প্ৰেক্ষাপটত এড’নিছ আৰু এটি আধৰুৱা কাহিনী

 পাপৰি গোস্বামী



হঠাতে গৰমটো বেছিকৈয়ে পৰিছে৷ বাছখনৰ
সোঁফালৰ ছিটকেইটাত দুপৰীয়াৰ চোকা ৰ’দ পৰি অস্বস্তিকৰ পৰিৱেশ এটা সৃষ্টি হৈছে৷
বাছখনে যাত্ৰী উঠা-নমা কৰিবলৈ কোনো ঠাইত ৰৈ দিলেই যাত্ৰীসকল
 অধৈৰ্য হৈ পৰে৷ খিৰিকীত লগাই থোৱা ডাঠ ৰঙৰ পৰ্দাকেইখনে গৰমখিনিক দুগুণে
চৰাইছে বুলি ক’লেও ভুল কোৱা নহ’ব৷ এই মুহূৰ্তত মোৰ মনত গৰমতকৈও মিহিৰৰ
  আপত্তিভৰা কথা কেইটাইহে বেছি অস্বস্তি দিছে৷ কিয়নো আহিবলগীয়া হৈছিল
হকা-বাধাবোৰ নেওচি…৷ বাৰে বাৰে বাছত আহিবলৈ মানা কৰাৰ পাছতো আকোৰগোঁজ হৈ গুচি
আহিলোঁ৷ মিহিৰে গাটো অলপ বেয়া বুলি কৈছিল৷ মই ভালদৰেই জানো মিহিৰৰ স্বভাৱ৷ অলপ
বেয়া হ’লে কেতিয়াও গুৰুত্ব নিদিয়ে৷
 

চানাৱালা, আইচক্ৰীমৱালা দুটামানে বাছখনত উঠিবলৈ চেষ্টা কৰিছে যদিও হেণ্ডিমেনজনে উঠিবলৈ দিয়া নাই৷ ঠিক তেনেতে কিন্তু
হাতত তালি বজাই হেণ্ডিমেনজনৰ গালত চিকুটি দি হিজৰা দুগৰাকী উঠিল৷
 হেণ্ডিমেনজনৰ আপত্তিক অলপো ভ্ৰূক্ষেপ নকৰিলে৷ বিশেষ ভংগিমাৰে প্ৰতিজন পুৰুষ
যাত্ৰীৰ পৰা দহ টকাকৈ দাবী কৰিবলৈ ধৰিলে৷ সন্মুখৰ ছিটত বহা মানুহজনে বিৰক্তিৰে
খিৰিকীৰ পৰ্দাখন গুচাই দি মুখখন ঘূৰাই বাহিৰলৈ নিলে৷ তীক্ষ্ণ ৰ’দ সোমাই আহি মোৰ
মুখত পৰিলহি৷ মোৰ কেইমিনিটমানৰ ভিতৰতে গালখন দেই যোৱাৰ দৰে হ’লগৈ৷ ঠিক তেনেতে
পিছফালৰ পৰা দুজন যাত্ৰী নামি গ’ল৷ লগে লগেই বাওঁফালৰ খালী হৈ পৰা
 দুজনীয়া ছিটটোত গৈ বহি পৰিলোঁ৷ 

এনেহেন ৰ’দে খাওঁ খাওঁ কৰা এই ভৰ
দুপৰীয়াটোৰ অসহ্যকৰ পৰিৱেশত এটা স্নিগ্ধ আৱেশ হৈ যুৱকজন
  সোমাই আহিল  বাছৰ ভিতৰলৈ৷ পিন্ধনত শুধ বগা টি-চাৰ্ট
আৰু নীলা জিনছ্৷ চুটিকৈ কটা চুলিৰে প্ৰায় ছয় ফুট ওখ, সবল সুঠাম অপূৰ্ব সুন্দৰ৷
মানুহ ইমানো সুন্দৰ হয়নে? স্বৰ্গৰ পৰা নামি অহা কোনো দেৱদূত নেকি?
 

