জীৱন বিষয়ক কিছু গল্পচেষ্টা

 

মৃদুল শৰ্মা

 

বুকুখনত,
বুকুৰ
ঠিক সোঁমাজতে এটা ফুটা– তাতে কোন কাহানিবাই যে প্ৰতিষ্ঠা হৈছে এটা চকু– কোনেও
নেদেখা এটা চকু– অনুভৱৰ এটা চকু– এটা শূন্যতাৰ চকু– বিশাল এটা অতি সূক্ষ্ম সংসূচক
চকু৷ স্বচ্ছ শূন্যতাৰ এখন লেন্স– তাৰ মণিটো৷ কিমান যে– কিমান যে ছবি সৰকি গৈছে তাৰ
মাজেদি– কিমান যে সময় পাৰ হৈ গৈছে৷ একেবাৰে গুচি গৈছে৷ সময়– সময়তকৈও বেছি ছবি–
সময়ৰ ছবি নে অনেক মুখচ্ছবি৷ চিনাকি অচিনাকি অলেখ অগণিত মুখ…

ক’ব নোৱাৰাকৈয়ে আৰম্ভ হৈছিল ফুটাটোৰ জন্মপ্ৰক্ৰিয়া৷
এচাব দুচাবকৈ মাটি খান্দি– বুকুৰ মাটি
, একামোৰ দুকামোৰকৈ কোন অচিন কীটে যে
কামুৰি কামুৰি ত্বক-মাংস-ৰক্ত শেষ কৰি আনিছিল এই বিশেষ অঞ্চলটোৰ পাৰ্থিৱ অৱস্থিত৷

ক’ব নোৱাৰি ঠিক কেতিয়াৰপৰা৷

ক’ব নোৱাৰি ঠিক কোনখিনিৰপৰা৷

পৃথিৱীত সকলো ঘটনাই ঘটে একোটা সময়ত৷
কিন্তু ক’ব নোৱাৰি সেই ঘটনাৰ উহ ক’ত কেতিয়া কেনেকৈ৷ ক’ব নোৱৰা সময় একোটাত
, গম
নোপোৱা পৰিস্থিতি একোটাত হঠাৎ আৰম্ভ হৈ যায় একোটা ঘটনা আৰু সুবিধা বুজি একোটা সময়ত–
হয়
, শেষ অৱস্থাত, ঘটি যায়গৈ সকলোৱে দেখাকৈ, গম
পোৱাকৈ৷

মানুহজনৰ মনত সম্প্ৰতি কোনো ধৰণৰ
চিন্তা-দুশ্চিন্তা নাই৷ সম্পূৰ্ণ মুকলি মন এটাৰ অধিকাৰী হৈ উঠিছে তেওঁ৷ এনে এটা মন
য’ত কোনো আঘাতৰ কথা নাই
, সুখ-দুখৰ কথা নাই– নিৰ্বিকাৰ৷
নিৰ্বিকল্পও– জীৱন আছে কাৰণে জীয়াই থকা এটা অৱস্থা৷ সকলো ধৰণৰ সাংসাৰিক চিন্তাৰপৰা
অব্যাহতি লৈছে তেওঁ
, একান্ত নিজৰ এখন জগৎ সৃষ্টি কৰি লৈছে, সামাজিক জীৱনত
নিজে এখন স্বচ্ছ মৰ্যাদাপূৰ্ণ আসন উলিয়াই লৈছে– মুঠতে সকলো ফালৰপৰাই তেওঁ এজন সফল
মানুহ–

সফল মানুহ!

কথাটো মনলৈ অহাৰ লগে লগেই শ্লেষৰ হাঁহি
এটাই চুই গ’ল তেওঁৰ অন্তৰ৷ নিজকে তেওঁ সুধিলে– সফলতাৰ সংজ্ঞা কি
? এজন
মানুহ কেতিয়া সফল হৈ উঠে
?

প্ৰশ্নৰ উত্তৰ বিচাৰি তেওঁ লাহে লাহে
যাত্ৰা আৰম্ভ কৰিলে বুকুৰ সেই ছিদ্ৰটোৰে– অন্ত দৈৰ্ঘ্যৰ এটা পথেৰে…৷

***

ঠিক ইমানখিনিলৈকে লিখি– গল্পটোৰ নায়ক
অথবা নায়িকাৰ– নায়কেই হ’ব
, কাৰণ মই নিজেই আজিৰপৰা আৰু দুকুৰি বছৰৰ
পাছত থিয় হৈ গল্পটোৰ নায়ক হ’ব খুজিছিলোঁ
,  পঢ়ি চাওঁতেই মোৰ মনৰ ভিতৰৰ কোনোবা এটা
সত্তাই
, মোৰ বন্ধুস্থানীয় এটা সত্তাই ক’লে–

হ’ব আৰু থ৷ ফলাবি৷’

আহত নে নিহত হ’লোঁ মই?

গল্পটো লিখিবলৈ ওলোৱা মোৰ ভিতৰৰ ‘মই’টো
মৰিল– ঠিক এইখিনি লিখি শেষ কৰাৰ পাছতেই৷ আৰু মই
, এই তেজ-মঙহৰ
মানুহে দেখা মইটো– যি জন্ম নামৰ এটা ঘটনাৰে পৰিদৃশ্যমান হৈ মৃত্যুৰ উদ্দেশ্যে
অবিৰাম খোজ কাঢ়িছোঁ
, এই মইটো আহত হ’ল৷

গুজৰি উঠিছোঁ মই৷

কিয় বাৰে বাৰে বিভিন্ন জনৰপৰা আঘাত পাম
মই
? কিয় আঘাত পাম? কিয়? এই যে এটুকুৰাৰ
ওপৰত আন এটুকুৰা ঘা গেলি-পঁচি চিন-মোকাম নোহোৱা হৈ গৈছে মোৰ মাজত… কিয়
? প্ৰথমতেতো
এনে নাছিল
, আছিল এখন পৰিষ্কাৰ কাপোৰৰ দৰে…৷ লাহে লাহে ফিচিকি উঁৱলি গ’ল–
শতচ্ছিন্ন ৰূপ ল’লে৷ ৰিপু কৰা– বাৰে ৰঙৰ ৰিপুৰে ভৰি উঠিল– আচল ৰং বোলা বস্তুটো
হেৰাই গ’ল–৷ বিভিন্ন ৰঙৰ পাটি অঁকা ঘুৰণীয়া কাঁহীখন ঘূৰাই দিলে সামগ্ৰিকভাৱে তাক
বগা দেখাৰ হাইস্কুলীয়া বিজ্ঞানৰ কিতাপৰ সূত্ৰটো– সি মোক
, সিও মোক উপহাস কৰা
নাই নে
?

