ববিতা কলিতা
এন্ধাৰ প্ৰাসাদটোত
জিলিকি আছে পোহৰৰ এখন সৰু খিৰিকী৷ সেই
খিৰিকীখনৰ সমুখত বহিয়েই জোনাকৰ সাধু শুনে ৰাজকুমাৰী স্বৰ্ণলতিকাই৷ হওঁতে প্ৰাসাদটোত
তেনে অজস্ৰ খিৰিকীয়েই আছে৷ কিন্তু এইখন খিৰিকী তাইৰ বাবে বিশেষ৷ এই বাটেৰেই তাই
তাইৰ মন-বিহংগক বনলৈ এৰি দিয়ে৷
খিৰিকীখন থকা
বাবেইতো তাই আকাশ দেখিছে, আঙুলিৰ ঠাৰেৰে তৰা লেখিছে, জোন-বেলিৰ
সৈতে কথা পাতিছে, গছ-বন, ফুল-চৰাইক
আপোন বুলি ভাবিছে৷
সোণোৱালী কেশদামেৰে, জোনাকী তনুৰে পোহৰৰ
টোপোলা এটা হৈ উপজিছিল তাই৷ ৰাণীমাকে তাইৰ নাম দিছিল- স্বৰ্ণলতিকা৷ সোণৰ দৰে
উজ্জ্বল ৰং৷ লতাৰ দৰে কোমল দেহা৷ স্বৰ্ণলতিকা!
ৰাজবংশৰ প্ৰথামতেই
কন্যা সন্তানটিৰ জন্মৰ পাছত ৰজাই ৰাজপ্ৰসাদৰ চৌহদত ৰোপণ কৰাইছিল শালগছৰ পুলি এটা৷ স্বৰ্ণলতিকাৰ
সৈতে পুলিটি একেলগে বাঢ়ি আহিছিল৷ ৰহণীয়া ফুলনিখনৰ মাজত অকলে থিয় হৈ থকা ফল-ফুল
নোহোৱা শালগছজোপালৈ কণমানি স্বৰ্ণাৰ মনত ব্যথা জাগিছিল৷ সেয়েহে, তেওঁ পদূলিলৈ ওলালেই
গছজোপাৰ সৈতে কথা পাতি উমলিছিল৷ স্বৰ্ণাৰ হাঁহি-কিৰিলিয়ে ইটাৰ নিষ্প্ৰাণ প্ৰাসাদবোৰত
প্ৰাণৰ সঞ্চাৰ কৰিছিল৷
পিছে সোণৰ পুতলীজনীৰ
মুকলি জীৱনত শিকলি লগাবলৈকে সিদিনা সহস্ৰলিংগ পাহাৰৰ পৰা নামি আহিছিল সিদ্ধ যোগীৰ
দল এটা৷ বনত উমলি থকা ৰাজকুমাৰীৰ আপাদমস্তক নিৰীক্ষণ কৰি দীঘলকৈ উশাহ টানিছিল দলৰ
মুৰব্বী যোগীজনে৷
ধ্যানত কি পালে
যোগীয়ে? মহাৰাজৰপুত্ৰীৰ
কলংকিনী যোগ!
“কুল-মৰ্যাদা ৰক্ষা
কৰিবলৈ হ’লে স্বৰ্ণলতিকাক চাৰিবেৰৰ ভিতৰতে ৰাখিব লাগিব৷ পুৰুষৰ
ছাঁটোৱেও যেন চুই নাযায় তেওঁক৷” যোগীয়ে ৰজালৈ বাৰ্তা পঠিয়ালে৷
ৰজাই শুনিলে তপস্বীৰ
কথা৷ বিবাহযোগ্যা নোহোৱালৈকে স্বৰ্ণা থাকিব অন্তেষপুৰত৷ স্বাচ্ছন্দ্যৰ নৈ নুশুকোৱা
ৰাজপ্ৰাসাদত স্বৰ্ণাৰ বাবে একোৰেই অভাৱ নহ’ব৷ যোগীৰ কথামতেই ৰাজগৃহৰ চৌপাশৰ কুৰি যোজনৰ বৃত্তলৈ অন্য পুৰুষৰ উপস্থিতিক অপৰাধ হিচাপে
ঘোষণা কৰিলে ৰজাই৷ ৰজাৰ চিপাহী-চন্তৰী,
আমত্য, কৰ্মচাৰী সকলোকে চৌহদৰ বাহিৰত অৱস্থান কৰিবলৈ দিয়া হ’ল৷
ছাঁত গজা গছৰ দৰেই
