স্ৰোতস্বিনী তামুলী
বলোৰাম !
… তেওঁৰ
সমুখত বিশাল সেউজীয়া ধাননি৷ কাষতে চাহৰ কেটলিটো হাতত লৈ ৰৈ আছে তেওঁৰ জীয়ৰী ৰীমা৷
তাই একেথৰে চাই ৰৈছে মানুহজনৰ অসহায় কৰুণ মুখখনলৈ৷ তেওঁলোকৰ মূৰৰ ওপৰত প্ৰখৰ ৰ’দৰ
তাপ৷
দহ পুৰা মাটিৰ ধান
খেতি বলোৰামৰ৷ এসময়ত তেওঁৰ পিতৃপুৰুষ গোটেই গাঁৱৰ ভিতৰতে চহকী লোকৰ শাৰীত পৰিছিল৷
এতিয়াও গোটেই গাঁওখনৰ ভিতৰতে তেওঁৰে মাটি সৰহ৷ অতগাল মাটি দেখিয়েই তেওঁলৈ এসময়ত নিজৰ
ছোৱালী যাচিছিল মানুহে৷ অত বছৰ বছৰ ধৰি তেওঁ এই মাটিখিনিত খেতি কৰি আছে৷
ধান বিক্ৰী কৰি পোৱা টকাৰেই তেওঁৰ ঘৰখন চলে৷ ল’ৰা-ছোৱালীৰ পঢ়া-শুনা, বেমাৰ-আজাৰ, বিয়া-সকাম সমস্ত৷ আজিকালি ঘৈণীয়েকে প্ৰায়ে কৈ থাকে অলপ মাটি বিক্ৰী কৰি
দিবলৈ৷ গাঁওখনৰ কেইবাঘৰো মানুহে নিজৰ মাটি বিক্ৰী কৰিছে মাৰোৱাৰী ব্যৱসায়ী এজনক৷
কিবা স্মাৰ্ট স্কুল বহিব বোলে৷ জোখতকৈ বেছি দামতে ব্যৱসায়ীজনে মাটিবোৰ কিনিছে৷
বলোৰামৰ ঘৈণীয়েকৰ মতে এনে সুযোগ বাৰে-বাৰে নাহে৷ কিন্তু বলোৰামে মাটি বিক্ৰী কৰাৰ
কথা ভাবিবই নোৱাৰে৷ এই মাটিখিনিত তেওঁ আত্মাভিমান নিহিত হৈ আছে৷ কোনো কাৰণত তেওঁ এই
মাটি বিক্ৰী নকৰে৷ কিবা কাৰণত ঘৈণীয়েকৰ চিন্তা হ’লেই তেওঁ কয় – “ কিয় চিন্তা
কৰিছা? দহ পুৰা মাটি আছে আমাৰ৷” আজিকালি এইবোৰ কথা ক’লেই ঘৈণীয়েক জকজকাই উঠে৷
“থোৱাঁ অ’ তোমাৰ দহ
পুৰা মাটিৰ হিচাপ৷ বেলেগকে দিবা৷ না ভালকৈ খাবলৈ জোৰে, না ভালকৈ পিন্ধিবলৈ৷ ল’ৰা-ছোৱালীক পঢ়ুৱাব লাগে৷ খবৰ আছে? হাতত পইচা-পাতি নাই৷ মোক দহ পুৰা মাটিৰ হিচাপ দিবলৈ আহে
তেওঁ৷ …একেবাৰে মহাজনহে তেওঁ৷”
দিনটোৰ শেষত -ভাগৰে-জুগৰে
আহি তেওঁ ঘৰৰ আগফালে বহেহি৷ পৃথিৱীলৈ নামি অহা আন্ধাৰখিনি যেন তেওঁৰ জীৱনলৈ
ক্ৰমবৰ্ধমান ৰূপত নামি অহা আন্ধাৰখিনিৰ দৰেই কৰুণ৷ দূৰৰ পৰা ভাহি আহিছে নামঘৰৰ
দবাৰ শব্দ৷ প্ৰত্যেক দিনাৰ দৰে আজিও তেওঁ গভীৰ প্ৰত্যয়েৰে ভগৱানক চিন্তা কৰিলে৷
