অজিত চিংনাৰ


বহু কথা চিন্তা
কৰি দুহুইদিয়ে কাইলৈ নিজৰ আপোন  ঘৰখনলৈ
গুচি যোৱাৰ কথাহে ভাবিছে৷  সি মোমায়েকৰ ঘৰত
থকা এবছৰ হ
বলৈ আৰু বেছি দিন নাই৷ আৰু দুমাহৰ
পাছতে এবছৰ সম্পূৰ্ণ হ
ব৷ তাৰ মাক-বাপেক আৰু
মোমায়েক-মামীয়েকৰ সিদ্ধান্ত অনুসৰি সি আহিছিল মোমায়েকৰ ঘৰলৈ এবছৰ খাটিবলৈ৷ এটা বছৰ
সম্পূৰ্ণ কৰিলে তাৰ এই দায়িত্বৰ সুকলমে সামৰণি পৰিব৷ কিন্তু সি এটা বছৰ সম্পূৰ্ণ
নকৰে৷ এটা বছৰ সম্পূৰ্ণ নকৰিবলৈ সিদ্ধান্ত কৰি সি আন এক দায়িত্ব পালনহে কৰিব
খুজিছে৷ ইয়াত তাৰ এটা দুখ সোমাই আছে যি আজি অনিৰ্বাণ ৰূপত ধৰা দিছে৷ তথাপি সি এই
দায়িত্ব পালন কৰিব আনৰ মংগলৰ কথা চিন্তা কৰি৷

দুহুইদি
হেমতাপটোলৈ জখলাৰে ওপৰলৈ উঠি গ
ল দূৰৰ দৃশ্যবোৰ চাবলৈ৷ এতিয়া বেলি
পৰিবৰ সময়৷ হেমতাপত উঠি সি দেখিলে দিগন্ত চুবলৈ কাষ চাপি যোৱা হেঙুলীয়া হ
বলৈ ধৰা বেলিটোক৷ বেলিটোৰ কিৰণ আহি তাৰ মুখত পৰিছে৷ তাৰ মুখখনকো হেঙুলীয়া
দেখা গৈছে বেলিটোৰ কিৰণৰ বাবে৷ ইয়াৰ পৰা দেখা যায় খৰ সোঁতেৰে বৈ থকা চিনানী নদীখন৷
বেলিৰ কিৰণ পৰি নদীখনৰ পানীবোৰ হেঙুলীয়া হৈ জিলমিলাই উঠিছে৷ হয় হয়
, চিনানীৰ পানীৰ সোঁতৰ ঢৌৱে ঢৌৱে উঠিছে নামিছে হেঙুলীয়া ৰংবোৰ৷  নদীখনত সি মাজে মাজে মাছ মাৰিবলৈ আহিছিল৷ ঘোক
জালৰে সি মাছ মাৰিছিল আৰু কেতিয়াবা বৰশীৰেও মাছ ধৰিছিল৷ কাতি-আঘোন মাহৰ পৰা ইয়াৰ
ওচৰৰ গাঁওবোৰৰ মানুহে মাজে মাজে অককেপ্ৰু কৰিলে সি ঘোক জালেৰে বহুত মাছ ধৰিবলৈ
সক্ষম হৈছিল৷ এনেদিনত মোমায়েক-মামীয়েকে দিহুনকো তাৰ লগত পঠিয়াই দিছিল৷ দিহুন তাৰ
কৰপি
তাৰ হবলগীয়া জীৱন লগৰী৷  দুয়ো গাঁৱৰ লগৰীয়াবোৰৰ লগত আহি মাছ ধৰিছিল৷ কিন্তু  দিহুনে সাধাৰণতে তাক মাত-বোল নকৰি আঁতৰি থাকি
লগৰীয়া ছোৱালীবোৰৰ লগত জাকৈৰে মাছ মাৰিছিল৷ তাই মাছ মাৰি গাঁৱৰ ছোৱালীবোৰৰ লগত
গুচি আহিছিল৷ কম কথা কোৱা দুহুইদিয়েও
মাছ কিমান পালি
বুলি সোধাৰ বাহিৰে তাইক একো কথা কোৱা নাছিল৷ 

মাজে মাজে
দুহুইদিৰ মনত দুখ লাগে৷ কাৰণ সি অৱহেলিত
, অনাদৃতআপোন হব পৰা ছোৱালীজনীৰ দৃষ্টিত সি একেবাৰে
অবাঞ্ছিত৷ কিন্তু সি অভিচাৰী নহয়৷ সি এনেকুৱা ল
ৰা নহয় যে
পাব বিচৰা বস্তুটো জোৰ কৰি কাৰোবাৰ পৰা কাঢ়ি ল
ব৷ সি হৈছে
আনে ভাল নোপোৱা কাম কৰি বেয়া পোৱা ল
ৰা৷ আনক দুখ দি সি কোনো
কাম কৰিব নোৱাৰে
, তাৰ মনটোৱে নকয়৷ তাতে তাৰ লগত জড়িত এইটো হল গোটেই জীৱন জুৰি আনক কষ্ট দিয়া কাম৷ সিনো কৰে কেনেকৈ? ইয়ো এটা পাপ কামেই নহব নে? সি
সেয়ে আপুনি আগবাঢ়ি একো নকয়৷ আনৰ অধিকাৰৰ ওপৰত সি কেতিয়াও হস্তক্ষেপ নকৰে৷