এৰা৷ বিভিন্ন ৰং মিহলি হৈ বগাই হয়৷ শুভ্ৰ, স্বচ্ছ, নিৰ্মল৷

গল্পটো লিখা নহ’বগৈ৷ মুড বোলা অনুভৱটো
শেষ হৈ গ’ল৷ অপমানে
, উপেক্ষাই পিষ্ট কৰি তোলা এটা মন– সি বাৰু বগা কাগজৰ দৰে হ’ব নে?
কি
লিখিব খুজিছিলোঁ৷

কি লিখিবলৈ ওলাইছিলোঁ!

***

বৃদ্ধৰ বুকুৰ অদৃশ্য পৰ্দাত অলেখ ছবি–
এখন এখনকৈ পাৰ হৈ গৈছে৷ দুখ আৰু সুখৰ বতাহে কোবাই গৈছে তেওঁক৷ তেওঁ বুজিব পৰা নাই–
বহু চেষ্টা কৰিও তেওঁ বুজি উঠিব পৰা নাই– ঠিক কোনখিনিৰপৰা আৰম্ভ হৈছে তেওঁৰ অতীত
ৰোমন্থন৷ অথচ বাৰম্বাৰ অতীতৰ নানান বিষয়ে তেওঁক জুমুৰি দি ধৰিছেহি৷

পৰিছে৷ স্পষ্টকৈ মনত পৰিছে কিছুমান কথা৷

***

দেউতাকৰ বয়সতকৈ অনেক বছৰৰ সৰু ভোগেশ্বৰ
দত্ত বোলা মানুহ এজনক দুটা সৰু ল’ৰা-ছোৱালীয়ে খুড়া বুলি মাতিব পৰা নাছিল৷ সিহঁতক
শিকোৱাই হোৱা নাছিল
, শিকোৱা হৈছিল বৰদেউতা বুলিবলৈ৷ নিজতকৈ সৰু মানুহজনক, ঘৰৰ
কাষৰ সেই মানুহজনক সিহঁতৰ দেউতাকেও ভাই বুলি সম্বোধিত কৰিব পৰা নাছিল৷ কৰিছিল ছাৰ
বুলি৷ কাৰণ একো নাছিল৷ সেই মানুহজন
, ভোগেশ্বৰ দত্ত বোলা মানুহজন আছিল সিহঁতৰ
দেউতাকতকৈ ডাঙৰ মানুহ৷ টকা আছিল মানুহজনৰ
, গাড়ী আছিল…৷ সিহঁতৰ দেউতাকে দত্তৰ
গাড়ী চলাইছিল৷ ভোগেশ্বৰ দত্তৰ ঘৰৰ কাষত থকা এটা জুপুৰি ঘৰত সিহঁত ৰাতি শুইছিল…৷

জুপুৰিটোৱে তিনিমহলীয়া বিল্ডিংটোৰ ওচৰত
প্ৰতিবাদ কৰিছিল নে বিল্ডিংটোৱে
, সেই ৰাজহাউলিয়ে ইতিকিং কৰিছিল জুপুৰিটোক?

কোন ডাঙৰ আছিল বাৰু সঁচাকৈয়ে? সেই
মানুহজন নে সিহঁতৰ দেউতাক
? কোন ডাঙৰ মানুহ আছিল?

টকা-পইচা থাকিলে মানুহ ডাঙৰ হয় নেকি?
যদি
নহয়
?

যদি নহয়েই, তেনেহ’লে কিয়
সিহঁতৰ মাকে ভোগেশ্বৰ দত্তৰ তাৰ প্ৰায় সমনীয়া ছোৱালীজনীক পপিবা বুলি মাতিছিল
?
যদি
টকা-পইচা নাথাকিলেই মানুহ সৰু নহয় তেনেহ’লে পপি বোলা সেই সৰু ছোৱালীজনীয়ে কি
সিহঁতৰ মাকক মামণি বুলি নাম কাঢ়ি মাতিছিল
?

কিয় ভোগেশ্বৰ দত্তৰ গাড়ী দুৰ্ঘটনাত দুখ
পোৱা সিহঁতৰ দেউতাকে প্ৰায় বিনা চিকিৎসাত মৰি থাকিবলগীয়া হৈছিল অথচ একেলগে
,
একেখন
গাড়ীৰ দুৰ্ঘটনাতে আহত ভোগেশ্বৰ দত্ত কিয় আৰু কেনেকৈ আগতকৈও ডেকা হৈ ঘূৰি আহিছিল–
কেইমাহমানৰ মূৰত দিল্লী নে ক’ৰবাৰ পৰা
?

বহুত প্ৰশ্নই খুন্দিয়াই আছিল সৰু ল’ৰাটোৰ
মনত৷ ভনীয়েকৰ লগত সি বহুত কথাই পাতিছিল৷ ভনীয়েকক সি খুব ভাল পাইছিল৷

তাৰ লগ এৰি ক’ৰবালৈ গুচি গৈছিল ভনীয়েক৷
বলিয়া কুকুৰ এটাই বখলাবখল কৰি পেলাইছিল ছোৱালীজনীক৷ ৰমাই বাপুটিৰপৰা মাকে মিঠাতেল
জৰাই আনিছিল… বাপুটিয়ে নিজেও আহি বিহলঙনীৰে জাৰি দিছিলহি৷ কিন্তু ভনীয়েকজনী
নাবাছিল৷ মৰিল৷

গোটেই ছোৱালীজনী গোন্ধাইছিল৷ কেইবাঠাইটো
কুকুৰে বখলিয়াই থোৱা ঘাবোৰত পোক দিছিল৷ ঘাবোৰ গেলিছিল…৷

সি কান্দিছিল৷

অকলশৰীয়া হৈ পৰিছিল সি৷

ৰাতি ৰাতি মাকৰ বুকুত সোমাই সি জোৰেৰে
মাকক ধৰি থকা হৈছিল– জানোচা মাকেও তাক অকলশৰীয়া কৰি থৈ কেনিবা গুচি যায়!

সি মাকৰ বন্ধু হৈছিল৷

***

সৰু ল’ৰা এটা মাকৰ লগত সদায়ে গৈছিল মাকে
কাম কৰা মানুহঘৰলৈ৷ মানুহ ঘৰত তাৰ প্ৰায় সমনীয়া
, হয়তো তাতকৈ অলপ
সৰুহে বয়সত– ল’ৰা এটা আছিল– ৰাজা৷ কিন্তু সি ৰাজাৰ ওচৰ চাপিব নোৱাৰিছিল
, নোৱাৰিছিল
ৰাজাৰ স’তে বন্ধু হ’ব৷ ৰাজাই টি.ভি. চাইছিল চ’ফাত বহি
; সি বহি বহি টি.ভি.
চাইছিল ৰাজাৰ সমুখৰ পকা মজিয়াত
, ৰাজাৰ ভৰিৰ কাষতে বহি৷

***

সময় যে কেনেকৈ সৰকি যায় মানুহৰ মাজেদি৷
জীৱনটো যাপন কৰাৰ প্ৰস্তুতি চলাই থাকোঁতেই শেষ হ’বৰে হ’লহি জীৱন৷ মানুহজনে ভাবিলে৷

***

কাৰ ভাব সেয়া!

