এটি উৰণীয়া ফুটি আৰু অচিন-চিনাকি‍ বাটৰ ছবি

(মানুহৰ পৃথিৱীত একেৰাহে চাৰিদিন- এক দীঘ-প্ৰস্থহীন প্ৰতিবেদন)

 
জীৱন কিশোৰ


এখন চহৰৰ তিনিজন প্ৰতিৱেশী৷
দেখা-সাক্ষাৎ তেওঁলোকৰ মাজত একেবাৰে নহ
লেও এক বিশেষ যোগাযোগসূত্ৰে তেওঁলোকৰ
মাজত মত বিনিময় আৰু বাৰ্তালাপ প্ৰথাৰ সূচনা হৈছিল৷ আধুনিক যুগৰ আধুনিক মানুহক
নশলাগ
f এইবাবেই নোৱাৰি যে, নিজা নিজা
কৰ্মক্ষেত্ৰত একো একোজন সক্ৰিয় অংশীদাৰ হৈও প্ৰেম-ভালপোৱা
, উৎসাহ-উদ্দীপনা
জাতীয় ভাবানুভূতিবোৰ তেওঁলোকে দূৰৰ পৰাই সুন্দৰভাৱে বজাই ৰাখি পাৰস্পৰিক
সম্পৰ্কবোৰ অটুট ৰাখিব পাৰিছে৷ তেওঁলোকে এইটো যুগতেই নিজৰ প্ৰয়োজনীয় বস্তু-অবস্তু
কিম্বা ভাবনাবোৰ গোটাই একে ঠাইতে থুপাই ল
বলৈ শিকিছে।
যেতিয়াই যিটোৱে মন যায়
, তাৰ আস্বাদন কৰিব পৰাকৈ সুবিধাজনক
স্থিতিত তেওঁলোকে লগে লগেই উপৱিষ্ট হ
বগৈ পাৰে।
 

অন্ন-বস্ত্ৰ-বাসস্থানৰ উপৰি
আনন্দ-উপভোগৰ প্ৰতিটো বিষয়ে তেওঁলোকৰ অজানিতে মৌলিক প্ৰয়োজনীয়তাৰ তালিকাখনত
সাঙোৰ খাই পৰিছে
; যিবোৰ অবিহনে তেওঁলোকৰ দৈনন্দিন জীৱন অচল হৈ পৰাৰ উপক্ৰম
হয়।

সংযোগসূত্ৰৰ ব্যাপকতা- এটা  সফল ব্যৱস্থা। … এফালে মানুহক নেদেখা-নজনা এজনৰ প্ৰতি
বিশেষ কোনো কাৰণ আৰু ধাৰণা অবিহনেই আকৃষ্ট কৰি তুলিছে
, তেওঁলোকৰ
ওপৰত অযথা বিশ্বাস স্থাপিত কৰোৱাইছে
, আনফালে চকুৰ সমুখত দেখি
থকাসকলৰ প্ৰতি অনীহা-অৱহেলাৰ ভাব বঢ়াই আনিছে৷ লগে লগেই অদৃশ্যজনৰ অস্তিত্বৰ ঘনত্ব
লাঘৱ হ
বলৈ ধৰিছে৷
 

আজি মানুহ এজনে আনজনৰ মুখামুখি নোহোৱাকৈ
তেওঁৰ অনুমোদন সাপেক্ষে তেওঁৰ অন্তৰৰ নিবিড়তম প্ৰদেশৰ উমান পাব পাৰে থাউকতে।
তেওঁৰ বিষয়ে সুধিব পাৰে
, তেওঁক ভাল-বেয়া কথা কব পাৰে,
তেওঁক উপদেশ দিব পাৰে, তেওঁৰ ছবি চাব পাৰে,
ভাল পাইছে নে বেয়া পাইছে সেয়া জানিব বা জনাব পাৰে৷

এই ধৰণৰ ভাব বিনিময়ে তিনিওগৰাকী
প্ৰতিৱেশীকে অশেষ আনন্দ প্ৰদান কৰি আহিছিল। তেওঁলোকৰ বাবে বাস্তৱিক দূৰত্বৰ কথাটো
কেতিয়াও প্ৰাসংগিক হৈ উঠা নাছিল
, বৰঞ্চ ওচৰতে থকাসকলহে আন্তৰিকতাৰ অভাৱত দূৰত্বৰ অভিধাৰে
স্নানান্তৰিত হৈছিল নিলগলৈ। একোটা বিষয়ৰ ওপৰত তেওঁলোকে নিজৰ নিজৰ কক্ষৰ পৰাই
যেতিয়াই-তেতিয়াই মত বিনিময় কৰিব পাৰিছিল।
 

অন্যান্য মানুহৰ তুলনাত তেওঁলোক অৱশ্যে
যথেষ্ট সংযত আৰু সচেতন আছিল। কোঠাৰ খিৰিকীবোৰ মাজে সময়ে খোলা-মেলা কৰিছিল। বাহিৰৰ
ভাল-বেয়া বতাহৰ গোন্ধ তেওঁলোকে অকণমান হ
লেও পাইছিল। তেওঁলোকে এজনে আনজনৰ
প্ৰতি সৌহাদ্যপূৰ্ণ ব্যৱহাৰ কৰিছিল
, পৰস্পৰৰ মতক সন্মান
প্ৰদৰ্শন কৰিহে নিজৰ মতামত ব্যক্ত কৰিছিল। এনেকৈয়ে অতি কম সময়ৰ ভিতৰতে তেওঁলোকৰ
মাজত এক সুসম্পৰ্ক গঢ় লৈ উঠিল আৰু সেইটোৱে বন্ধুত্বৰ ওপৰঞ্চি
ভাব-জ্ঞান-বোধৰ পোষক
  বুলি নতুন সম্পৰ্কৰ নাম
এটাও পালে।

আনহাতে, কেতিয়াও দেখাদেখি
নোহোৱাকৈ মানুহৰ মাজৰ আন্তৰিক সেতু কেনেকৈ গঢ় লৈ উঠিল তাকে লৈ কীট-পতংগ
, মৌমাখি, পক্ষী-সৰীসৃপ, মৎস্য-কূৰ্ম আদি সকলোৰে মাজত হুৱাদুৱা লাগিল।
 

মানুহ, যাৰ প্ৰতাপে
প্ৰাকৃতিক-অপ্ৰাকৃতিক সকলো অৱয়বকে নিজৰ বশীভূত কৰোৱাইছে
, যি
মাটি-পানী-বায়ু-জুই-শূন্য
, মৰিশালি অথবা মানচিত্ৰৰ একচ্ছত্ৰী
শাসক হৈ থিয় দিছে
, তাৰ হাততেই আকৌ এনে অব্যৰ্থ সৰঞ্জামৰ
ক্ষমতা- কথাটো কোনেও সহজভাৱে ল
ব নোৱাৰিলে৷ এক আপত্তিৰ
ভাবনাত প্ৰতিটো প্ৰাণীয়েই দিন-ৰাতি পাৰ কৰিবলৈ ধৰিলে। অৱশেষত মূক-বৰ্ণান্ধ
প্ৰাণীবোৰে সিহঁতৰ সুতীক্ষ্ণ চেতনাকে সাৰোগত কৰি ইয়াৰ প্ৰতিকাৰ কৰিবলৈ চেষ্টা কৰিলে।

মানুহে নিজ বুদ্ধিমত্তা আৰু
অহোপুৰুষাৰ্থৰ জৰিয়তে শক্তিমন্ত
, সমৃদ্ধিশালী হোৱাৰ লগে লগে সমানে হিংস্ৰ, নিৰ্দয়, আঁকোৰগোজ, স্বাৰ্থান্বেষী,
প্ৰতিশোধ পৰায়ণ একোজন ব্যক্তিলৈ ৰূপান্তৰিত হোৱাটোৱেই মুখ্যতঃ
সিহঁতৰ চিন্তাৰ কাৰণ হৈ উঠিল৷ মানুহৰ এনে সঘন চাৰিত্ৰিক পৰিৱৰ্তনে আন আন প্ৰাণীৰ
অস্তিত্বলৈ ভাবুকিৰ সৃষ্টি কৰাটোৱে স্বাভাৱিক। অথচ জীয়াই থাকিবলৈ সিহঁতো সমানেই
পৰিশ্ৰম আৰু সংগ্ৰাম কৰিবলগীয়া হয়। জাগতিক বা প্ৰাকৃতিকভাৱে সিহঁতৰো এটা অধিকাৰ
থাকে এই প্ৰকৃতিত
, সিহঁতৰো একোটা নিৰ্দিষ্ট জীৱন-চক্ৰ থাকে।
সেই চক্ৰটো পূৰ্ণ কৰিবলৈ প্ৰাকৃতিকভাৱেই সিহঁত নিপুণ। মাথোঁ মানুহৰ অহেতুক
হস্তক্ষেপৰ পৰা সিহঁতে সকাহ পাবলৈ অতিৰিক্ত কষ্ট স্বীকাৰ কৰিবলগীয়া হোৱাটোৱে
সিহঁতক বিতুষ্ট কৰি তুলিলে আৰু লাহে লাহে সিহঁত প্ৰতিবাদী হৈ উঠিবলৈ ধৰিলে৷

