নীলোৎপল বৰুৱা

 

 

মাংৰা বুঢ়াই ৰাজনীতি এৰি দিলে।

এৰি দিলে মানে একদম এৰি দিলে।

চফা।

ন্ন্যাস।

শেষবাৰৰ বাবে কমিউনিষ্ট পাৰ্টিত
যোগ দিছিল। বেয়াকৈ ঠগি দিলে মাংৰাক।

সেইটোৱেই প্ৰত্যক্ষ ৰাজনীতিত
মাংৰা বুঢ়াৰ শেষ দিন আছিল।

কমিউনিষ্টবিলাকৰ বিশ্বাসঘাতকতা
মাংৰা বুঢ়াই সহ্য কৰিব নোৱাৰিলে। জীৱনত যিমানখিনি ৰাজনৈতিক অথবা অৰাজনৈতিক দল-সংগঠন
দেখিছিল
,
তাৰ ভিতৰত একমাত্ৰ সেইটো দলৰ ৰং তেওঁৰ পচন্দ হৈছিল।

(অঞ্চলটোত কমিউনিষ্ট
কেইঘৰমানেই আছে। নাবাঢ়েও নুটুটেও। কোনোবা মৰিলে কমে। জন্মিলে বাঢ়ে
, যদিহে সন্তান কুলাংগাৰ নহয়। মাজে মাজে দুই-এটা বিষয়ত মানুহখিনি গোট খায়।
ওচৰৰ মানুহখিনিয়ে বুজিবলৈ চেষ্টা কৰে
, কি বিষয়ৰ প্ৰতিবাদ
কৰিছে।

আজিকালি দুনীয়াৰ
মজদুৰ এক হ‌ওক
’-টো মানুহে বুজি পোৱা হৈছে।

শ্ৰমিক ঐক্য, জিন্দাবাদ!’-টোও মানুহৰ মনত ৰৈ গৈছে!!

বাটৰ কাষত ৰৈ থকা পোৱালিবোৰে শ্লগানৰ লগে লগে কোৰাছ্ কৰে… এক হ‌ওক… এক হ‌ওক!!

এই কোৰাছ শুনিলে বহুযুগ ধৰি
সভাপতি হৈ থকা শ্ৰীযুত বৰুৱাৰ মুখত প্ৰত্যাশাৰ হাঁহি এটা ফুটি উঠে!!

এয়াইতো ভৱিষ্যত।

নতুন প্ৰজন্ম‌ই আঁকোৱালি লৈছে
শ্ৰেণীহীনতাৰএই মাৰ্গ!! তেওঁৰ সভাপতিত্বতে!!

ৰাতিলৈ তেওঁ পুনৰ্বাৰ ট্ৰটস্কি
পঢ়ে।)

 

মাংৰা বুঢ়াৰ ৰাজনীতিত যোগ দিয়াৰ
কোনো প্ৰামাণিক আদৰ্শ অথবা মতবাদ নাই।

প্ৰলিটাৰিয়েটৰ একনায়কত্ববাদ অথবা
ৰিভলুশ্যনাৰী ভেনগাৰ্ডৰ অধিনায়কত্বত মেহনতী জনতাৰ পুনৰুত্থান সম্পৰ্কীয় কোনো
মাথাব্যাথাও মাংৰা বুঢ়াৰ মচলুম নাই।

যিকোনো পাৰ্টিত হেলাৰঙে যোগ দিব
পাৰে।

আজি কংগ্ৰেছে মাতিছে, গুচি যাব।

কাইলৈ বিজেপিয়ে মাতিছে, প্ৰব্লেম।

পৰহিলৈ এজিপি ক্লাৱে মাতিছে, নট্ এ ছিংগল থট্।

কোনোবাই নতুন দল খুলিছে, মাংৰা বুঢ়াক মাতিলেই হল।

সক্ৰিয় ৰাজনীতিৰ সৈতে সম্পৰ্ক নাই
বুলি একাধাৰে ৰাজনীতিকে কৰা সাহিত্য
, ধৰ্মীয় যিকোনো
অনুষ্ঠান…

মাংৰা বুঢ়া ইজ এট ইঅ
ছাৰ্ভিচ্।

হাজিৰ হুজুৰ!