অলপো ৰ
নজনা বেলিটো দূৰৰ এটা পাহাৰৰ আঁৰত লুকাবলৈ আৰম্ভ কৰিছে৷ সি বুজিলে তাৰ ওভতনি
যাত্ৰাৰ সময় সমাগত৷ সি সদায় এনে সময়তে মোমায়েকৰ ঘৰ অভিমুখে খোজ লয়৷ সি হেমতাপৰ পৰা
নামি আহি মাণ্ডুৰ ওচৰত হাজিৰ হ
ল৷ মাণ্ডুত তাৰ দাখন আৰু চোলা
এটা আছে৷ সি চিন্তা কৰিলে কাইলৈৰ পৰা তাৰ ইয়ালৈ অহা নহ
ব৷
তাৰ বাবে এই ঠাই  এতিয়া পৰিত্যক্ত
, তাৰ আদৰ নোপোৱা গুৰুত্বহীন এটুকুৰা ভূমি মাত্ৰ৷ কিন্তু এই জুমতলীখন সিয়েই
কায়িক শ্ৰমেৰে গঢ়ি তুলিছিল৷ আগতে ইয়াত এখন প্ৰকাণ্ড হাবি বৰ ডাঙৰ আৰু দীঘলকৈ
পৰি  আছিল৷ সি সেই হাবিবোৰ কাটি আৰু গছৰ
মূঢ়াবোৰ উঠাই খেতিৰ উপযোগী কৰি তুলিছিল মাটিখিনি৷ তাৰ পাছতে সি কোৰেৰে মাটি
চহাইছিল৷ মাজে মাজে গাঁৱৰ জিৰকেদামৰ দলেও তাৰ কামত সহায় কৰি দিছিল৷ জিৰকেদামৰ দলত
আছে তাৰ অংছাৰ বাৰিম আৰু কৰপি দিহুন৷ কিন্তু জুমতলীখনৰ বে
ছিভাগ
কাম সিয়েই কৰি শেষ কৰিছিল আৰু খেতি ৰখাৰ কামটো তাৰ বাদে আন কোনেও কৰা নাছিল আৰু
এতিয়াও কৰা নাই৷ দিনৰ বাদেও প্ৰায়ে সি ৰাতি থাকি খেতি ৰখিছিল৷ দিনে-ৰাতিয়ে খেতি
নষ্ট কৰিবলৈ অহা বহুত জন্তু আছে
নানা বিধৰ চৰাইৰ পৰা
গাহৰিলৈকে৷ এনেকুৱা খেতি নষ্ট কৰিবলৈ অহা বনৰীয়া জীৱজন্তুক খেদি সি খেতি ৰক্ষা কৰি
আহিছে৷ কিন্তু আজি ইয়াত সি ৰাতি নকটায়
, কাৰণ কাইলৈ সি নিজৰ
ঘৰলৈ যাবগৈ৷ মোমায়েকৰ ঘৰত থকা তাৰ বস্তুবোৰ লৈ সি নিজৰ ঘৰলৈ গুচি যাব৷ ইয়াৰ দ্বাৰা
তাৰ কৰপি দিহুনৰ বাবে সি এটা বাধাহীন বাট মুকলি কৰি থৈ যাব৷ তাইৰ বাবেই সি
মোমায়েকৰ ঘৰৰ পৰা অ
ন্তৰ্ধানব৷ নহলে তাৰ কৰপি দিহুন এটা বান্ধোনত সোমাই পৰিব৷ তাইক সি সেই কঠিন অৱস্থাৰ
মুখা-মু
খিবলৈ দিব খোজা নাই৷

বেলিটো দূৰৰ
পাহাৰটোৰ আঁৰতহে লুকাইছে
, এতিয়াও সি মাৰ যোৱা নাই৷ জুমতলীখন
সম্পূৰ্ণ পোহৰ হৈয়েই আছে৷ দুহুইদিয়ে চোলাটো গাত লগাই লহপহকৈ বাঢ়ি অহা ধাননিৰ
মাজেৰে গৈ কচুৱনিডৰাত উপস্থিত হ
ল৷ কচুৱনিডৰাক বৰ আপদাল কৰি
সি জেওৰা দি ৰাখিছে৷ ৰাতি বনৰীয়া গাহৰিবোৰ আহি কচুৱনিডৰাক আক্ৰমণ কৰে কচু খাবলৈ৷
সিহঁতৰ
থুঁতৰিৰ আক্ৰমণতে জেওৰাৰ খুঁটিবোৰ
বুঢ়া মানুহৰ দাঁতৰ দৰে সোলোক-ঢোলোক হৈ পৰিছে৷ আজিৰ পৰা যিহেতু জুমতলীখনত ৰখীয়া
নাথাকিব
, গতিকে জেওৰা খুঁটিকেইটা মজবুতকৈ পুতি দিবলৈ সি
মনস্থ কৰিলে৷ সি বাঁহৰ গড় এডাল লৈ ঢিলা হৈ পৰা
খুঁটিবোৰ
ভালদৰে পুতি জেওৰাৰ য
ত ফাঁক হৈছে তাকো ঠিক কৰি দিলে৷

বেলিটো দিগন্তৰ
সিপাৰলৈ যোৱাৰ পাছতে লাহে লাহে আন্ধাৰ হ
বলৈ আৰম্ভ কৰিছে৷
জুমতলীখনৰ চাৰিওফালে থকা গছ-গছনিবোৰৰ বাবে ইয়াত সোনকালে আন্ধাৰ হয়৷  সি খুঁটিবোৰ ভালদৰে পুতি শেষ কৰিয়েই মাণ্ডুলৈ
ঘূৰি আহিল আৰু দাখন হাতত লৈ মোমায়েকৰ ঘৰলৈ খোজ ল
লে৷ আজি
জেওৰাবোৰ ঠিক কৰোঁতে তাৰ ওভতনি যাত্ৰা অলপ দেৰি হৈছে৷

দুহুইদিৰ
মোমায়েকৰ গাঁওখন চিনানী নদীৰ পাৰতে৷ সি মোমায়েকৰ ঘৰলৈ আহি থাকিল এটা লুংলুঙীয়া
বাটেৰে৷ বাটটোৰ দুয়োফালে ডাঠ জংঘল৷ এইখিনি বাটত বনৰীয়া জীৱজন্তু লগ পোৱাৰ সম্ভাৱনা
থাকে বাবে সাৱধানতাৰ প্ৰয়োজনীয়তা আহি পৰে৷ সি সাৱধান হৈ হাতত দাখন খামুচি গৈ
থাকিল৷ ওখ পাহাৰ বাবে ইয়াত হাতী লগ পোৱাৰ সম্ভাৱনা নাই
, সি বাঘ লগ নাপালেই হল৷ সি হঠাতে দেখিলে কিহবাৰ জাক
এটা তাৰ ফালেই আহি আছে শাৰী পাতি৷ সি ভাবিলে অলপ আঁতৰি দিয়াই ভাল৷ সি বাটটোৰ কাষতে
থকা শিল এটাত লুকাই চাই থাকিল জাকটোলৈ৷ জাকটো লাহে লাহে কাষ চাপি আহিল৷ সিহঁতৰ
মাতো সি শুনিবলৈ পালে৷ এটা ডাঙৰ গাহৰিৰ পিছে পিছে এজাক গাহৰি ধীৰে ধীৰে আহি আছে
বাটটোৰে৷ সি ধৰিব পাৰিলে যে এই বদমাছৰ জাকটো তাৰ জুমতলীৰ কচু খাবলৈকে আহি আছে৷
ডাঙৰ গাহৰিটো পাৰ হৈ যোৱাৰ পাছতে মজলীয়া আকাৰৰ গাহৰি এটাৰ ডিঙিত তাৰ হাতৰ দাখনৰে
সি দিলে এটা প্ৰচণ্ড ঘাপ৷ লগে লগে গাহৰিকেইটাৰ মাজত হাহাকাৰ লাগিল৷ ভয় খাই
গাহৰিবোৰ যেনি-তেনি পলাবলৈ ধৰিলে৷ ডাঙৰ গাহৰিটোও ভয় খাই কোনোবাফালে আঁতৰি গ
ল৷ দাৰ ঘাপ খোৱা গাহৰিটো অলপ সময় ইফালে-সিফালে বাগৰি এঠাইত থিৰ হৈ ৰল৷ তাৰ ডিঙিত দাৰ ঘাপ ভালদৰেই পৰিছে৷ দুহুইদিয়ে গাহৰিটোৰ ওচৰলৈ গৈ লৰচৰ
কৰি চাই একেবাৰে জীৱ নোযোৱা দেখি দাৰ গাদীৰে কোবাই তাক নিথৰ কৰিলে আৰু কান্ধত তুলি
পুনৰ খোজ ল
লে৷

