়াও নয়নাৰ অপূৰ্ণ আশা পূৰণৰ তাবিজ বুকুত ওলমাই ফুৰা এটা ধোঁৱাময় জী
আছিলোঁ৷

পুৱা বডিকেইটা তুলি
নিবৰ পৰত সংগঠনৰ সদস্য এজনে খবৰকাকত এখন তাতেই পেলাই গৈছিল৷ কাণিমুনি পোহৰতো মণিব
পৰাকৈ মৃতকৰ ঘৰত মোৰ ছৱিখন জিলিকি আছিল৷ মাথোন মণিব নোৱাৰা সৰু সৰু আখৰবোৰৰ মাজত
মই এটি অতীত হৈ হেৰাই গৈছিলোঁ৷
 

ডিকেইটা
বুজি পোৱাৰ আগতেই খবৰৰ প্ৰতিযোগিতাত নামি পৰিছিল সংবাদকৰ্মীসকল৷ টি আৰ পিৰ দৌৰত
পাহৰি গৈছিল সিহঁতে মৃত্যুৰ কিৰিলিৰ মাজত থাকিব পৰা জীৱনৰ সম্ভাৱনাৰ কথা৷ অৱশিষ্ট
উশাহকেইটালৈ ৰ
বলৈ কাৰো সময় নাছিল!

প্ৰচণ্ড ঘৃণাত
কাকতখন দলিয়াই পেলাই ওলমি ৰ
লোঁ মই প্ৰকাণ্ড ডাল
এটাত ৷ গণতন্ত্ৰৰ ঘূণে খোৱা খুঁটাকেইটালৈ মনে মনে সমবেদনা জনালোঁ৷ ব্যৱস্থাটো কোনেও
অকলে নষ্ট কৰিব নোৱাৰে৷ হাতে হাত ধৰি সকলোৱে উঠি পৰি লাগিব লাগিব৷ আমি যিদৰে ছিষ্টেমৰ
পৰা সৰি পৰা একোটা পেটুৱা জী
হৈ পৰিছিলোঁ, তেনেকৈয়ে বন্দুকধাৰী, কলমধাৰী সকলোৱে সময়ে সময়ে কব পাৰিব লাগিব, ‘যো হুকুম মেৰি আকা! নহলে বিয়াগোম নেতাই অকলে কিদৰে গঢ়িব আকাংক্ষিত
ছিষ্টেমটো! কিদৰে ক
ম আমি, কাকনো বুলিম ককা, সকলোৰে দাড়ি-চুলি পকা৷

আ…স…৷ বিষবোৰ
কলিজালৈ উজাই আহিছে৷ বুকুৰে সৰকি যোৱা গুলীটো যেন চেতনাৰ সৰ্বত্ৰে বগাই ফুৰিছে৷

কিন্তু ভাবনাৰ শেষ
বিন্দুলৈকে ভাবি থাকিলোঁ মই৷

পূবৰ আকাশত পুৱাৰ ৰং
চৰিছে৷ নয়নাই এতিয়া নিশ্চয় শোৱাপাটী এৰিছে৷ মোৰ মৃত্যুৰ সংবাদ কঢ়িওৱা কাকতখন হয়তো
তাই নিজে বুটলিছে! কি হ
ব তাইৰ মোৰ মৃত্যুৰ সংবাদ নিজ চকুৰে
দেখা পালে
? নিজক চম্ভালিব নোৱাৰিলে কিদৰে বচাব তাই গৰ্ভস্থ সন্তানটিক? কিদৰে বচাব তাই নিজকে? মোৰ অতদিনৰ চৰ্যা নাযাব জানো অথলে?

পোহৰবোৰ বাঢ়ি অহাত
মোৰ চৌপাশে বাঢ়ি আহিছিল গিৰিপ্ গিৰিপ্ শব্দবোৰ৷ প্ৰতিষ্ঠিত সংবাদগোষ্ঠীসমূহৰ পৰা
হেঁচা আহিছে৷ যেনে তেনে হিচাপ মিলাব লাগে৷ চাৰ্কুলেট হোৱা খবৰবোৰ বন্দুকৰ পৰা এৰা
গুলীৰ নিচিনা৷ লোকাৰণ্যত বিয়পি পৰা খবৰবোৰ ঘূৰাই আনিব নোৱাৰি৷ কিন্তু বন্দুকৰ আৰু
দুটা গুলী জনহীন অৰণ্যৰ মাজত এৰি দিব পাৰি৷

হঠাৎ বেতাল হৈ ওলমি
থকা মইজনক দেখা পাই পিঠিত কঢ়িয়াই নিলে কোনোবা বিক্ৰমে৷
 

এইবাৰ ভুল নকৰে
সিহঁতে৷

 কেইবাটাও বন্দুক
সাজু হৈ উঠিল মোক লক্ষ্য কৰি৷ হাত
, ভৰি, মূৰ, বুকু, পিঠি সকলো থকা-সৰকা
কৰিবলৈ মূৰ টঙাই থিয় হৈ ৰ
ল এদল বনৰীয়া আত্মা৷

মোৰ সময় শেষ হৈ
আহিছিল৷ কিন্তু চকু মুদাৰ আগতে এবাৰ জানিবৰ মন গৈছিল৷

কেনে আছে নয়না মোৰ
মৃত্যুৰ বাতৰি পাই
?’