বন্ধ কোঠালিতেই বাঢ়ি আহিল স্বৰ্ণলতিকা৷ প্ৰকৃতিয়ে অকৃত্ৰিমভাৱেই স্বৰ্ণাক যৌৱনৰ
সম্ভাৰেৰে সজাই তুলিলে৷ কিন্তু বন্দিত্বৰ যন্ত্ৰণাই পিষ্ট কৰি থাকিল তেওঁৰ হেঁপাহৰ
পানচৈখনিক৷ সোণ-ৰূপ, মণি-মুকুতা সকলো আঁজুৰি পেলাই আউলি-বাউলি হৈ দিনৰ পাছত দিন তেওঁ বহি থাকিল সেই বিশেষ খিৰিকীমুখত৷ বিশাল ৰাজপ্ৰসাদটোত এতিয়া তেওঁৰ বাবে সেই খিৰিকীখনতকৈ আপোন আৰু কোনো নাই৷ খোলা
খিৰিকীখনেৰে তেওঁ মূৰ তুলি ৰাতিৰ আকাশখনলৈ চায়৷
জোনাকে ধুই নিয়া
ফুলনিখনত তেওঁৰ দৰেই অকলশৰে ৰৈ আছিল শালগছজোপা৷ গছজোপাক তেওঁৰ নিজৰ দৰেই লাগে৷ গছজোপাৰ শিপাবোৰ যেন
ৰজাৰ কঠোৰ নিয়মৰ জৰী৷ ছিঙো বুলিয়েই ছিঙি ওলাই যাব নোৱাৰি নিয়মৰ লৌহ বেষ্টনী ভাঙি৷ পিতাকৰ
নিয়মৰ জৰীয়ে তাইক মেৰিয়াই বান্ধিছে৷ গছজোপাৰ দৰেই তেৱোঁ নিয়মৰ শিপাত খামুচি ৰৈ গৈছে
একেডোখৰ ঠাইতে; সম্পূৰ্ণ এটি দশক৷
কিন্তু মনটোক জানো
বান্ধিব পাৰি নিয়মৰ জৰীৰে? ইটা-শিলেৰে ভেটা
দি ৰখিব নোৱাৰি প্ৰকৃতিয়ে অনা পৰিৱৰ্তনৰ ঢৌক৷
খিৰিকীৰ সিপাৰৰ
পৃথিৱীখনক হঠাতে স্বৰ্ণাৰ নতুন নতুন যেন লাগিবলৈ ধৰিলে৷ চৰাইৰ মাতবোৰ গীত হৈ তেওঁৰ
দেহ-মন জগাই তুলিলে, জোনাকী পৰুৱাবোৰে তেওঁক হাত বাউলি দি মাতিলে৷ নুবুজিলে
স্বৰ্ণাই, কিয় এজাক বৰষুণত তিতিবলৈ তেওঁ বাউলি হৈ উঠিল৷ ফাগুন
আহিলে বুকুখন কিয় ৰিঙা ৰিঙা লাগিল৷ ফুলনিত ফুলা ৰক্তজবাবোৰ এতিয়া তেওঁৰ বুকুত কিয় ফুলে!
স্বৰ্ণলতাক আলপৈচান
ধৰা লিগিৰীজনীক সিদিনা তেওঁ বাট ভেটি ধৰিলে৷ উত্তৰ বিচাৰি নোপোৱা প্ৰশ্নবোৰ তেওঁ এটা এটাকৈ
সুধিবলৈ ধৰিলে৷ লিগিৰীজনীয়ে ফুচফুচকৈ ক’লে তাইক ফুলৰ কথা,
ভোমোৰাৰ কথা; গছক সাবটি ধৰি থকা লতিকাৰ
কথা৷ লিগিৰীৰ কথাই তেওঁৰ গাত এক নুবুজা শিহৰণ তুলিলে৷ তেওঁৰ এই শিহৰণবোৰ ভাল লাগি
আহিবলৈ ধৰিলে৷ লিগিৰীজনী পলমকৈ আহিলে তাই লাহে লাহে অস্থিৰ হৈ পৰিবলৈ ধৰিলে৷
এদিন লিগিৰীৰ
ফটামুখেৰে সৰি পৰিল নক’বলগীয়া কথাবোৰ– “প্ৰকৃতিৰ লগত
সম্পৰ্ক ঘটে পুৰুষৰ৷ সেই পুৰুষ তোমাৰ দৰে নহয়, মোৰ দৰেও নহয়৷ সিহঁতো মানুহ৷ কিন্তু
সিহঁত আমাৰ দৰে নহয়৷”
‘তেন্তে কিহৰ দৰে?’ – জানিব বিচাৰিলে স্বৰ্ণলতিকাই৷