তাৰ অৰ্থ এইটোও নহয় যে মাংৰা বুঢ়াৰ
মেৰুদণ্ড নাই।

আলৱৎ আছে।

কঠিন আৰু শক্তিশালী মেৰুদণ্ড!

 

(মাংৰা বুঢ়া প্ৰায় পঁয়সত্তৰ
বছৰ বয়সতো পো
। প্ৰায় চাৰিফুট মান ওখ মাংৰা বুঢ়াৰ শৰীৰটো
শুকাই যোৱা মৰিছা এডালৰ দৰে। যিমানেই শুকাই আহিছে সিমানেই কঠিন হৈ আহিছে। কটকটীয়া।
আপুনি ফটকৈ ভাবি দিব পাৰে
– মাংৰা বুঢ়াৰ মগজুটো এটা খেজুৰীৰ
দৰে…হৃৎপিণ্ড এটা খেজুৰীৰ দৰে
, মলভাণ্ড এটা খেজুৰীৰ দৰে,
গুপ্তাঙ্গটো এটা খেজুৰীৰ দৰে…

মাংৰা বুঢ়া যৌৱন কালৰ পৰাই কলা।
সামন্তৰালভাৱে কথাবোৰ লাগি ধৰে। লেবাই লেবাই কয়। মন দি শুনিলেহে ধৰিব পাৰি কি
কৈছে।

গাৰ ছাল এঙাৰ বৰণীয়া। চুলি ছল্ট
এণ্ড পেপাৰ
সংমিশ্ৰণৰ। কোনোবা এটা প্ৰ
ফাইলৰ পৰা ইদ্ৰিছ
এলবাৰ
মূৰটো যেনেই দেখা যায়। মাত্ৰ ক্ষুদ্ৰ সংস্কৰণ। খেজুৰীৰ
দৰে। বলিষ্ঠ বলিৰেখা। গালত এগালমান মাহ।

মাংৰা ওৰাঙে স্কুল দেখা নাই।
স্বাভাৱিক। স্বাভাৱিক। কোনেও এবাৰলৈকো নক
লে স্কুল নগলে তোৰ ক্ষতি হব। উৰি যোৱা চিলনীৰ ছাঁ এটাৰ দৰে
ক্ষণস্থায়ী প্ৰপঞ্চ এটা। ন
কলে, নগল।)

মাংৰা বুঢ়াৰ মেৰুদণ্ডক লৈ কাৰো
দ্বিমত নাই
, তো এক চিকুট বিতৰ্ক নাই।

প্ৰতিটো ৰাজনৈতিক দলেই মাংৰা বুঢ়াৰ
চৰ্ত
,
আদৰ্শ আৰু লক্ষ্য জানে। আনকি কমিউনিষ্টসকলেও।

আৰু সেইটো হল মাংস!

গৰু, গাহৰী, ছাগলী, টাৰ্কী, মুৰ্গীহাঁহ, পাৰ, বাদুলী, ঘৰিয়াল…

যিক্কোনো মাংস।

এবাৰ মাংস ভাত খুৱাম বুলি ক‌ওক।

মাংৰা বুঢ়া হাজিৰ।

ৰেলী, সভা, প্ৰতিবাদ, ধৰ্ণা, যিকোনো জংগী কাৰ্যসূচী, লা
কাপোৰৰে মুখ বান্ধি কৰা প্ৰতিবাদ
, টায়াৰ জ্বলোৱা কাৰ্যসুচী,
নেগেৰা বজাই কৰা প্ৰতিবাদ, নাচি নাচি কৰা
প্ৰতিবাদ
, হামিয়াই কৰা প্ৰতিবাদ, চুলি
খুৰাই কৰা প্ৰতিবাদ…

যিক্কোনো!