তেওঁৰ মতে ভগৱানেই তেওঁ সমস্ত দুখ-সুখৰ সাক্ষী৷ বলোৰামে জীৱনত কাৰো একো অন্যায়
কৰা নাই, কাৰো একো অহিত চিন্তা কৰা নাই৷ তেওঁৰ লগত ঈশ্বৰে একো বেয়া হ’বলৈ নিদিয়ে৷
এই দৰিদ্ৰতা ঈশ্বৰৰ পৰীক্ষাহে৷ ইয়াৰ পিছত নিশ্চয় বহু সোণালী সময় ৰৈ আছে তেওঁৰ
বাবে৷ – এই বিশ্বাসতে জীৱনৰ আধা বয়স পাৰ হ’ল বলোৰামৰ৷ কিন্তু এতিয়ালৈকে সেই দিন
নাহিল৷
বলোৰামে নিজৰ গদ্গদ
ভক্তিৰ ওচৰত হাৰ মানিব নোখোজে৷ আজিকালি ঈশ্বৰৰ কথা ক’লে তেওঁৰ পত্নীয়েও গুৰুত্ব
নিদিয়ে৷ ঘৰখনত দিনক-দিনে বাঢ়ি অহা প্ৰয়োজনবোৰ তেওঁৰ চকুত নপৰাকৈ নাথাকে৷
বজাৰখনলৈ গ’লে হৰেক ৰকমৰ বস্তু৷ কেৱল লাগে হাতত লাগে ধন৷ ৰীমাই বহুদিনৰ পৰা কৈ আছে
স্মাৰ্ট ফোন এটাৰ কথা৷ অথচ তেওঁ দিব পৰা নাই৷ পুতেকে সৰু চাইকেল এখনৰ বাবে কিমান
দিন যে কন্দা-কটা কৰিছে হিচাপ নাই!
বলোৰামে মনে মনে
চহৰত গৈ মাজে-মাজে কামৰ সন্ধান কৰে৷ কিন্তু সকলোতে আজিকালি কম্পিউটাৰ শিক্ষা লাগে৷
তাতে তেওঁৰ বয়সো বেছি৷ সাধাৰণ কাম এটাৰ বাবেও ন্যূনতম শিক্ষাগত অৰ্হতা বিচাৰে৷
এনেকৈয়ে দিনবোৰ গৈ আছে৷ বলোৰামে মাজতে চহৰৰ দুই-এঘৰত বাৰী চাফা কৰা, চোতালত ফুলৰ
পুলি ৰোৱা ধৰণৰ সৰু-সুৰা কাম কিছুমান কৰিবলৈ ধৰিলে৷ অনিচ্ছা সত্ত্বেও তেওঁ কামখিনি
কৰিছিল৷ কিন্তু দিনটোৰ শেষত টকাকেইটা লৈ যে কিমান আনন্দ পাইছিল তেওঁ৷ কিন্তু
বিচাৰিলেও সদায় কাম পোৱা নাযায়৷ চহৰত এনেকুৱা কামৰ বাবে বহুত মানুহ পোৱা যায়৷
টকাৰ মাজতেই যে আনন্দ লুকাই আছে লাহে লাহে বলোৰামে বুজি উঠিছে৷ অত বছৰে কেৱল অভাৱ
আৰু অনাটন৷ না মন ভৰি খাই পাইছে কিবা এটা, না পিন্ধি পালে কিবা এটা৷ প্ৰত্যেক
দিনাই ঘৰখনত চিঞৰ-বাখৰ৷ মানুহজনীৰ মুখখনলৈ চালেই তাৰ মনটো সেমেকি যায়৷ নিজকে দোষী
দোষী যেন লাগে৷ বিচাৰিলেও একো কৰিব নোৱাৰে তেওঁ৷
বলোৰামৰ ঘৰৰ পৰা
তিনিঘৰ পাৰ হৈ ৰমেশৰ ঘৰ৷ ৰমেশহঁত বলোৰামৰ পৰিয়ালৰে মানুহ৷ ৰমেশ ভালে কেইবছৰ ঘৰত নাই৷
কাৰো হাক-বচন নামানি অন্ধ্ৰপ্ৰদেশলৈ গুচি যোৱা ল’ৰাটো কালি ঘৰলৈ আহিছে হেনো৷