মোৰ গল্পৰ নায়কৰ নে মোৰ? মোৰ
নিজৰ
?

মোৰপৰা মোৰ গল্পৰ নায়কৰ অৱস্থানৰ দূৰত্ব
কিমান
? মই– মই বাৰু পাৰ কৰি আহিছোঁ নেকি তেনেকুৱা সময়– যেনেকুৱা সময়ক মই মোৰ
গল্পত গ্ৰথিত কৰিব খুজিছোঁ
? মই কিমান হেৰুৱাইছোঁ– মোৰ নায়কৰ জীৱনত
তেওঁ হেৰুওৱাখিনিৰ হিচাপ কৰি দিব পৰাকৈ মই কি হেৰুৱাইছোঁ নো
?

পাইছোঁ নো কি মই?

পোৱা আৰু হেৰুওৱাৰ হিচাপ– পোৱা-নোপোৱাৰ
হিচাপেই জীৱন নেকি
?

***

অপৰিপক্ব এটা মগজু৷ সিও কাম নকৰা হৈ
গৈছিল৷ একমাত্ৰ আপোন বুলিব পৰা মাকজনী মৰিবলৈ ওলাইছিল৷ ষোল-সোতৰ বছৰ বয়সীয়া
ল’ৰাটোৱে মাকক লৈ কি কৰিব কি নকৰিব ভাবি পাৰ পোৱা নাছিল৷ মাকৰ কাষত ইছমাইলক বহুৱাই
সি শেষত তাৰ প্ৰাণৰ সকলো শক্তি খৰচ কৰি দৌৰিছিল– কেৱল দৌৰিছিল৷

মাকে উশাহ ল’ব পৰা নাছিল৷ মানুহজনীৰ
ডিঙিটোৱে বুজাব নোৱৰা শব্দ এটা কৰিছিল৷ বাগৰি ফুৰিছিল মানুহজনী৷ ছটফটাইছিল…৷
সোনকালে হস্পিটেললৈ নিয়াৰ প্ৰয়োজন হৈছিল৷ সি তাৰ হাতত কিমান পইচা আছে হিচাপ
কৰিবলৈও সময় পোৱা নাছিল৷ মাথোন দৌৰি গৈছিল…৷

ৰিক্সা এখন লৈ যিমান পাৰি সোনকালে মাকৰ
কাষলৈ ঘূৰি আহিছিল সি৷

ঐ ৰিক্সা! চালা দেখা নাই নেকি বে?’
পুলিচ৷
সি নামি গৈ পুলিচৰ মানুহটোক বুজাইছিল যে তাৰ মাকক সোনকালে ডাক্টৰৰ ওচৰলৈ নিয়াটো
জৰুৰী৷

টেক্সি, অটোৰিক্সাত নিনিয়
কেলেই
? দেখা নাই নেকি ‘ন’ এণ্ট্ৰি ফৰ শ্ল’ ম’ভাৰ’?’

সিহঁতৰ ঘৰ থকা সৰু ৰাস্তাটোত ৰিক্সাখন
সোমাব পৰা নাছিল৷ তাৰ চকুৰ আগেদিয়েই পাৰ হৈ গৈছিল ৰঙা
, বগা, নীলা
আৰু কত যে কিমান নাম নজনা ৰঙৰ নতুন ডিজাইনৰ সৰু সৰু চিক্‌চিকীয়া গাড়ীবোৰ! ধনী
মানুহেহে
, ধুনীয়া গাড়ী থকা মানুহেহে সোমোৱাৰ অধিকাৰ পাইছিল সেইটো বাটত৷ তাৰ
নিচিনা ছাল ছিগা ভিকহুৰ ৰিক্সা লৈ সোমোৱাৰ অধিকাৰ নাছিল৷ ধনী মানুহৰ ওচৰত বন্ধকত
গৈছিল তাৰ দৰে মানুহৰ অধিকাৰ৷ জুৰুলি জুপুৰি হৈ পৰিছিল সি বুজাব নোৱৰা দুখত৷

***

ধনী মানুহ! ধুনীয়া মানুহ!! থু এসোপামান
পেলাই দিলে মানুহজনে৷ বুকুৰ ফুটাটোৱেদি আগবাঢ়ি আহি তেওঁৰ চকুৰ আগত স্পষ্ট হ’লহি
এটি নাৰীমূৰ্তি৷

মা’! উচ্চাৰণ কৰিলে তেওঁ৷

***

মাকৰ জঠৰ দেহাটো পৰি আছিল, ওচৰতে
ইছমাইলে উচুপি উচুপি কান্দি আছিল– যেতিয়া সি ঘৰ ওলাইছিলগৈ৷ সি কন্দা নাছিল
,
ইছমাইলৰ
নিচিনাকৈ কান্দিব পৰা নাছিল সি৷ কেৱল ভাবিছিল– যাৰ জীয়াই থকাৰে অধিকাৰ নাই– তাৰ
,
সেই
দুখীয়া মানুহৰ হঁহাৰ বা কন্দাৰ
, সুখ বা দুখ প্ৰকাশ কৰাৰ জানো অধিকাৰ আছে?
নাই৷

এৰা! নাই!!

সি প্ৰতিজ্ঞা কৰিছিল, ইছমাইলৰ
সৈতে
, সততাৰেই হওক বা শঠতাৰেই হওক সি টকা ঘটিব, ঘটিবই সি টকা,
ধনী
হ’ব সি৷ সি ধনী হ’ব নোৱাৰিলে কেৱল তাৰ অন্তৰাত্মাই নহয়
, মাক-দেউতাকৰ
অন্তৰাত্মায়ো শান্তি নাপাব৷ ভনীয়েকৰ আত্মাই শাওপাত দিব তাক৷

মাকৰ শৱদেহটো শ্মশানলৈ নিবলৈও ইছমাইলৰ
বাহিৰে দ্বিতীয় এটা মানুহ ওলোৱা নাছিল৷ অনেক কাকুতি-মিনতি কৰি যি যাদৱ আৰু ৰামবীৰক
মাতি আনিছিল মাকৰ শৱটো কান্ধত উঠাই নিবলৈ৷ ইছমাইলক লৈ ৰামবীৰ আৰু যাদৱে তাক প্ৰশ্ন
সুধিছিল– কিন্তু সি সেই মুহূৰ্তলৈকে কাহানিও চিন্তা কৰা নাছিল ইছমাইল হিন্দু নে
মুছলমান৷ আনকি সি নিজেই নো কি– সেয়াও সি কাহানিও চিন্তা কৰা নাছিল৷