দুহুইদি
মোমায়েকৰ ঘৰ সোমাই গাহৰিটো চোতালতে ৰাখি হাত-ভৰি ধুবলৈ গ
ল৷
মোমায়েক লংবিৰে গাহৰিটো দেখি মাত দিলে
– ‘বৰ ভাল কৰিলা৷ শুকান
মাছ-মাংস কিমান খাম
? আজি তুমি গাহৰি এটা মাৰি আনি বৰ ভাল
কৰিলা৷ বাৰিম
, অ বাৰিম৷

লংবিৰে পুতেকক
বাহিৰলৈ আহিবলৈ মাতিলে৷ তেওঁৰ মাত শুনি দিহুনকে ধৰি ঘৰৰ সকলো আহি চোতালত উপস্থিত হ
ল৷
দিহুনে মাত দিলে
– ‘আমাৰ তেপবৰ ভাল
চিকাৰী৷ এতিয়ালৈকে আমাক বহুত চিকাৰ আনি খোৱালে৷

দিহুনৰ কথা শুনি
দুহুইদিয়ে ভাবিলে এনেবোৰ ভালৰি লগোৱা কথাৰে মন নভৰে৷ আচল কথাটোত দেখোন তাই মনেই
নিদিলে৷ যাৰ বাবে সি কাইলৈ নিজৰ ঘৰলৈ গুচি যাবলৈ ওলাইছে৷ কিন্তু এটা কথাত তাৰ ভাল
লাগিল আজি অন্ততঃ তাই তাৰ কামক প্ৰশংসা কৰিলে৷ আন এটা কথাতো তাৰ ভাল লাগিল গুচি
যোৱাৰ আগদিনা সি এটা গাহৰি মাৰি আনি মোমায়েকৰ ঘৰখনক খোৱাব পাৰিলে৷

মোমায়েকৰ কথা
মতে দুহুইদি আৰু তাৰ অংছাৰ বাৰিমে গাহৰিটো পুৰি কটা-বচা কামত লাগিল৷ দিহুনে কাষতে
বহি চাই থাকিল৷ তাই বেচিকৈ দুহুইদিয়ে কৰা কামবোৰকহে চাবলৈ ধৰিলে যেন ভায়েকে যেনেকৈ
কৰিছে তাতকৈ দুহুইদিয়ে ভালদৰে কৰি গৈছে৷

গাহৰিটোৰ
কটা-বচা হোৱাৰ পাছতে দুহুইদিৰ মামীয়েক কাবিনে মাংসখিনি উহোৱাই সকলোৰে বাবে জোৰাকৈ
মাংস লৈ ৰাতিৰ সাঁজৰ তৰকাৰি ৰান্ধিলে আৰু বাকীখিনি মাংস পিছত খাবৰ বাবে ৰাখিলে৷
ভাত খাবৰ পৰত লংবিৰে অলপ হৰলাং খালে৷ দুহুইদিয়ে আজিলৈকে হৰলাঙত মুখ লগোৱা নাই৷ সি
ভাত খাই নিজৰ কোঠালৈ গ
ল আৰু শুই থাকিল৷

দুহুইদি শুইছে
যদিও তাৰ টোপনি অহা নাই৷ তাক নানা ধৰণৰ চিন্তাই আগুৰি ধৰিছে৷ চিনানী নদীখনৰ পানীৰ
ঢৌৰ দৰে তাৰ মনলৈ নানা ভাৱনাই উঠিছে নামিছে
, নামিছে উঠিছে৷ তাৰ মনলৈ
নামি আহিছে এক শোকৰ
লো৷ সি কাইলৈ এইখন ঘৰ এৰি থৈ যাব৷ দহ
মাহৰ আগতে সি এইখন ঘৰলৈ আহিছিল মাক-বাপেকৰ কথা ৰাখি৷ তাৰ মোমায়েক তাৰ মাকৰ আপোন
ভায়েক৷ দিহুনক মাকৰ বোৱাৰী কৰি নিবৰ মন৷ সেইকথা ভায়েক আৰু ভাইবোৱাৰীয়েকৰ লগত পাতি
ঠিক কৰিছিল দুহুইদি আৰু দিহুনৰ বিয়াৰ সিদ্ধান্ত৷ খেতিখোলা ভালদৰে কৰিব নোৱৰা বাবে
মোমায়েকে বিচাৰিছিল দুহুইদিয়ে তেওঁৰ ঘৰত এবছৰ থাকি কাম কৰাটো৷ এনেও আগৰে পৰা কাৰবি
জাতিৰ মাজত
জোঁৱাই খটাবুলি পৰম্পৰা
এটা আছেই৷ তাৰ মোমায়েক লংবিৰৰ দুদিনৰ সহায়ৰ বাবে সেইটোকে যেনিবা পালন কৰা যাওক৷
তাতে দিহুনক ওচৰৰ পৰা লগ পালে দুয়োৰে এজনে আনজনক জনাৰ সুবিধা এটাও হ
ব৷ সিহঁতৰ মনৰ মিল হোৱাত সহায় হব৷ সেই সিদ্ধান্ত
অনুসৰি দুহুইদি লংবিৰৰ ঘৰলৈ আহিছিল জোঁৱাই খাটিবলৈ৷ সি এবছৰ পূৰ কৰিলেই মাকে
দিহুনক বোৱাৰী কৰিবলৈ বিয়াৰ প্ৰথম পৰ্যায়
নেংপি নেংছ
কাচিংকিআৰম্ভ কৰিব৷ কিন্তু দিহুনৰ সৈতে তাৰ
বিয়া সম্ভৱ হ
ব জানো? সি ভাবে কেতিয়াও
নহয়৷ দুয়ো ঘৰৰ মাজত আহ
যাহ আছিল বাবে সি মোমায়েকৰ ঘৰত জোঁৱাই
খাটিবলৈ অহাৰ আগতেই দিহুনক দেখিছিল৷ দিহুন এজনী ধুনীয়া ছোৱালী৷ সেই ধুনীয়া
ছোৱালীজনীৰ লগতে তাৰ বিয়া হ
ব বুলি জানি তাৰ মনত আনন্দ
লাগিছিল৷ অলপ লাজুক প্ৰকৃতিৰ সহজ-সৰল ল
ৰা বাবে ছোৱালীৰ লগত
সি পৰাপক্ষত কথা নাপাতে৷ সি দিহুনৰ লগতো দুই-এষাৰ কথাৰ বাদে দীঘলীয়া সময় ধৰি
কেতিয়াও কথা পতা নাছিল৷ সি যিদিনা জোঁৱাই খাটিবলৈ মোমায়েকৰ ঘৰলৈ আহিছিল সেইদিনা
দিহুনে তাৰ লগত কথা পতাটো দূৰৰে কথা মন মাৰি নিজৰ কোঠাত সোমাই আছিল৷ মাকে তাইক
কৈছিল
– ‘তোৰ তেপআহিছে৷ কথা-বতৰা
নাপাত কেলেই
?’