গ্ৰীক ভাস্কৰ্য এটিহে এইমাত্ৰ যেন প্ৰাণ
পাই উঠি আহিছে৷
 

এড’নিছ…! 

হয়, এয়া এড’নিছেই৷ আটাইতকৈ সুন্দৰ গ্ৰীক
পুৰুষ! প্ৰতিগৰাকী গাভৰুৰ স্বপ্নৰ পুৰুষ৷
 

হয়তোবা স্বৰ্গৰ পৰা নামি আহিছে কোনোবা
এফ্ৰ’ডাইটিৰ সান্নিধ্য বিচাৰি৷
 

ঘাম, পাউদাৰ, সস্তীয়া পাৰফিউম আৰু ডিজেলৰ
সংমিশ্ৰিত বিৰক্তিকৰ গোন্ধৰ মাজত এক ফুৰফুৰীয়া সুগন্ধি হৈ এডনিছে মোৰ কাষৰ খালী
হৈ থকা ছিটটোত বহিবলৈ অনুমতি বিচাৰিছিল৷ এক লহমাৰ বাবে মই যেন বাছখনৰ অনান্য
মানুহখিনিৰ উপস্থিতি পাহৰি গৈছিলোঁ৷ মই অলপ চাপি গৈ তেওঁক বহিবলৈ চকুৰে ইংগিত
দিছিলোঁ৷ মই চাই ৰৈছিলোঁ তেওঁৰ দুচকুলৈ৷ বিদ্যুৎ তৰংগ এটি বৈ পৰিছিল হৃদয়লৈ৷ তন্ময়
হৈ চাই ৰলোঁ বগা টি-চাৰ্টৰ তলত বহল বুকুখন, সৱল পেশীৰ বাহুদুটা আৰু দীঘল ডিঙিটোলৈ৷
এয়া দেৱদূত৷ কোনোবা হয়তো
 দেৱলোকৰ শাপিত পুৰুষ৷ বাষষ্ঠি বছৰীয়া
জীৱনটোত দেখা আটাইতকৈ সুদৰ্শন পুৰুষ৷ মই প্ৰেমত পৰা নাইতো…! লাভ এট ফাৰ্ষ্ট
ছাইট…! নিজকে নিজে প্ৰশ্ন কৰিলোঁ৷
  

হা হা হা… সম্ভৱ জানো! ড০ মিহিৰ চৌধুৰীৰ পত্নী, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী, দুজনীকৈ ছোৱালীৰ মাক
এজনীয়ে বাষষ্ঠি বছৰ বয়সত পুনৰাই প্ৰেমত পৰিব পাৰে নে…! তাকো পঁচিছ কি ছাব্বিছ
বছৰীয়া যুৱক এজনৰ প্ৰেমত!
 

অসম্ভৱ..৷ 

বাছখনে এতিয়া নতুন গতি এটা লৈছে৷
গছ-গছনি, ঘৰ-দুৱাৰ, পথাৰবোৰ পাৰ হৈ হৈ গৈ আছে৷ আৰু মোৰ মনে গতি লৈছে ল’ৰাজনৰ
নেদেখা-নজনা জীৱনটোৰ প্ৰতি৷ যিমানেই বাছখনে ঠাইবোৰৰ নাম লিখা থকা দোকান পোহাৰৰ
ছাইনব’ৰ্ডবোৰ পাৰ হৈছিল, তিমানেই কিবা এটা দুখবোধ হৈছিল৷ কাৰণ সময়বোৰ পাৰ হৈ গৈ
আছিল৷
  

কি নাম  ল’ৰাজনৰ ? 

মই সুধিলোঁ নিজকে৷  

এড’নিছ ৷  

উত্তৰ আহিল ভিতৰৰ পৰা৷  

মোৰ বাবে এই যুৱকজন এড’নিছেই ৷ 

: “য়হাঁ ছে পাণবাৰী কিতনা দূৰ হ্যেঁ?”  