শেষত ইছমাইলে মৃতদেহটো কান্ধত ল’ব পৰা
হৈছিল– ৰামবীৰ
, যাদৱ আৰু তাৰ স’তে, কিন্তু তাৰ আগতে ৰামবীৰৰ হাতত সি অৰ্পণ
কৰিবলগীয়া হৈছিল তাৰ আৰু মাকৰ সঞ্চিত সৰ্বস্ব৷ এটা আমুল্‌স্প্ৰে গাখীৰৰ টেমাত
জমোৱা কেইটামান খুচুৰা পইচাৰ বিনিময়ত ৰামবীৰ আৰু যাদৱৰ কান্ধত উঠাৰ অধিকাৰ পাইছিল
তাৰ মাকৰ মৃতদেহে৷

***

হঠাৎ ইছমাইলক লগ পাবলৈ মন গ’ল মানুহজনৰ৷
ভিতৰলৈ উঠি গ’ল তেওঁ৷ টেলিফোন ডায়েৰীখন মেলি ‘আই’ আখৰৰ পৃষ্ঠাখিনি চালে– ইছমাইলৰ
নম্বৰটো বিচাৰিলে তেওঁ৷

হেল্লো৷’

ইছমইল হুছেইনৰ ঘৰ নেকি? …অ’
তই! …কি খবৰ
? …বৰ লগ পাবৰ মন গৈছে তোক… কি? নাই, মই
যাব পৰা অৱস্থাত নাই… নাই
, বেমাৰ-আজাৰ হোৱা নাই… আহিবি? সঁচাকৈ
আহিবিনে
? …তোৰ আকৌ সময়ৰ যিহে অভাৱ!’

ফোনটো কাটি গ’ল৷ পুনৰ ডায়েল কৰিবলৈ লৈও
তেওঁ ৰিচিভাৰটো থৈ দিলে৷ নালাগে থাকক৷

***

বগা ৰঙৰ কাৰ এখন সোমালহি মানুহজনৰ ঘৰৰ
কেম্পাছত৷ গাড়ীখন ৰোৱাৰ লগে লগে নামি আহিল বগা কূৰ্তা-পাইজামা পৰিহিত এজন থুলন্তৰ
মানুহ৷

ইছমইল! আনন্দত আত্মহাৰা হ’ল মানুহজন৷

কচোন, কেনে আছ?’

কেনে মানে? যেনেকৈ জীয়াই
থাকে! উশাহ লৈ
, নিশাহ এৰি, শুই শুই… হাঃ হাঃ হাঃ!’– নিজৰ ৰসিকতাত
নিজেই জোৰকৈ হাঁহিবৰ বাবে যত্ন কৰিলে মানুহজনে৷ কিন্তু হঠাৎ তেওঁ গহীন হৈ কৈ গ’ল–
‘বৰ কুটিল অ’ সময়বোৰ! শান্তি নিদিয়ে সময়ে৷ কেনেকৈ যে পাৰ হৈ যায় ইমান সময়…!’

ব্যৱসায়!’

ব্যৱসায় চলি থাকিব পায়৷ ফোন কৰে
ইটোৱে-সিটোৱে৷ সোধে কিবাকিবি৷ কওঁ৷ চহী কৰাবলৈ সদায় ৰাতিপুৱা আহে কোনোবা কোনোবা৷
কৰি দিওঁ৷ বছ! চলি আছে৷’

তই… তই ইমান উদাসীন হৈ পৰিলি যে?’

উদাসীন আৰু মই?  হাঃ হাঃ হাঃ…
ৰগ…! কিবা এটা খাই খাই কথা পাতি ভাল লাগিব৷’– মানুহজন ভিতৰ পালেগৈ৷ চিঞৰিলে
,
 কফি
নে চাহ
?’

উত্তৰ নিদি ইছমাইল বোলাজন ভিতৰ পালেগৈ৷

আৰে! তই নিজে?  কাম কৰা মানুহ?’

আছে৷’

ক’ত?’

নিজৰ নিজৰ ঘৰত৷”

তোক বুজিবলৈ মই অলপ…’

টান পাইছ? পাবিয়েই৷ ৰহ,
কফি
একাপ হওক
, খাই খাই কথা পাতিম৷’

কথা-বতৰা পাতি ইছমাইল বোলাজন যাবলৈ ওলাই
ক’লে–

ব’ল ফুৰিম৷’

যাব পাৰোঁ৷ কিন্তু মোক থৈ যাবহি লাগিব৷
মোৰ গাড়ী নাই৷’

কি হ’ল গাড়ীবোৰ?’

বেচি দিলোঁ৷’

কি!! কিন্তু কিয়?’

এহ্‌! গাড়ী এখন লৈ ফুৰিবলৈ গ’লে মোৰচোন
নিজে ফুৰিবলৈ যোৱা যেন নালাগে
;  গাড়ীখনকহে ফুৰাবলৈ নিয়া যেন লাগে…৷’

***

কি কৈছিল ইছমাইলে? টকা ঘটাৰ
প্ৰতিজ্ঞাৰ কথা
? প্ৰতিজ্ঞা জানো পালন কৰা নাই মই? – ভাবিলে মানুহজনে৷
তেওঁৰতো সম্প্ৰতি কোনো অভাৱেই নাই৷ লাগ বুলিলে চল্লিছ-পঞ্চাছ লাখ টকা উলিয়াই দিব
পৰা মানুহ তেওঁ৷ দুই-তিনিশ মানুহক ভৰণ-পোষণ দি থকা মানুহ তেওঁ৷

চকুহাল সেমেকি উঠা যেন অনুভৱ কৰিলে
মানুহজনে৷ চশমাযোৰ খুলি তৰ্জনী আৰু বুঢ়া আঙুলিৰে দুয়োটা চকুৰ কোণ দুটা চুই
চালে…৷

এৰা;  তিনিশ মানুহক চলাব
পৰা মানুহ এটাই এজনী… নিজৰ বুলি ভবা এজনী মানুহক চলাব নোৱাৰিলে৷

***

প্ৰতিমা?  প্ৰতিমাইতো!…
নিজৰ চকুকে বিশ্বাস কৰিব পৰা নাছিল তেওঁ
, নিজৰ বাহু, নিজৰ বুকু কাকো
বিশ্বাস কৰিব পৰা নাছিল৷ দীৰ্ঘদিন ধৰি সপোন দেখি অহা
, বহুদিনৰপৰা
নিজতকৈও বেছি ভাল পোৱা হৃদয়ৰ দেৱীস্বৰূপা প্ৰতিমা নামৰ এজনী ছোৱালী নৱ পৰিণীতাৰ
ৰূপত তেওঁৰ বাহুবন্ধনত সোমাইছিলহি
, তেওঁৰ বুকুৰ মাজত গুজি দিছিল মুখ…৷
লিহিৰী আঙুলিৰে এজন পৈণত যুৱকৰ বুকুত বিচাৰিছিল কিবা এক বুজি নোপোৱা আনন্দ৷…