তাই একো মাত
নিদি নিজৰ কোঠাৰ পৰা ওলোৱা নাছিল গোটেই দিন ধৰি৷ মাকে তাইৰ কোঠালৈ গৈ পুনৰ কৈছিল
– ‘তই এনেদৰে থাকিলে তোৰ তেপই কি ভাবিব? যা কথা পাতগৈ৷

নাই,
মই কথা নাপাতোঁ৷

দিহুনে কন্দাৰ
শব্দ দুহুইদিয়ে শুনা পাইছিল৷ মাকে পুনৰ কৈছিল
– ‘তোৰ পেহা-পেহীৰ লগত কথা
পাতি সকলোবোৰ ঠিক কৰা হ
ল৷ এতিয়া তই এনেকুৱা কৰিলে তোৰ
পেহা-পেহীয়ে মনত বৰ দুখ পাব৷ আমিও কথা ৰাখিব নোৱাৰি লাজত পৰিম৷ তই অবাধ্য নহ
বি৷

মোক
সুধি এই সম্পৰ্ক ঠিক কৰিছিলি নেকি
?’– দিহুনে অভিযোগ কৰিছিল৷ তহঁতে অজলা লৰাটোকহে মোৰ বাবে বিচাৰি পালি?’

সি
ইমান অজলা নহয় অ
৷ সি সহজ-সৰলহে৷

তই
লেই হব নেকি? সি
অজলাই৷

জীয়েকক বুজাব
নোৱাৰি মাক বাহিৰলৈ ওলাই আহিছিল৷

প্ৰথম দিনা
আহিয়েই এইবোৰ কথা শুনি দুহুইদিৰ মনটো একেবাৰে ভাল লগা নাছিল৷ হয়
, সি দহজন লৰাৰ দৰে বেচি কথা ক
নোৱাৰে৷ নীৰৱে-নিৰলে থাকি ভালপোৱা ল
ৰা সি৷ ছোৱালীৰ মনো সি
ভুলাব নাজানে৷ সি কামৰ বাহিৰে আন কথা চিন্তা নকৰে
কামেই তাৰ
সকলো৷ তাৰ সৰলতাৰ সুযোগ লৈ তাৰদ্বাৰা মানুহ কিছুমানে কাম কিছুমানো আদায় কৰি লয়৷ সি
কিছুমান মানুহক সহায় কৰিবলৈ গৈ ভাল নাম এটাৰ সলনি
অজলা
অভিধাটোহে পালে৷ এবাৰ এই অভিধাটো কোনোবাই দিয়াৰ পাছত সকলোৱে
সেইটোকহে কৈ থাকিবলৈ ল
লে৷ আনকি এবাৰ গাঁৱত এবাৰ এটা
নাহৰফুটুকী ওলাওঁতে গাঁৱৰ সকলো মানুহ দুৱাৰ
ঘৰ মাৰি ভিতৰত
সোমাই আছিল ভয়তে৷ সিহে অকলেই নাহৰফুটুকীটোক এডাল বাঁহৰ জোঙৰ সহায়ত গাঁৱৰ পৰা খেদি
দিছিল৷ তাৰ এই কামটোকো বহুতে অজলা-অঁকৰাৰ কাম বুলি কৈছিল৷ বাঘকনো এডাল জোং লৈ
খেদিবলৈ যায় নে
? ভাগ্যে সি নমৰিল৷ কিছুমান মানুহে অৱশ্যে তাক
সাহসী আৰু ক
ৰ্মী বুলিহে কয়৷ সি বেচি কথা নকয় আৰু আনক আদেশ
দিবলৈ ভাল নাপায়
, কোনোবাই কেতিয়াবা তাৰ অন্যায় কৰিলেও সহজে
ক্ষমা কৰি দিয়ে৷ আনে কৰা ভুল বা অপৰাধৰ সুবিধা সি নলয়৷ সেইবাবেই সি অজলা৷