জীৱকুলৰ প্ৰতিটো প্ৰাণী কিম্বা
উদ্ভিদেই নিজৰ অস্তিত্ব ৰক্ষাৰ বাবে প্ৰৱিষ্ট হয়েই আৰু জীয়াই থকাৰ কাৰণে প্ৰয়োজনীয়
আৰু কষ্টসাধ্য বহু ত্যাগ স্বীকাৰ কৰিবলৈ সদায়ে সাজু হৈ থাকে। চতুৰ মানুহে
সেইবোৰকেই উদাহৰণ হিচাপে লৈ আগ বাঢ়ে
, সেইবোৰৰ পৰাই জ্ঞানাহৰণ কৰি নিজৰ
ভৌতিক উন্নতি সাধন কৰে
, অথচ তাত্ত্বিকভাৱে সেইবোৰকে হেয়
প্ৰতিপন্ন কৰিবলৈ উঠি-পৰি লাগে। ইতৰৰ কোনো মূল্যই সেইসকলে দিব নোখোজে।
 

সকলো মানুহ তেনে পৰ্যায়ৰ নহলেও, কেৱল চেহেৰা দেখি, হাঁহি-কান্দোন প্ৰত্যক্ষ কৰি আৰু
কাম-কাজৰ ৰেহ-ৰূপ চাই
, মানুহ এজন কেনে হয় সেইটো ধৰা কঠিন। যি
দেখা যায় সেইজন তেনে হ
বই লাগিব বুলি কোনো কথা নাথাকে।
মানুহৰ মাজত নিয়ম-নীতি যিমান প্ৰচলিত থাকে
, তাৰ তুলনাত
অনিয়ম-অবিচাৰো একেবাৰে কম নহয়। সেইবাবে সময়ে সময়ে মেজাজ সলাই থকা প্ৰাণীবিধৰ পৰা
সদায় সাৱধান হৈ থাকিবলগীয়া হয়। তেতিয়াই একপ্ৰকাৰ অন্য জীৱসকলে স্বাধীনতা খৰ্ব
হোৱাৰ দৰে অনুমান কৰে। একেজন মানুহে বেলেগ বেলেগ সময়ত ভিন্ন আচৰণ কেনেকৈ কৰে সেইটো
এটা বিশ্লেষণৰে বিষয়।

পতংগ সম্প্ৰদায়ৰ এটা ফুটি সকলোবোৰ
ওজৰ-আপত্তি লৈ সমস্ত জীৱকুলৰ প্ৰতিনিধি হিচাপে প্ৰকৃত সত্যৰ সম্ভেদ ল
বলৈ এদিন ওলাই আহিল। 

এই পদৰ বাবে তাক নিৰ্বাচন কৰাৰ কাৰণ
আছিল কে
বাটাও।
যেনে- সেইটো আছিল বিনম্ৰ স্বভাৱৰ
, এঠাইৰ পৰা আন ঠাইলৈ উৰি
যাব পৰাকৈ আছিল দুখনকৈ পাখি
, দেহৰ মুগা বৰণটোৰ বাবে নিজকে
লুকুৱাই ল
ব পাৰিছিল অনায়াসে। যিটো মানুহসকলে নিজকে লুকুৱাই
ব পৰা গুণৰ সমকক্ষ আছিল। কথা ঘূৰাব পৰাকৈ মানুহৰ দৰেই সি
সক্ষম আছিল। তাৰোপৰি লক্ষ্যৰ বাটত ভিৰ জমোৱা অলাগতিয়াল যুক্তিবেহুৰ মাজেৰে সৰকি
যাব পৰাৰ দক্ষতা অৰ্জনকাৰী সি আছিল এটা অসাধাৰণ ফুটি।

সি তাৰ জীৱনত এইখিনি আহিলাৰ জৰিয়তে
নাই নাই বুলি কেবাটাও সংকটৰ সন্মুখীন হৈ নিজকে বচাই আনিছে অতি কুশলতাৰে। সি এইটো
ভালদৰেই বুজি উঠিছিল যে মানুহৰ লগত বাক-বিতণ্ডা
, যুক্তি-তৰ্ক কৰি সি
কাহানিও জয়ী হ
ব নোৱাৰে৷ মানুহে সেইবোৰ কৰি কৰিয়ে যুগ যুগ
পাৰ কৰিছে
, তেওঁলোক সেই বিদ্যাতহে আটাইতকৈ পাৰ্গত। মানুহে
একেবাৰে নোহোৱা কথা এটা যেনেকৈ অনায়াসে হোৱা কৰিব জানে
, তেনেকৈয়ে
ঘটা ঘটনা এটাও চকুৰ পচাৰতে নিশ্চিহ্ন কৰি পেলাব পাৰে৷ সেই জীৱটোৰ লগত সংঘৰ্ষত
লিপ্ত হোৱাটো কেতিয়াও উচিত নহয়৷ সেইবাবে ফুটিটোৱে এক বিশেষ পদ্ধতি অৱলম্বন কৰিবৰ বাবেহে সাজু হ
ল৷

এজনৰ এখন খোলা খিৰিকী দেখা পাই সি
সেইফালেই ধিয়ালে। খিৰিকীৰে অকণ পোহৰ অহা দেখি সি আশ্বস্ত হ
ল যে কোনো জ্ঞানীজনৰ
ঘৰতেই সি প্ৰৱেশ কৰিবলৈ লৈছে। এনে ভয়াৱহ সময়ত গুণী-জ্ঞানীসকলৰ বাহিৰে আন কোনেও খিৰিকী
খোলা নাৰাখে। অইন কোনোবাই নিজৰ খিৰিকী খোলা ৰাখিলেও পতংগ আদিক আকৰ্ষণ কৰিব পৰা
পোহৰ সেইবোৰেৰে দেখা নাযায়। গতিকে সি ধৰি ল
লে, সেইগৰাকীয়ে তাৰ সহজ উপলক্ষ্য হব। কিন্তু কথোপকথনৰ
মাজত কোনো প্ৰশ্নৰ অৱতাৰণা নকৰাকৈ আৰু অনুনয়ৰ আশ্ৰয় নোলোৱাকৈয়ে সি কেনেকৈ আগ বাঢ়িব
পাৰে
, সেই লৈ তাক কিছু উৎসুক হৈ থকা দেখা গল।
 

কথাটো এনেকুৱা যে, প্ৰশ্নৰ অৱতাৰণা
কৰিলেই মানুহ অসন্তুষ্ট হয় আৰু নিজকে কোনো বেষ্টনীৰ ভিতৰত সোমাই পৰা যেন অনুভৱ
কৰে। তেনে অসন্তুষ্ট মানুহৰ পৰা কিবা সহায়-সহযোগিতা আশা কৰাটো মূৰ্খতাৰ বাহিৰে আন
একো নহয়।

আনহাতে, সন্তুষ্ট মানুহৰ পৰা
নিবিচৰাকৈয়ে বিনামূলীয়া সাহায্য-সেৱা আশা কৰিব পাৰি। কাৰোবাক অনুৰোধৰ সুৰত কিবা ক
লে, সেইজন উচ্চ আসন এখনত নিজে নিজেই অধিষ্ঠিত হৈ পৰে
আৰু নিৰপেক্ষ বক্তব্যৰ বিপৰীতে তেওঁৰ ব্যক্তিত্বক সুৰক্ষা প্ৰদান কৰিব পৰাধৰণৰ
কথাবোৰ উনুকিয়াবলৈ লয়। তেতিয়া সমুখত থকাজনৰ কোনো কথাই তেওঁ গ্ৰাহ্য নকৰে।
 

দুয়োটা ক্ষেত্ৰতে সমস্যা বহুত। তেনে
স্থলত মানুহক কেনেবাকৈ সমকক্ষ বুলি দেখুৱাব পাৰিলে তেওঁলোক ভালেখিনি বিনম্ৰ-শিষ্ট
আৰু আৱেগিক হৈ থাকে
, কাজেই তেওঁলোকে মনৰ ভাববোৰ মুকলিকৈ ব্যক্ত কৰিব পাৰে৷ 

মানুহৰ এনে মহানুভৱতা বা বিড়ম্বনাৰ
বাবেই তেওঁলোক বিচিত্ৰ ৰঙৰ প্ৰাণী বুলি পৰিচিত। ইয়াৰ বাবেই তেওঁলোকে জীৱজগতত বিশেষ
স্থান আৰু মৰ্যাদাও লাভ কৰিছে। সেই অভিধাৰেই তেওঁলোকে শ্ৰেষ্ঠত্বৰ আসনখনো দখল কৰা
বুলিও প্ৰাণী সমূদায়ে ইতিমধ্যেই মানি ল
বলৈ বাধ্য হৈছে।