(মাংৰাবুঢ়াই উলংগ হৈ
প্ৰতিবাদ নকৰে। যীশুখ্ৰীষ্টৰ প্ৰতি সমৰ্পিত প্ৰাণ মাংৰা বুঢ়া কট্টৰ খ্ৰীষ্টিয়ান।
অৱশ্যে যীশুখ্ৰীষ্টৰ উলংগ হৈ কৰা প্ৰতিবাদ সম্পৰ্কীয় কিবা নিৰ্দেশনা আছে নে নাই
তেওঁ নাজানে
, যাষ্ট্ ধৰ্মভয় এটা আৰু…)

মাংৰাবুঢ়াৰ এটাই দাবী, এটাই লক্ষ্য, সেইটো হল মাংসৰে
এসাজ ভাত।

প্ৰতিটো ৰাজনৈতিক দলৰ ৱাৰ্ড
মেম্বৰে সেই কথাটো জানে।

কোনো কোনো দলৰ জিলা পৰিষদৰ সদস্য‌য়ো জানে।

আগৰ পাৰ্টিৰ বিধায়কজনেও জানিছিল, আনকি তেওঁ কেতিয়াবা সময় থাকিলে নিজেও তদাৰক কৰিছিল- মাংৰাক ভাতটো খুৱাই
দিবা।

 

অনুষ্ঠানৰ শেষত মাংৰা ওৰাঙক
মাংসৰে ভাত এসাজ খুউৱাটো নেতা-পালিনেতাৰ নৈতিক কৰ্তব্য।

… আৰু সকলোৱে সেইটো নিষ্ঠা
সহকাৰে পালন কৰে।

(এই মনোযোগিতা মাংৰা
ওৰাঙৰ বহুদিনীয়া সততা আৰু সাধনাৰ ফচল। মাংৰা ওৰাঙে ৰাজনৈতিক কৰ্মকাণ্ডৰ বাবে কোনো
পাৰিশ্ৰমিক নলয়। কোনো দাবী নাই।

লোভ নাই।

মোহ নাই।

গতিকে পালিনেতাসকলৰ গাইমুৰি পৰা
খৰচতকৈ মাংৰা ওৰাঙৰ বাবে কিনি নিয়া মাংস তৰকাৰীৰ প
লিথিনৰ টোপোলাটোৰ খৰচ তেনেই
নিঃকিন!!)

সিজোৱা, পকোৱা, পোৰা কোনো ধৰণৰ মাংসৰ প্ৰতিয়ে মাংৰা ওৰাঙৰ
বৈষম্য নাই।

তথাপি নিজা অভিমত হিচাপে তেওঁ
পানীত তিয়াই থৈ পটাত পিহি কৰা জিৰা আৰু ধনীয়াৰে ৰন্ধা কোমল গৰুৰ মঙহক অগ্ৰাধিকাৰ
দিয়ে।

যদিও এই কথাটোৱে ধৰ্মীয় উন্মাদনাৰ
সৃষ্টি কৰিব বুলি ভাৱি গৰুক ছাগলীলৈ পৰ্যৱসিত কৰি লয়। উদাৰমনা বিশাল হৃদয় হোৱা
বাবে গৰু আৰু ছাগলীৰ মাজৰ পাৰ্থক্যটোক তেওঁ তৎকালীনভাৱেই নোহোৱা কৰি পেলায়।

ধৰ্মনিৰপেক্ষ দেশৰ এইটো এটা
বিপ্ৰতীপ প্ৰতিক্ৰিয়া বুলি এটা ধাৰণা তেওঁৰ মজ্জাগত!