এতিয়াও
মাক-বাপেকৰ আদেশ মতে দুহুইদিয়ে মোমায়েকৰ ঘৰত
জোঁৱাই খাটিবলৈ আহিছিল৷
কিন্তু প্ৰথম দিনাই দিহুনৰ মনোভাব গম পাই তাৰ ভাল লগা নাছিল৷ সি ভাবিছিল দিন যোৱাৰ
লগে লগে দিহুনে তাক বুজি পাব
, ভাল পাবলৈ লব৷ কিন্তু ইমান দিনেও তাক তাই বুজি নাপালে বুলিয়েই তাৰ ধাৰণা হয়৷ এতিয়াও
তাৰ লগত তাই ভালদৰে কথা নাপাতে৷ গতিকে সি নিজৰ ঘৰলৈ গুচি যোৱাই ভাল৷ সি যদি এটা
বছৰ সম্পূৰ্ণ কৰে তেন্তে আগতে কথা দিয়া অনুসৰি মোমায়েকে তালৈ দিহুনক দিব বিচাৰিব৷
কিন্তু দিহুনে তালৈ যাব নিবিচাৰিব৷ আৰু তেতিয়াই লাগিব এটা গণ্ডগোল৷ এনে গণ্ডগোল হ
লে বহুতে তাক হাঁহিবও এই অজলা সঁচাকৈয়ে অজলাই৷
ইমান দিন থাকিও ছোৱালীৰ মন ঘূৰাব নোৱাৰিলে৷ এনেকুৱা ধৰণৰ কথা শুনিবলৈ তাৰ মন নাই৷
তাতকৈ সি এবছৰ পূৰ নকৰাকৈ গুচি গ
লে তাৰ লগত দিহুনৰ বিয়াৰ
কথা নাহিব৷ মোমায়েক-মামীয়েকৰ লগত তাৰ মাক-বাপেকে যি চুক্তি কৰিছিল তাত অসম্পূৰ্ণতা
আহিব৷ আৰু দিহুন মুক্ত হৈ পৰিব৷ তাইৰ যদি কোনোবা ভালপোৱা ল
ৰা
আছে তাই বিয়া হৈ যাব পাৰিব৷

দুহুইদিয়ে
মোমায়েকৰ ঘৰত থাকিবলৈ লোৱা তিনিমাহ পাৰ হৈ গৈছিল৷ তেতিয়াই গাঁৱখনত চ
মাংকান
পাতিছিল গাঁওখনৰ গাঁওবুঢ়াই৷ চ
মাংকান বুলিলে ডেকা-গাভৰুবোৰৰ
মনত আনন্দৰ সীমা নাথাকে৷ সিহঁতৰ মনবোৰ কমোৱা তুলাৰ দৰে উৰিবলৈ ধৰে৷ বহু বছৰৰ মূৰত
গাঁওবুঢ়াই নিজৰ পূৰ্বপুৰুষসকলৰ শ্ৰাদ্ধ পাতিবলৈ চ
মাংকান
পাতিছিল৷ ইয়াৰ বাবে নিয়ম অনুসৰি গাঁওবুঢ়াই মাতিছিল কেইবাখনো গাঁৱৰ মানুহক৷
বিভিন্ন গাঁৱৰ পৰা অহা ডেকা-গাভৰুবোৰে জাক পাতি পাতি নিমছ
কেৰুং
নাচ নাছিছিল৷ এই নিমছ
কেৰুং নাচত দুহুইদিয়ে যোগদান কৰিব পৰা
নাছিল দিহুনৰ বাবেই৷ জোঁৱাই খাটিবলৈ আহাৰ লগে লগে সমাজৰ দৃষ্টিত সি ইতিমধ্যে
দিহুনৰ হৈ পৰিছে৷ গতিকে সি নাচিলে দিহুনৰ লগতহে নাচিব পাৰিব
, আন ছোৱালীৰ লগত নোৱাৰে৷ কিন্তু দিহুনে তাক ভাল নাপায়, তেন্তে সি নাচিব কাৰ সতে?  তথাপি এবাৰ সি যাওঁ নাযাওঁকৈ
দিহুনৰ ওচৰ চাপি গৈ কওঁ নকওঁ কৰি কৈছিল
– ‘কৰপি, সকলোৱে নাচি-বাগি আনন্দ কৰিছে৷ অলপ নাচিবি নেকি? আহ
অলপ নাচোঁ৷

তোৰ
লগত কোনে নাচিব
? যা কোনোবা এজনী ছোৱালী বিচাৰি লৈ নাচগৈ৷ তোৰ
বাবেই ময়ো কাৰো লগতে নাচিব নোৱৰা হ
লোঁ৷

কথাষাৰ কৈয়েই
দিহুনে উচাট মাৰি তাৰ কাষৰ পৰা আনফালে আঁতৰি গৈছিল৷ দুহুইদিৰ মনত বৰ দুখ লাগিছিল
, সি অনুভব কৰিছিল অপমানো৷ তাৰ লগত এটা সম্পৰ্ক আহি পৰাৰ বাবে তাই কোনো
ডেকাৰ লগতে নাচিব পৰা নাই৷ তাৰ তেতিয়াই এই সম্পৰ্কক ত্যাগ কৰিবৰ মন গৈছিল৷ কিন্তু
মাক-বাপেকে মোমায়েকক দিয়া কথা ৰাখিবলৈ সি ধৈ
ৰ্য ধৰি ৰৈছিল৷
সি আশা এটাও কৰিছিল এদিন দিহুনে কথাবোৰ বুজি পাব৷

কিছুদিনৰ পাছতে
মোমায়েকৰ ঘৰত পাতিছিল চ
জুন পূজা৷ সেই পূজাত গাঁৱৰ মানুহবোৰৰ লগতে
মোমায়েকৰ সম্প
ৰ্কীয় মানুহবোৰো যোগ দিছিল৷ দুদিন থকাকৈ আহিছিল
দুহুইদিৰ মাক-বাপেকো৷ তাৰ মোমায়েকৰ বায়েক হিচাপে
ছুছুফিলি
হোৱা বাবে তাৰ মাকে লৈ আহিছিল হৰহাক৷ সেইকেইদিনত তাৰ মাকে-বাপেকে দিহুনক বৰ মৰমেৰে বোৱাৰী বুলি মাতিছিল৷ তাই
কিন্তু সেই মৰমৰ মাতক অৱহেলা কৰি চলাটো দুহুইদিয়ে মন কৰিছিল৷ আগতে তাই দুহুইদিৰ
মাক-দেউতাকক যেনেদৰে সন্মান সহকাৰে আদৰ-সাদৰ কৰিছিল
, তেনেদৰে
এইবাৰ কৰা নাছিল৷ বেয়া ব্যৱহাৰ কৰা নাছিল যদিও কথা-বতৰাত আত্মীয়তা ফুটি উঠা নাছিল৷
দুহুইদিৰ মনত তাতেই
  দুখ৷
জোঁৱাই খটা বাদ দি ঘৰলৈ গুচি যাবলৈ তাৰ মন গৈছিল৷