বলোৰামৰ যিমানখিনি মনত আছে ৰমেশে মেট্ৰিক ফেইল কৰি পঢ়া বাদ দিছিল৷ তাৰ দৰে ল’ৰাটোৱে
বেলেগ এখন ৰাজ্যত চাকৰি পাইছে বুলি শুনি বলো আচৰিত হৈছিল৷ বলোৰামৰ এইবাৰ নিজৰ
ঠাইখনলৈ খং উঠিল৷ বলোৰামৰ ল’ৰাটোৱে কৈ আছে – ৰমেশ খুৰাৰ ম’বাইলটো ইমান দামী! ইমান
ধুনীয়া! কিবা এটা ভাবি বলোৰাম পিছদিনাই গৈ ৰমেশৰ ওচৰ পালেগৈ৷
***
চকুত ৰংচঙীয়া সপোন
এসোপা লৈ বলোৰাম ৰমেশৰ সৈতে ৰে’লত উঠিল৷ কত যুগ হ’ল বলোৰামৰ ৰে’লত নুঠা৷ জেনেৰেল
ডবাটোত ঠেলি-হেঁচি দুয়োটা সোমাই গ’ল৷ যেনে তেনে বহিব পৰাকৈ ঠাই অকণ উলিয়াই
বলোৰাম বহিল৷ ডবাটোত বহিবলৈ ছীট নাছিল৷ কাপোৰৰ বেগটো যেনে তেনে চুক এটাত থৈ
ৰমেশ থিয় হৈ গৈ থাকিল৷ ছীটৰ ওপৰৰ বেগ থোৱা ৰেলিং এডালতে সি
যেনে-তেনে বহি ল’লে৷ দুটা দিনৰ বাট৷ কত কথা, কত ছবিয়ে বলোৰামৰ চকুত অগা-ডেৱা কৰি
থাকিল৷ বলোৰামে এই মাটিৰ মোহ এৰি, ঘৰ-দুৱাৰ এৰি দূৰৈৰ ক’ৰবালৈ গৈ আছে৷ তেওঁৰ মাটি
কেইডৰা, তেওঁৰ বাৰীখন! – সকলোবোৰৰ পৰা ক্ৰমশঃ আঁতৰ হৈ আহি আছে তেওঁ৷ এই মাটি-বাৰীৰ
বাবেই বলোৰাম আৰু খুৰাকৰ চাৰিটা পুতেকৰ লগত কিমান কাজিয়া-পেচাল লাগিছিল৷ সিহঁতে
সেই সময়ত বলোৰামক আনকি প্ৰাণে মৰাৰ ভাবুকিও দিছিল৷ ঈৰ্ষাতে ৰাতি হ’লে বলোৰামৰ ঘৰৰ
টিঙলৈ শিল দলিয়াইছিল৷ বলোৰামে তেতিয়া হাতত দাখন লৈ চোতাললৈ ওলাই গৈছিল৷ তাৰ পাছত
দুটা পুতেক দুৰ্ঘটনাত ঢুকাল আৰু এটাই বিয়া-বাৰু কৰাই গাঁও এৰি বেলেগ ঠাইলৈ গুচি গ’ল৷
গাঁৱত আছেগৈ এতিয়া এটা পুতেক৷ পিছে মদ খাই খাই সি তেনেই অসুখীয়া হৈ পৰিছে৷ এতিয়া
কাজিয়া কৰা দূৰৰে কথা, বলোক লগ পালে মদ খাবলৈ টকাহে খোজে৷ এতিয়া সেই মাটিকে এৰি
বলোৰামো বহু দূৰৈৰ কোনোবা ঠাইলৈ দৌৰিছে৷ শাস্ত্ৰত এনেয়ে নকয় মাটি-বাৰী,
ধন-সম্পত্তি সকলো মিছা বুলি৷ বলোৰামে ঈশ্বৰক চিন্তা কৰিলে৷ বলোৰামৰ বিশ্বাস
অতল এতিয়াও৷ তেওঁৰ দৰে মানুহৰ লগত ঈশ্বৰে বেয়া হ’বলৈ নিদিয়ে৷ এই বিশ্বাসৰ ওচৰত