গতিকে যদি কোনোবাই সোধে তেওঁৰ
প্ৰথম পচন্দ কি
, তেতিয়া তেওঁ তেওঁৰ আজন্ম হেঁপাহক গৰকি কৈ উঠে- জিৰা
ধনীয়া দি বহু সময় সিজাই সিজাই ৰন্ধা ছাগলীৰ মঙহ।

তাত তেজপাত পৰিলে সেইটোৱে তেওঁক
বৰদিনৰ আনুষংগ আনি দিয়ে।

 

মাংসৰ হাড়, কলিজা, যকৃৎ, হাঁও-ফাওঁ,
ডেউকা, ঠেং যিকোনো অংশকে মাংৰা বুঢ়াই অত্যন্ত পৰিতৃপ্তিৰে
ভক্ষণ কৰে। আনকি মজ্জাও।

মাংস চোবাই থকা সময়খিনিত তেওঁ এজন
ধ্যানমগ্ন ঋষি।

সাংখ্যযোগৰ জৰিয়তে মোক্ষৰ ফালে গৈ
থকা যোগী।

সভাথলী, হোটেল, অনুষ্ঠান প্ৰতিষ্ঠানৰ বাৰাণ্ডা, ফুটপাথ যতেই নহ‌ওক কিয়…

তাৎক্ষণিকভাৱে তেওঁ হৈ পৰে
লাওৎসে
,
কনফুছিয়াছি, অথৱা লুইপাদ !!

খাই থকাৰ সময়ত মাংৰা বুঢ়াই
কোনোদিনেই পানী নাখায় আৰু খাই উঠি উগাৰ নামাৰে। এইটো তেওঁৰ নিজা প্ৰ
ল।

(হয়তো তেওঁৰ আজোককাকৰ
আজোককাকে পালন কৰা জড়বাদী উপাসনাৰ সৈতে বিজড়িত এটা সংস্কাৰ। উগাৰ মাৰি দিলে
খাদ্যমূল্যটো বতাহত মিলি যায়
, পানীয়ে পাকস্থলীৰ খালী অংশ
হ্ৰাস কৰে… ইত্যাদি ইত্যাদি।)

কোনেও তেওঁক সেইটো ভংগ কৰা দেখা
নাই।

যুগ-যুগান্তৰ ধৰি।

 

মাংসখিনি খাই উঠাৰ পাছতেই সেই
নিৰ্দিষ্ট দলটোৰ সৈতে মাংৰা ওৰাঙৰ ৰাজনৈতিক
কূটনৈতিক সকলো সম্বন্ধ
শেষ হয়।

অৱশ্যে তেওঁ সেই দলৰ টুপী, টি চাৰ্ট বা বেজ জাতীয় কিবা পালে সেয়া ঘুৰাই নিদিয়ে।

তাৰ পাছত তেওঁ নিৰন্তৰ অপেক্ষা
কৰে আন এসাজ মাংসলৈ।

অধীৰ অপেক্ষা।

 

এবাৰ মাংৰা ওৰাং এটা ভয়ানক
ৰাজনৈতিক বিতৰ্কত সোমাই পৰিছিল।

সাংবাদিকসকলে তেওঁক বেঢ়ি বেঢ়ি, খেদি খেদি প্ৰশ্ন কৰিছিল।

খন্তেকতে বিব্ৰত হৈ পৰা মাংৰা
ওৰাং হৈ পৰিছিল কাৰোবাৰ ঘৃণা আৰু কাৰোবাৰ মৰমৰ পাত্ৰ এটা ৰাজনৈতিক
ছেছেশ্বন্!!

তেওঁ বেলেগ এটা দলৰ টি চাৰ্ট আৰু
টুপী পিন্ধি অন্য এটা দলৰ শোভযাত্ৰাত অজানিতে সোমাই পৰিছিল।

পাছলৈ এই বিষয়ত তেওঁ খুৱেই সাৱধান
হৈ পৰিছিল।

পৰাপক্ষত নিউট্ৰেল কষ্টিউম
ব্যৱহাৰ কৰে।

(ওৰে জীৱন হাফপেণ্ট পিন্ধা
মাংৰা ওৰাঙে কাহানিও চাৰ্টৰ বুটামক লৈ চিন্তিত হোৱা নাই।

 