দুহুদিয়ে আন
কোনোবা ডেকাক দিহুনে ভাল পায় বুলিয়েই প্ৰথমে সন্দেহ কৰিছিল৷ কিন্তু কোনো ডেকাৰ
লগতে তাইক ঘূৰি ফুৰা
আজিলৈকে সি দেখা নাই৷ মোমায়েকৰ ঘৰত ইমান দিন
থকাৰ পাছত গাঁৱৰ কেইবাজনো ডেকাৰ লগত স্বাভাৱিকভাৱেই দুহুইদিৰ বন্ধুত্ব গঢ়ি উঠিছে৷
এইবোৰ ডেকাৰ লগত কথা পাতিও সি দিহুনৰ প্ৰেমিকৰ একো বাতৰি গোটাব নোৱাৰিলে৷ কিন্তু
সি ভাবে আন ডেকাৰ লগত তাইৰ প্ৰেমৰ সম্পৰ্ক নাথাকিলেও তাই মুঠতে তাক ভাল নাপায়৷ আজি
দুপৰীয়া সময়ত হেমাৰী তাৰ ওচৰলৈ আহিছিল৷ সি তাক কৈছিল
– ‘এটা
কথা ঠিক কৰিছোঁ৷ কাইলৈ একেবাৰে ঘৰলৈ গুচি যাম৷ জোঁৱাই খটা কামটো ইমানতে সামৰিলোঁ৷
দিহুনে কোনো দিনে মোক ভাল পাব নোৱাৰিলে৷ তহঁত থাকিবি হাঁ৷ মই যামগৈ৷

কথাটো
দেখোন কেনেবা ধৰণৰ হ
ল৷ তই জোঁৱাই খটা কামটো সম্পূৰ্ণ কৰ৷
আমি দিহুনক বুজাম৷ তাইৰ আন কোনো ভালপোৱা ল
ৰা নাই৷ তোৰ লগতেই
তাইৰ বিয়াখন হ
বগৈ৷

নহয়
নহয়
, মোৰ লগত নহয়৷ আন কাৰোবাৰ লগত হলেও
মোৰ লগত নহয়৷ গতিকে মই আঁতৰি দিয়া উচিত৷ তেতিয়া তাই আন ল
ৰাক
ভাল পাবও পাৰিব
, বিয়া হবও পাৰিব৷
মোমাইদেউহঁতক মাত দি এই কথা ক
ব নোৱাৰিম, মিছাও মাতিব নোৱাৰিম৷ গতিকে মনে মনে মই ইয়াৰ পৰা গুচি যাম আৰু ঘৰৰ পৰা খবৰ
পঠিয়াম যে মই জোঁৱাই খাটিবলৈ বাদ দিলোঁ৷

তই
সঁচাকৈয়ে যাবিয়েই নেকি
?’


যাম৷

হেমাৰীয়ে কিছু
সময় আচৰিত হৈ তালৈ চাই ৰৈছিল৷ তাৰ পাছত নিজৰ জুমতলীলৈ বুলি সি গুচি গৈছিল৷

দুহুদিয়ে চিন্তা
কৰিলে কাইলৈ সি কেনেদৰে ইয়াৰ পৰা গুচি যাব
? সি আগৰ দৰে ৰাতিপুৱা
ভাতকেইটামান পেটত পেলাই জুমতলীলৈ ওলাই যোৱাৰ দৰেই ওলাই যাব৷ কিন্তু তাৰ কাপোৰৰ
টোপোলা এটা থাকিব৷ সেইটো সকলোৱে দেখাকৈ সি নিব নোৱাৰিব৷ কোনোবাই কাপোৰৰ টোপোলাক লৈ
প্ৰশ্ন কৰিব পাৰে৷ সি চিন্তা কৰিলে কাপোৰৰ টোপোলা নিনিয়াকৈয়ে সি গুচি যাব৷ পাছত
মাক-বাপেকে আহি লৈ যাব৷

কথাবোৰ এনেদৰে
সামৰি দুহুইদি টোপনি যাবলৈ চেষ্টা কৰিলে৷ অলপ পাছতে সি টোপনিত ঢলি পৰিল৷

ৰাতিপুৱা বেলি
ওলোৱাৰ আগতে দুহুইদি বিছনাৰ পৰা উঠি খৰি ফালিবলৈ ধৰিলে৷ মামীয়েকে কাবিনে তাতকৈয়ো
সোনকালে উঠি ভাত-তৰকাৰি ৰান্ধি আছে৷ এনে সময়তে ভাত-তৰকাৰি ৰান্ধি খাই-বৈ জুমতলীলৈ
ওলাই যোৱাটো সকলোৰে নিয়ম৷ দিহুনে লগৰীয়াৰ লগত লাংথেৰে পানী
আনিবলৈ চিনানী নদীলৈ যাব ওলাইছে৷ দিহুনক দেখি দুহুইদিয়ে মনতে কলে– ‘দিহুন, আজিৰ পৰা তই
মুক্তি পালি৷ মই জোঁৱাই খটা কাম আধৰুৱা কৰি আজি ঘৰলৈ যাম৷

দিহুনৰ লগত পানী
আনিবলৈ ওলাইছে কাচে
, কাৰেং আৰু দুজনী গাভৰু৷ সিহঁতে ধেমেলীয়া
কথা কিছুমান কৈ হাঁহি-খিকিন্দালি কৰি পানী আনিবলৈ খোজ ল
লে৷
দুহুইদিয়ে ভাবিলে দিহুন পানী লৈ অহাৰ আগতে পৰাপক্ষত সি ওলাই যাব৷ দিহুনক শেষ বাৰৰ
বাবে চাবলৈ সি বাটলৈ ওলাই আহি সিহঁতলৈ কিছু সময় চাই থাকিল৷ কাচে নামৰ গাভৰুজনীয়ে
তালৈ ঘূৰি চাই ক
লে– ‘  ককাই, এই নেঙে তোক নাপালে
মৰি যাম বুলি কৈছে৷
কাচেৰ কথা শুনি দুহুইদিৰ খং উঠিল
এইজনীয়ে জ্বলা জুইত ঘিউ ঢালিবলৈ আহিছে৷ ঠাট্টা কৰি স্ফূৰ্তি পাইছে৷
সি সিহঁতক চাবলৈ বাদ দি আঁতৰি আহিল৷ সিহঁতে গিৰ্জনি পাৰি মৰা হাঁহি তাৰ কাণত পৰিল৷

