স্বপ্না দত্ত ভৰালী

 

 

“ইচ্! কেনেকৈ?” 

“কি হৈছিল?” 

“বৰ ভাল মানুহ আছিল
দেহি!”
 

ৰাতিপুৱাই সৰু চহৰখনত
খবৰটো ফাটি-ফুটি গ’ল৷ কৃপাল বৰা ঢুকাল৷ মানুহবোৰে ইচ্-ইচ্, আচ্-আচ্ কৰিলে৷ বিভিন্ন সামাজিক
কামত জড়িত থকা মানুহ৷ সৰল আৰু নিৰহংকাৰী৷ আজি কিছুদিনৰ পৰা সৰু-সুৰা দুই এটা অসুখ হোৱাৰ
বাদে তেওঁৰ অন্য অসুখ-বিসুখৰ কথা গম পোৱা নাছিলোঁ৷ হঠাতে এনে এটা ঘটনা ঘটাত সকলো আচৰিত
হোৱা স্বাভাৱিক৷
  

কৃপাল বৰা মোৰ স্কুলীয়া
দিনৰে বন্ধু৷ সৰুৰে পৰা আমি দুয়ো একেলগে স্কুললৈ অহা-যোৱা কৰা৷ বমভোলা কৃপাল৷ কাকো
টান কথা এটা ক’ব নোৱাৰে৷ ককাই-ভাই, বাই-ভনীকেইটাৰ অগাধ মিলা-প্ৰীতি৷ দেউতাক নাইকিয়া
কৃপালহঁতক সৰু চাকৰি এটা কৰি মাকে কেনেকৈ যে ডাঙৰ কৰিছিল সেয়া মই চকুৰ আগতেই দেখিছিলোঁ৷
হায়াৰ ছেকেণ্ডাৰীলৈকে একেলগে পঢ়া কৃপালৰ সৈতে মোৰ সম্পৰ্ক কলেজত পঢ়া দিনবোৰত অলপ স্থবিৰ
হৈ গৈছিল৷ মই নিজা চহৰৰ পৰা কিছু দূৰৈৰ কলেজ এখনত পঢ়িবলৈ যোৱাৰ বিপৰীতে সি স্থানীয়
কলেজখনতে নাম লগাইছিল৷ সেই সময়ত মোবাইল ফোনবোৰো নাছিল৷ কেতিয়াবা বন্ধত ঘৰলৈ গ’লে তাক
লগ পোৱাৰ সৌভাগ্য হৈছিল৷ পাছত চাকৰি সূত্ৰে একে চহৰতে আছিলোঁ যদিও আমাৰ লগ পোৱা সেৰেঙা
হৈ আহিছিল৷ তেতিয়ালৈ সি আৰু আগৰ ৰঙিয়াল কৃপাল হৈ থকা নাছিল৷ আৰ তাৰ মুখে গম পাইছিলোঁ, নিজৰ
জন্মঘৰখনৰ লগত তাৰ সম্পৰ্ক নাছিল৷ বাহীবিয়াৰ দিনাই তাৰ পত্নীয়ে বৌয়েকৰ সৈতে কিবা কাজিয়া
কৰি সমস্ত বয়-বস্তু লৈ ভাৰাঘৰ লৈছিলহি৷ ঘটনাৰ আকস্মিকতাত স্থবিৰ হৈ পৰা মাকে তাৰ সংসাৰখন
বচোৱাৰ খাতিৰত বুকুত শিল বান্ধি তাক বিদায় দিছিল৷ ককায়েক বা ভনীয়েক কেতিয়াবা খবৰ এটা
লওঁ বুলি আহিলেও পত্নীৰ ব্যৱহাৰত প্ৰায়েই আহত হৈছিল৷ এনেকৈয়ে কৃপাল বৰুৱা দুটা সন্তানৰ
বাপেক হৈছিল৷ সন্তান দুটিৰ স্বাৰ্থত তেওঁ এক নিজস্বতা নাইকিয়া সত্ত্বালৈ পৰিৱৰ্তিত
হৈ পৰিছিল৷ জন্মঘৰখনত কিবা এটা অনুষ্ঠান পাতিলে পত্নীৰ অগোচৰে তেওঁ কেতিয়াবা সুবিধা
অনুযায়ী অফিচৰ কামত ক’ৰবালৈ যোৱা বুলি পাক এটা মাৰি আহিছিলগৈ৷ আৰু কেতিয়াবা কেনেবাকৈ
পত্নীৰ কাণত পৰিলে টালি-টোপোলা বান্ধি কৃপাল বৰাক ডিভোৰ্চ দি ঘৰলৈ গুচি যোৱাৰ নাটক এখন
প্ৰায়েই কৰি পেলাইছিল৷ বমভোলা মানুহটোৱে প্ৰতি বাৰতেই ল’ৰা-ছোৱালীৰ মুখলৈ চাই পত্নীৰ
হাতে-ভৰিয়ে ধৰি ঘৰলৈ ঘুৰাই আনে৷ প্ৰায় প্ৰতি মাহতেই কিছুমান তেনেই সাধাৰণ কথাতে ল’ৰা-ছোৱালীৰ
চকুৰ সন্মুখত এই নাটকখন চলি আছিল৷ ঘৰুৱা ৰাজনীতিত সিদ্ধহস্ত মাকে ল’ৰা-ছোৱালী দুটাক
দেউতাকৰ পৰিয়ালৰ মানুহবোৰ কিমান বেয়া সেয়া পতিয়ন নিয়াবলৈ সক্ষম হৈছিল৷ শেষত পত্নীয়ে
তেওঁক এটা চৰ্ত দিছিল, পৰিয়াল লাগিব নে ঘৰৰ মানুহখিনি? যিকোনো এটাহে বাছি ল’ব পাৰিব৷
ল’ৰা-ছোৱালীহালৰ মোহত অৱশেষত কৃপাল বৰাই মাক, ককায়েক, বায়েক, ভায়েকহঁতৰ লগত সম্বন্ধ
ছেদ কৰিছিল৷ নিৰ্যাতিত সদায় জানো কেৱল নাৰীয়েই হয়? পুৰুষকো কেতিয়াবা নাৰীয়ে নিৰ্যাতন
চলায়৷ সেই অধ্যায় প্ৰায়েই আন্ধাৰত থাকি যায়৷ জীৱন্ত মৃতদেহ হৈ ঘুৰি ফুৰিলেও বহুত পুৰুষে
সেয়া বাহিৰত প্ৰকাশ কৰিব নোৱাৰে, নকৰে৷
 