কোনো ঋতুপতন অথৱা ঋতুগঠনে তেওঁক
বস্ত্ৰৰ সনাতন ধৰ্মক বুজাব পৰা নাছিল।

সেইদিনা অকস্মাতে তেওঁৰ বুদ্ধত্ব
প্ৰাপ্তি ঘটিছিল- প্ৰত্যেক ৰাজনৈতিক দলৰে নিজা ৰং থাকে।

নিজা বস্ত্ৰ থাকে। সেই মতে
পিন্ধাৰ নিৰ্দিষ্ট ধৰণ!!

অলপ অবাক হৈছিল ৰং নিৰপেক্ষ মাংৰা
ওৰাং।)

 

ৰং সলনি কাপোৰ পিন্ধিলে কেমেৰাই
খেদে- এই উপপাদ্য তেওঁৰ মনৰ অতল তলিত খাঁজ খাই পৰিল।

 

সেই ঘটনাই মাংৰা ওৰাঙৰ ৰাজনৈতিক
কেৰিয়াৰ প্ৰায় নষ্ট কৰিয়ে পেলাইছিল!

কিন্তু ৰাইজৰ বিপুল দাবী আৰু মৰমক
নেওচিব নোৱাৰি তেওঁ আকৌ সক্ৰিয় ৰাজনীতিত জঁপিয়াই পৰিল! স
ম্পূৰ্ণ গাহৰি এটা আৰু মেচুকা পাতেৰে মলমলীয়া লোভনীয় নৈশ
আহাৰৰ বিনিময়ত এজাক ভূমিপুত্ৰৰ সৈতে শিল ভ‌‌ঙা কাৰখানা এটাৰ সপক্ষে যুঁজ দিলে তেওঁ।
তমোময় যুঁজ। সিপক্ষ‌ই আৱাসিক এলেকাত শিল ভঙা কাৰখানাটো বিচৰা নাছিল। অৱশ্যে
তেওঁলোকৰ ভোজ
ভাতৰ ব্যৱস্থা নাছিল।

 

উৰাজাহাজৰ পাছতে মাংৰা বুঢ়াৰ বাবে অন্য
এটা অন্যতম বিস্ময় হ
ল পৃথিৱীজুৰি হঠাতে হোৱা মাংসৰ উভৈনদী ব্যৱস্থা।

বাটে ঘাটে উভৈনদী মাংসৰ বজাৰ দেখি
হতবাক হৈ পৰে মাংৰা ওৰাং।

এটা বিস্ময়ে পকাই যায় মাংৰা
ওৰাঙক।

নিৰ্বাক হৈ পৰে মাংৰা বুঢ়া।

কাহিলি কালৰপৰাই ওৰে জীৱন
মাংৰা বুঢ়াই মঙহৰ দুষ্প্ৰাপ্যতা আৰু নাটনিকে দেখি আহিছে।

মঙহহীনতাৰে পাৰ হৈ গৈছে অলেখ
বৰ্ষা বসন্ত!

 

মাংৰা ওৰাঙৰ মতে জন্ম, মৃত্যু কিম্বা বিৱাহ মানেই মাংস।

বিৱাহটো মাংসৰ শক্তিশালী প্ৰপঞ্চ।

জন্ম আৰু মৃত্যুটো দুৰ্বল।

বিৱাহ মানেই এটা গোটা গৰু অথবা
গাহ
ৰিৰ নিশ্চিতি।

পৰম প্ৰত্যয়।

 

তাৰ বাদে বাকী সময়খিনিত কেতিয়াবা
হঠাৎ এটা ঘৰুৱা কুকুৰা। কুকুৰাটোৱে দেহাত এটা বা দুটা পৰিয়ালৰ বহুদিনীয়া আকাংক্ষাক
কঢ়িয়াই লৈ ফুৰে!