‘দৃঢ়, বলিষ্ঠ…ঠিক তোমাৰ খিৰিকীমুখৰ
শালগছজোপাৰ দৰে৷’
স্বৰ্ণলতিকাৰ গাটো
জিকাৰ খাই উঠিল৷ পুৰুষ তেওঁৰ সন্মুখত থকা শালগছজোপাৰ দৰে! দৃঢ়, স্থিৰ, অবিচল, সহিষ্ণু৷
খিৰিকীমুখত বহি
স্বৰ্ণাই চাই ৰয় তেওঁৰ সমানেই বাঢ়ি অহা শালগছজোপালৈ৷ তেওঁ মন কৰে গছজোপায়ো চাইছে
তেওঁলৈ৷ গছজোপাৰ বুকুতো বাজিছে সেই একেই আকূতি৷ তেওঁৰ মুখত বাউলি হৈ পৰি থকা
চুলিখিনি সি বতাহ হৈ উৰুৱাইছে৷ তাৰ বহল পাতৰ খৰমৰ শব্দবোৰ সুহুৰি হৈ ভাহি আহি তেওঁৰ
কাণত বাজিছে৷ তৃপ্তিত তেওঁ চকু মুদি বহি ৰৈছে৷ খিৰিকীৰ ছিদ্ৰৰে সোমাই অহা উষ্ম বতাহ
এছাটিয়ে তেওঁৰ ওঁঠৰ পাহিত মিঠা চুমা এটি আঁকি নিমিষতে আঁতৰি গৈছে৷ মিঠা আৱেশখিনি
সাবটি বহি ৰৈছে তেওঁ শেষ ৰাতিলৈ৷
স্বৰ্ণলতিকা হঠাৎ
যেন সৌন্দৰ্য সচেতন হৈ পৰিছে৷ তেওঁ ঘনে ঘনে সলাইছে আভৰণ৷ আঁচলত বুটলি লৈছে সিঁচৰতি
হৈ থকা মণি-মুকুতাৰ আভূষণ৷ সাজি-কাচি ৰূপহীজনী হৈ তেওঁ বহি ৰৈছে খিৰিকীমুখত৷ তাই
জানে গছজোপাই তাইক এৰি ক’লৈকো নাযায়৷ দুবাহু প্ৰসাৰী গছজোপাক চুই অহা বতাহছাটিকে তেওঁ বুকুত সামৰি লয়৷ উৰি যায় তাইৰ নীল অৱগুণ্ঠন খোলা খিৰিকীৰ সিপাৰে৷ উৰি গৈ সেইখন
অকলশৰীয়া গছজোপাৰ ডালত লাগি ৰয়৷
লিগিৰীয়ে শিকাইছিল তেওঁক কামনাবোৰ হেনো নীল বৰণীয়া! তাই সুঠাম শালজোপাৰ ডালত লাগি থকা নীলা ওৰণিখনলৈ
চাইছিল৷ বতাহ লাগি সেইখন তেতিয়াও ফিৰি–ফিৰকৈ উৰি আছিল৷
‘স্বৰ্ণা!’
হঠাৎ কাৰোবাৰ মাত
শুনি চমকি উঠিল স্বৰ্ণলতিকা৷
তেওঁ জনা নাছিল
ৰাণীমাক এনে অসময়ত আহি তেওঁৰ পিছপিনে ৰৈ থাকিবহি৷
‘মা৷ তুমি? আজি কোনো বাৰ্তা নিদিয়াকৈ আহিলা?’ – স্বৰ্ণলতাই মাকলৈ চাই সুধিলে৷
‘হয় সোণজনী৷ বাৰ্তা
নিদিয়াকৈয়ে আহিলোঁ৷ আচলতে তোমাক বাৰ্তা এটি দিবলৈহে আহিলোঁ৷’
‘মোলৈ আনিছা বাৰ্তা? বন্দীলৈ জানো থাকিব পাৰে কিবা
বাতৰি?’ প্ৰচণ্ড অভিমানত ফাটি পৰিল স্বৰ্ণলতিকা৷
‘পাৰে আই৷ বন্দীলৈ
মুক্তিৰ বাতৰি থাকিব পাৰে৷’ – মাকে স্বৰ্ণাৰ মূৰত হাত বুলাই
মৰমেৰে ক’লে৷
‘মুক্তি?’ আঁচৰিত হয় স্বৰ্ণলতিকা৷
‘তোমাৰ পিতৃদেৱে তোমালৈ