শেষ
ইচ্ছা
?’ যুৱক এজনে হঠাৎ মোলৈ দয়া দেখুৱালে৷ হয়তো সিহঁতেও
বুজিছিল আশা নেৰালৈকে লিকটা জীৱই নেৰিব দেহা৷

মই মোৰ অৱশিষ্ট
শক্তিখিনি একগোট কৰিলোঁ৷

নয়না৷
 মুমূৰ্ষু কলিজাৰ পৰা সৰি
পৰিল এটি মাত্ৰ শব্দ৷

মোৰ হাত দুখন জৰীৰে
কটকটীয়াকৈ বান্ধি সিহঁতৰ মাজৰ এজনে ম
বাইলৰ নিউজ পৰ্টেলত নয়নাক লাইভ দেখুৱালে৷

কান্দিছে তাই৷ বিয়াৰ
ৰাতি মাকৰ ঘৰৰ পৰা বিদায় ল
বৰ বেলিকাও এনেদৰেই কান্দিছিল তাই৷ কান্দি
কান্দি বাউলি হৈ পৰা নয়নাক এখন বলিষ্ঠ বাহুৱে সাবটি ধৰিছে৷ তাইৰ দুগালেৰে নৈ হৈ বৈ
অহা চকুলোবোৰ সি আলফুলকৈ মচি দিছে৷ তাইৰ হাতদুখনত খামোচ মাৰি ধৰি সি বাৰে বাৰে
সান্ত্বনা দিবৰ চেষ্টা কৰিছে৷ তাই ক্ষান্ত হোৱা নাই৷ কিন্তু বলিষ্ঠ হাতখন তাই গাৰ
জোৰে আঁতৰায়ো অনা নাই৷ তাইৰ লিহিৰি আঙুলিকেইটা সোমাই ৰৈছে বলিষ্ঠ হাতখনৰ মুঠিত৷

 ৰাহুল!
মই হাতখন চিনি পালোঁ৷

 মই আৰু কিবা কোৱাৰ
আগতে ম
বাইলটো যুৱকজনে টান মাৰি আঁজুৰি লৈ গল৷

তাৰ পাছত…৷

এটি কৰ্কশ কমাণ্ড৷

আকাশ কঁপাই যোৱা
মৃত্যুৰ আদেশ৷

 ফায়াৰ৷

 মই চকু মুদি দিছিলোঁ৷

মোৰ চেতনাৰ স্ৰোতবোৰ
ক্ৰমে মিলি যাব ধৰিছিল বিশাল চৰাচৰত৷ শৰীৰি ভাৰবোৰ কমি কমি ক্ৰমাৎ শূন্য হৈ আহিছিল৷
ইটো আৰু সিটো পাৰৰ মাজত আছিল মাত্ৰ এটি লহমাৰ দূৰত্ব৷

শেষবাৰৰ বাবে অৰণ্যৰ
মায়াত মই কঁপি উঠিছিলোঁ৷ চেতনাৰ অন্তিম বিন্দুলৈকে অৰণ্যখন মই বুকুত ধাৰণ কৰিছিলোঁ৷

মা আৰু পিতাই ৰৈ
আছিল মোলৈ অৰণ্যৰ সিটো পাৰে৷ মই দেখা অৰণ্যখন শেষ হৈছিল মা আৰু পিতাইৰ বুকুত৷ তেওঁলোকৰ
প্ৰসাৰিত হাত কেইখন সোণৰ জৰী হৈ নামি আহি মেৰাই ধৰিছিল মোক৷ মই সাজু হৈছিলোঁ সিটো
পাৰৰ বাবে৷ তেওঁলোকৰ সুদা হাতদুখনে ভৰাই পেলাইছিল মোক৷ মই সাজু হৈছিলোঁ ভৰাই
তুলিবলৈ দুজন শূন্য মানুহক৷

 

ঠিকনা :

বিলাসীপাৰা, ধুবুৰী

ডাকঘৰ : হাকামা

পিন : ৭৮৩৩৪৮

ভ্ৰাম্যভাষ : ৯১০১৭৫২৯৪২