মাছক লৈ মাংৰা বুঢ়াৰ কোনো স্বপ্ন
নাই
,
নাই আশা আকাংক্ষা।

 

কণী সিমান দুৰ্লভ নাছিল। সেয়ে সি
মাংৰা ওৰাঙৰ শৰীৰ বা মনত একো উন্মাদনা তুলিব নোৱাৰিছিল।

বাকী সময় খিনি মাংৰা ওৰাং চিকাৰলৈ
গৈছিল। হাতত বাটলু গুটি
, কেটেপা, চিয়াঁৰী
কাঁড় লৈ।

(কাঁড়বোৰ তীক্ষ্ণ।

জোংবোৰ লোহাৰ।

কাঁড়ৰ লোহা অসম আন্দোলনৰ সময়ত
ভাগৱতীয়ে যোগান ধৰিছিল।

যুদ্ধ হ,
সাজু থাক।

ওৰাং গাঁওখনৰ সকলো ঘৰতে বোজাই
বোজাই সুতীক্ষ্ণ চিয়াঁৰী কাঁড় আৰু ধনু জমা হৈছিল।

 

 … অসমীয়াবোৰে তহঁতক খেদাবলৈ
আন্দোলন কৰিছে
, কংগ্ৰেছত ভোট দিবি, নহলে
বিপদ হ
ব…।

 

ভাগৱতীয়ে পাছলৈ চাপৰিৰ মিঞাবিলাকৰ মাজত ৰাতি ৰাতি ভি. চি. আৰ. নি লেতেৰা লেতেৰা চিনেমা দেখুৱাইছিল।

অবিশ্বাস্যভাৱে চাপৰিত বৃদ্ধি
পাইছিল সন্তান জন্মৰ হাৰ। দহ-বাৰ বছৰ নৌহ‌ওঁতেই সিহঁতৰ নাম ভোটাৰ তালিকাত ভৰাই
দিছিল ভাগৱতীয়ে…)

 

জংগলত যি য
পাইছিল এফালৰ পৰা চিকাৰ কৰিছিল।

চৰাইনেউল,
কেৰ্কেটুৱা, গুঁই…

 

এবাৰ মাংৰা বুঢ়াই এডাল প্ৰকাণ্ড
অজগৰ ধৰিছিল। গোটেই গাঁওখনৰ বাবে মঙহে আঁটিছিল। ভোজৰ দৰে পৰিৱেশ এটা তৈয়াৰ হৈছিল।
ভুৰি ভুৰি প্ৰশংসা আৰু সন্মানৰ পাত্ৰ হৈছিল মাংৰা ওৰাং!

 

(অজগৰৰ বগা মঙহৰ সেই ভোজটো
মাংৰা ওৰাঙৰ জীৱনৰ এটা টাৰ্নিং প‌ইণ্ট। মাংৰা ওৰাঙে বুজি উঠিলে মানুহ আৰু মঙহৰ 
সম্পৰ্ক চিৰন্তন। মঙহে মানুহক কেনেকৈ খোল খুৱায়। মঙহ দাতাৰ প্ৰতি মঙহাতুৰ মানুহৰ
চকুৰ সন্মোহিত চাৱনি
, দাস্যতা, সমৰ্প সমস্ত!!)

 

মাংৰা ওৰাঙৰ ককাক খ্ৰীষ্টিয়ান হৈছিল।

হৈছিল মানে হ
লগা হৈছিল।

আকালৰ সময়ত কোনেও এমুঠি চাউল
নিদিয়াৰ বিপৰীতে জিলিকা ছালৰ ক
লা কেৰেলিয়ান পাদ্ৰীবোৰে গোহোম
বিলাইছিল।

মানুহে সোপাসোপে গিলিছিল সিজোৱা
গোহোমৰ ভঙা টুকুৰাৰ মণ্ড।

মানুহে সিহঁতক গোহোম খ্ৰীষ্টিয়ান
বুলি বহুদিনলৈকে জোকাইছিল।

 