ফুটিটো একেবাৰে ঘৰটোৰ ভিতৰলৈ নোসোমাই
কাঠৰ খিৰিকীখনৰ ভিতৰফালে পৰি থাকিল।
 

কাঠৰ ৰং আৰু তাৰ পাখিৰ বৰণ  মিলি যোৱা বাবেই তাক পোনছাটেই দেখা পোৱাটো সহজ নাছিল। সেয়ে
জনাৰ্দন বকলে কেইবাবাৰো খিৰিকীমুখলৈ আহিও ফুটিটোক দেখা পোৱা নাছিল। এনেকৈয়ে সি তাত
তিনিদিন-তিনিৰাতি প্ৰায় লৰচৰ নকৰাকৈ পৰি থাকিল। আৰু সেইখিনি সময়তে সি বকলৰ বিভিন্ন
গতিবিধি
, অভ্যাস-সংস্কাৰ-চৰিত্ৰাদিৰ বিষয়ে থূলমূল আভাস লবলৈ যত্ন কৰিলে।
 

যদিও তেনে কৰাটো চুৰি কৰাৰ লেখিয়া ধৃষ্টতাই আছিল, তথাপি তেনে নকৰিও তাৰ কোনো উপায় নাছিল। মানুহৰ ভিতৰচৰাত অনধিকাৰ প্ৰৱেশৰ বিষয়টো সদায় তেওঁলোকে যথেষ্ট স্পৰ্শকাতৰতাৰে বিবেচনা
কৰে৷ বহু ক্ষেত্ৰত ইয়াৰ বাবে কোনো তৃতীয় পুৰুষক চূড়ান্ত শাস্তি বিহাৰো নজিৰ আছে।
  

চতুৰ্থ দিনাও বকলে আন কেইদিনৰ দৰেই
কংকন ৰামচিয়াৰী আৰু ৰামৰতন গুপ্তাৰ লগত বিভিন্ন বিষয়ক লৈ ভাব বিনিময় কৰিলে৷ তেওঁলোকৰ
আলোচ্য বিষয় আছিল জীৱজগতৰ সমতা
, মনুহৰ ভেম-অভিমান আৰু অভিনয়, অকৃতকাৰ্যৰ
বাবে বিকল্প সংকল্প নিৰ্ধাৰণ
, ঈৰ্ষা-দ্বেষ-ঘৃণা-হিংসাৰ কাৰণ
আৰু প্ৰতিকাৰ সন্ধান আদি৷
 

এইক্ষেত্ৰত তিনিও যদিওবা সমকক্ষই আছিল
তথাপি নিজৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিবলৈ প্ৰতিজনেই চেষ্টা কৰিছিল৷ সকলোবোৰ
তেওঁলোকে যথেষ্ট গুৰুত্বসহকাৰে আলোচনা কৰাৰ দৰে লাগিছিল
, কিন্তু সেইবোৰ ভালেখিনি
উপৰুৱা বুলিয়ে ফুটিটোৱে ধৰি ল
লে৷ কাৰণ প্ৰতিজনেই নিজৰ
বেলিকা অত্যুক্তি কৰিছিল
, আৰু নিজকে জহাবলৈ চেষ্টা কৰিছিল।
সেয়ে তেওঁলোকৰ মাজত আন্তৰিকতাৰ গভীৰতা কিমান সেয়াও সন্দেহজনক যেন লাগিল ফুটিটোৰ। অৱশ্যে সি এইটো বুজি পালে যে মানুহে যদিও
মই
বোলা কথাষাৰৰ লগতে অনবৰতে ব্যস্ত থাকে আৰু দ্বিতীয়-তৃতীয় পুৰুষক
আওকাণ কৰে
, তথাপি কোনো কাৰণত সকলোবোৰ সাঙুৰ খায় যেতিয়া
সেইটো
আমিলৈ পৰিণত হয়, তেতিয়া নিজে নিজেই সেইজনে বাকীসকলৰো সমৰ্থন কৰে৷ এই আচৰিত অথচ সাধাৰণ
গুণাগুণৰ বাবেও মানুহক আন সকলোৰে পৰা নিলগাই চাবলগীয়া হয়।

সেই কেইদিনতে ফুটিটোৱে মানুহ সম্পৰ্কে
আগতে গম নোপোৱা আন কেবাটাও কথা জানিব পাৰিলে।

এটা হল ডাঙৰ আকাৰৰ জীৱহত্যা
কৰাটো তেওঁলোকে দোষণীয় কাম বুলি ক
ব খোজে, কিন্তু তেওঁলোকৰ দৈনন্দিন জীৱনত প্ৰভাৱ পেলোৱা,
  ক্ষুদ্ৰ আৰু সংখ্যাত সৰহ, তেনে জীৱ
ধ্বংস কৰাটো আকৌ অৱশ্য কৰণীয় কৰ্তব্য বুলি ভাবে। অথচ সকলো জীৱৰ মাজত আত্মাৰ
সমবিতৰণৰ কথা আনৰ আগত গাই ফুৰে।

দ্বিতীয় কথাটো হল দুবৰ্লক তেওঁলোকে দমন
আৰু নত কৰিবই। তেওঁলোকৰ প্ৰায় প্ৰতিজনেই ভাবে যে
, সমুখৰজন
চাপৰ হৈ থাকিলেহে তেওঁক ওখ দেখা যাব
, তেওঁ গুৰুত্ব লাভ কৰিব।
সেইখিনিকে কিন্তু লুকুৱাবলৈ তেওঁলোকে আপ্ৰাণ চেষ্টা কৰে। কাৰণ
, তেনে কৰাটো তেওঁলোকে ভুল বুলিও মানে, কিন্তু
প্ৰতিচ্ছবি বোলা কাল্পনিক কামিজ এটা লেতেৰা হয় বুলি ভয় কৰে। অথচ লেতেৰা নহওক বুলি
সেইটো খুলি থ
বও নোৱাৰে৷ কাৰণ প্ৰতিচ্ছবি নোহোৱা কোনো মানুহকে উচ্চ সামাজিক মৰ্যাদা
দিয়া নহয়।
  

বকল, ৰামচিয়াৰী আৰু গুপ্তাৰ
ভাব বিনিময়ৰ পৰা মানুহ সম্বন্ধে আন কিছুমান অনুমানো সি কৰি ল

পাৰিলে।

যেনে নিজকে সাহসী বুলি
দেখুৱাই
 মনুহে আনক উদ্বুদ্ধ কৰে,
সময়ত কিন্তু ভয়াতুৰৰ দৰে তেওঁলোক পলাই সাৰিব খোজে।

মৃত্যুক লৈ প্ৰায়ভাগ মানুহেই বহু
আগতীয়াকৈ চিন্তিত হৈ থাকে। সেই চিন্তাতে আকৌ বহুতেই মৃত্যুমুখত পৰে৷
 

তেওঁলোকে নিয়মবোৰ আনৰ বাবেহে বান্ধি
দিয়ে৷ নিজে সেইবোৰ মানিবলৈ নাযায়৷
 

প্ৰথম মুহূৰ্তত ভাল লগা বস্তু এটা
আন্তৰিকতাৰে আঁকোৱালি লোৱাৰ পাছত
, ভাল নলগা হলে আঁতৰলৈ ঠেলি পঠিয়াবলৈ তেওঁলোকে অকণো কুণ্ঠাবোধ নকৰে। 

অনেক কাৰণত কিছুমানে আকৌ বেয়া পোৱা
ব্যক্তিৰ লগতে মিলা-মিচা কৰে
, বেয়া পোৱা বস্তুকো খামোচ মাৰি থাকিব বিচাৰে। সেয়া
সম্বন্ধ ৰক্ষা আৰু বৃত্তিৰ তাগিদাতো হ
ব পাৰে, স্বাৰ্থৰ বাবেও হব পাৰে বা অইন কিবা এৰাব নোৱৰা
বাধ্যবাধকতাৰ বাবেও হ
ব পাৰে।

সৃষ্টিক তাৰ প্ৰাপ্য মৰ্যাদা প্ৰদৰ্শন
নকৰি
, সৃষ্টিৰ
কামতেই তাক ব্যৱহাৰৰ পৰিৱৰ্তে আনন্দোপলব্ধিৰ বাবে প্ৰয়োগ কৰিব বিচাৰে।

লাহ-বিলাহত সময় খৰচ কৰি নিজৰ
স্বাস্থ্যৰ হানি কৰে।

অকণ তৃপ্তিৰ বিনিময়ত হাওঁফাওঁ আৰু তেজৰ
বেমাৰ গাত পাতি লয়
, কিন্তু কেনোবাই আঙুলিয়াই দিলেও ভুলটো গাত পাতি নলয়।

নিজৰ মহানতাৰ গীতবোৰ তেওঁলোকে বাৰে ৰহণীয়া সুৰেৰে
বাৰে বাৰে গাই থাকিব বিচাৰে। আনজনৰ মহানতাক গাপ দিবলৈ সেইজনৰ ভুল-ত্ৰুটিবোৰ চৰ্চা
কৰি থাকে।