এডনিছে  মোক সুধিছিল ৷ 

মই কিনো উত্তৰ দিম সেই মুহূৰ্তত মনলৈ অহা
নাছিল ৷
 

মোৰ উত্তৰৰ  অপেক্ষাত মোৰ চকুলৈ চাই আছিল৷ উত্তৰ দিছিলোঁ সময়ৰ লেখেৰে৷ 

: এঘণ্টাৰ বেছি লাগিব৷  

থোকাথুকি হৈ ওলাইছিল নেকি  মোৰ মাতটো! 

পানীৰ বটলটো খুলি মোলৈ আগবঢ়াই দিছিল৷ 

বটলটো লওঁতে মোৰ আঙুলিকেইটাই তেওঁৰ
আঙুলিক স্পৰ্শ কৰিছিল৷ অনুভৱ কৰিছিলোঁ এক ঐশ্বৰিক প্ৰশান্তি৷ হৃদয়ৰ প্ৰতিটো কোণেই
ভৰি উঠিছিল এই অনুভূতিৰে৷ এয়া প্ৰেম নে অন্তহীন প্ৰশান্তিৰ এক স্বৰূপ !
  

অলপ পৰৰ আগৰ ৰ’দ, গৰম আৰু বিৰক্তিৰ ঠাই
ল’লেহি গভীৰ শীতলতাই৷ চকু দুটা মুদ খাই আহিল৷
 

 বাছখন গৈ আছিল৷ লাহে লাহে বাছখনে পাখি মেলিলে৷ শীতল বতাহ এছাটিয়ে দেহ- মন
শীতল কৰি তুলিলে৷ ঘন শুকুলা ডাৱৰৰ মাজে মাজে বাছখন গৈ থাকিল৷ এখন নীলা চাদৰ হৈ পৰি
আছিল নৈখন৷ এডি’নছৰ ইংগিতত বাছখনে ডেউকা জপাই ৰৈ গ’ল৷ চকু মেলি দেখিলোঁ,
 

সৌৱা এটা সেউজীয়া উপত্যকা৷ ৰাস্তাৰ
দুয়োকাষে সেয়া প্ৰসাৰিত সেউজীয়া৷ সেউজীয়াখিনিৰ ঠিক মাজেৰে পাৰ হৈ গৈছে এক নীল
 জলধাৰা৷ দূৰৈৰ পাহাৰখনৰ পৰা হয়তোবা নামি আহে প্ৰতিদিনে এসোঁতা হেঙুলীয়া
লৈ৷ এড’নিছে
  মোৰ হাতত ধৰি ক’লে, 

“ব’লা অলপ সেউজীয়া সামৰি লওঁ৷”

দুয়ো নামি আহিলোঁ৷ 

পাহাৰৰ নামনিত সৌৱা শাৰী শাৰী এজাৰ৷
বেঙুনীয়াই মোক হাত বাউলি দি মাতিছে৷ মই এড’নিছক এজাৰবোৰলৈ আঙুলিয়াই দেখুৱাই দিবলৈ
লওঁতেই তেওঁ মোৰ গাত এসোপামান সেউজীয়া সানি দিলে৷ সদ্য যৌৱনপ্ৰাপ্ত কিশোৰী এজনী হৈ
খিলখিলাই হাঁহি দিলোঁ৷ এজাৰলৈ হাত মেলিলোঁ৷ এড’নিছে বেঙুনীয়া এসোপা মোৰ চুলিত
গুজি দিলে৷ সেউজীয়াৰ মাজে মাজে দুয়ো খোজ কাঢ়ি গৈ থাকিলোঁ৷ বতাহত উৰি থকা মোৰ শাৰীৰ
আঁচলখন এখন সোণোৱালী দলিচা হৈ পৰিল৷ দলিচাৰ ওপৰত সিঁচৰতি হৈ পৰিল বেঙুনীয়া
এসোপামান
 ৷ বেঙুনীয়া! মোৰ প্ৰিয় ৰং৷ এফ্ৰ’ডাইটিৰো
প্ৰিয় ৰং বেঙুনীয়া…৷ এড’নিছে এই মুহূৰ্ততো এফ্ৰ’ডাইটিৰ কথাই মনলৈ আনিছেনে…!
নাই নাই, এতিয়া এড’নিছ মোৰ সান্নিধ্যত৷
 