***

কিন্তু সেয়া আছিল বুজাবুজিৰ এখন চুক্তি
মাত্ৰ৷ বুজাবুজি শেষ হ’বলৈ বেছি দিনৰ প্ৰয়োজন হোৱা নাছিল
, কাৰণ তাত নাছিল
প্ৰেম
;  প্ৰেমৰ নামত সি আছিল মোহৰ এখন নাটক…৷

প্ৰেম সঁচাকৈয়ে স্বৰ্গীয় সম্পদ– ভাবিলে
মানুহজনে৷

***

কিয় এনেকুৱা এটা অনুভৱ জড়িত কৰি পেলালোঁ
মোৰ গল্পৰ নায়কজনৰ মনোজগতত
? … মই নিজেই বুজিব পৰা নাই যে মই কি
লিখিছোঁ৷ প্ৰেম সম্পৰ্কত এনে এটা ধাৰণাতো মই ল’ব নালাগিছিল! কাৰণ
, মই
প্ৰেম পাইছোঁ৷ প্ৰেমৰ অৰ্থ আৰু উদ্দেশ্য যিয়েই নহওক
, মই এনে এগৰাকী
নাৰী পাইছোঁ– যাক মই পূজা কৰোঁ
, যি মোক পূজা কৰে৷… আমি বিলীন হৈ গৈছোঁ
ইটো সিটোৰ মাজত৷

হ’বলগীয়া বিয়াখন নোহোৱা বাবেই নেকি?
তৰুণীক
মই মোৰ জীৱনলৈ সকলোৱে জনাকৈ এই সময়তে আনিব নোৱৰা বাবেই নেকি
?

ঘৰৰপৰা মাতি পঠাইছিল জৰুৰীভাৱে৷ গৈছিলোঁ
কৰ্মস্থানৰপৰা প্ৰায় চাৰিশ কিলোমিটাৰ দূৰৰ ঘৰলৈ৷ গৈ গম পাইছিলোঁ– তৰুণীহঁতৰ ঘৰৰ
মানুহে আমাৰ বিয়াখন সোনকালে হোৱাটো বিচাৰে৷

কিন্তু মোৰ বাইদেউ! মোৰ বাইদেউক বিয়া
নিদিয়াকৈ মই বিয়া পতা নিষেধ৷ নাপায়৷

ঘূৰি আহিছিলোঁ৷

মনত পৰিছিল, এঠাইত এদিন দেখা
এখন ফলক– ট্ৰেফিক পুলিচৰ– ‘ইয়াত যান-বাহন ৰখোৱা নিষেধ৷’ ফলকখন ফুটপাথৰ কাষৰ
গেলা-পঁচা জাবৰ এসোপাত পৰি আছিল৷ তাৰ ওচৰে-পাজৰে অনেক গাড়ী আৰু স্কুটাৰ-মটৰ
চাইকেল ৰখাই থোৱা আছিল৷

চাইকেল, ৰিক্সা, ঠেলা
আদি যান-বাহন তাত ৰখোৱা নিষেধ আছিল৷

মোৰ জীৱনতো কিছুমান নিষেধাজ্ঞা আছে৷ মোৰ
গল্পৰ নায়কৰ জীৱনলৈ প্ৰেম জাতীয় বস্তুৰ আমদানি নিষেধ আছিল৷ কিন্তু সকলো
নিষেধাজ্ঞাতো মানি চলা নাযায়৷

***

মানুহজনে মন কৰিলে, গেটখন
খুলি কোনোবা সোমাই আহিছে৷ কোন
? বাবুল বোলা ল’ৰাটো নহয়নে?

বৰত্তা!’– বাবুলৰ চকুহাল ৰঙা, ঢুলঢুলীয়া৷

অ’ তই! কি হ’ল?’

ধেমাজিলৈ যাওঁ; ছোৱালী চাবলৈ৷ টকা
তিনিশ দিয়ক৷’

ছোৱালী? কেলৈ?’

বিয়া পাতিবলৈ৷’

হেৰ’– তোলৈ ছোৱালী কোনে দিব হাঁ?  তোৰ
নিচিনা গেলা মদাহীটোলৈ
?’

বৰত্তা, চাই থাকক, বিয়া
পাতিলেই মই মদ এৰি দিম৷ চব বাদ দি দিম৷ সেই দেউতাৰ ‘কমপেন্‌ছন’ৰ চাকৰিটো কৰোঁতে মই
মদ খাইছিলোঁনে
? নাই খোৱা৷’

সেইবোৰ দৰকাৰ নাই৷’– বৃদ্ধই ক’ব খুজিলে–
মদৰ কাৰণেই দেখোন তই চাকৰি এৰিললগীয়া হৈছিল– কিন্তু নক’লে৷ ক’লে– ‘কিয়নো খাৱ তই
সেইসোপা
?’

মই!’– বাবুলে দাঁত কৰচি ৰঙা চকুদুটা বেছি
বহলাই মেলি ধৰি শৰীৰৰ সমস্ত শক্তি মুখমণ্ডলৈ আনি ক’লে– ‘মই মদ নাখাম
? মোৰ
ঘৰখনত কিমান অশান্তি… কি বুজিব…’

তেওঁ জানে৷ মদ খাবলৈ পইচা নিদিলেই মাক
আৰু বিধৱা বায়েকৰ ওপৰত অত্যাচাৰ কৰি সি যে সদায় সিহঁতৰ ঘৰখনত অশান্তি কৰে– সেই কথা
তেওঁ প্ৰতি নিশাই এঘাৰ-বাৰ বজাত সিহঁতৰ ঘৰৰপৰা ভাহি অহা মাইকী মানুহৰ কান্দোন আৰু
গালি-শপনিৰ মিশ্ৰিত শব্দবোৰৰপৰাই জানে৷ তেওঁ জানে– সিহঁতৰ ঘৰখনৰ অশান্তিৰ বীজটো
ক’ত৷

বহুত ডেকা ল’ৰাৰ জীৱন গত লগাই দিয়া
মানুহজন কেৱল বাবুলৰ ক্ষেত্ৰতে ব্যৰ্থ হৈছে৷

বাবুল, তই চাকৰি কৰিবিনে?’

চাকৰি! কোনে দিব মোক চাকৰি?’