এইবোৰৰ দৰে মানুহ সম্পৰ্কে অনেক কথাকে ফুটিটোৱে অতি কম
সময়ৰ ভিতৰতেই উপলব্ধি কৰিবলৈ সক্ষম হ
ল যত সেই মানুহবোৰৰ
মাজতেই বছৰ বছৰ বসবাস আৰু সহবাস কৰি থকা অনেকেই সেইবোৰ বুজি উঠিব নোৱাৰে ।
সেই ফালেৰেও মানুহ বিচিত্ৰ। কাৰণ সেয়া মানুহৰ চতুৰতাৰ পৰিৱৰ্তে মূৰ্খতাৰ পৰিচায়কহে
হৈ উঠে।

এই সকলোবোৰত ফুটিটোৱে বেয়া একো
নেদেখিলে। সেইবোৰ কৌশল মানুহে আয়ত্ত কৰিয়ে যিহেতু ইমান আগ বাঢ়িছে
, তাত কব লগা একো নাথাকে। সেইবোৰ আন আন প্ৰাণীবোৰেও শিকিব পাৰিলে কিজানি সিহঁতৰো
বৃহত্তৰ উত্থান হোৱাটো সম্ভৱ। সেইখিনি জানিব-বুজিবলৈয়ে সি ইয়ালৈ আহিছে। ইমান নতুন
কথা এইবোৰত সোমাই আছে যে আগৰ জনাখিনি তাৰ যথেষ্ট যেন নালাগিল।

সেইদিনা আবেলি বকলে খিৰিকীখন বন্ধ
কৰিবলৈ আহি ফুটিটো দেখা পালে৷ প্ৰথমতে তেওঁ অলপ চক খোৱা যেন কৰিলে। তাৰ পিছত
তেওঁৰ অলপ সহানুভূতিৰ ভাব এটা আহিল। এনেও তেওঁৰ দয়া-মমতা
, মৰম-চেনেহ কোনো
যুক্তিহীন কাৰণত কেতিয়াবা কেতিয়াবা সাৰ পায়। মলমৰ পেৰাটো বহু দিনৰ মূৰকতহে
দুই-এবাৰ খোল খায়। অনুভূতিবোৰ কেতিয়াও ব্যৱহাৰ নকৰি পেলাই থ
লে
মামৰে ধৰাৰ দৰে খহটা হৈ উঠে। সেইবোৰ নিমজ কৰি ৰাখিলেহে মাজে-সময়ে পৰিচৰ্যাৰ
প্ৰয়োজন হয়।

কিছুমান এৰাব নোৱৰা পৰিস্থিতিত এনেবোৰ
কৌশল আৰু কাৰুকাৰ্য ভাল কামত অহা প্ৰমাণিত হৈ আহিছে।
  

এইবোৰ হল ফুটিটোৰ দৃষ্টিভংগীৰে
মানুহৰ পৃথিৱীখনৰ অন্তৰ্ভাগ।

আনফালে বকলহঁতৰো বহিৰ্জগতৰ কিছু কবলগীয়া থাকে।

ফুটিটো দেখা পাই কথাটোত বকলে
মনে মনে 
এক প্ৰকাৰ ভালেই পালে।

এৰী-মুগা-কণী-লেটা-পলুজাতীয় গৱেষণামূলক
অধ্যয়ন এটাৰ বাবে তেওঁ যথেষ্ট সময় ব্যয় কৰিছিল। সেইসূত্ৰে এটা পখিলাজাতীয় পতংগ
তেওঁৰ বাবে বিশেষভাৱে প্ৰয়োজন হৈ পৰিছিল৷ তেওঁ সেইটো বিচাৰি যাব যাব বুলি ইমান
দিনে সময়ো উলিয়াব পৰা নাই। সেইবোৰৰ সাংকেতিক ভাষা তেওঁ ইতিমধ্যেই শিকি উঠিছিল আৰু
তাকে প্ৰয়োগ কৰিবলৈ প্ৰস্তুত হৈ আছিল বহু দিনৰ পৰাই। ই এক নাটকীয় অৰু কাকতালীয়
ঘটনা হ
লেও
ই সত্য। ভালে কেইবাৰ
, মুহূৰ্ততে ভাবি থকা কথাটো সমুখতে ঘটি
যোৱাকে
তেওঁ পাই থৈছে, অথচ লিপিৱদ্ধ
নকৰাৰ দোষত
, গুৰুত্বৰ অভাৱত আৰু সংৰক্ষণৰ এলাহত সেইবোৰ
বিশ্বাসযোগ্যকৈ তুলি ধৰিব পৰা নাই। কিন্তু এইবাৰৰ ঘটনাটো বেলেগ সেয়ে তেওঁ
ইয়াক অথলে যাবলৈ দিব বিচৰা নাই।
 

বিৱৰণৰ প্ৰয়োজনৰ বাবেই বকলে ফুটিটোৰ
এটা নাম থ
লে।
সেই নামটো হ
ল– চিতি৷ নামটো ঠিক ফুটিটোৰ সংকেতিক ভাষাৰ
লগত মিলি যোৱা বাবেই সি কথাটো বুজি পালে আৰু প্ৰস্তাৱটো তৎক্ষণাৎ মানি ল
লে। আনহাতে তাক নাম এটা দিয়াৰ লগে লগেই সি এটা বিশেষ চাৰিত্ৰিক মূল্য লাভ
কৰিলে
, যিটো হয়তো মানুহৰ ফালৰ পৰা
  অন্যান্য প্ৰাণীৰ বাবে সহজে উপলব্ধ নহয়। গতিকে মানুহৰ
সংস্পৰ্শই তাক মানুহ চৰিত্ৰৰ সমকক্ষ মৰ্যাদা প্ৰদান কৰিলে
, যিটো
সি প্ৰত্যাখ্যান কৰাৰ কোনো কাৰণ নাছিল। ক
বলৈ গলে পাৰস্পৰিক সদ্ভাৱ আৰু সহায়-সহযোগিতাৰ এটা ব্যৱসায়িক চুক্তি দুয়োৰো মাজত
সম্পন্ন হ
ল। সেইটোৱে দুয়োৰো মহান উদ্দেশ্য একেলগে সফল কৰিব
বুলি বেলেগ-বেলগকৈ আশা কৰিলে৷

আনফালে, গোটেই বিষয়টো
ৰামচিয়াৰী আৰু গুপ্তায়ো সমুখতে ঘটি থকাৰ দৰে অনুভৱ কৰিলে
, সেই
আধুনিক সংযোগ-ব্যৱস্থাৰ মাধ্যমত৷ কেৱল সেয়াই নহয়
, তেওঁলোকেও
সমগ্ৰ কথাখিনিত নিজৰ নিজৰ মতামত ব্যক্ত কৰিবলৈও সমৰ্থ হ
ল।
মতদানত দুই-তৃতীয়াংশ সংখ্যাগৰিষ্ঠতাৰে বিষয়টো গৃহীত হ
ল।
প্ৰথমে পৰিচয়-পৰ্ব আৰু সাধাৰণ বাৰ্তালাপেৰে কথা আৰম্ভ হ
ল।

: তুমি কৰ পৰা ইয়ালৈ আহিলা, মানে তুমি থাকাঁ ক?– বকলে সুধিলে৷

: দূৰ আছে৷ – ফুটিটোৱে
লে, এই চহৰৰ পৰা ঘাইপথটো যে ওলাই গৈছে, তাৰে আগুৱাই দুদিনমান উৰিলে এখন শুকান হাবি পোৱা যায়, তাতেই মই থাকোঁ। আমাৰ পৰিয়াল আৰু ঠেং থকা-নথকা অন্যান্য প্ৰাণীসকলো তাতেই
আছে।

: জানো, জানো, সেইখনেতো ব্ৰাউন্
গ্ৰাউণ্ড্ ইক
’ ছেংশ্বুৱেৰী। আমাৰ
এলেকাৰ গৌৰৱ সেই বনাঞ্চল। তাত 
একেলগে অনেক লুপ্তপ্ৰায় প্ৰাণীৰে সমন্বয় ঘটিছে।

: তোমালোকে সেইবোৰ
বেলেগকৈ ভাবিছা। আমাৰ ধাৰণাত তেনে বৰ্ণনা একোৱেই নাই। আমাৰ সেইখন নিজা ঘৰ। আমাৰ এখন
নিজা সংবিধান আছে
, সেইমতেহে আমি চলোঁ। আমি নিজে কোনো নিয়ম
বনাই নলওঁ। প্ৰকৃতিৰ সংস্পৰ্শত থাকি আমাৰ বাবে যিবোৰ নিয়ম নিৰ্ধাৰিত হ
, সেইবোৰেই আমি মানি চলোঁ। সেইবাবেই আমি
বায়ু-পানী-মাটিৰ লগত একাত্ম হৈ থাকিব পাৰিছোঁ।