মামীয়েকে ভাত
বাঢ়ি দিলত দুহুইদিয়ে ভাত খাই হাতত দাখন লৈ যাবলৈ সাজু হ
ল৷
সি মামীয়েকক
গৈ থাকোঁবুলি কৈ খোজ
ধৰিলে৷ সি কিছু দূৰ এটা বাটেৰে আহি এটা চাৰি আলিত ৰ
ল৷
সোঁফালে যোৱা বাটটোৰে তাৰ জুমতলীখনলৈ যাব পাৰি আৰু বাওঁফালে যোৱা বাটটোৰে গ
লে সি ঘৰ ওলাবগৈ পাৰিব৷ তাৰ মনত দুখ লাগিছিল যদিও বাওঁফালে ঘূৰি ঘৰলৈ যাব
পৰা বাটটোত সি খোজ পেলালে৷ বাটটো লুংলুঙীয়া৷ দিহুনহঁতে চিনানী নদীৰ দুটা ঘাটৰ পৰা
পানী নিয়ে৷ এটা এই বাটটোৰে গ
লে পায়৷ দিহুনহঁতে পানী আনিবলৈ
এই বাটেৰেও যাব পাৰে৷ সি ভাবি পালে এই গাভৰুবোৰে যিফালে যায় হাঁহি-খিকিন্দালি কৰি
যায়৷ সিহঁত অহা বুলি গম পালে সি জংঘলৰ মাজত লুকাই থাকিব৷ ইয়াত একো  চিন্তা কৰিবলগীয়া কথা নাই৷ সি গৈ থাকিল৷

চিনানী নদীখন
পাবৰ হোৱাতো সিফালৰ পৰা কোনো অহা নেদেখি দুহুইদিয়ে ভালেই পালে৷ দিহুনহঁতে নি
শ্চয় আনটো ঘাটৰ পৰা পানী আনিবলৈ গৈছে৷ নদীখন পাবৰ হওঁতে দিহুনহঁতে কথা পাতি
থকা সি হঠাতে শুনিবলৈ পালে৷ সি ভাবিলে ইহঁত এতিয়াও ইয়াতে আছে৷ কথাৰ মেহেলা মাৰি
থাকোঁতে পানী নিবলৈ পাহৰি আছে৷ সিহঁতৰ লগত দুহুইদিয়ে মুখা-মুখী হ
ব নোৱাৰে৷ সি ঠিক কৰিলে অলপ ফালৰি কাটি নদীখন পাৰ হৈ পুনৰ বাটটোত উঠিবগৈ৷
সি বাওঁফালে ফালৰি কাটি জংঘলৰ মাজত সোমাই উজাই গ
ল৷ তাৰ পাছত
সি নদীখন পাৰ হৈ পুনৰ জংঘলত সোমাল৷ তেনেতে কাচেই চিঞৰি দিহুনক ক
লে– ‘দিহুন, তোৰ মানুহটো পলাল৷
তই এতিয়া কি কৰ কৰ৷

দুহুইদিয়ে কাক
কোনে কি কৈছে ভালদৰে মন নকৰি জংঘলৰ মাজেৰে আহি পুনৰ বাটটোত ওলাই খোজ ধৰিলে৷ এনেতে
কোনোবাই তাৰ পিছে পিছে দৌৰি আহি থকা বুলি সি অনুমান কৰিলে৷ পিছলৈ ঘূৰি চাই সি
দেখিলে দিহুনক৷ সি আচৰিত হৈ ভাবিলে দিহুনে কি ভাবি তাক বিচাৰি ওলালহি
? সি থমকি ৰল আৰু দিহুনলৈ আচৰিত হৈ চালে৷ থিয় গৰাইদি
দৌৰি অহা বাবে ফোপাই-জোপাই আহিছে দিহুন৷ তাই অলপ সুস্থিৰ হৈ দুহুইকি সুধিলে

তই কলৈ যাবি?’

ঘৰলৈ৷
ইয়াত থাকি কি কৰিম
?’

কিন্তু
তই দেখোন জোঁৱাই খাটি মোক বিয়া কৰিবলৈকে আহিছিলি৷ এতিয়া জোঁৱাই খটাৰ দিন সম্পূৰ্ণ
নকৰি গুচি গৈছ কিয়
?’

হয়,
মা-দেউতাৰ কথা মতে জোঁৱাই খাটি তোক বিয়া পাতিবলৈকে আহিছিলোঁ৷ কিন্তু
মই অহাৰ পাছতে তই যিহে কান্দোন জুৰিছিলি৷ তেতিয়াই মই বুজিছিলোঁ তই মোক পছন্দ নকৰ
বুলি৷ তাৰ পাছতো বহুত অপমান৷
আজিলৈকে তই মোৰ লগত ভালদৰে কথাই
পতা নাই৷ কাৰো মনত দুখ দিবলৈ মোৰ মন নাই৷ তই মোক ভাল নাপাৱ যেতিয়া তোৰ কোনোবা
পছন্দৰ লগত তই বিয়া হ
বি৷ তাকে সুবিধা কৰি দিবৰ বাবে আজি মই
জোঁৱাই খটা আধাতে সামৰি ঘৰলৈ ওলাইছোঁ৷ যা ঘৰলৈ যা৷ মোমাইদেউহঁতক ক
বিগৈ মই ঘৰলৈ গুচি আহিলোঁ বুলি৷ যা যা, ঘৰলৈ যা৷

দুহুইদিৰ কথা
শুনি দিহুনে মিচিকিয়াই হাঁহিলে৷ তাই ক
লে– ‘তোক মানুহে এনেই অজলা বুলি নকয়৷ তোক মোৰ প্ৰথমতে ভাল লগা নাছিল৷ সেয়ে
কান্দিছিলোঁ৷ কিন্তু তোক ভাল নোপোৱা সত্ত্বেও তই আন ছোৱালীলৈ মন মেলা নাছিলি৷ মই
লাহে লাহে বুজি উঠিছিলোঁ
তোৰ মনটো বৰ ভাল৷ আনক সহায় কৰি তই
ভাল পাৱ৷ বেয়া কাম তই কৰিব নোৱাৰ৷ এনেকুৱা এজন ল
ৰাক মই
জীৱনত পালে মোৰ জীৱনটো সাৰ্থক হ
ব৷ মই তোক ভাল পাই পেলাইছোঁ৷
তই যাব নোৱাৰ৷ তই জোঁৱাই খটাৰ সময় সম্পূৰ্ণ কৰ৷ তাৰ পাছতে মোক বিয়া পাতি লৈ যা৷