মই দিম৷ কিন্তু তই মদ খাবলৈ এৰিব লাগিব৷’

এৰি দিম৷ মই মদ এৰি দিম৷’– বাবুলৰ কথা
শুনি মানুহজনৰ মনটো ভাল লাগি গ’ল৷ হওক তেও বহুদিন ধৰিবলৈ চেষ্টা কৰি অহা বনৰীয়া
ম’হটোৱে এইবাৰ ধৰা দিছে৷ তেওঁ ক’লে –

কাইলৈ ৰাতিপুৱা ন বজাত আহিবি৷’

বাবুল এইবাৰ তলকা মাৰি ৰৈ গ’ল৷ তাৰ মদ
খাবলৈ বুদ্ধি কৰি পইচা বিচৰাৰ কথাটোও মনত নাথাকিল৷ সি ভাবিবলৈ ধৰিলে– এই বুঢ়াটোৰ
ওচৰৰপৰা আঁতৰিব পাৰি কি বুদ্ধিৰে৷ কিছুপৰ মৌন হৈ সি ক’লে –

হেৰি নহয় বৰত্তা! ৰজনীদা গুৱাহাটীলৈ গৈছে;
মোৰ
আগৰ চাকৰিটো এইবাৰ হৈ যাব৷ মই নিজেইহে এৰি দিছিলোঁ!’

মানুহজনে বুজিলে, মদ খাবলৈ দুটা
পইচা হাতত পৰি থাকিলেই হ’ল– তাৰদ্বাৰা আন কোনো কামেই নহ’ব৷ আত্মসম্মান বোলা
বস্তুটো থাকিলেহে! কেৱল বিভিন্ন অজুহাতত মানুহৰপৰা টকা খুজিব আৰু মদ খাব৷

চকুহাল পুনৰ সেমেকি উঠিল তেওঁৰ৷ পৃথিৱীৰ
মাত্ৰ দুজন ব্যক্তিৰ ওচৰত তেওঁ হাৰ মানিব লগা হ’ল৷ নোৱাৰিলে
, কোনো
প্ৰকাৰেই বুজাব নোৱাৰিলে৷ প্ৰতিমাক তেওঁ হৃদয়ত আজিও আগৰ স্থানতে ৰাখিছে৷ কিন্তু
শৰীৰেৰে প্ৰতিমা কেতিয়াবাই আঁতৰি গৈছে তেওঁৰ কাষৰপৰা৷ আৰু বাবুল! তাক কোনোপধ্যেই
আঁতৰ কৰিব নোৱাৰিলে মদ খোৱাৰপৰা৷

খাওক৷ নাখাইনো কি কৰিব সি? ধবংস
হ’ব– হওক৷ তেওঁ নিজেনো মদ নাখাই কি ধবংস নোহোৱাকৈ আছে! প্ৰত্যেকেই ধবংস হয় – কেৱল
ধবংস হয়…৷

***

বাবুল বোলা ল’ৰাটোৱে মানুহজনক মদ খাবৰ
বাবে টকা বিচাৰিলেগৈ মোৰ গল্পত! কি আচৰিত! কি অদ্ভুত কল্পনাবিলাস মোৰ! যি বাবুলে
মোক টকা খোজে মদ খাবলৈ
, সেই বাবুল জীয়াই থাকিবগৈ জানো মোৰ গল্পৰ নায়কৰ সমান বয়স হোৱালৈ?
মৰিব
নেকি সি
?

নাথাকিব নে সি? জীয়াই নাথাকিব নে?

আৰু…

খেলিমেলি হৈ গৈছে৷ সকলোবোৰ সানমিহলি হৈ
গল্পৰ ঠাইত কিবা এটা পৃথক বস্তু উৎপাদন হ’বৰ উপক্ৰম কৰিছে৷ আচৰিত! আচৰিত!!

সুপৰিকল্পিতভাৱে সকলোখিনি সজাই-পৰাই
লৈছিলোঁ৷ ভাবিছিলোঁ এটা সুন্দৰ গল্প লিখিম– এটা সাৰ্থক গল্প৷ কিন্তু …

অনৰ্থক কথা এটাই ওলট-পালট কৰি পেলালে মোৰ
মন
, গল্প লিখাৰ মুড্‌৷   খট্‌ খট্‌
খট্‌…

এনেকুৱা অৱস্থাতে বুকুৰ মাজৰ ক’ৰবাত বাজি
উঠে এনেকুৱা ধবনিপুঞ্জ৷ দেউতাৰ কাপোৰ চিলোৱা পুৰণা ঊষা কোম্পানীৰ চিলাই মেশ্যিনটোৰ
শব্দ৷ সজোৰে ঘূৰে দুটা চকা… দেউতাৰ ভৰিৰ পতা দুখন লৰি থাকে… এবাৰ তলমূকৈ…
এবাৰ… বিষ্টু দত্তৰ স্কুটাৰে চেপি ভাঙি পেলোৱা দেউতাৰ সোঁভৰিৰ পতাখনে কিমান কষ্ট
পায়… কিমান কষ্ট…
? একেৰাহে ঊনৈছ ঘণ্টা ধৰি তেজ গৈ আছিল… মানুহটো শেঁতা পৰি গৈছিল…
তেজ দেখি মোৰ মূৰ ঘূৰাইছিল কেইবাবাৰো… চিলাই মেশ্যিনটোৰ দুয়োটা চকৰি ঘূৰি থাকে…
ডাঙৰটোতকৈ সৰুটো ঘূৰে বেছি বেগেৰে… মোৰ মূৰটো ঘূৰিছে নেকি
?  ঘূৰিছে
নেকি মোৰ মূৰটো…

নাপায়৷

কাপোৰ চিলোৱা দৰ্জীৰ ল’ৰা হৈ সাহিত্যৰ
প্ৰেমত পৰিব মানে সাহিত্য সৃষ্টিৰ বৃথা চেষ্টা কৰিব নাপায়৷ এইবোৰ ডাঙৰ মানুহৰ
কাম… ডাঙৰ মানুহৰ৷

***

ডাঙৰ মানুহ!

শ্লেষৰ হাঁহি এটা বিৰিঙি উঠিল বৃদ্ধজনৰ
মুখমণ্ডলত৷ ডাঙৰ মানুহ! ডাঙৰ মানুহ…

আমাৰ সংঘৰ বাৰ্ষিক অধিৱেশনৰ উপলক্ষ্যে
আপোনাকে ধৰি কেইবাজনো ডাঙৰ মানুহক নিমন্ত্ৰণ জনাইছোঁ৷ আশা কৰোঁ আপুনি আমাৰ মাজত
উপস্থিত থকাৰ প্ৰতিশ্ৰুতি দিব৷’

তেওঁ কিবা এষাৰ ক’ব খোজোঁতে ল’ৰাকেইজনৰ
মাজৰে এজনৈ কৈছিল–

আপুনি একো অসুবিধা নাপায়৷ নিৰ্দিষ্ট সময়ত
আমি আপোনাক লৈ যামহি আৰু সময়ত থৈ যামহি৷’

হাত এখন দাঙি তেওঁ ল’ৰাজনৰ কথা বন্ধ
কৰাইছিল আৰু নিজে কৈছিল–

যাম বাৰু৷ কিন্তু আচল কথাটো কোৱাই নাই
নহয় তোমালোকে!’– ল’ৰাকেইজন কিঞ্চিত অপ্ৰস্তুত হৈছিল৷ পৰস্পৰে দৃষ্টি বিনিময় কৰা
তেওঁ লক্ষ্য কৰিছিল৷ এজনে কৈছিল–

আচল কথা– মানে?’