: সেইবোৰ কথা কিন্তু
আমাৰ মানুহবোৰে নাজানে। ক
বলৈ গলেও তেওঁলোকে
উপদেশ দিয়া বুলি ভাবিব আৰু অসন্তোষ প্ৰকাশ কৰিব।

: হয়। আপোনালোকৰ নিয়ম
অনুসৰি তেনেকুৱা হ
ব পাৰে।

: এবছৰমান আগতে তালৈ
গৈছিলোঁ৷ পৰিৱেশ পৰিৱৰ্তনে তাৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাইছে।

: পৰিৱেশ সলনি হৈছে
সেইটো খাটাং। আমাৰ লগতে দীৰ্ঘজীৱী কেবাটাও প্ৰজাতি তাতে থাকে
, সিহঁতৰ পৰাই সেইটো আমিও জানিব পাৰিছোঁ। সিহঁতে কোৱা মতে, মানুহৰ দ্বাৰা নিৰ্মিত নিয়ম-কানুন, বিধি-ব্যৱস্থা
আদিৰ বাবেই পৰিৱেশ সলনি হৈছে। পৰিৱৰ্তনৰ প্ৰক্ৰিয়াটো মন্থৰ হ
লেও জটিল আৰু ক্ষতিকৰ। সেই বিষয়ে মই বেছিকৈ ক
নিবিচাৰোঁ। আপোনাকে তাৰ বেয়া ফলাফল ইতিমধ্যে লাভ কৰিছেই। সেইখিনিৰ ওপৰত কিছুমান
চিন্তা-চৰ্চা কৰা লোকো ওলাইছে। কিন্তু আগৰ পৰিৱেশটো ঘূৰাই আনিব পৰা যাব নে নাযায়
,
তাত ভালেখিনি সন্দেহ থাকি যায়৷

: আগৰ ৰূপটো ঘূৰাই পোৱা
বাস্তৱিকতে সম্ভৱ নহয়। তুমি কোৱাৰ দৰে সেই পৰিৱৰ্তন হৈছে লাহে-লাহে। আৰু আমি আগৰ
অৱস্থাটো ঘূৰাই আনিব বিচাৰিছোঁ অতি ক্ষিপ্ৰতাৰে।

: হয়, সোনকালে কিবা এটা নিৰ্ণয় কৰিব লাগে, কিন্তু পৰিৱেশ
পুনৰুদ্ধাৰৰ প্ৰয়োজন হ
ব পৰা সময়খিনিতো দিবই লাগিব।

: মানুহে কিছুমান
পদক্ষেপ নোলোৱা নহয়। কিন্তু বিভিন্ন কাৰণত সেইবোৰ সফল হোৱা
 নাই। এজনে দিয়া পাৰমৰ্শ আন এজনে নাকচ কৰিছে। তাৰ মাজতে কিছুমান সিদ্ধান্ত
গ্ৰহণ কৰা হৈছে
, সেইমতে কামো আৰম্ভ হল।
কিন্তু তাতো কেতবোৰ মধ্যভোগীয়ে সেইবোৰ সম্পন্ন হ
বলৈ দিয়া
নাই। কেতবোৰ ৰজকীয় কাৰণো থাকে। মানুহৰ মাজতেই গা কৰি উঠা চিন্তা-ভাবনাৰ অত্যধিক
আৱৰ্জনাই তেওঁলোকক এতিয়া পুতি পেলাব ধৰিছে।

আপোনাৰ নিজৰ বিষয়ে কওক।
আপোনালোকৰ লক্ষ্য আৰু উদ্দেশ্যবোৰ চায়ে আমি ধৰিব পাৰিম মানুহৰ দ্বাৰাই এনেবোৰ সলনি
কিয় হ
বলৈ পালে।

: তোমাৰ আগত মই সকলো কথাই
খুলি ক
ব পাৰোঁ। তুমিতো সেইবোৰ আনক ক
নোৱাৰা। আমি তোমাৰ ভাষাবোৰ শিকা বাবেই তোমাৰ লগত কথা পাতিব পৰিছোঁ। আমাৰ লগৰ
বাকী দুজনো আমাৰ লগতে সংলগ্ন হৈ আছে। তেওঁলোকৰো অনুচ্চাৰিত অথচ ইতিবাচক সমৰ্থন আমি
লাভ কৰি আছোঁ। এইবোৰ অইন ভাষালৈ তৰ্জমা হোৱাৰ আশাও ক্ষীণ যে আমাক কোনোবাই কটাক্ষ
কৰিব পাৰিব।
 

ইয়াৰ পাছত বকলে তাৰ জীৱন সম্বন্ধে কিছু
কথা প্ৰকাশ কৰিবলৈ মন মেলিলে।

মোৰ কল্পনাৰ মই মানুহজন আৰু এজন
জ্যোতিৰ্বিজ্ঞানী :
 

মোৰ কল্পনাৰ মইজন আছিল গেলিলিও গেলিলি, আমাৰে এজন পূবৰ্পুৰুষ,
এজন জ্যোতিৰ্বিজ্ঞানী।
পাছৰ জীৱনত তেওঁৰ প্ৰাপ্ত
অন্ধত্ব আছিল সময়ৰে এক কৰুণ পৰিহাস। সৰ্বশ্ৰেষ্ঠ জ্যোতিৰ্বিজ্ঞানীজনৰ শেষ পৰিণতি
দৃষ্টিহীনতা
, এনে চৰম শাস্তি মানুহেই মানুহক বিহাটো উচিতনে?
কাক সুধিছোঁ, নাজানো। এইটো জানো যে, প্ৰকৃতিতে এনে হোৱাটো কোনো অস্বাভাৱিক নহয়। এনেকুৱা ঘটেই। এঠাইত এজনৰ
উল্লেখ এটা পাইছিলো
, বৰ্ণান্ধ চিত্ৰকৰ এজনৰ কথাৰে। যিজনে
প্ৰকৃত ৰঙৰ পাৰ্থক্য বুজিব নোৱাৰিছিল। চিত্ৰ এখন আঁকোতে কিছুমান ৰং তেওঁ
আনুমানিকহে ব্যৱহাৰ কৰিবলগীয়া হৈছিল। অথচ প্ৰদৰ্শনীত ছবিবোৰ দৰ্শকে ৰ লাগি লাগি চাইছিল।
সেইবোৰত থাকিব পৰা বিশেষত্বক লৈ মূৰ ঘমাইছিল। এজন অযোগ্য উপদেশকাৰীৰ উপমা এটাৰ
উদ্ৰেক ইয়াৰ পৰাই ঘটিছিল। যাক আমি ভাৰসা কৰিছো তেওঁৰ ভেঁটিটো কিমান সবল সেইলৈ আমাৰ
কোনো সঠিক জ্ঞান নাই৷

পাছলৈ মোৰ গেলিলিও হোৱা নহ, মই হলোঁগৈ এজন দৰ্শনশাস্ত্ৰৰ ছাত্ৰ৷

প্ৰতিজন মানুহেই এবাৰ হলেও লৰালিত আকাশৰ ফালে চায়। প্ৰথমতে কোনো এজন ডাঙৰে আমাক আকাশৰ ফালে দেখুৱাই
দিয়ে- সৌটো জোন
, সৌটো বেলি, সৌবোৰ
তৰা
, সৌজাক মেঘ ইত্যাদি। তেনেকৈ চাওঁতে আমি চৰাইজনী দেখোঁ।
তাৰ পাছত কথাবোৰ
  ভগাই লওঁ এনেকৈ- দিনত
দেখাবোৰ ভাটৌ
, কপৌ, বগলী আৰু ৰাতিৰবোৰ
হুদু
, ফেঁচা, বাদুলী।

তেনেকৈয়ে, লাহে লাহে আমি কল্পনাৰ
পাখি মেলিবলৈ ধৰোঁ। আকাশলৈ চোৱাক লৈ আজিকালি গৱেষণা আদিও কৰিবলৈও কিছুমানে আগ
বাঢ়িছে। আমি ঈশ্বৰৰ উপস্থিতি আকাশৰ ওপৰত থকা বুলিয়ে ধৰোঁ। সেয়ে সুখ-দুখ
, কোনো আৱেগিক মুহূৰ্তত আমি ওপৰলৈ চাওঁ। বুকুত অলপ সাহস, অলপ সন্তুষ্টি লাভ কৰোঁ। সি যি নহওক, বিজ্ঞানীসকলে কব খুজিছে যে আমাৰ মানুহ প্ৰজাতিটো পৃথিৱীৰ অন্যান্য প্ৰজাতিৰ তুলনাত
যথেষ্ট উন্নত হোৱাৰ কাৰণ হয়তো এইটোৱে যে
, কোনো অন্য গ্ৰহৰ
প্ৰাণীৰ লগত আমাৰ পূৰ্বজৰ সংমিশ্ৰণ ঘটিছে। অৰ্থাৎ
, আমি
এলিয়েনৰ সংসৰ্গত উদ্ভৱ হোৱা এবিধ উচ্চ সংকৰ প্ৰজাতি- 
হাইিব্ৰড
আৰু আমাৰ জিনীয় উৰ্বৰতাৰ বলত আমি বলীয়ান হৈ আকাশলংঘী উচ্চতা লাভ
কৰিলোঁ।
 