“ পাহাৰখনৰ সিটো পাৰে কি আছে?” মোক সুধিলে তেওঁ৷ 

 “সপোন এটা আছে৷ যি সপোন বৰষুণৰ সৈতে নামি আহে৷” -মই কলোঁ৷ 

“ বৰষুণ আহিবনে? 

“ প্ৰকৃতি আৰু পুৰুষৰ মিলন হ’লেই ধৰালৈ
নামি আহে সপোনৰ বৰষুণ৷”
  -মই কলোঁ৷ 

“আহাঁ, আমি বৰষুণক মাতি আনো৷” -তেওঁ
ক’লে৷
 

মই  ৰাগ  মলহাৰ গালোঁ৷ এড’নিছে সন্মোহিত চাৱনিৰে
মোলৈকে চাই থাকিল৷ লাজৰ আৱৰণ এটাই মোক আৱৰি ধৰিলে৷ আকাশৰ নীলা খিনিয়ে
 লাহে লাহে কজলা বৰণ ল’লে৷ কোমল কোমল টোপালবোৰে দুয়োকে সাবটি ধৰিলে৷ দুয়ো
হাত
 আকাশলৈ মেলি দি  আমি পূৰ্ণ হৈ পৰিলোঁ৷ পৰিপূৰ্ণতাৰে ভৰি পৰিলোঁ ৷ 

পাহাৰখন নৈখনৰ  কাষলৈ আহিল৷ 

“এফ্ৰ’ডাইটি… আহাঁ আমি পাহাৰৰ সিপাৰলৈ
যাওঁ ৷”
 

মোৰ হাতত ধৰি এড’নিছে ক’লে৷ 

“মই নে? মোক কৈছা নে!” -মই আচৰিত হৈ
সুধিলোঁ৷
 

“অ’ তোমাকেই কৈছোঁ৷ আৰুনো কোন আছে ইয়াত!”

নদীৰ পানীত এক প্ৰতিচ্ছবি ভাহি উঠিল ৷ এয়া দেখোন এক অপূৰ্ব সুন্দৰী নাৰী!  

কোন এয়া! এফ্ৰ’ডাইটি! 

এডনিছৰ প্ৰাণৰো অধিক এফ্ৰ’ডাইটি! 

আস, মই এফ্ৰ’ডাইটি ৰূপ পালোঁ৷ প্ৰেম আৰু
আশাৰ দেৱী এফ্ৰ’ডাইটি৷
 

নিজৰ ৰূপত নিজে মুগ্ধ হৈ পৰিছোঁ৷ 

দুয়ো পাহাৰ বগালোঁ৷ উজ্জ্বল জ্যোতিৰে
ভাস্বত হৈ পৰিছিল আকাশ৷ দুবাহুত সামৰি লৈ এডনিছে মোক এপাহ ফুলৰ সুবাস ল’বলৈ দিলে৷
 

এয়া দেখোন এড’নিছৰ দেহৰ সুবাস! 

মই তেওঁৰ মুখলৈ চালোঁ৷ 

“মোৰ মৃত্যুৰ পাছত মোৰ সুবাস তুমি এইপাহ
ফুলতে পাবা৷”

“তুমি এনে কথা নক’বা এড’নিছ৷ তোমাৰ
অবিহনে মোৰ জীৱন অৰ্থহীন৷”

“কিন্তু, মোৰ মৃত্যু যে অৱশ্যম্ভাৱী৷ মই
শাপিত৷ তোমাৰ দুবাহুত মোৰ মৃত্যু যে নিশ্চিত৷”