এতিয়া সেই দিন নাই।

গীৰ্জাঘৰলৈ ডেনমাৰ্কৰ বেচৰকাৰী
সংস্থা এটাই নিয়মিত টকা পঠা

গীৰ্জাৰ ফাদাৰো ওৰাং জাতিৰে।
ঝাৰখণ্ডৰ হ
লে কি হ, নিজৰে জাতিভাই।

বহু দশকৰ আগতে এজাক ফাগুনৰ বতাহে
বিষ কঢ়িয়াই আনিছিল।

সেই বিষত মাংৰা ওৰাঙ বিষালী হল।

 

জুগনীক আগতেও দেখিছিল মাংৰাই।

পুৱা পথাৰখনৰ কাষৰে জোপোহাটোলৈ
শৌচ কৰিবলৈ আহে।

নিয়মীয়াকৈ।

জুটুলী চুলিৰে অন্ধকাৰ বৰণৰ
জুগনীক সি সেইদিনা আৱিষ্কাৰ কৰিলে।

চয়তানেই ভৰ কৰিছিল চাগৈ…

জোপোহাৰ পৰা ওলাই অহা জুগনীক সি
পথাৰতে বগৰাই হেঁচা মাৰি ধৰিলে।

প্ৰচণ্ড জোৰেৰে মুঠি
মাৰি ধৰিলে জীয়া মঙহ দুবাটি 

আৰু চয়তান এটাৰ দৰে
বিৰবিৰাই উঠিল…

মোৰ লগত বল…

প্ৰচণ্ড বিষতেই হ‌ওক অথবা
নাৰীত্বৰ পূৰ্ণতা প্ৰাপ্তিতে হ‌ওক জুগনীৰ
মুখৰ পৰা এটা যুগপৎ
ওঁওলাই আহিছিল!!

জুগনী আহিছিল।

সেইদিনাই নহয়।

দুসপ্তাহৰ পাছত।

খেজুৰ পৰৱৰ পাছদিনা।

জুগনী মৰিছিলো প্ৰায় একত্ৰিছ বছৰ
নিঃসন্তান হৈ থাকি খেজুৰ পৰৱৰ পাছদিনাই।

মাংৰা বুঢ়াৰ সমসাময়িক সমাজ-ৰাজনীতিৰ সৈতে দূৰ-দূৰলৈকে কোনো সম্বন্ধ নাই।

কোনো খবৰ নেৰাখে।

মাত্ৰ ধনপোনাক পালেই সোধে…

কিবা খবৰ ওলাইছিল নেকি টি. ভি.-ত??’

তাৰ কাৰণটো হ
ধনপোনাই মাংৰা বুঢ়াক এটা অলস আবেলি কৈ পেলাইছিল।

মেৰী মেগডেলীন বেশ্যা
আছিল বৰবাপ…

ধনপোনাই মাংৰাবুঢ়াক বৰবাপ সম্বোধন
কৰে। সদায় হাফপেণ্ট পিন্ধা মানুহটোৱে ধনপোনাক কোলাত লৈ ডাঙৰ কৰিছে।

চক্ খাই গৈছিল মাংৰা ওৰাং।

বিস্ময়ে ডিঙিত সোপা মাৰি ধৰিছিল।

ফেলফেলকৈ চাই আছিল ধনপোনাৰ মুখলৈ।

নাজাৰথৰ যীশুখ্ৰীষ্টৰ বেশ্যা মেৰী
মেগডেলীনৰ সৈতে অবৈধ সম্পৰ্ক আছিল।

যীশুখ্ৰীষ্টৰ ৰক্ষিতা আছিল মেৰী
মেগডেলীন।

মোবাইলত লাষ্ট
ছাপাৰ
পেইণ্টিংখন উলিয়াই মাংৰা বুঢ়াক দেখুৱাইছিল…

 

এইটো দেহা যে প্ৰভূৰ গাত হাউলী
আছে .
..