এজন যোগ্য বৰ বিচাৰি উলিয়াইছে৷ ৰাজভৱনত তোমাৰ বিৱাহৰ ব্যাপক আয়োজন কৰা হৈছে৷ তোমাৰ পিতৃদেৱে ঘোষণা কৰিছে, এতিয়াৰে পৰা মুক্ত তুমি৷’
দহ বছৰৰ বন্দিত্বৰ
পাছত পোৱা মুক্তিৰ বাতৰিয়ে
আহ্লাদিত নকৰিলে স্বৰ্ণাক৷ ওলোটাই বুকুখন তেওঁৰ কিহবাই হেঁচা মাৰিহে ধৰিলে৷ তেওঁ শালগছজোপাৰ
দৰেই লৰচৰ নকৰাকৈ ঠাইতে বহি ৰ’ল৷ তেওঁক মুকুতিৰ ফৰমানখন শুনাই
মাক অহা বাটেৰেই আঁতৰি গ’ল৷
লিগিৰীজনীয়ে
স্বৰ্ণালতিকালৈ চাই দুষ্ট হাঁহি এটা মাৰিলে৷ প্ৰেমৰ অনুভূতি কিদৰে দেহৰ পৰা
আত্মালৈ শিপাই যায়, খুলি ভাঙি বুজালে৷
বাহিৰত ঘোপমৰা
আন্ধাৰ৷ আকাশত চপৰা চপৰে ওলমি আছে ক’লীয়া মেঘ৷ জোনটোৱে মেঘৰ আঁৰেদি জুমা-জুমি কৰিছে৷
স্বৰ্ণলতিকাই ছাঁ-পোহৰত দেখিছে গছজোপাৰ দুখ৷ তেওঁৰ বিৰহত যেন গছজোপাই নীৰৱে কান্দিছে৷
স্বৰ্ণলতিকাই তেওঁৰ
মুকুতিৰ প্ৰথমটো দিনতে চুই চাবলৈ বিচাৰিলে শালগছজোপাক৷ দহ বছৰৰ মূৰত তেওঁ ওপৰৰ মহলাৰ পৰা
এখুজি-দুখুজিকৈ নামি আহিল৷ নিশাৰ অন্তিম প্ৰহৰত নিঃপালি দিয়া লিগিৰীসকলৰ পৰা গা
বচাই ওলাই গ’ল তেওঁ বিশাল চৌহদটোৰ এমূৰে থকা ফুলনিখনৰ মাজলৈ৷ গৈ গৈ থমকি
ৰ’ল তেওঁ শালগছজোপাৰ তলত৷ শালজোপায়ো যেন অতদিনে তেওঁলৈকে বাট
চাই আছিল৷ চমকা চমক পোহৰত তেওঁ পঢ়ি চালে গছজোপাই ক’ব নোৱাৰা
কথাবোৰ৷
পাতলীয়া বিজুলী চমক
একোটাৰ মাজে মাজে এটুপি-দুটুপিকৈ বৰষুণ
সৰিবলৈ ধৰিলে৷ স্বৰ্ণলতিকাই আৱেগসনা স্পৰ্শেৰে চুই চালে গা-গছজোপাক৷ দৃঢ়৷ অবিচল৷ সুঠাম৷
সহিষ্ণু৷ তেওঁ লাহে লাহে কাষ চাপি গৈ থাকিল গছজোপাৰ নিচেই ওচৰলৈ৷ তথাপি যেন কৰবাত
দূৰত্ব থাকি গৈছে! এন্ধাৰৰ আঁৰ লৈ তেওঁ খহাই গ’ল এখন এখনকৈ, পৰিহিত বস্ত্ৰৰ কণ্টকাকীৰ্ণ বন্ধনবোৰ৷ বিৱসনা হৈ মেৰিয়াই ধৰিলে তেওঁ শালগছজোপাক৷ ধৰিয়েই থাকিল৷ মেঘে ঢকা আকাশত কেতিয়া জোন বুৰি বেলি ওলাল, স্বৰ্ণলতিকাই ভু নাপালে৷
‘সিদিনাৰ পৰাই হয়তো
স্বৰ্ণলতিকাৰ নাম হ’লগৈ শালভঞ্জিকা! ’
হাতত নৱম শতিকাৰ
ভাস্কৰ্যটো লৈ ভাবি থাকিলোঁ মই, কোন বাৰু এইগৰাকী কামনাৰ জুয়ে পোৰা বিৱসনা নাৰী? আলিংগন কৰিছে তেওঁ শালগছ এজোপাক, ঠিক লতিকা এডালৰ দৰেই৷
গছৰ সৈতে অভিসাৰৰতা নাৰীৰ বিৰল এক ভাস্কৰ্য! সংগ্ৰাহলয়ৰ স্থাপত্যবিদজনেও জনা নাছিল