আন প্ৰাণীবোৰ আমাৰ তুলনাত বাওনা সদৃশ
হৈ পৰিল আৰু আমি ইমানেই উচ্চ হৈ উঠিলোঁ যে আন আন ইতৰক আমি আমাৰ বহতীয়া কৰি ৰাখিব
পৰা হ
লোঁ।
আমাৰ ইচ্ছাৰ অবিহনে সিহঁতৰ বিচৰণ অসম্ভৱ হৈ উঠিল। আমি কেৱল মানৱ কল্যাণৰ গুণ-গৰিমা
বখানিবলৈ ধৰিলোঁ। আমি আইন-কানুনবোৰ আমাৰ মতেহে তৈয়াৰ কৰি ল
লোঁ।
শুৱনি কৰিবলৈ মাজে মাজে সিহঁতৰ বাবে সহমৰ্মিতাহে মাত্ৰ দেখুওৱা হ
ল। আমাৰ অন্তৰত দৰাচলতে সেই সহানুভূতি নাইকিয়া।
 

মুঠৰ ওপৰত আমাৰ সেই সূত্ৰটো আমি লাভ
কৰিছিলোঁ আকাশমাৰ্গৰ পৰা হোৱা প্ৰব্ৰজনৰ ভিত্তিত। সেয়ে আমি আকাশলৈ চাই তেওঁলোকক
স্মৰণ কৰা বা তেওঁলোকৰ প্ৰতি কৃতজ্ঞতা স্বীকাৰ কৰা অভ্যাসটো এৰাই চলিব নোৱাৰো।

প্ৰকৃতিৰ গতিবিধি সম্পৰ্কে আমাৰ জ্ঞান, আমাৰ বোধ, যুক্তিৰ মাধ্যমত ঠন ধৰি উঠিবলৈ ধৰিলে। লাহে লাহে আমাৰ ভাবনাই পখা মেলি
ধাৱকৰ দৰে যেনি-তেনি গতি কৰিবলৈ ল
লে। কিছুমানে যুক্তিত ভৰসা
কৰিলে
, কিছুমানে চাক্ষুষ কথাবোৰত। কিছুমান ভ্ৰমিত হৈ
অন্ধবিশ্বাসী হৈ উঠিল আৰু কৰ্মব্যস্ত আন বহুতেই কথাবোৰ ভাবিবলৈ সময় উলিয়াব নোৱাৰি
আনৰ অভিজ্ঞতাকে পুনৰ্ব্যৱহাৰ কৰিবলৈ ধৰিলে। পূৰ্বানুমান
, ভৱিষ্যদ্বাণী
আৰু দৈৱবাণীত আস্থা দেখুওৱা এচাম লোকৰো উদ্ভৱ হ
ল। মুঠতে
সকলো ভাগ ভাগ হৈ পৰিল। যিকোনো প্ৰকাৰে মানুহৰ উৎকৰ্ষ সাধন কৰাই মানুহৰ লক্ষ্য
,
মানুহৰ ধ্যান হৈ পৰিল। সকলোৰে বুকুৰ ধপ্ধপনি একে হলেও তেজৰ ৰং বেলেগ বেলেগ হৈ গল। দৃষ্টিৰ প্ৰভেদৰ
বাবেই বিভিন্নজনে একেটা ঘটনাই বেলেগ বেলেগকৈ ঘটা দেখিলে
, সেইবোৰৰ
বিশ্লেষণো নিজা নিজা ধৰণেই দি গ
ল৷

নৈখনেৰে নাও এখন চলিছে, কোনোবাই সৌন্দৰ্যৰ কথা
লে, কোনোবাই কলে
ব্যৱসায়-বাণিজ্য আৰু অৰ্থনীতিৰ কথা
, কোনোবাই সেইখনৰ
নিৰ্মাণ-প্ৰসংগ উলিয়ালে
, কোনোবাই জীৱনৰ বৈতৰণী পাৰ হোৱাৰ
উপমাৰে আধ্যাত্মিক বিৱৰণি দিলে। তেনেকৈ প্ৰতিটো প্ৰসংগ
, প্ৰতিটো
ঘটনা
, প্ৰতিটো কথাই বেলেগকৈ বিশ্লেষণ কৰা হল। সেই সকলোৰে ওপৰত বেলেগ বেলেগকৈ যুক্তি-তৰ্ক আৰু বীক্ষা চলিল। সঠিক উত্তৰ
বিচাৰি নোপোৱা অৱস্থা এটাৰ সৃষ্টি হ
ল। ফলস্বৰূপে,
  আমাৰ শিশুসকলে বাট-অবাট, চিনাকি-অচিনকিউদ্গতি-অধোগতিৰ মাজৰ পাৰ্থক্য গমিব নোৱৰা হল। দিগভ্ৰান্তৰ দৰে
ইফালে-সিফালে চৰি ফুৰিয়ে সিহঁতে সময় অতিবাহিত কৰিবলৈ ধৰিলে। বিশৃংখলাৰ মাজতে
শৃংখলা বিচাৰি হাবাথুৰি খাবলৈ ধৰিলে।
 

এইবাৰ পাল পৰিল কংকন ৰামচিয়াৰীৰ। তেওঁ
তাত উপস্থিত নাথাকিলেও নিজৰ ভাব ব্যত্ত কৰিবলৈ তেওঁলোকৰ প্ৰচলিত মাধ্যমৰে সহায় ল
লে। ৰামচিয়াৰীয়ে কৈ
যোৱাৰ দৰে আটাইকেইটাই
  অনুভৱ কৰিলে।

মই কি হব খুজিছিলোঁ আৰু কি হলোঁগৈ সেই বিষয়ে কব খোজা নাই৷ মইনো কি কৰিলোঁ তাকেই অলপ কব বিচাৰিছোঁ।
… মই আছিলোঁ এজন সৈনিক। পশ্চিম প্ৰান্তৰ সীমান্ততেই মোক মোতায়েন কৰা হৈছিল৷ মোৰ
কাৰ্যকালৰ প্ৰায়খিনি সময় মই তাতেই অতিবাহিত কৰিলোঁ। প্ৰথমৰ দুই-এখন যুদ্ধত আমি কেৱল
জ্যেষ্ঠসকলৰ সহায়ক হিচাপেহে কাম কৰিলোঁ। তেতিয়া আমাৰ মন দেশপ্ৰেমেৰে উদ্বুদ্ধ হৈ
উঠিছিল। কেতিয়াকৈ নিজেই মাৰণাস্ত্ৰ লৈ শত্ৰুৰ লগত সমুখ সমৰত নিয়োজিত হ
ব পাৰোঁ তাৰেই চিন্তা কৰিবলৈ ধৰিলোঁ।
 

প্ৰথম অৱস্থাত আমি কেতবোৰ সৰু-সুৰা
কামহে কৰিবলৈ পালোঁ। যুদ্ধৰ সময়ত দুটা দলৰ মাজত খবৰ-বাতৰি আদান-প্ৰদান কৰা
, ডাঙৰসকলৰ বস্তু-বাহানি
ঠিক-ঠাক কৰি ৰখা
, ৰুটিনমাফিক অস্ত্ৰ-শস্ত্ৰ চোৱা-চিতা কৰা,
সেইবোৰ কাৰ্যক্ষম কৰি ৰখা, বজাৰৰ পৰা
খাদ্যসামগ্ৰী ক্ৰয় কৰি ছাউনীলৈ কঢ়িয়াই অনা
, এই ধৰণৰ কামবোৰেই
বিশেষকৈ আমাৰ দ্বাৰা কৰোৱা হ
ল। জ্যেষ্ঠসকলে আমাক চাই
হাঁহিছিল। আমি বিতুষ্ট হৈছিলোঁ। ভাবিছিলোঁ
, আমাক আমাৰ কৰিবলগীয়া 
প্ৰকৃত কামবোৰ কিয় দিয়া হোৱা নাই। কিন্তু তেনেকৈ থাকি থাকিয়ে আমি বুজি পালোঁ যে,
তেনে সৰু-সুৰা কামবোৰে আমাক কেনেদৰে সতেজ-সক্ৰিয় কৰি ৰাখিছিল আৰু
গোটেই পৰিৱেশটো সম্পৰ্কে সজাগ কৰি আমাৰ জ্ঞানৰ চকু মুকলি কৰিছিল।