“ৰিজুমণি আহেনে কেতিয়াবা?”

এদিন মই ৰাতিপুৱা
খোজ কাঢ়োঁতে কৃপালক লগ পাইছিলো৷ ৰিজুমণি তাৰ সৰু ভনীয়েক৷ সি সাধাৰণতে মৰ্নিং-ৱাক নকৰে৷
পিছে সেইদিনা তাক লগ পাই দুয়োটাই একেলগেই খোজ কাঢ়িছিলোঁ৷
 

“নাই৷ একেবাৰেই নাহে
অ’ আজিকালি৷”

তাৰ কণ্ঠত ফুটি উঠা
ক্ষোভ মই লক্ষ্য কৰিছিলোঁ৷
 

“কিয়? কিবা হ’ল নেকি?”

“আহিছিল এবাৰ৷ বহুত দিনৰ
মানে কেইবা বছৰৰ মূৰত তাই অহাত আনন্দৰ পাৰ নোহোৱা হৈছিল মোৰ৷ কি খুৱাওঁ, কি নুখুৱাওঁ
লাগি বজাৰৰ পৰা আটাইতকৈ ডাঙৰ মাছটোৱেই লৈ আনিছিলোঁ৷ পিছে সেই মাছটোৱেই কাল হ’ল৷ পত্নী
সেইদিনা অসুস্থ আছিল৷ তেওঁৰ অসুস্থতা সত্ত্বেও মই তাইক ডাঙৰ মাছ আনি ভাত খুউৱাৰ দৰে
অক্ষমণীয় অপৰাধটো নকৰা হ’লে তাই হয়তো কেতিয়াবা আহিলহেঁতেন৷”
 

কথাষাৰ কৈ যাওঁতে
ক্ষোভত, দুখত তাৰ চকুৰ কোণ সিক্ত হৈ পৰিছিল৷ অন্যদিনা সি এনে কথা কোৱা শুনা নাছিলোঁ৷
সেইদিনা কথাষাৰ চকুহাললৈ চাবলৈ মোৰ সত্ যোৱা নাছিল৷ কিছু আক্ষেপেৰে সি কৈ গৈছিল কেনেদৰে
ল’ৰা-ছোৱালীহালেও পেহীয়েকক বেছিকৈ বেয়া পাবলৈ আৰম্ভ কৰিছিল৷ মাকৰ অসুখৰ সময়ত মাছেৰে
ভাত খাব পৰা পেহীয়েকৰ ছাঁটোও সহ্য কৰিব পৰা নাছিল৷ সিহঁতৰ মনত খোপনি পুতি বহি গৈছিল
যে দেউতাকৰ পৰিয়ালৰ সকলোয়েই বেয়া৷ ভাল কেৱল নিজৰ মাক৷ মাকে দিয়া হলাহলকে পান কৰি বিষাক্ত
হৈ পৰিছিল সিহঁত৷
 