“নাই নাই, এয়া মিছা৷ তোমাৰ মৃত্যু নহয়
এড’নিছ৷ তোমাক জীয়াই ৰাখিম৷”

“এয়াই দেৱতা জিউছৰ ইচ্ছা সোণজনী৷ চোৱাঁ,
এৰিয়াছৰ ছলনাত
  সৌৱা মোৰ মৃত্যুদূত উপস্থিত হৈছে৷  

আস, সেয়া বনগাহৰিটো মোৰ পিনেই চোঁচা মাৰি
আহিছে ৷ বিদায় এফ্ৰ’ডাইটি, বিদায়…৷”
 

… পাণবাৰী বাজাৰ, পাণবাৰী বাজাৰ… নামা
আছে, নামি লওক…
 

তীক্ষ্ণ তথা কৰ্কশ মাত এটাত চক্ খাই
উঠিলোঁ৷ পাণবাৰী মদজিদৰ সন্মুখতে বাছখন ৰৈ গ’ল৷
 

বেগটো কান্ধত তুলি লৈ তেওঁ ছিটৰ পৰা
উঠিল৷ তেওঁৰ যোৱা ক্ষণটোত বিহ্বল হৈ পৰিছোঁ নেকি মই! নিজকে সুধি চালোঁ৷
 

বিদায় পৰত এবাৰো নোচোৱাকৈ, এষাৰ মাতো
নিদিয়াকৈ তেওঁ গুচি যাব নেকি!
 

ক্ষণিকৰ ব্যৱধান৷ তেওঁ ঘূৰি চালে৷ 

“বিদায় এড’নিছ৷”

মই ক’লোঁ৷

“তাহেৰ৷ তাহেৰ মহম্মদ৷”  

হাঁহি এটা মাৰি তেওঁ ক’লে৷ 

হয় হয়৷ তাহেৰ৷ 

“বিদায় তাহেৰ৷”

নালাগে তুমি এড’নিছ হ’ব৷ নালাগে কোনো
শাপগ্ৰস্ত জীৱন জীবলৈ৷
  

গৌৰীপুৰ পাওঁতে প্ৰায় সাঁজ লাগিছিল৷
কিনকিনিয়া বৰষুণ এজাকে দুপৰীয়াৰ উত্তাপখিনি প্ৰায় শীতল কৰি পেলাইছিল৷ মিহিৰ ৰৈ
আছিল মোৰ বাবে ৷ ছিটবেল্টডাল বান্ধি লৈ মই মিহিৰৰ মুখলৈ চালোঁ৷ কিবা এটা হিন্দী
গানৰ কলি গুণগুণাই মিহিৰে গাড়ী ষ্টাৰ্ট দিছিল৷
 

গ্লাছখন নমাই দিয়াত বৰষুণৰ ছিটিকনি আহি
মোৰ মুখত পৰিল৷ এড’নিছলৈ মনত পৰি গ’ল ৷

 নহয়, তাহেৰৰ মুখখন মনলৈ আহিল৷ 

কিবা এক অজান অবুজ ভাললগাই শিহৰণ তুলিলে
মনটোত ৷
 

“জানা মিহিৰ, আজি বাছত খুব হেণ্ডছাম ল’ৰা
এজন লগ পালোঁ৷ আজিলৈকে ইমান সুন্দৰ যুৱক দেখিছোঁ বুলি মনে নধৰে৷”

 “মোতকৈও হেণ্ডছাম নে?” -মিহিৰে স্বভাৱসুলভ হাঁহি এটাৰে সুধিলে৷ 

গিয়েৰত থকা হাতখনৰ ওপৰত মৃদু চাপেৰে মোৰ
হাতখন ৰাখি ক’লোঁ৷
 

“ওহোঁ, কেতিয়াও নহয়৷”

 

                      **********

ঠিকনা : 

গোলকগঞ্জ, ধুবুৰী 

ভ্ৰাম্যভাষ – ৯৭০৬৯১১৫৩৩