এদিন সেই কাংক্ষিত সুযোগটো আমাৰ বাবে
আহিল। আমি ৰাতি নৌপুৱাওঁতেই যাত্ৰা আৰম্ভ কৰিলোঁ সীমান্ত অভিমুখে। ঠাইখিনিৰ বিষয়ে
কম-বেছি পৰিমাণে আমি আগতেই জানিছিলোঁ। আমি এখন ওখ পাহাৰ পাৰ হৈ সিপাৰৰ শত্ৰুৰ ছাউনী
এটাত আক্ৰমণ কৰিলোঁগৈ। সিহঁতৰে দুই-এজনৰ বাহিৰে আন সকলোবোৰ শুই আছিল। অতৰ্কিতে আক্ৰমণ কৰা বাবে আমি যথেষ্ট সুযোগ লাভ কৰিলোঁ। মই নিজেই কে
বাজনকো শুই থকা
অৱস্থাতে গুলীয়ালোঁ। বুকুৰ ধপ্ধপনি বাঢ়ি গৈছিল। তেনেদৰে শুই থকা অৱস্থাত কাৰোবাক
মাৰিবলৈ মনটো ৰাজী হোৱা নাছিল। কিন্তু নিজকে বচোৱাৰ তাগিদা আৰু সিহঁতৰ প্ৰতি আমি
প্ৰতিপালন কৰা সুদীৰ্ঘ কালৰ ঘৃণাই আমাৰ বাবে সেই কাম সহজ কৰি তুলিলে। প্ৰত্যাক্ৰমণত আমিও
লগৰ এজনক হেৰুৱাব লগাত পৰিলোঁ। তাৰ বুকুত গুলী লাগিছিল। মোৰ বাবে সেয়া আছিল ডাঙৰ
অভিজ্ঞতা।

তাৰ পাছত কেবাটাও মিছন আমি সুকলমে
সম্পন্ন কৰিলোঁ। প্ৰতিবাৰেই আমাৰ সাহস বাঢ়ি গ
ল আৰু লাহে লাহে বুকুৰ ধপ্ধপনিবোৰ নোহোৱা হল। সেই কামবোৰ আমাৰ দৈনন্দিন জীৱনৰ অংশ হৈ পৰোঁতে, সেইবোৰৰ
প্ৰতি আমৰ উৎসুকতা
, জিজ্ঞাসা আৰু আকৰ্ষণ লোপ পাবলৈ ধৰিলে।
আমি একো একোজন দুৰ্দান্ত সৈনিকৰ ৰূপ ল
লোঁ। শত্ৰু বুলি আমাক
চিনাকি কৰি দিয়া বীৰসকলকো আমি এফালৰ পৰা নিধন কৰি গ
লোঁ মাতৃভূমিক সুৰক্ষা দিবলৈ। আমি আমাৰ ঊৰ্ধ্বতনৰ আদেশ পালন কৰি গলোঁ নিবিৰ্বাদে। তাৰ ওপৰত আন কোনো কথাই নাই৷ প্ৰশ্ন উত্থাপনৰ কোনো বাট নাই।
আমি হত্যা কৰা সৈনিকসকলৰো ঘৰ-পৰিয়াল আছিল। জীৱিকাৰ তাড়না সিহঁতৰো আছিল৷
 

মোৰ মুখমণ্ডলৰ কেবাঠাইতো কটা দাগ৷
সেইবোৰেই মোৰ বীৰত্বৰ
, মোৰ সাহসিকতাৰ প্ৰতীকচিহ্ন। মোৰ
সৌন্দৰ্য
, মোৰ পৰিচয় তাতেই লুকাই আছে।

অৱসৰ লৈ এতিয়া মই কথাবোৰ পাগুলি থাকোঁ।
সেই সিদ্ধান্তবোৰ সঠিক আছিল নে নাই
, আজিৰ নজৰেৰে গমি-পিটি চাওঁ। কৰিব পৰা
একো নাই
, তথাপি কিবা অলপ কৈ যাবলৈ মন যায়।

চিতিয়ে কলে- সংঘৰ্ষ আমাৰো আছে।
জীয়াই থকাৰ কৌশল আমিও শিকিব লগা হয়। মোৰ পাখিৰো এডোখৰ কাট খাই গৈছিল। কেনেবাকৈহে মই
বাচি গৈছিলোঁ। সেই কটা পাখি মোৰ বাবেও গৌৰৱৰে কথা। কিন্তু আমাৰ অন্যান্য প্ৰাণীৰ
বাবে যিবোৰ ঘটে
, সেয়া কেৱল মৌলিক প্ৰয়োজন পূৰণৰ বাবেই হয়।
মানুহৰ ক্ষেত্ৰত আন প্ৰয়োজনো সোমাই থকা দেখা যায়। মানুহৰ দৰে আমি ইতিহাস ৰচনা
নকৰোঁ। কাৰণ
, আমি বাচি থকা দিনকিটাতে জীয়াই থাকো। অমৰত্বৰ
সংজ্ঞা আমাৰ সংবিধানত নাই।

: হয় কথাটো।- গুপ্তাই কলে- আমাৰ ইতিহাস আছে। তাত স্থান পাবলৈ আমি কিছুমানে যত্নও কৰোঁ ঠিকেই,
কিন্তু সকলোৱে সেইবোৰ ভাবনা মনত ৰাখি কামবোৰ নকৰে। তেওঁলোকে বিভিন্ন
কাৰণত নিজৰ নিজৰ কামবোৰ কৰি যায়। আচলতে তেওঁলোকে এটা দায়িত্ব স্বীকাৰ কৰে। কামটোৰ
লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ পৰে আৰু তাৰ পৰা আঁতৰি আহিব নোৱৰা হয় ।

: আপোনাৰ কথা মই অমান্য
নকৰোঁ- বকলে মাত লগালে- কিন্তু
, সকলোবোৰ মানুহ দায়িত্বশীল
নহয় আৰু কি দায়িত্ব পালন কৰি আছে তাকে সঠিককৈ ক
ব নোৱাৰে।
 এটা নেতিবাচক দায়িত্বই হওক, তেওঁলোকক
যদি কোনোবাই ভাল বুলি বুজাই দি সেইটো জাপি দিব পাৰে তেন্তে তেওঁ সেইটোকে
শিৰোধাৰ্য কৰি পালন কৰি যাবলৈ চেষ্টা কৰি থাকে। এই বিৱেচনা শক্তিৰ যে অভাৱ ঘটে
,
  সেইটোৱে আমাৰ মূল বিসংগতি বুলি চিহ্নিত হৈছে। প্ৰকৃততে
ধৰিবই নোৱাৰি যে আমি কোনবোৰ ধাৰণা মানি চলিব লাগিব
, যাতে আমি
কৰিবলৈ যোৱাটো আনৰ বাবেও হিতকৰ হ
ব।
 

: ঠিকেই কৈছে।-
ৰামচিয়াৰীয়ে ক
লে- বহু সময়ত শুদ্ধ বুলি আমি কৰা কাম এটা
সময়ত ভুল বুলিও বিৱেচিত হয়। আনহাতে
, আজি অশুৱনি যেন লগা কিবা
এটাও কাইলৈ আনৰ বাবে সুন্দৰ হৈ উঠে
, অনেকৰ বাবে অনুকৰণীয় হৈ
পৰে। নহয় জানো
?

: হয়।- বকলে শলাগিলে-
সেয়ে ইতিহাস লিখাৰ তাড়না এটা আমাৰ মাজত নথকা নহয়। কোনে কোনবোৰ ভুল-শুদ্ধ কৰিলে
,
তাৰ বাবে আমাৰ কি লাভ-লোকচান হ, তেনে পৰিস্থিতিৰ পুনৰ উদ্ৰেক ঘটিলে আমি কি কৰিব লাগিব, কেনেকৈ সেইবোৰ মষিমূৰ কৰিব লাগিব সেই বিষয়ে ভালেখিনি কথাই অনুমান কৰিব পৰা
হয় ইতিহাসৰ পৰা। একে পৰিস্থিতি আহি পৰিলে আমি আগতীয়াকৈ সতৰ্ক হ
ব পাৰোঁ আৰু ইয়াৰ সহায়ত তাৎক্ষণিক সিদ্ধান্ত কিছুমান লব পৰা হওঁ।

: কিন্তু এটা কথা- গুপ্তাই দোহাৰিলে- ইতিহাস বিকৃতিৰ কথাটো পাহৰি নাযাব। আমাৰ মাজৰে কিছুমানে নিজৰ
সমৰ্থন থকাবোৰৰ বাবে সেই কাম কৰিবলৈও সংকোচ নকৰে। গতিকে এই পদ্ধতিৰে যে আমি সঠিক
কথা লিপিবদ্ধ কৰিছোঁ সেইটো ভাবিলে ভুল কৰা হ
ব। তেনে উদাহৰণ
বহুত আছে। কেইটামান ভাল কাম কৰা তথাকথিত মহান এজনৰ বেয়াখিনি ঢাকি ৰাখিবলৈ আমি
ভুলকৈও ইতিহাস প্ৰণয়ন কৰিছোঁ। ইয়াৰ বাবে এটা সাধাৰণ অজুহাত দিছোঁ যে- আমাৰ মানুহে
সকলোবোৰ একেলগে জানিবলৈ-বুজিবলৈ এতিয়াও পৰিপক্ক
  হৈ উঠা নাই বা সাজু নহয়। সকলোবোৰ জানিবলৈ দিলে তেওঁলোকে
নিয়ন্ত্ৰণ হেৰুৱাই পেলাব আৰু ভয়াৱহ পৰিস্থিতি এটাৰ সৃষ্টি হ
ব।
সেইটোৱে ক্ষমতাশালী এচামক নেতিবাচক কামবোৰ কৰাৰ হকে প্ৰেৰণা যোগায়। ঠিক চিতিয়ে
কোৱাৰ দৰে
, তেওঁলোকে প্ৰতিচ্ছবি বোলা কামিজটো লেতেৰা হোৱাৰ
পৰা বচাই থাকে এইদৰেই।