তেওঁ হাৰ মানিব নিবিচাৰে৷
পুতিগন্ধময় ৰে’লৰ
ডবাটোৰ পৰা ওলাই লৈহে বলোৰ উশাহ ঘূৰি আহিল৷ দুদিন নোশোৱাকৈ একেৰাহে বহি বহি তেওঁৰ
কঁকালটো বিষত টুকুৰা-টুকুৰ হৈ পৰা যেন লাগিছে৷ ৰে’লৰ পৰা নামি অ’টো এখনত উঠি
দুয়ো ৰমেশৰ ৰূম পালেহি৷ ৰূম মানে সৰু কোঠা এটা৷ কোঠাটোৰ দৰ্জাখনো নাই৷ আগতে আছিল –
ভাগি উঁৱলি গ’ল৷ কোনেও মেৰামতিও কৰি লোৱা নাই৷ বোধহয় দুৱাৰ এখনৰ
প্ৰয়োজনীয়তা কোঠাটোৱে হেৰুৱাইছে৷ সৰু ৰূমটোৰ ভিতৰতে চাৰিটা ল’ৰা থাকে৷ ৰমেশে
বলোৰামক লগৰ কেইজনক চিনাকি কৰাই দিলে৷ সিহঁত বলোৰামতকৈ বয়সত যথেষ্ট সৰু৷ কোঠাটোৰ
বস্তুবোৰ ইফাল-সিফাল কৰি অকণমান ঠাই উলিওৱা হ’ল বলোৰামৰ বাবে৷ অতি কম সময়ৰ
ভিতৰতে বলোৰামে নিজৰ অসহায় অৱস্থাটোক খুব ভালদৰে উপলদ্ধি কৰিবলৈ ধৰিছে৷ দহ
পুৰা মাটি তেওঁৰ৷ অথচ শুবলৈকে ঠাই অকণ পোৱা নাই আজি৷ ঘূৰি যাবলৈ ৰে’লৰ ভাড়াটোকে
নাই তেওঁৰ হাতত৷ নাই তেওঁ থাকিব লাগিব৷ ঈশ্বৰৰ এই কঠিন পৰীক্ষাত তেওঁ উত্তীৰ্ণ হ’ব
লাগিব৷
বলোৰামক ৰমেশে নি
নিজে কাম কৰা ফেক্টৰিটো পোৱালেগৈ৷ তাতে বলোৰামক পহৰাদাৰ হিচাপে ৰখা হ’ল৷ ৰমেশে
মজদুৰি কৰা ফেক্টৰীটোতে বলোৰামে পহৰাদাৰৰ কাম এটা পালে৷ গোটেই ৰাতি পহৰা দিব লাগিব
– কোনো খেলি-মেলি হ’ব নালাগিব৷ বলোৰামে মূৰ দুপিয়াই সন্মতি দিলে৷ হিন্দী বুজি পায়
যদিও ক’ব নোৱাৰে ভালদৰে৷ গোটেই ৰাতি টোপনি খতি কৰি পহৰা দি থাকে বলোৰামে৷
পহৰা দি থকাৰ সময়ত তাৰ চকুৰ আগত ভাহি থাকে ধাননি পথাৰখন, বাৰীখন,
ঘৈণীয়েক-জীয়েক …! এইবোৰক কোনে ৰখি আছে এতিয়া! বলোৰামে অসহায় হৈ ঈশ্বৰকে খাটে৷
– “ৰক্ষা কৰিবা প্ৰভু”৷
মাহেকৰ মূৰত টকাকেইটা পোৱাৰ লগে লগে
নিজলৈ সামান্য পৰিমাণে ৰাখি বাকীখিনি সি ঘৰলৈ পঠিয়াই দিলে৷ বহুত বছৰৰ অন্তত তাৰ
হাতলৈ একেলগে ইমানখিনি পইচা আহিছে৷ এতিয়াৰ পৰা মাহে মাহে এনেকৈ হাতলৈ ধন আহিব
… কথাটো ভাৱিয়ে তাৰ মনটো কিবা এটা ভাল লাগি গ’ল৷ ঘৰখনেও যে কিমান সকাহ পাইছে!