“বুইছা, মোৰ দুয়োটা
ল’ৰা-ছোৱালীৰ মাজত বৰ মিলা-প্ৰীতি৷ ঠিক আগতে আমাৰ ককাই-ভনীহঁতৰ মাজত যেনে মিলা-প্ৰীতি
আছিল তেনে৷ তুমিতো দেখিছিলাই৷”

“বৰ ভাল কথা৷ সেয়া
থাকিবই লাগে৷ নথকাটোহে বেয়া৷”

মই তাৰ সুৰতে সুৰ
মিলাই কৈছিলোঁ৷

“নহয়৷ থাকিব নালাগে৷
এই মিলা-প্ৰীতিৰ বাবে সিহঁতে কেতিয়াবা কষ্ট পোৱাটো মই নিবিচাৰোঁ৷”

“কিবা এটা কথাত মনটো
বেয়া৷ সেয়ে নক’বলগীয়া কথা দুষাৰমান তোমাক কৈ পালোঁ৷ এইবোৰ কথা যেন আমাৰ দুজনৰ মাজতে
  থাকে৷”

ঘৰ সোমাবৰ সময়ত কৈ
কৃপালে মোৰ হাতদুখনত ধৰিছিল৷ তাৰ দুচকুত আকুতি৷ তাক আশ্বাস দিয়েই মই ঘৰলৈ আহিছিলোঁ৷
আজি তাৰ মৃত্যুৰ খবৰ পাই কথাবোৰে মোৰ মনত পাকঘুৰনি খাবলৈ ধৰিলে৷ ভৰিদুটাই টানি মোক
কেতিয়া সিহঁতৰ ঘৰৰ চোতাল পোৱালেহি মনত নাই৷ তাৰ পত্নী আৰু ল’ৰা-ছোৱালীহাল তাৰ মৃতদেহৰ
কাষত বহি কান্দি আছে৷ পত্নীৰ চুলি আউলি-বাউলি৷ ওচৰৰ দুই একে আহি সান্ত্বনা দিছেহি৷
ল’ৰা-ছোৱালী দুটালৈ দুখ লাগিলেও কাষত বহি থকা তাৰ পত্নীৰ প্ৰতি মোৰ কোনো অনুকম্পা নুপজিল৷
 

“শ্মশানলৈ নিয়াৰ
দিহা কৰিব লাগে আৰু৷”

কাষৰে হাজৰিকাই আহি
প্ৰস্তাৱ দিলেহি৷
 

“কিয়? কৃপাল বৰাৰ
ঘৰৰ মানুহবোৰ আহি পাওকহি৷ খবৰ দিয়া হোৱা নাই নেকি?”

“বৰানীয়ে দেখোন তেওঁলোকলৈ
ৰ’ব নালাগে বুলিয়েই কৈছে৷”

মোৰ কথাৰ উত্তৰত
হাজৰিকাই ক’লে৷

“নাই৷ প্ৰথমে বৰাৰ
ঘৰৰ মানুহ আহি পাওক৷ তাৰ পাছতহে শ্মশানলৈ নিয়াৰ দিহা কৰিম৷ অন্তিম সময়ত অন্ততঃ মুখখনকে
দৰ্শন কৰক৷”

প্ৰয়োজনতকৈ চাগৈ
মোৰ মাতটো ডাঙৰকৈয়ে ওলাইছিল৷ বৰানী আৰু ল’ৰা-ছোৱালীহালে মোলৈ মূৰ দাঙি চালে৷ লগত থকা
কেইজনে হয়ভৰ দিলে৷ তেনেতে মোৰ ফোনটো বাজি উঠিল৷ চালোঁ৷ আমাৰ লগৰে হৰীশে কৰিছে৷

“বেয়া খবৰ এটা পালোঁ৷
কৃপাল হেনো ঢুকাল৷ হয় নেকি?”

বেয়া খবৰ? মুক্তি
পোৱাটো জানো বেয়া খবৰ!
 

এই মুহূৰ্তত এইটো
কথা সমীচীন নহয় যদিও কিয় জানো মোৰ মনলৈ আহিল!
 

“ওঁ৷ মই ইয়াতে আছোঁহি৷
তয়ো আহ৷”

কৈ মই ফোনটো চোলাৰ
জেপত ভৰালোঁ৷

 

ঠিকনা :

টঙনাপাৰা, ধেমাজি

ভ্ৰাম্যভাষ : ৮৪৭৩০৭৮০৮৫

মেইলঃ swapnduttabharali@gmail.com

ফেচবুকৰ লিংকঃ https://www.facebook.com/swapanadutta.bharali