দিহুনৰ কথা শুনি
দুহুইদি আচৰিত হৈ তাইলৈ চাই ৰ
ল৷ এতিয়া সি কি কব ভাষা বিচাৰি পোৱা নাই৷ সি ভাবিব পৰা নাছিল ঘটনাই এনেকুৱাকৈয়ো মোৰ লব পাৰে বুলি৷ দিহুনক আজি তাৰ বৰ ৰহস্যময়ী যেন লাগিছে৷ ইমানদিনে ঘূণাক্ষৰেও জানিবলৈ নিদি তাৰ প্ৰতি থকা দুৰ্বলতা লুকুৱাই ৰাখিব পৰা ছোৱালীজনী নিশ্চয় দৃঢ়মনা হব লাগিব৷ সি ভাবিলে অৱশ্যে এমাহমানৰ পৰা
তাইৰ কথাবোৰ তাৰ প্ৰতি অলপ কোমল হৈ আহিছিল৷ সিহে ভালদৰে লক্ষ্য কৰা নাছিল৷ হয়
,
দিহুনৰ মনৰ পৰিৱৰ্তন ঘটিছে৷ তথাপি ইমান দিনৰ মনৰ ক্ষোভ পৰিহাৰ কৰিব
নোৱাৰি দুহুইদিয়ে কৈ উঠিল
– ‘মই যি ওলালোঁ ওলালোঁ৷ আৰু ঘূৰি
নাযাওঁ৷

নাই
নাই৷ তই যাব নোৱাৰ৷

তই
লেই নহ, মই
যামেই৷

দুহুইদিৰ কথা
শুনি দিহুন ভাগি পৰিল৷ তাই উচুপি উচুপি কান্দিবলৈ ধৰিলে৷ এবাৰত তাই আগুৱাই আহি
দুহুইদিক সাৱটি ধৰিলে আৰু ক
বলৈ ধৰিলে– ‘মই
তোক ভাল পাই পেলাইছোঁ৷ মই তোক এৰি থাকিব নোৱাৰিম৷ এতিয়া তয়েই মোৰ সকলো৷ মই তোক
কাবৌ কৰিছোঁ তই মোক এৰি নাযাবি৷ সকলোৱে কয় এই দিহুনে ইমান ভাল ল
ৰা পায়ো ভাল পাব জনা নাই৷ কিন্তু এতিয়া মই তোক বহুত ভাল পাই পেলাইছোঁ৷ তই
আন কাৰো হ
ব নোৱাৰ৷ তই আজি গুচি গলেও
তোৰ মাৰ-বাপেৰৰ ওচৰত মই তেওঁলোকৰ বোৱাৰী হোৱাৰ ইচ্ছা প্ৰকাশ কৰিমগৈ আৰু তোক
জোঁৱাই খটাৰ দিন সম্পূৰ্ণ কৰিবলৈ কম৷

দিহুনে দুহুইদিৰ
ডিঙিত ধৰি গালে-মুখে চুমা খাবলৈ ধৰিলে৷ দিহুনৰ কাৰ্যত আচৰিত হৈ দুহুইদি স্থিৰ হৈ ৰ
ল৷


এতিয়াহে ভাল লাগিছে৷

কোনোবাই পিছফালৰ
পৰা মাত দিয়াত দুহুইদি আৰু দিহুন সচকিত হৈ পৰিল৷ মাত অহাৰ ফালে চাই দেখিলে কাচেকে
ধৰি পানী নিবলৈ অহা গাভৰুকেইজনীক৷ কাচেই মাত দিলে
– ‘ভাল লাগিছে দেই৷
চিনেমা চিনেমা লাগিছে৷
কাচেৰ কথা শুনি গাভৰুকেইজনীয়ে
গিৰ্জনি পাৰি হাঁহিলে৷

পিছে
ককাইদেউ৷
’– কাচেই পুনৰ মাত দিলে৷ তই
এতিয়া উজাই যাবি নে ভটিয়াই যাবি
? ভটিয়াই গলে দেউতাৰৰ ঘৰ পাবি, উজাই গলে
শহুৰৰ ঘৰ পাবি৷ কোনফালে যাবি
?’

ভনী,
উজাই যাবৰে মন৷ উজায়েই যাব লাগিব৷

দুহুইদিৰ কথা
শুনি গাভৰুবোৰে পুনৰ গিৰ্জনি পাৰি হাঁহিলে৷ দিহুনে চকুপানী মচি সুস্থিৰ হ
ল৷
তাই দুহুইদিক ক
লে– ‘, আমাৰ ঘৰলৈ ঘূৰি বল৷

মই
আজি ঘৰলৈ যাম বুলি তহঁতে কেনেকৈ গম পালি
?’– দুহুইদিয়ে সিহঁতৰ
কাৰ্যত আচৰিত হৈ সুধিলে৷

তই
কালি হেমাৰি ককাইক আজি যাবি বুলি কোৱা নাছিলি
? তাৰ পৰাই আমি
সকলোবোৰ গম পালোঁ৷ আৰু তোক ধৰিবলৈ বাটত লুকাই আছিলোঁ৷ কথা নোকোৱাকৈ থাকিব নোৱাৰা
কাৰেঙৰ বাবে হয়তো আমি কথা পতা শুনিলি৷ তই ফালৰি কাটি জুৰিটো পাৰ হ
লি৷ পিচে, মই দেখিলোঁ৷

তহঁত
কম নহয়৷

দুহুইদিৰ কথাত
মিচিকিয়া হাঁহি মাৰি কাচেই দিহুনক জোকালে
– ‘দিহুন, ককাইক এতিয়া ৰাতি ৰাতি আমনি নকৰিবি৷ নহলে ককাইৰ
টোপনি খটি হ
ব৷

এহ
এইজনী
, বলৈ কথা বিচাৰি নাপালি৷’–
দিহুন লাজত ৰঙা পৰিল৷ কাচেহঁতে পুনৰ হাঁহিবলৈ ধৰিলে৷

দুহুইদিয়ে একো
নকৈ মোমায়েকৰ ঘৰলৈ খোজ ল
লে৷ তাৰ পিছে পিছে দুহুইদি আৰু দিহুনক
জোকাই গাভৰুজাক আহি থাকিল৷ 

***