ৰীমাই কিস্তিত স্মাৰ্ট ফোন এটা লৈছে৷ আজিকালি ঘৰলৈ ফোন কৰিলে তাৰ মনটো ভাল লাগে৷ পলমকৈ
হ’লেও পৰিয়ালটোক অন্ততঃ সুখৰ মুখ দেখুৱাব পাৰিছে৷
বহিৰ্ৰাজ্যৰ পৰা
কাম কৰিবলৈ অহা লোকসকলৰ লগত স্থানীয় মানুহখিনিৰ কিবা কথাত সংঘাত আৰম্ভ হ’বলৈ
ধৰিছে৷ দুই-এঠাইত কেইবাটাও হত্যাকাণ্ড সংঘটিত হৈছে৷ ৰমেশৰ মতে এয়া নতুন ঘটনা নহয়৷
য’তে-ত’তে মৰাশ উদ্ধাৰ হৈছে৷ পথৰ কাষত, দলনিৰ মাজত গেলি-পঁচি গৈছে সাধাৰণ শ্ৰমিকৰ
মৰাশবোৰ – বহুতৰ ঘৰত গমেই পোৱা নাই৷ বহুতে ম’বাইল বা টি.ভি.ত দেখি খবৰ পাইছে৷ কিন্তু ইমান দূৰৈৰ পৰা আহি মৰাশটো লৈ যোৱাৰ
সামৰ্থ্য নাই৷ আনকি শেষবাৰৰ বাবে এবাৰ আপোনজনক চাবলৈ আহিবলৈও অক্ষম৷ ভয় খাই মানুহ
ঘৰলৈ উভতিছে৷ ৰমেশ আৰু বলোৰাম দুয়ো ভীষণ দুশ্চিন্তাত পৰিছে৷ ঘৰলৈ ঘূৰি যোৱাৰ ইচ্ছা
সমূলঞ্চে নাই দুয়োৰে৷ যি হ’ব দেখা যাব৷ লাগিলে আন ঠাইলৈকে গুচি যাব৷ কিন্তু ঘৰলৈ
ঘূৰি যাব নোৱাৰে৷ প্ৰাণৰ মোহো যেন ইমান দিনে দুয়োৰে মাজৰ পৰা হেৰাই গৈছে৷
ৰমেশে যোগাযোগ কৰি যেনে-তেনে কাষৰে বেলেগ এখন ৰাজ্যত বিল্ডিং
এটাত মজদুৰিৰ কাম এটা বিচাৰি পাইছে৷ দুয়ো এইবাৰ টালি-টোপোলা বান্ধি তালৈ দৌৰিলে৷
আগৰ কামটোৱেই ভাল আছিল বলোৰামৰ৷ কিন্তু নকৰিলে উপায় নাই৷ ৰীমাৰ ম’বাইলটোৰ এতিয়াও
পাঁচটা কিস্তি আছেগৈ৷ অন্যান্য খৰচবোৰ আছেই৷
দিনবোৰ গৈ আছে৷
বিল্ডিং সম্পূৰ্ণ হৈ উঠাৰ পাছত সিহঁত আকৌ টালি-টোপোলা বান্ধি বেলেগ এটা কামৰ
সন্ধানত দৌৰিল৷ এইবাৰ বিস্কুটৰ ফেক্টৰি এটাত কামৰ যোগাৰ হৈছে৷ উৎকট গৰমত ফেক্টৰিৰ
ভিতৰত সোমাই সিহঁতে কাম কৰি থাকে৷ মাজে-মাজে বেমাৰত পৰে৷ যাব নোৱাৰে৷ পইচা কাট
খায়৷ বেমাৰ-আজাৰৰ নামত কোনো ধৰণৰ ছুটী নাই৷
সিহঁতে ফেক্টৰিত
কাম কৰা ভালেমান দিন হ’ল৷ সিহঁতৰ সমুখতে বিস্কুট তৈয়াৰ হয়, মেচিনত পেকিং হয়৷
কিন্তু আজিলৈকে সিহঁতে এখন বিস্কুট মুখত দি পোৱা নাই৷ লাখ লাখ বিস্কুট তৈয়াৰ হৈ
থাকে প্ৰত্যেক দিনাই৷ তাৰে এপেকেট আনি খাই চালে কি হ’বনো! লোভতে এদিন কামৰ পৰা
উভতি আহোঁতে ৰমেশে বিস্কুট এপেকেট খুব সাৱধানে লুকুৱাই লৈ আনিলে৷ ৰমেশৰ মতে