যিটো প্ৰাচীন মূৰ্তিৰ আঁৰৰ কাহিনী৷
‘বিশেষজ্ঞই ভাস্কৰ্যটোৰ
নাম দিলে ‘শালভঞ্জিকা’৷ কিন্তু নামৰ আঁৰতো জানো নাম নাথাকে৷ হয়তো নহ’বও পাৰে তেওঁৰ নাম
স্বৰ্ণলতিকা৷ কিন্তু তেওঁৰ নাম জানো নাছিল কিবা৷’
মোৰ মনেসজা কাহিনীটো
শুনি হাঁহি উঠিল গাইডজনে৷ আমাৰ দলত যোৱা খুহুটীয়া বুলি জনাজাত বৰুণে ভাস্কৰ্যটো
লিৰিকি-বিদাৰি চাই ক’লে,
‘এই আলিংগন এলা-পেচা
আলিংগন নহয়৷ লতাই সাবটি ধৰি গছ মাৰি পেলোৱা দেখিছা? এই আলিংগনো তেনেকুৱাই কিবা এটা৷’
বৰুণৰ কথাত পৰ্যটনলৈ
যোৱা আমাৰ দলটোৰ আটায়ে গিৰ্জনি পাৰি হাঁহিলে৷ কিন্তু মই হাঁহিব নোৱাৰিলোঁ৷ উভতি গ’লোঁ মই নৱম শতিকাৰ
কাল্পনিক প্ৰাসাদটোৰ সেই বিশেষ দিনটোলৈ৷
‘স্বৰ্ণলতিকাক অসংযত অৱস্থাত
দেখি তাইক প্ৰেমৰ পাঠ শিকোৱা লিগিৰীজনীয়েই প্ৰথমতে চিঞৰ-বাখৰ লগালে৷ স্বৰ্ণলতাক
বেঢ়ি ধৰিলেহি ৰজাঘৰীয়া মানুহে৷ ৰাণীয়ে নিজৰ ওৰণিখনেৰে ঢাকি পেলালে স্বৰ্ণলতিকাৰ
নিৰাভৰণ শৰীৰটি৷
যোগীয়ে কৈছিল ৰজাক, স্বৰ্ণলতিকাৰ আছে হেনো
কলংকিনী যোগ৷
কিন্তু কলংক কাৰ
সৈতে? এজোপা
শালগছৰ সৈতে?
ৰজাই কালৈকো বাট
নাচালে৷ কাকো আদেশো নিদিলে৷ নিজে হাতত কুঠাৰ এখন লৈ টুকুৰা টুকুৰ কৰি পেলালে শালগছজোপাক৷
স্বৰ্ণলতিকাই কৰা আলিংগনৰ বাবেই ভূ-লুণ্ঠিত হৈ পৰি ৰ’ল কদাপি কাৰো একো অপকাৰ নকৰা
মূল্যবান গছজোপা৷
‘পিছে স্বৰ্ণলতিকাৰ কি হ’ল?’
কাল্পনিক কাহিনীটোৰ
মাজত সোমাই পৰিছিল আমাৰ দলটো৷ আটায়ে উৎসুকতাৰে মোৰ পিনে চালে৷
‘স্বৰ্ণলতিকাৰ কি হ’ল নাজানো৷ কিন্তু সেই সিদিনাৰ পৰা আন্ধাৰ প্ৰাসাদটোত পোহৰৰ খিৰিকীখন দেখা নগ’ল৷’
ইমানপৰে
হাঁহি-ধেমালি কৰি থকা আমাৰ দলটো অস্বাভাৱিকভাৱে গহীন হৈ পৰিল৷
গাইডজনে “শালভঞ্জিকা” নামৰ মূৰ্তিটো সংগ্ৰহালয়ৰ শ্ব’কেছত যেনেকৈ আছিল, তেনেকৈয়ে সজাই থ’লে৷
আমাৰ দলটোৰ পিছে
পিছে আহি আছিল আৰু কেইবাটাও পৰ্যটকৰ দল৷ হয়তো মোৰ দৰেই আৰু কোনোবা থমকি ৰ’ব ‘শালভঞ্জিকা’ৰ সন্মুখত৷ হয়তো সাজিব তেওঁলোকে অন্য কিছুমান কাহিনী৷ পিছে কাহিনীকাৰ সলনি হ’লেও প্ৰেমৰ গাঁথা কাহানিওতো নহয় সলনি৷
ভ্ৰাম্যভাষ : ৯১০১৭৫২৯৪২