: কামিজ এটাতো আমাৰ
চিতিয়েও পিন্ধি আছে।- ৰামচিয়াৰীয়ে ক
লে- তাৰ পাখিৰ বৰণ আমি
ছবিত দেখিলোঁ। সেইটোৱে পতংগভক্ষীসকলৰ দৃষ্টিৰ পৰা তাক বচাই ৰাখিছে। তাৰ পাখি
অকণমান কাট খালে সঁচা
, কিন্তু তাৰ জীৱনটো ৰক্ষা পৰিল।

: হয়- বকলে শলাগিলে- এওঁলোকে প্ৰকৃতিৰ লগত যি ওচৰ সম্পৰ্ক গঢ়ি তুলিলে সেইটোৱে তাৰ প্ৰমাণ। আমি মানুহসকলে
কিন্তু সেইটো আয়ত্ত কৰিবলৈ কৃত্ৰিম উপায়হে অৱলম্বন কৰোঁ। ৰামচিয়াৰীয়ে জানিব
,
তেওঁলোকৰ সাজ-সজ্জা গছ-বনৰ লগত মিলাই লোৱাৰ বাবেই যুঁজ-বাগৰৰ সময়ত
বিপক্ষৰ দৃষ্টিৰ পৰা হাত সাৰি থাকিব পাৰে। তেনেকৈয়ে তেওঁলোকে আত্মৰক্ষা কৰে আৰু
আক্ৰমণৰ ৰণনীতিও ৰচনা কৰে।

: হয়।- ৰামচিয়াৰীয়ে কলে- চিতিয়ে যিটো ৰূপ প্ৰকৃতিৰ পৰা পাইছে সেইটো তাৰ আত্মৰক্ষাৰ বাবে
সহায়ক হৈছে। তেনেকৈয়ে সিহঁতৰ প্ৰজাতিটো আজিলৈকে বৰ্তি থাকিব পাৰিছে। আমি
প্ৰতিৰক্ষা বিভাগৰ মানুহবোৰেও প্ৰায় তেনেকুৱা কাৰণতে সেই বিশেষ পোছাক পৰিধান কৰোঁ।
কিন্তু এচাম ইয়াতেই নাই জানো
, যিসকলে নিজৰ আচল স্বৰূপটো
ঢাকি ৰাখিবলৈ তেনে সাজ পিন্ধি আমাৰ লগতে থাকিও
, আমাৰ দৃষ্টিৰ
পৰা লুকাই থাকিব পাৰে? সেইসকলেই বেছি বিপজ্জনক নহয়নে
? যিসকলৰ
কথাৰ কোনো ভৰসা নাথাকে
, প্ৰতিশ্ৰুতি ভংগ কৰাটো যাৰ বাবে অতি
সাধাৰণ কথা তেওঁলোকৰ কথা আৰু কামৰ মাজত থাকে আকাশ-পাতাল প্ৰভেদ।

: এৰা- গুপ্তাই
দোহাৰিলে- তেওঁলোকেই প্ৰকৃত ছদ্মবেশী। আমাৰ প্ৰতিজনৰ ভিতৰতে তেনে এটা ৰূপ তেনে এক
আচৰণ থাকিব পাৰে। আমি যিমানেই সেই ৰূপটোক প্ৰশ্ৰয় দিওঁ
, কোনো
এটা দিশে আমি অৱনমিত হওঁ। তেনে ৰূপ ধাৰণেৰে যি উৎকৰ্ষ সধা বুলি আমি সন্তুষ্টি
লভোঁ
, সেয়া আচলতে আমাৰ আধ্যাত্মিকতাৰ অধোগতিহে ৷

: আমাৰ এই কথাবোৰ কৰবাত কোনোবাই শুনিছেনে? আমি গোপনীয়তাৰ শপত
খাইছিলোঁ। -চিতি চিন্তিত হ
ল।

: কিন্তু এয়া এখন মুকলি
মঞ্চ। ইয়াৰ কথাবোৰ সকলোৱে জুকিয়াই চাব পাৰে। ভাল-বেয়া মন্তব্য কৰিব পাৰে। ভাল লগা
,
ভাল পোৱা, খং উঠা, দুখ
লগা
, তুচ্ছ-তাচ্ছিল্য কৰা আদি ভাববোৰ আঙুলিৰ টিপ এটাৰেই
ব্যক্ত কৰিব পাৰে।- তিনিজনৰ এজনে ক
লে।

 : তাৰ মানে কোনোবা তৃতীয়
শক্তিয়ে আমাক নিৰীক্ষণ কৰি আছে। এয়া কিন্তু আমাৰ চৰ্তসাপেক্ষ ব্যৱস্থা নহয়। আমাৰ
কথাবোৰৰ গোপনীয়তা অক্ষুণ্ণ থকাটো প্ৰয়োজনীয় আছিল। বিষয়বোৰ উন্নয়নশীল অৱস্থাতেই প্ৰকাশ
ব নালাগিছিল।- চিতিয়ে শংকা প্ৰকাশ কৰিলে।

: ভয় নকৰিবা। এইবোৰ
আধুনিক ব্যৱস্থাপনা।
 এনেবোৰ কথা-বাৰ্তা
সকলোৰে বিৱেচনাৰ বাবে
  সম্পূৰ্ণ মুকলিকৈ খেল
এখনৰ ধাৰাভাষ্যৰ দৰে প্ৰচাৰিত হৈ থাকে। অনেকেই গঠনমূলক বক্তব্যৰে বিষয়টোক
ক্ৰমান্বয়ে উন্নীত কৰি গৈ থাকে। কিছুমানে সমালোচনাৰে সেইবোৰ ঘঁহি-মাজি পৰিষ্কাৰ
কৰে- আনজনে ক
লে।
 

: কিন্তু মন কৰিব যে
বহুতেই আকৌ তাচ্ছিল্যৰ হাঁহি মাৰি এইবোৰ জটিল কথা বুলি আঁতৰি পলাইছে। তেওঁলোকে সৰল
আৰু ৰসাল কথাবোৰ বেছি পচন্দ কৰে আৰু ৰমনীয় চিন্তা-ভাবনাত উটি-ভাহি ফুৰে। জীৱনক
জটিলৰূপে গ্ৰহণ কৰিবলগীয়া নহওক বুলিয়ে সদায় সচেষ্ট হৈ থাকে। গতিকে এই অনাহক
আলোচনা-বিলোচনা সিহঁতে এনেয়েও নুশুনে। তাত সেইবাবেই গোপনীয়তা ভংগৰ কথাষাৰ গৌণ হৈ
পৰে।– এজনে ক
লে।

: লেও এতিয়া যে এইজনে ইমানলৈ পঢ়িছে বা শুনিছে তেওঁতো নুবুজাকৈ এইখিনি পোৱা
নাই।

: তেন্তে তেওঁলৈ ভয়ো কৰিব
নালাগে। তেওঁ তেনে উপৰুৱা ধৰণৰ একোৱে নকৰে। তেওঁ আমাৰে মাজৰ এজন যিজনে
আত্মবিশ্লেষণ
 কৰিবলৈ শিকিছে। আমাৰ
কথা-বতৰাবোৰ তেওঁলোকৰ জনা-শুনা। আমিয়ে তেওঁ বা তেওঁ আমাৰ মাজৰে এজন।

বহুত কিবা বুজি পাই পৰিপূৰ্ণ ভাব এটা
লৈ চিতি উৰি উৰি সৰু আৰু সৰু হৈ বাটটোৰ ধূলিয়ৰি আকাশত নোহোৱা হৈ পৰিল। ঘৰটোত
অনুৰণিত হৈ থাকিল বাৰে-ভচহু কথা, কথা আৰু কথাৰ মাজৰ অকথ্যবোৰ।

                                                ***

 

 ঠিকনা :

জীৱন কিশোৰ

মাৰফৎ উত্তম গগৈ

গোঁহাই চুক, ফুকন নগৰ                       

পানী যোগান আঁচনিৰ সমীপত

শিৱসাগৰ ৭৮৫৬৪০, অসম

ভ্ৰাম্যভাষ-৭০০২১৪১৫৫৪

ই-মেইল―  jibankn@gmail.com

টুইটাৰ @JeevanKishore07