আমি বিস্কুট এপেকেট খালে ইমান ডাঙৰ ফেক্টৰিৰ মালিক এজনৰ একো লোকচান নহয়৷ তথাপি বলোৰামে বৰ ভয়ে-ভয়ে খাইছে৷ তেওঁৰ মতে ৰমেশে মনে মনে এই কাম কৰিব নালাগিছিল৷ কিন্তু
বিস্কুট খোৱাৰ লোভটো বলোৰামেও সামৰিব পৰা নাছিল৷ দুদিনৰ পাছতে চি চি টি.ভি. ফুটেজ চাই ফেক্টৰিৰ মেনেজাৰে ৰমেশৰ গোটেই কাণ্ডটো ধৰা পেলালে৷ এই
সাধাৰণ অপৰাধৰ বাবে ৰমেশক গুৰুলা-গুৰুলকৈ পিটিলে৷ আনকি প্ৰকাণ্ড চৌকাটোত ৰমেশৰ
মূৰটো ভৰাই জ্বলাই দিব খুজিলে৷ ৰমেশে ভৰিত ধৰি কাকূতি-মিনতি কৰিছে তাক ক্ষমা কৰি
দিবৰ বাবে৷ এই গোটেইবোৰ বলোৰামৰ সমুখতে হৈ আছে৷ বলোৰামৰ ভিতৰখন চিৰলা-চিৰিলিকৈ
ফাটি গৈছে৷ অথচ সি এটা শব্দও উচ্চাৰণ কৰিব নোৱাৰাকৈ অক্ষম৷
এই ঘটনাটোৰ পাছত
ৰমেশ ঘৰলৈ ঘূৰি গ’ল৷ প্ৰাণৰ মায়া সি এতিয়াও এৰিব পৰা নাই৷ বিষ-কোপবোৰ ভাল হ’বলৈ
সময় লাগিব৷ কাম কৰিব নোৱাৰিলে তাত এনেয়ে কাকো থাকিবলৈ দিয়া নহয়৷ এতিয়া বলোৰাম
অকলশৰীয়া৷ ঈশ্বৰেই এতিয়া তেওঁৰ একমাত্ৰ লগৰীয়া৷ বলোৰামৰ একেবাৰে ইচ্ছা নোহোৱা
হৈ গৈছে ইয়াত থকাৰ৷ কিন্তু সি গুচি যাব নোৱাৰে৷ ল’ৰাটোক পঢ়ুৱাব লাগে, ছোৱালীজনীক
বিয়া-বাৰু দিব লাগে, মাইক্ৰ’ ফাইনেঞ্চৰ ঋণ পৰিশোধ কৰিব লাগে, এবাৰ মানুহজনীৰ অসুখ
হওঁতে বন্ধকীত দিয়া মাটিখিনি মোকলাব লাগে৷ গভীৰ অনিচ্ছা সত্ত্বেও পুৱা উঠি সি
কামলৈ যায় – উভতি আহে৷ কাৰো লগত তেওঁ ক’তো ওলাই নাযায়৷ গধূলি নামিলেই তেওঁৰ মনটো
বিষাদে ভৰি পৰে৷ বছৰেকৰ বিহুটো আহিলে তাৰ গাঁওখনলৈ চেৰেং-চেৰেঙকৈ মনত পৰে৷ ল’ৰা-ছোৱালীকেইটাক
চাবলৈ মন যায়, তাৰ হেঁপাহৰ ঘৰখন, গৰুহাল, খেতি-মাটি কেইডৰা … স্পৰ্শ কৰিবলৈ মন
যায়৷ তাতেই যেন আছে বলোৰামৰ সমস্ত জীৱনৰ শান্তি৷ তেওঁৰ নিজকে বৰ নিঃস্ব যেন
লাগিবলৈ ধৰিছে দিনে-দিনে৷ দিনক দিনে ভিতৰখন উদং হৈ আহি আছে বলোৰামৰ৷ মানুহ হৈ থকা
নাই বলোৰাম৷
আকাশত চতুৰ্দশীৰ
জোন৷ এই আকাশখনেই বলোৰামে ঘৰৰ চোতালৰ পৰা দেখে৷ এই একেটাই জোন – যাক তেওঁ ঘৰৰ পৰা
ইমান আঁতৰতো নিজৰ লগত লৈ আনিব পাৰিছে৷ এই বৃহৎ মহাজাগতিক পৰিঘটনাৰ মাজত