এইটো নাৰী শৰীৰ।

মেৰী মেগডেলীনৰ।

মেৰী মেগডেলীনৰ পেটত যীশুখ্ৰীষ্টৰ
সন্তান আছিল!

মেল খাই গৈছিল মাংৰা ওৰাঙৰ মুখ।

যেন নিজকে বিশ্বাস কৰিব পৰা
নাছিল।

অবিশ্বসনীয় হৈ পৰিছিল পৃথিৱী, চৰাচৰ সকলো!!

যীশুখ্ৰীষ্টক ভগৱান কৰি তোলাৰ
সময়ত লুকুৱাই দিয়া হৈছিল এই তথ্য।

ব্লেক আৰ্টৰ অনুগামীসকলে লুকুৱাই
ৰাখিছিল সেই বংশ তালিকা।

লী গ্ৰেইলৰ ঠিকনা বিচাৰি মানুহ এতিয়াও ঘুৰি ফুৰিছে!!

ইউৰোপৰ কৰবাত
হয়তো এতিয়াও ঘুৰি ফুৰিছে খ্ৰীষ্টৰ সতি-সন্ততি।

ফুটপাথেদি খোজ কাঢ়িছে…

ভিনেগাৰত তিয়াই থোৱা অলিভ আৰু
গাহৰী মাংসৰ চ
চেজ খাইছে!!

প্ৰথম বাৰৰ বাবে মাংৰা ওৰাঙে এটা
খুন্দা খাইছিল।

প্ৰচণ্ড খুন্দা।

মহাজগতৰ সমস্ত সমীকৰণ যেন ভুল হৈ
গৈছিল।

ধনপোনাক লগ পালেই মাংৰা বুঢ়াই
এবাৰ হলেও সোধে..

কিবা খবৰ ওলাইছে নেকি টি ভিত।

ৰবাত খবৰ পাইছে
নেকি প্ৰভুৰ সতি-সন্ততিৰ।

এটা শেষহীন আকাংক্ষা মাংৰা ওৰাঙে
কঢ়িয়াই লৈ ফুৰে।

প্ৰভুৰ সতি-সন্ততিক এবাৰ হলেও
লগ পোৱাৰ সুতীব্ৰ বাসনা।

প্ৰিয় প্ৰভুৰ ৰক্ত, মাংস-বীৰ্যৰ জীৱন্ত প্ৰতিভূক এবাৰ চুই চোৱাৰ কামনা !!

 

সক্ৰিয় ৰাজনীতিৰ শেহৰটো শোভযাত্ৰা
কমিউনিষ্টসকলৰ আছিল।

… আৰু মাংৰা ওৰা‌ঙৰ জীৱনৰ
প্ৰথমটো সাম্যবাদ!

কেৰাচিন তেলৰ দাম বাঢ়িছে, কমাব লাগে।

কোনে জানো কৈ দিছিল- মাংস দিব।

ৰঙা পতাকা এখন লৈ প্ৰখৰ ৰদত
মাংৰা ওৰাং খোজ কাঢ়ি গৈ আছিল।

কেঁচা বুটমাহ এমুঠি দিয়াৰ পাছত
কমিউনিষ্টসকলে তেওঁক দিয়া প্ৰতিশ্ৰুতি নাৰাখিলে।

আনকি সভাপতি শ্ৰীযুত বৰুৱাই মাংৰা
ওৰাঙক নতুন সদস্য হিচাপে আদৰণিও নজনালে!!

 

আগদিনা খেজুৰ পৰৱ আছিল।

খালী পেটে শোভযাত্ৰাৰ পৰা ঘুৰি
আহি চোতালত পিছলি পৰা মাংৰা ওৰাঙ একাংগী হ
ল।

সক্ৰিয় ৰাজনীতিত তেওঁক আৰু
কোনোদিনেই দেখা পোৱা ন
ল।

*    *   
*

ভ্ৰাম্যভাষ ৯৮৫৪৫৬৬৪২৯