মানে– মই ড’নেশ্যন কিমান দিব লাগিব?’

ড’নেশ্যন মানে খুড়াদেউ …’

মানেটো সহজ; অতি সহজ৷
তোমালোকেই কোৱাঁচোন
, তোমালোকৰ সংঘৰ মিটিঙত মই গৈ কি কৰিম?’

দুআষাৰ ক’ব৷ আমি উপকৃত হ’ম৷’

চোৱাঁ৷ উপদেশ কোনে দিয়ে? শিক্ষিত
মানুহে৷ মই বক্তৃতা দি উপদেশ দিব পৰাকৈ শিক্ষা লোৱা নাই৷ পঢ়া-শুনা নকৰা মানুহ মই
?
 ক্লাছ
এইটতে টকাৰ অভাৱত স্কুল এৰা মানুহ মই৷ যদি মই ডাঙৰ মানুহেই
, তেন্তে তাৰ
একমাত্ৰ কাৰণ হৈছে টকা৷ মোৰ বহুত টকা আছে৷ সেয়েহে সুধিছোঁ– মই কিমান টকা দিলে ভাল
পাবা
?’

ল’ৰাকেইজনে দৃষ্টি বিনিময় কৰিছিল পুনৰ৷
এজনৈ কৈছিল– ‘দহ হাজাৰমান৷’

নিদিওঁ৷’

বজ্ৰপাতৰ দৰে এটা শব্দই পৰিৱেশটো গোমা
কৰি তুলিছিল৷

মই প্ৰতিটো পইচাৰ বিনিময়ত খৰচ কৰিছোঁ মোৰ
তেজ৷ মই এটা ফুটাকড়িও অন্যায় উপায়েৰে উপাৰ্জন কৰা নাই৷ তোমালোকে প্ৰথমে মোক
মিটিঙলৈ মাতি পাছত পইচাইতো বিচাৰিবা৷ সেয়া অন্যায়৷ তোমালোকৰ অনুষ্ঠানবোৰে কি কৰিছে
মই চব লক্ষ্য কৰি আছোঁ৷ অনুষ্ঠানৰ নামত ধন ঘটি ব্যক্তিগত জীৱনত তাৰ ফল ভোগ কৰাটো
অন্যায়৷ অন্যায় প্ৰস্তাৱক মই ঘিণ কৰোঁ৷ তোমালোক যোৱাঁ৷’

***

টকাৰ প্ৰসঙ্গই পুনৰ খেলিমেলি লগাই দিলে
গল্পত৷ আজি দহ হাজাৰ বাৰু চল্লিছ বছৰৰ পাছত কিমান হ’বগৈ
? আৰু আজিৰ তিনিশ?
আজিৰপৰা
চল্লিছ বছৰৰ পাছত যদি দহ হাজাৰ টকা অনুদান বিচৰা যায়– কথাটো বিসঙ্গতিপূৰ্ণ নহ’ব
জানো
?  আৰু আজিৰ তিনিটকাৰ নিচিনা হ’বগৈ নেকি
তেতিয়ালৈ তিনিশ টকাৰ দাম
?

টকাৰ দাম?

এনেকৈ– এইবোৰেৰে কি গল্প হ’বগৈ? তাতকৈ
তৰুণীলৈ চিঠি এখনকে লিখোঁ নেকি
? নাঃ চিঠি লিখিবলৈ মন যোৱা নাই… মন গৈছে…
এৰা
, মন গৈছে তৰুণীৰ কোলাত মূৰ থৈ তেওঁৰ মুখত প্ৰেমৰ ভাষা পঢ়িবলৈ৷…
চিঠিৰ নিৰ্জীৱ আখৰে পাৰিব জানো বুকুৰ ভাষা ক’ব
? পাৰিবনে? পাৰিবনে?

কি যে দুৰ্দান্ত প্ৰেমিক হৈ উঠিলোঁ মই!
অথচ এদিনোতো মই ভবা নাছিলোঁ– কাৰোবাৰ প্ৰেমত এনেকৈ নিজকে শেষ কৰি পেলোৱাৰ কথা!
নভবাবোৰেই ঘটি যায় জীৱনত৷ পৰিকল্পিত এই গল্পটো নষ্ট হোৱাৰ দৰেই অভাৱনীয় ঘটনাবোৰ
ঘটি যায়৷

কি যে অশান্তি! কি যে অশান্তি!

***

চুৰট এটা জ্বলাই ল’লে বৃদ্ধই৷

***

চুৰট হোপাম জানো মোৰ গল্পৰ নায়কক?
মই
নিজে দেখোন চুৰটৰ পৰা বহুদূৰ আঁতৰি আহিলোঁ৷ এটা সময় আছিল– খুউব চুৰট হুপিছিলোঁ৷
তৰুণীয়ে বেয়া পাইছিল৷ চুৰট এৰি দিবলৈ কৈছিল– মাত্ৰ এবাৰ কৈছিল৷ প্ৰতিশ্ৰুতি
দিছিলোঁ
; কিন্তু এৰিব পৰা নাছিলোঁ৷ কিবা এটা বুজাব নোৱৰা আকৰ্ষণ আছিল চুৰটত৷
এটা হোপা নমৰালৈকে শান্তি পোৱা নাছিলোঁ৷ এটা হোপা মৰাৰ লগে লগে অনুভৱ কৰিছিলোঁ–
বুকুখন যেন ফালি-ছিৰি সোমাই যোৱা ধোঁৱাবোৰ… লগে লগে দ্বিতীয়টো চুৰট মুখত নিদিয়াৰ
প্ৰতিজ্ঞা কৰিছিলোঁ৷

কিন্তু প্ৰতিজ্ঞা ৰাখিব পৰা নাছিলোঁ৷
বাৰম্বাৰ ভংগ কৰিছিলোঁ প্ৰতিজ্ঞা আৰু বাৰম্বাৰ নিজৰ ওপৰত বিশ্বাস হেৰুৱাই
পেলাইছিলোঁ৷ বহুদিন… বহুদিন চলিছিল সেই দ্বন্দ্ব৷

তৰুণীয়ে লিখিছিল– ‘তুমি চিগাৰেট এৰিব
নোৱাৰোঁ৷ মই বেয়া পোৱা চিগাৰেটক তুমি ভাল পোৱাঁ৷ সেয়েহে তুমি ভাল পোৱা চিগাৰেট
খোৱাৰ অভ্যাস কৰিছোঁ৷ বৰ কষ্ট পাওঁ… কিন্তু অভ্যাস হৈ গৈছে…৷’

অশান্তি আৰু অশান্তি৷ দ্বন্দ্ব৷
অন্তদ্বৰ্ন্দ্ব৷

কিন্তু এদিন হঠাতে চিগাৰেটৰ পৰা মই আঁতৰি
আহিছিলোঁ বহু দূৰলৈ… বহু দূৰলৈ৷

তেনেহ’লে দিম জানো মোৰ গল্পৰ নায়কৰ ওঁঠত
চিগাৰেট তুলি
? দি নে? খাওক৷ গল্প হে! খেলিমেলি হৈ যোৱা এটা অগল্প হে!