নিজকে অকলশৰীয়া কীট এটাৰ দৰে আৱিষ্কাৰ কৰে তেওঁ ৷ নাতিদূৰৈৰ পৰা ৰে’লৰ উকি এটা
আহি তেওঁৰ কাণত পৰিল৷ এনেকুৱা এখন ৰে’লত বহিয়েই সি তাৰ ঘৰখনৰ পৰা আঁতৰি ইমান দূৰ
পাইছিলহি৷ সি আঙুলিত গণিবলৈ ধৰে – পাঁচ বছৰ … ছয় বছৰ … সাত বছৰ৷ যাম যাম
বুলিও সি ঘৰলৈ যাব পৰা নাই৷ ঘৰত প্ৰয়োজন বাঢ়ি আহিছে … বাঢ়ি আহিছে তাৰ
দায়িত্ব৷ ৰীমাৰ বিয়াৰ নামতো কিছু ধাৰ লাগিল৷ ল’ৰাটো চহৰৰ কলেজত পঢ়ি আছে৷
বস্তুৰ দাম দুগুণে বাঢ়িল৷ সি হিচাপ কৰে – এবাৰ ঘৰলৈ যোৱাৰ খৰচ অতি কমেও দহ হাজাৰ
টকা৷ টকা দহ হেজাৰ হাতত গোট খাবলৈকে নাপায় দেখোন৷ তেওঁ হিচাপ ৰাখিবলৈও বাদ দিছে৷
হিচাপ কিহৰ ৰাখিব তেওঁ – সাত বছৰে ছন পৰা মাটি কেইডৰাৰ, সাত বছৰে চাবলৈ নোপোৱা
পৰিয়ালটোৰ মানুহকেইটা নে নিজৰ ভাগি যোৱা আত্মাভিমানৰ! সময় গৈ থাকে … ৰীমা
বিয়া হৈ গ’ল, ল’ৰাটোৱে মেট্ৰিক পাছ কৰি কলেজত নামভৰ্তি কৰিলে৷ দেশত চৰকাৰ সলনি হ’ল৷
কিন্তু বলোৰাম ঘৰলৈ আহিব পৰা নাই৷ বেতনৰ সামান্য টকাকেইটাৰ পৰা জমা কৰি কৰি
জীয়েকৰ বিয়াখন পাতিবলৈ উলিয়াই দিলে৷ পুতেকে ছায়েঞ্চত পঢ়িছে৷ এবাৰো নিৰ্বাচনত
ভোট দিবলৈও নাহিল সি৷ সি আজিকালি একো ভাবিব নিবিচাৰে৷ দেশৰ খবৰো একো নাৰাখে৷
কথাবোৰ নভৱাকৈ থাকিবলৈকে সি পচন্দ কৰে৷ গধূলি মদ অকণমান ডিঙিত পৰিলে অন্ততঃ অলপ
সময়ৰ বাবে হ’লেও সকলো টেনচনৰ পৰা মুক্তি৷ নহ’লে টোপনিতো কথাবোৰে বলোৰামক আমনি কৰি
থাকেহি৷
সাত বছৰৰ পাছত
ৰমেশে গাৰ বিষ-কোপ পাহৰি আকৌ আহিবলৈ ওলাইছে৷ সেই ঘটনাটো সি এতিয়াও পাহৰিব পৰা নাই৷
তেতিয়া সি কেতিয়াও বেলেগ ঠাইলৈ কাম বিচাৰি নাযাওঁ বুলি শপত খাইছিল৷ ঘৰলৈ ঘূৰি
অহাৰ পাছত হাতত থকা টকাকেইটাৰেই ব্ৰয়লাৰ বা গাহৰিৰ ফাৰ্ম এখনকে খোলাৰ কথা ভাবিছিল৷
কিন্তু গাঁৱৰ ৰাইজে অনুমতি নিদিলে৷ অলপ দিনৰ পাছত নিজৰ ঘৰতে খেতি-বাতি আৰম্ভ
কৰিলে সি৷ ধান বেচি যিমান পইচা পালে বছৰটোৰ তেল-নিমখৰ খৰচকে নোলাল৷ গাঁৱত কেতিয়াবাহে
দুই-এটা হাজিৰা কাম ওলায়৷ কাষৰে চহৰখনত মজদুৰি বা পহৰাদাৰৰ কাম কৰিবলৈ তাৰ মন
নাযায়৷ কাৰণ বাহিৰত যিমান পইচা ইয়াত সিমান পইচা নিদিয়ে৷ আগেয়ে সি কামৰ পৰা
বহুত দিনৰ পাছত ঘৰলৈ আহোঁতে মানুহবোৰে তাক কিমান গুৰুত্ব দিছিল! – তাৰ হাতত
চকমকাই থকা দামী ম’বাইলটো আটায়ে চুই চাব বিচাৰিছিল একোবাৰ৷ তাৰ কাপোৰ-জোতা সকলোতে এক
আভিজাত্যৰ চিন আছিল৷ ঘৰখনলৈ টি.ভি. , ফ্ৰিজ … এটা এটাকৈ কেইবাটাও বস্তু আহিছিল৷ মাক-দেউতাকো সুখী
হৈছিল৷ সি ফে’চবুকত ৰেষ্টুৰাঁত বহি খোৱা, সাগৰৰ পাৰৰ বালিত বহি থকা ফটো আপলোড কৰে৷
বহুতো লাইক আহে – কমেণ্টো আহে দুই-এটা৷ কিবা এটা ভাল লাগি থাকিছিল৷ দিনৰ দিনটো
মজদুৰি কৰি ভাগৰত বিছনাত পৰি সি ফে’চবুকত নতুনকৈ চিনাকি হোৱা ছোৱালীবোৰৰ লগত কথা
পাতিছিল৷ কিন্তু এতিয়া সেইবোৰ নাই একো নাই তাৰ৷ কথাবোৰ ভাবি-চিন্তি সি অধৈৰ্য
হৈ পৰে৷ বৃদ্ধ মাক-দেউতাকৰ অসুখ-বিসুখ বাঢ়ি আহিছে৷ বিয়াখনো পাতিব লাগিছিল৷ খেতি
কৰা বা হাজিৰা কৰা ল’ৰালৈ মানুহে ছোৱালী নিদিয়ে৷ কিন্তু বাহিৰৰ ৰাজ্যত চাকৰি কৰা
বুলি ক’লে দিব বুলি সি জানে৷ সি আকৌ দৌৰিলে কাম বিচাৰি দূৰৈৰ ক’ৰবালৈ৷
বলোৰামে গধূলি
আন্ধাৰত তিৰবিৰাই থকা বৃহৎ অট্টালিকাবোৰলৈ চাই থাকে৷ এই বিশাল জকমকাই থকা
অৱয়ববোৰকে আজিকালি তেওঁৰ ঈশ্বৰ যেন লগা হৈছে৷ ৰাস্তাৰ কাষৰ বৃহৎ বৃহৎ হ’ৰ্ডিংবোৰলৈ
সি একেথৰে চাই থাকে৷ এই বৃহৎ হ’ৰ্ডিংবোৰ চাই সি নিজৰ ক্ষুদ্ৰতম অস্তিত্বক অনুভৱ
কৰিবলৈ চেষ্টা কৰে৷ অথচ তেওঁ লাহে লাহে এই চহৰখনত নিজৰ সেই ক্ষুদ্ৰতম অস্তিত্বও
হেৰুৱাই পেলাইছে৷ এই হৰ্ডিংবোৰে তাক গিলি থ’ব নিচিনা লাগে৷ তেওঁ ইমান বছৰে বিচাৰি
ফুৰা ঈশ্বৰ যেন এইবোৰতে লুকাই আছে৷ তেওঁৰ মনত তীব্ৰ আকাংক্ষা জাগে ঈশ্বৰক চোৱাৰ৷
ঈশ্বৰৰ বাদে কোনেও তাক উদ্ধাৰ কৰিব নোৱাৰে৷ কিন্তু সাত বছৰেও ঈশ্বৰে তেওঁৰ কথা শুনা
নাই! হয়তো এই ভিৰৰ মাজত ঈশ্বৰে তেওঁক দেখাই নাই – তেওঁৰ দৰে চাগে বহু মানুহকে
দেখা নাই৷ আন্ধাৰত থকা মানুহবোৰক জকমক ঈশ্বৰে নেদেখে৷ সাত বছৰৰ অন্তত ঈশ্বৰৰ প্ৰতি
সন্দেহ উপজিছে তেওঁৰ৷ নিজৰ ওচৰত অৱশেষত হাৰ মানিছে তেওঁ – ঈশ্বৰ তেওঁৰ পৰা বহু দূৰৈত
বুলি তেওঁ মানি লৈছে৷