***

ল’লে৷ জ্বলাই ল’লে মানুহজনে এটা চুৰট৷
জোৰেৰে… বৰ জোৰেৰে মাৰিলে হোপা এটা… দুটা… তিনিটা… কেইবাটাও৷ ধোঁৱাই আৱৰি
ধৰিলে তেওঁৰ মুখমণ্ডল৷ বুকুখনত তেওঁ অনুভৱ কৰিলে অসহ্যকৰ যন্ত্ৰণা… অলেখ বেজীৰ
খোঁচ…৷ অনুভৱ কৰিলে– এইমাত্ৰ যেন তেওঁৰ কলিজাটো ফাটি যাব…

আচলতে নিজৰ ওপৰতে খং উঠিছে তেওঁৰ বুকুৰ
সুৰঙ্গইদি ইখনৰ পাছত সিখন মুখ… ইখনৰ পাছত সিখনকৈ ছবি আহি
, ইটোৰ পাছত সিটোকৈ
ঘটনা আহি তেওঁক অস্বস্তিত পেলাইছেহি৷ অনাহক এক অস্বস্তি৷

কি কৰিলে তেওঁ এই সুদীৰ্ঘ জীৱনটোত?
নাঃ
একোকেই নোৱাৰিলে কৰিব… একোকেই৷ আনকি জীৱনৰ ৰাঙলী দিনবোৰত
, সপোনেৰে সোণালী হৈ
থকা দিনবোৰত চিকিৎসাৰ অভাৱত হেৰুৱাই পেলালে অকস্মাতে দেউতাকক-ভনীয়েকক-মাকক৷ মনত
পৰিছে তেওঁৰ মনত পৰিছে– মাকক শ্মশানলৈ নিবৰ সময়ত ৰামবীৰে তেওঁৰ জেপত  থকা আটাইকেইটা পইচা কাঢ়ি লোৱাৰ উপৰি লৈ লৈছিল
গাখীৰৰ টেমা এটাত থকা সাঁচতীয়া ভঙনীয়া পইচাখিনিও৷ আমুল্‌স্প্ৰে গাখীৰৰ টেমাত থকা
কেইটামান পইচা৷ হাস্যকৰ! ক’ত আছে বাৰু এতিয়া ৰামবীৰ৷ সি জীয়াই আছেনে
? তাক
অলপ টকা দিব পৰা হ’লে–

নিজকে সুধিছে তেওঁ– নিজে তেওঁ সুখী নে
দুখী
? সুখীনে? সুখ! আকৌ হাঁহিলে তেওঁ এটা তাচ্ছিল্যৰ হাঁহি৷ যৌৱনৰ উমাল দিনবোৰত
বুকুৰ সমস্ত মমতাৰে যাক নিজৰ কৰি লোৱাৰ বাসনা– হয় বাসনাই– অনুভৱ কৰিছিল
, যাক
জগতৰ ভিতৰতে সবাতোকৈ সুখী কৰি তোলাৰ সংকল্প লৈছিল– তেওঁক
, প্ৰতিমাকো আনকি
তেওঁ সুখী কৰি তুলিব নোৱাৰিলে৷ আনহে নালাগে নিজৰ কৰি ৰাখিবও নোৱাৰিলে–৷

কোন কাৰ জগতৰ?’ কোনোতো কাৰো নহয়৷
তেনেহ’লে
? প্ৰতিমা? প্ৰতিমাক দেখোন এতিয়াও তেওঁ নিজৰ বুলি ভাবে– এতিয়াও–৷ ক’ত, প্ৰতিমা
ক’ত
?

***

খুউব খং উঠিছে৷ অন্ততঃ এটা গল্পও যদি
লিখিব পাৰিলোহেঁতেন জীৱনটোত৷ এই… এই সাধাৰণ কথাবোৰকে লৈ কতজনে কতটা গল্প লিখিছে–
মই
, কেৱল মইহে অক্ষমতাত ছট্‌ফট্‌ কৰিছোঁ৷ কি যে যন্ত্ৰণাদায়ক নিজৰ
অক্ষমতাক মানি লোৱাটো৷

পাৰিম জানো? পাৰিম জানো ক’ব
মোৰ দেউতাৰ ভাবনাৰ জগতখনত কিহে জোৱাৰ তোলে
? মোৰ মনটো বা আৰু
দুকুৰি বছৰৰ পাছত কেনেকুৱা হ’বগৈ কোনে জানে
? পাৰিব নে কোনোবাই
ক’ব
?

অন্ততঃ মই নোৱাৰোঁ৷ কল্পনাৰে– কেৱল
কল্পনাৰে এজন ব্যক্তিৰ চৰিত্ৰ আঁকি
, তাত মোৰ জীৱনৰ, মই সম্মুখীন হোৱা
খুচুৰা ঘটনা কিছুমান সংযোগ কৰি
, শৃংখলিত কৰি কাহিনী এটা সাজি– নহ’বগৈ৷
মোৰ দ্বাৰা তেনেকুৱা গল্প লিখা অসম্ভৱ৷

সামৰ্থ্যহীন মই৷

নোৱাৰোঁ মই৷ আচল গল্পটো লিখিব নোৱাৰোঁ৷
প্ৰকৃততে গল্পই নাই মোৰ৷ মাত্ৰ এটা জীৱন আছে– জীৱন নামৰ এটা ছিদ্ৰ– এটা সুৰঙ্গ–
এটা ৰন্ধ্ৰ– চিনেমা হলৰ প্ৰজেক্টৰৰ পোহৰ সৰকি গৈ ছবি হোৱাৰ দৰে এটা সুৰঙ্গৰে বগাই
আহি থাকে মোৰ জীৱন৷ আহি থাকে নে গৈ থাকে…৷ এটা ফুটা আৰু কিছুমান উশাহ-নিশাহ৷

এটা উশাহ লৈ জীয়াই থকা যন্ত্ৰ৷ এটা
কাৰখানা৷

বায়ুকল৷ 

***

ঠিকনা  :

বাগেশ্ৰী, উপপথ বি

জোনাকী পথ, খনীয়া গাঁও

ডিব্ৰুগড়- ৭৮৬০০৩, অসম।